অন্যযুগ/


এটা অৰ্ধমৃত তৰাৰ কাহিনী

 জ্ঞানশ্ৰী শইকীয়া

 

     আই চি ইউ ৰ সন্মুখত লিখি থোৱা নিদেৰ্শনা অনুসৰি ম‌ই এপ্ৰ’ন এটা গাত সোমোৱাই ল’লো৷ পিন্ধি থকা চেণ্ডেলযোৰৰ সলনি ৰেকত সজাই থোৱা এযোৰ পিন্ধি ভিতৰলৈ সোমাই গ’লো৷ একেই পোছাক পিন্ধা শাৰী শাৰী ৰোগীৰ বে’ডবোৰৰ মাজত মানুক বিচাৰি উলিয়াবলৈ লগা হোৱা কথাটোৱে তাইক দেখাৰ আগতেই মোক কঁপাই তুলিলে৷ মানুৰ অৰ্ধনিমীলিত দৃষ্টি তেতিয়া চিলিঙৰ ওপৰত নিৱদ্ধ আছিল৷ অজস্ৰ লিড ৱায়াৰ, নাকত নেজেল পাইপ, কেনুলা, কেথেট’ৰ লৈ মানু নিঃসাৰে পৰি আছে৷ চকুহাল উপচি উঠিল মোৰ৷ মচি লৈ দেখিলোঁ তাইৰ চকুৰ কোণত এটোপাল পানী জমা হৈছে৷ ভাৱলেশহীন চাৱনিটোক বেছি পৰ চাই থাকিব নোৱাৰি৷ ম‌ই চকুহাল তাইৰ পৰা ঘুৰাই আনিলো৷ সৰি থকা চেলাইনৰ টোপ টোপ পানী, ৰি ৰিকৈ মৃদু শব্দৰে বাজি থকা মণিটৰটোত উঠা নমা কৰি থকা সেউজীয়া গ্ৰাফকেইডালত যেন ওলমি আছে জীৱনৰ শেষ সত্য৷ কোঠাটোৰ শীতল বাতাবৰণ বুকুৰ ভিতৰলৈ কঁপাই তুলিব পৰাকৈ অসহনীয় কৰুণ৷ মানুৰ কপালত পৰি থকা চুলিকেইডাল লাহেকৈ আঁতৰাই দিলোঁ৷

 হঠাৎ কঁপনি এটাই মোক চুই গ’ল৷ ভূমিকম্প অহাৰ দৰে বিচনাখন থকথকাই কঁপি উঠিল৷ মৃগী ৰোগীৰ দৰে মানুৰ ভৰিৰ পৰা মূৰলৈ থৰথৰকৈ কঁপনি উঠিল৷ বান্ধি থোৱা ভৰি দুখনে বিদ্ৰোহ কৰি উঠিল৷

 চেইজাৰ… চেইজাৰ….

 মোক ঠেলা মাৰি এগৰাকী নাৰ্ছ দৌৰি আগবাঢ়ি আহিল৷

তৰ্কিব পৰা আগতেই মোক ৱাৰ্ডবয়জনে বাহিৰলৈ টানি উলিয়াই আনিলে৷ 

 তলংভটংকৈ নিজক কোনোমতে সামৰি আই চি ইউৰ সন্মুখৰ এটেন্‌ডেণ্ট বহা ষ্টীলৰ বেঞ্চখনত বহি পৰিলোঁ৷ মোৰ চিন্তাশক্তি লোপ পোৱাৰ উপক্ৰম হ’ল৷ আজিৰ দিনটোত মানুৰ কেইবাবাৰো চেইজাৰ আহিছে৷ মূৰটো হেঁচা মাৰি দুই আঁঠুৰ মাজত মুখখন গুজা মাৰি নিশ্চল হৈ ৰ’লো৷ চৌপাশৰ আৱহাৱাত ওপঙি নিশব্দ সুৰুঙাৰে খহি পৰিল সমস্ত কোলাহল৷ ধূ ধূ নীৰৱতাই মোক ঠেকেচি নি দূৰৈৰ কোনো এক সান্ধ্যবেলাৰ আলো ছায়াৰ মাজত দলিয়াই দিলে৷ ৰিণি ৰিণি ভাঁহি আহিছে ধূপ-ধূনা সংমিশ্ৰিত কাকুতি ঘোষাৰ সুৰ…..

