আকাশ দীপ্ত ঠাকুৰ
‘‘খোলা
আকাশত বা পাতল ডাৱৰৰ মাজত হোৱা উজ্জ্বল পোহৰৰ চমক–সেইটোকে ৰ’দৰ বিজুলী বুলি কয়৷ বুজিলানে
বাৰু?’’ শইকীয়া ছাৰে মুখৰ ভিতৰৰ তামোলখন দুবাৰমান পাগ উঠাকৈ চোবাই লৈছিল৷ বিষয়টোত বৰকৈ
সোমাব বিচৰা নাছিল বাবে জীৱনে ছাৰৰ কথাবোৰত বৰকৈ গুৰুত্ব দি থকা নাছিল৷ পিছে এই ‘ৰ’দৰ
বিজুলী’ৰ বিষয়ে কথাষাৰ কওঁতে তাৰ মনটোত যেন লাহেকৈ জোকাৰণি এটা মাৰিলে৷ ফৰকাল বতৰতে
কেতিয়াবা আকাশত বিজুলীয়াই দিয়া ঘটনা কাৰো বাবে অপৰিচিত নহয়; কিন্তু তাৰ মনলৈ আহি থকা
কথাটোৰ সৈতে খাজে-খাপে মিলি পৰিব পৰাকৈ এয়া এটা সুন্দৰ উপমা হৈ পৰিল–সেই কথাটোৱে তাক
জোকাৰণিটো দিলে৷ এৰা...‘ৰ’দৰ বিজুলী’ৰ দৰেইতো সেইদিনা ঘটি গৈছিল ঘটনাটো৷ প্ৰভাতৰ চাইকেলখনৰ
সন্মুখত কঁকাল বিষাই নোযোৱালৈকে জীৱন বহি গৈছিল৷ প্ৰভাতে কোঁ-কোঁৱাই চাইকেল মাৰিছিল৷
উভতি আহোঁতে জীৱনে চলাব, প্ৰভাত বহিব–সেইটোৱে চুক্তি আছিল৷ পাছে পাছে আন দুখন চাইকেলত
নয়ন আৰু বিচিত্ৰ৷ উভতি আহোঁতে বাৰু কোন কাৰ সৈতে ডাবোল উঠিব–সেই কথাটো আটাইকেউটাৰ মাজত
মিলাই-মেলি লৈ চলি যাব৷ কিমান দূৰ চাইকেল মাৰিছিল সেইদিনা সিহঁতি? সেইটো হিচাপ কৰিব
নোৱৰা কথা৷ অহাই-যোৱাই হয়তো বাৰ-তেৰ কিলোমিটাৰেই হ’ব৷ মানুহঘৰলৈ দীঘল পদূলিটোৰে সোমাই
যাওঁতে আধাডোখৰতে নঙলাকেইডাল আছিল৷ চাইকেল তিনিওখন নঙলাৰ বাহিৰত থৈ গজ গজকৈ চাৰিওটা
চেঙেলীয়া ডেকা সোমাই গৈছিল৷ শেষৰটোৱে নঙলাকেইডাল মাৰি থৈ নাহিল৷ চাবলৈ গ’লে নঙলাকেইডাল
মাৰি থৈ নহা কথাটো ভিতৰুৱা গাঁৱৰ ঘৰ এখনত আলহীয়ে কৰা এটা অপৰাধতে পৰে৷ উদঙীয়া গৰুবোৰ
বাটে-ঘাটে ঘূৰি ফুৰাৰ সময় সেয়া৷ অথচ নঙলাকেইডাল নলগোৱা বাবেইতো ‘ৰ’দৰ বিজুলী’ৰ চমক
এটা চোতালতে পাইছিল৷ সিহঁতৰ পিছে পিছেযে গৰু এপাল পদূলিয়েদি সোমাই আহিল, এটায়ো মন নকৰিলে৷
কোন আলহী আহিল–সেইটো খেয়াল কৰিবলৈ গৃহস্থৰ হুচ নাই; কেৱল ভঁৰালৰ সিপাৰৰপৰা অহা চিঞৰ
এটাহে সিহঁতৰ কাণলৈ আহিছিল–“অই জীতা, হয়নে মৰতী...ক’ত মৰিলি...? হয়নে? আগফালে যাচোন
বেগাই৷ গৰু সোমাল ঐ...৷ কোন...জহনীতযোৱাই নঙলা খুলিলে...৷” শব্দই প্ৰতি অশ্লীল মাত৷
আটাইকেউটা ঠাইতে থৰ লাগিছিল৷ জীৱনে প্ৰভাতলৈ চাইছিল–ক’লৈ আনিলি এয়া? ঠিক সেই সময়তে
এখন হাতত কাঁচিখন আৰু আনখন হাতত লেকেচি এডাল লৈ চকোৱাৰ আঁৰৰ পৰা তাই ওলাই আহিছিল৷ বিজুলীৰ
পাছতহে গাজনি মাৰে; পিছে সেয়া আছিল গাজনিৰ পাছত চকু চাৎ মৰা বিজুলী! পাতল গুলপীয়া ৰঙৰ
দীঘল স্কাৰ্ট এটা, ওপৰত বগা চোলা এটা৷ ঘৰুৱা সাজত কেনে সুন্দৰ লাগিছিল তাইক৷ সন্মুখত
চাৰিটা ডেকা ল’ৰাক দেখি তাই ৰৈ গৈছিল–দুটামানকতো তাই চিনিও পাইছিল৷ প্ৰভাত বাৰু তাইৰ
সম্বন্ধীয় ককায়েক; বাকী আটাইকেউটা কলেজত দপদপাই থকা ল’ৰা৷ মহা সমস্যা হৈছিল তাইৰ–উভতি
ভিতৰলৈ যাবও নোৱাৰে, সন্মুখেদি গৈ বাৰীত সোমোৱা গৰুজাকটোক হুৰাই পঠাবও নোৱৰা হ’ল৷ সিফালে
দেউতাকৰ মৰ-চিঞৰ৷ সবাতোকৈ সমস্যা হৈছিল তাই কৰি থকা কামটোকলৈ৷ চকোৱাখনেৰে দেখি থকাকৈ
পিছচোতালত মৰণাটো ফুৰাবলৈ যো-জা কৰা হৈছিল৷ তাই কাঁচিখন লৈ চোতালত ধানৰ মুঠিবোৰৰ বান্ধ
কাটি গৈছিল, যিটো কাম সাধাৰণতে ঘৰখনৰ ল’ৰাবোৰে কৰে; ল’ৰা নথকা ঘৰত ছোৱালীয়ে সেই কামটো
কৰে৷ কলেজত দেখি থকা ল’ৰাকেইটাৰ সন্মুখত তাইৰ সেই অসহায় অৱস্থাটোৱে যেন তাইক আৰু মোহনীয়
কৰি তুলিছিল৷
তাৰ
পোন্ধৰ দিন পাছত, সেইদিনা শইকীয়া ছাৰৰ ক্লাছত সেই ‘ৰ’দৰ বিজুলী’ৰ কথা শুনি তাৰ আৰু
একেবাৰেই ক্লাছত মন বহা নাছিল৷ বাৰে বাৰে তাৰ মনটো জীতাৰ কাষলৈ কোনোবা এটা সুৰুঙাইদি
উৰি গুচি গৈছিল৷
আজি
ইমান বছৰৰ পাছত পুনৰ এয়া...সেই ‘ৰ’দৰ বিজুলী’য়ে হয়৷ প্ৰায় চৌত্ৰিশ বছৰৰ পাছতো পুনৰ
সেই একেটা জোকাৰণি, তাকো এই পৰিৱেশত...এইখন পাণ্ডৱবৰ্জিত ঠাইত? ভাবিব নোৱৰা কথা৷ ইফালে
বেছিকৈ কথাবোৰ ভাবিবলৈকো আহৰি নোহোৱা দায়িত্ব৷ মগজুটো এঠাইত আবদ্ধ কৰিব নোৱৰা হৈ পৰিল
সি৷ জীতা এই অঞ্চলত? এইটো ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তাই? বৰ আচৰিত কথা৷ এয়া কেনে ধৰণৰ
সংযোগ বাৰু?
