অন্যযুগ/


শশধৰ

 যশোৱন্ত নিপুণ



ৰাতুলে বাৰে বাৰে ঘড়ীটোলৈ চাইছিল৷ শশধৰে দিয়া সময়তেই যদি আহি পায়? সেই হিচাপত মাত্ৰ দহ মিনিটমানহে বাকী আছে৷ তেওঁতো দুঘণ্টাতকৈ বেছি থাকিব নোৱাৰিব বুলি কৈ থৈছে৷ সভাপতি, স্থানীয় এজন সাহিত্যিক নকুল ৰাভাই ইতিমধ্যেই তেওঁৰ এঘণ্টামান দেৰি হব বুলি ফোনত কৈছে৷ 

মঞ্চৰ সম্মুখৰ আধা সংখ্যক চকী অৱশ্যে কাব্যপ্ৰেমী আৰু মিটিংপ্ৰেমী ৰাইজে অধিকাৰ কৰি লৈছে ইতিমধ্যে৷ এঘণ্টামানতেই বাকী থকা চকীকেইখনো ভৰি উঠাৰ আশা কৰিছে উদ্যোক্তাসকলে৷ আজিকালি কাব্য-সন্মিলনলৈ মানুহৰ আকৰ্ষণ কম৷ তাতে ভাৰতীয় আৰু আন এটা দলৰ মাজৰ এদিনীয়া ক্ৰিকেট এখন চলি আছে এই সময়ত৷

কিন্তু শশধৰ কাব্য জগতৰ নতুনকৈ উদিত উজ্জ্বল নক্ষত্ৰ৷ গভীৰ সত্যবোৰ বুকু চুই যোৱাকৈ সৰল আৰু অজটিলভাৱে প্ৰতিভাত হয় তেওঁৰ কবিতাত৷ তেওঁ এনে কেইটামান বিষাদ-গধুৰ প্ৰেমৰ কবিতা লিখিছে যিয়ে বহু ডেকা-গাভৰুৰ মনোজগত স্বৰ্গীয় আভাৰে আলোকিত কৰি তুলিছে৷ বহু ব্যৰ্থ প্ৰেমিকৰ মুখৰ পৰা স্বতস্ফূৰ্তভাৱে ওলাই আহে সেই কবিতাবোৰৰ কোনো কালজয়ী বিষাদসিক্ত পংক্তি মহাবিদ্যালয়ৰ কেণ্টিনত, পাৰ্কত, নদীৰ পাৰত আৰু তেনে ধৰণৰ ৰোমাণ্টিক ঠাইবোৰত৷ তেওঁৰ জনপ্ৰিয়তালৈ চায়েই খালি চকীবোৰ সোনকালেই ভৰি উঠাৰ আশা পালি আছে সকলোৱে৷

আৰু ডাঙৰ আৰু আকৰ্ষণৰ কথাটো হল- এতিয়ালৈকে শশধৰে কোনো কবি সন্মিলন বা তেনে কোনো অনুষ্ঠানতে যোগ দিয়া নাই৷ মানুহজনক কোনেও চিনিয়েই নাপায়৷ ধূমকেতুৰ দৰে কবিতাৰ পৃথিৱীত তেওঁ কেই বছৰমান আগতে প্ৰৱেশ কৰিছিল আৰু তাৰ পাছত এটাৰ পাছত এটাকৈ লিখি গৈ আছে কবিতা৷ কাচিৎহে জটিলতাই ভুমুকি মৰা তেওঁৰ কবিতাত প্ৰাণ, সুৰ, লালিত্য, হাঁহি, চকুলো সকলোৰে অপূৰ্ব সমাহাৰ৷ এতিয়ালৈকে প্ৰকাশিত তেওঁৰ একমাত্ৰ কবিতা পুথি অশুৱনি গাভৰুৰ জোনাকত অনাহাৰ”- যিখনে কাব্যজগতৰ ভেঁটিটোকেই কঁপাই তুলিছে অভিনৱ চিন্তাৰ এজাক ধুমুহাৰে৷ জটিল বৌদ্ধিক স্তৰত বাস কৰাসকলৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়ৰ কেণ্টিনত, চাহদোকানত আড্ডা মৰা ডেকা-গাভৰুৰ জাকলৈকে, সকলোৰে প্ৰিয় শশধৰ৷ কিন্তু কোন এই শশধৰ, কি তেওঁৰ প্ৰকৃত নাম, ত থাকে তেওঁ, কি খায়, কি পিন্ধে, কবিতা লিখাৰ বাদে তেওঁ জীয়াই থাকিবলৈ আৰু কি কৰে- এই সকলোবোৰ ৰহস্য হৈয়েই আছে এতিয়াও প্ৰা্য় সকলোৰে বাবে৷