 

কিমতে ভকতি কৰিবো তোমাত হৰি এ….

 

: উফ্ ইম্মান ধোঁৱাকোঁৱা কৰি পেলাইছা ৰূমটো৷ উশাহ ল’ব নোৱাৰা কৰি পেলাইছা একদম৷ খং বিৰক্তিত ম‌ই জোখতকৈ অধিক জোৰেৰে দুৱাৰখন ধামকৈ জপাই দিছিলোঁ৷

ধূনাৰ বাটিটো লৈ মানু ওলাই গৈছিল পদূলিলৈ৷ ভীষণ বিৰক্ত হৈছিলোঁ ম‌ই এনেবোৰ কাৰ্যত৷

দামী মদৰ গোন্ধত আকণ্ঠ ডুব গৈ থকা মোৰ নাসিকাগ্ৰন্থিত ধূপ-ধূনাৰ গোন্ধ আখজা লগাটো অস্বাভাৱিক নাছিল৷ বিলাসী বাৰৰ ধূমায়িত আছুতীয়া কেবিনত মোৰ কেতিয়াও উশাহ বন্ধ হোৱা মনত নাই৷

মানু, মোৰ পত্নী এগৰাকী শিক্ষয়িত্ৰী৷ তাই আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য৷ তাই কিহৰ অভাৱত চাকৰিটো কৰি আছে কাহানিও তাইক সোধাৰ প্ৰয়োজনবোধ কৰা নাছিলোঁ৷ ভীষণ বিৰক্ত হৈছিলোঁ৷ মোৰ হাই প্ৰফাইল বন্ধুবোৰৰ আগত তাই যে এটা চাকৰি কৰে ম‌ই কেতিয়াও উল্লেখ কৰি পোৱা নাছিলোঁ৷ 

আৰু এতিয়া? এতিয়া ম‌ই দিনে নিশাই খাটিছো ভগৱানক৷ মানু সুস্থ হ’ব লাগে৷ মানু জীয়াই থাকিব‌ই লাগিব৷ মানুক সুস্থ কৰিবলৈ মোক লাগে এটা বৃহৎ অংকৰ ধনৰ ৰাশি৷ মানুৰ ব্যক্তিগত বেংকৰ একাউণ্টত জমা ৰখা গোটেইখিনি ইতিমধ্যে খৰচ হৈ গৈছে৷ 

    কি কৰোঁ ম‌ই এতিয়া? কেনিও প‌ইচা অহাৰ বাট নাই৷ আনকি কাৰোবাৰ পৰা ধাৰ ল’বলৈও মোৰ প্ৰায়সংখ্যক চিনাকিৰ পৰা ইতিমধ্যে প‌ইচা আনি থোৱা আছে৷ আশ্ৰাফুলক কৈ চাব পাৰি নেকি এবাৰ? মনতে হিচাপ কৰিলোঁ যোৱা চাৰি মাহে ম‌ই আশ্ৰাফুলক এটকাও সুতৰ প‌ইচা দিয়া নাই৷ আজি দিম কালি দিম কৰি থাকি ম‌ই আচলতে যোৱা চাৰি মাহে জীৱনক লৈ মোৰেই হিচাপ-নিকাচ কৰি আছিলোঁ৷ কিন্তু মোৰ কেলকুলেশ্বনত শুদ্ধ উত্তৰ অহাৰ আগতেই মানুৰ ঘটনাটো ঘটি গ’ল৷ 

 

ঘৰ্ ঘৰকৈ ট্ৰলী এখন পাৰ হৈ গৈছে৷ কপালৰ কুমটো টিঙটিঙাই উঠিল৷ যি কয় ক’ব আশ্ৰাফুলে৷ ফোনটো কাণত লগাই ৰৈ আছোঁ৷ ৰিচিভ কৰা নাই৷ অধৈৰ্যৰে আই চি ইউৰ দুৱাৰখনলৈকে বাৰে বাৰে চালোঁ৷ ফাৰ্মাছিত এতিয়ালৈকে বহুখিনি টকা বাকী হৈছে৷

ফোনটো বাজি উঠিল৷ আশ্ৰাফুলে কৰিছে৷ শংকা আৰু দোধোৰ মোধোৰ ভাৱ এটাই হেচি ধৰা যেন লাগিলেও ম‌ই ফোনটো ৰিচিভ কৰিলোঁ৷

— ‘হেল্ল’, কি হে বৰা চাহাব, খবৰ-খাতি নকৰাই হ’ল যে?’ 