কালি
প্ৰিজাইডিং বিষয়া বিজয় শৰ্মাৰ সৈতে প্ৰথম প’লিং বিষয়াৰ দায়িত্বত জীৱন আৰু বাকীকেইজন
বিষয়াৰ দলটো লৈ গাড়ীখন আহি এই অঞ্চলটোত সোমাওঁতে সকলোৱে মনে মনে ভাবিছিল–ইমান ভিতৰুৱা
ঠাইতনো দায়িত্ব পৰিব লাগেনে? ভোটগ্ৰহণ কেন্দ্ৰটো হ’ল এখন প্ৰাথমিক বিদ্যালয়৷ চৌহদৰপৰা
লক্ষ্য কৰিলে দৃষ্টিয়ে ঢুকি পোৱালৈকে সৈতে এঘৰো মানুহ নাই; কেৱল পথাৰ আৰু হাবি৷ গাঁওবুঢ়াৰ
সৈতে কথা-বতৰা পাতি দুদিনৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰাৰ পাছত আজি ভোটগ্ৰহণৰ বাবে সিহঁত
আটাইকেইজন পুৱা ছয় বজাতে সাজু হৈ পৰিছিল৷ প্ৰথমে ম’ক প’ল হোৱাৰ পাছত সাত বজাৰপৰা ভোটগ্ৰহণ
চলি গৈ আছিল...;ভোটাৰজন সোমাই আহি প্ৰথমে জীৱনক পায়, তেওঁৰ ক্ৰমিক নম্বৰটো চাই সন্মুখৰ
ইলেক্টৰেল ৰ’লৰপৰা নম্বৰ আৰু নামটো জীৱনে ডাঙৰকৈ উচ্ছাৰণ কৰে, দ্বিতীয় প’লিং বিষয়া
অচু্যত গগৈয়ে নখত চিয়াহী লগায়...কামবোৰ নিয়াৰিকৈ চলি গৈছিল৷ জীৱন বহি থকা অংশৰপৰা এখন
খিৰিকীয়েদি বাহিৰৰ বাৰাণ্ডাত ভোটাৰসকলৰ পুৰুষ-মহিলাৰ পৃথক শাৰী দুটা দেখা পোৱা যায়৷
মাজে মাজে মূৰ তুলি সেই শাৰী দুটা লক্ষ্য কৰি থাকোঁতেই হঠাৎ...জীৱন যেন ক্ষণিকৰ বাবে
স্তব্ধ হৈ পৰিছিল–সেই তাহানিৰ ‘ৰ’দৰ বিজুলী’ এইটো ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ আহি
শাৰীত ৰৈ আছে!
...সিহঁত
আটাইকেইটা ল’ৰা সেইদিনা জীতাক লগ পাবলৈ সেইখন ঘৰলৈ গৈছিল৷ প্ৰভাতে লৈ গৈছিল তাৰ লগৰকেইটাক৷
জীতা তাৰ সম্পৰ্কীয় মাহীয়েকৰ ছোৱালী আছিল৷ একেখন কলেজতে তাই সিহঁততকৈ এবছৰ সৰু আছিল৷
সিহঁতৰ উদ্দেশ্যটো আছিল–জীৱনে সেইবাৰ কলেজত সাধাৰণ সম্পাদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিবলৈ
ওলাইছিল৷ ফৰ্মখন দিওঁতে দুজন ছাত্ৰ-ছাত্ৰীয়ে সমৰ্থন কৰাটো জৰুৰী আছিল৷ সেই সমৰ্থন কৰা
ছাত্ৰ-ছাত্ৰীসকলৰ আকৌ শ্ৰেণীকোঠাত উপস্থিতি আশী শতাংশতকৈ বেছি হ’বই লাগিব; অন্যথাই
তাৰ মনোনয়ন পত্ৰ নাকচ হৈ যাব পাৰে৷ তেনে এগৰাকী ছাত্ৰী হ’ব পাৰে জীতা; প্ৰভাতৰ মাহীয়েকৰ
ছোৱালী৷ কোন জীতা?–জীৱনে তেতিয়া ধৰিব পৰা নাছিল৷ প্ৰভাতে কৈছিল–“ঘৰলৈ গ’লে দেখিবি নহয়৷” কলেজত লগ ধৰি কথাটো কোৱাতকৈ ঘৰলৈ গৈ এবাৰ মাক-দেউতাকৰ
সন্মুখত তাইক অনুৰোধ কৰিলে তাই নিশ্চয় না নকৰিব–সেইটোৱে আছিল সিহঁতৰ উদ্দেশ্য৷ আৰু
তাইতো বিশেষ একো কৰিব নালাগে, কেৱল ফৰ্মখনত স্বাক্ষৰ কৰিব লাগিব আৰু কোন বৰ্ষৰ কোন
বিভাগৰ ছাত্ৰী সেইটো উল্লেখ থাকিব লাগিব৷ পিছে ঘৰখনলৈ সোমাওঁতেই সেয়া কেনা লাগিলেই
নহয়৷ সিহঁতৰ ভুলৰ বাবে চোতালত গৰু সোমাল৷ তাৰ পাছত জীতাৰ দেউতাকৰ ৰুদ্ৰমূৰ্তি...৷ সিহঁত
আটাইকেউটা শেনটো হৈ গৈ ফেঁচাটো হৈ উভতি আহিছিল৷
পাছদিনা
কলেজত জীৱনে জীতাক লগ ধৰিছিল৷ শ্ৰেণী-বিৰতিত লগৰ ছোৱালীৰ সৈতে আমলখি গছৰ তলত কথা পাতি
