অন্যযুগ/


মালেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা

 

(৩১)

 

মলেঁয়াক আপেল গছজোপাৰ তলত শুৱাই দিয়াৰ পাছতো ষ্টেপান বহু সময় তাতেই বহি থাকিল। বহি থাকিল মাৰ্ক', ডেনিকা আৰু মিষ্টাৰ ইগৰ। পুৱাৰ পোহৰখিনি যেন ষ্টেপানৰ বাবে আন্ধাৰ হৈহে নামিছে! ক্লেপেটাঁ নীৰৱ। সি বুজি উঠিছিল— মলেঁয়া চিৰকালৰ বাবে গুচি গৈছে!

বহু বুজনিৰে মিষ্টাৰ ইগৰে ষ্টেপানক মলেঁয়াৰ সমাধিৰ কাষৰ পৰা লৈ আহিল। ক্লেপেটাঁ কিন্তু নাহিল; সি স্নানুৰ দৰে ৰৈ গ'ল প্ৰিয়তমাৰ সমাধিৰ কাষত।

দিনটো অসহ্যকৰ চটফটনিৰে কটালে ষ্টেপানে। অৱশ্যে এই দুখত ম্ৰিয়মাণ সময়খিনিত তেওঁক অকলে এৰি দিয়া নাই মিষ্টাৰ ইগৰে। মলেঁয়া নোহোৱা হৈ যোৱাৰ খবৰটো বিয়পি পৰাৰ লগে লগে ইজন সিজনকৈ ঢপলিয়াই অহা মানুহখিনিৰ সতে মিষ্টাৰ ইগৰেই কথা পাতিছে। ষ্টেপানক যেন মৌনতাই গিলি থৈছে!

সন্ধিয়াৰ শেষ পোহৰখিনি পাহাৰৰ সিপাৰে লাহে লাহে হেৰাই গ'ল। আপেলজোপাৰ পাতবোৰত বতাহে মৃদু কঁপনি তুলিছে। মাজে মাজে এটা-দুটা পাত মাটিত পৰিছেহি। ষ্টেপানে সেই সৰা পাতবোৰলৈ চালে। তেওঁৰ ভাব হ'ল— প্ৰকৃতিয়ে যেন মলেঁয়াৰ জীৱনৰ শেষ অধ্যায়টো নিজৰ ভাষাৰে লিখি আছে!

ক্লেপেটাঁও আঁতৰি যোৱা নাই। সি মলেঁয়াৰ সমাধিৰ কাষতে থিয় দি আছে। তাৰ চকুহাল স্থিৰ। সি এতিয়াও যেন অপেক্ষা কৰি আছে— মাটিৰ তলৰ পৰা মলেঁয়াই মূৰ উলিয়াই তাক মাতিব!

মাৰ্ক' আৰু ডেনিকা ঘৰলৈ গ'ল। মিষ্টাৰ ইগৰ আহি ষ্টেপানৰ ওচৰত থিয় দিলেহি।

: ষ্টেপান, 'লা।

ষ্টেপানে একো নক'লে।

: তাই এতিয়া শান্তিত আছে।

এইবাৰো কোনো উত্তৰ নাহিল।

অৱশেষত ষ্টেপানে মৌনতা ভাঙিলে—

: ইগৰ, কিছুমান বিদায় মানি ল'বলৈ মানুহক বহু বছৰ লাগে।

ইগৰে বন্ধুৰ ফালে চাই ক'লে—

: কেতিয়াবা হয়তো গোটেই জীৱনো লাগে!

ক্লেপেটাঁই হঠাৎ মূৰ তুলি আকাশলৈ চালে। তাৰ পাছত এবাৰ বহলকৈ ডেউকা মেলিলে। কিন্তু উৰি নগ'ল। যেন সি বুজিছে— এতিয়া তাৰ উৰাৰ কাৰণ নাই!

মলেঁয়াৰ মৃত্যুৰ পাছৰ দিনবোৰ ষ্টেপানৰ বাবে দীঘলীয়া নিৰৱতাত পৰিণত হ'ল। যেন নিঠুৰ শীতৰ সৰীসৃপ নিদ্ৰা!

