অন্যযুগ/


কবিপুৰাণ : ব্ৰেণ্ডেড-নন-ব্ৰেণ্ডেড ইত্যাদি

 বেদান্ত নাথ


১


জ্যোতিয়ে কবিতা লিখে৷ আমাৰ প্ৰতিষ্ঠানটোতে কাম কৰে জ্যোতিয়ে৷ মাজে-মাজে ফেচবুকত কবিতা লিখা দেখা পাওঁ৷ তথাপিও কবিতাৰ কিতাপ এখন প্ৰকাশ কৰিবলৈ লোৱা কথাটো  মোৰ মানিবলৈ অলপ টান লাগিল৷ কথাটোৰ প্ৰতি মই বৰ এটা গুৰুত্ব নিদিলোঁ৷
সন্ধিয়া কেবিনতে বহি ইটো-সিটো কৰি আছোঁ৷ ঘৰলৈ যোৱাৰ আগতে দৰকাৰী কাগজ কেইখনমান থান-থিত লগাই থৈ যাব লাগে৷ নহ’লে সময়ত বিচাৰি পোৱা টান হ’য়৷ এনেয়েও বস্তু থৈ পাহৰি যোৱাৰ বেয়া স্বভাৱ এটা আছে মোৰ৷ বাহিৰত উচ্চস্বৰত গান বজাই পিকনিকৰ গাড়ী দুখনমান পাৰ হৈ গৈছে৷ ডিচেম্বৰ মানেই পিকনিকৰ বতৰ৷ এইবাৰ নৱেম্বৰৰ মাজৰ পৰাই
  ঠাণ্ডা পৰিছে৷ ডিচেম্বৰৰ আৰম্ভণিৰ দিনকেইটালৈ চাই এইবাৰ ঠাণ্ডাৰ প্ৰকোপ অলপ দীঘলীয়া হ’ব যেনেই লাগিছে৷

সন্ধিয়া মনীষাক লৈ এফালে যোৱাৰ কথাও আছিল৷ আনদিনাৰ দৰে অফিচত আজিও দেৰিয়েই হ’ল৷ ফাইলটো সামৰি-সুতৰি থওঁ মানে কেবিনত টোকৰ পৰিল৷ মূৰ তুলি চাই দেখোঁ জ্যোতিয়ে মোৰ অনুমতি লৈ অপেক্ষা কৰিছে৷ এইখিনি সময়ত সাধাৰণতে মোৰ লগত তাৰ কাম নাথাকে৷ ইংগিতৰে তাক ভিতৰলৈ সোমাই আহিবলৈ ক’লোঁ৷

কিবা কোৱাৰ আগতেই ওঁঠত হাঁহি এটা লৈ চিঠি এখন মোলৈ আগবঢ়াই দিলে৷ তিনিদিন পিছতে আৰম্ভ হ’বলগীয়া গ্ৰন্থমেলাত তাৰ কবিতাৰ কিতাপ এখন উন্মোচন হ’ব৷ মই যেনেকৈ হলেও উপস্থিত থাকিব লাগে৷  অবাক হৈ তাৰ মুখলৈ চাই থাকিলোঁ৷ সি কবিতাৰ কিতাপ এখন লিখি থকা কথাটোলৈ এতিয়াহে মনত পৰিল৷

দিনৰ দিনটো অফিচৰ কামত ঘূৰি ফুৰা ল’ৰাটোৱে কবিতাৰ কিতাপ উলিয়াব! দিনটোৰ ইমান পৰিশ্ৰমৰ পিছত ৰাতি আকৌ কবিতাৰ চৰ্চা! কিবা এটা মৰম লাগি গ’ল তালৈ৷
তাক উৎসাহ দিবলৈকে অনুষ্ঠানটোলৈ ওলালোঁ৷ মনীষাকো লগতে ল’লোঁ৷ সি ভাল পাব দুয়োকে দেখা পালে৷ প্ৰকাশনটোৰ ষ্টলতে কিতাপৰ উন্মোচন৷ কিতাপৰ উন্মোচক প্ৰতিষ্ঠিত কবি৷ ডিঙিত গামোচা পিন্ধি হাতত কিতাপৰ কপি লৈ ফটোৰ বাবে প’জ দিছে৷ ইমান ডাঙৰ কবি এজনক হঠাতে লগ পাই যাম বুলি ভবাই নাছিলোঁ৷ আমিতো দূৰৈৰ পৰাই কবিতা পঢ়ি কবিৰ গুণমুগ্ধ হৈ থাকোঁ৷