আজিৰ কবি সন্মিলন নৈৰ বালিচৰত কবিতাৰ আলাপৰ প্ৰধান উদ্যোক্তা ৰাতুল, অনল আৰু প্ৰাজ্ঞ ওচৰৰ মহাবিদ্যালয়খনৰ শিক্ষক৷ সিহঁতো সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত জড়িত আৰু অলপ-অচৰপ লিখা-মেলাও কৰে৷ কিন্তু জীৱিকাৰ তাড়নাত সিহঁতৰ সময়ৰ এটা সৰু অংশহে সাহিত্যৰ বাবে উৎসৰ্গা কৰিবলৈ সুযোগ পায়৷ অনলে আলোচনী এখনৰ সম্পাদকৰ লগত যোগাযোগ কৰি শশধৰৰ ই-মেইল আই ডিটো পালে৷ ফোন নম্বৰ সেইজনা সম্পাদকৰ হাততো নাছিল৷ মেইলত যোগাযোগ কৰাৰ পাছতো শশধৰে প্ৰথমে বিভিন্ন অজুহাত দেখুৱাই সন্মিলনলৈ আহিবলৈ সন্মত হোৱা নাছিল৷ কিন্তু তাৰ নেৰানেপেৰা চেষ্টাৰ ওচৰত শশধৰে সেও মানিলে শেহত৷ মাজতে প্ৰাজ্ঞই অনুষ্ঠানটোৰ কামতেই শশধৰ থকা নগৰখনলৈ যাব লগা হৈছিল৷ সি শশধৰৰ ঘৰো ওলাইছিলগৈ আৰু নিমন্ত্ৰণটো বেছি পকা কৰি থৈ আহিছিল৷

মানুহজনক দেখিলেই কবি কবি লাগে অ’৷” - প্ৰাজ্ঞই বৰ্ণনা কৰিছিল৷ চল্লিছ-পঞ্চল্লিছ মান হব বয়স৷ ওখ, সামান্য খীণ মানুহজনৰ মুখত হাঁহি এটা লাগিয়েই থাকে৷

কি কৰে তেওঁ ?” অনলে সুধিছিল৷

কিবা ব্যৱসায় কৰে৷ আচলতে বেলেগ কৰবাৰ মানুহ৷ তালৈ ব্যৱসায় সংক্ৰান্তত নতুনকৈ অহা বুলি কৈছিল৷ ভাৰাঘৰ এটা লৈছে৷

পৰিয়ালৰ সৈতে থাকে ?”

পৰিয়াল নাই কিজানি৷ মই দেখাত ড্ৰাইভাৰটোৰ বাহিৰে লগত বেলেগ কোনো নাছিল৷ কথা পাতোঁতে ড্ৰাইভাৰটোও কাষতে আছিল৷ কবিতকৈ ড্ৰাইভাৰেহে বেছিকৈ কথা কৈছিল আমাৰ লগত৷

চাহ-তাহ খুৱালে নে ?”

ধুৰ্৷ ব্যৱসায়ৰ কামত কৰবালৈ যাব লগা আছিল বোলে৷ যিহে খৰ-ধৰ! মোৰ কথাখিনি শুনিবলৈও ছাৰৰ সময়েই নাছিল৷ মাত্ৰ ড্ৰাইভাৰটোৰ কাৰণেহে কথাবিলাক ভালকৈ কৈ আহিব পাৰিলোঁ৷ চিঠিখনো তাৰ হাততেই দিলোঁ৷

আকাশত উৰিলেই যেন পাইছোঁ৷  অনলে কৈ হাঁহিছিল৷ বাকী দুজনেও হাঁহিছিল৷

ৰাতুলে চাৰিওফালে এবাৰ চকু ফুৰালে৷ আজিৰ এদিনীয়াখনত ভাৰতীয় ক্ৰিকেট দলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ হৰাটো ধুৰুপ৷ সেই কাৰণেই বোধহয় ক্ৰিকেটৰ মায়া এৰি ডেকাসকলৰো আগমন হবলৈ ধৰিছিল ভবাতকৈ আগতেই৷ প্ৰায় সকলোবোৰ চকী দখল হৈ গৈছে৷ ভাৰতীয় দলৰ তাৰকা খেলুৱৈ কেইজনমানক আৰু বাছনি সমিতিক গালি পাৰি পাৰি এঠাইত মহাবিদ্যালয়ৰ ছাত্ৰ কেইজনমানে উচ্চস্বৰত জ্ঞানগৰ্ভ আলোচনা কৰিছে৷ সিহঁতৰ মাজত ওচৰৰ মহাবিদ্যালয়ৰ হোষ্টেলৰ ছাত্ৰ কবি কেইজনমান৷ তাৰে কেইজনমানে অনুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰাৰ কথাও আছে৷

