নীলোৎপল বৰুৱা
পিচ্চ্ দিয়া আলিবাটটোৰ
মাজৰ পৰা যদি গোটেই চকটো চাই দিয়া যায়, ষ্টেজ এখনৰ দৰেই দেখা যাব৷ বিশালাকাৰ ষ্টেজ৷
এই ধৰক ব্ৰডৱে’ থিয়েটাৰৰ মঞ্চখন৷ কিচকিচিয়া ক’লা মজিয়াখন বাদ দি৷
চাণ্টুৰ গেৰেজটো বাওঁ
উৰ্দ্ধমঞ্চ৷
ওপৰত জ’ন লাইট এটা পৰি
গ’লে চাণ্টুৰ গেৰেজটো উজ্জ্বল প্ৰপাৰ্টি এটালৈ পৰিণত হ’ব৷ তেল, ম’বিলৰ গ্ৰাফিটি এটা
পোৱা যাব অনায়াসে৷ প্ৰপচ্ হিচাপে সি দৰ্শকক মোটামুটি কেৰিবিয়ান স্থপতিৰ নিৰ্যাস দিব৷
অলপ নিসংগতাৰ অলপ বিমৰ্ষতাৰ
আৱেশ এটা সমূহলৈ বিয়পি যাব৷
ক’লা পৰি যোৱা এসময়ৰ
সেউজীয়া ৰঙৰ হাৱাৰ টেংকীটো৷ টায়াৰত ভৰাবলৈ বতাহ যোৱা ক’লা নলীচাডাল৷ চিধাচিধিকৈ ভিতৰলৈ
চালে টিউব এটা কাটি পাকস্থলী আকৃতিত বান্ধি ওলোমাই থোৱা যতন এটা দেখা যাব৷ চিৰকুমাৰ
চাণ্টু মিঞাই তাত পোৰা ম’বিল জমাই থয়৷ চাপৰিৰ পৰা মাজে মাজে গাহক আহে৷ গেলনত ভৰাই
লৈ যায়৷ ফ্ৰীকে দুই এটকা ওলায় থাকে৷ আল্লাহতালাই মিলাই ৰাখিছে চাণ্টু মিঞাক৷ কাকো
হাৰাম কৰা নাই আজিলৈকে৷ নেকী নাই বৰ বেছি, গুণাহো নাই৷
তাৰ দোকানৰ বেৰখনত লিপিট
খাই থকা চিকনৰ কাজ কৰা বগা ক্ৰ’চেট এটাৰে সেয়া কেথেৰিন জেটা জ’নছ৷ বৈ পৰা দীঘল কলা
চুলি৷ পাফ কৰা৷ নিশ্চিতি এটাত, কেথেৰিনৰ বুকু উত্তুংগ আৰু অৰ্ধ উন্মুক্ত হ’ব্বই লাগিছিল৷
নহ’ল৷
নব্বৈৰ শেহৰ ফালে মাধৱ
দাসে আঁকিছিল৷ বৰ-বায়নৰ কুলাংগাৰ ছবি অঁকা পিতেক, সিমানখিনি সাহ নকৰিলে৷ (কেথেৰিনৰ
নামটো মাধৱে বহু বছৰলৈকে জনা নাছিল৷ মগজুৰ অটল তলীত এটা নাৰীমূৰ্ত্তি সন্তৰ্পণে বহি
আছিল৷ পানী নিজৰি নিজৰি তলীত তৰপ পৰি যোৱা বোকা মাটিৰ দৰে৷ ফিৰিককৈ ওলাই আহিছিল৷ কেনেকৈ
সিও নাজানে৷ চকত অনাদি কাল ধৰি ৰৈ আছে অলপ মংগোলীয় ঠাঁচৰ কেথেৰিন জেটা জ’নছ৷ তিলমাত্ৰও
উল্লাস নোহোৱাকৈ৷)
বেৰখনৰ তলৰ পৰা শেলাই
ওপৰলৈ বুলি বাঢ়ি আহিছে৷ ম’বিলৰ গোন্ধত বাঢ়ি অহা শেলাই, জাত এৰিছে৷
বিহুৱতীৰ ব্লাউজ পিন্ধা
কেথেৰিনে তৰোৱালখনৰ ঠাইত দীঘল (অস্বাভাৱিকভাৱে) ৰেঞ্চ এডাল লৈ আছে৷ তৰৱাৰী আকৃতিৰ বৈ