থাকোঁতে সি তাইক মাত লগাইছিল৷ তাই আগদিনা সিহঁতৰ
ঘৰত হোৱা পৰিস্থিতিৰ বাবে দুখ কৰিছিল৷ জীৱনে কথাটো পাতলাই দিছিল–“সেইটো কোনো কথাই নহয়৷
আমিহে দোষ কৰিছিলোঁ...৷” জীতাই আঁৰ চকুৰে তাক লক্ষ্য কৰিছিল–ভৱিষ্যতৰ ছাত্ৰনেতা হ’বলৈ
ওলোৱা সপোন, খোজে-কাটলে বেচ গহীন-গম্ভীৰ ভাব, নম্ৰ ব্যৱহাৰ...৷ পিছে তাই তাৰ প্ৰস্তাৱত
সন্মতি দিবলৈ সংকোচ কৰিছিল–“আপুনি বেলেগ কাৰোবাক সুধিলে ভাল হ’ব নেকি; মানে মই...৷”
জীৱনে তাই কি ক’ব পাৰে আগতীয়াকৈ গম পাইছিল৷ সহজ-সৰল ছোৱালী, ঘৰৰপৰা পঢ়িবলৈ পঠাইছে৷
ল’ৰাৰ সৈতে কিবা হলি-গলি গম পালে...৷ জীৱনে সকলো ধৰণৰ আশ্বাস দিছিল তাইক–ফৰ্মখনত কেৱল
এটা স্বাক্ষৰ কৰিব লাগে, পাছত আৰু তাইৰ অন্য কোনো কাম নাই৷
জীতাই
কৰোঁ-নকৰোঁকৈ সেইদিনা ফৰ্মখনত চহীটো কৰিছিল৷ সি তাইৰ প্ৰতি কৃতজ্ঞতাৰে ধন্যবাদ জনাওঁতে
তাৰ বুকুৰ ভিতৰখনত এটা অচিন অনুভূতিয়ে তোলপাৰ লগাইছিল৷ এই ছোৱালীজনী...কিবা এটা যেন
বেলেগ–ঠিক যেন ৰ’দৰ বিজুলীৰ এটা প্ৰচণ্ড চমকনি
তাৰ বুকুত৷ ইলেকশ্যনৰ দিনা কান্ধত গামোচা লৈ ল’ৰা-ছোৱালীবোৰক ভোট দিবলৈ বুলি চফগুটি
বিলাই ফুৰোঁতেও ভিৰৰ মাজতো তাৰ দৃষ্টিয়ে তাইকে সন্ধান কৰিছিল৷
“ছাৰ,
এইখন কাগজ৷” সন্মুখৰ ভোটাৰজনে কাগজৰ টুকুৰাটো জীৱনৰ সন্মুখত ৰাখিলে৷ জীৱনে টুকুৰাটো
লৈ তেওঁৰ ক্ৰমিক নম্বৰটো মন কৰিলে–দুশ সাতাইশ৷ প্ৰথম প’লিং বিষয়া হিচাপে দায়িত্ব অনুসৰি
হাতত কাগজখন লৈ ডাঙৰকৈ সেই নম্বৰটো মুখেৰে ক’ব লাগে৷ পুৱা সাত বজাৰেপৰা সেই কামটো নিঃসংকোচে
কৰি অহাৰ পাছত এই প্ৰথমবাৰ জীৱনৰ ডাঙৰকৈ চিঞৰটো মাৰিবলৈ সংকোচ লাগিল–বাহিৰত শাৰী পাতি
থকা ভোটাৰসকলৰ মাজলৈ যদি মাতটো গুচি যায়! জীতাই যদি এই কণ্ঠ চিনি পায় যায়! তাই যদি
ভোট নিদিয়াকৈ উভতি গুচি যায়...৷ আজি এয়া চৌত্ৰিশ বছৰৰ পাছতো সি দূৰৈৰপৰাই এটা ধাৰণা
কৰি নিশ্চিত হৈছে–সেইজনী জীতা৷ তায়োতো তাৰ মাতটো চিনি পাই যাব পাৰে! পোনপটীয়াকৈ মাতটো
চিনি নাপালেও তাইৰ মনলৈ নিশ্চয় এটা ধাৰণা আহিব–এই কণ্ঠ যেন নিচেই চিনাকি! আৰু তাৰ পাছত...তাই
মাতটোৰ পম খেদি খিৰিকীয়েদি এবাৰ ভিতৰলৈ জুমি চাব৷ জীৱনৰ বৰ অস্বস্তি লাগিল৷ আহোঁ-নাহোঁকৈয়ে
চৌত্ৰিশ বছৰৰ আগৰ অতীতটোৱে অকাৰণত মনলৈ অগা-ডেৱা কৰিবলৈ ধৰিলে৷
জীৱন
কলেজৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল৷ লগৰ গোটেই বন্ধুবোৰে তাৰপৰা কেণ্টিনত চাহৰ পাৰ্টি
খাইছিল; বাৰে বাৰে তাৰ দুচকুৱে সন্ধান কৰিছিল–এবাৰ তাক অভিনন্দন জনাবলৈ তাই আহিবনে?
তাই সেইদিনা চহীটো নিদিয়াহেঁতেন সি আকৌ বেলেগ কাৰোবাক বিচাৰিব লাগিলহেঁতেন৷ উপযাচি
বহুতেই চহী দিবলৈ আহিলহেঁতেন যদিও সকলোৰেতো থাকিবলগীয়া উপস্থিতিৰ সংখ্যা নাথাকে৷ তাৰ
মনোনয়ন পত্ৰ চাগৈ গৃহীত নহ’লেইহেঁতেন৷ তাৰ অন্তৰৰ কৃতজ্ঞতা জনাবলৈকো তাইক এবাৰ লগ নাপাবনে...?