আশ্ৰাফুলৰ প্ৰশ্নক এৰাই ম‌ই মানুৰ ঘটনাটো ক’লো৷ 

– ‘প‌ইচা অলপ দিয়া আশ্ৰাফুল৷ সোনকালেই আগৰ দিবলৈ থকাখিনিও ঘুৰাম৷’

সিপাৰে আশ্ৰাফুল যেন কিবা অংকত ব্যস্ত৷ মাতবোল নুশুনি চিঞৰি উঠিলোঁ৷ পানীত পৰি খেৰ কুটা এডাল ধৰাৰ দৰে আতুৰত মোৰ মাতটোত কঁপনি উঠিছে— হেল্ল’ হেল্ল’ আশ্ৰাফুল, শুনি আছা নে? 

-      ‘ অ’ শুনি আছোঁ৷ আপুনিতো মোৰ লগত বেইমানি কৰিলে৷ হোটলটো বাদ দিছোঁ, ৰিজৰ্টটো আপুনি মোক দিব লাগিছিল৷ মনে মনে কামবোৰ কৰিলে৷’

-      ‘সেইবোৰ কথা বাদ দিয়া আশ্ৰাফুল৷ এতিয়া মোক বচোৱা৷’

-     ‘ঠিক আছে৷ এটা কাম নকৰে কিয়? একবাৰ টিকট লগাই চাওকনা৷ ম‌ই লগাই দিম টিকটৰ প‌ইচা৷ হেল্ল’, হেল্ল’, শুনিলে ম‌ই কি কৈছোঁ?’

 সংযোগ বিচ্ছিন্ন হৈ গৈছে৷ বিচ্ছিন্ন হৈ গৈছো বাস্তৱৰ পৰা৷ এজাক ঘূৰ্ণী বতাহ বলিছে৷ বতাহজাকত মোৰ ঘৰখন, মানু, আমাৰ ল’ৰা সোণমানু, হোটেলখন, ৰিজৰ্টখন ঘুৰি ঘুৰি ওপৰলৈ উৰি গৈছে৷ ম‌ই দৌৰিছোঁ৷ দৌৰি দৌৰি পলাইছোঁ৷ কিন্তু যাওঁ ক’লৈ? এক ধোৱাময় বিশাল শূন্যতাক সাৱটি এটা ভস্মৰ স্তুপত ম‌ই লেটি লৈ বহি আছোঁ৷ স্মৃতিৰ এখিলা কেঁচাপাতত ফটিকৰ দৰে জিলিকি থকা দিন এটাই মোক ভেঙুচালি কৰি উঠিল৷

-     তোমাৰ কথা এটা গম পাইছোঁ, হয় নে?

-     কি কথা? ক’লেহে গম পাম কি ক’ত শুনিলা? কোঠাৰ বেৰত ওলমি থকা বৃহৎ স্ক্ৰীণৰ টিভিটোত চকু ৰাখিয়েই মানুৰ প্ৰশ্নটোত ভেকাহি মাৰি উঠিছিলোঁ৷

-     তুমি বোলে কিবা খেল খেলিব লৈছা৷ কি কাম কৰিছা এইবোৰ, ভাবি চাইছা?

  তীব্ৰ উত্তেজনাৰে টিভিৰ ভলিউম বঢ়াই দিছিলোঁ৷ সেউজীয়া পথাৰখনত দৌৰি থকা বেটচমেনজনে ল’ব খোজা ৰাণটোত চৰম উৎকণ্ঠাত মোৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল৷ মানুৰ প্ৰশ্ন এনে এটা সময়ত মোৰ বাবে অবান্তৰ৷ দৰ্শকৰ হৰ্ষোল্লাসৰ মাজেৰে খেলখন তুংগত উঠিছিল৷   

-     কেনেবাকৈ তুমি ধৰা পৰিলে মানুহে আমাক কি ক’ব ভাবি চাইছা নে? মানুৰ প্ৰশ্ন শেষ হোৱা নাছিল৷’