ঘৰৰ চোতালখন একেই আছে। আপেল গছজোপাও একেই আছে। পুৱা একেদৰেই সূৰ্য উঠিছে আৰু সন্ধিয়া একেদৰেই পাহাৰৰ আঁৰত ডুব গৈছে। কিন্তু ঘৰখনৰ পৰা যেন এটা সত্তা, এটা আকলুৱা শব্দ চিৰদিনৰ বাবে হেৰাই গ'ল। মলেঁয়াৰ মাত। আৰু তাৰ লগত মিলি থকা ক্লেপেটাঁৰ সেই বিশেষ সঁহাৰি।

 

এতিয়া কেৱল ক্লেপেটাঁ আছে। সি দিনটোৰ বেছিভাগ সময় আপেল গছজোপাৰ তলতে কটায়। কেতিয়াবা মলেঁয়াৰ সমাধিৰ ওপৰতে বহে। কেতিয়াবা ঘণ্টাৰ পাছত ঘণ্টা আকাশলৈ চাই থাকে।

ষ্টেপানে তাক লক্ষ্য কৰিছিল। তেওঁ জানিছিল— ক্লেপেটাঁ কেৱল সংগীক হেৰুওৱা নাই; সি হেৰুৱাইছে তাৰ জীৱনৰ এটা অংশ।

আগষ্টৰ এদিন পুৱা ক্লেপেটাঁ হঠাৎ আকাশলৈ উৰিল। বহু ওপৰলৈ। তাৰ পাছত বহু সময়লৈ আৰু তাক দেখা নগ'ল। ষ্টেপানে চোতালত থিয় হৈ আকাশলৈ চাই থাকিল। তেওঁৰ বুকুত এটা অজান আশংকাৰ জন্ম হ'ল।

পিছদিনাও ক্লেপেটাঁ নাহিল।

তৃতীয় দিনাও নাহিল।

চতুৰ্থ দিনা পুৱাও আপেল গছজোপাৰ তলখন খালী হৈ থাকিল।

ষ্টেপানে মিষ্টাৰ ইগৰলৈ ফোন কৰিলে।

: ইগৰ, ক্লেপেটাঁ নাই।

ফোনৰ সিটো মূৰত কিছু সময় নিৰৱতা। তাৰ পাছত ইগৰে ক'লে—

: হয়তো সি নিজৰ পথ বিচাৰি লৈছে।

: সি ঘূৰি আহিবনে?

: মই নাজানো, ষ্টেপান।

'নাজানো’ শব্দটোৱে ষ্টেপানৰ বুকুত বৰকৈ আঘাত কৰিলে। কিন্তু আঘাত সহিব পৰাকৈ ষ্টেপান এতিয়াও শক্তিশালী। আকৌ আহিবনে সি! যদি নাহে?

আৰু ভাবিবলৈ মন নগ'ল ষ্টেপানৰ। ক্লেপেটাঁ নাহিলেও তেওঁ থাকিব লাগিব। যিদৰে আজিকালি নিজৰ ল'ৰাকেইটাৰ টেলিফোন অহাটো কমি গ'লেও, যেনেদৰে আজিকালি বয়স বঢ়াৰ লগে লগে তেওঁৰ স্মৃতিশক্তি কমি গ'লেও তেওঁ আছে, তেনেদৰেই থাকিব লাগিব শেষৰটো নিশ্বাসলৈকে। উশাহ— কিযে এক বিশ্বাস!

আগষ্ট মাহ শেষ হৈ ছেপ্টেম্বৰত সোমাল। গ্ৰীষ্মৰ শেষ। শৰতৰ আগমন। আপেলজোপাত আপেলবোৰ পকিছে। দুই-এটা সৰিছে। ডেনিকা আহি সৰা আপেলবোৰ মলেঁয়াৰ সমাধিৰ কাষত ধুনীয়াকৈ সজাই দি মম এডাল জ্বলাই দিলেহি এদিন সন্ধিয়া। মলেঁয়াই জানো আপেল খায়!

: মোৰ মন গ'ল সজাই দিবলৈ।— ষ্টেপানে চাই থকা দেখি উত্তৰ দিলে ডেনিকাই।

: মলেঁয়াই দেখি ভাল পাব!— হুমুনিয়াহ এটা এৰিলে ষ্টেপানে।

: ককা, ক্লেপেটাঁ আকৌ আহিবনে?— ডেনিকাই সুধিলে।

: নাজানো!— ষ্টেপানে লাহেকৈ ক'লে।

: আহিব জানা! মলেঁয়াৰ খবৰ কৰিবলৈ আহিবই!

