অন্যযুগ/


অসীম ঈশানৰ জীৱন চৰিত


জীৱন কিশোৰ
 

অসীম এজন অকণৰ দৰেই সৰল ল'ৰা। তাৰ মাক-দেউতাকৰে সৈতে এটা সৰু ঘৰ, অলপ খেতি-মাটি আৰু এহাল গৰু আছে...

ভাৰতৱৰ্ষৰ উত্তৰ-পূবত অৱস্থিত অসম নামৰ ঠাই এখনত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে এটা সাধাৰণ পৰিয়ালত অসীমৰ জন্ম হৈছিল। সাধাৰণতে নকৰাৰ দৰে তাৰ পিতৃ-মাতৃও তাক লৈ বিশেষ কিবা আশা কৰা নাছিল। যেনে-তেনে সি ডেকাল'ৰা হৈ দুপইচা উপাৰ্জন কৰিব পৰা হোৱাটোৱে তেওঁলোকৰ বাবে বহুত ডাঙৰ কথা আছিল।

আপোন সন্তানক মাক-দেউতাকে যিমানখিনি মৰম-চেনেহ কৰিব লাগে তাৰ ক্ষেত্ৰতো ইয়াৰ কোনো ব্যতিক্ৰম হোৱা নাছিল। বুকুৰ মৰম উজাৰি মাক ৰুক্মিণীয়ে তাৰ আলপৈচান ধৰিছিল আৰু দেউতাক লোহিতে তাক আপডাল কৰিছিল আপোন-পাহৰা হৈ। প্ৰাকৃতিক তেজৰ টান, অপত্যস্নেহ; তাত কোনো মুখা-পিন্ধা অভিনয়ৰ স্থান নাই••••

৩১ ডিচেম্বৰ তাৰিখটো এইবাবেই বিশেষ হৈ উঠিছিল যে ঠিক সিদিনাৰ পৰাই ইকালৰ আটাইতকৈ ডাঙৰ মতভেদটো আৰম্ভ হৈছিল আৰু আজিলৈকে সেই বিবাদ দুটা শক্তিশালী পক্ষৰ মাজত অবিৰত চলিয়ে আছে। সেইখিনি সময়ৰ পৰাই এটা যুগৰ সূচনা হৈছিল আৰু 'অসমাব্দ' নামৰ দিনপঞ্জীখনৰ আৰম্ভণিৰ দিনটো সেই তাৰিখটোৱেই হ'ব বুলি নিৰ্ধাৰণ কৰা হ', যদিও কথাটো অতিৰঞ্জিত, যুক্তিহীন আৰু শব্দটো লজ্জাকৰ বুলি এটা মহলত তৰ্ক-বিতৰ্ক চলিলে। কিছুমানে তাকে 'অসমাপ্ত' বুলি ইতিকিং কৰি হাঁহিলে।

আমাৰ প্ৰস্তাৱিত জীৱনীৰ বৈশিষ্ট্য আৰু প্ৰয়োজনসমূহ খুবেই সাধাৰণ, তাত জটিলতা অথবা কৃত্ৰিমতা একো যে নাই সেইটো স্পষ্ট হ'বলৈ কেইটামান বিশেষ পৰামৰ্শ দিয়া হ'ল। 

প্ৰথমতে, জীৱনীখন হ'ব লাগে সহজ-সৰল, এক প্ৰকাৰ মেদহীন পোনপটীয়া। পঢ়াশালিৰ ছাত্ৰ-ছাত্ৰীয়ে সহজতে ধৰিব পৰাকৈ তাক নিৰ্মাণৰ দিহা কৰা হ'ল।

