অন্যযুগ/


মনঃকূপ

  

পল্লৱী মহন্ত

 

পানী এঢোকেৰে গিলি পেলোৱা টেবলেট এটাই কি ৰংহীন পৃথিৱীখন ৰঙীন কৰিব পাৰে! পাৰেনে মচি পেলাব দুখৰ ছবি! ওভতাই দিয়েনে পুৰণি স্মৃতি অথবা হাঁহি!

ফুলেৰে ভৰা বেলকনিটোত থিয় হৈ গীতাৰ্থৰ গাড়ীখন নেদেখা হোৱালৈকে মই চাই ৰওঁ। গীতাৰ্থ নোহোৱা ঘৰখনত স্বস্তিৰ নিশ্বাস এটা এৰি দুৱাৰখন বন্ধ কৰোঁ আৰু বহাকোঠাৰ এচুকৰ প্ৰকাণ্ড চোফাখনত হেলান দি চকু দুটা জপাওঁ। পুৱাৰ দৌৰাদৌৰিখিনি কঁকালৰ টন টননি হৈ উঠে। পুৰুষ-কঠিন হাত এখনৰ স্পৰ্শই মোক বাৰে বাৰে আমনি কৰিবলৈ ধৰে।

প্ৰিয়ম, প্ৰিয়ম। অনুচ্চ কণ্ঠৰে মই প্ৰিয়মক মাতো। প্ৰিয়ম আহে। সঁচাকৈয়ে আহে। আহি চোফাখনতে বহে। মোৰ জধলা চেহেৰাটোলৈ চাই প্ৰিয়মে কৈ উঠে – “ফ্ৰেছ হৈ আহাঁ,মই আছোঁ।

নিশ্চিন্ত হৈ মই বাথৰুমত সোমাওঁ। দুৱাৰখনত হুকডাল নলগোৱাকৈয়ে শ্বাৱাৰৰ তলত থিয় দিওঁ বাথৰূমত দৰ্জা বন্ধ কৰি অকলে গা ধুবলৈ মোৰ বৰ ভয় লাগে। সেই কথা প্ৰিয়মে বুজে। কেৱল প্ৰিয়মে বুজে। অত বছৰে মা-দেউতা, গীতাৰ্থ কোনেও নুবুজিলে মোৰ ভয়। কোনোবাই হাঁহিলে, কোনোবাই ধমকি দিলে, কোনোবাই নাটক নাম দিলে। মোৰ ভয়টো বাঢ়ি গৈ থাকে। আঁঠুৱা নতৰাকৈ শোৱাৰ ভয়, হাই-হিলৰ চেণ্ডেল পিন্ধি খোজ কঢ়াৰ ভয়, চুৰী ব্যৱহাৰ কৰিবলৈ ভয়, চিকেনৰ ডাঙৰ লেগপিছ দুখন হাতত লৈ তৃপ্তিৰে খাই থকা মানুহলৈও মোৰ ভয়। ভয় আৰু ভয়। মূৰৰ পৰা ভৰিলৈকে গোটেই মানুহজনীক ভয়ে আৱৰি ৰাখিছে। য’লৈকে যাওঁ ভয়টো লগতে যায়। ভয়টো ছাঁটো হৈ মোৰ লগতে লাগি ফুৰে

গীতাৰ্থ বিৰক্ত হয়। মোৰ ভয়টোক লৈ তাৰ বিৰক্তিৰ অন্ত নাই। যুক্তিৰো অন্ত নাই। প্ৰথম প্ৰথম ভয় ভাঙিবলৈ কিমান যে চেষ্টা কৰিলে। ইমান সহজ জানো। শৈশৱৰ পৰা বুকুত কঢ়িয়াই ফুৰা ভয়টোনো মোক এৰি যাবগৈ পাৰেনে! নোৱাৰে।

এই চব তোমাৰ ভ্ৰম বুজিছা! আচলতে ভয়টো তোমাৰ লগত লাগি নুফুৰে, তুমিহে ভয়টো এৰিব নিবিচাৰা! যত চব মানসিক বিকাৰ।

