অন্যযুগ/


চিকাৰ

বেদান্ত নাথ


 

মনৰ বিষে শৰীৰক অতিক্ৰম কৰিলে, শৰীৰৰ বিষবোৰ গৌণ হৈ পৰে৷ দুদিন ধৰি হাতৰ বিষটোৱে বিদিশাক বৰকৈ আমনি দি আছে৷ ঠাণ্ডাৰ সমান্তৰালভাৱে তাইৰ সোঁহাতখনৰ বিষটোও বাঢ়ি আহিছে৷ ৰাতিপুৱাই যেনে-তেনে ভাত কেইটা ৰান্ধি তাই আকৌ শুই পৰিল৷ ডাক্তৰে কেতিয়াবাই MRI কৰিবলৈ কৈছিল৷ তাই আজি যাম, কালি যাম বুলি থাকোতেই ঠাণ্ডা আহি পালেহি৷ জোৰ কৰি লৈ যাবলৈও কোনো নাই৷ আজি দুসপ্তাহ হ’ল ধুনু স্কুললৈ যোৱা নাই৷ যোৱা কালি তাই তাক বৰকৈ চিঞৰিছিল৷ দুচাটমান ভালকৈ দি উচুপি উচুপি গাৰুটো সাবটি সি সেইফালেই শুই পৰিছিল৷ আজিকালি খং উঠিলে তাইৰ মূৰৰ বিষ এটা উঠি আহে৷ মাৰ খাই উঠি ৰাতিয়েই কিতাপ-বহীবোৰ স্কুল বেগটোত ভৰাই থৈয়ো  আজি সি স্কুল নগ’ল৷ তাক আজি একো ক’বলৈ মন নগ’ল তাইৰ৷  বহুত যত্ন কৰি তাৰ স্কুল নোযোৱা বেমাৰটো এৰুৱাইছিল৷ এতিয়াও আকৌ তাৰ পুৰণা বেমাৰটোৱে উক দিছে৷ তাইৰ গিৰিয়েক অসীমে আগতে ৰাতি মদ খাই আহিলে ধুনু তাৰ ল’ৰা নহয় বুলি প্ৰায়েই কাজিয়া কৰিছিল৷ স্কুল যাবলৈ ভয় কৰা, পঢ়িবলৈ মন-কাণ  নকৰা, অলৌ-তলৌ কৈ ঘূৰি ফুৰিবলৈ বিচৰা—বনৰীয়া স্বভাৱটো তেতিয়া হ’লে ক’ৰ পৰা আহিল ধুনুৰ গালৈ? তাইৰ সুধিবলৈ মন যায়৷ কিছুমান কথা সুধিম বুলিও কেতিয়াবা নোসোধাকৈয়ে ৰৈ যায়৷ স্কুল বুলিলে সাত জাপ মৰা স্বভাৱটো তাৰ যোৱা বছৰৰ পৰা বেছি হৈছে৷ যোৱা বছৰ তাই প্ৰাইভেট চাকৰিটোত ইমান বেছি ব্যস্ত হৈ পৰিছিল যে তাক দিবলৈ তাইৰ হাতত সময়েই নোহোৱা হৈ থাকিল৷ তাৰ খোৱাখিনি ৰেডি কৰি তাই লৰা-লৰি কৰি ওলাই যায়৷ ৰাতি দেৰিকৈ আহি ঘৰ সোমায়৷ ঘৰ পাইয়ো প্ৰজেক্টৰ কামত শেষ ৰাতিলৈ লেপটপত বহি থাকিব লাগে৷ সি কি কৰিছে, কি নকৰিছে—খবৰ ৰাখিবলৈ তাইৰ সময়েই নেথাকেগৈ৷ স্কুলৰ পৰা চিঠি আহিলত তাইৰ ভৰিৰ তলৰ মাটি কৰবাত খহি পৰিল গৈ৷ তিনি মাহ স্কুললৈ যোৱা নাই ধুনু৷ দায়িত্বজ্ঞানহীন মাক বুলি এজাউৰি শুনালেও ক্লাছ টিচাৰে৷ চকুৰ পানী, নাকৰ পানী একাকাৰ কৰি ঘৰলৈ ঘূৰি আহি মূৰত পানী দিবলগীয়া অৱস্থা৷ কোনফালে চাব তাই? দেউতাকৰতো খবৰেই নাই কিমান বছৰ হ’ল ল’ৰাই কি খাইছে, কেনেকৈ ডাঙৰ হৈছে—! তাইক বাৰু সি বেয়া পায়, কিন্তু ল’ৰাটোক! অস্বাভাৱিক যৌন-ক্ষুধা পুৰণ কৰিবলৈ দিন-ৰাতিয়ে তাইক যৌন দাসীৰ দৰে ব্যৱহাৰ কৰা মানুহটোৱে কেনেকৈ ভাবে ল’ৰাটো বেলেগৰ বুলি! বিয়াৰ ছয় বছৰত দিন-ৰাতিৰ হিচাপ আছিল নে কিবা?  ৰাতি টোপনিতো সাৰ পাই উঠি কেতিয়াবা চিঞৰি দিছিল৷ এটুকুৰা কোমল লোভ লগা মাংসৰ বাদে কি আছিল তাই! ৰাতি হ’লে ডিঙিৰ গুৰিলৈকে মদ খাই আহি তাইক মাৰ-ধৰ কৰিব, আকৌ বিছনাত তাইকেই উন্মাদৰ দৰে ছিৰাছিৰ কৰিব৷ তাৰ পাছতো পৰিয়ালৰ মানুহবোৰে জ্ঞান দিয়ে— “ল’ৰাটোক দেউতাকৰ পৰা আঁতৰাই আনি তই ভাল কাম নকৰিলি”৷ তাইৰ গা জ্বলি উঠে৷ নিজৰ মানুহবোৰেই তাইৰ আচল শত্ৰু৷ দিনৰ বেলাত পৰিয়ালৰ ফালৰ পৰা কল আহিলে তাই উচপ খাই উঠে৷ সি স্কুললৈ গৈছেনে নাই যদি সোধে—কি বুলি ক’ব তাই?