সেউজীয়া ঘাঁহনি-বন-জংঘল, নদ-নদীৰ বৰ্তনী-শৃংখলা আৰু মুকলি আকাশৰ অন্তৰংগতাত প্ৰাণ পাই উঠা অকৃত্ৰিম সামাজিক জীৱন বাহিৰতো এক আকৰ্ষণৰ বিষয়। প্ৰকৃতিৰ সংস্পৰ্শতেই সৰলতা লুকাই থাকে। গতিকে সৰল-সহজ-সৰস এখন জীৱনীমূলক ৰচনাৰ প্ৰেক্ষাপটৰ বাবে অসম এখন উপযুক্ত ঠাই। ইয়াৰ মাটি-পানী-বতাহত সাঙুৰ খাই আছে অতুলনীয় সজীৱতা । মানুহৰ কৰ্মময় জীৱনেই য'ত সংস্কৃতিৰ মূল আধাৰ হয় তাত সৰলতা মুখ্য গুণ হোৱাই স্বাভাৱিক।

লাগতিয়াল তথ্যবোৰ সহজে গোটাই লবলৈ ইয়াত বিশেষ বাধা-নিষেধ নাথাকে। সুধিলেই কথাবোৰ সলসলীয়াকৈ ক'ব পৰা মানুহৰো অভাৱ নাই। ভুল কৰি খোলা-খুলিকৈ কৈ দিলেই সকলোবোৰ দোষ যিহেতু ইয়াত মৰিষণ হয়, গতিকে কোনেও নজনাকৈয়ে দয়া-ক্ষমা, মমতা-সহানুভূতি আদি ভাবনাবোৰ ইয়াৰ মানুহৰ অন্তৰত অৱলীলাক্ৰমে সাৰ পাই উঠিবলৈ ধৰে। যিমানে ডাঙৰ ভুল নকৰক লাগিলে "ঘৰৰে ল'-ছালি" বুলি আকোৱালি ল'ব পৰা মহৎ গুণেৰেও সমৃদ্ধ ইয়াৰ ৰীতি-নীতি।

দ্বিতীয়তে, জীৱনী এখনত থাকিব লাগে আজিৰ সময়ত হেৰাবলৈ লোৱা সাধাৰণ মানৱ-জীৱনৰ সুষম-নিভাঁজ বিবৰণী।

সময়ৰ গতিত দ্ৰুততৰ বিলীন হৈ যোৱাৰ উপক্ৰম হোৱা অসীমহঁতৰ দৰে পৰিয়ালবোৰ তেতিয়ালৈকে বিৰল উদাহৰণত পৰিণত হৈছে। বৰ্তমান অনেক সৰু সৰু গোষ্ঠী-সম্প্ৰদায় পৃথিৱীৰ বুকুৰপৰা নিতৌ নিঃচিহ্ন হৈ আছে। আনহাতে নিজৰ শিপা বিচাৰি নাপাই সেই শ্ৰেণীৰ মানুহবোৰ আধুনিক সংস্কাৰেৰে শিক্ষিত-দিক্ষিত হৈ সংকৰ প্ৰজাতিলৈ ৰূপান্তৰিত হ'বলৈ যো-জা কৰি আছে। অৱশিষ্ট ৰৈ যোৱাখিনিক আমি ৰক্ষণাবেক্ষণ দিব পাৰিবই লাগিব। সিহঁতৰ ৰূপ-ৰস-সুগন্ধ সংৰক্ষণ হ'বই লাগিব পোনপটীয়াকৈ নহ'লেও কোনো সাংকেতিক ভাষা-বিশেষৰ মাধ্যমত। ইয়াৰে কেইবাটাও উপায়ৰ মাজত সাংকেতিক জীৱনী-চৰ্চাও অন্যতম বুলি বিবেচিত হৈছে।

তৃতীয়তে, সঁচা কাহিনী এটা ৰূপায়িত হৈছে নে হোৱা নাই সেইটো নিশ্চিত হ'ব পাৰিব লাগিব। জীৱনী লিখিবলৈ গৈ অহেতুক প্ৰসংশা বা চৰিত্ৰক মহান কৰি তোলাৰ প্ৰয়াসে কথাবোৰ শুনিবলৈ শুৱলা কৰে যদিও সেয়া লাহে লাহে অসত্যকহে প্ৰতীয়মান কৰে। ই তেতিয়া হয়গৈ ইতিহাস বিকৃতিৰ আন এক কাৰক।