পৰা এডাল দীঘল ৰেঞ্চ৷ দুই বেৰৰ মাজত পৰি অলপ
বৰ্তুলাকৃতিত৷
যোৱা সন্ধ্যা চাণ্টুৰ
বেৰখন মোটামুটি বিখ্যাত হৈ পৰিছে৷
হাতত ঘৈণীয়েকৰ ছিন্নমুণ্ড
লৈ চৰৰ পৰা মথাউৰিৰে আহি চামচুল হক চাণ্টুৰ দোকানৰ কাষ পাওঁতেই ফটো এখন তুলিছিল সাংবাদিকে৷
আৱহত ৰেঞ্চ লৈ থকা কেথেৰিন আৰু ঘৈণীয়েকৰ ছিন্নমুণ্ডধাৰী চামচুল৷ ততাতৈয়াকৈ লোৱা ফটোখন৷
সূৰ্যটো লেঞ্চতে পৰিছিল৷ চামচুলৰ চিলঅউটে এটাহে থাকিল৷ স্পষ্ট কেথেৰিন, ছাঁয়াময় চামচুল৷
চামচুলৰ পাছে পাছে মিছিলটোত তাৰ দুয়োটা পুতেক আৰু কণমানি জীয়েকজনীও আহিছিল৷
হাইজাত উচন যোৱা গাঁৱত
মৃতদেহ পুতিবলৈ অহাৰ দৰে অ-আনুভুতিক শোভাযাত্ৰা৷ এই যেন ঘৰৰ ছোৱালীজনী আহিছিল, বহু
বছৰৰ মূৰত বিদায় দিবলৈ ওলাই আহিছে সকলো৷ আকৌ আহিব৷ চোতালত পৰি আছে মুণ্ডহীন মৃতদেহ৷
: চোঁৱা চোঁৱা.. কেনে
কণ্ট্ৰাডিক্টৰি পিচ্ অফ আৰ্ট..
বাতৰিকাকতখন হাতত লৈয়ে
অৰিন্দম দত্তই পাছদিনা পুৱা চাহদোকানত চীৎকাৰ কৰিলে৷ ফটোসহ সবিস্তাৰে ওলাইছিল বাতৰিটো৷
লোমহৰ্ষক হত্যাকাণ্ড, স্বামীৰ দাৰ ঘাপত মৃত্যু অসহায় পত্নীৰ৷
: পিয়’ৰলি গ’থিক৷ আহাহা...
চোঁৱা চোঁৱা..
দত্তৰ উত্তেজনা ঘটনাতকৈ
বেছি ফটোখনৰ আৰ্টিষ্টিক ডেভেলপমেণ্টত৷
...কেনে ইউনিক চাৰ্পেণ্টাইন
কনফিগাৰেচন এটা গঢ় লৈ উঠিছে৷ গ’থিক গ’থিক৷
পিয়লিৰ চাহদোকানখন ষ্টেজৰ
সোঁফাল৷
সোঁ নিম্নমঞ্চ৷
আগফালে বহুবছৰ আগতে জাৱৰ
পেলাবলৈ পঞ্চায়তৰ ফালৰ পৰা কুঁৱাৰ ৰিঙ এটা থৈ দিয়া হৈছিল৷ পিয়লিৰ ৰঙা চকুৰ কোবত
কোনেও তাত জাৱৰ পেলাব নোৱাৰে৷ দুবাৰমান কাপোৰ দোকানী বিপিন পালে পুৰণা কাৰ্টন অলপ পেলাইছিলহি৷
তাকে দেখি ৰজত নাপিতে এপাচিমান চুলি পেলাই দিলেহি৷ দহ মিনিটৰ ভিতৰত দুৰ্বাদল কাজিয়া
এখন হৈ গৈছে৷ ছাত্ৰ সংগঠন, বিবাহিতসকলৰ সংগঠন সকলোকে খাৰা কৰাই দিলে পিয়লিয়ে৷ জাৱৰদানীত
কিয় জাৱৰ পেলাব নোৱাৰিব তাৰ বিভিন্ন ব্যাখ্যা দিয়া হ’ল৷
কৃষ্ণচুড়াজোপাৰ সৰাফুলবোৰ
সাৰি আনি পিয়লিয়ে নিজে তাত ভৰাই থয়৷
