অন্যযুগ/


দুৰ্যোধন, ইন বানানা ৰিপাব্লিক

 নীলোৎপল বৰুৱা


কৌমাৰ্য আৰু মাহীমাকক একে দিনাই হেৰুউৱা শ্ৰীযুত ধৰে ফুৰুৎকৈ তামোলৰ পিকখিনি পেলালে আৰু ক’লে-

: দুৰ্যোধন আচলতে এটা গৰ্জিয়াচ কেৰেক্টাৰ৷‌

একদম মাই ডীয়েৰ কেৰেক্টাৰ৷

যথাযথ৷

কোনো খুঁত নথকাকৈ সম্পূৰ্ণ৷ মানৱীয়৷ মাগুৰ বৰণীয়া৷ ওখ৷ সুঠাম৷ মেন্‌লি৷ বিষয়ী৷

পৃথিৱী জয়‌ কৰি নিজৰ‌ পদানত কৰাৰ সপোন ধাৰণ কৰা এজন কম বয়সীয়া যুৱক৷ যাক প্ৰতিপক্ষ‌ই দুই নম্বৰী কৰি হত্যা কৰিলে৷ সকলো অনুভূতি মানৱীয়ভাৱে ধাৰণ কৰা-ভেৰী লাভ্‌লী বয়৷

মোৰ প্ৰিয় চৰিত্ৰ৷

 পিকখিনি শেহতীয়াকৈ আলকতৰা মৰা ঘাই আলিটোত বহলি গ’ল৷

ক’লাত ৰঙাৰ বৈপৰীত্য৷

কংগোৰ কোনোবা প্ৰান্তীয় ঠাইত সন্ত্ৰাসবাদীয়ে ধাৰাষাৰ চোৰাং হস্তনিৰ্মিত এ কে ফৰ্টি ছেভেন চলালে৷ এগালমান নাগৰিক (গ্ৰামৰিক??) লুটি খাই পৰিল৷ সাৰসুৰ নোহোৱা এটা বুভুক্ষ মানুহৰ দ’ম৷ বক্ষ, উদৰ, উৰু বিদাৰি সৰু সৰু ফুটাৰে পিৰ পিৰকৈ তেজ বাগৰি পৰিছে৷ এইটো সেই ঠাইৰ নৈমিত্তিক পৰিঘটনা৷

ফটোখন দেখা পাই নৰ্মেণ্ডীৰ কোনো ধনাঢ্য চিত্ৰকৰে (সাধাৰণতে ন্যুডত তেওঁ পাৰদৰ্শী) ভোৰভোৰালে...

ক্ৰুয়েল্লে ক্ৰুয়েল্লে...

বিশাল অট্টালিকাৰ প’ৰ্চত কেনভাচ সাজু কৰিবলৈ আদেশ দিলে আৰু ছীজ ভৰোৱা বেগেট একামোৰ মাৰি তেওঁ নিৰন্তৰে ব্ৰাছ বুলালে...

ঢোক ঢোক কৈ গিলি গ’ল বৰডঁউ ৱাইন৷

এখন যুগন্ধৰ ছবিৰ সৃষ্টি হ’ল৷

যিখন ছবি হ’ল সেইখনৰ আৱেশ ঠিক শ্ৰীযুত ধৰে পিকাই থোৱা‌ ঘাই আলিৰ দৰেই৷ অৱশ্যে ৰেখা আৰু ফিগাৰৰ কিছু বৈষম্য অলবৎ থাকিব৷ তথাপিও৷

ক’লাত ৰঙা৷ সনাতন বৈষম্য৷ আদিম কণ্ট্ৰাষ্ট৷

কি আশ্চৰ্য৷

পৃথিৱীত কিছু দৈৱক্ৰম মানৱীয় কাণ্ড-কাৰখানা ভীষণ শৈল্পিক৷ এই ধৰক শ্ৰীযুত ধৰৰ পিক প্ৰক্ষেপণ৷ নতুবা কোনোবা লোৰ কাৰখানাত গৰম লোহা পৰি মজদুৰৰ গাত বহা দাগ৷ ডেকডেকীয়া৷