   এটা প্ৰস্তৰ মুৰ্তি হৈ মানু থিয় হৈ আছিল মোৰ সন্মুখত৷ ঠিক সেইসময়তে ফিল্ডাৰ এজনে মাৰি পঠিওৱা বলটোৱে তীব্ৰ বেগত আহি উফৰাই দিছিল ষ্টাম্প৷ টিভি স্ক্ৰীণত ৰি প্লে দেখুৱাই আছিল৷ বেটছমেন জনে হাতৰ গ্লভ’ছ খুলি পেভিলিয়নলৈ গতি কৰিছিল৷ বিজয়ৰ উল্লাসত ফাটি পৰিছিল সকলো৷ এটা তীব্ৰ বেগী বলে উফৰাই দিয়া এডাল ষ্টাম্পে টিলিকতে খহাই পেলাব পাৰে কাৰোবাৰ আকাংক্ষাৰ সুদৌল সৌধ৷ 

-     এই অসৎ কামবোৰৰ পৰা আতৰি আহা৷ সোণমানুৰ ভৱিষ্যতটোৰ কথাও ভাবিব নালাগে জানো তুমি?’

-     ‘তোমাৰ কি প্ৰব্লেম হৈছে হা? অট্টালিকা হেন ঘৰত থাকিবলৈ পাইছা, দামী গাড়ীত ঘুৰি ফুৰিছা আৰু লেকচাৰ দিব আহা তুমি মোক৷ আঁতৰি যোৱা তুমি৷ ম‌ই তোমাক ধৰি ৰখা নাই৷ তোমাৰ আদৰ্শ তোমাৰ লগত ৰাখা, মানু৷ মোক শিকাব নাহিবা৷’

মানুক কথা বঢ়াবলৈ সুযোগ নিদি ম‌ই দমদমাই উঠিছিলোঁ৷ মোৰ তাচ্ছিল্যৰ জিভাখনে সুযোগৰ সদব্যৱহাৰ কৰিছিল৷ 

সেই সময়তে বাজি উঠিছিল ফোনটো৷ সিপাৰে ৰৈ আছিল মোৰ ভাগ্য নিয়ন্তা৷‌

 উশাহ নসলোৱাকৈ আশ্ৰাফুলে কোৱা কথাখিনিত ম‌ই জঠৰ হৈ পৰিছিলোঁ৷ গুমগুমাই উঠা কাণৰ কাষত যেন উদ্গীৰিত জ্বালামুখীৰ তপত লাভা৷ ক’ৰবাত যেন ঝমঝমাই খহি পৰিছে কাচৰ খিৰিকী৷

লেলিহান একুৰা জুইৰ শিখাই মোক ঠাইতে সামৰি পেলাইছিল৷ 

 অৱশেষত এক প্ৰচণ্ড খঙত ম‌ই ফাটি পৰিছিলোঁ৷ টান হৈ অহা হাতৰ মুঠিৰ আঘাতত তৎক্ষণাত বিচূৰ্ণ হৈ পৰিছিল সন্মুখত থকা চেণ্টাৰ টেবুলৰ আইনা৷ হতচকিত মানুৰ মুখলৈ নোচোৱাকৈ ধুমুহাৰ গতিৰে ঘৰৰ বাহিৰ ওলাইছিলোঁ৷

উদ্দেশ্য আশ্ৰাফুলক লগ কৰা৷ 

 চহৰৰ মাজমজিয়াত মোৰ দুখনকৈ বিলাসী হোটেল আৰু নৈসৰ্গিক শোভাৰে মন হৰিব পৰা চহৰৰ হট্টগোলৰ পৰা দূৰৈত পাহাৰৰ দাঁতিত এখনি মনোমোহা ৰিজৰ্ট৷ মোৰ ব্যৱসায়িক পাৰদৰ্শিতাই মোক দোপতদোপে উন্নতিৰ শিখৰলৈ টানি নিছিল৷ সেই শিখৰত চূড়াত বহি আজুৰিছিলোঁ কেৱল টকা৷

 

 টকা

    টকা নহ’লে ষ্টেটাছ মেইনটেইন নহয়৷ ষ্টেটাছ মেইনটেইন নহ’লে বেৱচাই খতম৷ ব্যৱসায়িক জগতখনত টকাইহে টকাক চিনে৷ টকা বৰ মায়া লগা বস্তু৷ আৰু সেই অনন্ত মায়াৰ পাছে পাছে দৌৰি থকা সময়তে ম‌ই লগ পাইছিলোঁ আশ্ৰাফুলক৷  

