ময়ূৰী কাকতি
হাৰুকি মুৰাকামিৰ ভূমিকম্পৰ পৰা দেশ উদ্ধাৰ কৰিবলৈ অহা
বেঙটোৰ দৰেই মাজে মাজে সপোন একোটা আহি মোৰ নিস্তেজ হ’বলৈ গৈ থকা প্ৰচণ্ড ইচ্ছা একোটাক
জগাই তোলে – সিহঁতো ভাল লগাকৈ জঁপিয়াই থাকে
আৰু মই সাৰ পোৱাৰ আগতেই শুই পৰে৷ মোৰ জানো কিয় ভাব হয় জাপানৰ দৰে ধনী আৰু অতি নিয়মানুৱৰ্তী
দেশ একোখনৰ বাসিন্দা হোৱা মানুহৰ দুখ থাকিবই নোৱাৰে৷ দুখবোৰতো আমাৰহে – য’ত কেউফালে
সমস্যাই সমস্যা, কেতিয়াবা যদি খাবলৈ নাই, কেতিয়াবা পিন্ধিবলৈ, কেতিয়াবা যদি বেমাৰ,
কেতিয়াবা আন কিবা নহয় কিবা৷ মুঠৰ ওপৰত ভাৰতৰ নিচিনা নিচলা দেশৰ নিচলা মানুহ আমি৷ সময়
গগৈৰ ফেচবুকৰ ভিডিঅ’বোৰ চাই কান্দি পেলাইছিলো মই – হে হৰি খাবলৈ নাই, পিন্ধিবলৈ নাই,
থাকিবলৈ নাই – পুতিগন্ধময় পৰিৱেশ, তাতো সময় গগৈয়ে থাকিবলৈ ঘৰ একোটা বনাই দি সমাধি হ’বলৈ
ধৰা সপোন একোটাত ফুল কেইপাহমান ফুলিবলৈ দিছে৷ কিমান মহান কাম! পিছে মই ভুল আছিলো আনটো কথাতহে, যিটো মই অলপ আগতে কৈ আহিছো যে জাপানৰ
দৰে দেশৰ মানুহবোৰেই অকল সুখ বহন কৰে৷ নহয় কথাটো তেনেকুৱা নহয় কাৰণ, মানুহৰ
মৌলিক কথাবোৰ বা প্ৰয়োজনবোৰ স্থান-কাল-পাত্ৰ নিৰ্বিশেষে একে৷ ভোক লাগিলে অন্তত মাটি
নাখাই মানুহে৷ গতিকে ধনী, সুশৃংখল দেশ এখনৰ মানুহো দুখী – ভিন্ন কাৰণত৷ সেই চৰিত্ৰবোৰেই
মোক বাৰে বাৰে খেদি ফুৰে – কেমেৰাটো হাতত লৈ বাৰে বাৰে সিহঁতৰ ফালে টোৱাই থাকোঁ, কেতিয়াবা
সিহঁত অপ্ৰস্তুত হয়, কেতিয়াবা মডেলৰ ভংগিমাৰে প’জ দিলে মই অপ্ৰস্তুত হওঁ কাৰণ এনে কৰি
কোনোবাখিনিত সিহঁত মোৰপৰা আঁৰ হৈ লুকাই দিয়ে৷ মোক অপ্ৰস্তুত কৰিবলৈ সাজু হোৱা ‘object’
টো মোৰ ‘subjective mind’ ৰ পৰিধি ঠেলি ক’ৰবাত লীন হয়৷ তেতিয়া মই ধৰিব নোৱাৰোঁ কোনখন
গালেদি চকুপানী বৈছে বা কোনখন গালে ধৰি ৰাখিছে মাজঅংশতে প্ৰাচীন এটা ‘টোল’৷ কেতিয়াবা
নিৰ্বিবাদে ওলাই অহা মোৰ ছবিবোৰক মই সিহঁতৰ কথা সোধো – কাফকাৰ দৰেই অভ্যন্তৰীণ অন্তঃস্বৰৰ
গুঞ্জিত ভয় একোটাৰ সতে মোকাবিলা কৰি মই এখন এখনকৈ সিহঁতক চকুৰ সন্মুখত তুলি ধৰো...
তাইক পানীৰ পৰা তুলি ধৰা
“Excuse me অলপ ৰ’বানে – মই ফটোগ্ৰাফাৰ – তোমাৰ কথাবোৰ
মই বন্দী কৰিব বিচাৰো৷ বহুদিনৰ পৰা এটা কাংক্ষিত বিষয়বস্তুৰ সন্ধানত মই দেশ-বিদেশ পৰিভ্ৰমণ
কৰি চলাথ কৰিছো৷ কিন্তু কি আচৰিত সংযোগ চোৱা তুমিচোন ইয়াতে মোৰ নিজা চহৰতে আছিলা!”