ৰাতিপুৱাৰে পৰা সোঁহাতখনৰ কিলাকুটিৰ বিষটো অসহ্যকৰ হৈ আহিছে৷ বিদিশাই টানি-টুনি ব্লেঙ্কেটখনৰে মূৰটো ঢাকি ল’লে৷ বিষত মিহি কেঁকনি এটা ৰূমটোৰ শূন্যতাখিনিত বিয়পি পৰিল৷ বিয়াৰ নতুন নতুনতে কথাবোৰ ইমানো বেয়া নাছিল৷ অসীমে ৰাতিপুৱা তাইক পাচলি কুটা-বচাত লাগি দিছিল৷ কুঁৱাৰ পৰা পানী তুলি দিছিল৷ তাই চাকৰি পোৱা প্ৰাইভেট স্কুলখনলৈ যাওঁতে গাড়ীত তুলি দিবলৈ চকটোলৈ আগবাঢ়ি আহিছিল৷ শাহুৱেকে তাইক বেয়া পালেও তাৰ ছাৰ্পটৰ বাবেই প্ৰথম অৱস্থাত বৰ বেছিকৈ মাত মাতিব পৰা নাছিল৷ পিছলৈ ৰাতিপুৱা হাঁহি-মাতি উলিয়াই দিয়া মানুহটো তাই ঘূৰি অহা অলপমান দেৰি হ’লেই অস্থিৰ হৈ উঠা হ’ল৷ কিবা এক সাংঘাতিক নিৰাপত্তাহীনতাত মানুহটো ধৰফৰাই থাকে৷ ৰাতি ৰাতি ডিঙিলৈ মদ খাই আহি তাইৰ লগত কাজিয়া কৰাটো একেবাৰে সহজ কথা হৈ পৰিল৷ কলেজলৈ নতুনকৈ যাওঁতেই ভাল পাই পলুৱাই অনা মানুহটোৱে তাইৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰা হ’ল৷ তাইক আচৰিত কৰি তাইৰ গাত হাত তোলা হ’ল৷ তাই মাৰ খাই থকা দেখিও শাহুৱেক ননদেক আৰু দেওৰেকে মুখৰে শব্দ এটা নকৰে৷ এৰুৱাই দিবলৈ আগৱাঢ়ি নাহে ৷ তাইৰ যন্ত্ৰণা-কাতৰ কান্দোনেও গা লৰাব নোৱাৰে সিহঁতৰ৷ তাইৰ বগা ছালখন মাৰ খোৱা  দাগৰে ক’লা পৰি আহে ...

এবাৰতো মূৰটো বাৰাণ্ডাৰ পকা খুঁটাত মাৰি থেঁতেলিয়াই দিছিল৷ ঘৰত দেউতাকহঁতে ভাল বোৱাৰী হ’ব পৰা নাই বুলি ওলোটাই তাইকহে দোষ দিলে৷ কাজিয়া কৰি ঘৰলৈ আহিলেও আকৌ বুজাই-বঢ়াই থৈহে আহেগৈ৷ তাই নিজে বাচি লোৱা জীৱন এইটো৷ কাকো দোষ দিব নোৱাৰে তাই৷ মাৰ খাই হলেও ঘৰখন, মানুহটোক চম্ভালি লোৱাৰ চেষ্টা কৰিব লাগিব!