এক ধৰণৰ জাৱৰদানী-ফুলদানী
কাৰবাৰ এটা গঢ় লৈ উঠিছে৷
জনৰোষৰ ভয়ত জাৱৰদানীটো
তাৰ পৰা উঠাই দিবও পৰা নাই৷
সোঁ উৰ্দ্ধমঞ্চত এটা
জাৱৰদানী-ফুলদানী৷ এটা নন্দনতাত্বিক প্ৰপাৰ্টি৷
:...কেথেৰিণত প্ৰফাইল
লাইট এটা ক্ৰিয়েট হৈছে৷ বৈ পৰা ফিগাৰ এটাৰ ঠিক উৎসত এটা মানৱমূৰ্তি..৷ হাতত নৰমুণ্ড৷
টেৰৰ টেৰৰ৷
ক্ৰমহ্ৰাসমান উচ্চতাৰ
মিছিল৷ এটা শক্তিমন্ততা আৰু ৰক্তপাতৰ ঢৌখেলা সংৰচনা৷
আহাহা... চামচুলৰ কণমানি
জীয়েকজনী! মৰ্বিডিটিৰ কি অপূৰ্ব নিদৰ্শন৷ কৃশকায় দেহা৷ মৰাঠাৰিৰ দৰে ভৰি দুখন৷
কান্দিছে..কন্দা নাই..কান্দিব..
একধৰণৰ মিষ্টিক আৱেশ
এটা ছটিয়াই দিছে..৷
এইটো ভাৱ তৰংগই যিকোনো
স্তৰৰ দৰ্শককে এটা থ্ৰীল দিব৷
...অৱশ্যে এছ্থেটিক
টেম্পেৰামেণ্টটো একমাত্ৰ কেথেৰিনৰ পৰাহে আহিব৷
সন্মুখত বহি থকা ৰমেন
বৰাৰ মুখৰ গজাৰ টুকুৰাটো বিস্বাদ হৈ পৰিল৷ পিয়লিৰ গজাৰ নাম আছে৷ বাহিৰত মচমচীয়া,
ভিতৰখন আলতীয়া৷ অলপ চেনীগুড়ি চটিয়াই৷
: চাল্লা ৰাচপুটিনৰ জাত৷
কমিনিচসোপাৰ এই স্বভাৱটোৱেই ভাল নালাগে৷ সকলো কথাতে ওভতগোৰে নাচে৷ কথা উঠিব লাগিছিল
এটা মৰ্মান্তিক দুৰ্ঘটনাৰ৷ ভয়ংকৰ অমানুষিক হত্যাকাণ্ডৰ ...
অৱশ্যে এই জাতটোৱেই এনেকুৱা..
অষ্ফুট স্বৰেৰে মুখৰ
ভিতৰতে বৰ সন্তৰ্পণে ভোৰভোৰালে ৰমেন বৰাই৷ বৰাৰ এই গুণটো জনাসকলে জানে৷ অষ্ফুট স্বৰত
তেওঁ গুৱালগালি দি থাকিব পাৰে সন্মুখৰজনে গম নোপোৱাকৈ৷
: মৃতদেহৰ ওপৰত বগুৱা
বাই দেশ শাসন কৰা বিলাকে আৰু কি ৰাখিব মাথাত৷ দুনীয়াৰ ডিক্টেটৰশ্বিপ আৰু ফ্ৰীকৈ পোৱা
আফিং খোৱা শ্ৰমিকৰ হট্টগোলৰ বাদে ইহঁতৰ আছে কি... চাল্লা নৰপিপাসু...
পিয়লিৰ দোকানত নিয়মীয়া
আড্ডাত বহা মানুহকেইটাৰ ভিতৰত অৰিন্দম দত্ত, ৰমেন বৰাৰ বাদেও ৰতন মহন্ত বহে৷ আঢ্যৱন্ত
হোৱাৰ সুবাদত চাহৰ পইচা প্ৰায়ে অৰিন্দম দত্তই সোধায়৷
: কেথেৰিনৰ এটা নিজা
দ্যূতি আছে৷ টেলেণ্টতকৈ হলীউডে জেটাৰ ধুনীয়া মুখখনত বেছি গুৰুত্ব দিছে৷ এইযে বটক্সৰ
জোৰত জ’লাইন মেইণ্টেইন কৰি ৰখা কাৰবাৰটো...
