জিণ্টু দত্ত
পূৰ্ণিমাৰ তেতিয়ালৈ গাটো বেয়া লাগিবলৈ আৰম্ভ কৰিছিল ৷
ধুই থকা ডিচ্কেইখন বাল্টিটোৰ ওচৰতে থৈ তাই টিউবৱেলটোৰ গাটোতে হাতেৰে ভৰ দি লাহেকৈ
ঠিয়
হ’ল৷ তাইৰ দুচকুৰে সন্মুখখন অন্ধকাৰ দেখিলে৷ লগতে তাইৰ এনে লাগিল যেন সন্মুখৰ পৃথিৱীখন চক্ৰকাৰে ঘূৰিব লাগিছে৷ যেনে-তেনে
খোজকেইটা আগবঢ়াই তাই দুৱাৰদলি পালে আৰু দুৱাৰদলিৰ কাঠচটাতে লাহেকৈ বহি মূৰটো পিছলৈ
হেলান দি চকুকেইটা মুদি দিলে৷ চকু মুদি দিলেও তাইৰ অনুভৱ হৈ থাকিল – নাই, পৃথিৱীখন ৰৈ দিয়া নাই, চক্ৰকাৰে ঘুৰিয়েই আছে - আগতে সেই ঘূর্ণনটোত
পোহৰৰ কণাবিলাক
সিঁচৰিত হৈ আছিল,
কিন্তু চকুকেইটা মুদি দিয়াৰ পিছত এতিয়া পূৰ্ণিমাৰ নিজকে অন্ধকাৰ চকৰী এটাত সোমাই
থকাৰ দৰে লাগিল৷
কথাটো প্ৰথমে লক্ষ্য কৰিলে লক্ষীয়ে৷ কাম এতিয়া ক্রমশঃ কমি আহিছে, এতিয়া আৰু সিমান আলহী
আহি থকাৰ কথা নাই, - ডিচ্ দুখনমান লাহে লাহে মচি থকাৰ পৰা তাই পূর্ণিমাক তেনেকৈ চকু মুদি থকা দেখিলে আৰু খৰধৰকৈ গৈ আগফালে
টেবুল সামৰি থকাৰ পৰা শংকুক মাতি আনিলে৷ “মই তেতিয়াই কৈছিলোঁ, বুঢ়ীয়ে নোৱাৰে, তঁহতিহে...”- ঘোপাকৈ লক্ষীৰ ফালে চাই শংকুৱে কৈ উঠিল৷ লক্ষীয়ে কি ক’ব নক’ব
একো ভাবি নাপালে ৷
পূর্ণিমা নামটো শুনিলে সাধাৰণতে কেনেকুৱা এক চেহেৰাৰ কথা মনলৈ আহে? - সুগোল মুখাবয়বৰ এগৰাকী মহিলা- গাৰ ৰঙটো
ঠিক গাখীৰত সেন্দুৰ
মিহলোৱা নহলেও বহুতৰ মাজত সেইজনীয়েই পূর্ণিমা বুলি জিলিকি থকাকৈ বগা, স্বভাৱত ৰাংঢালী আৰু যেন পৃথিৱীৰ
দুখ, ক্লেশ এইবোৰে চুব নোৱাৰা৷ -এই পূৰ্ণিমাৰ গাত কিন্তু তেনেকুৱা বৈশিষ্ট্য লেশমাত্রও নাই৷ এই পূৰ্ণিমাৰ বয়সে তিনিকুৰি গচকিছে, মুখখন জোখতকৈ বেছি ভগা – প্রকট হনু আৰু দ
নাদৰ দৰে কোটৰত সোমাই যোৱা চকু-চকুকেইটাত পানীৰ সামান্য জলমলনিয়ে পূর্ণিমাক কৰুণ বৃদ্ধ নাৰী চৰিত্ৰ এটালৈ ৰূপান্তৰ
কৰে৷ মুখত বয়সে দি যোৱা অজস্ৰ সৰল, বক্ৰ ৰেখাই সেই চৰিত্ৰক যেন বেছি জীৱন্ত কৰি তোলে ৷
অৱশ্যে এনেকুৱাও নহয় যে পূর্ণিমা মানুহজনীক এই নামটো দিয়াত সাংঘাতিক ভুল হৈ গ’ল৷ এই পূর্ণিমাও সেই আন পূর্ণিমা বিলাকৰ দৰেই ৰাংঢালীয়েই
আছিল, আকাশৰ পূৰ্ণিমাৰ নিচিনা নহ’লেও মুখখনত ৰস জীপ আছিল, সেই তেতিয়াৰ কথা আছিল এইবোৰ – যেতিয়া
নৰোত্তম জীয়াই আছিল৷ এই মফচলীয় টাউনখনো তেতিয়া এতিয়াৰ দৰে ইমান ঘন নাছিল৷ পাতল
জনবসতি আৰু এটা চাৰিআলিৰে টাউনখনৰ পৰা গাঁৱৰ গোন্ধ যেন যোৱাই নাছিল৷ নৰোত্তমে ভবেন
ঠিকাদাৰৰ তলত গাড়ী চলাইছিল, গধুলি তাৰ ভাষাত ‘গাৰ বিষ কটাবলৈ’
চুলাই মদ খাইছিল৷
কিন্তু ঘৈণীয়েক পূৰ্ণিমা আৰু দুজনী ছোৱালীৰ ভাত কাপোৰৰ যোগান দিব পৰাকৈ সি সামর্থবান