তাই আশা কৰে দেউতাকে তাইৰ হৈ এবাৰ মাত দিয়ক—মাত্ৰ এবাৰ৷ এনে কি দুৰ্বলতাই দেউতাকৰ ডিঙিত চেপা মাৰি ধৰে  তাই নাজানে৷ একালৰ দপদপাই থকা মানুহজন  ইমান দুৰ্বল হৈ পৰে যে! হয়তু তেওঁ ভনীয়েকৰ কথা ভাবে, সৰু হৈ থকা ভায়েকটোৰ কথা ভাবে! তাইক ঘূৰাই লৈ যোৱা মানে ভনীয়েকৰ বিয়াখনলৈ সমস্যা এটাৰ সৃষ্টি হোৱা! তাইৰ প্ৰতি দেউতাকৰ ক্ষোভ নথকাও নহয়৷ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ডিভিজন পোৱাৰ পাছত দেউতাকে তাইক কলেজত এড্‌মিশ্বন দিছিল৷ তেওঁ পঢ়ুৱাব খুজিছিল তাইক৷ কিন্তু বছৰ এটা পঢ়িয়েই তাই কিতাপবোৰ বেগ এটাত ভৰাই অসীমলৈ পলাই গুচি আহিল৷ কিতাপৰ বেগ নিয়া ভাগেই পৰি থাকিল৷ বিদিশাই বৈ অহা চকুপানীবোৰ হাতৰ তলুৱাৰে মচি ল’য়৷ কিছুমান ভুলৰ সংশোধন বৰ জটিল৷ নৰকৰ দুৱাৰখন নিজেই খুলি লৈছে তাই৷ ধুনু জন্মৰ আগত তিনিবাৰকৈ এৰ্বচন হৈছিল৷ বিয়াৰ বয়স নোহোৱা সহজ-সৰল ল’ৰাটোক ভুলাই-ফুচুলাই পলাই আহিছে তাই৷ শাহুৱেকৰ চিধা কথা—মাক হ’ব নোৱাৰে তাই এতিয়াই৷ ধুনু গাত আহোঁতেও চেষ্টা কৰিছিল৷ সেইবাৰ ভাগ্য ভাল আছিল বুলিহে, নহ’লে…    

ডেলিভাৰিৰ সময়ত বিদিশা অকলেই গৈ এডমিট হৈছিল হস্পিটালত৷ এজনী নাৰীৰ প্ৰতি আন এজনী নাৰীৰ ইমান তীব্ৰ আক্ৰোশ! তাই কষ্ট পালে, মাৰ খালে—শাহুৱেক আৰু নন্দেকে মনে মনে ভালহে পায়৷ কেতিয়াবা তাইক গচকি পেলাই থৈ সি ওলাই যায়৷ পানী, পানী বুলি পকাত পৰি থাকে৷ পানী এগিলাছ দিয়া মানুহ এটা নোলায় ঘৰখনত৷ ধুনু নহা হ’লে তাই নিশ্চয় আত্মহত্যা কৰিলে হ’য়৷ অন্ততঃ ধুনু দেউতাকৰ নিচিনা নহওঁক বুলিয়েই অনিশ্চিত ভৱিষ্যৎ এটা আগত লৈ তাই মাৰ্ঘেৰিটাৰ ঘৰখন এৰি ওলাই আহিছিল ৷ অসীমৰ সৈতে পাৰ কৰা শেষ ৰাতিৰ স্মৃতিয়ে এতিয়াও খেদি ফুৰে বিদিশাক৷ গোটেই ৰাতি তাইক মাৰ-ধৰ কৰিছিল অসীমে৷ হাত দুখন বিষত অকামিলা হৈ তললৈ ওলমি পৰিছিল৷ শেষ ৰাতি তাই বিৰোধ কৰা নাছিল৷ তাই বিচাৰিছিল তাৰ প্ৰতি থকা শেষ আৱেগকণো অত্যাচাৰৰ লগে লগে শেষ হৈ যাওক৷ তাই শৰীৰটোক আগবঢ়াই দিছিল তাৰ সন্মুখত৷ শেষ হ’ব নোখোজা এটা অভিশপ্ত ৰাতি হিংস্ৰ পশুৰ দৰে সি নিৰ্যাতন চলাইছিল৷ তাইৰ যন্ত্ৰণাকাতৰ চিৎকাৰত তিৰবিৰাই উঠিছিল তাৰ চকু দুটা৷ এতিয়া ধুনুৰ গাত দেউতাকৰ স্বভাৱৰ প্ৰচ্ছায়া দেখিলে তাই উন্মাদ হৈ উঠে৷ উধাই-মুধাই মাৰে তাক৷ কালিও তাক মাৰিছে তাই৷ তাক মাৰি উঠি কান্দি কান্দি প্ৰচণ্ড মূৰৰ বিষত শুই পৰিছে লেবেজান হৈ৷ মাজ ৰাতি ধুনুৱে ভাত বাঢ়ি মাতোতেহে গম পাইছে কিমান ৰাতি হ’ল৷      

