অন্যযুগ/


খোজ - দ্য ষ্টে’প

 মুনমী দত্ত হাজৰিকা

(ক)

 

    সি ৰ’ষ্টেড্ চিকেনটুকুৰা চিলি চচত ডুবাওঁতে ঘৰৰ পিছফালৰ পিটনিখনত ডাউক এটাই গহীন খোজ পেলাইছিল। পাতৰ আঁৰত অপৈণত আমলখিৰে ডাল ভৰি থকা সময়ৰ দুপৰীয়া আছিল সেইটো।

    শইকীয়া দম্পতিয়ে সৰুধনলৈ সাঁচতীয়া ৰাখিবলৈ ডাকঘৰত একাউণ্ট এটা খুলি আহি ঘৰ সোমাইছিলহি। ৰিক্সাৰ পৰা নামি ডেৰশ মিটাৰমান বাট খচকি আহি দুয়োৰে ফোঁপনি ধৰিছিল। পানী এগিলাছ বিচাৰি শইকীয়াই সৰুধনক মাত লগাব খুজিছিলহে, শইকীয়ানীয়ে কেতিয়ানো ভিতৰ সোমাই গৈ পানী গিলাছ শইকীয়াৰ হাতত তুলি দিলেহি ততকে ধৰিব নোৱাৰিলে।

    :  ভিতৰত সৰুধন নাই জানো ?

    : কিয় নাথাকিব? সি তাৰ কোঠাত নিজৰ কামত ব্যস্ত হৈ আছে। তাক আমনিনো কিয় কৰোঁ। অতদিনৰ মূৰত দুদিনৰ বাবে আহিছে। পঢ়া-শুনাও হেনো ভালেখিনি কৰিবলৈ আছে। তাক তাৰ কামত লাগিবলৈ দিয়ক। 

    শইকীয়াৰ চমু প্ৰশ্নটোৰ উত্তৰ ভাঙি-পাতি দি শইকীয়ানীয়ে বাৰান্দাৰ মুঢ়াটোতে বহি ডিঙিলৈ বৈ অহা ঘামখিনি ৰুমালখনেৰে মচিছিল।

    পদুলিত কুৰিয়াৰৰ ডেলিভাৰি বয় এজন ৰৈছিলহি। হেলমেটটো খুলিলে মুখখন দেখিব আৰু তেতিয়া হয়তো চিনি পাব বুলি শইকীয়াই বাৰান্দাৰপৰা ডিঙি মেলি চাই এপলক ৰওঁতে ভিতৰৰ পৰা খৰধৰকৈ সৰুধন ওলাই গৈ মৃন্ময় শইকীয়াৰ নামত অহা পাৰ্ছেলটো চহী কৰি চমজি লৈ লুটিয়াই বগৰাই চাই খৰ খোজেৰে উভতি আহিছিল।

    “দুদিনৰ পাছতে ল’ৰাটো আকৌ নতুন হোষ্টেললৈ যাবগৈ। নতুন ঠাই।নতুন পৰিৱেশ। কিমান যে যাৱতীয় বস্তু দৰকাৰ হ’ব! ফোনটোতে চাই চাই সি তাৰ লাগতিয়ালবোৰ গোটাইছে। ভাল হৈছে বুজিছে। নহ’লেনো আমি তাৰ পছন্দৰ বস্তু ক’ত বিচাৰি ফুৰিলোঁহেতেঁন। নহয়নে?”

    ইমানখিনি কথা শইকীয়ানীয়ে শইকীয়াক উদ্দেশ্যিয়ে ক’লে। শইকীয়াই কিন্তু ইমান এটা দীঘলীয়া উত্তৰ শুনিবলগা হোৱাকৈ একো প্ৰশ্নই সোধা নাছিল। কথাখিনি শইকীয়াকে ক’লেনে নিজৰ বাবেহে যুগুতালে সেয়া শইকীয়ানীয়ে  নিজেও নাজানিলে।

    তেওঁ ৰাতিপুৱা ধুই ৰ’দ পৰি থকা  বাঁহৰ খুটি এটাত ওভোটাই মেলি থৈ যোৱা সৰুধনৰ বগা কাপোৰৰ জোতাযোৰত  ছাঁ পৰি থকা দেখি খুটি সলাবলৈ কোবাকুবিকৈ আগবাঢ়িল।                                