কেঁচা৷ কিন্তু মিউৰেল একোখনৰ দৰে৷

পিকখিনিৰ কাষেৰে সন্তৰ্পণে পাৰ হৈ গ’ল যমুনাশিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ বৰ্ষৰ ছাত্ৰী কেইগৰাকীমান৷ হেপ্পী হ’ৰমন আৰু লিপ’প্ৰ’টিনৰ বদান্যতাত তেওঁলোক কোমল কলপুলিৰ দৰে উজ্জ্বল৷ মৌজোলৰ গা৷ আহি থকা ভৱিষ্যতত যাৰ সন্তানবোৰ তীখা আৰু শিলৰ দৰে শক্তিমন্ত আৰু দেওঁহাঁহৰ দৰে উচ্ছল হ’ব৷ এঁৱা গাখীৰৰ দৰে বৰণ আৰু পৃথিৱীৰ প্ৰথমটো পুৱাৰ দৰে উদ্দেশ্যেহীন৷ 

ঘাইআলিৰ (ঘাইআলি, এটা অৰ্থহীন শব্দ৷ কোনো আলিয়েই ঘাই নহয়৷ ই যাত্ৰিক আৰু গন্তব্যৰ ওপৰত তেনেই নিৰ্ভৰশীল৷ ৰজত ডেকাই কৈছিল কথাষাৰ৷ গন্তব্য যদি শেষ আশা হয়, তেন্তে যি আলিৰে যোৱা যায়, সেয়াই ঘাই আলি)  সিপাৰে সজা বাছ আস্থানত কাহানিও বাছ ৰখা নাই৷ নিৰ্মাণ কৰাসকলে হিচাপ ভালকৈ নকৰিলে৷ সেইখিনিত কোনো নৰয়৷ ছাগলীৰ লাদ আৰু কণ্ডমৰ বাদে ৰোৱা অন্য বিষয়ৰ ভিতৰত এডাল বুঢ়া চিকা মাৰলী৷ 

তামোল, নিয়মমতে শ্ৰীযুত ধৰৰ তেজত নাই৷ তেওঁৰ ককা, আজোককা আৰু তাৰো আগৰ বহু কেইটা প্ৰজন্ম‌ই চুপাৰি, বাংলাপাণ আৰু মচলা চোবাই পৃথিৱীত তেওঁলোকৰ অৱস্থিতি সাব্যস্ত কৰি গৈছে৷ কিবা কাৰণত শ্ৰীযুত ধৰে নিথৰ আৰু বেঙেনাবুলীয়া আবেলি এটাত লক্ষীপ্ৰিয়া মহিলা সমাজৰ দিহানাম শুনিছিল৷

বৃন্দগীতটোৰ সৈতে গুণগুণাইছিল-

...অ’ ৰামৰায়,

হাততে হেৰালে নামৰে মাণিক...

আউলত হেৰালে গুণা...

...আৰু সিদ্ধান্তত উপনীত হ’ল যে তামোল, ভাল বস্তু৷ কেচাঁ ফল৷ চাইড এফেক্ট কম৷ তাৰোপৰি ই অসমীয়া৷ পুৰাপুৰি জাতীয় এটা উপাদান৷

ৰেণ্ডম ভাৱনা এটা, আৰু কি৷

সেইদিন ধৰি শ্ৰীযুত ধৰে তামোলেই খাই আহিছে৷

পিকখিনি ঘাই আলিত পেলাই শ্ৰীযুত ধৰ ঘৰৰ চৌহদলৈ সোমাই আহিল৷ চৌহদৰ ভিতৰত পিক্ পেলোৱা নিষেধ৷ সৰুফুটীয়া, কম কথা কোৱা শ্ৰীমতী ধৰৰ কাঢ়া নিষেধাজ্ঞা৷ উলংঘা কৰা হোৱা নাই৷ ৰাতি বিয়লিও তামোল‌ খালে শ্ৰীযুত ধৰ বাহিৰলৈ উঠি আহে৷

বাৰাণ্ডাত শ্ৰীগায়ন, শ্ৰীদাস আৰু শ্ৰীদাস বহি আছে৷ তেওঁলোক ঠিক বাজি থাকোতে পজ কৰি দিয়া টেপ ৰেকৰ্ডাৰ এটাৰ দৰে নিস্তব্ধ৷ কোনো শ্ৰোতাই ক’ব নোৱাৰিব ইয়াত কি শব্দ আছিল৷