 

স্কুলীয়া দিনৰ বন্ধু ধনে ডিব্ৰুগড়ত থকাৰ ব্যৱস্থাটো কৰি দিছিল৷ থকাৰ সুবিধাটো হৈ উঠাত, তাই এইবাৰ চাকৰি বিচাৰি ওলাল৷ ডীলাৰবোৰত, কোম্পানীৰ সৰু সৰু অফিচবোৰত, মাৰোৱাৰীৰ দোকানত৷ দিন-ৰাতি একাকাৰ কৰি এসপ্তাহৰ অন্তত অটবাইলৰ ডিলাৰ এটাত কোনোমতে ৰিচেপচনিষ্টৰ কাম এটা যোগাৰ কৰি ল’লে বিদিশাই৷ দিনটো কাম কৰি ৰাতি হ’লে ভাগৰত ধুনুক বুকুত সাবটি টোপনিত লাল-কাল দিয়ে৷ শুবলৈ বিচনা নাই৷ তুলিখনকে পাৰি লয় ফ্ল’ৰত৷ চকুপানী বোৱাবলৈও সময়ৰ অভাৱ তাইৰ৷ সমুখত নিজকে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম৷ ধুনুক ভালকৈ ডাঙৰ কৰাৰ প্ৰত্যাহ্বান৷ ইফালে অফিচত ঘটনাবোৰৰ জনা-জনি হোৱাৰে পৰা তাইক আগুৰি থকা এজাক ৰাং কুকুৰ৷ তাইৰ প্ৰতি সহানুভূতিৰ অভাৱ নাই৷ তাইৰ দুখত দুখী হ’বলৈ এতিয়া ইমান পুৰুষ৷ পুৰুষৰ লুভীয়া চাৱনিক তাই চিনি পাই ভালদৰে৷ এইবোৰ পুৰুষৰ তাইৰ প্ৰতি ক’তো অকণো সহানুভূতি নাই৷ অলপমান সহায়ৰ বিনিময়ত মাথোঁ তাইৰ শৰীৰটো পালেই হ’ল৷ বিশেষকৈ পৌঢ় পুৰুষবোৰ৷ নিজৰ পত্নীবোৰ ক্ৰমাৎ আকৰ্ষণহীন হৈ অহা বেছিভাগ পুৰুষকে এটা কোমল দেহ লাগে৷ ৰংহীন হৈ অহা জীৱনত অলপমান ফেণ্টাছি—তাতকৈ বেছি একো নহয়৷ ঘৰত সকলো একোজন আদৰ্শ পিতৃ, দায়িত্বশীল স্বামী৷ কিন্তু বাহিৰত… 

আনকি অসীমৰ ঘৰতেই তাৰ সম্বন্ধীয় ককায়েক, খুৰায়েকৰ লুভীয়া দৃষ্টিৰ পৰাই ৰক্ষা পৰা নাই তাই৷ অকলে পাই হেঁচা মাৰি ধৰি বিচনাত শুৱাই ল’বলৈ চেষ্টা নকৰাকৈ থকা নাই৷ ইমানবোৰ পুৰুষৰ মাজতো সুজয়ক তাইৰ অলপ বেলেগ যেন লাগে৷ সুজয়ৰ চকুত শৰীৰৰ ক্ষুধা নাই৷ বিদিশাই মন কৰিছে সুজয়ে লুভীয়া চকুবোৰৰ পৰা তাইক নিৰাপত্তা দিব খোজে৷ এই যে নতুন ছোৱালী এজনী আহিলে পুৰণা চতুৰ ছোৱালীকেইজনীয়ে নাইট পাৰ্টিলৈ লৈ যায়৷ কেৰিয়াৰ, আইফোন, আন আন বিলাসী বস্তুৰ লোভ দেখুৱাই ভুলাই-ফুচুলাই বয়স ভাটি দিয়া ডীলাৰৰ মালিকৰ শোৱনি কোঠালৈ লৈ যোৱাৰ ষড়যন্ত্ৰ ৰচে৷ বিদিশাক পৰা নাই সুজয়ৰ চোকা নজৰৰ বাবে৷ আজিকালি সুজয় অফিচলৈ অহালৈ তাই বাট চাই থাকে৷ কোম্পানিটোৰ উত্তৰ-পূৰ্ব সমন্বয়ৰক্ষী বিষয়া হিচাপে থকা সুজয় সদায় একেটা অফিচতে নবহে৷ মাহত এসপ্তাহৰ বাবেহে তাইৰ ব্ৰাঞ্চটোলৈ আহে৷ অফিচত নাথাকিলেও তাইক যাতে কোনেও অসুবিধাত পেলাব নোৱাৰে তাৰ খবৰ ৰাখিছে সুজয়ে৷ কিবা এক ভাল লগা আৱেশত ওপঙি থাকে বিদিশা আজিকালি৷ তাই আকৌ জী উঠিছে ক্ৰমান্বয়ে৷  মাজে মাজে বিদিশাৰ ভাব হয় - ইমান সোনকালে মানুহে আঘাতবোৰ পাহৰিবলৈ ধৰেনে! অসীম তাইৰ বাবে এটা দুঃস্বপ্ন হৈ উঠিছে৷ সুজয়ৰ চকুতো দেখিছে তাইৰ প্ৰতি প্ৰেম৷ সুজয় এজোপা গছ৷ বিদিশা তাত লতা হৈ বগাইছে৷ 

