ড০ প্ৰাণজিৎ বৰা
৬
তিলতিল আৰু মিতিলক বুঢ়ীজনীয়ে কি কৰিলে বাৰু? বুঢ়ীজনী সঁচাকৈয়ে যাদুকৰ নে আন কিবা? মাটিত বৰশী বোৱা
মানুহে কৰোঁ বুলিলে কিয়েইবা কৰিব নোৱাৰিব বাৰু? তেনেই কণমানি
বায়েক-ভনীয়েকহাল ...
স্কুলৰ পৰা আহি থাকোঁতে আৰু স্কুলৰ পৰা আহি ভাত-পানী খাই উঠি বিছনাত জিৰণি লবৰ
পৰতো থুপিতৰাৰ মনলৈ কথাবোৰ আহি থাকিল। ইস্, ছাৰে কিয় যে
সৰ্পিলক গল্পটো শেষ কৰিবলৈ নিদিলে! ইমান ভাললগা গল্প এটা এনেকৈ আদখনীয়াকৈ ৰাখি থব
পায়নে বাৰু!
তাই ভাবিবলৈ ধৰিলে। গল্পটো কেনেকৈ শেষ হ'ব পাৰে বাৰু!
“তোৰ টোপনি ধৰিছে
নেকি অ', থুপি? একো নোকোৱাকৈ পৰি
আছ যে?”, কাষতে শুই থকা পেহীয়েকে সুধিলে।
“নাই, পেহী। এটা কথা ভাবি আছো।”
“কি কথানো অ'? কোনোবাই কিবা কৈছে নেকি স্কুলত?”
তাই পেহীয়েকক কথাখিনি বুজাই দিলে।
পেহীয়েকে যেন বৰ ৰং পাইছে কথাখিনি শুনি।
তেওঁ উঠি বহিল।
“তুমি কেনেকৈ শেষ
কৰিবা গল্পটো, পেহী? মোক কোৱাচোন।”
“মই তাকে ভাবিছো, জাননে?”, পেহীয়েকে কৈ গ'ল, “এনেকুৱা হ'ব পাৰে যে তিলতিল
আৰু মিতিলক বুঢ়ীয়ে নিজৰ ঘৰলৈ লৈ গ'ল আৰু হাবিৰ মাজত বুঢ়ীৰ ঘৰত
সিহঁত ডাঙৰ হ'ল।”
“আৰু?”
“তাৰ পিছত তিলতিলে
এদিন কাষৰ ৰাজ্যখন আক্ৰমণ কৰি সেই ৰাজ্য জয় কৰিলে আৰু নিজে ৰজা হ'ল। মিতিলক সি কাষৰ
ৰাজ্যৰ যুৱৰাজলৈ বিয়া দিলে।”
“কিন্তু ৰাজ্য
আক্ৰমণ কৰিবলৈ তিলতিলে সৈন্য ক'ত পালে?”, তাই পেহীয়েকক
ওলোটাই সুধিলে, “ৰাজ্য আক্ৰমণ কৰি জিকিবলৈ বহুত সৈন্য নালাগিবনে?”
“ইয়ে, হয়তো আকৌ! মই ভবাই নাছিলোঁ।”
তাই গোপাল খুড়াৰ ওচৰ পালেগৈ। পেহীয়েকৰ কথাখিনিও তাই খুড়াক বুজাই ক'লে। খুড়াই গোটেই
কথাখিনি আদ্যোপান্ত শুনি মাত লগালে, “সামৰণিটো ভাবিব লাগিব অ', থুপি। পেহীয়েৰেতো তিলতিলক ৰজা পাতি মিতিলকো যুৱৰাজলৈ বিয়া দি দিলে!”
“অ' খুড়া, বৰ কম সময়ৰ ভিতৰতে!”
“আমি জানো সেই কাম
কৰিব পাৰো?”
“নোৱাৰোঁ। নোৱাৰোঁ।”
“তেনেহ'লে কি কৰা যাব?”
“তুমি কোৱা আক'।”
“তইনো কি ভাবিছ ক'চোন।”
“তুমি আগেয়ে কোৱাঁ।”
“তই ক আকৌ। তইনো কি
ভাবিছ মই আগতে শুনি লওঁচোন।”
“মই কি ভাবিছোঁ, জানা?”
“তই নক'লেনো কেনেকৈ জানিম?”
“মই ভাবো, বুঢ়ীজনী যাদুকৰেই আছিল। কিন্তু তেওঁৰ কু মতলব নাছিল। তিলতিল আৰু মিতিলক দেখি
তেওঁৰ বৰ মৰম লাগিছিল। সিহঁতক দেখি বহুদিনৰ আগতে হেৰাই যোৱা তেওঁৰ নিজৰ ল'ৰা-ছোৱালীহাললৈ মনত
পৰিছিল। তেওঁ নিজে পোৱা দুখ যাতে তিলতিলহঁতৰ মাক-দেউতাকে নাপায়, সেই কথা ভাবিয়েই তেওঁ সিহঁতক সহায় কৰিবলৈ আহিছিল।”
“বাঃ, বাঃ!” গোপাল খুড়াই হাউচতে চিঞৰি উঠিল, “বৰ ধুনীয়া হৈছে। তাৰ পাছৰডোখৰ
ক।'
“কিন্তু তিলতিলহঁতে
নাজানে যে মাক-দেউতাক হাবিৰ সিটো মূৰে য'ত আছে, তালৈ যাবলৈ এদিনৰ বাট। বৰ্ষাৰণ্য কিমান বিশাল!! বুঢ়ীয়ে নিজৰ যাদুকৰী পুখুৰীটোত
দুয়োটাকে দুহাতে ধৰি সেয়ে যেতিয়া জাপ দিলে, মুহূৰ্ততে সিহঁতে
গৈ মাক-দেউতাকক লগ পালেগৈ। বুঢ়ীয়ে সিহঁত দুয়োকে মাকহঁতৰ লগ কৰি দিলে হয়, তেওঁ নিজে কিন্তু সেই ঠাইতে অদৃশ্য হৈ গ'ল। ধন্যবাদ এটা দিবলৈও কোনেও
আৰু বুঢ়ীক বিচাৰি নেপালে।”
খুড়া অলপ সময় থমকি ৰ'ল, “সেই বুঢ়ী আচলতে কোন আছিল, ক'ব পাৰনে থুপি?”
