অন্যযুগ/


মেল্টিং ছবিবোৰ

 ময়ূৰী কাকতি


 

কোনো এক বিমূৰ্ত সন্ধিক্ষণত সপোন এটাৰ পৰা বুটলি লৈছিলোঁ শব্দটো - ‘গলিত’, মানে গলি থকা যেনে গলি যোৱা মমডাল, সাহিত্যৰ ভাষাৰে- অনুভূতিপ্ৰৱণাৰ্থত হৃদয় গলা, মন গলি যোৱা আদি আৰু অদূৰদৰ্শিতাৰেই আৰম্ভ কৰিলো মোৰ অংকন প্ৰক্ৰিয়া৷ ময়ো যে কি! কোনো এক শিল্পসাধকৰ  আধুনিক শৈল্পিক পৰিক্ৰমাৰ দৰেই এটা সপোনৰ পৰা সাৰ পোৱাৰ পাছতে জীৱনৰ ছবি আঁকিবলৈ বহি গ’লো যেন৷ কিন্তু ছালভাড’ৰ ডালিৰ সেই বিশ্ববিখ্যাত ‘The persistence of Memory’-ৰ ‘মেল্টিং ক্লকটো’ৰ দৰে আমাৰ সময়ো অনুভূতি আৰু মনৰ ওপৰত নিৰ্ভৰ কৰি সকলোৰে বাবে বেলেগ বেলেগ, শিল্পীয়ে কোৱাৰ দৰে সময় নমনীয় আৰু আপেক্ষিক৷ সেই কথাটো একপ্ৰকাৰে বাদ নিদিলেও মই এটা বেলেগ পথেৰে গৈ সাধাৰণভাৱেই মেল্টিং জীৱন একোটা, মেল্টিং হৃদয় একোখনক অলংকাৰ হিচাপে লৈ বুকু ভঙা একোটা সপোনক একেদৰেই ৰাখি গলি গলি শেষ হোৱালৈ ৰৈ থাকিলোঁ৷ ডালিৰ সেই বিখ্যাত ছুৰিয়েলিষ্ট পেইণ্টিংখনত মানুহৰ সময়, স্মৃতি আৰু সপোনৰ একক জগতক দেখুৱাবলৈ অংকন কৰা হৈছিল৷ সময় সময়ৰ একক ঘড়ীৰ দৰে অদমনীয় কেনেকৈ হ’ব, সময় যে আপেক্ষিক! মোৰ গলিত সপোনবোৰো সিহঁতৰ নিজস্বতাৰ ভেটিত ইটোৰপৰা সিটো বেলেগ, আপেক্ষিক!

ছবিৰ পৰাইতো  আৰম্ভ  চিহ্ন আৰু লিপিৰ৷ ছবিয়ে কোৱা কথাবোৰতো ছবিতে শেষ নহয়৷ ছবিয়ে গতি নিৰ্ধাৰণ কৰিহে দিয়ে; ছবিৰপৰা অনুৰণিত  এটা দুখৰ অসম্পূৰ্ণ কবিতা বা প্ৰাপ্তিৰ কবিতালৈ কেইটানো খোজ বাকী? ক্ষিপ্ৰ গতিত গ’লে নিচেই নিকটতে নহয় জানো৷ অৱশ্যে অলপ আগতে কোৱা প্ৰাপ্তি বা সম্পূৰ্ণতাৰ  ধাৰণাটোও একেবাৰেই আপেক্ষিক৷

কেতিয়াবা মোৰ ছবিয়ে শিপ্ৰাৰ দৰেই চকুৱে-মুখে দৰদী প্ৰিয়াৰ অহেতুক আৱেশ সানি মোকে সোধে যেন, “গলি গলি এখন গলিত ছবিলৈ পৰিৱৰ্তিত হোৱাৰ কথা কিয় ভাব মানস?” প্ৰশ্নটোত আচৰিত হ’ব লগাকৈ একো নাথাকিলেও মই দৰক মাৰি ৰওঁ আৰু পুনৰ গলো৷ সিহঁতে জানে মোক৷ মই, এই মানস নামৰ মানুহটো যে আলকাতাৰাৰ দৰে, ৰ’দত গলো … সেই একেই উষ্ণতাত ছবিৰ ঘৰখনো গলে৷