...আচলতে ক’বলৈ গ’লে
এইটো এটা শ্ৰেণী বৈষম্য৷ ক্লাছ কনফ্লিক্ট৷ চাওক, ইয়াত নন্দনতাত্বিক কিবা যদি আছে,
ডেফিনিটলি সেইটো মাৰ্কিন উপাদান৷ আপুনি চাওক, যিখিনি তৃতীয় বিশ্বৰ প্ৰতীক আছে..মানে
ধৰক চামচুল বা তাৰ পাছমূৰত এখামোচ চুলি নোহোৱা ডাঙৰ ল’ৰাটো৷ (বোধকৰো গৰম তেল-চেল জাতীয়
কিবা পৰিছিল৷ )
পোহৰ পোহৰ আৱেশ এটা আৰু
ছিন্ন নাৰী মুণ্ডৰ যিটো বৈপৰীত্য.. আৰে..এজন ডাইৰেক্টৰক এটা জীৱন কালত লাগে কি হে’৷
এনেকুৱা ফ্ৰেম এটা নেচাৰেলী আহিবলৈ ভাগ্য লাগিব৷ ভাগ্য লাগিব৷
দত্তই পিয়লিক একপ্লেট
বুন্দিয়া আৰু ভূজিয়া মিক্স কৰি দিবলৈ অৰ্ডাৰ দিলে৷ এইটো দত্তৰ প্ৰিয় মিঠাই৷
: এটা কিক্ পাবৰ কাৰণে
একোজন নাট পৰিচালকে ৰাতিৰ পাছত ৰাতি পাৰ কৰি দিয়ে৷ সামান্য একো একোটা কিকৰ বাবে৷ বৰা,
ইয়াত চাওক না..
বীভৎস, শৃংগাৰ, বীৰ আৰু
কৰুণ..কেনেকুৱা ফাটাফটি ককটেইল বনি গৈছে৷
..আৰু মূল কথা হ’ল আজিকালি
বাতৰি কাকতেও এনেকুৱা ঋণাত্মক ভাৱৰ ফটো-উটো নছপায়৷ এইখনৰ আৰ্টিষ্টিক আৱেশটো অনুধাৱন
কৰাৰ বাবেহে তৃতীয় পৃষ্ঠাত হ’লেও ছপাইছে৷ লক্ষ্য কৰিছেনে ফ্ৰ’মৰ পাৱাৰটো৷
নাই নাই বুলি কৈ থাকিলেও
অৰিন্দমৰ প্ৰয়াত পিতাক অমৰেশ দত্তক মৰিওৱা দলটোত ৰমেন বৰাও আছিল৷ কমিনিচ পালেই কোবাবলৈ
অহা নিৰ্দেশটোক ৰমেন বৰাহঁতে নিজৰ আত্মাৰ ভিতৰত খাজি লৈছিল৷ অমৰ কমিনিচক দৌৰাই দৌৰাই
কোবালে এজাকমান আন্দোলনকাৰীয়ে৷ বৰা বোধকৰো নৱমমানৰ ছাত্ৰ৷ অৰিন্দম দত্ত এক শ্ৰেণী
ওপৰত৷
একেখন ষ্টেজতে সেয়া
মঞ্চস্থ হৈছিল৷ কেবা দশকৰ আগতে৷
তেতিয়া চাণ্টু মিঞাৰ
দোকানখন নাই৷
পিয়লিৰ বাপেকৰ সৰু চালি
এখন আছিল৷ সোঁ নিম্ন মঞ্চত পিয়লিৰ বাপেকে বিভিন্ন প্ৰকাৰৰ গুড় বেচিছিল৷
আছিল আছিল...ৰমেন বৰাও