ইয়াত অসীমৰ কাহিনীটো একেবাৰে সঁচা কহিনী। পূব-পশ্চিম-উত্তৰ-দক্ষিণ সকলোতে সমানে সমহাৰত প্ৰচাৰিত। অগ্নি-বায়ু-ঈশান-নৈঋৎ সৰ্বত্ৰ জনাজাত। অনায়াসে গ্ৰহণ কৰিব পৰা বিধৰ এই কাহিনীত থাকিব পাৰে নিৰ্ভেজাল জীৱনবোধ। দিনপঞ্জীৰ আওতাত থকা প্ৰত্যেকজন বৰনৈপৰীয়াই এই কাহিনীৰ মাজত নিজক বিচাৰি পাব পাৰে।

চতুৰ্থতে হ', ঘটনাতকৈ সাৰাংশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা। কেৰেলাতকৈ গুটি দীঘল মহাকাব্যকায় কাহিনীৰে অজস্ৰ সময় ব্যয় কৰি যদি অকণ সাৰমৰ্ম উদ্ধাৰ কৰিব নোৱাৰি তেন্তে তাৰ লাভ কি হ'? সেয়ে কাহিনীৰ কৃত্ৰিম আৱৰ্তত ঘূৰি নুফুৰি আমি কি বিচাৰিছোঁ তাকেই সঠিককৈ জানিলে উদ্দেশ্যও সফল হয়। চৰ্বিত-চৰ্বণ আলোচনাবোৰ এৰাই চলাটো এটা দৰকাৰী শিক্ষাও।

পঞ্চমত, লুক-ঢাক নকৰাকৈ যি হৈছে তাক চিধাচিধাকৈ কৈ যোৱা, সেয়াই জীৱনীৰ মূলমন্ত্ৰ হ'ব লাগে। অপ্ৰয়োজনত গোপনীয়তা অৱলম্বনে সত্যান্বেষণৰ দুৱাৰ সংকীৰ্ণ কৰি পেলায়। তথ্যবোৰ বিশ্বাসত লোৱাবলৈ স্পষ্টবাদিতাই একমাত্ৰ উপায়।

সৰ্বশেষত ক'ব পাৰি যে জীৱনীৰ বৰ্ণনা অলপ আৱেগ বৰ্জিত হ'বই লাগে। আৱেগ-সৰ্বস্ব ভাবানুভূতিয়ে আমাক এক পক্ষীয় কৰি তোলে। সময়ৰ সঁচা ব্যাখ্যা নিৰপেক্ষ হোৱাটো সমানে জৰুৰী।

এই আটাইবোৰ দিশ চালি-জাৰি চাই এখন জীৱনী লেখাৰ বাবে এটা চৰিত্ৰৰ সন্ধান কাহানিবাৰ পৰাই কৰি থকা হৈছিল, যাৰ জন্ম সেই দিনাখন হোৱা আৰু যিজন সেই ঠাইত ওপজাটো বাঞ্চনীয় আছিল। বহু কেইজনেই এই অৰ্হতাত উত্তীৰ্ণ হৈছিল যদিও সৰলৰৈখিক জীৱনশৈলী আৰু সাধাৰণ ভৰহীন জীৱনদৰ্শনৰ বাবেই অসীমক ইয়াৰ বাবে বাচনি কৰা হ'ল।

আৰু খৰচি মাৰি কৰা বিচাৰ-খোচাৰৰ অন্তত তাৰ নামটোৱেই সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত আৰু গৃহীত কৰা হ'ল।

