অংশুমান শইকীয়া
গাঁওখন পুৱা শুই উঠি ভালদৰে এঙামুৰি ল’বলৈ পালে কি নাপালে,
কথাটো ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিল৷ অহুকাণে-পহুকাণে কথাটো শুনি গোটেই মানুহমখা গাঁওবুঢ়াৰ
ঘৰৰ কাষৰ ফাগুণমহীয়া পথাৰখনলৈ ঢপলিয়াই আহিল৷ ঠিক ম’হ যুঁজৰ আগে আগে খবৰ পাই কেইবাখনো
গাঁৱৰ মানুহ আহি পথাৰ জুমুৰি মাৰি ধৰাৰ দৰে৷ মতা, মাইকী, বুঢ়া-ডেকা গোটেই মখাই পানীৰ
মিনাৰটো বেৰি ধৰিলে৷ নগৰৰ একেবাৰে দাতি কাষৰীয়া গাঁও৷ দুপৰীয়াৰ পৰলৈ ওখ মিনাৰটো এজাক
পুলিচ আৰু আন মানুহৰ অৰণ্যৰ মাজত থিয়দঙা দি থাকিল৷
বোন্দা (ভাল নাম বনমালী, বনদাৰ অপভ্ৰংশ হৈ বোন্দা) মিনাৰত উঠি
জপিয়াব খোজা খবৰটো প্ৰথমে দিছিল হৰি দোকানীয়ে৷ আজি কিছুদিন আগতে চহৰত চাকৰি কৰিবলৈ
গৈ গাঁৱলৈ ঘূৰি অহা ল’ৰাটোৱে যে এনেকুৱা কাম এটা কৰিবলৈ ওলাব কোনেও লেশমাত্ৰও উমান
পোৱা নাছিল৷ কিন্তু আজি পুৱাবেলাতে হৰিৰ দোকানত আহি তেল এপোৱা কিনিবলৈ লওঁতেই সি কথাষাৰ
হৰিৰ কাণ চোৱালে৷ প্ৰথমে দোকানীয়ে কথাটো ইমান গুৰুত্ব দিয়া নাছিল৷ বোলে কালৰো কাল
বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ ছাল৷ এনেকুৱা নাভূত নাশ্ৰুত কৰ্ম আমাৰ গাঁৱত আমি কোনো
কালেই দেখা নাই৷
বোন্দা মিনাৰত উঠি জঁপিয়াবলৈ ধৰা দেখি, মানুহজাকৰ দুই একে আমোদ নোপোৱাও নহয়৷ মাজে মাজে হাঁহি-কিৰীলিৰ শব্দৰ মাজেদি সকলোৱে তাৰ প্ৰতি নিজা নিজা মতামত দিবলৈ লাগিল৷ “চহৰত থাকি চাগে, ক’ত কি জেং লগাই ৰাখিছে কোনে জানে, কিবা এটা লেঠা নিশ্চয় লগাই ৰাখিছে, সেইকাৰণেহে জঁপিয়াই মৰিবলৈ ওলাইছে” -গাঁৱৰ মাইকী মখাই নিজৰ মাজতে ভুনভুনাই কথা পাতিবলৈ লাগিল৷
“কিবা প্ৰেম জনিত কাৰণ যেনহে পাইছোঁ,”- বোন্দা মিনাৰত উঠা কথাষাৰ
শুনিয়েই তাৰ লগৰ কেইটাই কোৱাকুই কৰিলে৷ “কাৰোবাৰ প্ৰতি যদি মন বান্ধিছে, আমাক ক’লেই
হল, আমিয়ে সব চিজিল লগাই দিম নহয়” - লগৰে দুই এটাই ক’লে৷ “কালুগাঁৱৰ আগৰজনীয়ে এৰাৰ
দুখতে পৰগামী হবলৈ লৈছে বুইছ” - আন এটাই ক’লে৷”
বোন্দাৰ কাম দেখি গাঁৱৰ বুঢ়াকেইজনৰ দুই একে চকুপানীও টুকিলে৷ “বাপেকটো