আছিল সেইটো দলত৷ তেতিয়া অৰিন্দম দত্তৰ সৈতে সিমান এটা চা-চিনাকী নাছিল৷ দত্ত চহৰত
হোষ্টেলত থাকি পঢ়ে, চহৰখনৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ স্কুলত৷
এটা সময়লৈ ঘটনাটো সকলোৱে
পাহৰিলে৷
নতুন স্ক্ৰীপ্ট্ অহালৈ
প্লট সলনি হৈছিল৷
সেই বিন্যাসত পূৰ্বাপৰ
উত্তেজনাৰ বিপৰীতে ঠাই লৈছে সাম্প্ৰতিক চোৰাং কাৰবাৰী, ছাত্ৰ-মন্ত্ৰীৰ দুৰ্নীতি আৰু এক ধৰণৰ হতাশাৰ তৰপে৷
: আপুনি মন দি চাওকচোন
বৰা.. এইটো মাইট বি কিলাৰৰ ডাঙৰটো ল’ৰা৷ তাৰ বডী লেংগুৱেজত এটা কাঠিন্য আছে৷ শৰীৰী
অধিস্থাপনটো চাওকনা৷ ম’টিফটো স্পষ্ট৷ আই মিন ল’ৰাটোৰ ফিজিকেল এক্সিষ্টেন্সটোত আপুনি
গম পাই যাব, এইটো পাক্কা ঠাণ্ডা মাথাৰ মাৰ্ডাৰ৷ বিশ্বাসঘাটকতা৷
ডেফিনিটলি বিশ্বাসঘাটকতা৷
চামচুলৰ বিবিজানে আন কাৰোবাৰ লগত তামচা কৰিছিল৷ ৰেড হেণ্ডেড ধৰা পৰিলে৷ বচ্..চাটাই
দিলে৷ ষ্ট্ৰং মৰেল পইণ্ট আৰু এলিবাই আছিল, নহলে ল’ৰা ছোৱালী সকলোৱে কিয় হত্যা কৰ্মটো
সম্পন্ন কৰিব৷
ইহঁতৰ ক্লাছত নৈতিক সংঘাত নোহোৱা চেক্সটো মোটামুটি
ফ্ৰী৷
ৰমেন বৰা অৰ্শৰোগী৷
বহুদিনৰ পৰাই ভূগি আছে৷
গাঁৱলীয়া দৰৱত ধৰিছে শেহতীয়াকৈ৷ ঔষধ ফাপিছে, যদিও গা দূৰ্বল কৰি তুলিছে৷ অতিমাত্ৰা
ৰক্তক্ষৰণে বহু দিনৰ পৰাই তেওঁৰ উগ্ৰ জাতীয়তাবাদী মনোবৃত্তিটো কমাই আনিছে৷ অন্যথা
তেওঁ কৈ উঠিলেহেঁতেন- এইচব কমি যোৱাই ভাল৷ ইহঁতৰ ধৰ্মটো কোনো কাৰণতে ধৰ্ম নহয়৷ একধৰণৰ
ধৰ্মভিত্তিক ৰাজনৈতিক মতবাদ৷ যিমানে কমে সিমানে মংগল৷ তাতোকৈ ডাঙৰ কথা ইহঁতৰ চ’চাইটিত
বিশ্বাস বোলা বস্তুৰ কোনো ধাৰণাই নাই৷ ঘাটকতা ক’ৰ পৰা আহিব৷ মামাই ভাগিনৰ লগত, ককায়েকে
ভনীয়েকৰ লগত...মানুহ নামৰ অযোগ্য ইতৰ বিলাক..