: চাওক... নিজক ভাল‌পোৱাটো কোনো কাৰণতে দোষ হ’ব নোৱাৰে৷ নিজলৈ, নিজৰ পো পোৱালিলৈ সা সম্পত্তি কৰি থোৱাটো সুস্থ মানুহৰ কাম৷ দুনীয়াত কম্পিটিচন আছেই অনাদি কালৰ পৰা৷ দুৰ্যোধনে কম্পিটিচন কৰিছে৷ অত সোপা ভাই-ককাইৰ মাজত নিজৰ আসনখন ঠিক ঠাক কৰি ৰাখিবলগীয়া হ‌ওঁতে এক দুজনক বধিব‌ই লাগিব৷ সেইটো যুগধৰ্ম৷ ম‌ই হ’লে দুৰ্যোধনক বৰ এটা বেয়া নাপাওঁ৷

শ্ৰীগায়ন, শ্ৰীদাস আৰু শ্ৰীদাস অলপ হতাশ হৈছে৷ মূল কথালৈ শ্ৰীযুত ধৰ যোৱা নাই৷

দুৰ্যোধনৰ দৰ্শন এই মুহূৰ্তত বৰ এটা প্ৰয়োজনীয় নহয়৷

কথাটো হ’ল এই বাৰ বিধায়কে মোটা অংকৰ এটা অনুদান আগবঢ়াইছে৷ ভাওনাভাগ ভালকৈ পাতিবলৈ৷

মোটা মানে মোটা৷

ভাল মোটা৷

স্বাভাৱিকতে গাঁৱত অলপ উদ্দীপনা বৃদ্ধি পাইছে৷ কাহানিও গাঁৱৰ ভাওনাখনত হাত উজান দি নোপোৱা- শ্ৰীদাস, শ্ৰীবৰা, শ্ৰীদাসৰ দৰে মানুহো উঠি পৰি নাট মেলালৈ আহিছে৷ দুই এক অনাহক পৰামৰ্শ দলিয়াইছে৷ শেহতীয়াকৈ শ্ৰীদাসে অলপ অচৰপ গৰ্জনেই কৰিছে- অতসোপা টকা৷ নাটভাগ হোৱাৰ পাছতো বাছি যাব৷ এই সুযোগতে মণিকুট ভাগ পকা কৰিব লাগে৷

শ্ৰীদাসেও নিজৰ উপস্থিতি সাব্যস্ত কৰিবলৈ কৈ পেলাইছে- আগৰ‌কেইবাৰ ভাওনাৰ অডিট হোৱা নাই৷ এনেকুৱা এনোমেলিত সমাজ চলে জানো৷

শ্ৰীদাসৰ মাতটো গোনা৷ পেটৰ তলৰ পৰা অহা যেন লাগে৷ মিঞা মিস্ত্ৰিয়ে কুৱাঁৰ তলৰ‌ পৰা ওপৰত থকা যোগালীক ৰছীডাল খোজাৰ দৰে শুনা যায়৷

মুঠতে গাঁওখন পাটগাভৰু মন‌ এটাৰ দৰে উখল-মাখল৷ 

সমস্যাটো হৈছে দুৰ্যোধনৰ ভাওটোক লৈ৷ 

: শ্ৰীবৰাক আমি দুৰ্যোধন কৰিব পাৰোঁ৷ একো আপত্তি নাই৷ কিন্তু তেওঁৰ মুখখন কোমল আৰু মৰম লগা৷ বয়সো, আই মিন যিটো ষ্টেজত আমি নাটখনত দুৰ্যোধনক ৰিপ্ৰেজেণ্ট কৰিম, মিড ফৰ্টিমানত৷

তেওঁৰ সেইটো হোৱাগৈ নাই৷

শ্ৰীদাসৰ শ্ৰীবৰাক ছাত্ৰ সংগঠনত থকাৰ পৰাই পচন্দ নহয়৷ তাৰোপৰি গত নিৰ্বাচনত তেওঁ বৰ্তমানৰ বিধায়কক চিপ্ৰাং মাৰিছে৷ গতিকে তেওঁ ভাও নোপোৱাটো খাটাং বুলি ভাৱিও শ্ৰীদাসে মুখমণ্ডলৰ বিষ‌য়টো টানি আনিছে৷

পঞ্চায়তৰ সভাপতি শ্ৰীযুত ধৰৰ কোনোজন ভাও প্ৰয়াসীৰ সৈতে বৰ এটা বিৰোধ নাই৷ আনকি চিপ্ৰাং মৰা শ্ৰীবৰাৰ সৈতেও৷ মিলামিচা হৈ গৈছে৷ ৰাজনীতিত এইবোৰ থাকেই৷