মোৰ গলি থকা বিক্ষিপ্ত ছবিৰ পৰা চকু নিটিপাকৈ তাই চাই ৰ’ল৷ চকুৰ পতাৰ দীঘল নোমত বৰষুণৰ ডাঠ আচ্ছাদন, যেন গলি গলি যোৱা ধূসৰতাহে৷ দিনকণা চৰাই এটি জুপুকা লাগি বহি আছিল, সিয়ে মাৰিছিল নেকি শেষ সুহুৰিটো! বতাহত উফৰি পৰা কলা ছাতিটো মেলখাই ওপৰমুৱা হৈ পৰি আছে; তাইৰ ফুলাম চিফনৰ শাড়ীখন গাতে লিপিট খাই পৰিছে৷ কি যে নিৰৱতা! - বৰষুণৰ নিৰৱতা, অথচ বৰষুণ নিজেই এখন সবাক চিত্ৰ, পানী ৰঙৰ, গলি থকা৷ ইৰান-ইজৰাইলৰ যুদ্ধ চলি আছে, ট্ৰাম্পৰ হুংকাৰ, ইৰানৰ শক্তিশালী মিছাইলত আকাশ-বতাহ কঁপি আছে৷ একেখন পৃথিৱীতে এফালে এয়া বৰষুণ দিছে সিফালে ধোঁৱা৷ ইজৰাইলত থকা অসমৰ বিজ্ঞানী জীয়াৰীৰ নিৰাপত্তাৰ বাবে দেউতাকে বাৰে বাৰে চৰকাৰক গোহাৰি জনাইছে৷ পাৰিবনে নিৰাপদে তাই উভতি আহিব? কোনেও নাজানে৷ উভতি আহিলেও চকুৰ আগত দেখা সেই মৃত্যুৰ দাবানলে আকৌ তাইৰ বুকুত গজাব পাৰিবনে ফুল! ইৰানত মৃত্যু হোৱা শিশুকেইটাৰ ফুল কোমল দেহাবোৰে মৰণাস্ত্ৰ চিনি পোৱা নাছিল, কেতিয়াও সিহঁতক ধাৰ থকা বস্তু লৈ খেলিবলৈকো দিয়া হোৱা নাছিল৷ তিতি থকাৰ মাজতে তাই কঁপি উঠিছিল, গলি যোৱা সময়ৰ ঘড়ীটোৰ দৰে একা-বেঁকা শৰীৰটোৱে আকাশমুখী হৈ প্ৰাৰ্থনাৰ ভংগী লৈছিল৷ প্ৰাৰ্থনাত যি অসীম আকূতি থাকে সেয়া আন ক’তো নাথাকে৷ ক্ৰমান্বয়ে ওখ হৈ যোৱা গছ এজোপায়ো যেন প্ৰাৰ্থনাৰ বাবেই ডাল পাত মেলি ধৰে৷ সেই আকাশমুখী প্ৰাণৰ মিনতিত শেষ হয় অহমিকা, উজাই আহে প্ৰাণভৰা বিশালতা৷ এদিন আলফাৰ বোমা বিস্ফোৰণত একমাত্ৰ ভায়েকটোক হেৰুৱাইছিল তাই৷ আধাপগলা হোৱা মাকজনীক আৰু কোনো কথাই শান্ত কৰিবলৈ অসমৰ্থ হৈছিল৷ নঙলাৰ মুখতে হাতখনে চকুদুটাক ছাঁ দি ডিঙি মেলি মেলি চাই ৰৈছিল বাটৰ শেষলৈ, ওলাই যাওঁতে সি ভাত খাই যোৱা নাছিল৷ তেওঁৰ চৰুৰ ভাত চৰুতে কৰকৰীয়া হৈ ৰৈছিল৷ কেতিয়াবা কিছুমান বিশেষ দুখতে মানুহবোৰচোন গলি গলি শেষ হৈ যায়, সেই গলন  চালভাড’ৰ ডালিৰ ‘empty landscape’ ৰ দৰে নীৰৱ অথচ শান্তিৰ নহয়৷ ‘ant on the clock’ৰ ক্ষয়িষ্ণু সময়ৰ দৰে  মানুহজনীও ক্ষয়হে যায় ধীৰে ধীৰে, অথচ মানুহৰ হেনো ‘hedonic adaptation’ হয়, মানুহে পৰিস্থিতি মানি ল’বলৈ শিকে৷ সেই তেতিয়াই তাইৰ বৈ পৰা চকুতে চকু থৈ শিল্পীৰ মুখাবয়বেৰে অপৰিচিত হৈয়ে নুৰজাহানক চালোঁ - তাই এজনী বিৰহী কেতেকী৷ সেইদিনা নুৰে পাৰবীনৰ বিয়া খাই আছিল, কোলাত এবছৰীয়া কেঁচুৱা হুৰ৷ চেগিৰে ডেলিভাৰী এটা দিয়ে সিহঁতক বিয়া ঘৰৰ পৰা নিবলৈ আহি আছিল৷ হঠাতে কোনেও নভবা ঘটনাটো ঘটি গৈছিল - এখন মালবাহী ট্ৰাকৰ চেপাত চেগিৰ নুৰহঁতক এৰি কেতিয়াও ঘূৰি আহিব নোৱাৰা জেগালৈ গুচি গৈছিল৷ চেগিৰৰ দৰেই  হুৰৰো কলাফুলত একেই এটা কলা  মাহ, চুই থাকোতে নুৰৰ বুকুলৈ দীঘল উশাহ এটাৰ দৰেই চেগিৰ সোমাই আহিছিল৷ নিকাহ কৰাৰ চাৰি বছৰৰ আগৰে পৰাই সিহঁতৰ প্ৰেম আছিল, নিকাহে প্ৰেমৰ পূৰ্ণতা দিছিলহে আহি! নুৰৰ ফেচবুক ভৰ্তি বিননি আৰু হুৰৰ আব্বাকক বিচাৰি কৰা থেনথেননি গলি গলি গলিয়েই আছিল৷                                                                              