(খ) 

    চতিয়না ফুলা বতৰৰ আবেলি এটা। সৰুধনৰ মাকে বগলী সুতাৰ চাদৰখনৰ আগটোৰে নাকে মুখে ঢাকি আলিৰ সিপাৰত থকা শইকীয়াক ডিঙি মেলি মেলি চাই ৰিঙিয়ালে -

-                : বোলোঁ শুনিছেনে, উঠি আহি হাত ভৰি ধোৱক। পিঠাগুৰি এজেবা যতনাই থৈছোঁ। চাহটোপাৰ সৈতে খাই লওকহি।

        :  গৈছো সৰুধনৰ মাক।

    নহৰুতলিৰ পৰা শইকীয়াৰ মাত। “বেলি লহিয়ালেই দেখোন। আজিও নহৰুতলি নোলালগৈ।” লাহে লাহে আলিলৈ উঠি অহা শইকীয়াৰ মুখত অসন্তুষ্টি ফটফটীয়া।

:   হ’ব দিয়ক। লাহে লাহে যি পাৰে কৰি থাকিব।

: এই ভেকচিনটো লোৱাৰ পৰা গাটোত দেখোন আগৰ জোৰ নথকা যেন লগা হ’ল। দুৰ্বল দুৰ্বল কিবাখন লগা হ’ল। -  ডিঙিলৈকে অহা কপালৰ কাষৰ ঘামবোৰ মচি  শইকীয়াই কৈ আহিল।

: নহয়নো কি। সেইদিনা আউনীআটী সত্ৰৰ পালনামলৈ যাবলৈ আপোনাক লগ ধৰিবলৈ অহা নোমল ককাইটিৰ মুখতো এইষাৰেই শুনিছিলোঁ। কি বোলে হাত-ভৰিত জোৰ নাই, সা-সিকতিও কমিল।

:  যোৱাবেলিৰ খেতিয়ে মণিপূৰীহালৰ যোৰা মৰিছিল।এইবাৰ একো নহ’ব বুইছ।

নঙলামুখৰ চৰকাৰী পানীটেপটোতে হাত-ভৰি ধুই শইকীয়াই কৈ থাকিল। 

: ইমান চিন্তা নকৰিব। চব আঁটিব। মহামাৰীয়ে ঠোকোছা দিন কাল। পেটে-ভাতে খাই-বৈ চলি থাকিলেই হ’ল। ভগৱন্তই কেউটিৰে গাটো ভালে ৰাখিলেই হ’ল ।

: তথাপি সৰুধনটোলৈ বৰ চিন্তা লাগে অ। তাৰ কিতাপবোৰৰ যিমানহে দাম। বাৰু দে। জলপান খাই লওঁ। তাৰ পাছত তালৈ ফোন এটা লগাবিচোন।”

:  হ’ব,  আহক।                                              

(গ)

ক’ৰ্টফিল্ডৰ বাণিজ্য মেলা। ৰঙা নীলা লাইটবোৰ সন্ধ্যাতৰা হৈ পৰিছে। সৰুধনে ভোট জলকীয়াৰ আছাৰ কিনিছে। কাজৰীয়ে মাকৰ পৰা অহা ফোনকলটো অনিচ্ছা সত্তেও ৰিচিভ কৰি নাইনটি নাইন ষ্ট’ৰখনত থকা শ্ব’পিছকেইটা লিৰিকি বিদাৰি চাই ফুৰিছে। মাজে মাজে মাকৰ প্ৰশ্নৰ চুটি উত্তৰ-

:  ওঁ, ৰুমতে আছোঁ।

:  টাইমত খাম।

:  চব ঠিক-ঠাক।”

:  টেন থাউজেণ্ড পঠাবা।

ওচৰত সৰুধনৰ  চেঁপা মাত-   কি লৈ দিওঁ কোৱা?

       কাজৰীৰ উথপথপ লাগে।

:  বৰ ভাগৰ লাগিছে। শোওঁ অলপ। - মাকক বিদায় দি তাই সৰুধনৰ লগত ব্যস্ত হয়।

জাংক জুৱেলাৰী তিনিপিচ পছণ্ড কৰি কাজৰীয়ে সৰুধনক ফিচিককৈ ক’লে-

:  থেংক ইউ, মৃন্ময়।

:  ৱেলকাম, মাই লাভ। মই ৰিটাৰ্ন গিফ্ট পামতো?