“Sorry, may I know you? মই ঠিক বুজা নাই৷”
“নালাগে বুজিব৷ এইখিনিতে ৰোৱা, যেনেকে আছা তেনেকেই ৰৈ
দিয়া, নালাগে লুকুৱাব ভাগৰ বা তোমাৰ অহমিকাৰ বলিৰেখা, নালাগে মেক আপেৰে জোঙা দেখাব
নাক বা টনা টনা চকু – সেইবোৰ নিতান্তই অদৰকাৰী৷”
তেনেদৰেই ফটোৰ মাজলৈ মই তাইক টানি আনিলো৷ ঠিক তাৰ কেইদিনমান
পাছতে অশান্ত ইলেকট্ৰ’ন এটা হৈ পৰিছিলো, কাৰণ ফটোখনত সোমাই তাই কান্দি আছিল৷ ‘Nothing
can stop you’ বুলি লিখা তাইৰ ব্ৰেচলেটডাল খুলি দলিয়াই পেলাইছিল৷ মই বুটলি তাইৰ কাষতে
বহি সুধিছিলোঁ, “কিয় পিন্ধিছিলা এই বিশেষ ব্ৰেচলেটডাল?” অহেতুক প্ৰশ্নটোত তাই থতমত
খাই এটা অদ্ভূট চাৱনিৰে মোলৈ চাইছিল৷
সীমাৱদ্ধতা সকলোতে আছে৷ কাৰ নাই? ক’ত নাই? দৌৰাৰ প্ৰতি
আগ্ৰহ সকলোৰে থাকে৷ কাহিনীবোৰ কাৰ বাবে কি সেয়া ব্যক্তিবিশেষৰ ধ্যান-ধাৰণাৰ ওপৰত নিৰ্ভৰশীল৷
এডাল বিশেষ ব্ৰেচলেট পিন্ধি নিজক মানসিকভাৱে প্ৰস্তুত কৰাৰ চেষ্টাও উজু নহয়, কিন্তু
সাংঘাতিক কিবা এটাও নহয়৷ আনৰ দৰে তায়ো দেখে সপোন৷ প্ৰায়ে দেখা তাইৰ সপোনটোত তাই এখন
হাত খেপিয়াই ফুৰে৷ এখন বিশেষ হাত৷ প্ৰথমে তাই ধৰিব পৰা নাছিল, একেটা সপোনকে কিয় দেখে
বাৰে বাৰে ? চিনি পোৱা নাছিল হাতখনো৷ পিছত ধৰিব পাৰিছিল সেইখন ককাকৰ হাত, সিৰ ওলোৱা
খহটা – দেখিলেই বুজিব পাৰি তাত বহুতো সময়ৰ প্ৰচণ্ড বা-মাৰলিৰ গুঞ্জন একেলগে আছে৷ তাইৰ
প্ৰিয়, এইখন হাতৰ তৰ্জনী আৰু মধ্যমা আঙুলিত ধৰি তাই প্ৰথম বিদ্যালয়লৈ গৈছিল, গাওঁ ফুৰিবলৈ
গৈছিল৷ আজি তাই ডাঙৰ, সেইখন হাতে আনি দিয়া বাৰীৰ আমলখি-শিলিখা কেইটালৈ মনত পেলাই, যেন
ককাকৰ মৰমনিহিত তাৰে এটা তপককৈ খাই থ’লেই সকলো দুখ-কষ্টৰ অৱসানহে ঘটিব! অৱচেতন মনে
তাইৰ নিজৰ মানুহ বিচাৰে, যি তাইক এসময়ত নিভাঁজ মৰমেৰে আঁকোৱালি আছিল৷ কিন্তু ককাক হেৰাই
গ’ল, বহু কথা স্মৃতি হ’ল৷ এটা স্মৃতিৰ টোপোলা খুলি খুলি তাই ককাকক চিতাৰ পৰা যেন তুলিহে
আনিব – ‘বলক ককা ফুৰি আহো, কেতিয়াযে সময় হেৰাই যায়! পাছলৈ থ’লেই সময় হেৰাব৷’ নিভাঁজ
মৰম বিচাৰি তাইৰ বুকুৰ ভিতৰখন হাহাকাৰ কৰে৷ মৃত্যুৰ সময়ত ককাকৰ মাতটো তাই নুশুনিলে,
তাৰ দুদিন আগতে ককাকক কিবা কথাত বেয়া পাই তাই নামাতো বুলি কৈছিল৷ ককাকক তাইৰ ক’বলৈ