“এদিন বৰষুণ শুকাবলৈকো দিয়া৷ বৰষুণত তিতা নাৰীৰ নুশুকুৱা বৰষুণ: ৰ’দক কোৱা শুকুৱাই দিয়ক’’, তাই কয়৷

হয় ৰ’দালি ৰ’দালি, বৰষুণত তিতা নাৰীজনীৰ নাম ৰ’দালি৷ কি অদ্ভুত বিপৰীতধৰ্মী সমাহাৰ একোটা৷ সেয়া কিন্‌কিনীয়া নহয় কলহৰ কাণেৰে ঢলা বৰষুণৰ বৃহৎ বৃহৎ টোপাল একোটা৷ কলকলকৈ বৈ যায় মূৰৰ পৰা ভৰিলৈ, তাই গাতে লিপিট খোৱা কাপোৰবোৰ কোঁচাই লয় আৰু চেপি দিয়ে৷ জৰজৰকৈ এগালমান বৰষুণ তাৰ পৰাও সৰে, তাইৰ ফুলাম শাড়ীখনত তিতি তিতি ফুলি ৰয় বনৰীয়া ফুল৷ মৌমাখিয়ে মৌ গোটোৱা ফুলৰ দৰে৷ দ্যুতিয়ে এখন মৌমাখিৰ ৰাজ্যৰ ছবি আঁকিছিল, ৰাজ্যখনত এজনী ৰাণী আছিল, কৰ্মী মৌমাখিবোৰে কাম কৰি আছিল, ফুলৰ বাগানৰ পৰা ফুলৰ মৌ গোটাইছিল, দ্যুতিয়ে ফুলৰ মৌৰে এটা প্ৰকাণ্ড কেক বনোৱাইছিল৷ মুকবধিৰ ছোৱালীজনীৰ ছবিখন হাতত লৈ তাই বাৰাণ্ডা পাইছিলহি, যেন মানুহজনহে আহিছে তেনে এক চিৰাচৰিত গোন্ধে তাইক ব্যাকুল কৰি তুলিছিল৷ তেওঁ নহয়, লয়হে, লয়ে বজাৰৰ মোনাখন তাইৰ মুখলৈ নোচোৱাকৈয়ে আগবঢ়াই দিছিল, লগতে বাকী থকা পইচাকেইটা৷

