অন্যযুগ/


চনানীৰ ঢৌ

অজিত চিংনাৰ


বহু কথা চিন্তা কৰি দুহুইদিয়ে কাইলৈ নিজৰ আপোন  ঘৰখনলৈ গুচি যোৱাৰ কথাহে ভাবিছে৷  সি মোমায়েকৰ ঘৰত থকা এবছৰ হবলৈ আৰু বেছি দিন নাই৷ আৰু দুমাহৰ পাছতে এবছৰ সম্পূৰ্ণ হব৷ তাৰ মাক-বাপেক আৰু মোমায়েক-মামীয়েকৰ সিদ্ধান্ত অনুসৰি সি আহিছিল মোমায়েকৰ ঘৰলৈ এবছৰ খাটিবলৈ৷ এটা বছৰ সম্পূৰ্ণ কৰিলে তাৰ এই দায়িত্বৰ সুকলমে সামৰণি পৰিব৷ কিন্তু সি এটা বছৰ সম্পূৰ্ণ নকৰে৷ এটা বছৰ সম্পূৰ্ণ নকৰিবলৈ সিদ্ধান্ত কৰি সি আন এক দায়িত্ব পালনহে কৰিব খুজিছে৷ ইয়াত তাৰ এটা দুখ সোমাই আছে যি আজি অনিৰ্বাণ ৰূপত ধৰা দিছে৷ তথাপি সি এই দায়িত্ব পালন কৰিব আনৰ মংগলৰ কথা চিন্তা কৰি৷

দুহুইদি হেমতাপটোলৈ জখলাৰে ওপৰলৈ উঠি গল দূৰৰ দৃশ্যবোৰ চাবলৈ৷ এতিয়া বেলি পৰিবৰ সময়৷ হেমতাপত উঠি সি দেখিলে দিগন্ত চুবলৈ কাষ চাপি যোৱা হেঙুলীয়া হবলৈ ধৰা বেলিটোক৷ বেলিটোৰ কিৰণ আহি তাৰ মুখত পৰিছে৷ তাৰ মুখখনকো হেঙুলীয়া দেখা গৈছে বেলিটোৰ কিৰণৰ বাবে৷ ইয়াৰ পৰা দেখা যায় খৰ সোঁতেৰে বৈ থকা চিনানী নদীখন৷ বেলিৰ কিৰণ পৰি নদীখনৰ পানীবোৰ হেঙুলীয়া হৈ জিলমিলাই উঠিছে৷ হয় হয়, চিনানীৰ পানীৰ সোঁতৰ ঢৌৱে ঢৌৱে উঠিছে নামিছে হেঙুলীয়া ৰংবোৰ৷  নদীখনত সি মাজে মাজে মাছ মাৰিবলৈ আহিছিল৷ ঘোক জালৰে সি মাছ মাৰিছিল আৰু কেতিয়াবা বৰশীৰেও মাছ ধৰিছিল৷ কাতি-আঘোন মাহৰ পৰা ইয়াৰ ওচৰৰ গাঁওবোৰৰ মানুহে মাজে মাজে অককেপ্ৰু কৰিলে সি ঘোক জালেৰে বহুত মাছ ধৰিবলৈ সক্ষম হৈছিল৷ এনেদিনত মোমায়েক-মামীয়েকে দিহুনকো তাৰ লগত পঠিয়াই দিছিল৷ দিহুন তাৰ কৰপিতাৰ হবলগীয়া জীৱন লগৰী৷  দুয়ো গাঁৱৰ লগৰীয়াবোৰৰ লগত আহি মাছ ধৰিছিল৷ কিন্তু  দিহুনে সাধাৰণতে তাক মাত-বোল নকৰি আঁতৰি থাকি লগৰীয়া ছোৱালীবোৰৰ লগত জাকৈৰে মাছ মাৰিছিল৷ তাই মাছ মাৰি গাঁৱৰ ছোৱালীবোৰৰ লগত গুচি আহিছিল৷ কম কথা কোৱা দুহুইদিয়েও মাছ কিমান পালিবুলি সোধাৰ বাহিৰে তাইক একো কথা কোৱা নাছিল৷ 

মাজে মাজে দুহুইদিৰ মনত দুখ লাগে৷ কাৰণ সি অৱহেলিত, অনাদৃতআপোন হব পৰা ছোৱালীজনীৰ দৃষ্টিত সি একেবাৰে অবাঞ্ছিত৷ কিন্তু সি অভিচাৰী নহয়৷ সি এনেকুৱা লৰা নহয় যে পাব বিচৰা বস্তুটো জোৰ কৰি কাৰোবাৰ পৰা কাঢ়ি লব৷ সি হৈছে আনে ভাল নোপোৱা কাম কৰি বেয়া পোৱা লৰা৷ আনক দুখ দি সি কোনো কাম কৰিব নোৱাৰে, তাৰ মনটোৱে নকয়৷ তাতে তাৰ লগত জড়িত এইটো হল গোটেই জীৱন জুৰি আনক কষ্ট দিয়া কাম৷ সিনো কৰে কেনেকৈ? ইয়ো এটা পাপ কামেই নহব নে? সি সেয়ে আপুনি আগবাঢ়ি একো নকয়৷ আনৰ অধিকাৰৰ ওপৰত সি কেতিয়াও হস্তক্ষেপ নকৰে৷