নহ’ল আচলতে কিমান ভাল পাই তেওঁক তাই৷ মাথোঁ আত্মগ্লানিৰ ভাব এটাই তাইক বছৰ বছৰ ধৰি
কুটি থাকে৷
বাৰাণ্ডাৰ হেলনীয়া চকীখনত মেকুৰী এটা প্ৰায়ে বহে – ৰাতিপুৱা
তাতে উম লৈ শুই থকা মেকুৰীটোক অকল মোৰে নহয় তাইৰো নিজৰ প্ৰতিৰূপ যেন লাগে, এইযেন খেদিলে এঙামুৰি দি উঠিযোৱা মেকুৰীটো
শেতেলিৰপৰা নুঠো বুলিও উঠি অহা তাইহে৷ ৰাতি কেঁচুৱাৰ বাবে চিলমিলিয়া টোপনি মাৰি থাকোঁতে
ৰাতিপুৱা সোনকালে উঠিবলৈ তাইৰ মন আৰু দেহাই নকয়৷ কাম এগালে মূৰ মেলি থাকে, তাত তাইৰ
বাবে সময় কেৱল গা-ধোৱা আৰু খোৱাকণহে৷ অৱশ্যে একো নতুন কথা নহয় নাৰী এগৰাকীৰ জীৱনত,
তেনেই স্বাভাৱিক কথা৷ কেঁচুৱা ডাঙৰ নোহোৱালৈকে তাই বেচৰকাৰী প্ৰতিষ্ঠানৰ কামটোত জইন
কৰিব নোৱাৰে – অথচ একেসময়তে দেউতা হোৱা মানুহজনে অনলাইন ক্লাছ কৰি দুটাকৈ ডিগ্ৰীও গোটালে৷
ৰাতি এপৰলৈকে খেলি থকা কেঁচুৱাকণক জোৰ-জবৰদস্তি শুৱাবলৈ যত্ন কৰি থাকোঁতে তাই ভাবি
থাকে অকণমানিকণ শুলেই অকণমান নিজৰ পঢ়া-শুনাৰ কামত লাগিব৷ কিন্তু বাস্তৱত হৈ নুঠে৷
আজিকালি বহুকথাই হৈ নুঠে৷ – ঘণ্টা ঘণ্টা ধৰি বাথৰূমত সোমাই থকাৰ বাবে প্ৰায়ে গালি খোৱা
তাই কেতিয়া যে মিনিটতে গা-ধুই ওলাই আহিব পৰা হ’ল! আৰু এনেদৰে তলপেটৰ ওলমি পৰা চৰ্বিৰ
পাহাৰটোৰ কল্পনা কৰিছিলনে কেতিয়াবা! ‘স্লিম’ হৈ থাকিবলৈ কিমান কত চেষ্টা যে নকৰিছিল!
এতিয়া নিজলৈ চাবলৈ সময় ক’ত! আউল-বাউল চুলিৰে তাইৰ এতিয়াৰ ছবিখন তাহানিৰ মাকৰ স’তে ক’ৰবাত
মিলি যায়৷ তথাপি তাইৰ জীৱনটো মাকৰ দৰে হোৱাটো নিবিচাৰে, কেৱল ককাক-আইতাক, ককায়েক, দেউতাক
আৰু এসময়ত তাইকো কেন্দ্ৰ কৰি ঘূৰি থকা মাকৰ চকৰি এটাৰ দৰে জীৱনটো৷ তাইক এখন নিজা পৃথিৱী
লাগে, এখন নিজা ঘৰ বনাবলৈ এটা ভাল চাকৰি লাগে৷ য’ত কাৰো কথামতে তাই উঠা-বহা কৰিব নালাগে৷
য’ত মন গ’লেই কোনেও তাইক তাই কিমানৰ মানুহ সোঁৱৰাই দিব নোৱাৰে৷
“ফেমিনিষ্ট নেকি তুমি?” মই এনেই সুধিলো তাইক৷
“মই পাপৰি, এজনী মানুহ৷ মানুহ হ’বলৈ কিয় নিদিয়া তোমালোকে
আমাক? মানুহ বুলি নভবাৰ বাবেইটো ইমানবোৰ ‘ফেমিনিষ্ট মুভমেণ্ট’ নাৰীক লৈ৷ তাৰ পাছতো
নাৰীয়ে পুৰুষে বনোৱা আদৰ্শৰ ভিত্তিত সৰ্বগুণসম্পন্না হৈ উত্তৰণ ঘটাব লাগিব নিজক নহয়নে?
ঠাট্টা নকৰিবা কৈ দিছো৷ Its’ a serious matter. ”
“ok calm down.”