বহুত ব্যস্ততাৰ বাবেই পাছৰ সপ্তাহটোত সি কলেজত তাইক লগেই নাপালে৷ পাছত, সেইদিনা শইকীয়া
ছাৰৰ ক্লাছত ‘ৰ’দৰ বিজুলী’ৰ উপমাটো শুনাৰ পাছৰ পৰা তাৰ মনটোৱে সঁচাকৈ বৰ উগুল-থুগুল
কৰিবলৈ আৰম্ভ কৰিছিল৷ ছাত্ৰনেতা হৈ পৰিল; গতিকে কাৰোবাক যদি ভাল লাগিছেই, সাহস কৰি
এটা প্ৰস্তাৱ দিয়াত সংকোচ কিহৰ? আৰু এদিন...সি সঁচাকৈ তাইক লগ পাই গ’ল–কেণ্টিনৰ মুখতে
লগৰ ছোৱালী দুজনীৰ সৈতে৷ তাই তলমূৰকৈ তাক অভিনন্দন জনাইছিল৷ সি হাঁহি এটা মাৰি কৈছিল–“সময়যে
পালা আকৌ৷”
তাই
লাজত ৰঙা-চিঙা পৰিছিল৷ সি সেইদিনা সিহঁত তিনিওজনীক এক প্ৰকাৰ জোৰ কৰিয়ে কেণ্টিনত চাহ,
আলু চ’প আৰু মটৰৰ ঘুগুনি খুৱাইছিল৷ আৰু তাৰ পাছত...৷
“ছাৰ,
নম্বৰটো মাতক৷” কাষতে বহি থকা দ্বিতীয় প’লিং বিষয়া অচ্যুত গগৈয়ে জীৱনক ক’লে৷ ভোটাৰৰ
হাতৰ তৰ্জনী আঙুলিত চিয়াহী লগাবলৈ তেওঁ সাজু হৈ আছে৷ জীৱনে এইবাৰ দুশ সাতাইশ নম্বৰটো
সামান্য ডাঙৰকৈ উচ্ছাৰণ কৰিলে৷ পিছফালে বহি থকা প’লিং এজেণ্টকেইজনৰ দুজনমানে ভালদৰে
নম্বৰটো নুশুনিলেই চাগৈ৷ প্ৰথমৰপৰা জীৱনে যিটো স্বৰত ভোটাৰসকলৰ ক্ৰমিক নম্বৰ মাতি তেওঁৰ
নামটো কৈছিল, এইবাৰ মাতত সেই জোৰটো নাহিল৷ চেষ্টা কৰিও জীৱনে সেই জোৰটো আনিব নোৱাৰিলে৷
খিৰিকীয়েদি এতিয়াও মহিলাসকলৰ শাৰীত থকা জীতাৰ মুখখন সি দেখি আছে৷ আৰু ছয়-সাতজনমান ভোটাৰৰ
পাছতে জীতা আহি জীৱনৰ সন্মুখত থিয় হ’বহি৷ সি তাইৰ মুখলৈ চাব লাগিব৷ ভোটাৰ কাৰ্ডখনত
তাইৰ ফটোখনৰ সৈতে ইলেক্টৰেল ৰ’লত থকা ফটোখন মিলাব লাগিব৷ সেইজনীয়ে মানুহ হয়নে নহয় সি
নিজে নিশ্চিত হ’ব লাগিব৷ সিমানখিনি সময়তে তাই হয়তো অবাক হৈ তাক সুধিব–“জীৱনদা? আপুনি
ইমান দিনৰ পাছত...৷” নাই নাই, জীৱনে সেই কামটো কৰিব নোৱাৰিব৷ সি জীতাৰ সন্মুখীন হ’ব
নোৱাৰিব৷ সিমান সাহস তাৰ আৰু নাই৷ সেই তেতিয়াৰ ছাত্ৰনেতা জীৱনৰো থাকিবলগীয়া প্ৰকৃত
সৎ সাহসকণ নাছিল৷ তেতিয়াও সি পলৰীয়াই আছিল নেকি!
“বিয়ালৈ
মাত্ৰ এমাহ আছে জীৱনদা৷ মই চাগৈ কাইলৈৰপৰা আৰু কোনো অজুহাত লৈ কলেজলৈ আহিব নোৱাৰিম৷
আজিতো পাছ ছাৰ্টিফিকেট নিবলৈহে আহিছিলোঁ৷ ...আপুনি কিবা এটা সিদ্ধান্ত ল’ব নোৱাৰেনে?”
কলেজ চৌহদৰ আমলখি গছজোপাৰ তলত তাই তাৰ চকুলৈ পোনপটীয়াকৈ চাইছিল৷ তাইৰ চাৱনিটো সেইদিনা
বৰ কৰুণ হৈ পৰিছিল৷ সি একো ধাৰণা কৰিব পৰা নাছিল–তাই কেনেকুৱা সিদ্ধান্তৰ কথা কৈছে?
প্ৰায় এবছৰৰ চেষ্টাৰ অন্তত তাই তাৰ প্ৰেমৰ প্ৰস্তাৱত সন্মতি জনাইছিল৷ দুই-তিনিবাৰ মাত্ৰ
সিহঁতৰ মাজত অন্তৰংগ কিছু কথা-বতৰা হৈছিলহে; তাইৰ বি.এ. চূড়ান্ত পৰীক্ষাৰ সময়ো ইতিমধ্যে
কাষ চাপি আহিছিল৷ পৰীক্ষা হৈ যোৱাৰ বিৰতিত ঘৰখনে তাইৰ বিয়া ঠিক কৰি পেলালে৷ ফলাফল ওলাল,
আৰু বহু প্ৰতীক্ষাৰ পাছত সি সেইদিনা তাইক লগ পাইছে৷ তাই তাৰপৰা এটা সিদ্ধান্ত আশা কৰিছে৷
কি কৰিব পাৰে সি? এখন ঘৰৰ সি সৰু ল’ৰা৷ ওপৰত দুজনকৈ ককায়েক৷ ডাঙৰ ককায়েকৰ বিয়াৰ বাবে
ঘৰখনে ছোৱালী বিচাৰি ফুৰিছে৷ সি নিজে বি. এ. ফাইনেল দিবহে৷ যোৱা দুটা বছৰ বেক লাগি
ৰৈ গ’ল৷ তেনে অৱস্থাত সি তাইক কি বুজনি দিব? কেনেকৈ এটা সিদ্ধান্ত দিব? তাইক তাৰ বাবে
ৰ’বলৈ সি ক’ব পাৰিবনে?