 

ইমান দৃঢ় ডেনিকা! অৱশ্যে মৰমৰ টান সহজে পাহৰা নাযায়। সেয়ে চাগে ক্লেপেটাঁ আহিব বুলি দৃঢ় বিশ্বাসী ডেনিকা। বাহিৰত নেদেখুৱালেও ষ্টেপানেও জানে— ক্লেপেটাঁ অন্ততঃ তেওঁৰ ল'ৰাহঁতৰ দৰে নহয়! ব্যস্ততাৰ দোহাই দি, কামৰ কথা কৈ বছৰৰ পিছত বছৰ তেওঁৰ পৰা নিলগত, বিদেশৰ চহৰত থাকি বৃদ্ধ দেউতাকৰ কথা পাহৰি নাযায়। সি উভতি আহিব!

এদিন পুৱা ষ্টেপানে চোতালত থিয় হৈ থাকোঁতে আকাশৰ বহু ওপৰত চৰাইৰ জাক এটা দেখা পালে। তেওঁৰ বুকুখন হঠাৎ কঁপি উঠিল।

এটা চৰাই জাকৰ পৰা অলপ আঁতৰি আহিল। তাৰ উৰণৰ ভংগীটো ষ্টেপানৰ চিনাকি যেন লাগিল। তেওঁ চকু সৰু কৰি আকাশলৈ চালে।

ক্লেপেটাঁ!

চৰাইটোৱে এপাক ঘূৰি আকৌ এবাৰ ষ্টেপানৰ ঘৰৰ ওপৰেদি উৰি গ'ল। ষ্টেপানৰ চকু সেমেকি উঠিল।

: ক্লেপেটাঁ...!

চৰাইটোৱে যেন ষ্টেপানৰ মাতটো শুনিলে।

এপাক, দুপাক... তাৰ পাছত সি ক্ৰমাৎ দক্ষিণ-পশ্চিম দিশলৈ উৰি গ'ল। ষ্টেপানে বহু সময়লৈ আকাশলৈ চাই থাকিল। তেওঁ বুজি পালে— ক্লেপেটাঁ আকৌ যাত্ৰাত ওলাইছে। সুদূৰ দক্ষিণ আফ্ৰিকাৰ উমাল আকাশলৈ।

মলেঁয়াৰ অবিহনে।

ঘৰৰ চাৰিওফালে কেইবাটাও পাক মাৰি ক্লেপেটাঁ তললৈ নামি আহিল। চোতালত নামি সি পোনে পোনে খোজ দিলে আপেলজোপাৰ তললৈ— য'ত তাৰ প্ৰিয়তমা মলেঁয়া শুই আছে নিৰলে।

আচলতে ক্লেপেটাঁ আঁতৰি গৈছিল নিজৰ শক্তি সঞ্চয়ৰ বাবে। সি হয়তো বুজিছিল— শোকত কাতৰ ষ্টেপানৰ ওপৰত তাৰ প্ৰতিপালনৰ ভাৰ দিয়া উচিত নহয়! সেয়ে সি গুচি গৈছিল চাভা নৈৰ পাৰলৈ। নিজৰ খাদ্য নিজে বিচাৰি লৈছিল। দক্ষিণ আফ্ৰিকাৰ বাবে দীৰ্ঘ উৰণৰ পূৰ্বে দেহটো টনকিয়াল কৰি নল'লেতো নহ'ব। আৰু শেষৰজাক চৰাইৰ সতে তাৰ আফ্ৰিকা অভিমুখী যাত্ৰাত শেষবাৰৰ বাবে ষ্টেপানৰ চোতালত নামিছেহি। মলেঁয়াক মাত দি যাব!