আনফালে সংসাৰৰ জেঙা মাৰি সুজয়ৰ পত্নী ৰীমা যেতিয়া মৰাসূঁতি, বিদিশা চঞ্চল নদী৷ ৰীমা উত্তাপহীন, বিদিশা বহ্নিশিখা৷ সুজয় সোমাই গৈ আছে৷ এতিয়া তাৰ ডিব্ৰুগড়ৰ ৰাতিবোৰ বিদিশাৰ আলিংগনৰে উষ্ম হৈ উঠে৷ মাজনিশা ভাগৰুৱা হৈ সি তাইৰ ৰূমৰ পৰা ওলাই যায়৷        

আন এক টক্সিক ৰিলেশ্বনশ্বিপত ক’ব নোৱৰাকৈয়ে বিদিশাই ভৰি দিছে৷ বাঘৰ গুহা এটাৰ পৰা ওলাই আহি সিংহৰ গুহা এটাৰ ফালে তাই আগবাঢ়ি গৈছে৷ জীৱনে তাইক এটা সুবিধা দিছিল—জীৱনক আকৌ এবাৰ শুদ্ধকৈ সজোৱাৰ...৷ তাই নিজকে প্ৰবোধ দিয়ে, তাইক নিৰাপত্তা লাগে৷ মূৰৰ ওপৰত এটা আশ্ৰয় লাগে৷ এই গোটেই ঘটনাপ্ৰৱাহত ধুনু কৰবাত গৌণ হৈ পৰিছে৷ সুদীৰ্ঘ অৱহেলিত প্ৰেম আৰু শৰীৰৰ চাহিদাত তাই নতজানু৷ সুজয় আৰু বিদিশা যিমান ওচৰ চাপিছে, সিমানেই অফিচৰ ষড়যন্ত্ৰবোৰ সক্ৰিয় হৈ উঠিছে৷ এটা মাত্ৰ অজুহাত লাগে সকলোকে৷ সুজয়ৰ ছিফাৰিছত তাই ৰিচেপশ্বনৰ পৰা একাউণ্টছ পালেহি৷ ঈৰ্ষাত গোটেইবোৰ জ্বলি-পুৰি মৰে৷ তাইৰ অনভিজ্ঞ হাতৰ এটা মাত্ৰ ভুলৰ বাবে খাপ পিটি বহি আছে এজাক ৰাং কুকুৰ৷ এটা মাত্ৰ অজুহাত পালেই মৰাশত শগুন পৰাৰ দৰে ফালি-ছিৰি পেলাব তাইক৷ 