সেইদিনা
নিশা সি বহুত কথাই ভাবিছিল৷ এই ছোৱালীজনীয়ে তাক প্ৰাণ ভৰি ভাল পাই পেলাইছে৷ এনেকুৱা
পৰ্যায় পাইছেগৈ যে তাৰ এটা আহ৩ানত তাই ঘৰ পৰিয়াল এৰি থৈ তাৰ সৈতে গুচি আহিবলৈকো সাজু৷
সিও তাইক ভাল পায়৷ অত্যন্ত ভাল পায়; কিন্তু সি তেনে সিদ্ধান্ত ল’ব নোৱাৰে, অথচ...৷
কথাবোৰ ভাবি ভাবি তাৰ শৰীৰত এটা উত্তেজনা অনুভৱ কৰিছিল সি৷ এই ভালপোৱাক সি এনেকৈ এৰি
দিবনে? এটা দিন, কিছু সময়...নিবিড় এক সান্নিধ্য–সেয়া কামনা কৰাটো তাৰ পাপ হ’ব পাৰে
নেকি? কেতিয়াও নহয়, যদি তায়ো বিচাৰে৷
সেইবোৰ
দিন আজিৰ দৰে নাছিল৷ জীতালৈ এটা খবৰ পঠিয়াবলৈকো কোনো উপায় নাছিল৷ প্ৰভাত...হয়; প্ৰভাতেই
তাক এটা সহায় কৰিব পাৰে৷ অন্ততঃ এখন চিঠি...৷
চহৰৰ
উপকণ্ঠ অঞ্চলত বিচিত্ৰ আৰু নয়নে ভাৰা কৰি থকা সেই একোঠলীয়া ঘৰটোৰ নিৰ্জন পৰিৱেশত সেইদিনা...৷
শেষলৈ তাই হুকহুকাই কান্দিছিল–“এয়া আপুনি কি কৰিলে জীৱনদা?”
তীব্ৰ
অনুশোচনাত দগ্ধ হৈছিল তাই৷ আৰু জীৱন...? তাৰ মনলৈতো কোনো অনুশোচনাৰ ভাব অহা নাছিল৷
ওঠৰ দিনৰ পাছত তাই বিয়া হৈ বেলেগ এখন ঘৰলৈ যাবগৈ৷ অন্য কাৰোবাৰ জীৱনসংগী হ’ব৷ এখন ঘৰৰ
ডাঙৰ ছোৱালী তাই; বি.এ.টো পাছ কৰিবলৈকে যেন ঘৰখন ৰৈ আছিল৷ এইবোৰ...এইবোৰ এটা ধেমালিৰ
দৰে হৈ যোৱা ঘটনা মাত্ৰ৷ পাছলৈ সকলো পাহৰণিৰ গৰ্ভত মিলি যাব৷
সি
তাইক বহুত সময়লৈ আশ্বাস দিবলৈ চেষ্টা কৰিছিল৷ পিছে সংগতি নোহোৱা কথাবোৰ বৰ গভীৰতালৈ
যাবগৈ পৰা নাছিল৷ সেইদিনা যাবলৈ ওলাই তাই থোকাথুকি মাতেৰে তাক কৈছিল–“কাৰ সৈতে মোৰ
সংসাৰ হ’বলৈ গৈ আছে মই নাজানো; কিন্তু এই জীৱনত আপোনাৰ স্থান মই বেলেগক দিব নোৱাৰিম
জীৱনদা৷”
জীতাৰ
শেষৰ কথাষাৰে তাক আঘাত হানিছিল৷ নিজক চম্ভালি ল’বলৈ জীৱনৰো কিছু সময়ৰ প্ৰয়োজন হৈছিল৷
পাছৰ জীৱনটোত কি কৰিব–সেই সিদ্ধান্ত ল’বলৈও যেন সি অপাৰগ হৈ পৰিছিল৷ পৰিস্থিতিয়ে কেৱল
নিজৰ কাম কৰি গ’ল; ছাত্ৰনেতাৰপৰা গৈ এদিন সি হাইস্কুলৰ শিক্ষক হ’লগৈ৷ ঘৰ-পৰিয়াল কৰিলে৷
পিছে সেই এটা দিনৰ স্মৃতি সি পাছৰ জীৱনটোত মনৰপৰা সম্পূৰ্ণকৈ মচি পেলাব নোৱাৰিলে৷ কাহানিও
সি জানিব বিচৰা নাছিল–জীতা কেনি গ’ল? কাৰ সৈতে তাইৰ বিয়া হ’ল? তাই কেনেকৈ আছে?
“কি
হ’ল বৰুৱা? আপোনাৰ আমনি লাগিছে যদি এবাৰ বাহিৰৰপৰা আহকগৈ নহ’লে৷ এঘণ্টামান ময়ে চম্ভালি
দিওঁ৷” জীৱনহঁতৰ সন্মুখত বহি সকলো নিৰীক্ষণ কৰি থকা প্ৰিজাইডিং বিষয়া শৰ্মা ছাৰ এইবাৰ
জীৱনৰ কাষ পালেহি৷ সন্মুখত ভোটাৰজন থিয় কৰাই থৈ জীৱনে ইলেক্টৰেল ৰ’লখনকে লুটিয়াই আছিল
ইমানপৰে! শৰ্মা ছাৰৰ কথাষাৰত জীৱনে লাজ পালে যদিও মনতে সঁচাকৈ অলপ সকাহ পোৱাৰ দৰে ভাব
হ’ল৷
“হয়
ছাৰ; মই নহ’লে ভাতকেইটাকে খাই আহোঁগৈ নেকি? কিয় জানো; ইমান ভোক লাগিছে৷”
জীৱনে
ৰঙা-নীলা দুয়োটা চিয়াহীৰ পে’ন দুটা শৰ্মা ছাৰক দিলে আৰু বহা ঠাইৰপৰা উঠি আহিল৷ সি সঁচাকৈ
আজি...এই পৰিৱেশত জীতাৰ সন্মুখীন হ’বলৈ বিচৰা নাই৷ স্কুলখনৰ পিছফালে থকা ৰান্ধনীঘৰটোলৈকে
সি যাবগৈ৷ অন্ততঃ তাই ভোটটো দি আঁতৰি নোযোৱালৈকে সি আত্মগোপন কৰিব৷ ভোটাৰসকল শাৰী পাতি
থকা অংশটোৰ পিছফালেদি জীৱন সংগোপনে ওলাই গৈ ৰান্ধনীঘৰটো পালেগৈ৷ স্কুলখনৰ মধ্যাহ্ন
ভোজনৰ ৰান্ধনীগৰাকীয়ে ইতিমধ্যে সকলো সাজু কৰিছিল৷ জীৱনক দেখি বৰ ভাল পালে–“ছাৰ, আহক
আহক৷ আপুনি খাই আজৰি হৈ ল’ব পাৰিব৷”
পনীয়া
দাইল অলপ, ভাতকেৰেলা আলুৰ থপথপীয়া ভাজি, সিজোৱা কণী আৰু আলুৰে ৰন্ধা তৰকাৰীৰে জীৱনে
ভাতকেইটা খালে৷ পুৱা ছয় বজাতে চাহ আৰু ৰুটি-ভাজি অকণো খাইছিল যদিও বিয়লি এক বজালৈ সেয়া
হজম হ’ল৷ তাৰ ভোক লাগিছিল৷ ইলেকশ্যনৰ টেনশ্যনত অনুভৱ কৰাহে নাছিল৷ ভাতকেইটা খাওঁতে
তাৰ দহমিনিটমান লাগিল৷ একেবাৰে আজৰি হৈ পুনৰ বহিমগৈ বুলি ভাবি লৈ সি এটা চিগাৰেট জ্বলালে৷
প্ৰিজাইডিং অফিছাৰৰ সন্মুখত চিগাৰেট হুপিব নোৱাৰি৷ চিগাৰেটটো খোৱাৰ চলেৰে সি এবাৰ পিছফালেদিয়ে
আগুৱাই আহি স্কুলৰ বাৰাণ্ডাৰ ভোটাৰসকলৰ শাৰী দুটা লক্ষ্য কৰিলে–নাই...জীতা শাৰীটোত
বৰ্তমান নাই৷ তাই বোধকৰোঁ ভোট দি ওলাই গ’ল–সি মনতে ভাবিলে৷ পুনৰ পিছফালৰ বাটটোৱেদি
উভতিব খোজোতে জীৱন উচপ খাই গ’ল৷ তাৰপৰা প্ৰায় তিনিমিটাৰমান দূৰৈত জীতা থিয় হৈ আছে৷
তাৰ ফালে চাই মিচিকিয়াই হাঁহিছে৷
“জীৱনদা!