: চাওক, দাস... মিড ফৰ্টি বুলি যদি আপুনি ধৰে তেতিয়া ভুল হ’ব৷

আজিৰ পৰা পাঁচহাজাৰ বছৰ আগতে গড় আয়ুস হাৰ্ডলি ফিফটি আছিল৷ চাফ-চিকুণতা, সংযমবোধ, চুগাৰ, ব্লাডপ্ৰেছাৰ এইবোৰৰ ধাৰণাই নাছিল৷ চিফিলিছ, গনোৰিয়াটো বাদেই, স্কিজ্জোফ্ৰেনিয়াৰ দৰে ভয়ংকৰ বস্তু এটাৰো নামকৰণ কিংবা আৱিষ্কাৰ এটাও হোৱা নাছিল৷

শ্ৰীযুত ধৰে আঙুলি ভৰাই কোৱাৰিৰ কাষৰ তামোল বিলাক উলিয়াই আনিলে৷ চুপাৰি খালে তেওঁ এই অশান্তি নাপায়৷ 

:সেইখিনি সময়ত, মানে সেইটো যুগত;  চাগৈ একুৰি পাঁচমানত দুৰ্যোধনক ছেকেণ্ড পিউবাৰ্টিয়ে হিট্ কৰিব৷

ত্ৰিশ হোৱালৈ দুৰ্যোধনৰ যৌন উত্তেজনা কমি যাব, নাকৰ নোম, কাণৰ নোম দীঘল হ’ব৷ তলপেটত এডামেণ্ট ফেট জমা হ’ব৷ উত্থানজনিত সমস্যা আৰম্ভ হ’ব৷

 শৰীৰত লেথাৰ্জি নাহিলেও মনত আলস্য আহিব৷

তেওঁৰ শৰীৰী বাসনা আই মীন চেক্সুয়েল ডিজায়াৰ ক্ৰমশঃ নিম্ন শৰীৰৰ পৰা উৰ্দ্ধ শৰীৰলৈ গতি কৰিব৷ মিড ফৰ্টিত তেওঁৰ শৰীৰী বাসনা মস্তিষ্কত হে থাকিব৷ নিম্নাংশত নাথাকিব৷

তেনেকুৱা লিবিড’ নোহোৱা এটা সময়ত যুদ্ধ এখন লগাই লোৱাটো সিমান এটা টেকনিকেলি শুদ্ধ হ’ব জানো?

শ্ৰীযুত দাস, সাতচল্লিছৰ আগৰ কাৰাগাৰৰ দাৰোগা এজনৰ দৰেই প্ৰত্যয়শীল৷ প্ৰতিটো শব্দতে তেওঁৰ নিজা ভয়চ্ মড্যুলেচন আছে৷ কচাই এজনে কটাৰ আগতে ছাগলীটোক কোৱা – ‘বেয়া নাপাবি দেই, এইটো মোৰ জীৱিকা’ৰ দৰে তেওঁ আধিপত্যসূচকভাৱে কথা কয় বাবে ৰাজনীতিত তেওঁ সুকলমে খোজ আগবঢ়াই গৈ আছে৷ 

: যুদ্ধ পুৰাপুৰি লিবিড’, আৰু হ’ৰমনেল কথা এটা৷

যুক্তি বহু বেছি নাথাকে৷ যুক্তিৰ উপস্থিতিয়ে আবেগ প্ৰতিহত কৰে৷ আবেগ নাই মানে পৃথিৱীত কোনো যুদ্ধ‌ নাই৷

সেই ফালৰ পৰা শ্ৰীবৰা ভাওটোৰ কাৰণে উপযুক্ত৷

তেওঁৰ বীৰ্য উৎপাদন প্ৰক্ৰিয়াৰ তুংগত আছে৷ সেয়ে মুখত তাৰ চিকমিকনি দেখা গৈছে৷ নাটকৰ দুৰ্যোধনো সেই দশাৰে হ’ব লাগিব৷ বীৰ্যবান আৰু যুযুধান৷

নাটকখন যুদ্ধৰে নহয় জানো?