পুৰুষ আছিল৷ গাৰ বিষ কটাবলৈ চুলাই মদ খাঁওতে খাঁওতে এদিন
নৰোত্তমৰ পেট পকাই ধৰিলে, কাম কৰিব নোৱাৰা হোৱা যেন দেখি ভবেন ঠিকাদাৰে বেলেগ মানুহ ৰাখিলে আৰু দুৰাতি
নে তিনিৰাতিৰ অসহ্য পেটৰ বিষৰ অন্তত নৰোত্তমে এদিন ৰাতিপুৱা
হাওহাওকৈ বমি কৰিলে৷ খৰধৰকৈ কাৰোবাক লৈ পূর্ণিমাই গৈ ওচৰৰ মদন ডাক্তৰকে
কাবৌ-কোকালি কৰি লৈ আহিল৷ কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ গ’ল৷ ডাক্তৰে পৰীক্ষা কৰাৰ
বহু আগতেই নৰোত্তমৰ দেহ নিথৰ আৰু চেঁচা পৰি আহিল৷ বজ্ৰপাত পৰা মানুহৰ দৰে থিৰ হৈ থকা পূৰ্ণিমাৰ চকুৰ আগতেই কোনোবাই নৰোত্তমৰ থৰ হৈ মেল খাই থকা চকুৰ পতা কেইটা তললৈ খহাই দিলে ৷
পূৰ্ণিমাৰ নামটোৰ লগত চেহেৰাৰ বৈসাদৃশ্য ঠিক যেন সেই মুহূৰ্তটোৰ পৰাই আৰম্ভ হ’ল৷ সেই বৈসাদৃশ্যক মানুহজনীৰ লগত সম্পূৰ্ণৰূপে জীণ যোৱাবলৈ দৃশ্যপটত
আৱিৰ্ভাৱ হ’ল নৰোত্তমৰ ককায়েকৰ৷ নৰোত্তমৰ ককায়েকে দাবী কৰিলে – নৰোত্তম আৰু পূর্ণিমা
থকা এই দুকঠা মাটিৰ আচল গৰাকী তেওঁহে৷
পূৰ্ণিমাৰ ঘৰৰ বাৰাণ্ডাত এই লৈ দুয়োৰে মাজত কথাৰ তর্কাতর্কি
হ’ল, ওচৰৰ ঘৰৰ মানুহে খিৰিকী মেলি চাব পৰাকৈ কাজিয়া গৈ সপ্তম স্বৰত উঠিল৷ নৰোত্তমৰ ককায়েক হাতদীঘল ব্যৱসায়ী৷ মণ্ডল, কাননগো সকলোকে জেপত ৰাখি এদিন কোৰ্টৰ নটিচ আনি নৰোত্তমৰ ককায়েকে পূর্ণিমাহঁতক
ঘৰৰ বাহিৰ হ’বলৈ কলে৷ আগৰ কেইবাৰ নৰোত্তম ককায়েকৰ সমানে সমানে তৰ্ক কৰা পূর্ণিমা এইবেলি
নীৰৱে থাকিল ৷ একো নকৈ তাই বাৰাণ্ডাৰ খুটা এটাত ধৰি ফো-ফোৱাই ওলাই যোৱা নৰোত্তমৰ ককায়েকৰ ফালে একেৰাহে চাই থাকিল৷ গধুলি হ’ল, বাৰাণ্ডাখন ছয়া-ময়া অন্ধকাৰে আৱৰি ধৰিলে, আৰু সেই ম্লান গধুলি পূর্ণিমাই বাৰাণ্ডাৰ খুটাটোতে ধৰি লাহে লাহে উচুপিবলৈ ধৰিলে৷
বহাগৰ নতুনকৈ পাত
ওলোৱা গছৰ ফাঁকে ফাঁকে দেখা আকাশ এখন বুকুত লৈ পূর্ণিমা এদিন আহি এইখন ঘৰতে সোমাইছিলহি৷
ফাগুনৰ জুইলগা আকাশ এখন বুকুত বান্ধি ছোৱালী দুজনী লৈ পূর্ণিমা
এদিন এইখন ঘৰ এৰি একেবাৰে গুচি আহিল ৷
পৃথিৱীখন কেতিয়াবা ওপৰৱালাৰ দোকানৰ দগা-পাল্লা বুলি কল্পনা
কৰিবলৈ মন যায় পূৰ্ণিমাৰ৷ সেই তৰ্জু বা দগা-পাল্লাৰ এমূৰে যদি নৰোত্তমৰ ককায়েকৰ দৰে মানুহৰ ভৰ বেছি হয়, তেতিয়া সিটো মূৰে দূৰ্গাবুঢ়ীৰ নিচিনা মানুহক বহুৱাই ওপৰৱালাই তৰ্জুৰ ফেৰ সমানে
ৰাখে৷ হয়, দূৰ্গাবুঢ়ী-পূৰ্ণিমাৰ প্ৰতিবেশী দূর্গাবুঢ়ী৷ জুই
লগা আকাশখন বুকুত
সুমুৱাই দুজনী ছোৱালী লৈ ওলাই আহোঁতে দূর্গাবুঢ়ীয়ে পূর্ণিমাক নিজৰ ঘৰলৈ লৈ আহিল৷ ঘৰ মানেনো কি – দুকোঠলীয়া চালি এখন৷ সেই নৰোত্তমৰ দিনৰ মফচলীয় চহৰখনে তেতিয়ালৈ
এতিয়া দেখা ঘন ব্যস্ত এলেকাময় টাউন এখনৰ ফালে দ্রুত গতি লৈছে৷ অ’ত ত’ত গঢ় লৈ উঠিছে আৱাসিক অঞ্চল, ফ্লেট