‘নালাগে’, তাই হাতখন পিছুৱাই দিছিল আৰু কোনো কথা নোকোৱাকৈ সি ভিতৰলৈ সোমাই গৈছিল৷ মানুহজনৰ অনুপস্থিতিত তাই আৰু লয়ে এনেদৰেই সময়বোৰ আগবঢ়াই লৈ গৈছিল৷ আগতে সিহঁতৰ মাজত কথাৰ আদান-প্ৰদান কৰোৱাইছিল লয়ৰ দেউতাক তাইৰ মানুহজনে৷ যেনে ‘মাৰে ভাত খাবলৈ মাতিছে আহ, মাৰে চাৰ্টটো সী থৈছে পিন্ধি ল’ আদি৷ তেতিয়া কথাবোৰ বেলেগ আছিল৷ আজিৰ পৰা আঠ বছৰৰ আগতে তাইৰ এখন বিয়া হৈছিল, তাইক মানুহজনেই প্ৰথমে প্ৰস্তাৱটো দিছিল, এদিন নিজৰ কৰাৰ, তাৰ পাছত এগাড়ী মানুহ আহি সেন্দুৰ পিন্ধাই লৈ আনিছিল৷ যদিও আন এজনী ন কইনাৰ দৰে কথাবোৰ গতানুগতিক নাছিল, মানুহবোৰে সন্দেহেৰে তাইক লয় নামৰ এটা  কিশোৰ আৰু এজনী কিশোৰী লীনাক গতাই দি কৈছিল, ‘ইহঁতৰ মা হৈ যা’৷ সিহঁতেও কোনো আপত্তি নকৰিলেও মৌন হৈ তাইৰ আশে-পাশে ঘূৰি ফুৰিছিল, যেন মৌমাখি - ভুন ভুন ভুন ৷ তাই জানিছিল মৌনতাই সদায় সৰ্বসন্মতি নুবুজায়৷ লয়ৰ মাত আছিল যদিও সি মাত নমতা হৈছিল, লীনাৰ মাতেই নাছিল জন্মৰ পৰা৷ তাৰ পাছত তাইৰ কোলালৈ দ্যুতি আহিও তাইলৈ ৰ’ লাগি চাইছিলহে মাত মতা নাছিল ‘মা’ বুলি৷ অথচ, কিমান অপেক্ষা আপোন সপোন এটা চুই চোৱাৰ! দ্যুতিৰ পৰা এষাৰ মাতৰ বাবে ৰৈ আছিল তাই গলি গলি৷ মানুহবোৰে তাইক সৰহকৈ খোৱা আৰু পিন্ধা দেখিছিল, তাইৰ মুখৰ আগত মানুহজনৰ আগৰজনী পত্নীৰ কথা উলিয়াই আঁৰ চকুৰে তাইলৈ চাই তৃপ্তি লভিছিল বা একোৱেই  পোৱা নাছিল৷ তাই মৰি যোৱা তাইৰ সতিনীয়েকৰ ঘৰভৰ্তি বস্তুবোৰৰ মাজত হাহাকাৰ কৰি নিজক বিচাৰি ফুৰিছিল আৰু গোট মৰা সপোন এটা সাৱটি চাবি দিয়া যন্ত্ৰ হৈ পৰিছিল আৰু কেতিয়াবা এখনি মুকলি চিলা; আঁচল উৰাই  বৈ যোৱা৷ আঠবছৰে মানুহজনে কথা কেৱল তেওঁৰহে কৈছিল, তাই ক’ব খুজিলে এটা ৰঙীন বাকচত আৱদ্ধ কৰিছিল, গুজি দিছিল হাতত গলি থকা এজনী চৰাই -তাই ভুটুঙকৈ উৰা মাৰি মূধচত পৰি ৰৈছিল আৰু তাইলৈকে চাই চাই গলি গলি গলিয়ে ৰৈছিল৷ তাইৰ ৰঙীন বাকচত আৱদ্ধ কথাবোৰ নুশুনাকেই মানুহজনে তেওঁৰ প্ৰথমা পত্নীৰ পথেই অৱশেষত বাছি ল’লে; থাকি গ’ল তাই আৰু এগালমান ভুন ভুন ভুন৷ ‘কিমানদিন এই ভুন ভুন ভুন? অকল মোৰ লগতহে কিয় হয় এইবোৰ? কিয়?’ তাই নিজকে প্ৰশ্ন কৰে আৰু এখন ফুলাম শাড়ী উলিয়াই লয় য’ত থাকে বগাৰ সৈতে গুলপীয়া ফুল, সেউজীয়া পাত আৰু লতা৷