পংকজে মৰম কৰে তাইক, সহায় কৰে৷ লাগ বুলিলেই বস্তু আনি
দিয়ে৷ তথাপি ক’ৰবাত কিবা এটা থাকি যায়, ক’ৰবাত আপোন হোৱাৰ কচৰৎ যেন ভংগ হয়, তাই তেনেদৰেই
কৈছিল মোক৷ মই কৈছিলো, “নহয় তোমাৰ মাজত নাৰীৰ স্বভাৱজাত শূন্যতাৰ মূৰ্ত প্ৰকাশহে ঘটিছে৷
সকলো থকাৰ পাছতো নাৰীৰ আভ্যন্তৰত এক শূন্যতাই বিৰাজ কৰে৷” কথাষাৰত তাই কটমটকৈ মোলৈ
চাই পঠিয়ালে – “শূন্যতা? নাৰী নহয় তুমিও এজনী! কিয় প্ৰেমিক লগত থকাৰ পাছতো এটা সময়ত
তেওঁ আন কাৰোবাৰ বিবাহিত পুৰুষ আছিল এই কথাষাৰে তোমাক কন্দুৱাই? কিয় কিয়? তোমাৰটো সকলো
আছে?”
“মোৰ সকলো আছে?” মই নিজেই নিজক প্ৰশ্ন কৰো৷ কেনেকৈ কওঁ
তাইক যে তাই দেখা মোৰ সকলো এক প্ৰহসন! তাই আকৌ কৈ যায় যে প্ৰেগনেন্সিৰ সময়ত মাকৰ ঘৰত
থাকিবলগীয়া হওঁতে মাকৰ ঘৰখনৰ বাবে বজাৰ কৰি দিছোঁ বুলি পংকজে পিছত কেইবাবাৰো কৈ থকা
কথাটো, ক’ৰবাত তাইৰ ইগ’ হাৰ্ট হৈছিল৷ তায়োচোন বেমাৰে-আজাৰে তাৰ ঘৰখনৰ এজন হৈ কাম কৰিছে,
তাইৰ সময় দিছে৷ গিৰিয়েকৰ ঘৰখনহে ছোৱালীৰ আচল ঘৰ, মাকৰ ঘৰখন জিৰণিৰ ঠাইহে বুলি শাহুৱেকে
কোৱা কথাষাৰ মানি ল’বলৈ তাই টান পাইছে৷ ভালে-বেয়াই মাকৰ ঘৰখনেহেচোন তাইক আৱৰি ৰাখে,
যদিও উলিয়াই দিয়া ছোৱালী বুলি কথা এষাৰ তাতো থাকে৷ কেঁচুৱাৰ স’তে থাকিবলৈ সৰু হোৱা
তাইৰ ৰুমটো ডাঙৰ কৰিবলৈ পংকজৰ দেউতাক-মাকেই নিদিলে, কাৰণ তাতকৈও সৰু ৰুমত হেনো থাকি
আহিছে তেওঁলোক৷
‘এইখনহে তোমাৰ ঘৰ’ বুলি ক’ব খোজা ঘৰখনত যেতিয়া তাইৰ অস্তিত্বক
আওকাণ কৰা হয়, তাইৰ মতামত গুৰুত্বহীন হৈ পৰে, তেতিয়াই তাই নিজা দিগন্তৰ সন্ধান কৰে
– মৰমৰ এখন নিজা ঘৰ, য’ত তাইৰ স্বাভিমান খৰ্ব নহয়৷
‘‘বচ এইখিনিয়ে কথা? তুমি ‘পোষ্টপাৰ্টাম ডিপ্ৰেশ্বনৰ’ চিকাৰ
হৈছা জানা৷ থাকেই সেইবোৰ”, কথাৰ মাজতে তাইক বাধা দিলোঁ৷ এগৰাকী শুভচিন্তক হিচাপে তাইৰ
পৰিয়ালটো ভাঙি যোৱাটো মই নিবিচাৰোঁ৷ তাই হাঁহিলে৷ মই অপ্ৰস্তুত হ’লোঁ৷
“কেতিয়াবা কেমেৰাৰ লেন্সেৰে নিজৰ মুখখনো চাবা৷ কিয় অকল
আনৰ জীৱনবোৰ খুচৰি থাকা? নালাগে তোমাকো এখন ঘৰ? সঁচা কথা কোৱা, কিয় তাৰ এপাৰ্টমেণ্টত
নিজৰ অস্তিত্বৰ সংঘাত হয়? কিয় তাৰ এক্স-ৱাইফৰ বস্তু এগাল, কাপোৰ-কানি, আচবাব-পত্ৰই
তোমাক বিষাদগ্ৰস্ত কৰে? কিয় আজিও প্ৰেমৰ দিনটোতো
সিহঁতৰ ল’ৰা-ছোৱালীৰ কাষত তাক এৰি আহিবলৈ বাধ্য হ’লা? কিয় তুমিতো ‘independent’ নাৰী
– তোমাক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে?”
