অন্যযুগ/


মহাবৃত্ত

বেদান্ত নাথ

 

তিনিআলিৰ দোকানত, আঁহতজোপাৰ তলত গুণগুণনি‌৷ ‌

পদূলিৰ মূৰে মূৰে দুই-চাৰিজনী মাইকীমানুহ বৰ গুৰুত্বসহকাৰে আলোচনাত ব্যস্ত৷ দোকানলৈ যোৱা ৰোহিত কন্দনামুৱা হৈ ঘৰলৈ ঘূৰি আহিছে৷ তাকো কোনোবাই ইতিকিং কৰিলে৷ ববীয়ে কথাটো শুনাৰে পৰা কান্দিয়েই আছে৷  

বাতৰি কাকত, টিভিত নিতৌ এইবোৰ কথা শুনি শুনি অভ্যস্ত হ’লেও‌‌ নিজৰ গাঁওখনত তেনে এটা কথা কোনেও মানি ল’ব নোৱাৰে৷ চাৰিজনীকৈ ছোৱালী আৰু এটা ল’ৰাৰ বাপেকটো হৈ সিনো‌ এনে এটা কাম কৰিব লাগেনে৷ তাকো এইটো বয়সত৷ ধনেশ্বৰ‌ বৰদেউতাই মুখখন বিতৃষ্ণাত বিকটাই দিলে৷ তিনিজনীকৈ ছোৱালী বিয়া দি উলিয়াই দিছে৷ ঘৰতে থকা সৰুজনীৰ ওচৰলৈও কমাৰ গাঁৱৰ নবীনৰ পুতেক অহা-যোৱা কৰিব লাগিছে৷ সিহঁতে এতিয়া মানুহৰ আগত কেনেকৈ মুখ উলিয়ায়৷

জয়ন্ত‌ কোনো বিশেষ মানুহ নহয় গাঁওখনৰ৷ ‌মানুহবোৰে আগতে তাৰ বৰকৈ খবৰ ৰাখিছিল যে তেনেও নহয়৷ কেইবছৰমান আগলৈ জয়ন্তই পুণে নে ক’ৰবাত কোম্পানিত চাকৰি কৰি ল’ৰা-ছোৱালীকেইটালৈ টকা পঠিয়াই আছিল৷ তেনেকৈয়ে মাক নোহোৱা ল’ৰা-ছোৱালীকেইটা ডাঙৰ-দীঘল কৰি তিনিজনী ছোৱালী বিয়াও দিলে৷ কিছুদিন আগতে জোঁৱাইয়েক তিনিটাই আলোচনা কৰি ঘৰতে ব্ৰয়লাৰ ফাৰ্ম এখন খুলি দিম বুলি ঘৰলৈ মাতি আনিছিল৷ যোৱাবাৰ বিহুত ঘৰলৈ আহোঁতে বাৰে বাৰে উৰি আমনি কৰা মাখিৰ জাকটোৰ উৎস উদ্ঘাটন কৰিবলৈ গৈ জয়ন্তৰ ঘৰৰ পাছফালে নতুনকৈ পতা ব্ৰয়লাৰ ফাৰ্মখনৰ কথাটো শুনিছিলোঁ৷

ভাওনাৰ পৰা থিয়েটাৰৰ পৰা ৰাসলৈ চাইকেল কোবাই দীঘল কৈ চুলি ৰাখি বতাহৰ আগত উৰি ফুৰা গাঁৱৰ‌ নায়কসদৃশ ডেকা কেইজনৰ ভিতৰত জয়ন্তও আছিল অন্যতম৷ পাঁচোটা ককাই-ভনীৰ ঘৰখনত জয়ন্ত সকলোতকৈ সৰু৷ দেউতাকক ভালকৈ দেখা মনত নাই বুলিয়েই বায়েক তিনিজনীয়ে আটোম-টোকাৰীকৈ ৰাখিছিল৷ মূৰত থ’লে ওকণিয়ে পাই মাটিত থ’লে পৰুৱাই৷  লগৰ আটাইকেইটাই নাইনতে ফেইল কৰি স্কুল এৰিলেও জয়ন্ত স্কুললৈ গৈ আছিল৷ দুবাৰকৈ মেট্ৰিক ফেইল কৰি তিনি নম্বৰবাৰ কৰ্ম্পাটমেণ্টেল দি জয়ন্তই মেট্ৰিক পাছ কৰিছিল৷ অৱশ্যে এইক্ষেত্ৰত বিশেষ ভূমিকা আছিল ডাঙৰ ভিনিহিয়েকৰ৷  উকীল যেন মানুহটোৱে হেঁচা মাৰি ধৰিহে তাক এই বৈতৰণী পাৰ কৰিছিল৷ ডাঙৰ ভিনিহিয়েক মানুহজন বৰ যুক্তিবাদী৷ সেয়ে গাঁৱত কোনোৱে মুখৰ আগত আৰু কোনোৱে পাছফালে উকীল বুলি মাতিছিল৷ বায়েকৰ ওচৰত পিছে জয়ন্তৰ সাত খুন মাফ৷ অজলা ল’ৰাটোক লগৰীয়াবোৰেহে লৈ ফুৰি বেয়া কৰিলে৷ ইমানৰ পিছতো জয়ন্তৰ কিন্তু এটা বৰ ভাল গুণ‌ আছিল৷ জয়ন্তই বৰ ধুনীয়াকৈ ঢোল বজাব জানিছিল৷ ধোৱাকটাৰ বিহুমেলাত, বৰপুখুৰীপাৰৰ বিহুমেলাত কিমান নাচনীক ঢোল বজাই বলিয়া কৰিলে তাৰ হিচাপ নাই৷ বাকীবোৰে খেতিত ধৰোতে জয়ন্তক বায়েক-ভিনিহিয়েকে বায়েকৰ ঘৰতে ৰাখি হায়াৰ ছেকেণ্ডাৰি পঢ়ুৱাইছিল৷