অলপো ৰব নজনা বেলিটো দূৰৰ এটা পাহাৰৰ আঁৰত লুকাবলৈ আৰম্ভ কৰিছে৷ সি বুজিলে তাৰ ওভতনি যাত্ৰাৰ সময় সমাগত৷ সি সদায় এনে সময়তে মোমায়েকৰ ঘৰ অভিমুখে খোজ লয়৷ সি হেমতাপৰ পৰা নামি আহি মাণ্ডুৰ ওচৰত হাজিৰ হল৷ মাণ্ডুত তাৰ দাখন আৰু চোলা এটা আছে৷ সি চিন্তা কৰিলে কাইলৈৰ পৰা তাৰ ইয়ালৈ অহা নহব৷ তাৰ বাবে এই ঠাই  এতিয়া পৰিত্যক্ত, তাৰ আদৰ নোপোৱা গুৰুত্বহীন এটুকুৰা ভূমি মাত্ৰ৷ কিন্তু এই জুমতলীখন সিয়েই কায়িক শ্ৰমেৰে গঢ়ি তুলিছিল৷ আগতে ইয়াত এখন প্ৰকাণ্ড হাবি বৰ ডাঙৰ আৰু দীঘলকৈ পৰি  আছিল৷ সি সেই হাবিবোৰ কাটি আৰু গছৰ মূঢ়াবোৰ উঠাই খেতিৰ উপযোগী কৰি তুলিছিল মাটিখিনি৷ তাৰ পাছতে সি কোৰেৰে মাটি চহাইছিল৷ মাজে মাজে গাঁৱৰ জিৰকেদামৰ দলেও তাৰ কামত সহায় কৰি দিছিল৷ জিৰকেদামৰ দলত আছে তাৰ অংছাৰ বাৰিম আৰু কৰপি দিহুন৷ কিন্তু জুমতলীখনৰ বেছিভাগ কাম সিয়েই কৰি শেষ কৰিছিল আৰু খেতি ৰখাৰ কামটো তাৰ বাদে আন কোনেও কৰা নাছিল আৰু এতিয়াও কৰা নাই৷ দিনৰ বাদেও প্ৰায়ে সি ৰাতি থাকি খেতি ৰখিছিল৷ দিনে-ৰাতিয়ে খেতি নষ্ট কৰিবলৈ অহা বহুত জন্তু আছেনানা বিধৰ চৰাইৰ পৰা গাহৰিলৈকে৷ এনেকুৱা খেতি নষ্ট কৰিবলৈ অহা বনৰীয়া জীৱজন্তুক খেদি সি খেতি ৰক্ষা কৰি আহিছে৷ কিন্তু আজি ইয়াত সি ৰাতি নকটায়, কাৰণ কাইলৈ সি নিজৰ ঘৰলৈ যাবগৈ৷ মোমায়েকৰ ঘৰত থকা তাৰ বস্তুবোৰ লৈ সি নিজৰ ঘৰলৈ গুচি যাব৷ ইয়াৰ দ্বাৰা তাৰ কৰপি দিহুনৰ বাবে সি এটা বাধাহীন বাট মুকলি কৰি থৈ যাব৷ তাইৰ বাবেই সি মোমায়েকৰ ঘৰৰ পৰা অন্তৰ্ধানব৷ নহলে তাৰ কৰপি দিহুন এটা বান্ধোনত সোমাই পৰিব৷ তাইক সি সেই কঠিন অৱস্থাৰ মুখা-মুখিবলৈ দিব খোজা নাই৷

বেলিটো দূৰৰ পাহাৰটোৰ আঁৰতহে লুকাইছে, এতিয়াও সি মাৰ যোৱা নাই৷ জুমতলীখন সম্পূৰ্ণ পোহৰ হৈয়েই আছে৷ দুহুইদিয়ে চোলাটো গাত লগাই লহপহকৈ বাঢ়ি অহা ধাননিৰ মাজেৰে গৈ কচুৱনিডৰাত উপস্থিত হল৷ কচুৱনিডৰাক বৰ আপদাল কৰি সি জেওৰা দি ৰাখিছে৷ ৰাতি বনৰীয়া গাহৰিবোৰ আহি কচুৱনিডৰাক আক্ৰমণ কৰে কচু খাবলৈ৷ সিহঁতৰ থুঁতৰিৰ আক্ৰমণতে জেওৰাৰ খুঁটিবোৰ বুঢ়া মানুহৰ দাঁতৰ দৰে সোলোক-ঢোলোক হৈ পৰিছে৷ আজিৰ পৰা যিহেতু জুমতলীখনত ৰখীয়া নাথাকিব, গতিকে জেওৰা খুঁটিকেইটা মজবুতকৈ পুতি দিবলৈ সি মনস্থ কৰিলে৷ সি বাঁহৰ গড় এডাল লৈ ঢিলা হৈ পৰা খুঁটিবোৰ ভালদৰে পুতি জেওৰাৰ যত ফাঁক হৈছে তাকো ঠিক কৰি দিলে৷

বেলিটো দিগন্তৰ সিপাৰলৈ যোৱাৰ পাছতে লাহে লাহে আন্ধাৰ হবলৈ আৰম্ভ কৰিছে৷ জুমতলীখনৰ চাৰিওফালে থকা গছ-গছনিবোৰৰ বাবে ইয়াত সোনকালে আন্ধাৰ হয়৷  সি খুঁটিবোৰ ভালদৰে পুতি শেষ কৰিয়েই মাণ্ডুলৈ ঘূৰি আহিল আৰু দাখন হাতত লৈ মোমায়েকৰ ঘৰলৈ খোজ ললে৷ আজি জেওৰাবোৰ ঠিক কৰোঁতে তাৰ ওভতনি যাত্ৰা অলপ দেৰি হৈছে৷