আৰু এপার্টমেণ্ট৷ তেনেদৰে
গঢ় লৈ উঠা দুটা সুউচ্চ বিল্ডিঙৰ মাজৰ এই ঠেক গলিটোৰ এমূৰে দূৰ্গাবুঢ়ীৰ দুকোঠলীয়া চালিখনে
যেনে তেনে উশাহ লৈ থাকে৷ পুৰণি তৰ্জাৰ বেৰবোৰ দুৰ্বল আৰু ওপৰৰ টিংবোৰৰ ৰং মদৰুৱা আৰু
প্ৰায়বোৰৰে বাটামৰ পৰা গজাল সুলকি থকা৷ পাতলীয়া বৰষুণ বাৰু যেন তেন, কিন্তু ধুমুহা বৰষুণত বুঢ়ীৰ ঘৰটোলৈ লক্ষ্য কৰিলে এনে লাগে যেন
যেনে-তেনে উশাহ লৈ থকা ঘৰটোৱে এই মুহূর্ততে শেষ নিশ্বাস ত্যাগ কৰিব৷ পিছফালে দৰ্জা
খুলিয়েই মিউনিছিপালিটিৰ দুৰ্গন্ধময় নলা গচকিবলগীয়া সেই ঘৰৰূপী চালিখনৰ তলতে একমাত্ৰ পুতেকৰ
মৃত্যুৰ পিছত অকলে থকা দূৰ্গাবুঢ়ীৰ লগতে থাকোঁতে থাকোঁতে কেনেকৈনো দহ পোন্ধৰ বছৰ পাৰ হৈ গ’ল পূৰ্ণিমাৰ
মনতে নপৰে৷ হাপানি বেমাৰত ভুগি থকা বঢ়ী এদিন ঢুকাল, পূৰ্ণিমাৰ ছোৱালী ৰঞ্জু আৰু মঞ্জু চাই থাকোতেই এদিন গাভৰু হ’ল৷ পূৰ্ণিমাৰ দৰে
মানুহৰ সন্তানৰ ভাগ্যলিপি
কোনো অদৃষ্টই আচলতে নিলিখে-ৰঞ্জু, মঞ্জুৰ দৰে ছোৱালীবোৰ গাভৰু হয় কেৱল এটা উদ্দেশ্যত
– যেনে তেনে খুটি খাব পৰা কাৰোবাৰ লগত গুচি যোৱা৷ আৰু এনে পূৰ্ব নিৰ্ধাৰিত ভাগ্যলিপিত ৰঞ্জু, মঞ্জুৰ
নিচিনা ছোৱালীৰো আপত্তি নাথাকে, পূৰ্ণিমাৰ নিচিনা মাকহঁতৰ বাবেও সেয়া
এক স্বস্তিৰ নিশ্বাস৷
ৰঞ্জু-মঞ্জু এঘৰলৈ আতৰি যোৱাৰ পিছত পূর্ণিমাই ভাবিছিল হওক এতিয়া অলপ মুকলিকৈ
উশাহ লব পাৰি৷
চালিৰ তলতে বৰষুণৰ এছাৰকণি সহ্য কৰিও গাটোক আৰাম দিব পাৰি৷ ভাতকেইটা খোৱাৰ বাবে পূর্ণিমাই কোনোদিন চিন্তা কৰা নাই৷ ওচৰৰে দালানবোৰত সদায়েই নতুন
নতুন একোটা ফ্লেট গঢ় লৈ উঠিছে- কোনোবা নহয় কোনোবাটো ফ্লেটত কিবা নহয়, কিবা কাম ওলায়েই থাকে৷ ৰাতিটোৰ
জোখাৰে এজনীয়া মানুহ চলি যাবলৈ পূৰ্ণিমাৰ সিমান চিন্তা হোৱা নাছিল ৷
কিন্তু সমস্যা হ’ল আজি এসপ্তাহৰ আগৰে পৰা যেতিয়া ৰঞ্জু নিজৰ দুবছৰীয়া কেঁচুৱাজনী
লৈ পূৰ্ণিমাৰ চালিৰ তলত সোমালহি৷ ছোৱালী মাকৰ
ঘৰলৈ আহেই, গতিকে প্ৰথম দুদিনমান পূৰ্ণিমাৰ আনন্দই লাগিছিল,
বিশেষকৈ অকণমানিজনীৰ আধা ফুটা আধা নুফুটাকৈ উচ্চাৰণ কৰি ‘আইতা’ বুলি মতা মাতষাৰ পূৰ্ণিমাৰ
কাৰণে বহুদিনৰ পিছত মিচিৰি বা মৌ খোৱাৰ দৰে মিঠা আছিল৷ তিনিদিনমানৰ পিছত পূর্ণিমাই
ৰঞ্জুৰ গিৰিয়েক দেবেনৰ কথা উলিয়ালে৷ সি কেতিয়া আহিব? সিহঁতক আহি সি লৈ
যাবহি নি দুদিনমানৰ পিছত? – মিস্ত্ৰী মানুহ সি – আজৰি পাব জানো?
ঘৰখনৰ এটা চুকত
এলান্ধু লাগিছিল, বৰ মনোযোগ দি লাঠি এদালেৰে ৰঞ্জুৱে এলান্ধু আঁতৰাই আছিল৷ মাকৰ প্ৰশ্নৰ
তাই একো উত্তৰ নিদিলে৷
তিনি কুৰি বছৰীয়া
অভিজ্ঞতাৰে কিন্তু পূর্ণিমাই ঠিকেই দেখিলে – ৰঞ্জুৱে এলান্ধু গুচাব জনা নাই!
“কি হ’ল তহঁতৰ?