 আশ্ৰাফুলক লগ পোৱা ক্ষণটোৱে চাগৈ মোলৈ চাই কুটিল হাঁহি মাৰিছিল৷ হোটেলৰ আৰু ৰিজৰ্টখনৰ পৰা হোৱা উপাৰ্জন দিনৰ পোহৰৰ দৰে ফটফটীয়া আছিল৷ কিন্তু সেই ফটফটীয়া পোহৰক নেওচি আন্ধাৰ জগতখনলৈ ম‌ই আশ্ৰাফুলৰ লগত হাঁহি হাঁহি সোমাই গৈছিলোঁ৷ একান্তই নিজৰ ইচ্ছাত৷ 

   আৰু সেই গুলুম মাৰি ধৰা অন্ধকাৰ জগতখনে মোৰ চকুত চটিয়াই দিছিল চমক৷ মানু আৰু মোৰ মাজত সংগোপনে গজি উঠা প্ৰাচীৰখন দিনে দিনে ওখ হৈ গৈ থাকিল৷ সাধাৰণ হৈ থাকি ভালপোৱা মানুৰ “মাষ্টৰণী” ৰূপটো দিনক দিনে মোৰ অসহ্য লগা হৈ আহিল৷ এটা স্বাচ্ছন্দ্যপূৰ্ণ স্বচ্ছল জীৱন কটাই মুখত নিৰ্লিপ্ততা সানি জীৱন উপভোগ কৰি আছে বুলি মানুক বাৰে বাৰে হানিলোঁ, খুচিলোঁ৷ তাইৰ শৰীৰটোৰ প্ৰতিও মোৰ আসক্তি হেৰাই গৈছিল৷

শীলতাৰ সীমা চেৰাই তাইক অনেক অপবাদ দিলোঁ৷ ঘৰ এৰি গুচি যাবলৈ ক’লো৷ ডিভোৰ্চ পেপাৰ মুখলৈ দলিয়াই দিলোঁ৷ সোণমানুক আৱৰি লৈ মানুৱে কেনেকৈ জানো সহিছিল, ম‌ই নাজানো৷ আৰু ম‌ই– সলাই সলাই পিন্ধিলোঁ ভদ্ৰতাৰ নকল পোছাক৷ নিতৌ জুৱা, সুৰা আৰু সুন্দৰী নাৰীৰ মাজত মাতাল হৈ থাকিলোঁ৷

সমগ্ৰ দেশজুৰি আই পি এলৰ উন্মাদনা৷ তাৰ সমান্তৰালকৈ দেশজুৰি বিয়পি পৰা অবৈধ অবাধ জুৱা৷ আইপিএলৰ জুৱাৰ নিচা মোৰ ভালকৈয়ে লাগিছিল৷ প্ৰতিটো অভাৰ, প্ৰতিটো বলত, আৰু প্ৰতিটো ৰাণত হয় কোটি টকাৰ জুৱাৰ লেনদেন৷ সমস্ত আয় উপাৰ্জন অনলাইন বেটিং ৰেটত লগাই দিছিলোঁ৷ আশ্ৰাফুলে সকলো মেনেজ কৰিছিল৷ একে ৰাতিতে কোটিপতি হোৱাৰ সপোনে মোক দিনে নিশাই জাগ্ৰত কৰি ৰাখিছিল৷ আৰু এদিন সপোনৰ সেই সুউচ্চ সৌধ জৌজৌৰাই খহি পৰিল৷

খেল উপভোগ কৰি থকা সময়তে আশ্ৰাফুলৰ ফোন আহিছিল৷ পুলিচৰ গোপন সুত্ৰত ধৰা পৰিছিল ম‌ই বিনিয়োগ কৰা বেটিং ৰেকেটটোৰ দুজনকৈ জুৱাৰী৷ মুহূৰ্ততে ম‌ই হৈ পৰিলোঁ পদপথৰ ভিক্ষাৰী৷ জুৱাত বিনিয়োগ কৰিবলৈ ম‌ই বহু টকা ধাৰ লৈছিলোঁ৷ সপোন আছিল কোটি টকাৰ মালিক হৈ যাম এৰাতিতে, সেয়ে ধাৰ ঋণ কৰি হ’লেও প‌ইছা লগাই দিছিলোঁ৷ উপাৰ্জন শূণ্য মোৰ হাতৰ পৰা এটা এটাকৈ সম্পদ ওলাই গ’ল৷ চহৰৰ মাজ মজিয়াত থকা হোটেলৰ নামফলক ৰাতিৰ ভিতৰতে আনৰ নামলৈ হস্তান্তৰ হ’ল৷ 