আপুনি ইয়ালৈ আহিছে বুলি গম পালোঁ; এবাৰ লগ পাই যাওঁ বুলি ভাবিলোঁ৷” জীতাৰ মাতকথাবোৰ
প্ৰায় একেই আছে, আগতকৈ যেন তাই অলপ সপ্ৰতিভ হ’ল৷
জীৱনে
ধৰিব পাৰিছে–তাৰ মুখৰ বৰণ ইতিমধ্যে ধৰা পৰাকৈ সলনি হৈ গৈছে৷ সিও হাঁহিবলৈ চেষ্টা কৰিছে;
কিন্তু মুকলিকৈ হাঁহিব পৰা নাই৷ সি জীতাৰ সন্মুখলৈ আহিল৷ হাতৰ চিগাৰেটটো শেষ হ’বৰ হৈছিল,
পেলাই দিলে৷ তেতিয়াৰ পাটগাভৰুজনী বৰ্তমান এগৰাকী ঘৰ ধৰিব পৰা তিৰোতা হৈ পৰিল৷
“তুমি...মানে
কেনেকৈ গম পালা মই ইয়ালৈ আহিছোঁ বুলি?” কথাষাৰ কওঁতে জীৱনৰ মাতটো যেন স্বাভাৱিকতকৈ
কিছু সৰু হৈ পৰিল৷
জীতাই
আগৰদৰেই হাঁহিলে–“মোৰ ল’ৰাটো ইয়াতে প’লিং এজেণ্ট হৈ আছে৷ সি পুৱাতে চাহ একাপ খায়ে গুচি
আহিছিল৷ পুনৰ ঘৰলৈ গৈ খাই-বৈ আহিলগৈ৷ তেতিয়াই সি মোক আপোনাৰ কথা, মানে আপোনালোকৰ নামবোৰ
কৈছিল৷ খিৰিকীয়েদি মই মন কৰিছিলোঁ, আপুনিয়ে বুলি ধৰিব পাৰিছিলোঁ৷”
“মানে
সি এতিয়াও ইয়াতে আছে নেকি?” জীৱন অলপ আচৰিত হ’ল৷
জীতাৰ
ল’ৰাটো তেতিয়া ভোটগ্ৰহণ কেন্দ্ৰতে আছিল৷ তাই তাক মাতি আনি জীৱনৰ সৈতে চিনাকি কৰাই দিলে৷
এটা যৌথ পৰিয়ালৰ জীতা মাজু বোৱাৰী৷ গিৰিয়েকে পুৱাতে ভোট দি থৈ গ’ল৷ একমাত্ৰ ল’ৰাটোৰ
সৈতে তাইৰ এখন আটোমটোকাৰী সংসাৰ৷ ল’ৰাই বি.এ.
পাছ কৰি ঠিক-ঠুকলি কৰে৷ তালৈ বিয়া পাতিবলৈ ছোৱালী বিচাৰি ফুৰিছে, বিয়া পতাৰ বয়সো হৈছে;
পিছে তাৰ কাণষাৰ নাই৷ জীৱনে ভোটগ্ৰহণ কেন্দ্ৰটোলৈ পুনৰ সোমোৱাৰ আগে আগে কম সময়ৰ ভিতৰতে
তাই নিজৰ বিষয়ে বহু কথাই তাক ক’লে; তাৰ সংসাৰৰ খবৰো ল’লে৷
“কাম
শেষ হোৱাৰ পাছত যোৱাৰ আগতে এবাৰ আমাৰ ঘৰখন চাই যাবহি জীৱনদা৷ বেছি দূৰ নহয়তো৷” যাবলৈ
লৈ তাই ক’লে৷
“আমি
তেনেকৈ যাওঁ বুলিয়ে যাব নোৱাৰোঁ নহয়৷ চাকৰিয়ে যাব৷” সি হাঁহিলে৷
“ঠিক
আছে তেন্তে; ময়ে এবাৰ আহিম৷ চাহ একাপো লৈ আহিম৷” জীৱনৰ উত্তৰলৈ বাট নাচাই জীতা হাঁহি
হাঁহিয়ে গুচি গ’ল৷
এখন্তেকৰ
বাবে জীৱন ৰৈ গ’ল৷ কিয় তাৰ এনেকুৱা লাগিল যেন জীতাৰ মনত বিশেষ কিবা এটা কথা আছে৷ তাই
সেই কথাটো ক’বলৈ যেন আজি ইমান বছৰ বাট চাই আছিল৷ কি কথা হ’ব পাৰে? কিবা এটা যে নিশ্চয়
আছে–বয়স আৰু অভিজ্ঞতাৰ ফালৰপৰা সি নিশ্চিত৷
সি
যি নহওক, জীৱনে আৰু পলম নকৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ সোমাই আহিল৷ বাকীসকলৰো খোৱা-বোৱাৰ
কথা আছে৷ দুজন-তিনিজনকৈ খাই-বৈ আজৰি হ’লেহে পাছলৈ কামবোৰ খৰতকীয়া হ’ব৷
আবেলি
চাৰি বজাত যদিও ভোটগ্ৰহণ শেষ হ’ব লাগে, ভোটাৰৰ দীঘলীয়া শাৰী শেষলৈকে থাকিল৷ শেষৰ ভোটাৰজনে
ভোট দিওঁতে চাৰে পাঁচ বাজি গ’ল৷ তাৰ পাছতো যাৱতীয় তথ্য-পাতিসমূহ নিয়াৰিকৈ সাজু কৰা,
পেকেটবোৰ সাজু কৰা...বিভিন্ন কাম প্ৰিজাইডিং বিষয়াৰ নিৰ্দেশ মতে সকলোৱে সহযোগ কৰি গ’ল৷
ভোটগ্ৰহণ কেন্দ্ৰৰপৰা সকলো যাবলৈ বুলি সাজু হোৱালৈকে সাত বাজিবৰ হ’লগৈ৷ জীৱনৰ মনটোৱে