বতাহত সুগন্ধি বিয়পাই সুন্দৰ সাজ-সজ্জাৰে কেইজনীমান গাভৰু, বেছিভাগেই কাষৰ মহাবিদ্যালয়খনৰ ছাত্ৰী, ৰাতুলহঁতৰ কাষেৰেই হাঁহি হাঁহি পাৰ হৈ গল৷ ডেকাসকলৰ ক্ৰিকেটৰ আলোচনা হঠাতে ক্ষন্তেকৰ বাবে থমকি ৰল৷ সিহঁতৰ মনবোৰেও বতাহত উৰি অহা ফুৰফুৰীয়া গোন্ধটোৰ লগতে পাৰিলে উৰি যাব খুজিছিল কিজানি৷ ছাত্ৰীসকলৰ মাজতো নতুন সম্ভাৱনাময়ী কবি কেইগৰাকীমান ৰাতুলে দেখিলে৷ তেওঁলোকেও কবিতা পাঠ কৰাৰ কথা আছে আজি৷

মঞ্চৰ ফুলাম চকীবোৰো প্ৰায় ভৰি গৈছে৷ মাত্ৰ সভাপতি, শশধৰ আৰু দুজনমান আহিবলৈ বাকী এতিয়াও৷ মঞ্চৰ কেইজনমানৰ মুখত বিৰক্তিৰ ৰেখা ফুটি ওলাইছে; তেওঁলোকে এনেয়ে বোন্দাপৰ দি তাত বহিবলৈ অহা নাই নহয়! কথাটো লক্ষ্য কৰি অনলে কেইজনমান নবীন কবিক তেওঁলোকৰ কবিতা পাঠ আগতীয়াকৈ আৰম্ভ কৰিবলৈ অনুৰোধ কৰিলে৷

এজন বহুদিন দাঢ়ি নুখুৰোৱা ডেকা কবিয়ে আবেগভৰা সুৰেৰে তেওঁৰ কবিতা আৰম্ভ কৰিলে -

চিগাৰেট 

মই আজি-কালি চিগাৰেট খাওঁ,

 

   হয়,

   মই আজি-কালি চিগাৰেট খাওঁ,

   কিন্তু কোন জ্বলে,

 

   মই নে চিগাৰেট,

  ...

   নে চিগাৰেটে মোক খায় ?

   

   

   হয় মই চিগাৰেট খাওঁ,

   কিন্তু আপুনি হয়তো নাজানে,

   চিগাৰেট মোৰ প্ৰিয়তম বন্ধু,

   চিগাৰেট ব্যৰ্থ প্ৰেমৰ বিষাদ৷

জাউৰিয়েই জাউৰিয়েই হাত চাপৰি পৰিল৷ এই দঢ়ীয়াজনো যুৱক-যুৱতীসকলৰ প্ৰিয় কবি আজিকালি৷

আৰু দুজনমান স্থানীয় কবিয়ে কবিতা পাঠ কৰিলে৷

মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে পাঠ কৰিবলৈ আৰম্ভ কৰিলে কৈশোৰৰ কোনোবা এটি জোনাক নিশা চুৰি হোৱা তেওঁৰ বুকুখনিৰ কথা৷ তেওঁৰ হৃদয় এতিয়া যে শূন্য পাত্ৰ ! সেই শূন্য পাত্ৰৰ বেদনাৰ উচুপনিবোৰ মঞ্চ আৰু চাৰিওফালে বৰষুণৰ দৰে পৰি থকাৰ সময়তে অলপ দূৰত চাৰিচকীয়া গাড়ী এখন ৰল৷ 

গাড়ীখনৰ পৰা নামিল এজন ওখ, অলপ খীণ, দীঘল পাঞ্জাৱী আৰু জীন্‌ছ্‌ পেণ্ট পৰিহিত প্ৰায় চল্লিছ বছৰীয়া সুদৰ্শন পুৰুষ৷ লগতে তেওঁৰ ড্ৰাইভাৰটো৷

সেইজন শশধৰ৷ প্ৰাজ্ঞই ঘোষণা কৰিলে৷

অনল, ৰাতুল আৰু প্ৰাজ্ঞই প্ৰায় দৌৰিয়েই গাড়ীখনৰ ওচৰলৈ গল৷

আহক৷ আহক৷ ঠাইখন বিচাৰি উলিয়াওঁতে একো দিগ্‌দাৰ হোৱা নাইতো৷

নাই, নাই৷ আজি-কালি মবাইলৰ যুগত এইটো আৰু কি কথা৷  ড্ৰাইভাৰটোৱেই উত্তৰ দিলে৷

দুজনীমান ছোৱালী আহি দুয়োৰে ডিঙিত ফুলাম গামোচা দি নমস্কাৰ জনালে, কোনজন শশধৰ, কোনজন ড্ৰাইভাৰ ভালকৈ নজনাৰ কাৰণেই বোধহয়৷

ড্ৰাইভাৰটোৱেও বিজয়ীৰ হাঁহি এটা মাৰি গামোচা আৰু নমস্কাৰৰ পৰ্বটো চম্ভলা দেখি ৰাতুলৰ মনে মনে খং উঠিল৷ গামোচা নলওঁ বোলক ছাৰি সি ডিঙি আগবঢ়াই এনেকৈ সেইখন ললে যেন তাৰ কাৰণেহে সভাখনৰ আয়োজন কৰা হৈছে !