ভঙা-ভঙা মাতেৰে আঁতধৰা ছোৱালীজনীয়ে এটা-দুটা কৈ কবিতা পাঠ কৰি গৈছে৷ উপস্থিত শ্ৰোতাসকলে মূৰ দুপাইছে৷ আমাৰো বুকুবোৰ দুই ইঞ্চি, চাৰি ইঞ্চিকৈ ফুলি উঠিছে৷ সজাই থোৱা শাৰী-শাৰী কিতাপৰ মাজত বগা উজ্জ্বল বেটুপাতৰে তাৰ কিতাপখনো জিলিকি উঠিছে৷

পিছে কবিৰ কথা-কাণ্ডবোৰহে মোৰ বৰ আচহুৱা লাগিল৷ প্ৰতিষ্ঠিত কবিয়ে আমাৰ নতুন কবিৰ এটাও কবিতা পঢ়ি পোৱা নাই৷ প্ৰকাশকে বাটতে পাই মাতি আনিহে গামোচা পিন্ধাইছে৷ কথাৰ ভাৱ-ভঙ্গি দেখি ঘৰত গৈ যে কিতাপখন মেলি চাব তাৰো আশা ক্ষীণ যেনহে ভাৱ হ’ল৷ মনটো সেমেকি উঠিল অলপমান৷ নতুনৰ প্ৰতি পুৰণিৰ অৱহেলা চিৰন্তন৷ পুৰণিয়ে নতুনক হেঁচা মাৰি ধৰি চেপেটা কৰিব খোজা কথাটো আজিৰ নহয়৷ অতীজৰে পৰা বৈ অহা ই এটা পৰম্পৰা৷ যদিও পৰম্পৰাটো অশুভ ৷

“নামী-দামী লেখকে কিতাপ হাতত লৈ উঠা ফটো ফেচবুকত দিলে কিতাপৰ প্ৰ’মোশ্বন ভাল হয়৷ কিতাপৰ ভিতৰত কি আছে সেয়া জানক বা নাজানক কথা নাই৷ মূল কথা এড্‌ভাৰটাইজহে৷ এড্‌ভাৰটাইজ ভাল হ’লে প্ৰথম ঢৌতে কিতাপ পাঠকৰ হাতত পৰেগৈ৷ কেনেবাকৈ টক শ্ব’ জাতীয় কিবা এটা পাতি দিব পাৰিলেতো কথাই নাই৷”

সন্ধিয়াৰ ৰঙীন আড্ডাত বন্ধু প্ৰকাশকৰ বহুমূলীয়া বাক্য কেইশাৰী লৈ মনত পৰি গ’ল৷
ইয়াৰ মাজতে ব্ৰেণ্ডেড, নন-ব্ৰেণ্ডেড লেখকৰ ধাৰণা এটাও আহিছে বোলে৷ কাপোৰৰ ব্ৰেণ্ড, জোতাৰ ব্ৰেণ্ড শুনিছোঁ৷ নিজেও ডাঙৰ দোকানত সোমাই কাপোৰৰ ভাল ব্ৰেণ্ড বিচাৰিছোঁ৷ পিছে লেখকৰো ব্ৰেণ্ড আছে এই প্ৰথম শুনিলোঁ৷

ষ্টলতেই বহি কিতাপখনৰ দুই-এটা পাত লুটিয়াই পাতনিটোকে পঢ়ি চালোঁ৷ পাতনিকাৰ আৰু এখোজ আগবঢ়া৷ এইবোৰ কবিতা হৈছেনে নাই তেওঁ নাজানে৷ ভাষাৰ এনেহেন সংকটৰ সময়ত ভাষাটোৰ চৰ্চা কৰি থকা বাবেহে কবিক বাৰে বাৰে ধন্যবাদ দিছে৷ মই আকৌ ভাষাৰ সংকটৰ কথাটো আগতে গমকে পোৱা নাছিলোঁ৷ পাতনিকাৰৰ লেখাটো পঢ়িহে গম পালোঁ, ভাষাৰ ইমান ডাঙৰ দুৰ্যোগ এটা চলি আছে বুলি!