দুহুইদিৰ মোমায়েকৰ গাঁওখন চিনানী নদীৰ পাৰতে৷ সি মোমায়েকৰ ঘৰলৈ আহি থাকিল এটা লুংলুঙীয়া বাটেৰে৷ বাটটোৰ দুয়োফালে ডাঠ জংঘল৷ এইখিনি বাটত বনৰীয়া জীৱজন্তু লগ পোৱাৰ সম্ভাৱনা থাকে বাবে সাৱধানতাৰ প্ৰয়োজনীয়তা আহি পৰে৷ সি সাৱধান হৈ হাতত দাখন খামুচি গৈ থাকিল৷ ওখ পাহাৰ বাবে ইয়াত হাতী লগ পোৱাৰ সম্ভাৱনা নাই, সি বাঘ লগ নাপালেই হল৷ সি হঠাতে দেখিলে কিহবাৰ জাক এটা তাৰ ফালেই আহি আছে শাৰী পাতি৷ সি ভাবিলে অলপ আঁতৰি দিয়াই ভাল৷ সি বাটটোৰ কাষতে থকা শিল এটাত লুকাই চাই থাকিল জাকটোলৈ৷ জাকটো লাহে লাহে কাষ চাপি আহিল৷ সিহঁতৰ মাতো সি শুনিবলৈ পালে৷ এটা ডাঙৰ গাহৰিৰ পিছে পিছে এজাক গাহৰি ধীৰে ধীৰে আহি আছে বাটটোৰে৷ সি ধৰিব পাৰিলে যে এই বদমাছৰ জাকটো তাৰ জুমতলীৰ কচু খাবলৈকে আহি আছে৷ ডাঙৰ গাহৰিটো পাৰ হৈ যোৱাৰ পাছতে মজলীয়া আকাৰৰ গাহৰি এটাৰ ডিঙিত তাৰ হাতৰ দাখনৰে সি দিলে এটা প্ৰচণ্ড ঘাপ৷ লগে লগে গাহৰিকেইটাৰ মাজত হাহাকাৰ লাগিল৷ ভয় খাই গাহৰিবোৰ যেনি-তেনি পলাবলৈ ধৰিলে৷ ডাঙৰ গাহৰিটোও ভয় খাই কোনোবাফালে আঁতৰি গল৷ দাৰ ঘাপ খোৱা গাহৰিটো অলপ সময় ইফালে-সিফালে বাগৰি এঠাইত থিৰ হৈ ৰল৷ তাৰ ডিঙিত দাৰ ঘাপ ভালদৰেই পৰিছে৷ দুহুইদিয়ে গাহৰিটোৰ ওচৰলৈ গৈ লৰচৰ কৰি চাই একেবাৰে জীৱ নোযোৱা দেখি দাৰ গাদীৰে কোবাই তাক নিথৰ কৰিলে আৰু কান্ধত তুলি পুনৰ খোজ ললে৷

দুহুইদি মোমায়েকৰ ঘৰ সোমাই গাহৰিটো চোতালতে ৰাখি হাত-ভৰি ধুবলৈ গল৷ মোমায়েক লংবিৰে গাহৰিটো দেখি মাত দিলে– ‘বৰ ভাল কৰিলা৷ শুকান মাছ-মাংস কিমান খাম? আজি তুমি গাহৰি এটা মাৰি আনি বৰ ভাল কৰিলা৷ বাৰিম, অ বাৰিম৷

লংবিৰে পুতেকক বাহিৰলৈ আহিবলৈ মাতিলে৷ তেওঁৰ মাত শুনি দিহুনকে ধৰি ঘৰৰ সকলো আহি চোতালত উপস্থিত হল৷ দিহুনে মাত দিলে– ‘আমাৰ তেপবৰ ভাল চিকাৰী৷ এতিয়ালৈকে আমাক বহুত চিকাৰ আনি খোৱালে৷

দিহুনৰ কথা শুনি দুহুইদিয়ে ভাবিলে এনেবোৰ ভালৰি লগোৱা কথাৰে মন নভৰে৷ আচল কথাটোত দেখোন তাই মনেই নিদিলে৷ যাৰ বাবে সি কাইলৈ নিজৰ ঘৰলৈ গুচি যাবলৈ ওলাইছে৷ কিন্তু এটা কথাত তাৰ ভাল লাগিল আজি অন্ততঃ তাই তাৰ কামক প্ৰশংসা কৰিলে৷ আন এটা কথাতো তাৰ ভাল লাগিল গুচি যোৱাৰ আগদিনা সি এটা গাহৰি মাৰি আনি মোমায়েকৰ ঘৰখনক খোৱাব পাৰিলে৷

মোমায়েকৰ কথা মতে দুহুইদি আৰু তাৰ অংছাৰ বাৰিমে গাহৰিটো পুৰি কটা-বচা কামত লাগিল৷ দিহুনে কাষতে বহি চাই থাকিল৷ তাই বেচিকৈ দুহুইদিয়ে কৰা কামবোৰকহে চাবলৈ ধৰিলে যেন ভায়েকে যেনেকৈ কৰিছে তাতকৈ দুহুইদিয়ে ভালদৰে কৰি গৈছে৷

গাহৰিটোৰ কটা-বচা হোৱাৰ পাছতে দুহুইদিৰ মামীয়েক কাবিনে মাংসখিনি উহোৱাই সকলোৰে বাবে জোৰাকৈ মাংস লৈ ৰাতিৰ সাঁজৰ তৰকাৰি ৰান্ধিলে আৰু বাকীখিনি মাংস পিছত খাবৰ বাবে ৰাখিলে৷ ভাত খাবৰ পৰত লংবিৰে অলপ হৰলাং খালে৷ দুহুইদিয়ে আজিলৈকে হৰলাঙত মুখ লগোৱা নাই৷ সি ভাত খাই নিজৰ কোঠালৈ গল আৰু শুই থাকিল৷