মঞ্চলৈ আগবঢ়াই নিয়া হল তেওঁলোকক৷ মঞ্চত উঠি দুয়োজনেই ৰাইজক নমস্কাৰ জনালে৷ ওখ, খীণ, সুন্দৰ ব্যক্তিজনৰ মুখৰ পৰা ধুনীয়া হাঁহিৰ টুকুৰা কেইটামান চাৰিওফালে উফৰি গৈ গোটেই পৰিৱেশটোকে ৰঙীন কৰি তুলিলে৷

অনলে ৰাতুলৰ ওচৰলৈ আহি তাৰ কাণত ফুচফুচাই কলে, “সেইটোক কোনে মঞ্চত উঠিবলৈ দিলে ?”

কাৰ কথা কৈছ ?”

সেই ড্ৰাইভাৰটোক ?”

মই কি কৰিম ?” ৰাতুলে বিৰক্তিৰে কলে, ছোৱালী কেইজনীয়ে কবি মহাশয়ক এনেকৈ আগুৰি ধৰিলে যে মই ওচৰলৈ গৈ ড্ৰাইভাৰটোক আঁতৰাবই নোৱাৰিলোঁ৷ ছোৱালী কেইজনীয়েহে আগবঢ়াই নিলে দুয়োটাকে মঞ্চলৈ৷

কথাটো বৰ বেয়া হল নহয়৷ ঘটিৰাম-বাটিৰামবোৰেও যদি গৈ তাতে বহি থাকে গোটেই পৰিৱেশটোৱেই লঘু হৈ যাব অ

হয় কথাটো৷ কিবা এটা কৰিম ৰহ মই৷ ৰাতুলে কলে৷

সভাপতিৰ খবৰেই নাই৷  অনলৰ অলপ চিন্তা হৈছিল৷

অ৷ কি কৰা যায় এতিয়া ? শশধৰে বোলে কৈ থৈছে দুঘণ্টাতৈক বেছি থাকিব নোৱাৰিব ইয়াত৷ কিবা বোলে ব্যৱসায়ৰ কাম আছে৷

কবি নে ব্যৱসায়ী অ এইজন ? আকাশলৈ উৰিলেই বোধহয়৷ অনলে সৰু হাঁহি এটাৰে কলে৷

নবীন কবিসকলৰ কবিতা পাঠ কিছু সময়ৰ কাৰণে স্থগিত কৰা হল৷ সভাপতি তেতিয়াও আহি নোপোৱাৰ কাৰণে মূল বক্তব্যৰ আগতে চমুকৈ বৰ্তমান সমাজত কবিৰ স্থান সম্পৰ্কে কবলৈ মানুহজনক অনুৰোধ জনোৱা হল৷ হাঁহি এটা মাৰি তেওঁ মাইকটোত দুটামান টোকৰ মাৰিলে৷ ৰাতুলে লক্ষ্য কৰিলে মহাবিদ্যালয়ৰ পখিলাৰ দৰে ছোৱালীবোৰে মুগ্ধ চাৱনিৰে মানুহজনলৈ ৰ লাগি চাইছে৷ চিনেমাৰ নায়কৰ দৰে সুন্দৰ চেহেৰা আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী মানুহজনে আৰম্ভ কৰিলে, “শ্ৰদ্ধাৰ কবিতাপ্ৰেমী ৰাইজ আৰু আজিৰ সভাৰ উদ্যোক্তাসকল !”, মেঘৰ গাজনিৰ দৰে গুৰু-গম্ভীৰ তেওঁৰ কণ্ঠ, প্ৰথমতেই কওঁ, মই মূলতঃ এজন কবিতাৰ পাঠকহে৷ কবিতা মই ভাল পাওঁ৷ মই এইখিনিয়েই কবলৈ বিচাৰোঁ যে সমাজত এজন সাৰ্থক কবিৰ স্থান সদায়ে অতি ওখ৷ এখন ঠাই, এখন ৰাজ্য, এখন দেশক পৃথিৱীৰ বুকুত উজলাই তুলিব পাৰে এজন কবিয়ে৷ এশজন ডাঙৰ উদ্যোগপতিয়েও সেইখিনি কৰিব নোৱাৰিব পাৰে৷ নিজলৈকে আঙুলিয়াই তেওঁ কলে, “আজি এইজন ব্যৱসায়ী ভ্ৰমৰ পাটগিৰিক যদি কোনোবাই চিনি পাইছে, সেইটো হৈছে কবি শশধৰৰ কাৰণে৷ আপোনালোকে কবি শশধৰক বিচাৰিছে, ব্যৱসায়ী ভ্ৰমৰ পাটগিৰিক বিচৰা নাই৷…”