অনুষ্ঠানৰ শেষত ষ্টলবোৰতে এপাক ঘূৰি-পকি চালোঁ৷ বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত লগৰবোৰৰ সৈতে গ্ৰন্থমেলালৈ আহোঁতে ভাল লগা কিতাপখন কিনিবলৈকো দুবাৰ চিন্তা কৰিবলগীয়া হৈছিল৷ মনীষাই নিজৰ পছন্দৰ কিতাপ লৈছে৷ মইও ভাল লগা কিতাপ কেইখনমান
কিনি ল’লো৷ শেষত ইলাচি চাহ একাপ খাই ঘৰলৈ বুলি গাড়ীৰ ষ্টিয়াৰিং ঘূৰালোঁ৷

ব্যস্ততাৰ মাজতে এইকেইদিন মাজে-মাজে জ্যোতিৰ কিতাপখন পঢ়ি চাইছোঁ৷ যেতিয়াই কিতাপখন মেলি লওঁ, টিঙিচকৈ খংটো উঠি আহে৷ ভাষাৰ দূৰ্দিনৰ মূলতে সমস্ত দোষ তাৰ কবিতা কেইটাৰ ওপৰত জাপি দিয়াৰ তীব্ৰ ইচ্ছা এটা জাগি উঠে৷ গ্ৰন্থমেলাৰ আটাইকেইদিন সি চুটি লৈছে৷ গ্ৰাহক ধৰি ধৰি আনি কিতাপ বিক্ৰী কৰিছে৷ তাৰ ভাগৰ চুটি সি আগতেই লৈ শেষ কৰিলে৷
এতিয়া নতুনকৈ চুটি লৈ ভাষা উদ্ধাৰৰ অভিযানত নামিলেও ভাষাৰ একো হানি-বিঘিনি নঘটে৷ ভালকৈ ভাবি-চিন্তি চাই ওপৰিঞ্চি চুটিৰ দিনকেইটাত ‘লিভ উইদাউট পে’, অৰ্থাৎ বিনা বেতনৰ চুটি৷ অৰ্ডাৰটো পাছ কৰি উঠিহে মনটো অলপমান পাতল লাগিল৷ গোজৰি-গুমৰি থকা খংটোৰ শাম কাটিল অলপমান কোনোমতে...

 

২

মফছলীয়া চহৰখনৰ তেওঁ প্ৰধান কবি৷ যদিওবা এতিয়ালৈকে এটাও কবিতা কোনো আলোচনী বা বাতৰি কাকতত প্ৰকাশ পোৱা নাই, তথাপিও তেওঁ কবি৷ মফছলীয়া চহৰখনৰ স্মৰণিকা বা স্মৃতি-গ্ৰন্থত তেওঁৰ কবিতা নোহোৱাকৈ নচলে৷ স্থানীয় অনুষ্ঠানত কবিতা পাঠ কৰিবলৈ কবিক নিমন্ত্ৰণ জনাই৷ সভা-সমিতিলৈ মাতে ৷ মাজে মাজে শৰাই-গামোচাও যাচে৷

কিছুদিনৰ পৰা কবি অস্বাভাৱিকভাৱে শকত হ’বলৈ ধৰিছে৷ মাজতে এদিন লগ পাই মোক ক’লে, তেওঁ হেনো ভুল সময়ত ভুল ঠাইত আহি উপজিল৷ আকৌ আন এদিনৰ কথা, তেওঁৰ কবিতাবোৰৰ বাবে সৰ্বভাৰতীয় বঁটা-বাহনহে এতিয়া যোগ্য সন্মান৷ মাথোঁ সঠিক ঠিকনাত গৈ তেওঁৰ সৃষ্টিয়ে এতিয়াও টুকুৰিওৱা নাই৷ স্থানীয় অনুষ্ঠানৰ মানপত্ৰ বা গামোচাক তেওঁৰ সৃষ্টিয়ে কাহানিবাই অতিক্ৰম কৰিছে৷

দুদিনৰ বাবে জৰুৰী কাম এটাত কবিৰ চহৰলৈ গৈছিলোঁ৷ সন্ধিয়া কবিৰ ঘৰতে চাহ-মেল৷ কবিয়ে ঘোষণা কৰিলে—ৰাজ্যখনত দুজন কবিহে কবিতকৈ আগবাঢ়ি গ’ল; বাকী সকলো কবিতকৈ এতিয়াও বহু পিছত৷