এজনী ফুলাম শাড়ী পিন্ধা নাৰী যি নিজৰ জীয়েকক এটা ফুলাম হাঁহি পিন্ধি এটা ছাতিৰ তলত স্কুললৈ অনা-নিয়া কৰে, মোৰ ছবিৰ বিষয়বস্তু কেতিয়াও নাছিল৷ মই দেখিছিলো এনেই গলি গলি শেষ হোৱা তাইৰ ফুলাম শাড়ীখন, ৰঙা ফোটটো আৰু ব্যস্ততাহীন সময়৷ কিন্তু মই ভুল আছিলো৷ এদিন শিপ্ৰা গৈছিল তাইৰ খবৰ ল’বলৈ, তাইৰ মানুহজন হেৰাই যোৱাৰ খবৰটোৱে বিব্ৰত কৰিছিল শিপ্ৰাক৷ কোনো হৃদয়বান মানুহেই  এজনী গাভৰু পত্নীৰ প্ৰিয়জন হেৰাই যোৱাতো কামনা নকৰে৷ সেইদিনা প্ৰথমবাৰৰ বাবে শিপ্ৰাক সাৱটি ধৰি তাই হেঁপাহ পলুৱাই কান্দিছিল; ইমানবোৰ কান্দোন নিজৰ মাজত লুকাই আছে বুলি হেনো তাই কেতিয়াও ভবাই নাছিল৷ তাইৰ বগা সাজযোৰ কিবা আভঁজা দেখা গৈছিল৷ দ্যুতিৰ মূৰত হাত ফুৰাই ঘূৰি আহিব খোজা শিপ্ৰাই দেখিছিল সেইদিনাও তাই মৌ মাখিৰ ঘৰেই আঁকি আছিল আৰু খবৰ কৰিবলৈ অহা দেউতাকৰ নিচিনা দেখাত একে মানুহ এজনৰ কোলাত বহি পৰিছিল৷ শিপ্ৰাৰ বাবে সদ্যপৰিচিত সম্পৰ্ক লীনাই ভুনভুনাই মানুহজনীৰ কাষে কাষে ঘূৰি ফুৰিছিল আৰু লয় নামৰ ল’ৰাটো সেইদিনাও আছিল মৌন৷ মানুহবোৰে ইঃ-আঃ কৰি আছিল বাহিৰে ভিতৰে আৰু খুব সূক্ষ্ম পৰ্যৱেক্ষণত ব্যস্ত আছিল৷

মই শিপ্ৰাক নোকোৱাকৈ মানুহজনীক যেতিয়া মোৰ ছবিৰ মাজলৈ লৈ আহিলো ননী বৰপূজাৰীৰ একান্ত ব্যক্তিগত ‘হাৰ্টষ্ট্ৰিঙ’ৰ নুবুজা গাঁথাবোৰৰ দৰে তেজ-বৰষুণৰ টোপালে মোৰ সপোনবোৰো ওপঙাই ৰাখিলে৷ মই মোৰ মাৰ বাবে এটি প্ৰাৰ্থনাৰ সুৰ আঁকিলো, লঠঙা গছৰ৷