আকৌ কাজিয়া লাগিলি হবলা? তই পিছে কোনদিনা যাম বুলি ভাবিছ” – ৰাতিৰ নিবিড় অন্ধকাৰত পিৰালিত বহি
পূর্ণিমাই সেইৰাতি ৰঞ্জুক সুধিলে৷
ৰঞ্জুৱে সামান্য
উচুপি উচুপি উত্তৰ দিলে – গিৰিয়েক দেবেনৰ লগত মদ খোৱাক লৈ তাইৰ দুৰ্ঘোৰ কাজিয়া৷ তাই হয়তো ইয়াৰ পৰা নাযাবও পাৰে ৷
মহ
এটা পৰিছিল হব পায়, আন্ধাৰতে পূর্ণিমাই নিজৰ গালখনত হাত দিলে৷ তাইৰ এনে লাগিল গালখন
যেন আৰু অলপ সোমাই গ’ল৷ হনুবোৰ প্ৰকট হৈ তাইৰ যেন বয়স আৰু অলপ বাঢ়ি গ’ল৷
ৰাতি নিজৰ বিছনাখন জীয়েক-নাতিনীয়েকক দি মজিয়াত পৰি থাকোঁতেও তাইৰ টোপনি
নাহিল শেহৰাতিলৈ দিয়া বৰষুণত এছাৰকণি সোমাই তাইৰ মজিয়াৰ বিছনা তেনেই তিয়াই পেলালে
৷ কাপোৰ সামৰি ৰাতিটো পূর্ণিমা তেনেদৰেই বহি থাকিল৷ মাজে মাজে টোপনি আহিব খোজোঁতে তাইৰ
চকুলৈ হাত গ’ল৷ পূৰ্ণিমাৰ এনে লাগিল যেন চকুবোৰ আৰু বেছি কোটৰত সোমাই গৈছে৷ সোমাই সোমাই
চকুত যেন এক দ খাৱৈৰ সৃষ্টি হৈছে – পূৰ্ণিমাৰ নিচিনা গোট মানুহ এজনী ডুব যাব পৰাকৈ!
তিনিটা পেটৰ ভোকৰ জ্বালা সদায় কেনেকৈ মাৰিব পাৰি তাক লৈ গুণা-গঁঠা কৰি থাকোঁতেই পৰহিদিনা লক্ষী আহি পূৰ্ণিমাৰ ওচৰ পালেহি৷ লক্ষী বয়সে ৰঞ্জুৰ
সমান, কিন্তু আচৰণত পূৰ্ণিমাৰ বন্ধুৰ দৰে৷ লক্ষীয়ে কাম কৰা কেটাৰিং গ্ৰুপৰ ডাঙৰ কাম এটা ওলাইছে৷ টাউনৰ সিমূৰে থকা এসময়ৰ বলীন মৌজাদাৰৰ ডাঙৰটো নাতিনীয়েকৰ
বিয়া৷ ডাঙৰ কাৰবাৰ৷ সেয়ে মানুহ অলপ সৰহকৈ লাগিব ৷ সিহঁতৰ কেটাৰিং গ্রুপৰ মেনেজাৰ
শংকুৱে দুজনীমান আৰু মাইকী মানুহক লৈ ল’বলৈ কৈছে৷ বাচন ধোৱা কামত লগাবলৈ৷ “তই পাৰিবিনে?”- লক্ষীয়ে পূর্ণিমাক সুধিলে৷ ষাঠি বছৰীয়া দেহাটোত আজিকালি
পূৰ্ণিমাৰ কঁকালৰ বিষ এটাই ধৰে৷ বহি থকাৰ পৰা উঠি দিলে যন্ত্ৰণাত কোঁচ খাই যোৱা মুখখন সকলোৰে চকুত ধৰা পৰে৷ সেই কোঁচখোৱা
মুখেৰেই তাই
লক্ষীক কলে- তাই যাব৷
আৰু আজি আহি এইয়া পূর্ণিমাহঁত বিয়াঘৰৰ খোৱাৰুমত৷ খোৱা ৰুমটোৰ
আকাৰ দেখি পূৰ্ণিমাৰ চকু কপালত উঠিল৷ ইমান ডাঙৰ খোৱাৰুমেই নে! বিশাল ৰুমটোৰ মাজতে এখন
বৰ ডাঙৰ টেবুল৷ টেবুলখন সমানে দুভাগ কৰিছে টেবুলত ধুনীয়াকৈ সজাই থোৱা এক লানি ফুলে৷ ৰঙা, বগা ফুলৰ সমাহাৰে টেবুলখন আটক ধুনীয়া কৰি
তুলিছে৷ মূল টেবুলক কেন্দ্ৰ কৰি অভেলৰ আকৃতিত অনেক সৰু সৰু টেবুল কাষে কাষে সজোৱা আছে৷ শংকুহঁতৰ কেটাৰিং গ্ৰুপৰ ল’ৰাবিলাকে ইতিমধ্যে বৰ
ধুনীয়াকৈ য়ুনিফর্ম পিন্ধি আহিছে৷ মূল খোৱাৰুমৰ আগফালে বিশাল ডাঙৰ পেণ্ডেল৷ বগা হালধীয়া
ৰঙৰ পেণ্ডেলৰ ওপৰত দিয়া এথোপা ফুলৰ নিচিনা লাইটখিনিয়ে ততক্কৈ পোহৰ বিলাই আছে৷ খোৱাৰুমৰ সিফালে বাৰাণ্ডাত ইতিমধ্যে ডাঙৰ ডাঙৰ গেচৰ বাৰ্ণাৰ জ্বলিছে৷ ওচৰত