ষ্টেপানে চোতালৰ এমূৰৰ পৰা নিৰীক্ষণ কৰিলে। ক্লেপেটাঁই মলেঁয়াৰ সমাধিটোৰ চাৰিওফালে কেবাপাকো ঘূৰিলে। সি তাৰ ঠোঁটটো সমাধিত লগাই কিবা যেন ক'ব খুজিলে! কিছুপৰ তেনেকৈ থাকি সি আপেল তলৰ পৰা উভতিল।

ষ্টেপানৰ ভৰিত গা ঘঁহাই সি তাৰ স্বাভাৱিক মাতেৰে কিবা বুজাব খুজিলে। হয়তো বিদায় সম্ভাষণ! ষ্টেপানে তাৰ মূৰত হাত বুলাই দিলে। মৰমৰ বুলনি। সি ডিঙিটো হলাই দিলে। চকুহাল মুদি দিলে।

কিছুপৰ মৌনতা আৰু মৰমৰ বুলনিৰ পাছত ক্লেপেটাঁ ষ্টেপানৰ কাষৰ পৰা ক্ৰমান্বয়ে আঁতৰি চোতালৰ মাজ পালেগৈ। এবাৰ আপেলজোপাৰ তললৈ আৰু এবাৰ ষ্টেপানলৈ চালে সি উৰা মাৰিলে আকাশৰ বুকুলৈ। সি উৰি যোৱাৰ লগে লগে তাৰ এটা সৰা পাখি আহি ষ্টেপানৰ সমুখত পৰিলহি। পাখিটোৰে যেন ষ্টেপানক জনাই থৈ গ'ল— চিন্তা কৰি থাকিব নালাগে; মই আকৌ আহিম!

ক্লেপেটাঁ দিগবলয়ত সম্পূৰ্ণৰূপে অদৃশ্য হৈ গ'ল। ষ্টেপানে বুজিলে— সি গ'লগৈ। কিন্তু তেওঁৰ মনত বিশ্বাসৰ অমোলান জেউতি— ক্লেপেটাঁ আকৌ আহিব। মাৰ্চৰ শেষৰফালে। যিদৰে প্ৰতিবছৰ আহিছিল মলেঁয়াক বিচাৰি। মলেঁয়া নাথাকিলেও আহিব সি!

* ***

 

শীতৰ দিনবোৰ পাৰ হৈ গ'ল।

ক্ৰয়েছিয়াৰ পাহাৰবোৰত বৰফৰ শেষ চিহ্নবোৰ গলিবলৈ ধৰিলে। আপেল গছজোপাত নতুন কুঁহিপাত ওলাল। ষ্টেপানৰ চোতালত এতিয়া বসন্তৰ গোন্ধ।

মাৰ্চৰ শেষৰ এটা পুৱা। ষ্টেপানে দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিছিল। হঠাৎ ওপৰৰ পৰা এটা চিনাকি শব্দ আহিল।

তেওঁ থমকি ৰ'ল।

আকাশলৈ চালে।

এটা চৰাই। তাৰ পিছে পিছে আন এটা। আৰু অলপ পাছত তৃতীয় এটা। তাৰ পিছত আৰু এটা। মুঠ চাৰিটা চৰাই। ষ্টেপানে চিনি পালে— তাৰে এটা ক্লেপেটাঁ। ষ্টেপানৰ হৃদস্পন্দন যেন এক মুহূৰ্তৰ বাবে থমকি ৰ'ল।

ষ্টেপানৰ পাছে পাছে বাকী তিনিটা চৰাই আপেল গছজোপাৰ ফালে আগবাঢ়িল। ষ্টেপানৰ মুখত বহুদিনৰ পাছত হাঁহি বিৰিঙি উঠিল।

ক্লেপেটাঁই আপেলজোপাৰ তলৰ সমাধিটোলৈ একেথৰে চাই থাকিল। তাৰ চকুত হিমায়িত চাৱনি। কিছুপৰৰ পিউ ডেউকা দুখন মেলি সি কোবাই দিলে। লাহেকৈ মাতিলে। সি যেন কৈছে— মলেঁয়া, মই আহি গ'লোঁ!

আগৰ বছৰবোৰৰ দৰে এইবাৰ চিঞৰ-বাখৰ নাই। নাই ভাৱ বিনিময় আৰু মৰমৰ আলাপ-বিলাপ। আগেয়ে হোৱা হ'লে মলেঁয়া আৰু ক্লেপেটাঁই বহু সময়লৈকে ডাঙৰ ডাঙৰকৈ চিঞৰি নিজৰ মাজতে কথা পাতিলেহেঁতেন। এতিয়া কেৱল ক্লেপেটাঁৰ মৌন প্ৰাৰ্থনা!