মই অসহায়বোধ কৰিলো যেন – পাৰে, পাৰে – মোকো পাৰে নিয়ন্ত্ৰণ
কৰিব – আৱেগে-বিবেকে-সময়ে, এই পুৰুষৰ পোছাক, হেয়াৰ ষ্টাইলৰ আঁৰত মইও নাৰী৷ নাৰীও মানুহ,
তেজ-মঙহৰ৷
প্ৰতিশ্ৰুতিপূৰ্ণ পুৱাৰ কোমল বতাহচাটিত মন-প্ৰাণ জুৰাই,
নিয়ঁৰ গচকি, শেৱালি বুটলি, পুৱা ফিকা চাহ একাপ অকণ অকণকৈ গলাধঃকৰণ কৰি নিজৰ ভাললগা
কাম যেনে, পঢ়ি, গান শুনি, কল্পনা কৰি কটাও বোলা ছোৱালীজনী শাহুৱেকৰ মাতত একেজাপে উঠি গৈছিল – ‘পাপৰি চাহ একাপ বনোৱা’৷
‘ৰ’ব মা গৈছো’৷ অনিচ্ছাসত্ত্বেও বহীখনৰ মাজত এৰি যোৱা কলমটো তাইৰ – মোৰ বিষয়বস্তু
– পংকজৰ সতে বিয়া হৈ অহা মানে ছবিবোৰ নতুনকৈ অঁকাৰ কথা আছিল পাপৰিৰ৷ ছবি মানে – জীৱনৰ
পল-অনুপলবোৰ৷ তাই দুহাতেৰে সজাই তোলা লাইব্ৰেৰীটোত আত্মমগ্ন তাক মাজে মাজে দুই এটা
চুমা আৰু চাহ একোকাপ দি থৈ অহাৰ কথা আছিল৷ সিহঁতৰ সম্পৰ্ক মূল্যবোধৰ ওপৰত আধাৰিত আছিল৷
কথা আছিল সৃষ্টিবোৰ লহপহকৈ ডাঙৰ কৰাৰ৷ কিন্তু বিয়াবোৰে কেনেকৈ একোটা জীৱন নিয়ন্ত্ৰণ
কৰি ৰাখিব পাৰে? হাতত গৰম প্ৰেচাৰ কুকাৰে পোৰা ভকভকাই থকা ঘাঁ টুকুৰাৰ সৈতে লিখিবলৈ
বহোঁতে কথাবোৰে ফুল-কবিতাৰ পৰা আঁতৰি অন্য এক বাস্তৱ প্ৰদৰ্শন কৰিবলৈ গৈ থাকে৷ কিমান
বছৰ একো নিলিখাকৈ পাৰ হৈ গ’ল বাৰু! অভিমানত ওন্দোলা তাইৰ মুখ, “ইমান গাৰ বিষ গাতে সামৰি
কেঁচুৱা ডাঙৰ কৰিছো, বিষে-কোপে জৰ্জৰিত চিজাৰিয়ান হোৱা মানুহজনীক গাটো পিটিকি দি পালানে?