শাৰী পাতি কেইবাটাও ৰঙা ৰঙৰ চিলিণ্ডাৰ৷ ক’ৰবাৰ পৰা খটক্ খটক্কৈ শব্দ এটা উফৰি আহি আছে-বোধহয় কোনোবাই মাংস কাটি আছে৷
অঁকৰা মানুহৰ নিচিনাকৈ বহলকৈ মেলা চকু আৰু মেল খোৱা মুখেৰে ইফালৰ পৰা সিফাললৈ
বস্তুবোৰ চাই থকা লক্ষী-পূর্ণিমাহঁতক শংকুৱে মাতি আনিলে পেণ্ডেলৰ এটা চুকলৈ৷ “বিয়া এইখন
ডাঙৰ৷ অলপ দেৰিৰ
পিছত ৰ’বলৈ সময়
নহব৷
ঘৰত সকলোৱে কিবা খাই আহিছে নহয় ?”- শংকুৱে সকলোকে সুধিলে ৷
ইতিবাচক উত্তৰ দিয়া সকলোৰে মাজত থকা পূর্ণিমা মনে মনে থাকিল৷
নীলাপাৰিৰ বগা ৰং কেতিয়াবাই উৱঁলি যোৱা মদৰুৱা চাদৰখনৰ আগটো দুয়োখন হাতেৰে মোহাৰি মোহাৰি
তাই মনত পেলালে – ৰাতিপুৱা ওলাই আঁহোতে ভাত বনোৱা
চচপেনটোত তাই ভাত দুটামান দেখি আহিছিল৷ ৰঞ্জুৰ কেঁচুৱাজনীয়ে কি খাব বুলি তাই সেইকেইটা ঢাকি থৈ আহিল ৷
আৰু তাৰ পিছত? – সময়বোৰ কেনেদৰে পাৰ হৈ গৈ থাকিল পূর্ণিমাই
একো ততকে ধৰিব নোৱাৰিলে৷ তাই আৰু লক্ষীক বাচন ধোৱা কামত লগোৱা হ’ল৷ পূর্ণিমাই
মন কৰি থাকিল-মাজৰ ডাঙৰ টেবুলখনত ডিচ্, কাঁটা চামুচ, প্লেট সজোৱা হৈছে৷ কেওকাষৰ টেবুলবোৰত
ডাঙৰ ডাঙৰ পাত্ৰত অসংখ্য খোৱা বস্তু৷ কোনোবাই থল্থল্কৈ ধোঁৱা ওলাই থকা মাংস আনি ঢালিছেহি৷
প্রত্যেকখন টেবুলৰ সিটো পাৰে শংকু কেটাৰিঙৰ য়ুনিফর্ম পিন্ধা চাফ-চিকুণকৈ থকা ল’ৰাবোৰ
– সিহঁত বিলনীয়া৷ এফালে
এখন টেবুলৰ পৰা চন্চন্কৈ শব্দ অহা দেখি পূর্ণিমাই চালে৷ লক্ষীয়ে পূৰ্ণিমাৰ অবুজ মুখাবয়ব
দেখি বুজাই দিলে-সেইখন এখন ভাজি বনাইছে৷ বোধহয় আলু শুকানকৈ বনোৱা ভাজি৷ সেইটো এনেকৈয়ে
ভাজি থাকে আৰু আলহীয়ে গৰমে গৰমে তেনেকৈ লৈয়েই খায়৷ প্রত্যেক খোৱা বস্তুৰ
আগত চাইনবোর্ডৰ দৰে সৰু নামফলক লগোৱা আছে – পূর্ণিমাই মন কৰিলে৷ টেবুলবোৰৰ এটা চুকত আন এখন ডাঙৰ টেবুলত মিঠাইৰ অসংখ্য বাতি সজোৱা হৈছে৷ ওচৰতে আন এখনত বিশেষ ষ্টাইলত সজোৱা হৈছে পানীৰ ভৰ্তি
গিলাচবোৰ ৷
দুই মান বজাৰ পৰা খোৱা ৰুমটোত অভাৱনীয় ভিৰ হবলৈ আৰম্ভ কৰিলে৷
টেবুলত নীৰৱে সজাই থোৱা ডিচবোৰ, কাটা চামুচবোৰৰ ব্যস্ততাময় প্ৰহৰ যেন আৰম্ভ হ’ল৷ সুন্দৰকৈ সাজি কাচি অহা আলহীবোৰ, কাঁটা চামুচৰ টুংটাং শব্দ আৰু মৃদু মধুৰ
গুঞ্জনে ডাইনিং ৰুমটোৰ প্ৰত্যেকটো চুক-কোণ যেন পৰিপূৰ্ণ কৰি তুলিলে৷ আলহীয়ে খাই গোটাই
থোৱা ডিচ্বোৰ, গিলাচবোৰ ৰুমটোৰ এটা বিশেষ চুকৰ পৰা যন্ত্ৰৱভাৱে পূৰ্ণিমা আৰু লক্ষীয়ে
লৈ গৈ থাকিল বাহিৰলৈ ধুবলৈ৷ আলহীয়ে খাই ডিচবোৰ থৈ যাবলৈ কাউণ্টাৰৰ দৰে এটা অংশ সজোৱা
হৈছে৷ কাউণ্টাৰৰ ভিতৰৰ পৰা পূর্ণিমাহঁতে সকলোকে মন কৰি থাকিব পাৰে৷ খোৱাৰুমৰ সিফালে
থকা মূল পেণ্ডেলৰ তলত অৱশ্যে কি হৈছে সেয়া জানিবৰ পূৰ্ণিমাহঁতৰ কোনো উপায় নাই৷ অসংখ্য