... লগৰে অকণ আৰু দুই-চাৰিজন ল'ৰাৰ লগত সি পাঠশালাত নাম ভৰ্তি কৰিলে। যিখন পঢ়াশালিৰ এখনো দুৱাৰ-খিৰিকী নাছিল। বিশেষভাৱে ক'বলৈ গ'লে প্ৰতিখন বেৰেই আছিল একোখন দুৱাৰ অথবা খিৰিকী। সংক্ষেপে সেয়া আচলতে এটা অনৰ্থক সাঁথৰ। বাহঁৰ কামিবোৰ সৰি-পঁচি বেৰবোৰ খহি পৰিছিল। ল'ৰা-ছোৱলীসকলে যিফালেই মন যায় সিফালেই শ্ৰেণীকোঠাত সোমাই যাব বা ওলাই আহিব পাৰিছিল। শিক্ষক নোসোমোৱালৈকে মৌ-মাখি উৰাদি শিশুসকলে হুলস্থূল কৰিছিল। মুকলি বতাহ, মুকলিমুৰীয়া পৰিৱেশ, মুকলি চেতনা। ৰং-ধেমালি আৰু হাঁহিৰ খলকনিত উটি ফুৰা এখন অনাবিল আনন্দৰ জগত আছিল পঢ়াশালিখনেই।

তেনে এক বন্ধনহীন মঞ্চত আৰম্ভ হ'ল অসীমৰ জীৱন গঢ়াৰ প্ৰথম কছৰৎ আৰু অধ্যৱসায়।

প্ৰথমবাৰৰ বাবে সি শুনিলে, একে একে কেনেকৈ দুই হয়। প্ৰথমবাৰ সি দেখা পালে, ফলিত কেনেদৰে আখৰবোৰ ঠেং মেলি ঘূৰি ফুৰে। ছবিবোৰ কেনেকৈ নিজে-নিজেই আঙুলিৰ মূৰত জী উঠে । চেকনীৰ আগত কেনেকৈ সৰিয়হ ফুলবোৰ হালধীয়া হৈ ফুলে। কাণচেঁপাৰ পদ্যত- ত্ৰিভূৱনে কিদৰে মৃগপহু চৰে। পিঠিৰ ছালত মলৰ চামনি কোনে মণিচাল ঘঁহি ঘঁহি আঁতৰায়। নোৱাৰা নেওতাৰ গলিত কেনেকৈ টোপনিয়ে বাট হেৰুৱায়, কেনেকৈ দুচকুত জোনাকী উৰে।

ঘৰৰ চালেৰে ৰাতি ৰাতি ভাগ্যৰ তৰাবোৰ কেনেকৈ খহে, সি চাই থাকে। সি সকলো দেখা পালে, অথচ বুজি একোকে নাপালে। কেৱল বুজিলে যে বুজি নাপালেহে এইবোৰ দেখা পায়।

সিফালে বৰনৈ অহৰ্নিশে বৈ থাকিল, ঋতুবোৰ সময়মতে অহা-যোৱা কৰি থাকিল, ইপিনে ঘঁহনি খাই খাই অসীম কেনেবাকৈ দশমৰ ডেওনা পাৰ হ'ল। লগত সদায় অকণ।

পিছদিনা ৰাতিপুৱা ৰুক্মিণীয়ে গোঁসাই থানত এঠগি প্ৰসাদ এৱাঁ-গাখীৰৰ সৈতে আগ বঢ়ালে। অসীম ডেকাল'ৰা হ'ল বুলি ৰাতি লোহিতে সমজুৱাকৈ ঘোষণা কৰিলে আৰু খাহী ছাগলী মাৰি ৰাইজক ভোজ খুৱালে। ভগৱানৰ আশীৰ্বাদত অসীম সকলোৰে চকুৰ মণিত পকা সুমথিৰাৰ দৰেই ভাহি উঠিল ।

গাঁৱৰ সৰু-বৰ যিকোনো কাযে-কামে অসীমৰ প্ৰয়োজন বোধ হোৱা হ'ল।

কাৰ্যালয় বা কাছাৰীৰ কিবা কামৰ আৱেদন-পত্ৰ দিয়াই হওক, চহৰৰ পৰা অহা জনা-বুজা কাৰোবাৰ লগত দু-আষাৰ বাক্য বিনিময় কৰাই হওক, কোনো সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আঁত ধৰাই হওক, গাঁওবুঢ়াৰ লগত গৈ কোনো নেতা-আমোলা-বিষয়াৰ আগত মাত মাতিব লগাই হওক, মেল-সন্মিলনত দুই-এক কথা ক'ব লগাই হওক, এই সকলোতে অসীমেই আগ-ভাগ ল'ব লগা হয়। এনেকৈয়ে গাঁৱত সি দুবছৰ পঢ়ি দ্বাদশ উত্তীৰ্ণ হ'ল।