নক’বা মোৰ আগত তোমাৰ অমুক বিষাইছে, তমুক বিষাইছে বুলি৷ – ইমান ভাল পাইছিলোঁ প্ৰকৃতিৰ
স’তে আত্মমগ্ন হৈ – কেৱল তোমাৰ স’তে সদায় আবেলি কোমল ঘাঁহনিডৰা গচকি গৈ থকাৰ কল্পনা
কৰিছিলোঁ৷ কিয় জানো ভাব হৈছিল, কিছুদূৰ যোৱাৰ পাছত ৰান্ধনি বেলিটোৰ ৰঙা-কমলা-হালধীয়া-কজলা
পোহৰৰ মাজতে তুমি এখন হাতেৰে মোৰ হাতখন স্পৰ্শ কৰিবা, তাৰপাছত খামুচি ধৰিবা৷ ময়ো তোমাতে
সমৰ্পিত হৈ দীঘল দলংখন পাৰ হ’ম৷ ক’তা বিয়াৰ ইমান বছৰ পাৰ হোৱাৰ পাছতো এনেদৰে খোজ কঢ়া
নহ’ল৷ যদি তুমি আগত, মই পিছত, সকলোতে চাউল-দাইল-চেনিৰ হিচাপ৷”–সি হাঁহে৷
“নাহাঁহিবা, মই বৰ আত্মসন্মানবোধসম্পন্ন ছোৱালী, অলপ চেণ্টিমেণ্টেল,
কেতিয়াবা অলপতে কান্দি দিওঁ৷ এইযে তুমি মই শকত হৈ যোৱাৰ বাবে লগত যাবলৈ লাজ কৰো বুলি
এনেই কৈ পেলালা৷ তোমাৰ এক্স নন্দিতাৰ শাৰীৰিক সৌন্দৰ্য্যতকে মোৰ বেয়া বুলি আমাৰ একান্ত
নিজৰ সময়খিনিত ক’ব পাৰিলা, ক’ব নোৱাৰাকৈ মোৰ নিজলৈ ঘৃণা জন্মিছিল, পুতৌ উপজিছিল, হয়তো
নন্দিতাক কল্পনা কৰি তুমি মোৰ স’তে অন্তৰংগ হৈছা! কিমান দিন গাৰু তিয়াইছোঁ চকুৰ পানীৰে,
অথচ যাওঁ বুলিও যাব নোৱাৰো তোমাক এৰি৷ তুমিতো বুজিব লাগে PCOD থকা ছোৱালী মই, মুড চুইঙ
হয়৷ তুমিয়ে কোৱা নাছিলানে মোক বিয়া পাতি ‘অধিক মাছত বগলী কণা’ হোৱাৰ দৰে অৱস্থা হ’ল
তোমাৰ৷ তোমাৰ মাৰায়ো সেই একেটা কথাকে কিমানবাৰ যে দোহাৰিছে৷” – সি উপেক্ষা কৰা সময়খিনিত
তাই নিজৰ খোলাটোত সোমাই লয়, তাত নিৰাপত্তা আছে৷
‘‘সুখী তুমি, তুমি কথা ক’ব পাৰা, ঠিকেই শুনেনে সি?’’
‘‘কেতিয়া শুনিব
তুমি কোৱা? সময়? আহৰি?’’
কিন্তু – তথাপি তাইৰ দৰে যদি আপদাৰ কৰাৰ অধিকাৰকণ মোৰো
থাকিলেহেঁতেন? নোৱাৰি, ওচৰত পালেও বহুত বস্তু চুব নোৱাৰি৷
“গল্প এটা লিখাৰ কথা ভাবা, তাত তোমাৰ ক্ষমতা আছে, ‘flow’
আছে ৷ ‘flow’ য’ত থাকে তাতে জীৱন৷”
“মোৰ কথামতে তাই আকৌ এবাৰ কাগজ-কলম উলিয়াই লয় আৰু তাইৰ একান্ত নিজা জগতখনলৈ কোনেও নজনাকৈ সোমাই যায়
– বহুদিনৰ পাছত সেইদিনা ডিব্ৰুগড়লৈ পংকজৰ সৈতে গৈ থাকোঁতে চিনাকি ঠাইবোৰে সিহঁতৰ প্ৰেমৰ
সমৃদ্ধিশালী দিনবোৰ সোঁৱৰাই দিছিল, কি জানো মন গৈছিল তাৰ, দুয়োটাৰে প্ৰিয় গীতবোৰ বাচি
বাচি গাড়ীত বজাইছিল৷ আপোন ভাব এটাই গাড়ীখনৰ বতাহক উমাল কৰি পেলাইছিল৷ এইমুহূৰ্তত,
দেউতাকৰ লগত খেলি থকা কণমাণিজনীৰ কলকলনিয়েও গল্প লিখিবলৈ বুলি বহি থকা পাপৰিৰ মনটোক
বাৰে বাৰে তাইৰ কাষ পোৱাইছেগৈ৷ যেন সাৱটি ৰাখিব সকলো, হেৰালেই হেৰাই যায় ক্ষণ, এই পল!