ৰিজৰ্টখন … ৰিজৰ্টখন মোৰ মৰমৰ আছিল৷ বছৰৰ সকলো সময়তে দেশী-বিদেশী পৰ্যটকে গিজগিজাই থাকিছিল৷ হাতৰ পৰা গুচি গ’ল সেইখনো৷ তথাপিও ধাৰৰ পৰা মুক্ত হ’ব নোৱাৰিলোঁ৷ এদিন মোৰ পৃথিৱীৰ পৰা পলাবলৈ মন গ’ল৷

  শূন্য দুহাত৷ শূন্য মন-মগজু৷ এন্ধেৰুৱা দিনবোৰত মনটোক মৃত্যুৰ চেতনাই চোওঁ নোচোওঁকৈ ডুলি ডুলি এঠাইত ৰৈ যায়৷

সোণমানু৷

সোণমানুৰ কোমল মুখখনে ধুমুহাই আছাৰি পেলোৱা মনটোক প্ৰবোধ দিয়ে৷ 

স্বচ্ছল জীৱন এটাৰ হঠাৎ খহি পৰা আঁচলখন ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ৷ এদিন পদপথেৰে খোজ কাঢ়ি গৈ থাকোঁতে দেখিলোঁ বিলাসী গাড়ীত উঠি যোৱা এসময়ৰ মোৰেই বিশ্বস্ত বন্ধু৷ মোলৈ কেৰাহিকৈ চাই পাৰ গৈছে৷ এনেকৈয়ে হঠাৎ অচিনাকি হৈ উঠিলোঁ লগ বন্ধুৰ ওচৰত৷

সকলো মান, অভিমান, বিদ্বেষ সামৰি মানুৰ চকুলৈ চালোঁ৷ তাইৰ সেমেকা জলভৰ চকুত ওলমি আছিল অবোধ ছায়া৷ 

জানি উঠিছিলোঁ মানু যদিও মোৰ ব্যৱসায়িক পতনত দুখী হৈছিল কিন্তু মোৰ প্ৰতি হেৰুৱা আস্থা তাইৰ ঘুৰি অহা নাছিল৷ সেই কথাই মোক দিনে নিশাই খুলি খালে৷ মানুৰ নিৰ্বিকাৰ মুখমণ্ডলত ফুটি উঠা কোনো ধৰণৰ প্ৰতিক্ৰিয়াক বুজিবলৈ ম‌ই সক্ষম নহ’লো৷ তথাপিও ম‌ই অনুভৱ কৰিলোঁ সৰল সত্যবোৰক মানুৱে জোৰ কৰি আৱৰি ঢাকি আছে৷ কৃত্ৰিম আৱৰণেৰে নিজক লুকুৱাই ৰাখিবলৈ চাইছে মোৰ পৰা৷ সোণমানু দূৰ হৈ গৈছে মোৰ পৰা৷ একেখন চাদৰ তলত থাকিও শত যোজন আঁতৰৰ পৰা ম‌ই চাই থাকোঁ মানু আৰু সোণমানুৰ নিৰ্মল হাঁহিৰ শব্দ৷ ম‌ই কাষ চাপি গ’লে হেৰাই যায় হাঁহিৰ উৎস৷ অথচ ম‌ই কোবাকুবিকৈ যাওঁ হেৰুওৱা মৰকত মণি বুকুৰ পেৰাত সাঁচিবলৈ৷

নাই, নাই৷ একো কোৱা নহ’ল মানুক৷ মোৰ আত্মসংশোধন অথবা আত্ম আৱিষ্কাৰে ঘুৰাই দিয়া সাময়িক সকাহৰ বিষয়ে মানুক কোৱা নহ’ল৷ নীৰৱ নিটাল মুহূৰ্তবোৰে বাট কাটি দিয়ে শুধৰণিৰ যাত্ৰা৷ তথাপি বহু দূৰ আওবাটে গুচি যোৱা ম‌ই ঘুৰি আহিবলৈ বাট বিচাৰি ঘুৰ্মুটিয়াই ফুৰোঁ৷ এন্ধাৰে আগচি ধৰা বাটত মানুহঁতক মৰীচিকা দেখোঁ৷