লগত অহৰহ অকণ।

অসীমে মহাবিদ্যালয়ত ভৰ্তি হ'বলৈ ধৰোঁতে বানে সিহঁতৰ খেতিডৰা উটুৱালে। অগত্যা ৰুক্মিণীয়ে কাণৰ ফুলকৰি, হাতৰ বালা, ডিঙিৰ হাৰ আটাইখিনি বিকি-মেলি পইচা কেইটামান গোটালে আৰু তাক পঢ়িবলৈ চহৰলৈ পঠিয়ালে। দুবছৰ নৌহওঁতেই আকৌ তাৰ পঢ়া খৰচৰ বাবদ গৰুহাল বিকিবলগীয়া হ'ল। সিও কেনেবাকৈ দ্বিতীয় বাৰ্ষিকৰ ডেওনা পাৰ হৈ চহৰীয়া আদব-কায়দাবোৰ অকণকো শিকাব পৰা হ'ল।

সি এটা দলত যোগদান কৰিলে যিটো এজন স্বয়ং-সম্পূৰ্ণ চিৰছাত্ৰ লোকে পৰিচালনা কৰিছিল। বৰ্তমান সময়ৰ হিচাপ-নিকাচ, ভাল-বেয়াৰ মাপ-জোখ তেওঁ ধুনীয়াকৈ লৈছিল। দীঘল দাড়ি খজুৱাই খজুৱাই আনৰ ভুল-ক্ৰুটিবোৰ আঙুলিয়াই ফুৰিছিল । প্ৰথমতে তেখেতে টেঁটুফালি চিৎকাৰ কৰি ৰাজপথ মানুহেৰে ভৰাই তুলিছিল। পিছত পিঠি থপথপাই তেখেতে অনেক শিক্ষাৰ্থীৰে জীৱন গঢ়িলে। সেয়েহে তেখেতক মহীৰূহ আৰু পিতামহ উপাধি দুটাৰে লক্ষ লক্ষ জনতাৰ আগত সন্মানিত কৰাও হ'ল। খিলঞ্জীয়াসকলৰ দুখ-দুৰ্গতি দেখি তেখেতৰ হৃদয় কঁপি উঠে। মিছিল গঢ়িবলৈ তেখেতে সভা পাতে। তাত আগ বাঢ়ি যাবলৈ কোৱা হয়। তাত শাসকীয় পক্ষৰ কোনবোৰ ভুলৰ বাবে আমি কি দুৰ্দশা ভোগ কৰোঁ তাৰ পাতপাতকৈ

বিবৰণ দিয়া হয় আৰু আমি কেনেকৈ ক'লে কথাবোৰ ওপৰৱালাৰ কাণত পৰে, সেইবোৰ কৌশল শিকোৱা হয়। বাচকবনীয়া শ্ল'গানেৰে সমাগত ছাত্ৰসকলক উৎসাহিত কৰা হয়। কি প্ৰয়োজনত কেনেকৈ দেশ আৰু দহৰ বাবে তেজ দিবলগীয়াও হ'ব পাৰে, সেইবোৰ বিশদভাৱে বুজাই দিয়া হয় । ন্যায় প্ৰতিষ্ঠাৰ বাবে মৃত্যুবৰণ কৰিও কেনেকৈ মানুহৰ প্ৰাণত চিৰযুগ জাতীয়তাবাদৰ চিন এৰি থ'ব পাৰি সেইবোৰৰ বিষয়ে বাৰে বাৰে দোহাৰা হয়।

এইবোৰ কথাই অসীমক উদ্বুদ্ধ কৰি তোলে, অকণক উদ্বুদ্ধ কৰি তোলে। লাহে লাহে কথাবোৰে সমূহ বিদ্যাৰ্থীকে আকৰ্ষিত কৰিবলৈ ধৰে। সমদলত সকলোৱে যোগদান কৰিবলৈ লয়।