মঞ্চখন মোটামুটি ভীত৷
সন্ত্ৰষ্ট৷
ঈষৎ হালধীয়া ফ্লাডলাইট
এটা পৰি আছে৷ চাণ্টুমিঞাই গেৰেজ বন্ধ ৰাখিছে৷ চাণ্টুৰ ধাতু এনেও অলপ পাতল৷ তাতে ট টকৈ
চকু মেলা খাই থকা নৰমুণ্ড এটা তাৰ দোকানৰ কাষেৰে গৈছে৷ স্বাভাৱিকতে চাণ্টু অলপ উদ্বাস্তু
হৈছে৷ দুই এখন মটৰচাইকেল পাম্প ভৰাবলৈ আহি গুচি গৈছে৷
: এতিয়া যদি আপুনি মেইন
কেৰেক্টাৰটো ধৰে৷ আই মিন চামচুল হকক৷ এইটো ৰাষ্ট্ৰৰ পাৰ্চনিফিকেশ্যন৷ আপুনি ক’ব পাৰে
এটা স্বেচ্ছাচাৰী শাসনযন্ত্ৰৰ সূচক৷
তাৰ বডীটো মোটামুটি জিঘাংসাৰ
কঠিন ৰূপক৷ কিমান জিঘাংসা আৰু অসুৰত্বই আপোনাৰ পাটীৰ তিৰোতাৰ ডিঙি চিঙিবলৈ বাধ্য কৰিব
পাৰে৷ আপুনি যদি পৰিচালক হয়, আৰু স্বচ্ছ আত্মাৰ এজন অভিনেতা কাষ্টিং কৰে...আৰে বাপ
ৰে.. কম দীঘলীয়া অৱজাৰ্ভেচন কৰিব লাগিব ভাৱিছেনে৷ এনেকুৱা এটা কেথাৰচিচ্ দিবলৈ...
থানাত আগৰাতি যথেষ্ট
ভিৰ৷ ছিন্নমুণ্ডধাৰী চামচুল আৰু তাৰ তিনি সন্তান লক আপৰ ভিতৰত৷ কোনোফালে সিহঁতৰ দৃষ্টি
নাই৷ আনকি এটাই আনটোক দেখা নাই৷ স্থিৰ আৰু নিষ্পলক৷ বাহিৰত মোটামুটি ভিৰ এটা লাগি গৈছিল৷
দুই একে থাৰ্ড ডিগ্ৰী
এটা আশা কৰিছিল৷ চৰৰ পৰাই সাধাৰণতে বেছি ভাগ কেছ আহে৷ চৰখন নথকা হ’লে থানাই নচলিলহেতেন৷
গৰুচোৰ চিণ্ডিকেট, গাড়ীচুৰি, ফুলচুৰি কেচ, চামৰা চোৰ বিভিন্ন ধৰণৰ কেছ৷ দুই একে এনকাউণ্টাৰৰ
কথা কৈছিল, আজি ঘৈণীয়েকক মাৰিছে, কাইলৈ লোকৰ ঘৈণীয়েক মাৰিব৷ এক দুইটা মাৰ্ডাৰ কৰি
ইহঁত প্ৰফেছনেল কীলাৰ হৈ যাব৷ চুপাৰী ল’ব৷ ইলেকচনৰ আগে আগে ইহঁতৰ ব্যস্ততা বাঢ়ি যাব৷
এনেকুৱা ৰক্তবীজ চাফা
কৰি পেলাব লাগে৷
: ছোৱালীজনী চাওক৷ উৰ্দ্ধাংশত
টিউনিক টাইপ চোলা এটা৷ খালী ভৰি৷ শুকান মুখত চকুপানীৰ পাতল দাগ৷ কি বিমূঢ় চাৱনী৷ কোনো
ক্ষোভ নাই৷ কোনো দুখ নাই৷ এক চিকুট অনুশোচনা নাই৷ অৱশ্যে তাইৰ কথাবিলাক ভালকৈ বুজিব
পৰাৰ বয়স হোৱাও নাই৷ কিন্তু যদি আপুনি তাইক এগৰাকী শিশু অভিনেতা বুলি ধৰে.. মাৰ্ভেলাচ
প্ৰেজেণ্টেশ্যন৷ আহাহা...মইও যে কি বাৰেবিংকৰা বকিছো৷ যাষ্ট্ সংৰচনাটোৰ প্ৰশংসা কৰিছো৷
মোৰ যথেষ্ট গৰিহণা আছে এই ধৰণৰ ঘৃণনীয় কাণ্ডবোৰত৷
..কিন্তু এক চাইডৰ পৰা
চালে মঞ্চত পাৰফেক্ট জ্যামিতী এটা গঢ় লৈ উঠিছে৷ আই মিন ফ্ৰেমিংটো ব্ৰিলিয়েণ্ট৷ মই
ফটোগ্ৰাফাৰক মানিছো৷ আমাৰ মাধৱ নহয় জানো৷ ছৱি হিচাপে এইখন পুৰস্কাৰ পাব লগা৷ মঞ্চ
জ্যামিতিৰ কথাটো কৈছোৱেই৷
আলিবাটৰ মাজৰ পৰা দেখা
পোৱা মঞ্চখনৰ আৱহত এটা কুহেলিকাময় সংগীত বাজিছে৷ তানপুৰা আৰু পাখোৱাজৰ মিশ্ৰিত, এটা
দ্ৰুত তালৰ বিলম্বিত লয়!