 

 

ৰাতিপুৱা টিউশ্বন৷ স্কুলৰ পৰা আহি আকৌ দুটাকৈ টিউশ্বন‌৷ ৰাতিপুৱা আবেলি ছেকেণ্ডহেণ্ড চাইকেলখন চলাই টিউশ্বনলৈ যোৱা৷ “আগৰ পৰাই‌ ভালকৈ জোৰ দিলেহে সময়ত ভবামতে ফলাফল আশা কৰিব পাৰি৷ জোৰ পুৰি হাত পালে লাভ নাই৷” নিতৌ পুৱা-গধূলি দেউতাৰ সৰ্তকবাণী৷ এতিয়ালৈ গাঁওখনত কোনেও ৰ্ফাষ্ট ডিভিজন পাই পোৱা নাই৷ ইয়াৰ ওপৰতে ভৰষা৷  সুবিধা পালেই দুই একৰ জাপি দিয়া অনাহুত চাপ৷ ভাল ফলাফল দেখুৱাব লাগিব বুলিয়েই বিয়া সবাহ ভাওনা আনকি আত্মীয়ৰ ঘৰলৈকো মাজে সময়ে গৈ দুদিন দুৰাতি থাকি অহাৰো মুদা মৰি জীৱনটো সাৰ-পানী নোহোৱা হৈয়েই উঠিছিল৷ আনকি গাঁওখনত কি ঘটি আছিল কি নঘটিছিল তাৰো খা-খবৰ নাছিল৷ সন্ধিয়াৰ কালৰ্ভাটৰ আড্ডাটোৱো বন্ধ কৰি দিছিল দেউতাই৷ আমাতকৈ অলপ ডাঙৰ আধাতে স্কুল এৰি হালত ধৰা কেইটাৰ স’তে একেলগে বহি নিষিদ্ধ কিতাপৰ আমেজ লোৱাৰ কথাটো তিনিআলিৰ দুৰ্লভ দোকানীয়ে দেউতাক কৈ দিছিল৷ গাঁওখনো এক প্ৰকাৰ সাৰ-সুৰ নোহোৱাকৈৱে শুই আছিল৷ কোনো গৰম খবৰ নাই৷ হাই-কাজিয়া নাই৷ ৰাইজৰ মিটিংত হৈ-হাল্লা নাই৷ ওকণিমেল-তাঁতৰ মেলবোৰো বৈচিত্ৰহীন৷ নাই যি নাই, ঘৰৰ সীমাৰ জেওৰা ঠেলাক লৈ ভালকৈ কাজিয়া এখনো লগা নাই বহু দিন৷