গীতাৰ্থই মোক ডাক্তৰ চক্ৰৱৰ্তীৰ চেম্বাৰলৈ লৈ গৈছিল। ওখ পাখ মানুহজনে তেওঁৰ প্ৰকাণ্ড মোচকোছা পকাই আছিল। চশমাৰ ফ্ৰেমৰ ওপৰেদি মোলৈ দুবাৰমান চাইছিল। মোৰ আঁঠু দুটা কঁপিছিল। বুকু-পিঠিত কোনোবাই হেঁচা মাৰি ধৰা যেন লাগিছিল। জিভাখন নুঘূৰা হৈছিল। ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি এই তিনিবেলাৰ বাবে তিনিটাকৈ টেবলেটৰ নাম লিখি চক্ৰৱৰ্তীয়ে আমাক বিদায় দিছিল।

গীতাৰ্থই টেবলেট গিলাৰ সময় এলাৰ্ম লগাইছিল পিছে টেবলেটবোৰে মোৰ ভয়টো নোহোৱা কৰিলেনে? ধপধপনি নোহোৱা বুকু এখন ওভতাই পালোনে? মই পোৱাৰ ভিতৰত পালোঁ মাত্ৰাধিক টোপনি। অতিৰিক্ত মেদ।

গীতাৰ্থ আকৌ বিৰক্ত হয়। সহকৰ্মীৰ সন্তানৰ বাৰ্থডে পাৰ্টি এটালৈ সি মোক ৰেডি হ’বলৈ কৈছিল। মেৰেজ এনিভাৰ্চাৰী বুলি গীতাৰ্থই আনি দিয়া গাউনটো পিন্ধিছিলোঁ

 এইটোৰে যে তোমাক একদম ভাল দেখা নাই খোলাঁগৈ আৰু লুজ কিবা এযোৰ পিন্ধা।

চেলাউৰি থূপাই গীতাৰ্থই কৈ উঠে। এইবাৰ মই আইনাখনৰ সন্মুখত থিয় হওঁগৈ। বিষাদতে নে অভিমানতে জানো মোৰ গাটো থৰ-থৰকৈ কঁপে। কঁকাল আৰু পেটৰ অংশত জমা হোৱা চৰ্বিখিনি টোপোলা হৈ ওলমি আছে। আইনাৰ সিপাৰে সেয়া কোন? ময়েইনে! আইনাৰ সিপাৰে থিয় হৈ থকা মানুহজনীয়ে মোলৈ চায়। ইমান কৰুণ চাৱনি! ক’ত জানো দেখিছিলোঁ এইহাল চকু!

আইনাৰ সিটোপাৰৰ মানুহজনী মেদবোৰ গলি গলি ক্ষীণমীন কিশোৰী এজনী হৈ পৰে। গাৰ শেঁতা বৰণ, জপৰা চুলি, লেং পেং হাত ভৰিৰ গঠনৰ বাবে পেহী-মাহী চুবুৰীয়া-আলহী অতিথিৰ তীক্ষ্ণ চাৱনি, বিদ্ৰুপ, কলিজা মোচৰ খাই যোৱা শব্দ শুনি শুনি নিজৰ মাজত কুচি-মুচি সোমাই পৰা এজনী কিশোৰী। তাইৰ গালৰ শুকাই যোৱা চকুপানীৰ দাগ কোনেও নেদেখে। মোচৰ খোৱা কলিজাৰ ধপধপনি কোনেও নুশুনে। আইনাখনলৈ তাইৰ ভয় লাগে। দাঁতৰ আলু পৰ্যন্ত ওলোৱা বাবে হাঁহিবলৈও তাইৰ ভয় লাগে। নিজৰ লেং-পেং ভৰি দুটাত মোজাজোৰ সুমোৱাবলৈও ভয় লাগে তাইৰ। ভয় আৰু ভয়।

টোপনিতো মানুহবোৰৰ শব্দবোৰে খেদি ফুৰে তাইক। বাস্তৱত তাই পলায়, সপোনত তাই দৌৰে। কেতিয়াবা পথাৰলৈ কেতিয়াবা নদীৰ পাৰলৈ। আৰু মই! মানুহৰ চকুত নপৰাকৈ আঁৰ হৈ নিজৰ মাজতে সোমাই পৰোঁ নিজৰ পৃথিৱীত। মই আৰু মোৰ লগত থাকে ভয়ক৷ ভয়ৰ সতে সহবাস কৰি কৰি মই অভ্যস্ত হৈ পৰিছোঁ। মোৰ এই ভয় কোনেও নুবুজিলে কোনেও নুসুধিলে কেতিয়াৰ পৰা মই ভয়ৰ সতে সহবাস কৰিছো কোনেও জানিবলৈ নিবিচাৰিলে কেতিয়ানো সংগোপনে আহি ভয়টোৱে মোৰ বুকুত বাহ সাজিলে।