কেইদিনমানৰ পৰা বিদিশাই সুজয়ক হেঁচা দি আছে৷ তাই বিচাৰিছে সুজয়ে সিহঁতৰ সম্বন্ধটোক এটা নাম দিয়ক৷ তাইৰ ওচৰ চাপি আহোঁতে সি বাৰে বাৰে কৈছিল তাৰ অসুখী সংসাৰখনৰ কথা, পত্নীৰ লগত মনোমালিন্যৰ কথা৷ সেই কাৰণেইতো তাই তাক ইমান ওচৰ চাপিবলৈ সুবিধা দিছে৷ এইটো কথালৈ এতিয়া সিহঁতৰ মাজত কথাৰ কটা-কটি পৰ্যন্ত হয়৷ তাই বিচাৰে সি তাৰ পত্নীৰ পৰা আতৰি আহক৷ কেৱল তাইৰ হৈ থাকক সি৷ আধৰুৱা সংসাৰখন পুনৰ সজাব খোজে তাই৷ কিন্তু তাৰ মাজত বিদিশাই আজিকালি অন্য এজন পুৰুষক আবিষ্কাৰ কৰে৷ পত্নী আৰু ছোৱালী দুজনীক সুজয়ে এৰিব নোখোজে৷ দুজনীকৈ ছোৱালীৰ দেউতাক হৈয়ো তাইক ৰক্ষিতা কৰি ৰাখিব খোজে সি৷ কাৰোবাৰ ৰক্ষিতা হ’ব নোৱাৰে তাই৷ বিদ্ৰোহ কৰি উঠে বিদিশাই৷ ক্লান্ত হৈ সি যেতিয়া তাইৰ বিছনাৰ পৰা আধা ৰাতি উঠি যায়, হাহাকাৰ কৰি উঠে তাই৷ এজনী নাৰীয়ে জানে এই যন্ত্ৰণা কিমান অসহ্যকৰ৷ যোৱা ৰাতিও সিহঁতৰ অন্তৰংগ সময়খিনি কথাৰ কটা-কটি লাগিয়েই অস্বস্তিকৰ মুহূৰ্ত এটালৈ পৰিণত হৈছিল৷ খং কৰি সি মাজৰাতি তাইৰ বিছনাৰ পৰা উঠি গৈছিল৷ 

ৰাতিৰ ঘটনাৰ পৰা তাইৰ মনটো বেয়া হৈয়েই আছিল৷ অফিচত আহি পোৱাও অলপ দেৰি হ’ল৷ অফিচত সোমোৱাৰ লগে লগে ষষ্ঠেন্দ্ৰিয়ই বিদিশাক সঁকীয়াই দিলে—অফিচৰ পৰিৱেশটো আনদিনাতকৈ অলপ বেলেগ আজি৷ অসহজ অনুভৱ এটা লৈ বেগটো নিৰ্দিষ্ট স্থানত থৈ ছিষ্টেমটো অন কৰে মানে তাইৰ কেবিনত টোকৰ পৰিল৷ ইতিমধ্যে সুজয়ো আহি পাইছেহি৷ সকলোবোৰ যেন আগৰ পৰাই পৰিকল্পনা কৰি থোৱা আছে৷ পুৰণা বিল এখনৰ কালেকচনক লৈ কিছুদিনৰ পৰা সমস্যা এটাত পৰিয়েই আছিল বিদিশা৷ অফিচটোৰ আটাইতকৈ পুৰণি কৰ্মচাৰী বসুদাক সহায় কৰিবলৈ গৈ তাই বিলখনৰ কালেকশ্বন হোৱা বুলি লেজাৰত দেখুৱাই থৈছিল৷ বসুদাই এসপ্তাহৰ পাছতে জমা কৰাৰ কথা৷ বিলখন আজি দিম, কালি দিম কৈ পিছুৱাই আছে৷ বসুদাক কেইবাদিনো সঁকীয়াইছে তাই৷ এইটো কথা লৈ যে এদিন ডাঙৰ সমস্যা এটাৰ সৃষ্টি হ’ব পাৰে বিদিশাই জানিছিল৷ সুজয়ৰ লগত চলি থকা খেলি-মেলিবোৰৰ বাবে সুজয়কো কথাটো কাণ চোৱাই  থোৱা নহ’ল৷ সেই বিলখনক লৈ‌ এতিয়া সকলোৱে তাইক আগুৰি ধৰিছে৷ তাই টকা-পইচাৰ হিচাপত খেলি-মেলি লগাইছে৷ ইফালে চৰিত্ৰৰো থান-থিত নাই৷ তাইৰ বাবে অফিচৰ বাকী মানুহবোৰে বাহিৰত নাক উলিয়াব নোৱাৰা হৈছে৷ তাইৰ হৈ মাত মাতিবলৈ বসুদা অফিচলৈ অহা নাই৷ তাই কল কৰিছে, তেওঁ ধৰা নাই৷ সুজয়ে তাইক ৰক্ষা কৰিবলৈ আগবাঢ়ে মানে সুজয়ৰ পত্নী পৰিয়ালৰ আন চাৰিজন মানুহৰ সৈতে অফিচলৈ সোমাই আহিল৷ বহু পৰিকল্পনাৰে সিহঁতে আজি তাইক আৰু সুজয়ক ঘেৰিছে৷ সুজয়ৰ পত্নী আগদিনাই আহি তাত হোটেলত থকাৰ কথা সি কোনোপধ্যে জনা নাছিল৷ সিহঁত ইতিমধ্যে অভিমন্যুৰ চক্ৰব্যূহত সোমাই পৰিছে৷ তাৰ পৰা ওলাই অহাৰ সকলো বাট এতিয়া বন্ধ৷ তাইৰ মূৰৰ ওপৰতে গোটেইবোৰ দোষ৷ নিজৰ ঘৰখন ভাঙি, তাই সুজয়ৰ সংসাৰত হাত দিছে৷ ফুচুলাই দেহা দেখুৱাই তাই তাক ৰূমত সুমুৱাই থয়৷ তাই সুজয়ৰ মুখলৈ চাই থাকিল—সুজয়ে প্ৰতিবাদ কৰক৷ তাই সুমুৱাই থোৱা নাই তাক; সিহে জোৰ কৰি তাইৰ জীৱনলৈ আহিছে৷ এজাক হিংস্ৰ ৰাং কুকুৰৰ মাজত তাই অকলে আবদ্ধ হৈ পৰিল৷ সিহঁতে তাইৰ ছালখন বখলিয়াই, তাইৰ মাংসবোৰ ছিৰাছিৰ কৰি পেলালে… 