‌হঠাতে ৰাতিপুৱা টান ভূমিকম্প এটাৰ দৰে তীব্ৰ  জোকাৰণি এটাত গাঁওখন  ‌সচেষ্ট হৈ উঠিল৷  জয়ন্তই ওচৰৰ গাঁৱৰ পমিলাৰ জীয়েক লিলিক লৈ ৰাতিয়েই পলাই গ’ল৷  মাকে ৰাউছিজুৰি কান্দিছে৷  মাজুজনী বায়েকে কালি গোসানীৰ ৰূপ ধৰি তাণ্ডৱ দেখুৱাই আছে৷  ঘৰ সোমালেই দুইটাকে দুচেও কৰিব৷ ককায়েকটো জুপুকামাৰি বাৰাণ্ডাৰ বেঞ্চত বহি আছে৷  উকীল যেন ডাঙৰ ভিনিহিয়েকটো বায়েকক চাইকেলত উঠাই তৰা-নৰা চিঙি আহিছে৷ সকলোৰে নাক কটা গ’ল৷  হায়াৰ ছেকাণ্ডাৰী পৰীক্ষাৰ ৰ্ফম ফিলাপ কৰি দিছিল বায়েকে৷ ঘৰতে ৰাখি পঢ়ুৱাইয়ো আছিল‌৷  ভিনিহিয়েকটোলৈহে বেয়া লাগে৷  দুই একে মন্তব্য কৰিছে৷  অবৈধ অসবৰ্ণ৷  নিছে পলুৱাই৷  ল’ৰা ঘৰ সোমালেই তৎকালীনভাৱে এঘৰীয়া হ’ব৷ ৰাইজৰ ছেক্ৰেটাৰী ব্যস্ত‌ হৈ পৰিছে৷ ‌ন’টিশ্ব ইছু কৰিব লাগিব৷ এটা কপি সিহঁতৰ ঘৰলৈ এটা কপি গাঁও উন্নয়নৰ সভাপতিকো দিব লাগিব৷  লিখিবলৈ আকৌ নৰেনৰ পুতেক নিতুক খাটনি ধৰিবগৈ লাগিব৷ তাৰ আখৰ কেইটা গোট গোট দেখিয়েই ভাল লগা৷ ছেক্ৰেটাৰীৰ কাউৰীঠেঙীয়া আখৰকেইটা ‌ন’টিশ্ব লিখাৰ বাবে কোনোপধ্যেই উপযুক্ত নহয়৷ কিন্তু বায়েকৰ ৰূপ দেখি সি যে ছোৱালী লৈ ঘৰ সোমাৱাৰ সাহস কৰিব সেইটোহে কোনেও ক’ব পৰা নাই৷ সোমাবলৈ দিয়াটোও উচিত নহয়৷ দুজনী বায়েক আৰু ককায়েকটো থাকোতে সি সৰুটো হৈ ছোৱালী পলুৱাই অনা কথাটো কোনেও মানিব ল’ব নোৱাৰে৷ ‌কাৰ্তিক যেন ল’ৰাটোক ভুলাই-ফুচুলাই পমিলাই কলি-মলি ছোৱালীজনী দি ঠগিলে৷ প্ৰেম ইমানো অন্ধ হব পাইনে৷  তিনিআলিৰ দোকানৰ আড্ডাটো গমগমাই উঠিল৷

পমিলাৰ ঘৰত পাঁচজনী ছোৱালী৷ এতিয়ালৈ এজনীহে দিছে৷ ইফালে বয়সত বিয়া পতা চেনাৰামৰো দেহা পৰি আহিছে৷ পমিলা আৰু চেনাৰামে ভালদৰে জানে সোনকালে এজনী এজনীকৈ উলিয়াই দিব নোৱাৰিলে পাছলৈ দিগদাৰি হ’বগৈ৷ জয়ন্ত বায়েকৰ ঘৰত পঢ়িবলৈ যোৱাৰ পৰাই নিতুলৰ ভিতৰি হিংসা এটা আছিলেই৷ সি পিয়নৰ কাম কৰিলে৷ তাইৰ চিঠি তাক দিয়া৷ তাৰ চিঠি তাইক৷ সেইদিনা বায়েকৰ ঘৰৰ পৰা আহি জয়ন্তই লিলিক লগ ধৰিবলৈহে গৈছিল৷ নিতুল পমিলা আৰু চেনাৰামে বুদ্ধি কৰি তাক ছোৱালী দি পঠিয়ালে৷ নিতুলয়েই দুয়োটাকে আনি ৰাতিটো ঘৰৰ ভিতৰতে সুমুৱাই থলে৷ পমিলাৰ ভয় হৈছিল পঢ়ি শুনি জয়ন্ত কলেজলৈ গ’লে লিলিক পাহৰিব৷  গতিকে পমিলাই সুযোগৰ সদ্ ব্যৱহাৰ কৰিলে৷