ষ্টেপানে বিস্ময়াভিভূত হৈ চালে। ক্লেপেটাঁৰ লগত অহা বাকী তিনিটা চৰায়ো মৌন। ষ্টেপানে ভাবিলে— সেই তিনিটা দুবছৰ আগতে উৰি যোৱা ক্লেপেটাঁ আৰু মলেঁয়াৰেই পোৱালি চাগে!

কিছুপৰ থাকি চৰাই তিনিটা উৰি গ'ল। ক্লেপেটাঁ থিয় দি ৰ'ল মলেঁয়াৰ সমাধিৰ কাষত। ষ্টেপান ওচৰ চাপি গ'ল। দীৰ্ঘ উৰণৰ অন্তত ভাগৰুৱা হৈ অহা ক্লেপেটাঁই ষ্টেপানলৈ অৱশ দৃষ্টিৰে চালে। সি যেন বুজাব খুজিছে— মোৰ খুব ভাগৰ লাগিছে!

ক্লেপেটাঁৰ মূৰত হাত বুলাই দিলে ষ্টেপানে। তেওঁ যোৱা কেইবাদিনো বৰশী বাই অনা মাছকেইটা জীয়ন দি ৰাখিছে কেৱল ক্লেপেটাঁৰ বাবেই। তেওঁ ক্লেপেটাঁক তাতে এৰি ভিতৰলৈ সোমাই গ'ল।

মাছ জীয়াই ৰখা পাত্ৰটো আনি ক্লেপেটাঁৰ সমুখত দি তেওঁ পুনৰ ভিতৰ সোমাল। মিষ্টাৰ ইগৰলৈ ফোন লগালে।

: ক্লেপেটাঁ আহিল।

সিপাৰে মিষ্টাৰ ইগৰে ফোন তোলাৰ লগে লগে ষ্টেপানে প্ৰসন্নচিত্তে ক'লে। যেন বিদেশত থকা তেওঁৰ পুত্ৰ বছৰৰ মূৰকত ঘৰলৈ আহিছে!

এসপ্তাহমান এনেকৈয়ে গ'ল। ক্লেপেটাঁ এদিনৰ বাবেও আপেল তলৰ পৰা আঁতৰি নাহিল। ষ্টেপানে যোগাৰ কৰি দিয়া মাছ খাই খাই সি আহি পোৱাতকৈ যথেষ্ট সবল এতিয়া। সংগীহীন ক্লেপেটাঁ কি এনেকৈয়ে থাকিব!— ষ্টেপানৰ মনত চিন্তাৰ বা-মাৰলি।

বাৰাণ্ডাত বহি মিষ্টাৰ ইগৰৰ সতে সেই কথাই পাতি আছে এতিয়া। দুপৰীয়াই অহা মিষ্টাৰ ইগৰৰ যাবৰে হ'ল। অলপ পিছতে চাগে পুতেক ওলাবহি তেওঁক নিবলৈ।

মিষ্টাৰ ইগৰক পুতেকে অনা-নিয়া কৰা দেখিলে ষ্টেপানৰ বুকুখন মোচৰ খাই উঠে। তেওঁৰোতো ল'ৰা আছে। তাৰ পিছতো তেওঁ অকলশৰীয়া। সকলো সুখ হয়তো সকলোৰে বাবে নহয়!

: ই এনেকৈয়ে থাকিবনে ইগৰ?— ক্লেপেটাঁৰ কথা উলিয়ালে ষ্টেপানে।

: মই নাজানিম ষ্টেপান।— ইগৰৰ অসহায় উত্তৰ।

হঠাৎ ঘৰৰ মূধচত চৰাইৰ মাত শুনা গ'ল। সেইটো হোৱাইট ষ্টৰ্কৰে মাত। মাত শুনি যিদৰে ষ্টেপান আৰু মিষ্টাৰ ইগৰ সচকিত হ', সেইদৰে সচকিত হ'ল ক্লেপেটাঁও। সি মূৰ তুলি ঘৰৰ মূধচলৈ চালে তাৰ পৰিচিত মাতটোৰে আনটো চৰাইক সঁহাৰি জনালে।