দুহুইদি শুইছে যদিও তাৰ টোপনি অহা নাই৷ তাক নানা ধৰণৰ চিন্তাই আগুৰি ধৰিছে৷ চিনানী নদীখনৰ পানীৰ ঢৌৰ দৰে তাৰ মনলৈ নানা ভাৱনাই উঠিছে নামিছে, নামিছে উঠিছে৷ তাৰ মনলৈ নামি আহিছে এক শোকৰ লো৷ সি কাইলৈ এইখন ঘৰ এৰি থৈ যাব৷ দহ মাহৰ আগতে সি এইখন ঘৰলৈ আহিছিল মাক-বাপেকৰ কথা ৰাখি৷ তাৰ মোমায়েক তাৰ মাকৰ আপোন ভায়েক৷ দিহুনক মাকৰ বোৱাৰী কৰি নিবৰ মন৷ সেইকথা ভায়েক আৰু ভাইবোৱাৰীয়েকৰ লগত পাতি ঠিক কৰিছিল দুহুইদি আৰু দিহুনৰ বিয়াৰ সিদ্ধান্ত৷ খেতিখোলা ভালদৰে কৰিব নোৱৰা বাবে মোমায়েকে বিচাৰিছিল দুহুইদিয়ে তেওঁৰ ঘৰত এবছৰ থাকি কাম কৰাটো৷ এনেও আগৰে পৰা কাৰবি জাতিৰ মাজত জোঁৱাই খটাবুলি পৰম্পৰা এটা আছেই৷ তাৰ মোমায়েক লংবিৰৰ দুদিনৰ সহায়ৰ বাবে সেইটোকে যেনিবা পালন কৰা যাওক৷ তাতে দিহুনক ওচৰৰ পৰা লগ পালে দুয়োৰে এজনে আনজনক জনাৰ সুবিধা এটাও হব৷ সিহঁতৰ মনৰ মিল হোৱাত সহায় হব৷ সেই সিদ্ধান্ত অনুসৰি দুহুইদি লংবিৰৰ ঘৰলৈ আহিছিল জোঁৱাই খাটিবলৈ৷ সি এবছৰ পূৰ কৰিলেই মাকে দিহুনক বোৱাৰী কৰিবলৈ বিয়াৰ প্ৰথম পৰ্যায় নেংপি নেংছকাচিংকিআৰম্ভ কৰিব৷ কিন্তু দিহুনৰ সৈতে তাৰ বিয়া সম্ভৱ হব জানো? সি ভাবে কেতিয়াও নহয়৷ দুয়ো ঘৰৰ মাজত আহ-যাহ আছিল বাবে সি মোমায়েকৰ ঘৰত জোঁৱাই খাটিবলৈ অহাৰ আগতেই দিহুনক দেখিছিল৷ দিহুন এজনী ধুনীয়া ছোৱালী৷ সেই ধুনীয়া ছোৱালীজনীৰ লগতে তাৰ বিয়া হব বুলি জানি তাৰ মনত আনন্দ লাগিছিল৷ অলপ লাজুক প্ৰকৃতিৰ সহজ-সৰল লৰা বাবে ছোৱালীৰ লগত সি পৰাপক্ষত কথা নাপাতে৷ সি দিহুনৰ লগতো দুই-এষাৰ কথাৰ বাদে দীঘলীয়া সময় ধৰি কেতিয়াও কথা পতা নাছিল৷ সি যিদিনা জোঁৱাই খাটিবলৈ মোমায়েকৰ ঘৰলৈ আহিছিল সেইদিনা দিহুনে তাৰ লগত কথা পতাটো দূৰৰে কথা মন মাৰি নিজৰ কোঠাত সোমাই আছিল৷ মাকে তাইক কৈছিল– ‘তোৰ তেপআহিছে৷ কথা-বতৰা নাপাত কেলেই?’

তাই একো মাত নিদি নিজৰ কোঠাৰ পৰা ওলোৱা নাছিল গোটেই দিন ধৰি৷ মাকে তাইৰ কোঠালৈ গৈ পুনৰ কৈছিল– ‘তই এনেদৰে থাকিলে তোৰ তেপই কি ভাবিব? যা কথা পাতগৈ৷

নাই, মই কথা নাপাতোঁ৷

দিহুনে কন্দাৰ শব্দ দুহুইদিয়ে শুনা পাইছিল৷ মাকে পুনৰ কৈছিল– ‘তোৰ পেহা-পেহীৰ লগত কথা পাতি সকলোবোৰ ঠিক কৰা হল৷ এতিয়া তই এনেকুৱা কৰিলে তোৰ পেহা-পেহীয়ে মনত বৰ দুখ পাব৷ আমিও কথা ৰাখিব নোৱাৰি লাজত পৰিম৷ তই অবাধ্য নহবি৷

মোক সুধি এই সম্পৰ্ক ঠিক কৰিছিলি নেকি?’– দিহুনে অভিযোগ কৰিছিল৷ তহঁতে অজলা লৰাটোকহে মোৰ বাবে বিচাৰি পালি?’

সি ইমান অজলা নহয় অ৷ সি সহজ-সৰলহে৷

তই কলেই হব নেকি? সি অজলাই৷

জীয়েকক বুজাব নোৱাৰি মাক বাহিৰলৈ ওলাই আহিছিল৷

প্ৰথম দিনা আহিয়েই এইবোৰ কথা শুনি দুহুইদিৰ মনটো একেবাৰে ভাল লগা নাছিল৷ হয়, সি দহজন লৰাৰ দৰে বেচি কথা কব নোৱাৰে৷ নীৰৱে-নিৰলে থাকি ভালপোৱা লৰা সি৷ ছোৱালীৰ মনো সি ভুলাব নাজানে৷ সি কামৰ বাহিৰে আন কথা চিন্তা নকৰেকামেই তাৰ সকলো৷ তাৰ সৰলতাৰ সুযোগ লৈ তাৰদ্বাৰা মানুহ কিছুমানে কাম কিছুমানো আদায় কৰি লয়৷ সি কিছুমান মানুহক সহায় কৰিবলৈ গৈ ভাল নাম এটাৰ সলনি অজলাঅভিধাটোহে পালে৷ এবাৰ এই অভিধাটো কোনোবাই দিয়াৰ পাছত সকলোৱে সেইটোকহে কৈ থাকিবলৈ ললে৷ আনকি এবাৰ গাঁৱত এবাৰ এটা নাহৰফুটুকী ওলাওঁতে গাঁৱৰ সকলো মানুহ দুৱাৰ-ঘৰ মাৰি ভিতৰত সোমাই আছিল ভয়তে৷ সিহে অকলেই নাহৰফুটুকীটোক এডাল বাঁহৰ জোঙৰ সহায়ত গাঁৱৰ পৰা খেদি দিছিল৷ তাৰ এই কামটোকো বহুতে অজলা-অঁকৰাৰ কাম বুলি কৈছিল৷ বাঘকনো এডাল জোং লৈ খেদিবলৈ যায় নে? ভাগ্যে সি নমৰিল৷ কিছুমান মানুহে অৱশ্যে তাক সাহসী আৰু কৰ্মী বুলিহে কয়৷ সি বেচি কথা নকয় আৰু আনক আদেশ দিবলৈ ভাল নাপায়, কোনোবাই কেতিয়াবা তাৰ অন্যায় কৰিলেও সহজে ক্ষমা কৰি দিয়ে৷ আনে কৰা ভুল বা অপৰাধৰ সুবিধা সি নলয়৷ সেইবাবেই সি অজলা৷