: কাহিনীটো কুৰুক্ষেত্ৰৰ নহয়৷ তাৰ অলপমান আগৰ৷ মানে যুজঁৰ কাৰণে প্ৰস্তুত হ‌ওঁতে লোৱা ডিপ্ল’মেচীৰ ওপৰত৷ এই মানে দল সাল-সলনি কৰা, পথ প্ৰদৰ্শক ৰিক্ৰুইট কৰা, পুঁজি সংগ্ৰহ, কুটনৈতিক সম্পৰ্ক- এই ধৰণৰ আৰু৷

কিন্তু শ্ৰীবৰা তেনেই কোমল মুখৰ৷ তেওঁক দেখিলে পাপী যেন নালাগে৷ হঠকাৰী আৰু হত্যাকাৰী একো যেন নালাগে৷

অসন্তুষ্ট শ্ৰীদাসে পুনৰ্বাৰ মুখমণ্ডলকে টানি আনিলে৷

তেওঁৰ হাতত অন্য বিষয় নাই৷

: আনফালে আপুনি চাওক, শ্ৰী হাজৰিকা, তেওঁক আপুনি দূৰৈৰ পৰা পাপী যেন পাব৷ নিৰ্ঘাত পাপী৷ জন্মজাত পাপী৷

শ্ৰীদাসে মুখলৈ যৎপৰোনাস্তি ক্ৰূৰতা অনাৰ চেষ্টা কৰিলে৷ তেওঁ দ্বৈত-ব্যক্তিত্বৰ কৃষ্ণ গহ্বৰ এটালৈ ফাউচ্ কৈ সোমাই গৈছে৷

: যিকোনো ধৰণৰ গণহত্যাকাৰী, গণধৰ্ষক অথবা বিষাক্ত গেছৰ বিক্ৰেতা যেন লাগিব৷ নাবালিকা নাৰী শৰীৰৰ দালাল৷ আইকমেন বা হিমলাৰৰ ব্যক্তিগত সহায়কাৰী৷ বিভিন্ন‌ পাপী আত্মা৷

এই যেন কাঁড়ত বিহ লগোৱা এজন‌ পকা কবিৰাজ, যি জানে কোনটো বিহ দিলে মূৰ্ছা যাব, কোনটোৱে মঙহ গেলাব আৰু কোনটোৱে গাত আকুঁহি যোৱাৰ লগে লগে মুখেৰে বগা ফেন ওলাব৷ মৃত্যুৰ আগৰ সাময়িক হিষ্টিৰিয়ালৈ গুচি যাব৷

তাৰোপৰি ঠেঙালৰ ঘাঁহী ফৈদৰ হোৱা বাবে তেওঁৰ নিজাববীয়া এটা মংগোলীয়ান ক্ৰুৰতা আছে৷ ক্ষুদ্ৰাকৃতিৰ চকুৰে সাপৰ শীতলতা আছে৷

চিনজিয়াঙ প্ৰভিঞ্চৰ উঈঘুৰ সকলেও তেওঁক তেওঁলোকৰ সকলো যাতনাৰ মূল বুলি একেচাটে ঘোষণা কৰি দিব পৰাকৈ ক্ৰূৰ৷

মোৰতো লাগে তেৱেঁই এই ভাওটোৰ‌ কাৰণে ফিট৷ তাৰোপৰি দাদাৰ সৈতেও তেওঁৰ সম্পৰ্কটো ভাল৷ 

শ্ৰীহাজৰিকা , শ্ৰীগায়নৰ খুলশালিয়েক৷

প্ৰস্তাৱটোত জোৰ পালেও ক্ৰূৰতাৰ বিস্তাৰটোত অলপ বিপৰ্যস্ত হ’ল৷ খুলশালীয়েক পুৰামাত্ৰাই ভিনিহীপ্ৰাণ৷ শ্ৰীমতীৰ সৈতে ভালবাসা থকাৰ সময়ৰে পৰা খুলশালীয়েক তেওঁৰ সমৰ্থক, প্ৰস্তাৱক আৰু আবদাৰক৷

তেওঁ শ্ৰীদাসৰ প্ৰস্তাৱত আনন্দিত হ’ব নে দুখী হ’ব ধৰিব নোৱাৰিলে৷ হ‍ওঁতে খুলশালীয়েক দেখাত অকণমান ইয়ে, কিন্তু স্বভাৱ চৰিত্ৰ মিঠা৷

: দাসবাবু, এই যে পাপী অপাপী...এই বস্তুটো অলপ ডিল্যুউজনেল৷

আপুনি একেবাৰতে কাকো পাপী বা অপাপৱিদ্ধ বুলি মাৰ্কা মাৰি দিব নোৱাৰে৷ দুৰ্যোধন পাপী বুলি আজিৰ তাৰিখত ক’ব নোৱাৰে৷