অলপদিনৰ পৰা মই কবিক এৰাই চলা হৈছো৷ তথাপিও মাজে মাজে ফোন আহে৷ কেতিয়াবা সময়-সুবিধা থাকিলে ধৰো, কবিয়ে নতুনকৈ লিখা কবিতা শুনায়৷ কবিয়ে কিতাপ এখন উলিয়াবলৈ মন মেলিছে৷ ইমান দিনে লিখা কবিতাবোৰ থুপ খুৱাই সংকলন এখন কৰে৷ দিহা-পৰামৰ্শ দি মই তেওঁৰ সহায় হ’ব লাগে৷ প্ৰজেক্টটো  অলপ ডাঙৰেই কবিৰ৷

মোৰো অকস্মাতে পৰোপকাৰী হ’বলৈ ইচ্ছা এটা জাগি উঠিল৷ গুৱাহাটীত থকাৰ বাবে দুজনমান প্ৰকাশকৰ লগত  ভাল সম্পৰ্ক এটাও আছে৷ নিজেই আগভাগ লৈ কথা আগবঢ়ালোঁ৷ গুৱাহাটী গ্ৰন্থমেলাতে কবিৰ কিতাপ উন্মোচন কৰিম৷ প্ৰতিষ্ঠিত কবিক নিমন্ত্ৰণ জনাম৷ নামী পাঠকক দি কবিৰ কবিতা পাঠ কৰোৱাম৷

আচলতে মোৰ উদ্দেশ্য আছিল জীৱনৰ অধিকাংশ সময় মফছলীয়া চহৰখনতে কবিতা লিখি পাৰ কৰা  কবিক বাহিৰৰ পৃথিৱীখনলৈ এপাক উলিয়াই অনা৷ আৰু কোনে জানে, তেওঁৰ কবিতাক পাঠকে আদৰি ল’য়েই কিজানি! কবিও উৎসাহিত হ’ল৷ এইবাৰ তেওঁৰ কবিতাই গ্ৰন্থমেলাত ডংকা বজাব৷ ৰাজ্যখনৰ চুকে-কোনে কিতাপৰ ছেল্ফ  শুৱনি কৰিব কবিৰ কবিতাই৷ সেই লৈ এতিয়া নিতৌ আলোচনা, অনেক কল্পনা, পৰিকল্পনা…

বেটুপাত, প্ৰুফ-ৰিডিং, আউটলেট—সকলো প্ৰস্তুত হৈ উঠিল৷ প্ৰকাশকক আগধন দি ডিটিপিত দিব লাগে মাথোঁ৷ তেনেতে ঘটিল অথন্তৰটো৷ উদাস সন্ধিয়া এটা, ফিকা কবিতা এটাৰ দৰেই ফোনটো বাজি উঠিল৷ ইথাৰৰ সিপাৰে কবি৷

কবিয়ে হেনো মনোভাৱ সলনি কৰিছে৷ যিহেতু কবিৰ সমকক্ষ কবি এতিয়া ৰাজ্যখনতেই নাই, যি দুজন কবিক অনুকৰণ কৰি কবিয়ে উত্তৰণৰ গতি ত্বৰিৎ কৰিছে, সেই দুজন কবিও এই পৃথিৱীত নাই৷ তেনে আৱস্থাত যাৰে-তাৰে হতুৱাই উন্মোচন কৰাই কবিয়ে কবিতাক সৰু কৰিব নোৱাৰে৷ এইয়া হ’ব কবিৰ কবিতাৰ প্ৰতি তীব্ৰ অন্যায়৷ injustice ৷

গতিকে কিতাপ চপোৱাৰ কামটো মফছলীয় চহৰখনৰ স্থানীয় প্ৰকাশকেই কৰিব৷ উন্মোচনো তেওঁ ঘৰুৱা সকাম-ভাগৰ দৰেই কৰা হ’ব৷ গুৱাহাটীলৈ অহাৰ পৰিকল্পনাটো সদ্যহতে কবিয়ে পাছলৈ থৈছে৷ কথাখিনি শেষ কৰি বিশেষ ভঙ্গিমাত ৰহস্যময় হাঁহি এটা মাৰি কবিয়ে কলটো ডিছকানেক্ট কৰি দিলে৷ মই স্থানুৰ দৰে বহি থাকিলোঁ৷ কেইমিনিটমান গভীৰ নীৰৱতা… চশমাযোৰ খুলি চকু দুটা মোহাৰি, মূৰৰ পিছফালে হাত দুখন থৈ চকীখনতে আউজি দিলোঁ৷ প্ৰকাশকক এতিয়া কি বুলি ক’ম…

মনৰ ভিতৰতে জুকিয়াবলৈ ধৰিলোঁ…

***


ভ্ৰাম্যভাষ : ৭০৯৯০০৬৬৯২

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