জীয়াই থকালৈকে সিনো ক’ত কাম বন কৰিবলগীয়া হৈছিল৷ বাপেকেই ইঘৰ সিঘৰত হাল-কোৰ বাই খেতি-বাতিৰে
ঘৰখন চলাই আছিল ধুনীয়াকৈ৷ বাপেকটো ঢুকুৱা বেছি দিন পাৰ হোৱাই নাই৷ আজি বাপেক সিফলীয়া
হোৱাৰ দুখতে বোন্দা আজি মৰিবলৈ ওলাইছে৷”
ইফালে গাওঁবুঢ়াৰ ঘৰত আজি বিশেষ আয়োজন৷ তেওঁৰ নাতিনীয়েকক চাবলৈ বুলি দৰা ঘৰৰ মানুহ
অহা কথা৷ পুৱাবেলাতে, বোন্দাৰ খবৰটো শুনি বুঢ়াৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷ নতুন মিতিৰৰ
আগত নাক কটা যোৱাৰ খঙৰ ভমকত বোন্দাৰ মাককে মতাই আনি গালি এসোপা পৰিবলৈ লাগিল৷ ইফালে
মাক কান্দি-কাটি উত্ৰাৱল৷ মাকৰ মতে ল’ৰাৰ কোনো দোষ নাই, কোনোবাই সাতঘাটৰ চেঙেলীয়ে তাক
গছত উঠাই গুৰি কাটি এতিয়া ৰং চাইছে৷ পথাৰৰ এফালে মাকৰ কান্দোন, আনফালে ল’ৰা নাচোৰবান্দা৷
মুঠতে, মিনাৰৰ পৰা জপিয়াই সি আজি নিজৰ জান দিব৷
মাজতে বোন্দা কেইবামাহো ঘৰৰপৰা আঁতৰত চহৰলৈ গৈ চাকৰিত সোমাইছিল৷ ঘৰৰ পৰা চহৰ পাবলৈকে ৰেলেৰে গ’লেও তিনিদিন সময় লাগে৷ পৰুৱাৰ লানি নিছিগা ভিৰৰ দৰে সোঁৱে-বাঁৱে অলেখ অচিনাকি মুখৰ মাজত তিনিটা দিনৰ যাত্ৰা৷ চহৰত নামি ভিৰৰ মাজত আকৌ কাম বিচৰাৰ যাতনা৷ কাম বিচাৰি ফুৰা ল’ৰাজাক জানো কম৷ ভাগ্যে বোন্দাই কাম এটা পাইছিল, খোৱা-বোৱা দি টকা পোন্ধৰহাজাৰমান দিছিল৷ কিন্তু এদিন তাৰে মানুহ কেইটামানৰ লগত সাধাৰণ কথাতে বোন্দাৰ তুমুল তৰ্কা-তৰ্কি লাগিল৷ বোলে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? এইসব কাম নেহি কৰেগা বুলি কৈ ঘৰতে কিবা এটা ইফাল সিফাল কৰি খাম বুলি চহৰৰ পৰা ঘূৰি আহিল৷
দুপৰীয়ালৈ পথাৰৰ মানুহখিনিক একাষৰীয়া কৰি পুলিচমখাই দীঘল
জখলা এডাল লৈ মিনাৰলৈ উঠি যাবলৈ পাঙ পাতিলে৷ মানুহজাকৰ দুই এক কিছু পাতলিছিল৷ জিলাৰ
মেজিষ্ট্ৰেট চাহাব আহি মিনাৰৰ কাষ পালেহি৷ দুপৰ ৰ’দত পুলিচ সোপাই মাইক এটা লৈ বোন্দাক
তললৈ মাতিবলৈ ধৰিলে যদিও সি সৈমান নহয়হে নহয়৷ “তোমাৰ যদি কিবা কথা আছে, তেনেতে নামি
অহা আৰু আমাৰ লগত কথা পাতা৷” মাইকটো হাতত লৈ চাহাব চিঞৰি উঠিল৷
খীন-মিন দেহ, তামবৰণীয়া জপৰা চুলি, পিন্ধনত এটা হাফ চাৰ্ট,