সৰুধনৰ দুষ্ট চকুযুৰিলৈ নোচোৱাকৈ তাই হাঁহি হাঁহি মূৰ দুপিয়ালে।

      চিলি চিকেনৰ পেকেট আৰু হাৰ্ড ডিংকছৰ কে’ন দুটা বাইকৰ হেণ্ডেলত ওলমাই সৰুধনে ষ্টাৰ্ট দিলে। কাজৰীৰ দেহৰ মৃদু ভৰে তাক যেন উতনুৱা কৰিব। আজি খুব মজা লাগিব!

ৰাজপথৰ মিছিল পিছ পেলাই বতাহত উৰিব ধৰোঁতে কাজৰীয়ে ভাবি গৈ থাকিল মাকে ইতিমধ্যে গুগল-পে’ কৰি থোৱা টকাকেইটাৰে ওচৰৰে কৰবালৈ দিনতীয়া ট্যুৰ এটা ল’লে কেনে হয়! প’ষ্ট ক’ভিডত এনেদৰে লিভ ইন টুগেদাৰ নকৰাহ’লে ক’ত এনেদৰে কটাব পাৰিলেহেতেঁন তাই। মৃন্ময়লৈ এসোপা মৰমে তাইৰ বুকুখন ভিৰ কৰে। 

(ঘ) 


    :  সৰুধনৰ মাক, এনেদৰে জুপুকা লাগিলি যে, কি হ’ল?

     চকুৰ সেমেকা কোণটো শইকীয়াই নেদেখাকৈ আঠুত মোহাৰি শইকীয়ানী জুহালৰ কাষৰ পৰা উঠি আহি বিচনাখনৰ পথানতে বহিলহি। শইকীয়াৰ সোঁহাতখনৰ ভৰটো কান্ধত অনুভৱ কৰি শইকীয়ানীৰ উচুপনি বাঢ়িল।

-           : ইমানকৈ ফোনটো লগালোঁ, সৰুধনে ফোনটো এবাৰো নধৰিলে। কি বা হৈছে ল’ৰাটোৰ! কিবা এটা খালে বা নাই?

      :  হেৰৌ, সেইটো কথাতেনো তই মন মাৰিব লাগেনে? সি ডেকা ল’ৰা, টাউনত থাকে। অনেক লেঠা থাকে। তই হ’বলা ভাতকেইটাত সেইবাবে পানী ঢালি থৈ আহিলি। ইমান দীঘল নিশাটো পেটৰ পোৰণিত তত পাবিনে?

             :  সি খাইছে বা নাই… মই জানো, সি নাইখোৱা। খং উঠিলে সি দুদিনলৈ ভাত নাখায়। আমিও সি বিচৰা সময়ত টকাকেইটা পঠাব নোৱাৰোঁ। প্ৰতিবাৰেই দুই-তিনিদিন দেৰি হয়েই। তাতো দুশ-চাৰিশ টকা প্ৰতিবাৰেই কম হয়।

       : এতিয়া এইবোৰ চিন্তা এৰচোন। সি খাব। কাইলৈ যেনেতেনে কিবা এটা কৰি টকা পঠাম। এতিয়া মই মূৰটো মোহাৰি দিওঁ। তই  টোপনি যা। নহ’লে সাৰ পাই থাকিলে ভোকে মাত লগাব।

শইকীয়াৰ মুখলৈ চাই সৰুধনৰ মাক ৰৈ থাকে।

 : হেৰৌ আজলীজনী। তই-মই জানো সেই দিন কাল দেখি অহা নাই। সেই বয়সত কোনোবা ভোকত থাকিব পাৰেনে?

