অন্যযুগ/


সেউজপুৰৰ সাধু

 স্মৃতিৰেখা দেৱী

অংকন: বৰ্ণিল মহন্ত



 (যোৱা সংখ্যাৰ পাছৰ অংশ)

জোন ওলাবলৈ পালে কি নাপালে, বাটলুৰ বাহিৰে বাকী কেউজন সভাসদ ইতিমধ্যে মহাৰাজ কেশৰীৰ বাসস্থানত আহি উপস্থিত হলহিয়েই৷

তাৰ মানে বিষয়টোৰ গুৰুত্ব সকলোৱে বুজি পাইছে’– মহাৰাজে ভাবিলে৷

: আপোনাৰ চিন্তাৰ কাৰণটো মই কিছুদূৰলৈ বুজি পাইছোঁ মহাৰাজ৷ ৰাইজৰ মাজত অতি কম দিনৰ ভিতৰতে হোৱা কিছুমান ভাল নলগা ধৰণৰ পৰিৱৰ্তন ময়ো নেদেখাকৈ থকা নাই৷ মহামন্ত্ৰী বৃকোদৰে গহীনাই কলে৷ সেনাপতি হিতৰামেও কবলৈ ধৰিলে

: হয় মহাৰাজ৷ ঘাইকৈ ডেকাচামক মই মন কৰি আছোঁ৷ হঠাতে বৰ অশিষ্ট হৈ উঠিছে ইহঁতবোৰ৷ কথা এষাৰ কলেই একেবাৰে গুজৰি-গুমৰি আহে দেখোন৷ আগতেতো সেউজপুৰত কাহানিও এনে হোৱা নাছিল৷

মহাৰাজে চকুমুদি কথাবোৰ শুনি আছিল৷ এইবাৰ তেওঁ মুখ খুলিলে

: এতিয়া কি কৰিলে ভাল হয় আপোনালোকেই কওকচোন৷ মই মোৰ মৰমৰ প্ৰজাসকলৰ মাজত মৰামৰি হবলৈ দিব নোৱাৰোঁ৷ মই মোৰ পূৰ্বপুৰুষক কি বুলি উত্তৰ দিম? যিখন সেউজপুৰ ৰাজ্যৰ গুৰিতেই মৰম-চেনেহ, সহৃদয়তা, মিলাপ্ৰীতি, সেইখন সেউজপুৰত এতিয়া কিবোৰ যে হবলৈ ধৰিছে ...৷ মই কত ভুল কৰি পেলালোঁ জানো...! যি কৰিছোঁ মোৰ প্ৰজাসকলৰ ভাল হওক বুলিয়ে কৰিছোঁ৷ কিন্তু এতিয়া দেখিছোঁ...

মহাৰাজে কথাষাৰ শেষ নকৰাকৈয়ে গভীৰ চিন্তাত মগ্ন হৈ পৰিল৷ কেউজন সভাসদেও মহাৰাজলৈ একোবাৰ চাই তলমূৰকৈ কিবা চিন্তা কৰিবলৈ ধৰিলে৷ এবাৰত মহামন্ত্ৰী বৃকোদৰে মহাৰাজৰ মনৰ ভাৰ লাঘৱ হওক বুলিয়েই কলে, ‘মহাৰাজ আপুনি ইমান চিন্তা নকৰিবচোন৷ এতিয়াও পৰিস্থিতি ইমান বেয়ালৈ যোৱা নাই৷

ইমানপৰে মনে মনে বহি থকা বগলী পণ্ডিতে এইবাৰ গলহেকাৰি এটা মাৰি মুখ মেলিলে

: এতিয়া প্ৰথমে আমি আমাৰ প্ৰজাসকলৰ মাজত মৰম-চেনেহ, সহৃদয়তা আদি ভাল গুণবোৰ হঠাতে নোহোৱা হোৱাৰ কাৰণটো বিচাৰি উলিয়াব লাগিব৷ কাৰণটো পালেহে তাৰ সমাধানৰ উপায় ভাবিবলৈ সুবিধা হব৷ নে কি কয়? – এইবুলি বগলী পণ্ডিত অলপ ৰল৷ মহাৰাজৰ মুখলৈ এবাৰ চাই তেওঁ আকৌ কবলৈ ধৰিলে

: অৱশ্যে এই সমস্ত ঘটনাৰে কাৰণ কিছু দূৰলৈ মই বিচাৰি পাইছোঁ যেন লাগিছে৷ বগলী পণ্ডিতৰ বাক্যটো শেষ হোৱাৰ লগে লগে মহাৰাজকে ধৰি কেউজনে তেওঁৰ মুখলৈ আগ্ৰহেৰে চালে৷ তেওঁলৈ চাই মহাৰাজে কলে