মোৰ ভিতৰৰ পৰা নীলা স্কাৰ্ট বগা চাৰ্ট পিন্ধা অকণমানি ছোৱালী এজনী চৰাই হৈ ভুৰুংকৈ উৰা মাৰে চাৰ্টৰ কলাৰৰ ৰং দেখি হে বাইদেৱে বেতডালেৰে বুকুতে সাৰৌপকৈ দুকোব দিয়ে। বুকুৰ বিষ বুকুতে লৈ তাই গোপনে কান্দে এফালে বিছনাত পৰি থকা আইতাক, আনফালে তাইৰ যঁজা ভায়েক দুটা। অবোৰ জঞ্জালৰ মাজত মাকে কিজানি তাইৰ চাৰ্টটো ধুবলৈ পাহৰে। স্কুলৰ পৰা আহিয়েই তাই চাৰ্টটো মাকৰ হাতত দিয়েহি। মাকে চাৰ্ফত তিয়াই থোৱা চাৰ্টটো সেইদিনাও ধুবলৈ পাহৰে। পাছদিনা স্কুললৈ যোৱাৰ সময়তহে চাৰ্টটো বিচৰাত মাকৰ মনত পৰে। দেউতাকে অৱশ্যে তাইৰ ইউনিফৰ্মৰ দুটা চাৰ্ট আনি দিছিল। সিটো কাপোৰৰ মাজত সোমাই আছিল৷ ভালেপৰ বিচাৰি বিচাৰি মাকে উলিয়াই দিয়া সেইটো চাৰ্টৰ জেপৰ অংশতে এটা চেকা। তাই থেৰো-গেৰো কৰে।

 একো নহয় যা এদিনহে বাইদেৱে বুজি পাব।

মাকৰ কথাত আশ্বস্ত হৈ তাই স্কুললৈ গ’ল। মাকে ভবাৰ দৰে বাইদেৱে নুবুজিলে। সাৰৌপ সাৰৌপকৈ বুকুৱে পিঠিয়ে কোবালে। তাইক মিছলীয়া বুলি ক’লে। গোটেই ক্লাছৰ সময়খিনি তাইক বাহিৰত থিয় কৰাই থ’লে। সেইফালেদি পাৰ হৈ যোৱা ছাৰ বাইদেউহঁতে তাইৰ ফালে চাই হাঁহিলে। লৰা-ছোৱালীবোৰে ফিচিঙা ফিচিং কৰিলে। হঠাৎ তাইৰ আন্ধাৰ-আন্ধাৰ লাগিল। পেট পকাই ধৰিলে বুকু-পিঠিত কোনোবাই হেঁচি ধৰা যেন লাগিল চকুৰে ধোঁৱা-কোৱা দেখি তাই ঢলি পৰিল  এৰা, ঠিক তেতিয়াই ভয়টোৱে তাইক কাবু কৰি পেলাইছিল আৰু ভয়টো তাইৰ বুকুলৈ সোমাই বুকুতে নিগাজী হ’ল 

মই জোৰকৈ নীলা স্কাৰ্ট বগা শ্বাৰ্ট পিন্ধা কণমানীজনীক বুকুতে সামৰি থওঁ বহুপৰ তাই মোৰ বুকুতে ধৰফৰ কৰে তাইৰ যন্ত্ৰণা মই বুজো চকু পানীৰ দাগেৰে ভৰা মঙহীন গাল দুখন দেখো তাইৰ কাতৰ কৰুণ চাৱনিটো সহিব নোৱাৰি জোৰকৈ চকু দুটা জপাই থওঁ।

প্ৰিয়মৰ কোলাত মোৰ থৈ দুপৰীয়া পাকঘৰ সামৰি মই নিৰ্ভয়ে টোপনি যাওঁ। মোৰ বেঁকা-বেঁকি চুলিৰ মাজে মাজে প্ৰিয়মৰ আঙুলিবোৰ ঘূৰি ফুৰে  আৱেশত মোৰ টোপনি আহে টোপনিত সপোন সপোনত হালধীয়া কোঁচ দিয়া চোলা পিন্ধা এজনী ছোৱালী।