এতিয়াও মাক-বাপেকৰ আদেশ মতে দুহুইদিয়ে মোমায়েকৰ ঘৰত জোঁৱাই খাটিবলৈ আহিছিল৷ কিন্তু প্ৰথম দিনাই দিহুনৰ মনোভাব গম পাই তাৰ ভাল লগা নাছিল৷ সি ভাবিছিল দিন যোৱাৰ লগে লগে দিহুনে তাক বুজি পাব, ভাল পাবলৈ লব৷ কিন্তু ইমান দিনেও তাক তাই বুজি নাপালে বুলিয়েই তাৰ ধাৰণা হয়৷ এতিয়াও তাৰ লগত তাই ভালদৰে কথা নাপাতে৷ গতিকে সি নিজৰ ঘৰলৈ গুচি যোৱাই ভাল৷ সি যদি এটা বছৰ সম্পূৰ্ণ কৰে তেন্তে আগতে কথা দিয়া অনুসৰি মোমায়েকে তালৈ দিহুনক দিব বিচাৰিব৷ কিন্তু দিহুনে তালৈ যাব নিবিচাৰিব৷ আৰু তেতিয়াই লাগিব এটা গণ্ডগোল৷ এনে গণ্ডগোল হলে বহুতে তাক হাঁহিবও এই অজলা সঁচাকৈয়ে অজলাই৷ ইমান দিন থাকিও ছোৱালীৰ মন ঘূৰাব নোৱাৰিলে৷ এনেকুৱা ধৰণৰ কথা শুনিবলৈ তাৰ মন নাই৷ তাতকৈ সি এবছৰ পূৰ নকৰাকৈ গুচি গলে তাৰ লগত দিহুনৰ বিয়াৰ কথা নাহিব৷ মোমায়েক-মামীয়েকৰ লগত তাৰ মাক-বাপেকে যি চুক্তি কৰিছিল তাত অসম্পূৰ্ণতা আহিব৷ আৰু দিহুন মুক্ত হৈ পৰিব৷ তাইৰ যদি কোনোবা ভালপোৱা লৰা আছে তাই বিয়া হৈ যাব পাৰিব৷

দুহুইদিয়ে মোমায়েকৰ ঘৰত থাকিবলৈ লোৱা তিনিমাহ পাৰ হৈ গৈছিল৷ তেতিয়াই গাঁৱখনত চমাংকান পাতিছিল গাঁওখনৰ গাঁওবুঢ়াই৷ চমাংকান বুলিলে ডেকা-গাভৰুবোৰৰ মনত আনন্দৰ সীমা নাথাকে৷ সিহঁতৰ মনবোৰ কমোৱা তুলাৰ দৰে উৰিবলৈ ধৰে৷ বহু বছৰৰ মূৰত গাঁওবুঢ়াই নিজৰ পূৰ্বপুৰুষসকলৰ শ্ৰাদ্ধ পাতিবলৈ চমাংকান পাতিছিল৷ ইয়াৰ বাবে নিয়ম অনুসৰি গাঁওবুঢ়াই মাতিছিল কেইবাখনো গাঁৱৰ মানুহক৷ বিভিন্ন গাঁৱৰ পৰা অহা ডেকা-গাভৰুবোৰে জাক পাতি পাতি নিমছকেৰুং নাচ নাছিছিল৷ এই নিমছকেৰুং নাচত দুহুইদিয়ে যোগদান কৰিব পৰা নাছিল দিহুনৰ বাবেই৷ জোঁৱাই খাটিবলৈ আহাৰ লগে লগে সমাজৰ দৃষ্টিত সি ইতিমধ্যে দিহুনৰ হৈ পৰিছে৷ গতিকে সি নাচিলে দিহুনৰ লগতহে নাচিব পাৰিব, আন ছোৱালীৰ লগত নোৱাৰে৷ কিন্তু দিহুনে তাক ভাল নাপায়, তেন্তে সি নাচিব কাৰ সতে?  তথাপি এবাৰ সি যাওঁ নাযাওঁকৈ দিহুনৰ ওচৰ চাপি গৈ কওঁ নকওঁ কৰি কৈছিল– ‘কৰপি, সকলোৱে নাচি-বাগি আনন্দ কৰিছে৷ অলপ নাচিবি নেকি? আহ অলপ নাচোঁ৷

তোৰ লগত কোনে নাচিব? যা কোনোবা এজনী ছোৱালী বিচাৰি লৈ নাচগৈ৷ তোৰ বাবেই ময়ো কাৰো লগতে নাচিব নোৱৰা হলোঁ৷

কথাষাৰ কৈয়েই দিহুনে উচাট মাৰি তাৰ কাষৰ পৰা আনফালে আঁতৰি গৈছিল৷ দুহুইদিৰ মনত বৰ দুখ লাগিছিল, সি অনুভব কৰিছিল অপমানো৷ তাৰ লগত এটা সম্পৰ্ক আহি পৰাৰ বাবে তাই কোনো ডেকাৰ লগতে নাচিব পৰা নাই৷ তাৰ তেতিয়াই এই সম্পৰ্কক ত্যাগ কৰিবৰ মন গৈছিল৷ কিন্তু মাক-বাপেকে মোমায়েকক দিয়া কথা ৰাখিবলৈ সি ধৈৰ্য ধৰি ৰৈছিল৷ সি আশা এটাও কৰিছিল এদিন দিহুনে কথাবোৰ বুজি পাব৷

কিছুদিনৰ পাছতে মোমায়েকৰ ঘৰত পাতিছিল চজুন পূজা৷ সেই পূজাত গাঁৱৰ মানুহবোৰৰ লগতে মোমায়েকৰ সম্পৰ্কীয় মানুহবোৰো যোগ দিছিল৷ দুদিন থকাকৈ আহিছিল দুহুইদিৰ মাক-বাপেকো৷ তাৰ মোমায়েকৰ বায়েক হিচাপে ছুছুফিলিহোৱা বাবে তাৰ মাকে লৈ আহিছিল হৰহাক৷ সেইকেইদিনত তাৰ মাকে-বাপেকে দিহুনক বৰ মৰমেৰে বোৱাৰী বুলি মাতিছিল৷ তাই কিন্তু সেই মৰমৰ মাতক অৱহেলা কৰি চলাটো দুহুইদিয়ে মন কৰিছিল৷ আগতে তাই দুহুইদিৰ মাক-দেউতাকক যেনেদৰে সন্মান সহকাৰে আদৰ-সাদৰ কৰিছিল, তেনেদৰে এইবাৰ কৰা নাছিল৷ বেয়া ব্যৱহাৰ কৰা নাছিল যদিও কথা-বতৰাত আত্মীয়তা ফুটি উঠা নাছিল৷ দুহুইদিৰ মনত তাতেই  দুখ৷ জোঁৱাই খটা বাদ দি ঘৰলৈ গুচি যাবলৈ তাৰ মন গৈছিল৷