তেওঁ আমাৰ দৰেই তেজ মঙহৰ মানুহ৷ লোভ মোহ কাম ক্ৰোধ, সকলো ধাৰণ কৰিছে৷

পলিটিকছটো কৰিব‌ই লাগিব৷ ঠিক আছে, পাণ্ডৱসকল তেওঁৰ আত্মীয়৷ কিন্তু - অগৰ আপনে হেঁ ত’ চামনে কিউঁ হে! যুদ্ধক্ষেত্ৰত মৰণ আৰু মাৰণ দুইটাই যাষ্টিফাইড৷ 

শ্ৰীযুত ধৰ ৰাইজৰ প্ৰতিনিধি৷

নিশ্চিতভাৱে যিকোনো ৰায়দান কৰাৰ আগতে তেওঁ সকলো পক্ষ চাইচিতি ল’ব৷ তাৰোপৰি অনুদানৰ ধন তেওঁৰ হাতেৰেই আহিব৷ গতিকে স্পৰ্শকাতৰ বিষয় এটা৷

: শুনক, মুখত কেতিয়া পাপে দেখা দিব? যেতিয়া আপোনাৰ আত্মাই ক’ব- এয়া পাপ৷

কিন্তু দুৰ্যোধন নৰ্মেল মানুহ৷

তেওঁ একো পাপ কৰাই নাই৷ দুই এটা যি কৰিছে সেয়া ষোল্লবছৰ মানত পোৱা যৌৱনৰ ভুল৷ আপুনি, ম‌ই কোনে কৰা নাই??

: এটা বেয়া কাম আঙুলিয়াই দিয়ক- মাত্ৰ এটা৷

জতুগৃহ দাহ?? নাঃ৷ শত্ৰু বুলি গম পালে কলিতে বিনষ্ট কৰিব লাগে৷ এইটো প্ৰকৃতিৰ নিয়ম৷ 

যাষ্টিফাইড৷

পাশাখেলত জিকি পাণ্ডৱক বনবাস দিয়াটো?

নাঃ৷ এইটো কি ধৰণেৰে পাপ?

টেলেণ্ট আছিল ভাই, টেলেণ্ট৷ সাধাৰণ কথা৷ ৰজঃস্বলা দ্ৰৌপদীৰ অপমান৷

আৰে... তুমি বাজী লগাই হাৰিছা৷

বাজী লগাবলৈ তোমাক কৈছিল কোনে, যদি দমেই নাই৷

ম‌ই হলেও লৈ ল’ম না৷ ধন কিংবা এনিথিং এলচ্৷ ভুমি, ভুমা, নাৰী যিয়েই হ‌ওক৷

আপুনি হ’লেও বাজীত জিকিলে ঈপ্সীত আৰু অভিপ্সীতটো ল’ব‌ই৷

বাকী আনুভূতিক কাৰবাৰ বিলাক আগৰ দিনৰ ৱেব প’ৰ্টেল বিলাকৰ কাম৷ সিহঁতকো টি আৰ পি লাগে৷ আৰু কি! ছেনছেনেল ট’পিক৷ ফায়দা‌ ল’ব‌ই৷

আচলতে কুটিল অপজিচনৰ বিলাক হে৷

নিয়ম ভাঙি নাভীৰ তলত আঘাত কৰিছে৷

নহ’লে দুৰ্যোধনৰ দৰে বন্ধুৰ‌ প্ৰতি দয়াশীল, বিশ্বাসী,দানী সাহসী ডেকা এজনক মাৰে কেনেকৈ৷

: কলিকালত পাপ অপাপ বুলি কোনো কথাই নাথাকিব৷ ন্যায়ৰ গাইৰ তিনিখন ঠেঙেই ভাগি পৰিব৷ ন্যায় গাভী এখন ঠেঙতে থিয় দি থাকিব৷

ধন সম্পদৰ ভেটিত মানুহৰ সামাজিক পৰিচয়‌ নিৰ্মাণ হ’ব৷ পুৰুষ আৰু নাৰীৰ সম্পৰ্কৰ ভিত্তি প্ৰেমৰ পৰিৱৰ্তে যৌনতা হ’ব৷ ঠগবাজীকে সফলতা বুলি কোৱা হ’ব৷

আৎচা দাসবাবু কলি কেতিয়া আৰম্ভ হ’ব? কলি কলি?? কিবা আইডিয়া?