এবাৰ উচপিচ কৰিছিল–তাই সঁচাকৈ এবাৰ আহিবনে? প’লিং এজেণ্ট হৈ আন কেইবাজনৰ সৈতে বহি থকা
তাইৰ ল’ৰাটোৱে যাৱতীয় চহীবোৰ কৰাৰ পাছত ফৰ্ম-১৭ ৰ এটা কপি ল’লে আৰু প্ৰিজাইডিং বিষয়াৰ
অনুমতি লৈ ঘৰলৈ যোৱাও সময় হ’ল৷ এবাৰ এই ঠাই এৰি যোৱাৰ পাছত এই জীৱনত হয়তো জীতাক আৰু
কাহানিও লগ পোৱাৰ সুযোগ নাহে৷ তেন্তে...৷
ছেক্টৰ
বিষয়াজনে খবৰ দিলে যে জীৱনহঁতৰ পাৰ্টিটো লৈ যাবলগীয়া গাড়ীখন অন্য এটা ভোটগ্ৰহণ কেন্দ্ৰত
ৰৈ থাকিবলগীয়া হৈছে; ভোটগ্ৰহণ কেন্দ্ৰ এৰোঁতে হয়তো নিশা আঠ বাজি যাব৷
প্ৰিজাইডিং
বিষয়া শৰ্মা ছাৰৰ সৈতে জীৱন এবাৰ স্কুলখনৰ বাহিৰলৈ, মুকলি চৌহদলৈ ওলাই আহিল৷ গেটখনৰ
কাষ পাওঁতেই সন্মুখত এখন মটৰচাইকেল ৰ’লহি৷ লাইটৰ পোহৰত আৰোহীনো কোন চাবলৈ লৈ সি মন
কৰিলে জীতাৰ ল’ৰাটোৱে চলাইছে৷ পিছফালে জীতা বহি আহিছে, তাইৰ হাতত এটা ডাঙৰ টোপোলা৷–“ভাগ্য
ভাল যে আপোনালোকক পালোঁহি জীৱনদা৷ আহক, চাহ একাপ খাই লওকহি৷”
চাহ
একাপৰ সঁচাকৈ বৰ প্ৰয়োজন হৈছিল৷ কেন্দ্ৰটোৰ ভিতৰতে জীতাই সকলোকে চাহ আৰু লগত লৈ অনা
বিভিন্ন পিঠা-পনাৰে আপ্যায়ন কৰিলে৷ জীৱনে সকলোকে জীতাৰ সৈতে পৰিচয় কৰাই দিলে৷ চাহ খাই
থাকোঁতেও সি মন কৰিছিল জীতাৰ বিষয়ে সি ধাৰণা কৰি লোৱা কথাটো মিছা নহয়–কিবা এটা কথা
আছে তাইৰ মনত; কিন্তু কেনেকৈ সি অকলশৰে তাইক লগ ধৰি কথাটো জানিব বাৰু?
চাহ-জলপান
লৈ অহা বস্তুখিনি সামৰি তাই যাবলৈ ওলাল৷ জীৱনো বাহিৰলৈ ওলাই আহিল৷ তাইৰ ল’ৰাটো? কেনি
গ’ল সি মাকক নমাই থৈ?
“তোমাৰ
ল’ৰাটো কেনি গ’ল?” জীৱনে চোতাললৈ নামি আহোঁতে জীতাক সুধিলে৷
তাই
খিলখিলাই হাঁহি দিলে–“সি আৰু ক’ত ৰৈ থাকিব? দিনটো ইয়াতে গ’ল৷ মইহে জোৰকৈ তাক ক’লোঁ
বোলো মোক নমাই থৈ আহগৈচোন৷ পাছত যেনি যাৱ যাবি৷ গ’ল চাগৈ¸ লগৰবোৰৰ ওচৰলৈ৷”
জীৱন
আচৰিত হ’ল–“তুমি পিছে কেনেকৈ যাবা? এই আন্ধাৰত...৷”
জীতাই
তাৰ মুখলৈ চালে–“এইখন গাঁৱত মোক সকলোৱে চিনি পায় জীৱনদা৷ মানুহবোৰ সহজ-সৰল৷ আনৰ প্ৰতি
বেয়া ভাব তেনেকৈ কাৰো নাই৷” জীতা এখন্তেক ৰ’ল৷ জীৱনৰ মুখলৈ পোনপটীয়াকৈ চালে–“আপুনি
চিন্তা কৰিছে যদি অকণমান আগবঢ়াই দিয়ক নহ’লে৷ ভয় কৰিব নেকি?”
জীতাৰ
কথাষাৰে জীৱনৰ পুৰুষত্বত সামান্য আঘাত কৰিলে৷ যেনেকৈয়ে নহওক, সি তাইৰপৰা এদিন ভালপোৱাৰ
নামত সুবিধা লৈছিল৷ পৰিস্থিতিয়ে তাক কাপুৰুষ কৰি পেলাইছিল৷ তাইৰ ওচৰত সি অপৰাধী৷ জীৱনে
সময়টো লক্ষ্য কৰিলে–সাত বাজি পোন্ধৰ মিনিট গৈছে৷ গাড়ী আহিবলৈ সময় আছে৷
“ব’লা
বাৰু৷ ময়ে অকণমান আগবঢ়াই দিওঁ৷” কথাষাৰ কওঁতে তাৰ মাতটো যেন কঁপি উঠিছিল৷
দুয়ো
কাষে মাজে মাজে বাঁহনি, গেজেপনি মৰা জোপোহা, মুকলি পথাৰৰ মাজৰ নিৰ্জন পথটোৱেদি দুয়ো
আগবাঢ়িল৷ জীতাই তাক কিবা এষাৰ যেন ক’ব বিচাৰিছে, অথচ ক’ব পৰা নাই৷ নীৰৱতা ভংগ কৰি
এইবাৰ পুনৰ জীৱনে সুধিলে–“তুমি ভালে আছা নহয় জীতা? মানে তোমাৰ ঘৰখন...তোমাৰ মানুহজন...,
সকলো ফালৰপৰা তুমি সুখীনে?”