পত্নীৰ হাতত ধৰি সুজয় ওলাই যোৱাৰ দৃশ্যটোৰ পাছৰখিনি তাইৰ মনত নাই৷ সাৰ পাওঁতে আদিত্য নাৰ্ছিংহ’মৰ বিছনাত শুই আছে‌, হাতত কেন্ডুলা‌ লৈ৷ কাষত মূৰ তল কৰি দেউতাক বহি আছে৷ এটা সুদীৰ্ঘ দুস্বপ্নৰ শেষত তাই সাৰ পাইছে—বিধ্বস্ত, ক্লান্ত৷ সুজয় ক’ত? মন গৈছিল জানিবলৈ৷ সি গম পাইছেনে তাই যে নাৰ্ছিংহ’ম এখনৰ বিছনাত পৰি আছে? নে সঁচাকৈয়ে গুচি গৈছে সি? চাৰিদিন হস্পিতালত থাকি তাই ৰিলিজ ল’লে৷ সুজয় নাহিল৷  বিদিশা ভাড়াঘৰটো এৰি দিবলৈ অমান্তি হ’ল—যদি সুজয়ে বিচাৰি আহে তাইক৷ সুজয়ৰ ম’বাইল অফ৷ অফিচলৈও তাই যাব নোৱাৰে৷ ফেচবুক একাউণ্ট ডি-এক্টিভেট কৰিছে সুজয়ে ৷ তথাপি তাই ৰৈ থাকিল—সুজয় আহিব৷ এবাৰ হলেও সুজয় আহিব তাইৰ ওচৰলৈ৷  

সুজয় নাহিল৷ তাৰ সলনি আহিল অন্য এটা খবৰহে৷ মাকৰ বায়োপ্‌চি পজিটিভৰ খবৰ৷ হঠাতে জীৱনে আকৌ এটা নতুন মোৰ ল’লে৷ আকৌ এটা সাংঘাতিক টাৰ্ন৷ আকৌ এটা দুৰ্ঘটনা ...

 

 

সুজয় নহালৈ ডিব্ৰুগড়ৰ ভাড়াঘৰটোতে ৰৈ থাকিব বুলি জেদ ধৰা বিদিশাই মাকক লৈ গুৱাহাটী পালেহি৷ ট্ৰিট্‌মেণ্ট দীঘলীয়া হ’ব৷ ইমান দীঘলীয়াকৈ ল’জত থকাটো অসম্ভৱ কথা৷ মাৰ্ঘেৰিটাৰ পৰা সদায় অহা-যোৱা কৰাও যথেষ্ট অসুবিধা৷ উপায়হীন হৈ বিদিশাই আকৌ গুৱাহাটীত ভাড়াঘৰ এটা লোৱাই ঠিক কৰিলে৷ তাই মাকৰ লগতে থাকিব ট্ৰিটমেণ্ট শেষ নোহোৱা পৰ্যন্ত৷ দেউতাক মাজে মাজে অহা-যোৱা কৰি থাকিব৷ ওচৰৰে স্কুল এখনত ধুনুৰ এড্‌মিশ্বনো হৈ গ’ল৷ কাম এটা আকৌ দৰকাৰী হৈ পৰিল বিদিশাক ... 