প্ৰায় পোন্ধৰ মিনিটৰ অনৰ্গল বক্তৃতাই সকলোকে আপ্লুত কৰিলে৷ সহজ-সৰল প্ৰাঞ্জল ভাষাৰ অৰ্থঘন কবিতাৰ দৰে কথাবোৰে শ্ৰোতাসকলৰ মাজলৈ ভাবৰ গুঞ্জন বোৱাই আনিলে৷

সভাপতিৰ তেতিয়াও দেখাদেখি নাই৷

নিমন্ত্ৰিত অতিথি আৰু গণ্য-মান্য ব্যক্তিসকলৰ কাৰণে লঘু আহাৰৰ আয়োজন কৰা হৈছিল৷ মঞ্চৰ কেইজনক খাবলৈ মাতি নিয়া হল৷ ৰাতুলে দেখিলে ডিঙিত গামোচা লৈ ড্ৰাইভাৰটোও সকলোৰে পিছে পিছে যাবলৈ ধৰিছে৷ দৌৰি গৈ ড্ৰাইভাৰটোৰ চোলাটোত পিছফালৰ পৰা লাহেকৈ টানি ৰাতুলে সৰুকৈ কলে, “তাতে ডাঙৰ মানুহখিনিয়েহে খাব৷

মানে ? বুজা নাই৷  ড্ৰাইভাৰটোৱে হেবাঙৰ দৰে সুধিলে৷

কেটেঙা শৰীৰটো আৰু কেনেবা ধৰণৰ মুখ এখনেৰে বিকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ড্ৰাইভাৰটোৰ ওপৰত ৰাতুলৰ অলপ খঙেই উঠিল৷ বাহিৰৰ সৰু চাহদোকান এখনলৈ আঙুলিয়াই সি কলে, “তই তাতে কিবা খাই আহচোন৷”, আৰু তাৰ হাতত অলপ জোৰকৈয়ে দুখন দহটকীয়া নোট গুজি দি আকৌ অলপ টানকৈয়ে কলে, “যা এতিয়া৷

ইফালে খোৱাৰ পৰ্বতো সুন্দৰকৈ সমাপ্ত হল৷ কিন্তু খোৱাৰ সময়ত কবিতাতকৈ ব্যৱসায় আৰু ৰাজনীতিৰ কথাহে বেছিকৈ আলোচনা হল৷ সকলো সময়তেই সাহিত্যৰ কথা পাতি থাকিলে ভালো নেদেখি৷

ৰাতুলে দেখিলে সন্মুখৰ সৰু দোকান এখনত ড্ৰাইভাৰটোৱে চিগাৰেট হুপিছে৷ দোকানীজনৰ লগত কিবা ৰগৰ কৰি সি ডাঙৰ ডাঙৰকৈ হাঁহিছেও৷ তাৰ হাঁহিৰ শব্দত বহুতে সেইফালে ঘূৰি ঘূৰি চাইছে৷ ৰাতুলৰ বৰ খং উঠিল৷ কাব্য-সন্মিলনৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশটোত সেইটোৰ ফটুৱামি একেবাৰেই খাপ খোৱা নাছিল৷ ড্ৰাইভাৰ হল বুলিয়েই তাৰ অলপো কাণ্ডজ্ঞান থাকিব নালাগেনে ?

ৰাতুলে গমেই নাপালে ড্ৰাইভাৰটোৱে আকৌ কেতিয়া মঞ্চত বহিলগৈ৷ অৱশ্যে অলপ সান্ত্বনাৰ কথা আছিল এইটোৱেই যে সি এইবাৰ সন্মুখৰ শাৰীত নহয়, পিছৰ শাৰীৰ এটা মূৰতহে বহিছিল৷ তথাপি মঞ্চৰ ৰূপটো অশুৱনি হৈ পৰা যেন ৰাতুলৰ ভাব হৈছিল৷ কিন্তু সি কি কৰিব, চোঁচৰাই নমাই আনিবও নোৱাৰে তাক !