পোহৰ স্তিমিত৷ জাৱৰদানী-ফুলদানীত
তলসৰা কৃষ্ণচূড়াই মায়াৱী ৰঙা এটাৰ বিন্দু বিস্তাৰ কৰিছে৷ আৱেশটো ভীতিৰ৷
আগদিনাৰ হত্যাকাণ্ডটোয়ে
বহুদিন বিৰতিৰ পাছত চকটোলৈ এটা বিভীষিকাময় পৰিৱেশ আনিছে৷ চামচুলক চালান দিয়া হৈছে৷
ল’ৰা ছোৱালী কেইটা ঘৰলৈ ঘূৰি গৈছে৷ মুণ্ডহীন দেহাটোৰ জানাজা হ’ল নে নাই গম পোৱা নাই৷
গৰম বুন্দিয়াত অলপ ভুজিয়া
মিহলি কৰি কাম কৰা ল’ৰাটোৱে আথে-বেথে অৰিন্দম দত্তৰ আগত দি থৈ গ’ল৷ কাকতখনতো চকু ফুৰাই
গৈছে৷
: ইয়াক চিনি পাওঁ৷ সুঁতিত
তাৰ লাঙীজাল এখন আছে৷ টোৰা মাছ বেচে৷ তাৰ জালত টোৰা মাছ লাগেই৷ তাৰ আগতে গৰু জৱাই কৰি
পলিথিনত টোপোলা কৰি খ্ৰীষ্টান গাঁৱত বেচিছিল৷ ধৰা পৰি ঠিক মাৰ খাইছে৷ তাৰ পাছত খালী
টোৰা মাছেই বেছে৷
ৰমেন বৰাই সাউৎকৈ দত্তৰ
প্লেটৰ পৰা বুন্দিয়া এমুঠি ল’লে৷ মিঠা খোৱা মানা আছে তেওঁৰ৷
: গোটেই চৰখনত এটা ভয়ংকৰ
নেক্সাছ আছে৷ যিকোনো গাড়ী, বাইক সোমাই গ’লে ওলাই নাহে৷ ট্ৰাক ট্ৰাক গৰু সোমাই যায়৷
চব চোৰাই মাল৷ মাংস হৈ ওলায় পলিথিনত৷ কত লাচ চৰতে নাইকিয়া হয়৷ ই থানালৈ নিজে আহিছে
বুলিহে৷ নহলে কাৰ সাহ চৰত সোমাই আচামী ধৰি আনে৷ কাৰ্পেট ব’ম্বিং কৰিব লাগে চাল্লা৷
আৰু এমুঠি বুন্দিয়া
ভুজিয়া ল’লে ৰমেন বৰাই৷ মিঠাৰ প্ৰতি তেওঁৰ হাবিয়াস তীক্ষ্ণতৰ হৈ গৈ আছে৷
হন্ত দন্তকৈ পিয়লি সোমাই
আহিল৷ চৰৰ পৰা কম দামতে নহৰু পিয়াঁজ কিনে সি৷ বতৰৰ পাচলি বজাৰলৈ অহালৈ দাম বাঢ়ি যায়৷
খেতিতে ধৰিব পাৰিলে প্ৰায় আধা দামতে পোৱা যায়৷
: চামচুলক সদৰলৈ চালান
দিলে৷ বেচেৰা৷ বৰ ভাল আছিল ল’ৰাটো৷ আমাৰ লগৰে৷ ঘৈণীয়েকৰ লক ডাউনৰ পৰাই হাৰ্ণিয়া৷
ৰাতিৰ পাছত ৰাতি চিঞৰি চিঞৰি চাৰি পাঁচ বছৰ কটাই দিলে৷
...আমাৰে মাইৰা ফালাও
গ’ বাবা..মাইৰা ফালাও..
ফোন-৯৮৫৪৫৬৬৪২৯