এবাৰ ওলাই অহা ছোৱালীক দ্বিতীয়বাৰ ঘৰত সোমোৱাই লোৱাৰ নিয়ম নাই৷ বায়েক দুজনী নথকা হলেও বেলেগ কথা আছিল৷ এতিয়া বোৱাৰী কৰি ঘৰত সুমুৱাই লোৱা অসম্ভৱ কথা৷ ৰাইজমেল বহিল‌৷ কোনো‌‌ পক্ষই এটা সন্মতিত উপনিত হব নোৱাৰি হৈ-হাল্লাৰে মেলৰ অন্ত পৰিল৷  সমস্যাটোৰ সমাধান এটা উলিওৱাতকৈ হৰা-জিকা আৰু প্ৰতিশোধৰ কথাটোহে অধিক গুৰুত্বপূ্ৰ্ণ হৈ  উঠিল৷ তাক যেতিয়া যাদু-টোনা কৰিহে ছোৱালী গতাইছে তাৰ উত্তৰো‌ ঔষধ আৰু যাদুৰেই দিব লাগিব৷  ভিনিহিয়েকৰ সন্মতি নাছিল তথাপি ডাঙৰ বায়েক আৰু মাক চাৰিখন গাঁও পাৰ হৈ ঘাঁহি গাঁৱত থকা নীৰু বেজৰ ভৰিত দীঘলে দীঘলে পৰিল গৈ৷ বৰ জয়াল বেজ নীৰু৷ মাজৰাতি কবৰত ভূতৰ স’তে কথা পাতে৷ ঘৰৰ পাছফালৰ তেতেলী জোপাত দুজনী ডাইনী বান্ধি থৈ পূজা দিয়ে অমাৱস্যাৰ ৰাতি৷ বেজৰ বেজালীয়ে কাম দিলে৷ লিলিক নিতুলৰ ঘৰতে এৰি থৈ জয়ন্ত  ৰাতিয়েই পলাই গ’ল৷ আকৌ এবাৰ দুইখন গাঁৱত হুলস্থুল লাগিল৷ ‌পুলিচ আহিল৷ পমিলা আৰু চেনাৰাম কাছাৰি পালেগৈ৷ এৰেষ্ট ৱাৰেণ্ট ওলাল৷  জয়ন্ত নোলাল৷ নীৰু বেজে বেজালী নকৰা হলেও জয়ন্ত পলাল হয় দুদিন পাছত৷ ঘৰলৈ আহিব নোৱাৰে৷ ছোৱালীৰ ঘৰে ছোৱালী ঘূৰাই নলয়৷ নিজাকৈ কিবা এটা কৰিব পৰাকৈও সামৰ্থ হৈ উঠা নাই৷ জয়ন্ত পলাল৷ লিলি বদনামী হ’ল৷  পমিলা আৰু চেনাৰামৰ এইবাৰ একেবাৰ দমি গ’ল৷

নিৰ্বাচনৰ দিন চমু চাপি আহিছে৷ পাঁচ বছৰে দেখা দেখি নোহোৱা নেতা, লিগিৰা-লিকচৌ‌সকলৰ আহ-যাহ ঘন হৈছে নদী কাষৰীয়া পিছপৰা গাঁও কেইখনলৈ‌৷

গাঁৱৰ শিলগুটি দিয়া ৰাস্তাটোত আলকতৰাৰ প্ৰলেপ পৰিছে‌৷ পদূলিয়ে পদূলিয়ে ৰাজনৈতিক দলৰ অফিচ গঢ়ি উঠিছে৷ সন্ধিয়া ঘূগুনি চাহ৷ মাজে মাজে ভোজ-ভাত৷ এইবাৰৰ নিৰ্বাচন আগৰ নিৰ্বাচনবোৰৰ দৰে নহয়৷ আৰ্মি অপাৰেশ্বনে জুৰুলা কৰা নৈপৰীয়া হাবিতলীয়া গাঁও কেইখনত মানুহবোৰ অসন্তুষ্ট হৈ আছে৷ আৰ্মি অপাৰেশ্বনে গাঁৱৰ কেইবাটাও ল’ৰাক ঘূণীয়া কৰিছে৷  সংগঠনৰ ল’ৰা বিচৰাৰ নামত আৰ্মিয়ে ধৰি লৈ গৈ বেয়াকৈ মাৰ-পিট কৰা কথাটোৰ পৰা মানুহবোৰ ক্ষোভত আছে৷ সকলোৰে মনত ক্ষোভ‌ আৰু খং৷ ৰাজনৈতিকভাৱে অসচেতন  মানুহবোৰো সচেতন হৈ উঠিছে৷ মানুহক নিৰপত্তা লাগে৷ সন্ধিয়া ওলাই গলে ঘূৰি অহাৰ৷ ৰাতি ৰাতি শান্তিৰে টোপনি যোৱাৰ৷ পুৱতি নিশা দুৱাৰত পৰা অনাহুত বুট জোতাৰ কোবৰ পৰা মানুহক নিৰাপত্তা লাগে৷ নিৰ্বাচনৰ উত্তেজনাই আন সকলো কথা তল পেলাই৷ এই উত্তেজনাৰ আমেজৰ ওচৰত অন্য আমেজ নিস্প্ৰভৱ হৈ পৰে৷ কৰঙনৰ চুকত উঠি অহা খৰ এটুকুৰা খজুৱাই থকাৰ আমেজতকৈয়ো ইয়াৰ আমেজ অধিক৷ ইমানবোৰ উত্তেজনাৰ মাজত লিলি বদনামী হোৱা খবৰটোৰ আমেজ নিস্প্ৰভ হৈ পৰিল৷ তাৰ মাজতো লিলিক চাবলৈ দৰা আহিলে ওচৰঘৰীয়া দৰা ঘৰৰ অধিক শুভাকাঙ্খী হৈ পৰে‌৷ জয়ন্তৰ লগত কেই ৰাতিমান কটাই আকৌ ঘূৰি অহাৰ কথাটো জনাৰ‌ পাছত বিয়াখন আৰু হৈ নুঠেগৈ৷  লিলি হতাশাৰ গহ্বৰটোৰ আৰু অলপ গভীৰলৈ সোমাই .......