মানুহৰ হৈ-হাল্লা, বেণ্ড পাৰ্টিৰ পেঁপা আৰু ঢাক-ধোলৰ মাতত চৌদিশ সশব্দময় হৈ আছে৷ দিন
হৈ আছে যদিও পেণ্ডেলৰ লাইটবোৰ জ্বলাই থোৱা হৈছে৷ মাজে মাজে জুমি পূর্ণিমাহঁতে সেয়ে
লাইটৰ পোহৰত মূল পেণ্ডেলৰ তলত থকা মানুহবোৰৰ পেণ্ডেলৰ এইফাল পৰি থকা ছাঁবোৰ দেখিছে৷
মাজতে এবাৰ আহি শংকুৱে সকলোকে খৰধৰকৈ হাত
উজান দিবলৈ কলে৷ লক্ষীহঁতক সি মাজতে খুৱাই লম বুলি হেনো ঠিক কৰিছিল, কিন্তু মানুহৰ
এই ভিৰত এতিয়া আৰু সিহঁতৰ খোৱাৰ কথা ভাবিবলৈ সময় নাই৷ সি এই খোৱাখিনিৰ লগতে সন্মুখৰ
কফি কাউণ্টাৰ, ফুচকা আৰু আইছক্রিম কাউণ্টাৰৰ দায়িত্বত আছে৷ বাহিৰত থকা গুৱামুৰি আৰু
জৰ্দা পানৰ কাউণ্টাৰ অৱশ্যে তাৰ ভায়েকৰ দায়িত্বত৷ বৰ ধুনীয়া কুটা-পাঞ্জাৱী পিন্ধি ঘুৰি ফুৰা বলীন মৌজাদাৰৰ সৰুটো পুতেকে বাৰম্বাৰ তাৰ লগত কথা পাতি আছে৷
ডিচ্বোৰ ধুবলৈ লৈ আনোতে পূর্ণিমাই লক্ষ্য কৰিলে-খোৱা বস্তুবোৰ বেছিখিনিয়েই
আচলতে পেলনি গৈছে৷ কোনোবাই আধা খোৱাকৈ মাংস পেলাইছে, কাৰোবাৰ প্লেটৰ মাছপিছ তেনেকৈয়ে থাকি
গৈছে৷ বগা দীঘলীয়া
ৰুটি এখনৰ ফালে চাই থকা দেখি লক্ষীয়ে পূর্ণিমাক বুজাই
দিলে সেইখনক ‘নান’ বুলি কয় ৷ তাত মাখন সনা থাকে – তাই কোনোবা এখন বিয়াত হেনো খাই পাইছে৷ পূর্ণিমাই একো
নকৈ মুখেৰে লাহেকৈ সেপ ঢুকিলে৷ খোৱাবস্তৰ সুস্বাদু
গোন্ধ পাই থকাৰ বাবেই নে ৰাতিপুৱাৰে পৰা একো নোখোৱা বাবেই তাই নাজানে - কিন্তু তাই
অনুভৱ কৰিছে – পেটটোৱে মাজতে মাত দি আছে৷ অথনিয়েই কোনোবাই দি থৈ যোৱা চাহ একাপে বিস্কুট এটায়ে যি পেটত পৰিছে এতিয়ালৈকে
তাইৰ৷ অৱশ্যে মাজে মাজে কাউণ্টাৰৰ ৰঙীন পাতল পৰ্দাৰ সিপাৰে দেখা বিয়াঘৰৰ আলহী দেখি তাই পেটৰ
ভোকৰ কথা পাহৰি গৈছে-যেনে, এই যে এইমাত্ৰ দুগৰাকী বোৱাৰী পাৰ হৈ গ’ল, কি স্বাস্থ্যোজ্বল চেহেৰা, মসৃণ ত্বক, দুয়োগৰাকীয়ে পিন্ধি অহা কাপোৰ কেইযোৰেৰে কি শুৱাইছে মানুহ দুয়োগৰাকীকে – পূৰ্ণিমাৰ
চাই চাই নিজৰ চেহেৰাটোৰ কথা মনত পৰি কিবা লাজেই লাগি গ’ল৷ দুয়োগৰাকী বোৱাৰীয়ে হাতত
মিঠাইৰ বাতি লৈ পতা কথা পূৰ্ণিমাৰ কাণত পৰিল- “বান্দ্ৰাত যে আছে ইহঁতৰ পাৰ্থিৱৰ সৰু ভাগিন,
তাৰ বিয়াত খাইছিলোঁ বুজিছা – কাটলেটটোৰ ওপৰত ক্রিমি টেক্সাৰ এটা থাকে – ৱাও, চ’ ডেলিছিয়াছ!.. ইহঁতৰ ষ্টাৰ্টাৰখিনি অৱশ্যে ভাল লাগিছে, কিন্তু মেইন কোৰ্চত পনীৰ দোপিয়াঁজা সিমান মই পচন্দ নকৰোঁ জানানে!”…
আবেলি পাৰ হৈ সাঁজ লাগি কেতিয়া ভাগিল পূর্ণিমাই গমেই নাপালে৷ গধূলিৰ এই
ডাইনিং হলৰ ভিৰটো
আগতকৈ সামান্য পাতল হৈছে৷ চৌপাশ আন্ধাৰে আৱৰি
ধৰাৰ বাবে লাইট সকলোবোৰ জ্বলাই দিয়া হৈছে৷ পূর্ণিমাই দেখিলে ভিন ৰঙী লাইটৰ পোহৰত পেণ্ডেলৰ