জীৱনৰ
মনত পৰিল শেষবাৰৰ বাবে এৰা-এৰি হওঁতে জীতাই তাক কৈছিল–“মই কাৰ সৈতে বিয়া হ’বলৈ ওলাইছোঁ
নাজানো জীৱনদা; কিন্তু এই জীৱনত আপোনাক...৷”
জীতাই
নিজকে কোৱাৰ দৰেই কৈ গ’ল–“মই বহুত সুখী জীৱনদা৷ মোৰ মানুহজন...তেওঁৰ দৰে স্বামী সকলোৰে
ভাগ্যত চাগৈ নাথাকে৷ নিষ্কলুষ চৰিত্ৰৰ, নিকা অন্তৰৰ ব্যক্তি তেওঁ৷ চল-কপট...বুজি নাপায়৷
নহ’লে চাগৈ...৷” জীতা ৰৈ গ’ল৷
জীৱনৰ
ভিতৰখন জিকাৰ খাই উঠিল৷ কওঁ নকওঁকৈ সি ক’লে–“মই তোমাৰ প্ৰতি অন্যায় কৰিছিলোঁ জীতা;
কিন্তু তুমিও জানা, মোৰ আৰু অন্য উপায় নাছিল৷ তুমি মোক কিদৰে গ্ৰহণ কৰিলা মই নাজানিলোঁ;
কিন্তু তোমাৰ প্ৰতি থকা মোৰ ভাল লগাখিনিত কৃত্ৰিমতা নাছিল৷” জীৱনে কি ক’ব খুজি কি কৈ
পেলালে সি নিজেই যেন ধৰিব নোৱাৰিলে৷ চৌত্ৰিশ বছৰৰ আগৰ এটা ঘটনা; জীৱনৰ এই ভাটি বয়সত
পুনৰ উল্লেখ কৰাৰ প্ৰয়োজন আছিল জানো? তথাপি...মনত যেন সদায় এটা অপৰাধবোধ...৷ হওক, আজিয়ে
তাৰ প্ৰায়শ্চিত্ত হৈ যাওক৷ জীতা মৌন হৈ আছে; নিশ্চয় তাইকো সেই দিনটোৰ স্মৃতিয়ে আমনি
কৰিছে৷ জীৱনৰ প্ৰতি চাগৈ...৷ নাই, সিয়ে কিবা এটা কৈ বিষয়টোৰ সমাপ্তি ঘটাওক তেন্তে...৷
“পুনৰ
আমি কেতিয়াবা লগ হ’মনে নাই নাজানো৷ পাৰা যদি মোক ক্ষমা কৰি দিবা জীতা৷ নহ’লে সদায় এটা
অপৰাধবোধে মোক আমনি কৰি থাকিব৷” জীৱনে এইবাৰ স্পষ্টকৈ কথাষাৰ ক’লে৷ তাৰ বুকুখন অলপ
হ’লেও যেন পাতল লাগি গ’ল৷
জীতা
ৰৈ গ’ল৷ দুখোজ আগুৱাই গৈ জীৱনে মন কৰিলে জীতা কাষে কাষে আহি থকা নাই৷ সি উভতি চালে৷
পথৰ কাষৰ বিশাল আঁহতজোপাৰ তলতে তাই ৰৈ আছে৷ জীৱন উভতি আহিল–“কি হ’ল তোমাৰ? ৰৈ গ’লাযে?”
জীতাই
একেথৰে তাৰ মুখলৈ চাই আছে৷ পাতৰ সুৰুঙাইদি অহা শেঁতা জোনটোৰ পোহৰত তাইৰ মুখৰ অভিব্যক্তি
বুজিব পৰা নগ’ল৷ জীতা জীৱনৰ কাষলৈ আহিল৷ জীৱনৰ ভিতৰখন যেন এবাৰ পুনৰ জিকাৰ খাই উঠিল–কি
কৰিব খুজিছে তাই? জীতাই এইবাৰ আলফুলকৈ জীৱনৰ সোঁহাতখন তাইৰ হাতৰ মুঠিত ল’লে৷
“আপুনি
আৰু আগলৈ যাব নালাগে জীৱনদা৷ উভতি যাওকগৈ৷ জীৱনৰ এছোৱা আপোনাৰ সৈতে পাৰ হৈছিল৷ আপোনাৰ
প্ৰতি শেষলৈকোনোবাখিনিত এটা আক্ষেপ আহিছিল; কিন্তু...৷”
জীৱনে
আগ্ৰহেৰে তাইৰ মুখলৈ চালে–“কিন্তু কি...কোৱাঁ৷” তাৰ মাতটো যেন অকাৰণত আৱেগিক হৈ পৰিল৷
জীতাই
দূৰৈৰ পথাৰখনলৈ চালে৷ তাই যেন নিজৰ মাজলৈ কিছু সাহস আনি ল’লে–“আপোনাক এটা কথা ক’বলগীয়া
আছিল৷ সদায় ভাবিছিলোঁ–কেতিয়াবা লগ পালে ক’ম৷ আজি সেই সুযোগটো আহিল৷”
তাই
এখন্তেক ৰৈ গ’ল৷ জীৱনৰ মুখলৈ চালে–“যিটো ঘটনাৰ বাবে আপুনি হয়তো অপৰাধবোধত ভুগিছে, ময়ো
আক্ষেপ কৰিছিলোঁ; সেইটো ঘটনাই মোক নাৰী-জীৱনৰ পূৰ্ণতা দিলে জীৱনদা৷” জীতা পুনৰ ৰৈ গ’ল৷
জীৱন
অস্থিৰ হৈ পৰিল–“তুমি কি ক’ব খুজিছা?”
জীতাই
তলমূৰ কৰিলে৷ লাহে-ধীৰে তাই ক’লে–“যদি সেইদিনা মই আপোনাক লগ নাপালোঁহেঁতেন, আজি...এইখন
সমাজত মোৰ আন এটা পৰিচয় হ’লহেঁতেন...বাঁজী...৷ ”
জীতাই
জীৱনৰ হাতখনত আলফুলকৈ এটা চুমা আঁকি দিলে–“মই কৃতজ্ঞ জীৱনদা৷ যাওকগৈ...সুখেৰে থাকক৷”
জীৱনৰ
হাতখন এৰি দি জীতা সন্মুখলৈ আগবাঢ়িল৷ ঠাইতে স্তব্ধ হৈ ৰৈ যোৱা জীৱনৰ দৃষ্টিৰপৰা তাই
কেতিয়া নোহোৱা হৈ পৰিল, সি তৰ্কিবই নোৱাৰিলে৷
***
লেখকৰ ঠিকনা:
আকাশ দীপ্ত ঠাকুৰ; সহকাৰী অধ্যাপক,
পদাৰ্থ বিজ্ঞান বিভাগ; জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়,
যোৰহাট - ১
ভ্ৰাম্যভাষ : ৮৬৩৮১৬৭৬৩০