শইকীয়াই শইকীয়ানীৰ গাৰুৰ তলৰ পৰা ফোনটো টেবুললৈ আঁতৰাই থ’ব খোজে। সুমিত্ৰা শইকীয়াই থাপ মাৰি শইকীয়াৰ হাতখন ধৰি বাধা দিয়ে।

                     

(ঙ)

 

কেণ্ডেল লাইটৰ পোহৰত জিলিকি থকা কাজৰীৰ মুখমণ্ডলত বিৰক্তি স্পষ্ট। তাই নীৰব যদিও তাই পিন্ধি থকা লিমিটেড এডিচনৰ ঘড়ীটো যেন সৰুধনৰ সমুখত সৰৱ হৈ উঠিব। দূৰৈৰ নিশাৰ পাহাৰটোত দৃষ্টি দি সৰুধন খিৰিকিৰ মুখত। একেটা লাইটৰ একেখিনি পোহৰৰ তলতে সিহঁত থাকিব লাগিছিল। মানে থাকিছিল। কিন্তু দিনকদিনে সৰুধনে হিচাপবোৰ মিলাব নোৱৰা হৈ আহিছে। তাৰ হিচাপত প্ৰতিবাৰেই খেলি মেলি কৰি দিছে মাক-দেউতাকে। খঙত তাৰ চকু-মুখ ৰঙা পৰে। কিন্তু সেই ৰঙা সি কাজৰীক দেখুৱাব নোখোজে। দেখুৱাব খোজে নিশাৰ পাহাৰটোক। ৰাতিবোৰক।

    কেতিয়াবা কাজৰী টোপনি যোৱাৰ পিছত সি ৰাতিবোৰৰ সৈতে কথা পাতে। কথাবোৰ কেৱল শুনি, কোনো  সমিধান নিদিয়াকৈ ৰাতিবোৰ নিৰৰ্থক হৈ আতৰি যাব খোজে। সি হতাশ হৈ পৰে। পুৱতি নিশালৈ সি হোৱাটছ এপত ষ্টেটাছ আপডেট দিয়ে- নব্য আধুনিকতা গৰকিব খোজা এখন চাব-আৰবান অঞ্চলৰ পেৰিফেৰিত চলি থকা খুবেই কঠিন।

    চিলমিল টোপনিৰ পৰা সৰুধন খপজপকৈ সাৰ পায়। কাজৰীয়ে তাক জগায়।

     : টেক ইট ইজি, মাই লাভ৷- কাজৰীৰ কথাত সৰুধনে থতমত খায়। তাৰ মানে তাই ষ্টেটাছ চাইছে! তাইৰ প্ৰত্যয়ভৰা চকুহাল সি থৰ হৈ চাব খোজোতে তাই পুনৰ কৈ উঠে-

    : কথাবোৰ সহজভাৱে লোৱাঁচোন। দেখিবা অলেখ বাট ওলাব। জীৱন একেটাই। সেইটোকে আমি উপভোগ কৰিম। প্ৰতিটো পল উপভোগ কৰিম।

কাজৰীৰ আত্মবিশ্বাসত সৰুধন উৎসাহী হৈ উঠে। সিহঁত দুয়োৰে একান্ত নিজা ৰাতিবোৰক মূলধন কৰিব পৰাকৈ সাহসী হৈ উঠে। জীৱনৰ সংজ্ঞা সলনি কৰিবপৰাকৈ  দুৰ্দান্ত সাহসী।

 

                                  (চ)

        দুমাহমানৰ পূৰ্বে দিনতীয়াকৈ শইকীয়া সৰুধনৰ ওচৰলৈ গৈছিল। মাকে দিয়া সিজোৱা শিলিখা, নিমখত দিয়া গোলনেমু আৰু গাঁৱৰ বাৰ্ষিক নামৰ পকামিঠৈৰ টোপোলাটো সৰুধনে কলেজৰ সন্মুখতে লৈ হোটেল এখনত দেউতাকক পৰঠা খাবলৈ দিছিল। সিও লৈছিল গ্ৰীন-টি একাপ। খোৱাৰ পাছত দেউতাকে পইছা দিব লওতে সৰুধনে বাধা দি কৈছিল –

 :  আপুনি দিব নালাগে, দেতা। মই কলেজৰ পিছত ৰুমতে গ্ৰুপ টিউছন কৰিবলৈ লৈছোঁ। ল’ৰা ছোৱালী ভালেকেইটা আহে। ইয়াত টিউছন ফীজ বহুত বহুত দিয়ে। মই আগতকৈয়ো ভালকৈ চলিব পাৰিছোঁ। পঢ়াৰ সময় লোকচান নহয়। মোৰ কনচেপ্তবোৰহে বঢ়িয়াকৈ ক্লিয়াৰ হয়।