 সৌৱা চোৱাঁ মৰা সৰ্প। সৰ্প মানে সাপ।

নৈৰ দাঁতিত পৰি থকা মৰা সাপ এডাললৈ আঙুলিয়াই মাৰ্বল গুটিৰ দৰে চকুৰ লৰাটোৱে চিঞৰি উঠে। ভয়তে তাই তাৰ হাতত ধৰে। থেৰেজু খাবলৈ অহা লৰা-ছোৱালীৰ জাকটোৰ পৰা সিহঁত দুটানো কেতিয়া ফালৰি কাটি মৰা নৈখনৰ কাষ পালেহি গমেই নেপালে। তাইৰ দং ভৰিত কিহবাই বিন্ধিছিল। আঃ।

মাৰ্বল গুটিৰ দৰে চকুৰ ল’ৰাটোৱে তাইৰ ভৰিটো আলফুলে চুই চালে। একোবত কোটকোৰা গছৰ কাঁইট এডাল টানি উলিয়াই আনিলে। কাঁইডালৰ লগত সামান্য তেজ নিগৰিছিল। গেন্ধেলী বনৰ পাত দুটা মোহাৰি সি তাই ভৰিৰ তেজবিৰিঙা ঠাইখিনিত লগালে। পৃথিৱীৰ সমস্ত আকুলতাৰে তাই তালৈ চালে। বুকুখন তেনেই শান্ত ভয় নাই; ধপধপনিও নাই।

গীতাৰ্থ অহাৰ আগলৈকে প্ৰিয় মোৰ লগতে থাকে মোৰ সতে চাহ খায়, ভাত খায়, হাঁহে, কথা পাতে কেতিয়াবা নিমাতে বহি থাকে। সন্ধ্যা নমাৰ আগে আগে সি যায়গৈ। মই গোসাঁইঘৰত চাকি জ্বলাওঁ, ধূনা দিওঁ আৰু গীতাৰ্থৰ বাবে লুচি তৰকাৰী কৰোঁ সেইখিনি সময়তে মায়ে ফোন কৰে। ভাত খোৱা শাক খোৱা দুই এটা নিতান্তই ঘৰুৱা কথাৰ শেষত একেই সেই বাক্যবাণ। বুকু বিদাৰি যোৱা একোপাত শেলহে যেন!

 গীতাৰ্থই সিদিনা দেউতাৰাক ফোন কৰিছিল তই বোলে অকলে অকলে কথা পাতি থাক! গীতাৰ্থৰ সৈতে মাত-বোল নকৰ? নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন নলৱ? হয়নে? পাগলামিবোৰ নগ’ল আৰু মানে ! গাহৰিৰ দৰে খাবি আৰু শুবি এনেকৈ হ’লে সংসাৰ থাকিবগৈনে !”

পাগল! গাহৰি!! উফ! মাৰ শব্দবোৰে মোৰ কা, বুকুত খামুচি ধৰে ইমান যন্ত্ৰণা মোৰ কথা গীতাৰ্থই শুনেনে? ক’লোঁৱেই যেনিবা– সি বুজিবনে! কিবা পালেনে দেউতাক সেইবোৰ কৈ! গীতাৰ্থক মই খং কৰিম নে অভিমান কৰিম একো ভাবি নাপাওঁ। চকু পাই হাজাৰ চেষ্টা কৰিলেও সম্পূৰ্ণকৈ গীতাৰ্থৰ মুখখন, চেহেৰাটো মনলৈ আনিব নোৱাৰোঁ। মই তেনে এজন মানুহৰ প্ৰতি কিহৰ খং, কিহৰ অভিমান ! বিস্মৃতি হ’ব নোখোজা ক্লাছ এইটৰ ছোৱালীজনী আহি মোৰ সন্মুখতে বহে। তাইৰ চকুলৈ চাবলৈ মোৰ সাহস নহয়। তাই মোক মনোজ মামাৰ খবৰ সোধে।

প্ৰেছাৰ ষ্ট্ৰ’ক হৈ তেওঁ ঢুকাল। শেষ সময়ত কোনো নাছিল কাষত। পানী টোপাও নাপালে বেচেৰা মানুহজনে।

 বেচেৰা!

ছোৱালীজনীয়ে আচৰিত হৈ মোলৈ চালে আৰু খিলখিলাই হাঁহি উঠিল। মই তলমূৰ কৰি ৰওঁ। কিয়েইবা কওঁ! কাৰোবাৰ মৃত্যুৰ খবৰত এনেকৈ হাঁহেনে! হঁহা উচিত নে!