  বুজি উঠিলোঁ মোৰ আকাংক্ষাৰ ফিৰিঙতিয়ে তচনচ কৰা মানু, সোণমানুৰ পৃথিৱীত মোৰ উপস্থিতি তেনেই গৌণ৷ সোণমানুৱে ম‌ই নহ’লেও চলিব পাৰে৷ ম‌ই নহ’লেও মানু চলি থাকিব৷

হঠাৎ মনলৈ খেয়াল আহিল — ক্ষোভ, বিৰক্তিয়ে পুতি থোৱা মানুৰ প্ৰতি আৱেগ, ভালপোৱাৰ এক অনন্য অন্তঃস্ৰোত মোৰ অজানিতে বৈ আছে৷ 

মুহূৰ্ততে ম‌ই ঠিক কৰি পেলাইছিলোঁ সকলো৷ ম‌ই জানো এই সময়ো এদিন পুৰণা হ’ব৷ সকলো ঘাঁ শুকোৱাৰ দৰে ইয়ো এদিন শুকাব৷ চিন মোকাম নোহোৱা হ’ব৷ 

গাড়ী দৌৰাইছিলো চুবুৰীয়া পাহাৰীয়া ৰাজ্যখনলৈ৷ সুউচ্চ পাহাৰটোৰ গাত সৰ্পিল বাটটোৱে জিৰণি লৈ আছিল৷‌ চিগাৰেটৰ শেষ হোপাটো মাৰি ম‌ই তললৈ চাইছিলোঁ৷ শীতল সেউজীয়া পাহাৰৰ তলিখনক বৰ কুন্ধচ লাগিছিল৷ ঝমঝম শব্দৰে অবিৰাম গতিত নামি অহা শুকুলা পানীৰ ধাৰাই নিৰ্মম ভাৱে ঠেকেচি আছিল শিলৰ শৈলুৱৈসনা গা৷

গা সিৰসিৰাই যোৱা মৃত্যুৰ শীতল শেতেলিত পৰি যোৱাৰ উদ্গত ইচ্ছাক নিচুকাই থ’বলৈ নিখুত পৰিকল্পনাৰে ম‌ই আগবাঢ়িছিলোঁ৷   

  ঠিক সেইসময়তে ফোনটো বাজি উঠিছিল৷ সোণমানুৰ ভয়াৰ্ত ক্ৰন্দনসিক্ত মাত৷

-     ‘মাৰ কিবা এটা হৈছে;  মা পৰি গৈছে৷ মাতি আছোঁ, মতা নাই মায়ে৷ জল্ডি, দেতা জল্ডি আহা৷’

চকুহালত পোৰণি উঠিছে৷ অনিদ্ৰা, অৱসাদ-দুঃচিন্তাই মোক ভাগৰুৱা কৰি তুলিছে৷ চৌপাশৰ সকলো শব্দ নৈশব্দৰ অটল তলিত যেন জাহ গৈছে৷ সকলো চিন্তাক তল পেলাই প‌ইচাৰ চিন্তাই মোক আকৌ এবাৰ হেঁচুকি দিলে৷ 

এতিয়া আই পি এলৰ বতৰ৷ আশ্ৰাফুলে আই পি এলত টকা লগোৱাৰ কথা কৈছে৷ মন আৰু মগজুৰ দ্বন্দ্বত ধাৰাশাৰী হোৱা মনটোৱে কেৱল মানুক সু্স্থ কৰাৰ কথা কৈছে৷

আইচিইউৰ সন্মুখৰ মুকলি ঠাইখিনিত এটেন্‌ডেণ্ট বহাৰ সুবিধা আছে৷ ষ্টিলৰ দীঘলীয়া বেঞ্চবোৰত কোনোবাই ৰাতি খতি হোৱা টোপনি পুৰাইছে৷ কোনোবাই ফোনত সেমেকা মাতেৰে ৰোগীৰ অৱস্থাক বৰ্ণনা কৰি আছে৷–আইচিইউত আছে চাগৈ কোনোবা আপোনজন৷