মাক-দেউতাকক চিন্তা কৰিবলৈ বাৰে বাৰে হাক দি সৰুধনে শইকীয়াক কলেজৰ সন্মুখৰ ষ্টপেজটোতে বাছত উঠাই দিছিল। আগৰ দৰে তালৈ টকা পঠাবলৈ লৰালৰি নকৰিবলৈও দঢ়াই দঢ়াই কৈছিল।

শইকীয়াৰ মুখেৰে শুনা অতবোৰ কথা শইকীয়ানীয়ে চুবুৰীয়াৰ ঢেঁকীশালত বহি পাতোঁতে কেইবাখনো তামোল খোৱা পৰ হৈছিল।

 : ল’ৰা এনেকুৱাহে হ’ব লাগে। আপুনি কিমান যে ভাগ্যৰ বলত এনে চিন্তাশীল ল’ৰা এটাৰ মাক হৈছে।

        গৃহস্থৰ আশানুৰূপ সঁহাৰিত শইকীয়ানীৰ মুখে সুমথিৰা বৰণ ধৰিছিল।

 

                                  (ছ)

        কলৰ পাৰত ঢোৰাকাউৰী কেইজনীয়ে ৰমলিয়াই থকা শুনিও খেদা এটা মাৰিবলৈও এৰি শইকীয়ানী বহাতে বহি আছে। খাকী পোছাক পিন্ধা কেইজনে শইকীয়াক কিবা সোধ-পোছ কৰি আছে। সোধাবোৰত বুজাতকৈ নুবুজা অধিক। সেয়ে শইকীয়া উত্তৰ দিব নোৱাৰি আহুকালত পৰিছে। এসময়ত তেখেতসকলে বিৰক্ত হৈ কেমেৰা লৈ থকাকেইজনকো ওচৰলৈ মাতি কিবা এটা ভিডিঅ’ দেখুৱাই বুজাইছে। ভিডিঅ’ত মুখ ঢাকি থোৱা ছোৱালী এজনীৰ সৈতে সৰুধনৰ মুখখন ফটফটীয়াকৈ ওলাইছে। চুবুৰীৰ দুই এজনো নিজৰ নিজৰ মোবাইল ফোনবোৰ চাই চাই শইকীয়াৰ চোতাল পাইছেহি। নিজৰ মাজতে ফুচফুচাইছে-

       : প্ৰতিদিনে এটাকৈ ভিডিঅ’ আপল’ড দিয়ে। কি যে কাৰবাৰ সিহঁতৰ। দেখুৱাবলৈ একো বাকী নাথাকে। অকল সিহঁত দুটাই নহয়, লগত আৰু আছে। এটা বিয়াগোম নেক্সাছ বোধহয়! বহুদিনীয়া খেল। লাখৰ ঘৰত খেলি আছিল সিহঁতে। ই সৰুধন, ল’ৰাটো পঢ়াত বৰ চোকা বাবে কথাবোৰ সহজে চকুত পৰা নাছিল। ফুকলীয়াতে তাৰ গুণ্ডামি দেখিলা। পৰ্নছাইট চলাব পৰা হ’ল। তাৰ যি ফাঁকি। বেটাই হেনো টিউচন কৰি পঢ়ে। ধুৰন্ধৰ চালা!”

         তপত খোলাৰ আখৈৰ দৰে উফৰি আহিছে কথাবোৰ।

 কথাবোৰ বিয়পিছে। চোতালত। বতাহত। শইকীয়া দম্পতিয়ে থৰক বৰককৈ খোজ লৈছে। নাই, আগ বাঢ়িবই নোৱাৰি। কথাৰ বতাহে বগৰাই দিছে সৰুধনে আগতে পৰীক্ষাৰ ফলাফলেৰে গঢ়া ভেটি। সকলোৱে সকলো পাহৰি গ’ল। আনকি মাক-দেউতাকেও। এতিয়া সন্মুখত কেৱল ওখোৰা-মোখোৰা মাটি। তাত শইকীয়া দম্পত্তিৰ থৰক বৰক খোজ।

 

       

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