তুমি পাহৰিলা নেকি? স্কুলৰ পৰা আহি বৰশী বাই থকাৰ পৰা যে মনোজ মামাই মোক মাতি নিছিল, বাথৰূমলৈ টানি নি হুকডাল লগাই দিছিল! পাহৰিলা!!”

মোৰ সন্মুখত বহি থকা ছোৱালীজনী যন্ত্ৰণাত কেঁকাই উঠিল। তাইক কি বুলি সান্ত্বনা দিম! তাইৰ বেঁকা-বেঁকি চুলি কোচাত আঙুলি বুলাই দিলোঁ। উচুপি উচুপি তাইৰ মোৰ কোলাত শুই পৰিল। অকস্মাত কলিং বেলৰ শব্দত আমি দুয়োজনীয়ে চক খালোঁ। কান্দি কান্দি লবেজান হৈ পৰা তাইক মোৰ বুকুতে সামৰি থ’লোঁ।

দুৱাৰ মুখত ভাগৰত অৱসন্ন গীতাৰ্থ। হাতত গধুৰ দুটা বজাৰৰ মোনা। মুখত একেই বিৰক্তি।

আন দিনাৰ দৰে গীতাৰ্থ পাকঘৰত সোমাই মোক ইটো সিটো যোগাৰ দিবলৈ নিৰ্দেশ দিলে। চিকেনৰ লেগ পিচ দুটা নিজৰ বাবে ৰষ্ট কৰিলে আৰু মোৰ বাবে কণী দুটা অমলেট কৰিলে।

ডাইনিং টেবুলত বহি মই গীতাৰ্থৰ ফালে এবাৰো মূৰ তুলি নাচাওঁ বুলি ভাবিও আঁৰ চকুৰে চাই পঠিয়াওঁ। ভোকাতুৰ কুকুৰৰ দৰে সি পৰম তৃপ্তিৰে চিকেনৰ লেগ পিচ এটা আঁজুৰি আছে। মোৰ ওকালি আহিব খোজে। জোৰকৈ দমাই ৰখা ওকালিটো পেটলৈকে ঘূৰি যায়। পেটত গৈ ওকালিটোৱে পাকঘূৰণি খায়। লৰালৰিকৈ মুখখন ধুই চাৰ্ট্ৰেলিন টেবলেট এটা গিলিবলৈ লৈ ৰৈ গ’লোঁ দুপৰীয়া প্ৰিয়মে কোৱা কথাকেইটা মনত পেলাই চালোঁ।

–“দলিয়াই দিয়া টেবলেটবোৰ। কি দৰকাৰ এইসোপা গিলাৰ। তোমাৰ একো হোৱা নাইতো। তুমিতো তাহানি সেই একে শান্ত ছোৱালীজনী হৈয়ে আছা !

মই প্ৰিয়মৰ চকুলৈ চকু তুলি চাইছিলোঁ। একেই সেই চিনাকি বিমুগ্ধ চাৱনি। হাতৰ মুঠিত লৈ থকা টেবলেটটো ডাষ্টবিনত পেলাই পানী গিলাছৰ আধা খাই বাকীখিনি বেচিনৰ কাষত থকা মানি প্লেণ্টজোপাত ঢালিলোঁ। এইবাৰ মই গীতাৰ্থৰ সন্মুখৰ চকীখনত বহি তাৰ ফালে চালোঁ। সি দ্বিতীয়টো লেগ-পি খাবলৈ আৰম্ভ কৰিছে, পৰম তৃপ্তিৰে। মোৰ বুকুৰ ধপধপনি মই নিজেই শুনিলোঁ। ভয়টো উজাই আহিব খুজিছে।

 ভয় লাগিলেই মোৰ কথা ভাবিবা। নিজৰ বুকুত হাত থৈ মোক চুই চাবা।

প্ৰিয়মৰ কথাষাৰ মনত পৰিলত আলফুলকৈ হাতেৰে বুকুখন চুই চালো। কোন কাহানিবাতে শান্তিৰ কোলাত শুই পৰা মাৰ্বল গুটিৰ দৰে চকুৰ ল’ৰাটো আজিও মোৰ বুকুত সোমাই আছে সংগোপনে। চকু নজপোৱাকৈ প্ৰিয়মৰ মুখখন স্পষ্ট হৈ উঠে মোৰ চকুত।


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