এনেকৈয়ে এই সময়চোৱাত বৃহত্তৰ আন্দোলনটো গঢ়ি উঠে 'মুক্তক-ঈশান' দলৰ পৃষ্ঠপোষকতাত। ৰাজপথত সমদল, খেল পথাৰত জনসমাৱেশ। বিতচকু পিন্ধি দঢ়িয়া আদহীয়াজন ছাত্ৰৰ বেশত আহে। সকলোৱে তেখেতক বিশ্বাস কৰে, ভাল পায়। সমজুৱাৰ চকুত উজ্জ্বল ভোটা তৰাৰ লেখীয়াকৈ তেখেতে আশাৰ ৰেঙনি সিঁচি দিয়ে। সকলোৱে একমুখে স্বীকাৰ কৰে-- আমি মুক্তি বিচাৰোঁ। আমাৰ দাবী অমান্য হ'ব নোৱাৰে। আমি তেজ দিবলৈ সাজু আছোঁ।••••

সিফালে, ৰুক্মিণী আৰু লোহিতে মাটিখিনি বন্ধকত থৈ অসীমৰ পঢ়াৰ বাবে টকা পঠিয়ায়। ইফালে, অসীমে ৰাজধানী জয়ৰ পৰিকল্পনা কৰে। নিয়াৰীকৈ প্ৰতিটো পদক্ষেপ কেনেদৰে ল'লে কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হ'ব তাকে আদহীয়া ছাত্ৰজনৰ সৈতে আলচ কৰে। তাৰ অভেদ্য ৰূপৰেখা তৈয়াৰ কৰে।

অসমাব্দ দিনপঞ্জী তীব্ৰ গতিত দুপষেক আগুৱায়। সেই দিনপঞ্জীৰ বিৰোধিতা কৰাবোৰো তেতিয়ালৈকে ক্ষান্ত হৈ পৰে।  গাঁৱত অসীমৰ মাক-দেউতাকে মাটিখিনি বিক্ৰী কাৰিবলৈ যো-জা কৰে।

খেলপথাৰত আয়োজিত অনুষ্ঠানৰ ভাষণবোৰত উচ্চাৰিত তেজ আৰু জুইৰ কথা শুনি অসীম ৰ'ব নোৱৰা হয়। উদাত্ত শ্ল'গানেৰে পতাকা হাতত লৈ সমদলটোৰ আগ ধৰে। লগত থাকে অকণ। দ্ৰুত গতিত সিহঁত আগুৱায় ৰাজধানী অভিমুখে। শাসকীয় পক্ষৰ লোকে তেনেকৈ আইন হাতত তুলি নল'বলৈ বাৰে বাৰে সকীয়নি প্ৰদান কৰে।

বিজ্ঞ তীক্ষ্ণধী চিৰছাত্ৰজনে নিজে বুজি লৈ সকলোকে বুজাবলৈ চেষ্টা কৰে যে এই আন্দোলন সদ্যহতে বাতিল কৰিব লাগে। শাসকীয় দলৰ কথাবোৰ পুনৰ্বিবেচনা কৰিব লাগে, দেশ পৰিচালনাত তেওঁলোকৰো সীমাবদ্ধতা থাকে। আকৌ এবাৰ কথাবোৰ ভাবি চোৱা উচিত যে কিয় শাসনতন্ত্ৰই তেনে ব্যৱস্থাৰ আশ্ৰয় ল'ব লগা হ'ল।