মই তাইৰ কাণে কাণে ক’লো “কৈ দিয়া যি ভাবিছা – আকৌ নাপাবা এই ক্ষণ” – বিৰবিৰালে তাই,
‘পংকজ আমাৰ কণমাণিজনী ডাঙৰ হৈ আহিছে, কাইলৈ পৰহিলৈ তাই নাচিব, গান গাব, খেলিব৷ আমিও
তাইৰ স’তে একেলগে ডাঙৰ হওঁ আহা – মোৰ পৃথিৱীখন মোক দিয়া, মোকো তোমালোকৰ স’তে পৃথিৱীখন
সমৃদ্ধ কৰাৰ সুযোগকণ দিয়া’৷
কেমেৰাৰ লেন্সেৰে মই দেখিলো অবুজ দুহাল চকুৱে তাইলৈ মাথোঁ
চাই ৰৈছে৷
মোৰ কেমেৰাৰে এটা সুখৰ সপোন –
পাপৰিক তাতে এৰি মই বিভিন্ন এংগলৰ পৰা মালতীক নিৰীক্ষণ
কৰিলো৷ মালতীৰ কপাল আৰু কঁকাল একেই ঘামেৰে তিতা৷ ব্যৱহাৰ কৰা অত্যধিক চাবোন-চাৰ্ফে
খাই পেলোৱা দুখন হাতৰ পূৰঠ ৰেখাংকন৷ চমৎকাৰী ৰূপত মালতীৰ চকুহালৰ উজ্জ্বলতাই মোৰ কেমেৰাৰ
লেন্স পোহৰাই পেলাইছিল ৷ মই সেই উজ্জ্বলতাৰ
ৰহস্য উদ্ঘাটনেই নহয় ধৰি ৰখাতো সফল হৈছিলোঁ৷ মালতীয়ে তিনি ঘৰত কাম কৰিছে, মাহৰ মূৰত
পোৱা পইচাকেইটা দৌৰি গৈ বেংকত জমা কৰি আহিছে – মালতীৰ এটাই সপোন মাটি এটুকুৰা ল’ব আৰু
টিঙৰ চালিৰ বাঁহেৰেই পৰিপাটিকে, সৰুকৈ হ’লেও এটা ঘৰ বনাব৷ কিমান আৰু ভাৰাঘৰত অসংখ্য
সীমাবদ্ধতাৰ মাজত দিনবোৰ পাৰ কৰিব৷ উশাহ ল’বলৈ মৰাৰ আগতে এখন ঘৰ হ’লে তাইৰ সকাহ হ’ব,
আত্মাটোৱে শান্তি পাব৷ মালতীৰ মালগাড়ী চালক গিৰিয়েকটো ঢুকুৱাও কেইবাবছৰো হৈ গ’ল৷ মালতীয়ে
অকলেই ল’ৰা-ছোৱালী দুটাক ডাঙৰ কৰা৷ মানুহজন উত্তৰ প্ৰদেশৰ আছিল, মাটি-বাৰী আছিল যদিও
সেয়া মালতীহঁতৰ ভাগত নপৰিল৷ সেইবোৰ লৈ লোভো নাই মালতীৰ৷ নিজৰ ঠাইত নিজৰ মানুহৰ মাজত
কাম কৰি যি সাহসেৰে জীয়াই থাকিব পাৰি, সেয়া আনবোৰ ঠাইত নোৱাৰি বুলি মালতীৰ ধাৰণাও বদ্ধমূল৷
গতিকে অজস্ৰ দুখতো মালতী সুখী৷ কাম কৰি থাকোঁতে প্ৰায়ে তাই ভাবি থাকে তাইৰ নতুন ঘৰখনৰ
কোনটো কোণত তাই কলগছকেইজোপা ৰুব৷ আগফালে অকণমান তাই ফুল ৰুবৰ বাবে জেগা ৰাখিব, ফুলৰ
মাজে মাজেই পদিনা, মছন্দৰী, ধনিয়া কেইজোপাও থাকিব৷ পাকঘৰৰ পৰা সাউতকৈ ওলাই আহিও তাই
তাৰে আগ দুটামান ছিঙি নি চাটনি অকণকে পিচিব পাৰিব, ভাতসাঁজৰ জুতিৰ বাবে৷ এই একেবোৰ
কথাৰ বীণখন ৰেণুকাৰ আগত বজাই বজাই তাই প্ৰায়ে ঘৰলৈ যায় বা কামলৈ আহে৷ যেন ডেও-পাৰি
যোৱা ফুটুকীয়া অকণমানি এজনীহে! ৰেণুকায়ো পাৰ্ট টাইম কাম কৰে, ভাড়াঘৰতে থাকে গিৰিয়েকৰ
লগত৷ ৰেণুকাই পিছে নেদেখে সেইটো সপোন – ‘‘সপোন দেখিলে কি হ’ব পিছৰ দিনা ভাগি গ’লে৷
তাতকৈ পইচা পালে ধুনীয়াকৈ খাম, শাড়ী কিনিম, ফুৰিম আৰু বেমাৰৰ বাবে অলপ ৰাখিম বচ৷ দুখীয়া
মানুহে বেছি সপোন দেখিব নাপায়৷” তথাপি মালতী সপোনটোৰ বাবেই জীয়াই থাকে যেন – এটা সপোনো
যদি জীৱনী শক্তি হ’ব পাৰে তেনেহ’লে তাতকৈ আৰু কি ভাল হ’ব পাৰে?