নকুল ৰাভাও আহি পাইছিল৷ মঞ্চত সভাপতিৰ বাবে সাজু কৰি থোৱা আসনত তেওঁ বহিলগৈ৷ চুটিকৈ সভাৰ ঊদ্দেশ্য ব্যাখ্যা কৰি তেওঁ গাটো টঙাই লে৷ 

নবীন কবিসকলৰ কবিতা পাঠ আকৌ আৰম্ভ হৈছিল৷ বেছি ভাগৰেই কবিতাবোৰ মূলতঃ প্ৰেম-বিৰহ-বিষাদ আৰু বিপ্লৱ সম্বন্ধীয়৷ জনসাধাৰণে কবিতাবোৰ ভালেই পোৱা যেন দেখা গল৷ 

তেনেতে ৰাতুলে লক্ষ্য কৰিলে তলৰ চকীবোৰৰ প্ৰথম শাৰীত এজন মঞ্চত বহিব লগা ব্যক্তিয়ে মুখ ফুলাই ঘোৰ মূৰ্তি ধৰি বহি আছে৷ মানুহজন পলমকৈ আহিছিল৷ তেওঁ মহাবিদ্যালয়ৰ এজন জ্যেষ্ঠ অধ্যাপক, সাহিত্য-চৰ্চাও কৰে মাজে মাজে, আৰু সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান, সভা-সমিতিবোৰলৈ শকত বৰঙণি দিব পৰা এজন চহকী ব্যক্তি৷ কিন্তু মঞ্চততো এখনো চকী খালী নাই৷ কি কৰা যায় এতিয়া ? তেতিয়াই ৰাতুলৰ চকু আকৌ ড্ৰাইভাৰটোলৈ গল৷ তাৰ টিঙিচকৈ খংটো উঠি আহিল৷ নিঃশব্দে সি মঞ্চলৈ উঠি গল৷ ড্ৰাইভাৰটোৰ কাষলৈ গৈ তাৰ কাণৰ কাষলৈ মুখখন নি সৰু সৰুকৈ কলে, “তই তলত বহগৈ৷

কি ? বুজা নাই মই৷  ড্ৰাইভাৰটোৱে হেবাঙৰ দৰে সুধিলে৷

ড্ৰাইভাৰটোৰ আগঢ়ী মুখখনলৈ চাই ৰাতুলৰ খংটো আৰু বাঢ়ি গল৷ তাৰ কান্ধত এখন হাতেৰে জোৰেৰে চেপি ধৰি ৰাতুলে আকৌ কলে, “তললৈ যা তই৷ ইয়াত ডাঙৰ মানুহ বহিব৷ উঠ এতিয়া৷ উঠ্৷ সি আৰু খঙটো লুকাই ৰাখিব পৰা নাছিল৷

ড্ৰাইভাৰটোৱে বোধহয় দুখ পাইছিল৷ কান্ধত হাত দি সি থিয় হল৷ ৰাতুলে হাত এখনত ধৰি প্ৰায় টানি লৈ আহিল তাক তললৈ৷

যা, পিছৰ চকী এখনত বহগৈ৷ নহলে থিয় হৈ থাকগৈ তাতে৷ বাওঁহাতখনেৰে পিছলৈ দেখুৱাই ৰাতুলে ড্ৰাইভাৰজনক সেইফাললৈ লাহেকৈ ঠেলি দিলে৷

ৰাতুল দৌৰি মুখ ফুলাই ৰুদ্ৰমূৰ্তি ধৰি থকা মানুহজনৰ ওচৰলৈ গল৷ 

ছাৰ, আপুনি ইয়াত বহিছে ! ইচ্ ইচ্ ! আহক চাৰ, মঞ্চত বহকহি৷ আপুনি ইয়াতে বহি থাকিলে আমাৰ কেনেকুৱা লাগিব ছাৰ ?”

একো নহয় দিয়া৷ মই তাতে বহিব পাৰোঁ জানো ?” মানুহজনে ক্ষমা প্ৰদানৰ সুৰত কৈছিল৷

আমাক লাজ নিদিব ছাৰ৷ আপুনি তাতে নবহিলে মঞ্চখনেই খালী খালী লাগি থাকিব নহয়৷

এস্, তুমি কৈছা যেতিয়া উপায়তো নাই৷ বলা৷ মানুহজনৰ মুখখন জামৰি আহিছিল৷    

ৰাতুলে তেওঁক আগবঢ়াই নি ড্ৰাইভাৰটোৱে খালি কৰা মঞ্চৰ আসনখনত বহুৱাই থৈ আহিল৷

আৰু কেইজনমান কবিয়ে কবিতা পাঠ কৰিলে৷

দুজনমানে আধুনিক কবিতাৰ ওপৰত ভাবগধুৰ আলোচনা আগ বঢ়ালে৷

আৰু তাৰ পাছত -

সভাপতিয়ে মুখ্য অতিথি, তথা কবিতাৰ জগতত আলোড়নৰ সৃষ্টি কৰা কবি শশধৰলৈ আদৰণি বক্তব্য আৰম্ভ কৰিলে৷ উদাত্ত কণ্ঠেৰে তেওঁ কৈ গ, “আমাৰ মনৰ গভীৰত লুকাই আছে পুৰাতন আন্ধাৰ৷ সেই আন্ধাৰতে লুকাই আছে অচিন এখন মহাদেশ৷ শশধৰৰ কবিতা সেই মহাদেশলৈ কলম্বাছৰ জাহাজেৰে যাত্ৰা৷  প্ৰকৃততে প্ৰেম এটা জটিল বিষয়৷ শশধৰৰ কবিতাত প্ৰেমৰ বিভিন্ন স্তৰৰ স্বৰূপ উদ্ঘাটন হৈছে৷ নিষ্পেষিত, শোষিত জনগণৰ ছবি তেওঁৰ কবিতাত৷ আমি শুনিবলৈ পাওঁ বঞ্চিত আত্মাৰ আৰ্তনাদ তেওঁৰ কবিতাত  