ফাৰ্ষ্ট ষ্টেজতে ধৰা পৰাৰ বাবে মাকৰ ৰিক’ভাৰী দ্ৰুত হৈছে৷ অপাৰেশ্বনৰ পাছত মাক ভালেখিনি সুস্থ হৈ উঠিছে৷ এতিয়া গুৱাহাটীত নিয়মীয়াকৈ নাথাকিলেও হ’ব৷ দৰববোৰ খাই থাকি চ্চেক-আপত আহি থাকিলেই হ’ল৷ মাক ঘৰলৈ যাবলৈ ওলাল৷ কিন্তু বিদিশা অমান্তি হ’ল মাকৰ লগত ঘূৰি যাবলৈ৷ তাই আকৌ পুৰণি দিনবোৰলৈ ঘূৰি যাব নোৱাৰে৷ এতিয়া তাই গুৱাহাটীক আপোন কৰি লৈছে৷ গুৱাহাটীত খাপ খাব পৰাকৈ আদব-কায়দাবোৰ তাই আয়ত্ত কৰিছে৷ এইবোৰৰ উপৰিও আৰু এটা কাৰণ আছে৷ বিদিশাই জানে—তাই গুৱাহাটীত থাকিব বিচৰাৰ আঁৰত লুকাই থকা প্ৰকৃত কাৰণটো তাই মুখ ফুটাই ক’ব নোৱাৰে৷ নাৰীয়ে কেতিয়াও সহ্য কৰিব নোৱাৰে অপমানৰ জুই৷ নাৰীৰ অপমানৰ কাৰণেই কুৰুকুল ধ্বংস হৈছিল৷ নাৰীৰ অপমানতেই লংকা-কাণ্ড৷ আঘাতপ্ৰাপ্ত বাঘিনীৰ দৰে তাই এতিয়া ভয়াবহ৷ প্ৰতিশোধৰ জুইত তাই ৰূ-ৰূৱাই জ্বলে‌ দিনে ৰাতিয়ে৷ সুজয়ে তাইক আকৌ যোগাযোগ কৰিছে৷ এইবাৰ এটা এটা খোজ সাৱধানে দিছে তাই—যাতে সোঁহাতে গম নাপাই বাওঁহাতৰ খবৰ৷ পত্নীৰ হাতত ধৰি যিদৰে সুজয়ে এদিন তাইক এৰি থৈ দূৰলৈ আতৰি গৈছিল, একেদৰেই তাইৰ হাতত ধৰি আঁতৰি আহিব—পত্নীক এৰি থৈ৷ তাই প্ৰতিশ্ৰুতিবদ্ধ নিজৰ ওচৰত ৷ প্ৰতিশোধৰ জুইত জ্বলি চাৰখাৰ হৈ যাব তাইৰ প্ৰতিদ্বন্দ্বীৰ অহংকাৰ৷ শ্বিলঙৰ হোটেলত, গুৱাহাটীৰ নাতিদূৰৈৰ ৰিজৰ্টৰ বন্ধ কোঠাত সুজয়ৰ শৰীৰটো যেতিয়া তাইৰ শৰীৰলৈ সুমুৱাই লয়, ভিতৰি বন্য আদিমতাত উন্মাদ হৈ উঠে তাই৷ সেই দিনটো এতিয়া নিচেই কাষত৷ সুজয় তাইৰ পিছে পিছে ধপলিয়াই আহিব৷ তাক বশ কৰি লৈছে তাই ... 

জয়-পৰাজয় আৰু প্ৰতিশোধৰ ৰাগীত মগ্ন হৈও মাজে মাজে তীব্ৰ বিবেক-দংশনত ভোগে বিদিশাই৷ তাই অস্থিৰ হৈ উঠে৷ সত্ৰত শৈশৱ পাৰ কৰা ছোৱালী তাই৷ আজিকালি প্ৰায়েই শুদ্ধ-অশুদ্ধ, পাপ-পুণ্যৰ সীমাৰেখা ডাল তাই বিচাৰি নোপোৱা হয়৷ ধুনুৰ মুখখন সুজয়ৰ ছোৱালী দুজনীৰ মুখদুখনৰ সৈতে একাকাৰ হৈ পৰে৷  তেতিয়াই সুজয়ৰ প্ৰতি প্ৰচণ্ড ঘৃণাত তাই কোচ খাই যায়৷ সুজয় আৰু অসীম এক হৈ এটা দৈত্যৰ ৰূপ লয়৷ তাইৰ ভাব হয় ৰীমা তাইৰ প্ৰতিদ্বন্দী নহয়৷ ক্ষমা কৰি দিব তাই ৰীমাক৷ সকলোৰে‌ উদ্ধত তাই এজনী মাক৷ প্ৰতিশোধৰ জুইকুৰাত তাই ধুনুক জ্বলি শেষ হৈ যাবলৈ দিব নোৱাৰে৷ তাই বাট চাব৷ কৰবাত নিশ্চয় তাইৰ বাবেও কোনোবা এজন ৰৈ আছে—তাইৰ দৰেই প্ৰতাৰিত, অৱহেলিত হৈ…

 ***

লেখকৰ ভ্ৰাম্যভাষ : ৭০৯৯০০৬৬৯২

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