মূধচৰ চৰাইটো এইবাৰ নামি আহিল। লাহেকৈ আহি আপেলজোপাত পৰিলহি। মিষ্টাৰ ইগৰ আৰু ষ্টেপানে নতুন চৰাইটোলৈ কিছু সময় নীৰৱে চাই থাকিল।

: ষ্টেপান, আকাৰে-আকৃতিয়ে এইজনী মাইকী চৰায়েই হয়।— মিষ্টাৰ ইগৰে ক'লে।

ষ্টেপানে লাহেকৈ হাঁহিলে।

: মই দেখিছোঁ।

নতুন চৰাইটো আপেলজোপাৰ ডালৰ পৰা নামি ক্লেপেটাঁৰ ওচৰ চাপি আহিল। দুয়োটাই ইটোৱে সিটোৰ ডেউকাৰ ওচৰতে ঠোঁট লগালে। ষ্টেপানৰ বুকুৰ ভিতৰত অদ্ভুত এটা অনুভূতি জাগিল।

এফালে মলেঁয়াৰ স্মৃতি। আনফালে জীৱনৰ নতুন আৰম্ভণি। তেওঁ কিছু সময় নীৰৱে চাই থাকিল। মিষ্টাৰ ইগৰে লাহেকৈ ক'লে—

: এইজনীৰ এটা নাম লাগে।

ষ্টেপানে নতুন চৰাইটোৰ ফালে চালে। চৰাইটোৰ চকুত যেন বসন্তৰ পোহৰ। কণ্ঠত যেন মলেঁয়াৰ মাতৰ চিনাকি সুৰ।

: ইগৰ...

: কোৱা।

: এইৰ নামটো ‘মেলডী’ হ'লে কেনেকুৱা হয়?

ইগৰে অলপ হাঁহিলে।

: মেলডী?

: হয়। ক্লেপেটাঁৰ জীৱনত মলেঁয়াৰ পাছত যি নতুন সুৰ আহিছে— সেই সুৰটোৰ নাম মেলডী।

ইগৰে মূৰ দুপিয়ালে।

: বৰ ভাল নাম।

ষ্টেপানে আকাশলৈ চালে।

মলেঁয়া নাই। কিন্তু মলেঁয়াৰ স্মৃতি আছে। ক্লেপেটাঁ আছে। আৰু তাৰ কাষত এতিয়া মেলডী।

 

জীৱন হয়তো কেতিয়াও আগৰ ঠাইলৈ ঘূৰি নাযায়। কিন্তু জীৱনে নতুন পথ বিচাৰি লয়।

সন্ধিয়া ষ্টেপানে ডায়েৰীখন মেলিলে।

বহুদিন ধৰি তেওঁ মলেঁয়াৰ নামৰ তলত কোনো নতুন কথা লিখা নাছিল। পাতটোৰ ওপৰত হাতখন থৈ তেওঁ কিছু সময় নীৰৱে বহি থাকিল। তাৰ পাছত লিখিলে—

মলেঁয়া, তুমি য'ত আছা, তাতেই শান্তিত থাকা। ক্লেপেটাঁ আকৌ আহিছে। সি এতিয়া অকলশৰীয়া নহয়। তাৰ লগত আছে মেলডী। মই তাইৰ নাম ৰাখিছোঁ। তোমাৰ ঠাই ল'বলৈ নহয়।তোমাক পাহৰিবলৈ নহয়। বৰং তোমাৰ প্ৰেমৰ কাহিনীৰ পাছৰ এটা নতুন পৃষ্ঠা হিচাপে।"

ষ্টেপানে কলমটো থ'লে। বাহিৰত ক্লেপেটাঁ আৰু মেলডীৰ মাত শুনা গৈছে। আপেলজোপাৰ পাতবোৰ বতাহত লাহে লাহে কঁপি আছে।

আকাশত বাসন্তী জোন।

আপেল তলত মলেঁয়াৰ শান্তিৰ ঘৰ।

এটা কাহিনী শেষ হ'ল।

আন এটা কাহিনী আৰম্ভ হৈছে।

ভালপোৱাৰ শেষ নাথাকে!

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