তেওঁ বক্তব্য সামৰিলে এইদৰে, যুগচেতনা আৰু আজিৰ কবিতা- এই বিষয়ত কবিয়ে এটি পৰ্যালোচনা আগবঢ়াব৷ মই এই সভাৰ আহ্বায়কসকল আৰু শ্ৰদ্ধাৰ ৰাইজৰ হৈ শ্ৰীযুত শশধৰক তেওঁৰ বহুমূলীয়া বক্তব্য ৰাখিবলৈ সাদৰেৰে আমন্ত্ৰণ জনালোঁ৷

জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বাজি উঠিছিল৷ সভাপতিৰ আদৰণি বক্তব্যৰ সামৰণি হোৱাৰ কাৰণে নে শশধৰৰ ভাষণ শুনাৰ আগ্ৰহত হাত চাপৰি পৰিছিল, সেইটো অৱশ্যে বুজা নগল৷

সকলোৰে দৃষ্টি মঞ্চৰ সম্মুখৰ শাৰীত বহি থকা ওখ, খীণ, সুপুৰুষজনৰ ওপৰত নিৱদ্ধ হল৷ তেওঁ ধুনীয়া হাঁহি এটি মাৰিলে৷ হাঁহিটোৱে সকলোকে চুই গৈ পৰিৱেশটো পাতল কৰি পেলালে আকৌ৷ 

কিন্তু মানুহজন মাইকৰ ওচৰলৈ যোৱাৰ লক্ষণ দেখা নগল৷

সভাপতিয়ে অলপ আচৰিত হৈ তেওঁলৈ চালে৷

উপস্থিত ৰাইজৰ মাজত এটা সৰু গুণগুণনি আৰম্ভ হল৷

ৰাতুল মঞ্চলৈ উঠি গল৷ মানুহজনৰ কাণৰ কাষলৈ মুখখন নি সৰুকৈ কলে, “আপোনাৰ বক্তব্যটো ৰাখিবলৈ অনুৰোধ কৰিছিল সভাপতিয়ে ?”

মোক অনুৰোধ কৰিছিল ?”

হয়৷ আপুনি নুশুনিলে বোধহয়৷

কিন্তু মই কি ক ? মই কবিতাৰ কি জানো ?”

লাজ নিদিব দেই আমাক৷ আপুনিয়েতো সভাৰ মূল বক্তা৷ ৰাতুলে কলে৷

মানুহজনে ৰাতুললৈ অলপ সময় চাই ৰল৷ তাৰ পিছত ডাঙৰকৈ হাঁহি কলে, “অঁ৷ এতিয়াহে বুজিলোঁ৷ কথাটো ডাঙৰেই৷

হাঁহি হাঁহি তেওঁ মাইকৰ ওচৰলৈ গল৷ মাইকত সকলোকে সম্বোধন কৰি লৈ তেওঁ কলে, “বোধহয় এটা কনফিউজন হৈছে৷ মই কবিতা পঢ়া মানুহহে; কিন্তু লিখিব নোৱাৰোঁ৷ মই ব্যৱসায়ী ভ্ৰমৰ পাটগিৰিহে৷ কবি শশধৰ নহওঁ৷ কবিতা লিখে পুতুল ইংতিয়েহে৷ সি মোৰ ড্ৰাইভাৰ৷ আপোনালোকে তাক শশধৰ বুলিয়েই জানে৷ শশধৰ তাৰ ছদ্মনাম৷

মানুহজনে সোঁৱে-বাৱেঁ আৰু পিছলৈ দুবাৰমান মূৰ ঘূৰাই ঘূৰাই চাই কলে, “লৈ গল পুতুল, মানে শশধৰ? ইয়াতেইতো বহি আছিল সি৷

গুণগুণনিটো এটা ডাঙৰ কলৰৱত পৰিণত হল৷ প্ৰাজ্ঞ, অনল আৰু ৰাতুল হতভম্ব৷ সিহঁতৰ নাককেইটা কত থয় এতিয়া ! পিছত থিয় হৈ থকা ৰাইজৰ মাজতো শশধৰ নাই৷ হঠাৎ অনলে পিছৰ শাৰীৰ চকীত বহা মানুহবোৰৰ মাজত ডিঙিত গামোচাৰে সৈতে ড্ৰাইভাৰটোক দেখিলে৷ বহি বহি টোপনিয়াই থকা চুটি-চাপৰ মানুহজন ভিৰৰ মাজত চিনিব নোৱৰাকৈ মিলি আছিল৷ প্ৰাজ্ঞ খৰ খোজেৰে তেওঁৰ ওচৰলৈ গল৷ পিছে পিছে অনল আৰু ৰাতুল৷