থুপিয়ে অবাক চাৱনিৰে খুড়াৰ পিনে চাই পঠিয়ালে, “তাৰমানে তুমি এই
গল্পটো আগতে শুনিছা? জানা তুমি।”
“নাজানো অ' আঁকৰীজনী”, খুড়াই কৈ গ'ল, “কিন্তু তেনেকুৱা
বুঢ়ী বা বুঢ়াৰ কথা মই শুনিছোঁ।”
“কোন আছিল তেওঁ?”
“তেঁও আচলতে আছিল
সেই বৰ্ষাৰণ্যৰ দেৱী, জানিছ।”, খুড়াই কৈ গ'ল, “তেওঁ সাধাৰণ মুনিহ নহয়, হ'বই নোৱাৰে। আমাৰ প্ৰতিখন হাবিৰে একো একোজন দেৱতা বা একো একোগৰাকী দেৱী থাকে।
গোটেই হাবিখন তেঁৱেই অপায়-অমংগলৰ পৰা ৰক্ষা কৰি থাকে। এসময়ত আদিমানুহে সেই দেৱতাক
বা দেৱীক পূজা দিহে হাবিত সোমাইছিল। এতিয়া আৰু সেই দিন নাই। মানুহে জধেমধে হাবি-বন
কাটি তহিলং কৰিছে। হাবি-বন কাটি শেষ
কৰাৰ গুণেই কেউপিনে কি কি হৈছে দেখিছয়েই দেখোন। গৰমত গৰম বাঢ়িছে, বানপানী হঠাৎ আহিছে, খৰাং হৈছে।”
“তুমি ঠিকেই কৈছা, খুড়া। কিন্তু সেই দেৱীয়ে তিলতিলহঁতক ভাল পায় নেকি বাৰু? নহ'লে সিহঁতক তেওঁ কিয় মাক-দেউতাকৰ সৈতে লগ লগাই দিলে?”
“তিলতিলহঁত মাকহঁতৰ
সৈতে ফুৰিবলৈহে গৈছিল, সিহঁতে জানো হাবিত
মনে মনে সোমাই গছ-বন কাটিবলৈ বা চোৰাং-চিকাৰ কৰিবলৈ গৈছিল?”
“নাইতো!”
“সেইবাবেই তেওঁ
সিহঁতক বাট হেৰুওৱাৰ পৰা ৰক্ষা কৰিলে।”
“কিন্তু মানুহে যে
ইমান বুজিও হাবি-বনবোৰ শেষ কৰিয়েই আছে, মানুহবোৰক তেওঁ কিয়
একো কৰা নাই?”
“একো কৰা নাই মানে? এই যে অলপ আগতে ক'লো, উৎকট গৰম পৰা, সাংঘাতিক বানপানী আৰু খৰাং হোৱাৰ কথা, এইবোৰেই সেই
শাস্তি।”
“আমি কিবা কৰিব
নোৱাৰোনে, খুড়া?”
“কিয় নোৱাৰো অ'? মই দেখোন মোৰ নিজৰ দহবিঘা মাটিত গছ লগাইছোঁ। মই আমাৰ গাঁওখনতো য'তে সুবিধা পাইছো, মানুহবোৰক কৈছোঁ, বুজাইছোঁ। এতিয়া
আমাৰ গাঁৱত কোনেও কোনো কাৰণতে হাবি-বন কাটি তহিলং কৰিব নোৱাৰে। ল'ৰা-ছোৱালী, বুঢ়া-মেথা সকলোৱে আমি ঠিক কৰিছোঁ, আমাৰ ৰিজাৰ্পৰ পৰি
থকা মাটিখিনিত আমি এখন হাবি কৰিম। মইতো আগৰে পৰাই জধেমধে মাছ নামাৰোঁ, এতিয়া আমাৰ গাঁৱতো কোনেও সেই কাম নকৰে।”
“তুমি তলে তলে ইমান
ভাল কাম কৰি আছা, আমাকো লগত লৈ লোৱাঁ
না, খুড়া।”, থুপিয়ে অনুযোগ
কৰিলে।
“হ'ব, হ'ব।”, খুড়াই ক'লে, “তই কাইলৈ গল্পটো
শেষ কৰোঁতে অৰণ্যৰ দেৱীৰ কথাখিনিও যোগ কৰি দিবি। চাবিচোন সকলোৱে কিমান ভাল পাব!”
(আগলৈ)