‘তিতিছিলানে মা বৰষুণত? ৰাজনীতিত থাকিলে বোলে বোকাহে লাগে? বৰষুণত তিতিছিলানে? এদিন তিয়ালানে মোক নে বোকাতে লেটিয়ালা?’ সুধিম সুধিম বুলিও মই সুধিব নোৱাৰো৷ পুৰুষোত্তম দাস নামৰ মোৰ পিতৃজনে, মই তেওঁৰ নহয় বুলি সকলো জনাৰ পাছতো মোৰ নামত আজিও জন্মদিনৰ কেক কাটে৷ কিয়? নাই তেওঁৰ ওচৰতো কোনো সঠিক উত্তৰ৷ সুন্দৰী পত্নীক ৰাজনীতিত নমাই অকলশৰীয়া হোৱা গান ভাল পোৱা মানুহজনো সদায় গলি থাকে আৰু বহুতৰ দৰে৷ কেতিয়াবা কেনেকৈ গলি যায় মানুহ! মাৰ সপোন, ৰাজনীতি, দেউতাৰ গান সকলো এৰি মই ছবি আঁকিবলৈ ধৰিলোঁ৷ আচলতে খুব সৰুৰে পৰাই মোৰ মন-মগজু শিপাই আছিল ছবিয়ে৷ মা-দেউতাই দিব নোখোজা বা দিব নোৱাৰা সময়বোৰ মোক ছবিয়ে দিছিল৷ মই কথা পাতিছিলো ছবিৰ আদিম কিন্তু ধ্ৰুপদী ভাষাৰে৷ এদিন ছবিৰ বাবেই  শান্তিনিকেতনলৈ গৈ  শিপ্ৰাক লগ পালোঁ : ৰং লগা দুহাতেৰেই গা গছ এডাল সাবটি শিপ্ৰাই ক’লে, ‘ছবিহে আঁকিব লাগে আহ আঁকো বিন্দাচ৷’ ময়ো মূৰ দুপিয়াই সন্মতি জনালোঁ৷ তাৰ পাছত আমাৰ মাজলৈ আমাৰ ছোৱালী চিত্ৰা আহিল৷ চিত্ৰাৰ ফ্ৰেণ্ড দ্যুতিৰ মাকেই মোৰ ছবিখনৰ এই মানুহজনী- ৰ’দালি৷ মই অঁকা ছবিখনত সেই তিতি থকা মানুহজনীৰ লগতে মই শিপ্ৰাকো দেখিলোঁ৷ শিপ্ৰাই সাৱটি ধৰা সেই তিতি থকা মানুহজনী এতিয়া মোৰ, মোৰ ছবি৷ খ্যাতনামা সাহিত্যিক এডগাৰ এলেন পোৱে আপোন আলয় অন্ধকাৰক কলমেৰে অমৰ কৰি তোলাৰ দৰে ময়ো যেন মোৰ প্ৰাণৰ বৰ্ষাসিক্ত  ছবি এখনক ঐকান্তিক নিষ্ঠাৰে সজাই তুলিব বিচাৰিছো - কলাত্মক অভিযোজনাৰ অভিব্যঞ্জনাৰে অতি দ্ৰুতগতিৰে মই ছবিখনৰ বাবে ৰঙবোৰ বাচিছোঁ আৰু তুলিকাত সানি চাইছোঁ৷ ক’ত শেষ হয় ছবি! ছবিতেতো বিমূৰ্ত সামঞ্জস্যবিহীন সপোন একোটা কাহিনী হৈ ওলমি থাকে৷