প্ৰাজ্ঞই মানুহজনক লাহেকৈ হেচুকি জগাই দিলে৷ ক্ষমা কৰিব৷ আপোনাক আমি চিনিবই পৰা নাছিলোঁ৷ সেই কাৰণেই বৰ ডাঙৰ ভুল এটা হৈ গল৷ সি হাত যোৰ কৰি অনুনয়ৰ সুৰত কলে৷

মোকো ক্ষমা কৰিব৷ মই ধৰিবই পৰা নাছিলোঁ আপুনিয়েই শশধৰ৷  লা পৰি যোৱা মুখেৰে ৰাতুলে দোষী দোষী ভাৱেৰে যোগ দিলে৷ সি সঁচাকৈয়ে বৰ অস্বস্তি অনুভৱ কৰিছিল৷ তাৰ বৰ লাজ লাগিছিল৷

আহক মঞ্চলৈ৷ আপুনি কিয় ইয়াত আমি বুজিব পৰা নাই৷ আপুনি আমাক কব লাগিছিল৷ আহক, আহক৷  অনলে কৈ উঠিল৷

হাত চাপৰিৰ মাজেৰে কবি শশধৰক মঞ্চলৈ আগবঢ়াই নিলে তিনিওজনে৷

কিছুমানৰ চকুত সুস্পষ্ট বিস্ময়৷ শশধৰক কোনো ফালৰ পৰাই কবি এজন যেন নালাগে৷ কথাটো তেতিয়াও বহুতেই বিশ্বাসেই কৰিব পৰা নাই৷ কেটেঙা, চাপৰ দেহটোত পুৰণি চোলাটো হেঙাৰত ওলমি থকা দি ওলমি আছে৷ কবি জানো দেখিবলৈ এনেকুৱা হয় ? ইমান হৃদয়স্পৰ্শী ভালপোৱাৰ কবিতা এই আকৰ্ষণশূন্য ব্যক্তিত্বৰ মানুহজনে কেনেকৈ লিখিব পাৰে ? কেনেকৈ এইটো সম্ভৱ ?

সকলোকে শ্ৰদ্ধা নিৱেদন কৰি মাইকত শশধৰে কবলৈ ধৰিলে, মই আজি যি লিখিছোঁ তাৰ কাৰণে মোৰ দাদা, মোৰ পথ-প্ৰদৰ্শক, মোৰ বন্ধু ভ্ৰমৰদাৰ ওচৰত মই চিৰকৃতজ্ঞ৷ তেৱেঁই মই ফটা কাকতত লিখা কবিতা এটা এদিন পঢ়ি মোক লিখি যাবলৈ উৎসাহ দিছিল৷ তেৱেঁই মোৰ কবিতা এটা-দুটাকৈ সৰু-ডাঙৰ আলোচনীবোৰলৈ পঠাবলৈ আৰম্ভ কৰিছিল৷

মঞ্চৰ সম্মুখৰ শাৰীত বহি থকা ভ্ৰমৰ পাটগিৰিয়ে হাঁহি এটাৰে চকু টিপিয়াইছিল৷

শশধৰৰ কণ্ঠও অনাকৰ্ষণীয় আৰু দুৰ্বল,  তেওঁৰ শৰীৰটোৰ দৰেই৷

আৰু তেতিয়া শশধৰে আৰম্ভ কৰিলে যুগচেতনা আৰু আজিৰ কবিতা”বিষয়ত তেওঁৰ বক্তব্য৷ সহজ-সৰল ভাষাৰে তেওঁ মঞ্চত বহি থকা গণ্যমান্য কেইজন আৰু সম্মুখৰ সকলো শ্ৰোতাকে মন্ত্ৰমুগ্ধ কৰি কবিতাৰ গভীৰ আৰু মনোৰম জগতলৈ কোনেও গম নোপোৱাকৈ ধীৰে ধীৰে লৈ গল৷ সভাস্থলীত এতিয়া মাত্ৰ শশধৰৰ মাতটো শুনিবলৈ পোৱা গৈছে৷ বাকী সকলোৱেই অজানিতেই গভীৰ উপলব্ধিৰে নীৰৱতাৰ সাগৰত আকণ্ঠ নিমজ্জিত হৈ পৰিছে ৷

কিন্তু ৰাতুল, অনল আৰু প্ৰাজ্ঞৰ মন তেতিয়াও ফাট মেলা বসুমতী, পাতালে লুকাওঁ হৈয়ে আছিল৷

 


লেখকৰ ঠিকনা :

বামাখাটা

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