দুহুদিয়ে আন কোনোবা ডেকাক দিহুনে ভাল পায় বুলিয়েই প্ৰথমে সন্দেহ কৰিছিল৷ কিন্তু কোনো ডেকাৰ লগতে তাইক ঘূৰি ফুৰা আজিলৈকে সি দেখা নাই৷ মোমায়েকৰ ঘৰত ইমান দিন থকাৰ পাছত গাঁৱৰ কেইবাজনো ডেকাৰ লগত স্বাভাৱিকভাৱেই দুহুইদিৰ বন্ধুত্ব গঢ়ি উঠিছে৷ এইবোৰ ডেকাৰ লগত কথা পাতিও সি দিহুনৰ প্ৰেমিকৰ একো বাতৰি গোটাব নোৱাৰিলে৷ কিন্তু সি ভাবে আন ডেকাৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক নাথাকিলেও তাই মুঠতে তাক ভাল নাপায়৷ আজি দুপৰীয়া সময়ত হেমাৰী তাৰ ওচৰলৈ আহিছিল৷ সি তাক কৈছিল– ‘এটা কথা ঠিক কৰিছোঁ৷ কাইলৈ একেবাৰে ঘৰলৈ গুচি যাম৷ জোঁৱাই খটা কামটো ইমানতে সামৰিলোঁ৷ দিহুনে কোনো দিনে মোক ভাল পাব নোৱাৰিলে৷ তহঁত থাকিবি হাঁ৷ মই যামগৈ৷

কথাটো দেখোন কেনেবা ধৰণৰ হল৷ তই জোঁৱাই খটা কামটো সম্পূৰ্ণ কৰ৷ আমি দিহুনক বুজাম৷ তাইৰ আন কোনো ভালপোৱা লৰা নাই৷ তোৰ লগতেই তাইৰ বিয়াখন হবগৈ৷

নহয় নহয়, মোৰ লগত নহয়৷ আন কাৰোবাৰ লগত হলেও মোৰ লগত নহয়৷ গতিকে মই আঁতৰি দিয়া উচিত৷ তেতিয়া তাই আন লৰাক ভাল পাবও পাৰিব, বিয়া হবও পাৰিব৷ মোমাইদেউহঁতক মাত দি এই কথা কব নোৱাৰিম, মিছাও মাতিব নোৱাৰিম৷ গতিকে মনে মনে মই ইয়াৰ পৰা গুচি যাম আৰু ঘৰৰ পৰা খবৰ পঠিয়াম যে মই জোঁৱাই খাটিবলৈ বাদ দিলোঁ৷

তই সঁচাকৈয়ে যাবিয়েই নেকি?’

অ যাম৷

হেমাৰীয়ে কিছু সময় আচৰিত হৈ তালৈ চাই ৰৈছিল৷ তাৰ পাছত নিজৰ জুমতলীলৈ বুলি সি গুচি গৈছিল৷

দুহুদিয়ে চিন্তা কৰিলে কাইলৈ সি কেনেদৰে ইয়াৰ পৰা গুচি যাব? সি আগৰ দৰে ৰাতিপুৱা ভাতকেইটামান পেটত পেলাই জুমতলীলৈ ওলাই যোৱাৰ দৰেই ওলাই যাব৷ কিন্তু তাৰ কাপোৰৰ টোপোলা এটা থাকিব৷ সেইটো সকলোৱে দেখাকৈ সি নিব নোৱাৰিব৷ কোনোবাই কাপোৰৰ টোপোলাক লৈ প্ৰশ্ন কৰিব পাৰে৷ সি চিন্তা কৰিলে কাপোৰৰ টোপোলা নিনিয়াকৈয়ে সি গুচি যাব৷ পাছত মাক-বাপেকে আহি লৈ যাব৷

কথাবোৰ এনেদৰে সামৰি দুহুইদি টোপনি যাবলৈ চেষ্টা কৰিলে৷ অলপ পাছতে সি টোপনিত ঢলি পৰিল৷

ৰাতিপুৱা বেলি ওলোৱাৰ আগতে দুহুইদি বিছনাৰ পৰা উঠি খৰি ফালিবলৈ ধৰিলে৷ মামীয়েকে কাবিনে তাতকৈয়ো সোনকালে উঠি ভাত-তৰকাৰি ৰান্ধি আছে৷ এনে সময়তে ভাত-তৰকাৰি ৰান্ধি খাই-বৈ জুমতলীলৈ ওলাই যোৱাটো সকলোৰে নিয়ম৷ দিহুনে লগৰীয়াৰ লগত লাংথেৰে পানী আনিবলৈ চিনানী নদীলৈ যাব ওলাইছে৷ দিহুনক দেখি দুহুইদিয়ে মনতে কলে– ‘দিহুন, আজিৰ পৰা তই মুক্তি পালি৷ মই জোঁৱাই খটা কাম আধৰুৱা কৰি আজি ঘৰলৈ যাম৷

দিহুনৰ লগত পানী আনিবলৈ ওলাইছে কাচে, কাৰেং আৰু দুজনী গাভৰু৷ সিহঁতে ধেমেলীয়া কথা কিছুমান কৈ হাঁহি-খিকিন্দালি কৰি পানী আনিবলৈ খোজ ললে৷ দুহুইদিয়ে ভাবিলে দিহুন পানী লৈ অহাৰ আগতে পৰাপক্ষত সি ওলাই যাব৷ দিহুনক শেষ বাৰৰ বাবে চাবলৈ সি বাটলৈ ওলাই আহি সিহঁতলৈ কিছু সময় চাই থাকিল৷ কাচে নামৰ গাভৰুজনীয়ে তালৈ ঘূৰি চাই কলে– ‘  ককাই, এই নেঙে তোক নাপালে মৰি যাম বুলি কৈছে৷কাচেৰ কথা শুনি দুহুইদিৰ খং উঠিলএইজনীয়ে জ্বলা জুইত ঘিউ ঢালিবলৈ আহিছে৷ ঠাট্টা কৰি স্ফূৰ্তি পাইছে৷ সি সিহঁতক চাবলৈ বাদ দি আঁতৰি আহিল৷ সিহঁতে গিৰ্জনি পাৰি মৰা হাঁহি তাৰ কাণত পৰিল৷