শ্ৰীদাস অলপ থতমত খাই গ’ল৷ কলিকালৰ ব্যাপ্তি সম্পৰ্কে তেওঁৰ কোনো ধাৰণাই নাই৷ ইফালে সিফালে চাই তেওঁ শ্ৰীমতী ধৰে অনা কাঁহৰ ট্ৰেখনত থকা মুড়ি লাডুকেইটাৰ ফালে হাত আগবঢ়ালে৷ প্ৰশ্নটো এটা অস্বস্তিকৰ নীৰৱতাত ওপঙি থাকিল৷

শ্ৰীমতী ধৰে প্ৰায়বোৰ অতিথিকে চাহ একো কাপ দিবলৈ যত্ন‌ কৰি আহিছে৷ ফলত ককালৰ বিষ আৰু হতাশাত ভুগিছে৷ সহায়কাৰীৰ বাবে অৰ্থব্যয় কৰিব‌ও নোৱাৰে, অথচ অতিথি আপ্যায়নৰ পৰা বিৰত থাকিব‌ও নোৱাৰে৷

শ্ৰীমতী ধৰ কিম্বদন্তীৰ দৰেই এগৰাকী নাৰী৷

বিয়াৰ মণ্ডপত বহি শ্ৰীযুত ধৰ আৰু তেওঁৰ পৰিয়ালে দাবী কৰা মটৰ চাইকেল নাপায় হোমৰ গুৰিৰ পৰাই উঠি আহিবলৈ ধৰিছিল৷ শ্ৰীমতী ধৰৰ দেউতাকে হাত যোৰ কৰি কৰা অনুনয়ৰ মূল কথা আছিল- কাইলৈ বাৰ বজাৰ আগতেই মটৰ চাইকেল আহি পাব৷ দৰা ঘৰলৈ পঠিয়াই দিয়া যাব৷ কিন্তু দৰাঘৰক এতিয়াই লাগে৷ চকুৰ আগত৷ নতুবা মণ্ডপৰ পৰা উঠি গুচি যাব৷ হুলস্থুল কাৰবাৰ৷

দৰা উঠেই আৰু৷

কুঁহিলাৰ মুকুট পিন্ধা শ্ৰীমতী ধৰে, বহি থকাৰ পৰাই শ্ৰীযুত ধৰৰ পেটত যিপাট চিকুট দিলে- শ্ৰীযুত ধৰে বিনা মটৰ চাইকেলৰে বিয়া কৰোৱাতো বাদেই..

আজিকোপতি চৌহদৰ ভিতৰত পিক্ পেলাবলৈ সাহ কৰা নাই!

: এই ধৰক খ্ৰীষ্টপূৰ্ব তিনি হাজাৰ এশ দুই চনৰ পৰা কলি আৰম্ভ হৈছে৷

মোটামুটি চাৰি লাখ বত্ৰিশ বছৰ কাল জুৰি থাকিব৷ ইতিমধ্যে পাঁচ হাজাৰ বছৰ মান আমি অতিক্ৰম কৰিলোৱেই৷ কল্কি অহালৈ আমি নাথাকিম৷ কোন থাকিব তাৰো ধাৰণা নাই৷ কিন্তু এটা কথা ঠিক যে আমি মধ্য-কলি কালত প্ৰৱেশ কৰিছো৷

শ্ৰীযুত ধৰে এটা দীঘল উশাহ লৈছে৷

পাপ বুলিবলৈ তেওঁৰ একো‌ নাই বুলিয়েই তেওঁ ভাৱে৷ অতবছৰে নিঃসন্তান হৈ থকাটোক ওচৰ‌পাজৰৰ কোনোবাই আৰু নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বীয়ে আনৰ আগত অনুচ্চভাৱে কোৱাকুই কৰিছিল বুলি তেওঁ গম পাইছিল৷ পাপে হেঁচি ৰাখিছে, ন’হলেনো পা- পোৱালী এটাও নাপায় নে৷

দুৰ্যোধনৰ উৰু ভঙাৰ দৰেই ই এটা পুৰা শৰীৰতাত্ত্বিক কথা৷ ফিমাৰ হাড়ডাল ভাগে আৰু যদি ফিমৰেল আৰ্টাৰি ছিগি যায়, মানুহ কিমান পৰ বাচিব৷

প্লেটত বাকী থকা মুড়িৰ লাড়ুটো হাতত লৈ শ্ৰীযুত ধৰ বাৰাণ্ডাখনৰ এমুৰলৈ গ’ল৷‌ তাত সজা এটাৰ ভিতৰত চকু টোপনীয়াই বহি আছিল জেকুলিন ভন-ডাৰ-চাম৷