কাপোৰত পৰা বিয়াঘৰৰ আলহীৰ ছাঁবোৰ কোনোবা সময়ত দীঘল হৈছে, কেতিয়াবা সংকুচিত হৈছে৷ পূৰ্ণিমাৰ এনে লাগিল তাইৰ শৰীৰে যেন
আৰু টানিব পৰা নাই, গাটো জ্বৰ জ্বৰ নিচিনাও লাগিছে৷ ডিচ্বোৰ ধুই থকা তাই হাত দুখনলৈ এবাৰ চালে – সেৰেলা-সেৰেল
হৈ পৰিছে হাতৰ তলুৱা৷ ইতিমধ্যে ভোকটোও যেন চৰি আহিছে এনে লাগিছে পূৰ্ণিমাৰ৷ বাৰিষাৰ
ৰাতিৰ আকাশৰ দৰে পেটটোৱে সশব্দে তাইক জাননী দি আছে৷ শংকুৱে মাজতে আহি কলে- আৰু এঘণ্টামান৷
তাৰ পিছতে সিহঁত সকলোৱে খাই বৈ যাব পাৰিব৷ পইচা-পাতিৰ হিচাব কাইলৈহে হব৷
শংকুৰ কথাকে সাৰোগত কৰি যেনেতেনে কামখিনি শেষ কৰিবলৈ আপ্রাণ চেষ্টা চলাব খুজিলে
যেন পূর্ণিমাই৷
যন্ত্ৰৱৎ তাই খাই থৈ যোৱা ডিচ্বোৰ সামৰিলে, আধা খাই থৈ যোৱা অৱশিষ্টখিনি পেলালে আৰু
টিউবৱেলৰ পাৰলৈ ডিচবোৰ লৈ আহিল৷ টিউবৱেল মৰা হাতবোৰ যেন অৱশ, সিহঁতৰ প্ৰাণ কেতিয়াবাই
যেন হেৰাই
গৈছে – এনে অনুভৱ হ’ল পূৰ্ণিমাৰ৷ অৱশ্যে টিউবৱেল সৰহখিনি লক্ষীয়েই মাৰি আছে৷ লক্ষীলৈ তাই মন কৰিলে – বেচেৰী সৰু ছোৱালী, তাইৰো ভোক লাগিছে৷ কিন্তু তাই কোনোবাই পাতত
এৰি যোৱা ৰসগোল্লা এটাকে হ’লেও খাইছে, লক্ষীয়ে দুবাৰমান ক’লেও পূর্ণিমাক তেনেকৈ কিবা এটা খাই লবলৈ, পূৰ্ণিমাৰ কিন্তু তেনেকৈ লোকৰ পাতৰ পৰা খাবলৈ কিবা বিক্চিনা লাগিল৷ আৰু তেনেদৰে বাচন ধুই
থকাৰ মাজতে হঠাৎ এয়া – মূৰ ঘূৰাই দুৱাৰদলিৰ চৌকাঠত হেলান দি পূর্ণিমা এতিয়া চকু মুদি বহি আছে৷ অৱশ গাৰে বহি থকা তাইৰ সন্মুখত শংকু আৰু লক্ষী৷
“মই বুঢ়ীক ঘৰত থৈ আহোঁ৷ তহঁতে কামখিনি সোনকালে শেষ কৰ”- শংকুৱে লক্ষীৰ ফালে চাই অৱশেষত ক’লে৷ তাৰ লগৰ দুটামান মানুহক অলপ সময়ৰ কাৰণে দায়িত্ব দি শংকুৱে পূর্ণিমাক মটৰ
চাইকেলত তুলি বিয়াঘৰৰ পৰা খৰধৰকৈ লৈ আহিল৷ কেনেকৈ, কোনফালে থিয় হৈ আহি পূর্ণিমা শংকুৰ মটৰ চাইকেলত
উঠিল তাই যেন নিজেই গম নাপালে৷ বিয়াঘৰৰ খুটা পোতাৰ অংশখিনি মাটিৰে পোতা বাবে ওখ-চাপৰ হৈ আছিল, কণা-মুনাকৈ আৰু মূৰ ঘূৰাই থকাৰ বাবে পূর্ণিমা পৰিবই
খুজিছিল ৷ লক্ষী লগতে আহি পূৰ্ণিমাৰ বাহুকেইটাত ধৰি যেনেতেনে তাইক লৈ আনি পেণ্ডেলৰ পিছফালে থকা শংকুৰ মটৰ চাইকেলত তুলি দিলেহি৷
মটৰ চাইকেলৰ পিছফালে বহি আঁহোতেও পূর্ণিমাই চকু দুটা আধা মেলাকৈ ৰাখিলে ৷ মটৰ
চাইকেলৰ গতিত দুয়োফালৰ পৰা অহা বতাহ আৰু বিয়াঘৰৰ হুলস্থুলৰ পৰা আতৰি অহাৰ বাবে চাগে
তাইৰ মূৰটো অলপ পাতল পাতল লাগিল৷ আধা মেলা চকুৰেই তাই মটৰ চাইকেলৰ পৰা সন্মুখৰ ৰাস্তাটো ধুঁৱলী-কুঁৱলীকৈ মন কৰি আহিল – দুয়োপাৰৰ ষ্ট্রিট লাইটৰ পোহৰত
সৰ্পিল যেন দেখা গৈছে ক’লা ৰাজপথটো৷ চাৎ চাকৈ কাষেদি ভয়ংকৰ গৰ্জন তুলি পাৰ হৈ গৈছে
ট্রাকবোৰ৷ ...