কিন্তু আন এদিন ভৰ দুপৰীয়া এটাত মালতীক মই যেতিয়া কেমেৰাৰ
লেন্সত আৱদ্ধ কৰিছিলোঁ সেই পূৰ্বৰ বিজুলীৰ দৰে চমকতো নাছিল৷ একমাত্ৰ ল’ৰাটো মদ খাই
খাই লিভাৰ বেয়া হৈ হস্পিটালত পৰি আছিল – মালতীৰ সাঁচতীয়া গোটেইকেইটা টকা খৰচ হৈছিল৷
ঘৰৰ সপোনটো মালতীৰ বাবে দুঃস্বপ্নহে হৈ পৰিছিল৷ মই মালতীক কৈছিলো, ‘‘চিন্তা নকৰিবা,
সপোন দেখা, ছোৱালীজনীকো কোৱা ভালকৈ পঢ়ক৷ আজিকালি ল’ৰা-ছোৱালী চব সমান৷ তাই চাকৰি কৰিব৷
তোমাৰো ঘৰ এখন হ’ব এদিন৷”
তায়ো মই দেখুওৱা সপোনটোকে ছোৱালীজনীক দেখুৱাইছিল৷ প্ৰথমে
সকলো ঠিকেই আছিল বোলে৷ তাৰপাছত বি এ টো পাছ কৰিয়ে তাই মল এটাত কামত সোমালে, মাকৰো সকাহ
হ’ব বুলি৷ তাৰ পাছতে তাতে কাম কৰা ল’ৰা এটাৰ প্ৰেমত পৰি বিয়া হৈ গ’ল, যাৰ নিজৰেই ঘৰ
নাই৷ মালতীৰ সপোনৰ ৰাস্তা বন্ধ হৈ পৰিল৷ মালতীয়ে দুখ কৰিলে, আকৌ দুঘৰ মানুহ বেছিকৈ
ল’লে৷ সপোন নেদেখিলেওটো জীয়াই থাকিব লাগিব৷ মই মালতীৰ সপোন ভগাৰ দুখৰ মাজতো যি স্ফুলিংগ
দেখিছিলো সেয়া আন কাৰো মাজত বিচাৰি পোৱা নাছিলো – মালতীয়ে সঁচাকৈয়ে সুখী হোৱাৰ অভিনয়
কৰা নাছিল৷
লুপ্তকথা
পাপৰি আৰু মালতীয়ে মোৰ টম বয় চেহেৰাটোৰ আঁৰত লুকাই থকা
নাৰীক দেখি সিয়াঁৰিছিল, “কিহত বেলেগ তুমি!” সাধাৰণ নাৰীৰ সপোনবোৰ অতি সাধাৰণ বুলি ইগন’ৰ
কৰা মই এইবাৰ নিজৰ মুখৰ ফালে কেমেৰাটো টোৱাই ৰাখিলোঁ৷ কিয় মই বিষয়বস্তু নহয় নেকি? ময়ো
এটি অবজেক্ট – মোকো চোৱা যেনেকৈ মন যায়৷ তেনেকুৱাতে মোৰ আলোকে হাতত ধৰি মোক টানি লৈ
যায় – বুকুত শুৱাই – যাক এদিন মই শুৱাইছিলো বুকুত৷ ‘‘তোমাৰ বুকুত ময়ে আছোনে অকল আলোক? ‘নক নক’৷”
“কিনো খান্দান নথকা টম বয় এজনীৰ লগত থাকে ই – ছোৱালী চাবলৈ
দিলেহে আমাক!” – আগৰ দৰে এইমুহূৰ্তত আলোকৰ বায়েক-ভিনিহিয়েক, মাক কাৰো কথা মোৰ কাণত
সোমোৱা নাই যেন৷ বৰ ভাগৰ লাগিছে মোৰ৷
“এই সময় হেৰাই গ’লেই গুচি যাব আলোক আৰু নাহে উভতি”, মই
বিৰবিৰাইছো৷
মেন’পজ হ’বলৈ আগবঢ়া নাৰী এজনীয়ে এয়া তাইৰ সপোনৰ সন্তান
এটিৰ দৰেই প্ৰিয় পুৰুষক (আলোকক) সাৱটি আছে – বলিৰেখাবোৰ এটা লুপ্তকথা সামৰি কেমেৰাত
স্পষ্টকৈ বন্দী হৈ পৰিছে৷ আৰু থমকি ৰৈছে বছৰটোৰে এখন শ্ৰেষ্ঠ ফটোগ্ৰাফ৷
***
ভ্ৰাম্যভাষ: ৬০০৩৮০০৮৭৭