শ্ৰীমতী ধৰৰ পোহনীয়া ভাটৌ চৰাই৷

কোনোবা এটা সময়ত বহু দিনৰ আগতে নেডাৰলেণ্ডৰ সজাঁতি দল‌এটা শ্ৰীযুত ধৰৰ পঞ্চায়তলৈ খেতি চাবলৈ আহিছিল৷ একো মনত নাথাকিলেও ফেঁহুবৰণৰ মহিলা গৰাকীৰ জীয়েকৰ নামটো শ্ৰীযুত ধৰৰ মনত থাকিল৷ মুড়ী লাড়ুটো ভাঙি জেকুলিন ভন-ডাৰ-চামক দি শ্ৰীযুত ধৰে ‘সভা-সমাপ্ত’ শৈলীৰ এঙামুৰি এটা দিলে৷

: এটা কাম কৰক৷ দুইজনকে ভাওটো বেলেগে বেলেগে দিবলৈ দিয়ক৷ যাৰ ভাল হয় তেওঁকে ৰাখিব৷ ক’ব, ৰাইজে অডিশ্যন ল’ব৷

×××

....শুনিয়োক সখাগণ..আমাৰ বচন..৷

দেখা কেনে পাণ্ডৱৰ বিচিত্ৰ ভৱন..৷

হয়- হস্তী ৰথ দোলা..দেখা ভিন্নে ভিন্নে..৷

অক্ষয় ভাণ্ডাৰে হীৰা মাণিক্য খচিতে..৷৷

লক্ষেক ৰাজাৰ ময়ি হৈয়া অধীশ্বৰ..৷

নভৈলো ম‌ই জানা পাণ্ডৱৰ সমসৰ৷৷

দানপাত্ৰ অন্ত‌ কৰি পাতোহো বিঘিনি৷

ত্ৰিদিশে ৰহোক আৱে পাণ্ডৱৰ কুখ্যাতি৷৷

 

মিনমিনিয়া মাত এটাৰে বচন ফাকি মাতিলে দুৰ্যোধনে৷

হাতত পৰিঘ লৈ এটা ৰাইট প্ৰফাইল দিলে৷ পেনোৰামা ভিউত৷

শ্ল’ম’ত ঘুৰিলে৷

আহি ৰঙা কাপোৰ মেৰিয়াই থোৱা মূঢ়াটোত ঘপকৈ‌ বহি দিলে৷ বহিল বুলি ভাৱোতেই দুৰ্যোধন লুটি খাই পৰিল৷

গল ব্লাডাৰত সৰুকৈ শিল এটা হৈছে দুৰ্যোধনৰ৷ ঔষধ খালেই গলিব বুলি ডাক্টৰে কৈছিল যদিও শৰীৰত প্ৰভাৱ পৰিছে৷ খাবলৈ ব’বলৈ বৰ এটা মন নাযায়৷ দূৰ্বল৷ ৰাইজে বৰকৈ ধৰাত হে সাধাৰণতে মাইকী ভাও লোৱা দুৰ্যোধনে দুৰ্যোধনৰ ভাও ল’ব লগাত‌ পৰিল৷

বিধায়কৰ আকস্মিক মৃত্যুত হোৱা উপ নিৰ্বাচনত পূৰ্বৰ চিপ্ৰাং মৰাজনেই টিকট পালে৷ জিকিল

ভাওনালৈ আহিব লগা অনুদানটো অনিশ্চয়তাত ওপঙিল৷ শ্ৰীবৰা আৰু শ্ৰী হাজৰিকা, দুইজনেই ভাওটো লোৱাত অনীহা প্ৰকাশ কৰা স্পষ্টকৈ দেখা গ’ল৷

উপায়ান্তৰ‌ ৰাইজে গল‌ ব্লাডাৰত শিল থকা দুৰ্যোধনকে‌ মাতি আনিছিল৷

আহাহা.. মুখেৰে ফেন ওলোৱা দুৰ্যোধন..

অমনি ভেনত উঠি হস্পিটেললৈ গুচি গ’ল৷ 

দুৰ্যোধন বিহীন ভাওনা চলি থাকিল৷

            ‌‌                       ×××

 

ভ্ৰাম্যভাষ – ৯৮৫৪৫৬৬৪২৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