     নিৰ্বাচন যেনেকৈ আহে যায়ো তেনেকৈ৷ ‌ কিন্তু এইবাৰ যোৱাৰ পৰত মানুহখিনিৰ মনত দকৈ আঁচ এদাল টানি থৈ গ’ল৷ নিৰ্বাচনৰ আগৰ গাঁওখন আৰু পাছৰ গাঁওখন একে হৈ নাথাকিল৷ প্ৰচাৰ কৰি ৰাতি দেৰিকৈ উভতি আহোঁতে মোহন বৰদেউতাৰ পিঠিত উগ্ৰজাতীয়তাবাদীৰ লাঠিৰ কোব পৰিল‌৷ নিৰ্বাচনত জিকা পক্ষই বিৰোধী পক্ষৰ পদূলিত বোমা ফুটাই ফূৰ্তি কৰাৰ ঘটনা আগতে ঘটা নাছিল৷ এইবাৰ নতুন ঘটনা দেখিলে মানুহবোৰে৷ গাঁৱত ৰাজনীতি সোমাল৷ গাঁও ফাট মেলিল‌৷ ‌গাঁও বুঢ়াই ৰাজহুৱা মিটিংত আক্ষেপ কৰি উঠি গ’ল৷

ইমান দিনে দৰমহা নোপোৱাকৈ‌ থকা গাঁৱৰ‌ একমাত্ৰ এল.পি স্কুলৰ মাষ্টৰজনে দৰমহা পাইছে৷  গাঁৱলৈ আৰ্মি অহা বন্ধ হৈছে৷ মানুহ মুকলিমূৰীয়াকৈ ওলাই ফুৰিবলৈ সাহস কৰা হল৷ পথাৰত পৰি থকা অচিনাকী মৃতদেহবোৰ নোহোৱা হল৷ ভাওনা, থিয়েটাৰ, ৰাস, বৰ পথাৰৰ বিহুতলী আকৌ ৰজনজনাই উঠিল৷ ঘৈণীয়েক ঢুকুৱা দুটা ল’ৰা-ছোৱালী থকা মানুহ এটালৈ লিলিও বিয়া হৈ গ’ল৷  এজনী এজনীকৈ জয়ন্তৰ দুইজনী বায়েকৰ বিয়া হ’ল৷ ককায়েকে বিয়া পাতিলে‌৷ বিহুৱে ভাওনাই নাতি-নাতিনীৰে ঘৰখন ভৰি থকা হ’ল৷ তথাপি জয়ন্তৰ মাকৰ বুকুত এটুকুৰা খালী ঠাই ৰৈ গ’ল৷  মানুহজনীৰ বুকুত সকলোৰে অগোচৰে অলপমান শূণ্যতাই নিগাজিকৈ খুটি মাৰি বহিল৷

 

চহৰত নিগাজিকৈ থাকিবলৈ লোৱাৰে পৰা এতিয়া বিহুৱে-সংক্ৰান্তিয়ে, পূজাই-ভাওনাইহে মোৰ গাঁৱলৈ অহা হয়৷ গাঁৱলৈ আহি এতিয়া আগতকৈ ভাল লাগে‌৷ গাঁৱৰ ৰাস্তা-পদূলি উন্নত হ’ল৷  বাৰিষা আগৰ দৰে বোকা নহয়৷ মানুহৰ খেৰ-কাঠৰ ঘৰবোৰ পকি হ’ল৷ গাঁৱত লাইব্ৰেৰীৰ অধিৱেশনৰ লগত এতিয়া সৰু-সুৰা গায়ক মাতি ফাংশ্বন পাতিব পৰা হ’ল৷ গাঁৱৰ ভাওনাত আগৰ মেন্ঠল লাইটৰ সলনি বিবিধ লাইটৰ সমাহাৰ ঘটিল৷ বিয়া-সবাহত তাহানিৰ ৰাইজৰ টো-কেৰাহী, টিন পাটৰ ঠাইত টেণ্ট হাউচ, ৰাইজৰ দেউৰী-বিলনীয়াৰ ঠাইত কেটাৰিং পাৰ্টিয়ে ভূমুকি মাৰিলে৷ ইমানবোৰ জাক-জমকতাৰ মাজত দীঘল কৈ চুলি ৰাখি মুকলি বিহুত নাচনীক নচুৱাই নচুৱাই বলীয়া কৰি তোলা জয়ন্ত নামৰ মানুহটোক মানুহবোৰে একেবাৰে পাহৰি পেলালে৷ বায়েক-ককায়েকহঁতেও সংসাৰৰ জেঙাত জয়ন্ত হেৰাই যোৱাৰ কথাটো মনৰ পৰা মচি দিলে৷ মচি দিলে লিলিয়েও ......

