অন্যযুগ/


ৰেচমবিদ্যা (Sericulture)

  ° বুলজিৎ বুঢ়াগোহাঁই

 

ৰেচমবিদ্যাপঢ়ি ছাত্র-ছাত্রীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা পাছত ৰেচমবিদ্যা’-ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ ৰেচমবিদ্যা’-ত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ, এম.ফিল. আৰু পি.এইছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি৷

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ৰেচমবিদ্যা’-ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজ অৱ ছেৰিকালচাৰ’, তিতাবৰ (College of Sericulture, Titabar)-ৰেচমবিদ্যাবিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৩০খন৷ এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান/ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু বন বিজ্ঞান/ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু জীৱবিজ্ঞান বিষয়সহ সাধাৰণ শ্রেণী আৰু অন্যান্য পিছপৰা শ্রেণীৰ ছাত্র-ছাত্রীয়ে ৫০% নম্বৰ আৰু অনসূচিত জাতি আৰু জনজাতিৰ ছাত্র-ছাত্রীয়ে ৪০% নম্বৰৰ সৈতে উত্তীৰ্ণ হব লাগে৷ নামভৰ্তিৰ বাবে আবেদন কৰা বৰ্ষৰ ১ ছেপ্টেম্বৰত প্রাৰ্থীৰ নিম্নতম বয়স ১৬ বছৰৰ ভিতৰত হব লাগে৷ প্ৰৱেশ পৰীক্ষাৰ যোগেদি নামভৰ্তিৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হয়৷ অনলাইন যোগেদি আৱেদন কৰিব লাগে৷ ইয়াৰ বাবে ৱেবছাইট ঠিকনাটি হ– http://www.aau.ac.in অসম কৃষি বিশ্ববিদ্যালয়ত ৰেচমবিদ্যা’-ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে আৰু আসনৰ সংখ্যা ৮খন৷ ইয়াৰ উপৰি বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনত অসমৰ কেইবাখনো মহাবিদ্যালয়ত ৰেচমবিদ্যাক বৃত্তিমুখী বিষয় (vocational subject) হিচাপে সংযোগ কৰিছে৷

ছেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউট, তিতাবৰত এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্রম আছে আৰু এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত বিষয়সহ সাধাৰণ শ্রেণী আৰু অন্যান্য পিছপৰা শ্রেণী ছাত্র-ছাত্রীয়ে ৪৫% নম্বৰ আৰু অনসূচিত জাতি আৰু জনজাতি ছাত্র-ছাত্রীয়ে ৪০% নম্বৰ সৈতে উত্তীৰ্ণ হব লাগে৷

দূৰ শিক্ষা যোগেদিও ৰেচমবিদ্যাপাঠ্যক্রম অধ্যয়ন কৰিব পাৰি৷ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হল-ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (http://rcguwahati.ignou.ac.in) ইয়াত চাৰ্টিফিকেট ইন ছেৰিকালচাৰ (Certificate in Sericulture) পাঠ্যক্রমটি অধ্যয়ন কৰিব পাৰি৷ এই পাঠ্যক্রম অধ্যয়ন কৰিব বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱাসকলে ৰেচম শিল্পক্ষেত্রখনত ২ বছৰ কাম কৰা অভিজ্ঞতাৰ প্রমাণপত্র দাখিল কৰিব লাগিব৷

ৰেচমবিদ্যাপাঠ্যক্রম অধ্যয়ন তথা প্ৰশিক্ষণ গ্রহণ কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হল- শেৰ-ই- কাশ্মীৰ ইউনিভাৰ্ছিটি অৱ এগ্রিকালছাৰেল ছায়েন্স এণ্ড টেকনজি অৱ জম্মু (http://skuast.org), শিৱাজী বিশ্ববিদ্যালয় (http://www.unishivaji.ac.in), তামিলনাডু কৃষি বিশ্ববিদ্যালয় (www.tnau.ac.in), বাঙ্গালোৰ কৃষি বিশ্ববিদ্যালয় (https://www.uasbangalore.edu.in), চেণ্ট্ৰে‍ল চেৰিকালচাৰেল ৰিছাৰ্চ এণ্ড ট্রেইনিং ইনষ্টিটিউট, মহীশূৰ (http://www.csrtimys.res.in), চেন্ট্ৰেল চিল্ক বৰ্ড (http://www.csb.gov.in) আদি৷

ৰেচমবিদ্যাবিভিন্ন ডিপ্লমা, ডিগ্রী তথা প্ৰশিক্ষণ গ্রহণ কৰাসকলে চৰকাৰী-বেচৰকাৰী খণ্ডৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে৷ কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ ৰেচমবিদ্যাবিভাগ, আঞ্চলিক মুগা গৱেষণা কেন্দ্র, Central Silk Board, National Bank For Agriculture And Rural Development (NABARD), Food and Agriculture Organization (FAO) আদিত নিযুক্তি লাভ কৰা দেখা যায়৷ ৰেচমবিদ্যাৰ লগত জড়িত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ NGO-বোৰেও নিযুক্তি দিয়ে৷ কৃষি বিজ্ঞানকেন্দ্রবোৰতো নিযুক্তি লাভ কৰিব পাৰে৷ কৃষি মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে৷ ইয়াৰ উপৰি ৰেচম শিল্পৰ যোগেদি স্ব-নিয়োজনৰ ব্যৱস্থা কৰিব পাৰে৷

° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্কবিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰেতেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