তেতিয়া এটা ৰঙীন ছাতি আছিল, শ্বিলঙৰ পুলিচ বজাৰৰ পৰা কিনা বুলি উপহাৰ দিছিল তাইৰ বান্ধৱী নীলমে৷ ফুলাম বেঙুনীয়া এজাৰ ফুলৰ দৰে ছাতিটো ৰ’দালিৰ বৰ হেঁপাহৰ৷ বেগৰ ভিতৰত অনবৰতে লৈ ফুৰা প্ৰচণ্ড  ৰ’দ আৰু বৰষুণবোৰতহে মেলখোৱা  ছাতিটো যেন তাইৰ মায়াসনা জীৱনটো৷ তাৰ ওপৰত এখন মেঘে ঢকা আকাশ আৰু তৰা৷ সেইদিনা বৰষুণ দিছিল দোপালপিটা৷ কলেজৰ সন্মুখত গাড়ীৰ বাবে ৰৈ আছিল সিহঁত৷ সিহঁত মানে আবিৰ আৰু ৰ’দালি, তাইক লৈ কবিতা লিখা আৰু তাইৰ বাবে এটি উত্তৰৰ অপেক্ষাত ৰৈ থকা সেই ল’ৰাটো৷ তাইৰ ছিনিয়ৰ আবিৰ দা৷ প্ৰচণ্ড বৰষুণত ছাতিৰ তলত আশ্ৰয় লোৱা তাইক চাই চাই সাউতকৈ আহি তাইৰ ফুলাম ছাতিৰ তলতে সিও আশ্ৰয় লৈছিলহি৷ বাধা দিয়া নাছিল তায়ো৷ বেলি লহিয়াইছিল- গাড়ীবোৰ বৰষুণৰ বাবেই চলা নাছিল বেছিকৈ, যিকেইখন চলিছিল তাতো ঠাহ খাই মানুহ উঠি গৈছিল, গতিকে ৰখোৱা নাছিল৷ মাজে মাজে ফেৰফেৰকৈ বলা বতাহত এটা ফুলাম ছাতিৰ তলত সিহঁতৰ দেহা দুটাৰ এফাল এফাল তিতি আছিল, অথচ এটা অনামী সংবেদনে ঘামত তিয়াই পেলাইছিল দুখন হিয়া৷ ঢোকা দিয়া ঘৰ এখনৰ হাজিৰা কৰি পেট পোহপাল দিয়া দেউতাকে ক’ৰবাত গম পাইছিল কথাবোৰ৷ এদিন দাখন তাইৰ ডিঙিতে ৰাখিলে, ‘যিকণ ইজ্জত আছে তাকো নিলাম কৰিলি তই, তহঁত দুয়োটাকে কাটিম মই৷’ তাই বুজিলে তাইৰ দৰে নিঃকিন ঘৰৰ ছোৱালীৰ নিজাকৈ সপোন দেখাৰ অধিকাৰ শূন্য৷ তাই সপোনৰ বিপৰীত সোঁতেই ল’ব লাগিব৷ পঢ়ি থকা ল’ৰাটোৱেনো তাইক কি কৰি খুৱাব-পিন্ধাব! তাই গলাই শেষ কৰিলে সপোনটো৷ বিপত্নীক মানুহজনে তাইক যেতিয়া বিচাৰিলে ঘৰখনে ভালহে পালে, ‘হওক তেও  ল’ৰা-ছোৱালী দুটা থকা, খাবলৈ-পিন্ধিবলৈ পাব কিহৰ চিন্তা তাইৰ!’ সঁচাকৈয়েনে! ৰঙীন ছাতিটোৰ এদিন দাণ্ডি ভাগিল কেইবাডালো, পাগলী মাকে তাকে লৈ খেলে- মাকে নুবুজে ছাতিটোৰ ৰঙত যে এখন আকাশ অঁকা আছে এজাৰ বৰণীয়া, তায়ো বুজাব নোৱাৰা আৰ্তনাদ এটা জাপি থয় বুকুতে আৰু বিপত্নীক মানুহটোক মূৰৰ ওপৰৰ ছাতি এটি কৰি, নিজে এটা কলা ছাতি হৈ ৰ’দ বৰষুণৰ পৰা তেওঁৰ পঁজাতো বচাবলৈ গুচি আহে৷ এনেকৈয়ো মানুহ গলি যায়! গলি যায়! ক’লা ছাতিৰ আঁৰত গলি যায়!

‘তোমাৰ শাড়ীখনৰ দৰে যদি ৰঙীন এটা তৰাফুলীয়া ছাতি  দিব পাৰিলোহেঁতেন!’

‘নালাগে দিব, তৰাফুলবোৰ আকাশতে ভাল দেখি৷ এটা ক’লা ছাতি বেছি মজবুত৷ মাথোঁ পেলাই নিদি তুলি ধৰা মোৰ মূৰৰ ওপৰত- এনেয়ো ছবিখন বৰষুণত যেন গলি গলি গলিয়ে আছে৷’ তাই মোক যেন শেষ আহ্বানহে জনালে৷

তাইক দেখিছিলো সিদিনা খিৰিকীখন মেলি ৰাতিৰ তৰাভৰা আকাশখন চাই ৰোৱা৷ মোৰ মনলৈ আহিছিল এদিন ভিনচেণ্ট ভেন গঘেও এখন তৰাভৰা আকাশ চোৱাৰ পাছতে ‘starry night’ ছবিখন বুকুত সুমুৱাই লৈছিল৷ সেইখনো গলি আছিল বুকুত৷ বুকুৰ কথাবোৰেইতো একো একোখন ছবি৷ মই সপোনত সেই নিশা এখন গলি থকা বিমূৰ্ত আকাশ দেখিলো আৰু কোনেও নজনাকৈ গলি থাকিলোঁ৷

 

 

 ঠিকনা :

মেডিয়া এক্সপাৰ্ট, কাৰ্বি আংলং, কৃষি বিভাগ৷

ভ্ৰাম্যভাষ - ৬০০৩৮০০৮৭৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