গাঁওখনত নতুকৈ লগোৱা WLL ফোনৰে মন কৰিলেই দূৰৈৰ মানুহৰ মাত শুনিব পৰা দিনত ওচৰৰে‌‌ ডাকঘৰটোৰ পৰা গাঁওখনলৈ পিয়ন আহিছে৷ নীলা খামৰ চিঠি এখন গুণগুণনি‌‌ এটা হৈ পাৰ হৈ গ’ল গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ‌‌৷ জয়ন্তৰ খবৰ ওলাইছে৷ জয়ন্তই ঘৈণীয়েক আৰু ছোৱালী দুজনীৰ ফটো পঠিয়াইছে৷ ইমান দিনে অপ্ৰাসঙ্গিক হৈ পৰা জয়ন্ত মানুহটো হঠাতে প্ৰাসঙ্গিক  হৈ উঠিল৷  চিঠিখন বুকুত সুমুৱাই মাকে ৰাউছি জুৰিছে‌৷ বায়েক কেইজনী উধাতু খাই আহিছে‌৷ ঘৰৰ চোতালত এজন দুজনকৈ মানুহ গোট খাইছেহি৷ জয়ন্ত বিয়া পাতি কাকপথাৰত আছে ডাঙৰ ভিনিহিয়েকে জয়ন্তক ঘূৰাই অনাত আপত্তি কৰিলে৷ সি য’ত আছে তাতে থাকক৷  ইয়াৰ পৰা মানুহ গৈ চাই আহকগৈ৷ মাকে কথাটো মানি লবলৈ টান পালে৷ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহক৷ নাতি পোৱালি দুটা তেওঁৰ চকুৰ আগত ডাঙৰ হওক৷ মাকৰ মৰম আৰু জেদৰ ওচৰত   সকলোৱে হাৰ মানিলে ......

 

আগৰ জয়ন্ত আৰু এতিয়াৰ জয়ন্তৰ মাজত আকাশ আৰু মাটিৰ পাৰ্থক্য৷ নায়ক সদৃশ চেহৰা শুকাই শীৰ্ণকায় হ’ল৷ গালত দুফালে দুটুকুৰা ডাঠ ক’লা দাগ৷ দীঘল চুলি সৰি কপালৰ দুয়োফালে জোঙা হৈ সোমাই গ’ল৷ কপাল বহল ‌হৈ চোতাল যেন হ’ল৷ জয়ন্তৰ অহা দুদিন হ’ল কি নহল৷  কোনোবাই অলপমান আমেজ লবলৈকে পমিলাক উচতাই লিলিৰ কেচটো খুচৰি দিলে৷ আকৌ কৰ্ট -কাছাৰি, থানা, জামিন, লটি-ঘটি৷  লিলিয়ে মাকৰ গা বেয়া বুলি ফাঁকি দি গিৰিয়েকে নজনাকৈ আহি কেচ উঠাই লোৱাতহে  জয়ন্তই স্থায়ীভাৱে ৰেহাই পালে৷ প্ৰতিশোধ লবলৈ যোৱা মানেই গোপন অধ্যায় এটা খুচৰি তাইৰ সংসাৰখন‌ আকৌ এবাৰ নষ্ট কৰা৷ ‌জয়ন্ত আকৌ এবাৰ হাৰি গ’ল লিলিৰ ওচৰত৷ সৰু মানুহৰ জয় আৰু পৰাজয় মূল্যহীন৷ তথাপি নিজৰ ওচৰত সৰু হৈ গ’ল জয়ন্ত৷  দুবটল ফটিকা খাই হৰেণৰ ওচৰত হেঁপাহ পলুৱাই কান্দিলে সি৷     