“তই কিবা খালিনে?”- মটৰ চাইকেলত গৈ থকাৰ মাজতে অকণমান চিঞৰিয়েই
শংকুৱে মাজতে সুধিলে৷
“নাই খোৱা৷”৷
“কিবা এটা খাই লব লাগিছিল৷ বাকীবোৰে তেনেকৈয়ে থাপ মাৰিয়ে কিবা কিবি খাই আছিল৷ বিয়াঘৰত ক’ত তেনেকৈ সময়
পাবি৷” –
দুয়োকাষৰ বতাহৰ
গতিত উচ্চস্বৰত কোৱা শংকুৰ কথাষাৰ দাবী যেনেই শুনা গ’ল ৷
“হ’ব
ব’লচোন৷ খোৱাটো হ’ব৷ মোক ঘৰত থৈ আহ”-পূর্ণিমাই লাহেকৈ কলে৷ কিয় জানো তাইৰ এনে লাগিল
এছাৰকণি পৰি আধা তিতা আধা শুকান হৈ থকা তাইৰ বিছনাখন পালেই যেন তাই শান্তি পাব ৷
এসময়ত পদুলিমুখতে পূর্ণিমাক নমাই থৈ খৰধৰকৈ শংকু বিয়াঘৰলৈ ঘূৰি গ’ল৷ সি ৰৈ
থাকিব নোৱাৰে, অতবোৰ
কাম পৰি আছে তাৰ কাৰণে বিয়াঘৰত৷ মটৰ চাইকেলৰ
পৰা নামি দুয়োফালৰ লাইটৰ পোহৰত জিলিকি থকা তাইৰ ঘৰটো কিয় জানো বহু দূৰৈত থকা যেন অনুভৱ হ’ল পূৰ্ণিমাৰ৷
ৰঞ্জু বাৰাণ্ডাত ৰৈ আছে মাকৰ কাৰণে, কেঁচুৱা ইতিমধ্যে শুইছে৷ “তই ঠিকেই আছনে মা!”- শুকান, সৰু হৈ অহা মাকৰ মুখখনলৈ লক্ষ্য কৰি ৰঞ্জুৱে সুধিলে৷ পূৰ্ণিমাৰ কিন্তু এনে
লাগিল যেন তাইৰ উত্তৰ দিয়াৰ আৰু শক্তি নাই৷ হাতৰ ইংগিতেৰে ৰঞ্জুক শুবলৈ কৈ পূর্ণিমাই ততাতৈয়াকৈ
আহি মজিয়াত পৰা নিজৰ বিছনাত বাগৰ দিলে৷
অলপ দেৰি মাত-বোল নোহোৱাকৈ বিছনাতে পৰি থাকিল পূর্ণিমা৷ ইমান দেৰি বিয়াঘৰৰ হুলস্থুলত থকা
বাবে এতিয়া এই নিমাত নিস্তব্ধ পৰিৱেশত তাই কাণত এটা গুমগুমনি অনুভৱ কৰিলে৷ তাইৰ এনে
লাগিল অতদেৰি ঘূৰি
থকা সেই অন্ধকাৰ চকৰীৰ ঘূর্ণন যেন লাহে লাহে শাম কাটিছে৷ কিন্তু তাৰ পৰিৱৰ্তে পুনৰবাৰ আকৌ তাইৰ পেটতো বাজি উঠিছে, ইমান
দেৰি খালী হৈ থকাৰ বাবে পেটটোৱে যেন সজোৰে, বাৰে বাৰে পূৰ্ণিমাৰ বিপক্ষে বিদ্রোহ ঘোষণা
কৰিছে
৷
ভাত আছিল নি?-ৰঞ্জুক সেহাই সেহাই সুধিলে পূর্ণিমাই৷
ৰঞ্জুৱে
ক’লে তাই দিনত ভাত বনাব লগা নহ’লেই৷ ওচৰৰ নিৰুহঁতৰ ঘৰত সত্যনাৰায়নৰ পূজা আছিল, তাতে তাই ভালকৈ খাই আহিছে,
কেঁচুৱাকো খুৱাই আনিছে৷
ৰাতিপুৱা চচপেনত থৈ যোৱা ভাতকেইটালৈ মনত পৰিল পূৰ্ণিমাৰ৷ লাহেকৈ
উঠি চুঁচৰি যোৱাৰ দৰে গৈ তাই চচপেনটোৰ ঢাকনিখন তুলিলে – হয়, ৰাতিপুৱাই থৈ যোৱা ভাতকেইটা আছে তেনেকৈয়ে৷ পূর্ণিমাই চচপেনটো নাকৰ আগলৈ নি চালে – হয়, তাই
ভবাটোৱেই হয়, অকণমাণ
টেঙা টেঙা গোন্ধ
এটা আহিছে ভাতখিনিৰ পৰা৷..
একো নাই, ওচৰৰ ঘটিটোৰ
পৰা পানী অলপ ঢালি ললে তাই৷ নিমখ এজেবা সানি খৰধৰকৈ প্ৰথম গৰাহ ভাত মুখত দিলে পূর্ণিমাই - আহ...কি
অমৃতৰ দৰে সোৱাদ হৈ পৰিছে ভাতখিনি !
সেই নিমাত নিস্তব্ধ ৰাতি পূর্ণিমাই পানী
ঢালি লোৱা ভাতখিনি গো-গ্রাসে খাবলৈ আৰম্ভ কৰিলে৷
গল্পকাৰৰ ঠিকনা:
মাৰফৎ - ডাক অধীক্ষকৰ কাৰ্য্যালয়
ভাৰতীয় ডাক বিভাগ,
যোৰহাট-৭৮৫০০১
ম’বাইল-৭০০২৮১০৩৩১