মামীয়েকে ভাত বাঢ়ি দিলত দুহুইদিয়ে ভাত খাই হাতত দাখন লৈ যাবলৈ সাজু হল৷ সি মামীয়েকক গৈ থাকোঁবুলি কৈ খোজ ধৰিলে৷ সি কিছু দূৰ এটা বাটেৰে আহি এটা চাৰি আলিত ৰল৷ সোঁফালে যোৱা বাটটোৰে তাৰ জুমতলীখনলৈ যাব পাৰি আৰু বাওঁফালে যোৱা বাটটোৰে গলে সি ঘৰ ওলাবগৈ পাৰিব৷ তাৰ মনত দুখ লাগিছিল যদিও বাওঁফালে ঘূৰি ঘৰলৈ যাব পৰা বাটটোত সি খোজ পেলালে৷ বাটটো লুংলুঙীয়া৷ দিহুনহঁতে চিনানী নদীৰ দুটা ঘাটৰ পৰা পানী নিয়ে৷ এটা এই বাটটোৰে গলে পায়৷ দিহুনহঁতে পানী আনিবলৈ এই বাটেৰেও যাব পাৰে৷ সি ভাবি পালে এই গাভৰুবোৰে যিফালে যায় হাঁহি-খিকিন্দালি কৰি যায়৷ সিহঁত অহা বুলি গম পালে সি জংঘলৰ মাজত লুকাই থাকিব৷ ইয়াত একো  চিন্তা কৰিবলগীয়া কথা নাই৷ সি গৈ থাকিল৷

চিনানী নদীখন পাবৰ হোৱাতো সিফালৰ পৰা কোনো অহা নেদেখি দুহুইদিয়ে ভালেই পালে৷ দিহুনহঁতে নিশ্চয় আনটো ঘাটৰ পৰা পানী আনিবলৈ গৈছে৷ নদীখন পাবৰ হওঁতে দিহুনহঁতে কথা পাতি থকা সি হঠাতে শুনিবলৈ পালে৷ সি ভাবিলে ইহঁত এতিয়াও ইয়াতে আছে৷ কথাৰ মেহেলা মাৰি থাকোঁতে পানী নিবলৈ পাহৰি আছে৷ সিহঁতৰ লগত দুহুইদিয়ে মুখা-মুখী হব নোৱাৰে৷ সি ঠিক কৰিলে অলপ ফালৰি কাটি নদীখন পাৰ হৈ পুনৰ বাটটোত উঠিবগৈ৷ সি বাওঁফালে ফালৰি কাটি জংঘলৰ মাজত সোমাই উজাই গল৷ তাৰ পাছত সি নদীখন পাৰ হৈ পুনৰ জংঘলত সোমাল৷ তেনেতে কাচেই চিঞৰি দিহুনক কলে– ‘দিহুন, তোৰ মানুহটো পলাল৷ তই এতিয়া কি কৰ কৰ৷

দুহুইদিয়ে কাক কোনে কি কৈছে ভালদৰে মন নকৰি জংঘলৰ মাজেৰে আহি পুনৰ বাটটোত ওলাই খোজ ধৰিলে৷ এনেতে কোনোবাই তাৰ পিছে পিছে দৌৰি আহি থকা বুলি সি অনুমান কৰিলে৷ পিছলৈ ঘূৰি চাই সি দেখিলে দিহুনক৷ সি আচৰিত হৈ ভাবিলে দিহুনে কি ভাবি তাক বিচাৰি ওলালহি? সি থমকি ৰল আৰু দিহুনলৈ আচৰিত হৈ চালে৷ থিয় গৰাইদি দৌৰি অহা বাবে ফোপাই-জোপাই আহিছে দিহুন৷ তাই অলপ সুস্থিৰ হৈ দুহুইকি সুধিলে– ‘তই কলৈ যাবি?’

ঘৰলৈ৷ ইয়াত থাকি কি কৰিম?’

কিন্তু তই দেখোন জোঁৱাই খাটি মোক বিয়া কৰিবলৈকে আহিছিলি৷ এতিয়া জোঁৱাই খটাৰ দিন সম্পূৰ্ণ নকৰি গুচি গৈছ কিয়?’

হয়, মা-দেউতাৰ কথা মতে জোঁৱাই খাটি তোক বিয়া পাতিবলৈকে আহিছিলোঁ৷ কিন্তু মই অহাৰ পাছতে তই যিহে কান্দোন জুৰিছিলি৷ তেতিয়াই মই বুজিছিলোঁ তই মোক পছন্দ নকৰ বুলি৷ তাৰ পাছতো বহুত অপমান৷ আজিলৈকে তই মোৰ লগত ভালদৰে কথাই পতা নাই৷ কাৰো মনত দুখ দিবলৈ মোৰ মন নাই৷ তই মোক ভাল নাপাৱ যেতিয়া তোৰ কোনোবা পছন্দৰ লগত তই বিয়া হবি৷ তাকে সুবিধা কৰি দিবৰ বাবে আজি মই জোঁৱাই খটা আধাতে সামৰি ঘৰলৈ ওলাইছোঁ৷ যা ঘৰলৈ যা৷ মোমাইদেউহঁতক কবিগৈ মই ঘৰলৈ গুচি আহিলোঁ বুলি৷ যা যা, ঘৰলৈ যা৷

দুহুইদিৰ কথা শুনি দিহুনে মিচিকিয়াই হাঁহিলে৷ তাই কলে– ‘তোক মানুহে এনেই অজলা বুলি নকয়৷ তোক মোৰ প্ৰথমতে ভাল লগা নাছিল৷ সেয়ে কান্দিছিলোঁ৷ কিন্তু তোক ভাল নোপোৱা সত্ত্বেও তই আন ছোৱালীলৈ মন মেলা নাছিলি৷ মই লাহে লাহে বুজি উঠিছিলোঁতোৰ মনটো বৰ ভাল৷ আনক সহায় কৰি তই ভাল পাৱ৷ বেয়া কাম তই কৰিব নোৱাৰ৷ এনেকুৱা এজন লৰাক মই জীৱনত পালে মোৰ জীৱনটো সাৰ্থক হব৷ মই তোক ভাল পাই পেলাইছোঁ৷ তই যাব নোৱাৰ৷ তই জোঁৱাই খটাৰ সময় সম্পূৰ্ণ কৰ৷ তাৰ পাছতে মোক বিয়া পাতি লৈ যা৷