তেনেকুৱাতে জয়ন্তৰ জীৱনত আৰু দুটা ঘটনা ঘটিল৷ প্ৰেছাৰ উঠি পৰি যোৱা মাকৰ সোঁ ফালটো অকামিলা হৈ পৰিল৷ কিছুদিন বিছনাতে পৰি থাকি মাক সিফলীয়া৷ পিছে পিছে চেৰিব্ৰেল মেলেৰিয়াত ভূগি তাৰ ঘৈণীয়েকজনী৷ তিনিজনী ছোৱালী আৰু সৰু ল’ৰাটো লৈ জয়ন্তই অন্ধকাৰ দেখিলে৷ এই অন্ধকাৰ অমাৱস্যাৰ অন্ধকাৰতকৈও ভয়াবহ৷ চিৰস্থায়ী৷ মৃত্যুৰ মোহনালৈ বৈ থকা নিৰৱধি৷ পৰিয়ালৰ গাঁৱৰ‌ সকলোৱে জয়ন্তক আকৌ বিয়াৰ বাবে জোৰ দিলে৷ আগত জীৱনটো পৰি আছে৷ ল’ৰা-ছোৱালীকেইটা ডাঙৰ কৰাৰ কথা আছে৷ জয়ন্ত‌‌‌ মৌন হৈ ৰ’ল৷ বায়েককেইজনীয়ে সহায় কৰিলে৷ ছোৱালী তিনিজনী আৰু ল’ৰাটো বায়েক, ককায়েকৰ তদাৰকত এৰি জয়ন্ত দূৰণিত কাম বিচাৰি ওলাল৷ পলাবলৈ বিচাৰিছিল সি৷ অতীতৰ পৰা৷ বৰ্তমানৰ পৰা৷ ‌শেষহীন অন্ধকাৰৰ পৰা৷ এই অন্ধকাৰৰ পৰা আঁতৰি বহু দূৰলৈ‌ নগলে‌ অন্ধকাৰে তাক গিলি পেলাব৷ জীয়াই থাকিব লাগিব সি৷ ল’ৰা-ছোৱালী কেইটাৰ বাবেই জীয়াই থাকিব লাগিব৷

 

মানুহ নিজক লৈ সন্তুষ্ট নহয়৷ ‌হাততে পোৱা খিনি প্ৰৰ্যাপ্ত নহয়৷  ৰঙচঙীয়া পৃথিৱী এখনে অহৰহ মানুহক হাত বাউলি মাতে৷ কি গাঁও কি চহৰ৷ সুস্থিৰ ঘৰখন, সংসাৰএখন থকাৰ পাছতো মায়ময় পৃথিৱীৰ সন্ধানত মানুহ দৌৰি যায়৷ টিভিত, বাতৰিত এইবোৰ খবৰৰে প্ৰাধান্য এতিয়া৷ ‌মানুহৰ মনোজগতখন‌‌ জটিল হৈ গৈ আছে দিনক দিনে৷ প্ৰথম গিৰিয়েকটো‌ বিয়াৰ এবছৰতে এক্সিডেণ্টত ঢুকুৱাৰ পাছত প্ৰণীতা আকৌ এবাৰ বিয়াত বিহিছিল‌৷ দেউতাকে ঘৰতে ৰাখি ল’ৰা এটা চাই-চিটি বিয়া দিছিল৷ তাইৰ ল’ৰাও এটা হ’ল৷ তাৰ পিছতো সংসাৰত তাইৰ আউল লাগিল‌৷ গিৰিয়েক মোবাইলত ৰীলচ বনোৱা কোনোবা মহোময়ী সুন্দৰী এজনীৰ মোহত পৰিল৷ তাই ভাগি আহি ঘৰ পালেহি৷ বিয়া দিয়া ছোৱালী গুচি আহি মাকৰ ঘৰত থকাৰ কথাটো সহজভাৱে ল’ব পৰাকৈ গাঁওবোৰ এতিয়াও‌ আধুনিক হৈ উঠা নাই৷ ‌তাই বুজি নোপোৱা নহয় মাক-দেউতাক, ককায়েকৰ ওপৰত তাই বোজা হৈ উঠিছে৷ দেউতাক জীয়াই থকালৈ ঠিক আছে তাৰ পাছত৷ দেউতাকক তাইৰ দায়িত্বৰ পৰা মুক্তি দিবলৈ তাই ভিতৰি অস্থিৰ হৈ উঠে৷

 