পেণ্ট আৰু শুদা ভৰিৰে বোন্দাই মানুহজাক লক্ষ্য নকৰাকৈয়ে মিনাৰৰ ছাঁ পৰা দিশে জুপুকা লাগি বহি আকাশ পাতাল ভাবি আছিল৷ ইমান পৰলৈ পানী
টেংকিটোত উঠি লৈ টিকটিকিয়া ৰদত বোন্দাৰ খং কিছু জামৰিছিল৷ পুৱাৰে পৰাই একো এটা মুখত
দিয়া নাই, ভোকত তাৰ পেট জ্বলিবলৈ ধৰিছিল৷ খালী পেটৰ পোৰণি
আৰু এবোজা ভৱিষ্যতৰ উদ্বিগ্নতাই মানুহজাকৰ দৰেই তাক ঘেৰি আছিল৷ মাজতে পথাৰখনৰ এটা চুকত
পৰি থকা যোৱা বছৰেই বিক্ৰী কৰা সিহঁতৰ মাটি কেইডৰালৈ তাৰ চকু গ’ল৷ সিও বুজি উঠিছে যে, আৰু বেছি সময়
ধৰি সেইদৰে বহি থাকিলে পুলিচ মখাই আহি তাক ওপৰতে ধৰি বান্ধি নমাই লৈ যাব৷ পুৱাতেই হৰি
দোকানীয়ে, তেল এপোৱা বাকীকৈ বিচাৰি যাওঁতে, তাক গালি-গালাজ কৰাৰ খঙতহে সি পানী মিনাৰটোত
উঠি আছিলহি৷ তাৰ হাতৰ পা-পইচাবোৰ ইতিমধ্যে শেষ, যোৱা মাহ তাৰ দোকানৰ বাকী খাওঁতেই পাৰ
হ’ল৷
“বনমালী শইকীয়া, আপোনাক পুনৰবাৰ আমি তললৈ নামি আহি আলোচনা
কৰিবলৈ অনুৰোধ জনালোঁ, আপোনাৰ মাৰা আমাৰ সৈতে আছে, আপুনি টাৱাৰৰ পৰা নামি আহক”৷ মেজিষ্ট্ৰেটৰ
মাতটো বোন্দাৰ পুনৰাই কাণত পৰিল৷ এইদৰে কেইমুহূৰ্তমান পাৰ হোৱাৰ পাছত হঠাতে, সকলো জল্পনা-কল্পনাৰ
ওৰ পেলাই বোন্দাই সকলোৱে শুনাকৈ চিঞৰি উঠিল,
“ ছাৰ, মই নামি যাম, কিন্তু....”
“আপুনি নামি আহক আৰু আমাৰ লগত কথা পাতক” -
এইবাৰ গাৰ সমস্ত জোৰ লগাই বোন্দাই সকলোৱে শুনাকৈ চিঞৰিলে, “আপোনালোকে মোক তিনিটা গাহৰি পোৱালি,
টকা দহ হাজাৰ আৰু হৰি দোকানত থকা ধাৰখিনি
মাৰি দিলেহে ইয়াৰপৰা নামি যাম৷” বোন্দাৰ পেটৰ পৰা ওলাই অহা শব্দকেইটা মিনাৰৰ পৰা চুঁচৰি
আহি সকলোৰে অলক্ষিতে চিৰাল ফাট দিয়া পথাৰখনৰ বুকুৱেদি সোমাই পৰিল৷
(বিশেষ দ্ৰষ্টব্য: এখন বাতৰি কাকতত প্ৰকাশিত এটা বাতৰিক ভিত্তি ৰূপে গ্ৰহণ কৰি ঘটনাটোক
চুটি গল্পৰ ৰূপ দিয়াৰ প্ৰচেষ্টা কৰা হৈছে৷ গল্পত প্ৰকাশিত চৰিত্ৰৰ নাম, স্থান, কাল,
সকলো কাল্পনিক, মাথোঁ কাহিনীৰ / গল্পৰ শেষৰখিনিৰ ঘটনাক্ৰম প্ৰকাশিত বাতৰিৰ পৰা কিছু
সলনি কৰি গ্ৰহণ কৰা হৈছে৷)
লেখকৰ ঠিকনা :
ঠিকনা : টেনপুৰ, ৱাৰ্ড নং 3 , গোলাঘাট 785621
Email: ans.saikia@gmail.com
ফোন- ৮৬৩৮৬১৮১৭৫