ম‌ই বেঞ্চখনৰ এমূৰে অকলশৰে বহি আছোঁ৷ নাই– কোনো নাই— কান্ধত হাত থৈ মাত এষাৰ দিবলৈ মোৰ কোনো নাই৷ কাইলৈ মানুৰ ব্ৰেইনৰ এটা ডাঙৰ অপাৰেশ্যন হ’ব৷ ডাক্তৰৰ ভাষাত মেজৰ অপাৰেশ্বন৷ কিছু ৰিস্কি৷ ব্ৰেইন ষ্ট্ৰ’ক হৈছে মানুৰ৷ মগজুত জমা হোৱা তেজ গোট বান্ধিছে৷ শৰীৰৰ সোঁ ফালটো সম্পূৰ্ণ অসাৰ হৈ পৰিছে৷ শীঘ্ৰে অপাৰেশ্বন কৰাটো অতি জৰুৰী৷ 

     প‌ইছাৰ চিন্তাত ম‌ই ভোক পিয়াহ সকলো পাহৰি পেলাইছোঁ৷ মানুৰ খবৰ কৰিবলৈ অহা সহকৰ্মী এগৰাকীয়ে কৈ থৈ গ’ল মানুৱে কৰি থোৱা স্বাস্থ্য বীমাৰ কথা৷ যিটো মোৰ জ্ঞাত নাছিল৷ 

বুকুৰ পৰা ডিঙিলৈ উজাই অহা টেঙেচীয়া পানীয়ে মুখখন বিস্বাদ কৰি তোলা সময়তে ম‌ই ততাতৈয়াকৈ ঘৰলৈ দৌৰিলোঁ৷ বহুদিন মানুৰ কোঠাত ভুমুকি মাৰি নোপোৱা ম‌ই প্ৰথমে উৱাদিহ পোৱা নাই৷ সোণমানুৱে আলমাৰি খুলি  মানুৰ ডকুমেণ্ট থোৱা বেগ এটা উলিয়াই আনিলে৷

স্বাস্থ্য বীমাৰ ফাইলটো লৈ সোণমানুক চালোঁ৷ সি ৰঙা ৰঙৰ ফাইল এটা মেলি চাই আছে৷ তাৰ ৰঙা পৰা গাল দুখন ওভোন্দি উঠিছে৷ বৈ অহা চকু পানীখিনি নোমোচাকৈ সি ফাইলটো মোলৈ আগবঢ়াই দিলে৷ ম‌ই চকুহাল ঘূৰাই দিলোঁ৷ সোণমানুৰ চকুলৈ দুনাই চাবলৈ সাহস নহ’ল মোৰ৷ ডিভোৰ্চ দিবলৈ মানুক জোৰ কৰিছিলোঁ৷ উকিলৰ লগতো কথা বতৰা হৈ গৈছিল৷ ক’ৰ্টৰ পৰা নোটিছ আহিছিল৷

দুই হাতেৰে মুখখন ঢাকি হুকহুকাই কান্দি উঠিলোঁ৷ সোণমানুৱে মোৰ মূৰত হাত থৈছে৷

-      নাকান্দিবা, সব ঠিক হʼব৷ প্ৰাৰ্থনা কৰা৷ মা ভাল হ’ব লাগিব৷

মূৰ তুলি চাই চালোঁ মাত্ৰ চৈধ্য বছৰীয়া সোণমানু এজন পৈণত ব্যক্তিৰ অভিব্যক্তিৰে মোলৈকে চাই আছে৷ শোক চিন্তাই আঁচোৰি শুকোৱাই পেলোৱা মুখখনে মোক থিৰে থাকিব নিদিলে৷ প্ৰৱল আবেগেৰে ম‌ই সোণমানুক সাৱট মাৰি ধৰিলোঁ৷

সাজ লাগি ভাগিবৰ হ’ল৷ মহানগৰীৰ চৌদিশ বিজুলী বাতিৰ পোহৰে আলোকিত হৈ উঠিছে৷মোৰ পোহৰ নপৰা মনৰ এচুকত ঢিমিককৈ জ্বলি উঠিছে এটা অৰ্ধমৃত তৰা৷ অযুত প্ৰাৰ্থনা বুকুত বান্ধি সোণমানুক এহাতে ধৰি পোহৰৰ মাজেৰে মানুৰ কাষলৈ আগবাঢ়িলোঁ৷

***

গল্পকাৰৰ ঠিকনা:

জামুগুৰিহাট, শোণিতপুৰ 

পিন নং : ৭৮৪১৮০

ফোন নং : ৯৬৭৮৫৮৪০৪২

 

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