ব্ৰয়লাৰ মূৰ্গীৰ ব্যৱসায়টো ভাল চলিছে গাঁৱত৷ কেইবাখনো ব্ৰয়লাৰ ৰ্ফাম হৈছে৷ দুখন কৈ ব্ৰয়লাৰ মাংস কটা দোকানো হৈছে৷ তিনিওটা জোঁৱাইয়েকে আলোচনা কৰি ব্ৰয়লাৰ ৰ্ফাম এখন খুলি দিয়াৰ কথাটোকে ঠিক কৰি জয়ন্তক ঘৰলৈ ওভটাই আনিলে৷ জীৱনটোৰ বেছিভাগ সময় জয়ন্তই ঘৰৰ বাহিৰতে কটালে‌৷ জীৱনত সুখ আহিছিল যদিও সেইয়া ক্ষণিকৰ বাবে৷ তাৰপাছত গোটেই জীৱনজুৰি কষ্ট আৰু ত্যাগ৷ একাকীত্ব আৰু শূণ্যতাই  হেঁচা মাৰি ধৰে জয়ন্তক৷ সন্ধিয়াবোৰ দীঘল হৈ গৈ থাকে৷ ৰাতিবোৰ ডুব যায় এতিয়া নীৰবতাত৷  দূৰণিত বাজি থাকে দুখৰ বাঁহী এটা অহৰহ৷  মানুহক স্পৰ্শৰ প্ৰয়োজন৷ কোনোবাই হাতত হাত থওক৷ আগৱঢ়াই দিয়ক অলপ সহচৰ্য৷ শেষলৈ আগবাঢ়ি যাবলৈ অলপমান সাহস‌৷ সমানে সমানে খোজ দি আগুৱাই যাবলৈ এজন সঙ্গী৷ বাৰাণ্ডাত বহি চাহ একাপ হাতত লৈ আবেলিৰ ডুব যোৱা বেলিটোৰ শেষ ৰ’দকণ চাবলৈও শেষ বয়সত লগ এটা লাগে৷ জয়ন্ত সন্ধিয়াৰ সময়কণ প্ৰণীতাহঁতৰ ঘৰতে বহেগৈ৷ আগতে পাতলীয়াকৈ গৈছিল৷  এতিয়া সদায় যায়৷ লাহে কথাটো বিয়পিছে৷ জয়ন্ত প্ৰণীতাৰ ওচৰলৈ যোৱা হৈছে৷ প্ৰণীতা বদনামী ভাগি অহা তিৰোতা৷ কথা বিয়পি গৈ জয়ন্তৰ ছোৱালী তিনিজনীৰ ওচৰো পালেগৈ৷ আগ-পিছ নুগুণি, তিলটোকে তাল কৰি, তিনিওজনী প্ৰণীতাৰ ঘৰ ওলালগৈ৷ সিহঁতে এবাৰো দকৈ নাভাবিলে৷ ‌ দেউতাকৰ নিঃসঙ্গতা, শূণ্যতা, একাকীত্বক সিহঁতে নেদেখিলে‌৷ দেউতাকৰ ত্যাগো মনত নপৰিল সিহঁতৰ৷ বহু কথাই চাব নোৱাৰে সিহঁতে৷ বৃত্তটোৰ বাহিৰলৈ ওলাই আহি সিঁহতে একোৱেই চাব নোৱাৰে এতিয়া৷ ককায়েকে ইমান দিনে বিচাৰি থকা সুযোগটো সিহঁতে আনি দিলে৷  প্ৰণীতাক ঘৰ এৰি যাবলৈ কৈ ককায়েক গৰজি উঠিল৷    

গাঁওখনত হুলস্থুল লাগিল৷ সকলোৱে বিতৃষ্ণাত, ঘৃণাত নাক কোচাইছে৷ বিয়া দিয়া ছোৱালী তিনিজনী ঢপলিয়াই ঘৰলৈ আহিছে৷ কোনোৱে কোনোৱে কৈছে জয়ন্ত পাহাৰৰ ফালে গুচি গৈছে৷ কোনো কোনোৱে জয়ন্ত আৰু প্ৰণীতাক দেখাও পাইছে পুৰণি বাছষ্টেণ্ডটোত, পাহাৰলৈ যোৱা বাছত উঠা৷ জয়ন্ত গুচি গৈছে বদনামী পৃথিৱীৰ পৰা দূৰলৈ৷ ‌ মুক্ত, সৰল, পাকৃতিক, অঘৰী জীৱন এটা আগত লৈ৷ প্ৰণীতা‌ আৰু তাইৰ ল’ৰাটোক লগত লৈ‌ গৈছে৷ বিচৰা ধৰণে জীৱনটো জীয়াই থাকিব খোজা বহু মানুহেই কেতিবা গুচি যায়‌৷ বহু দূৰলৈ৷ অলপমান মুক্ত বতাহৰ সন্ধানত৷ ‌

অলপমান সহচৰ্য, প্ৰেমময় স্পৰ্শৰ এখন হাতৰ বাবে বদনামী হৈ যায় মানুহবোৰ৷ শেষ প্ৰহৰতো‌ পৰিধি ভাঙি ওলাই যায়৷ বদনামী হৈয়ো জয়ন্ত‌ সুখী হৈ থাকক শেষ প্ৰহৰত৷  

 

জালুকবাৰী

৭০৯৯০০৬৬৯২


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