দিহুনৰ কথা শুনি দুহুইদি আচৰিত হৈ তাইলৈ চাই ৰল৷ এতিয়া সি কি কব ভাষা বিচাৰি পোৱা নাই৷ সি ভাবিব পৰা নাছিল ঘটনাই এনেকুৱাকৈয়ো মোৰ লব পাৰে বুলি৷ দিহুনক আজি তাৰ বৰ ৰহস্যময়ী যেন লাগিছে৷ ইমানদিনে ঘূণাক্ষৰেও জানিবলৈ নিদি তাৰ প্ৰতি থকা দুৰ্বলতা লুকুৱাই ৰাখিব পৰা ছোৱালীজনী নিশ্চয় দৃঢ়মনা হব লাগিব৷ সি ভাবিলে অৱশ্যে এমাহমানৰ পৰা তাইৰ কথাবোৰ তাৰ প্ৰতি অলপ কোমল হৈ আহিছিল৷ সিহে ভালদৰে লক্ষ্য কৰা নাছিল৷ হয়, দিহুনৰ মনৰ পৰিৱৰ্তন ঘটিছে৷ তথাপি ইমান দিনৰ মনৰ ক্ষোভ পৰিহাৰ কৰিব নোৱাৰি দুহুইদিয়ে কৈ উঠিল– ‘মই যি ওলালোঁ ওলালোঁ৷ আৰু ঘূৰি নাযাওঁ৷

নাই নাই৷ তই যাব নোৱাৰ৷

তই কলেই নহ, মই যামেই৷

দুহুইদিৰ কথা শুনি দিহুন ভাগি পৰিল৷ তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে৷ এবাৰত তাই আগুৱাই আহি দুহুইদিক সাৱটি ধৰিলে আৰু কবলৈ ধৰিলে– ‘মই তোক ভাল পাই পেলাইছোঁ৷ মই তোক এৰি থাকিব নোৱাৰিম৷ এতিয়া তয়েই মোৰ সকলো৷ মই তোক কাবৌ কৰিছোঁ তই মোক এৰি নাযাবি৷ সকলোৱে কয় এই দিহুনে ইমান ভাল লৰা পায়ো ভাল পাব জনা নাই৷ কিন্তু এতিয়া মই তোক বহুত ভাল পাই পেলাইছোঁ৷ তই আন কাৰো হব নোৱাৰ৷ তই আজি গুচি গলেও তোৰ মাৰ-বাপেৰৰ ওচৰত মই তেওঁলোকৰ বোৱাৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিমগৈ আৰু তোক জোঁৱাই খটাৰ দিন সম্পূৰ্ণ কৰিবলৈ কম৷

দিহুনে দুহুইদিৰ ডিঙিত ধৰি গালে-মুখে চুমা খাবলৈ ধৰিলে৷ দিহুনৰ কাৰ্যত আচৰিত হৈ দুহুইদি স্থিৰ হৈ ৰল৷

অ এতিয়াহে ভাল লাগিছে৷

কোনোবাই পিছফালৰ পৰা মাত দিয়াত দুহুইদি আৰু দিহুন সচকিত হৈ পৰিল৷ মাত অহাৰ ফালে চাই দেখিলে কাচেকে ধৰি পানী নিবলৈ অহা গাভৰুকেইজনীক৷ কাচেই মাত দিলে– ‘ভাল লাগিছে দেই৷ চিনেমা চিনেমা লাগিছে৷কাচেৰ কথা শুনি গাভৰুকেইজনীয়ে গিৰ্জনি পাৰি হাঁহিলে৷

পিছে ককাইদেউ৷’– কাচেই পুনৰ মাত দিলে৷ তই এতিয়া উজাই যাবি নে ভটিয়াই যাবি? ভটিয়াই গলে দেউতাৰৰ ঘৰ পাবি, উজাই গলে শহুৰৰ ঘৰ পাবি৷ কোনফালে যাবি?’

ভনী, উজাই যাবৰে মন৷ উজায়েই যাব লাগিব৷

দুহুইদিৰ কথা শুনি গাভৰুবোৰে পুনৰ গিৰ্জনি পাৰি হাঁহিলে৷ দিহুনে চকুপানী মচি সুস্থিৰ হল৷ তাই দুহুইদিক কলে– ‘, আমাৰ ঘৰলৈ ঘূৰি বল৷

মই আজি ঘৰলৈ যাম বুলি তহঁতে কেনেকৈ গম পালি?’– দুহুইদিয়ে সিহঁতৰ কাৰ্যত আচৰিত হৈ সুধিলে৷

তই কালি হেমাৰি ককাইক আজি যাবি বুলি কোৱা নাছিলি? তাৰ পৰাই আমি সকলোবোৰ গম পালোঁ৷ আৰু তোক ধৰিবলৈ বাটত লুকাই আছিলোঁ৷ কথা নোকোৱাকৈ থাকিব নোৱাৰা কাৰেঙৰ বাবে হয়তো আমি কথা পতা শুনিলি৷ তই ফালৰি কাটি জুৰিটো পাৰ হলি৷ পিচে, মই দেখিলোঁ৷

তহঁত কম নহয়৷

দুহুইদিৰ কথাত মিচিকিয়া হাঁহি মাৰি কাচেই দিহুনক জোকালে– ‘দিহুন, ককাইক এতিয়া ৰাতি ৰাতি আমনি নকৰিবি৷ নহলে ককাইৰ টোপনি খটি হব৷

এহ এইজনী, বলৈ কথা বিচাৰি নাপালি৷’– দিহুন লাজত ৰঙা পৰিল৷ কাচেহঁতে পুনৰ হাঁহিবলৈ ধৰিলে৷

দুহুইদিয়ে একো নকৈ মোমায়েকৰ ঘৰলৈ খোজ ললে৷ তাৰ পিছে পিছে দুহুইদি আৰু দিহুনক জোকাই গাভৰুজাক আহি থাকিল৷ 

***

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