এটা ৰাতিৰ ভিতৰতে সলনি হোৱা তেখেতৰ মতামত এইবাৰ কোনেও ভৰসা নকৰিলে। তাতে সেই মন্তব্যত জুইৰ উত্তাপ আৰু তেজৰ সুগন্ধি নাছিল। ইয়াৰ মানুহে তেনেবোৰ চেঁচা নিৰুত্তেজ উক্তি পচন্দও নকৰে। সেয়ে অসীমৰ সমদল ৰাজধানীৰ মুখ্য দুৱাৰৰ পিনে আগ বাঢ়ি গৈ থাকিল। উজ্জ্বল ভোটা তৰা দিনৰ পোহৰত লুকাই পৰাত সকলোৱে অসীমকেই মুক্তক-ঈশানৰ সূৰ্যচিহ্ন দলনেতা ঘোষণা কৰিলে।

১১ মাহ, অসমাব্দ ০০১৯, ১৯তম দিন:

প্ৰশাসনে আন্দোলন অৱৰোধ কৰিবলৈ আগৰেপৰা সতৰ্ক হৈ আছিল। ইয়াৰ বিতং তথ্যও ইতিমধ্যে তেওঁলোকৰ হাতত আহি পৰিছিল। সমদল ৰোধ কৰিবলৈ আৰক্ষী-সেনাদল আগুৱাই আহিল হাতে হাতে বন্দুক-বাৰুদ লৈ। প্ৰতিবাদ অনৰ্গল চলি থাকিল। শ্ল'গানবোৰ উচ্চস্বৰে উচ্চাৰিত হৈ থাকিল ৰাজপথত। উত্তেজনা অব্যাহত হৈ থাকিল।

প্ৰথম শাৰীত খোজ লোৱা অসীমে বুকু ফালি চিঞৰিলে- এই আইন আমি নামানো। নামানো, নামানো।

পিছৰবোৰেও চিঞৰিলে- নামানো, নামানো।

সি আকৌ চিঞৰিলে- বিদেশীৰ আগ্ৰাসন নচলিব। নচলিব, নচলিব।

পিছৰবোৰেও দোহাৰিলে- নচলিব, নচলিব।

সি আৰু উচ্চস্বৰে চিঞৰিলে- বহিৰাগত ইয়াৰ পৰা বাহিৰ হ, বাহিৰ হ।

বাকীবোৰেও আওৰালে- বাহিৰ হ, বাহিৰ হ•••

সেনাদলে সিহঁতক আগ ভেটি ধৰিলে।

অসীমৰ বুকুৰে কেনেকৈ যে গুলীবোৰ পাৰ হৈ গ'ল সি তলকিবই নোৱাৰিলে। তাৰ হাতৰ পৰা সৰি পৰা মুক্তক-ঈশানৰ পতাকাখন অকণে থাপ মাৰি ধৰিলে••••

মাটি বিক্ৰীৰ পইচাখিনি জুই ভাল পোৱা অসীমৰ বাবেই কামত আহিল।

...আৰু অসমাব্দ দিনপঞ্জী দ্ৰুতগতিত চলি থাকিল ০০১৯, ০০২০, ০০২১•••

এই কাহিনী ইয়াত একেবাৰেই সঁচা কাহিনী।

কোনেও ক'ব নোৱাৰিব যে এই কাহিনী তেওঁলোকৰ নিজৰ নহয় বা লোহিত-ৰুক্মিণীক কোনেও চিনি নাপায়। কোনেও ক'ব নোৱাৰিব যে "আমি একো নুবুজিলোঁ অথবা আমি এনে কথা শুনা নাই"। কাৰো ক'বলৈ মৰসাহ নহ'ব যে অসীম ঈশান আমাৰ মাজত নাই বা সি যে এটা যুগজয়ী চৰিত্ৰ নহয় বা সেইটো প্ৰয়োজনীয় এখন জীৱনী লিখাৰ বাবে উপযুক্ত নাছিল।

 

 ঠিকনা :

জীৱন কিশোৰ
মাৰফৎ- উত্তম গগৈ
ফুকন নগৰ, গোহাঁই চুক
(পানী যোগান আঁচনিৰ সমীপত)
শিৱসাগৰ-৭৮৫৬৪০ (অসম)
ফোন- ৭০০২১৪১৫৫৪
ই-মেইল : jibankn@gmail.com
twitter: @JeevanKishoreo07
facebook: https://www.facebook.com/jibankn

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