: কৈ যোৱাঁ কৈ যোৱাঁ৷ ইমানবেলি তুমি মনে মনে থকা দেখিয়েই মই অনুমান কৰিছিলোঁ যে তুমি কিবা এটা সম্ভেদ নোপোৱাকৈ থকা নাই৷

: হয় মহাৰাজ৷ আপোনালোকে কিজানি মন কৰিছেই, আপোনাৰ নিৰ্দেশ অনুসৰি মই প্ৰায়ে অতিথি শিক্ষকদুজনৰ বিশ্ৰামগৃহলৈ অহা-যোৱা কৰি আছোঁ৷

: হয় হয়৷ কওকচোন কওক৷ আপুনি কি গম পাইছে? – আটায়ে একেলগেই সুধিলে৷

: প্ৰথম দিনা সকলো ঠিকেই আছিল৷ দ্বিতীয় দিনা মই অতিথিশালালৈ গৈয়ে তাত কিবা এটা ৰহস্যৰ গোন্ধ পাবলৈ ধৰিলোঁ৷

: কেনেকৈ? কি? – হিতৰাম অধৈৰ্য হৈ উঠিল৷

: প্ৰথম দিনা জেক বোলাজনে মোক দুখনমান কিতাপ দি কৈছিল, ‘তুমি কেইদিনমান ইয়ালৈ আহি এই কিতাপকেইখন পঢ়ি লবা৷সেইদিনা মই বিশেষ পঢ়া-শুনা নকৰি এনেয়ে দুপাতমান লুটিয়াই চাই থৈ আহিলোঁ৷ পাছদিনাহে পঢ়িবলৈ লৈ দেখিলোঁ৷

: কি দেখিলা, কি দেখিলা? – এইবাৰ মহাৰাজে যেন ধৈৰ্য হেৰুৱাই পেলালে৷

: মহাৰাজ, কিতাপ কেইখনত ভাষা, গণিত, বিজ্ঞান আদি বিষয়তকৈ কিবা বিপ্লৱৰ কথাহে বেছিকৈ আছে৷

: বিপ্লৱ!!! আটাইকেইজনে একেলগে আচৰিত হল৷

: হয় মহাৰাজ, বিপ্লৱ৷ ইংলেণ্ডৰ জমিদাৰী পামক পশুপামলৈ ৰূপান্তৰিত কৰাৰ আঁৰত থকা বিপ্লৱ৷ কি ভয়ঙ্কৰ মহাৰাজ ! কি ভয়ঙ্কৰ সেই ষড়যন্ত্ৰবোৰ ! যিজন লোকে অতি কষ্টৰে পামখন পাতিছিল সেইজনৰে বিৰুদ্ধে বিপ্লৱ কৰি তেওঁক সেই পামৰপৰা পহুখেদা দি গাহৰিসকলে পশুপাম প্ৰতিষ্ঠা কৰাৰ ভয়ঙ্কৰ বৰ্ণনা মহাৰাজ৷ পশুপাম প্ৰতিষ্ঠাৰ কালত এষাৰ কথা কোৱা হৈছিল, ‘সকলো পশু সমান৷ পিছে পাছলৈ হলগৈ কি, বোলে কেৱল গাহৰিবোৰহে শ্ৰেষ্ঠ, বাকীবোৰ তলখাপৰ পশু৷ আচলতে তাত গাহৰিবোৰে তলে তলে নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিবলৈকে সেই বিপ্লৱৰ ধাৰণাটো জন্ম দি অকলে নোৱাৰি কাৰণে কৌশল কৰি বাকীসকল পশুৰ সহায় লৈছিল৷  বিপ্লৱৰ শেষত যিহেতু তেওঁলোক গজগজীয়া হ, সেয়ে বাকীসকলৰ সহায় নহলেও হব বুলি নিশ্চিত হৈ বাকীসকলক হেয়জ্ঞান কৰিবলৈ আৰম্ভ কৰিছিল৷ কিতাপখনৰ মতে মহাৰাজ, গাহৰিবোৰে বাকীসকল পশুক একেবাৰে ভৃত্যৰ দৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ বিৰোধিতা কৰিলেই চৰম শাস্তি প্ৰদান কৰিছিল৷

দীঘলীয়াকৈ কথাখিনি কওঁতে যেন বগলী পণ্ডিতৰ উশাহ-নিশাহ বন্ধ হৈহে আছিল৷ কথা শেষ কৰিয়েই তেওঁ দীঘল দীঘলকৈ উশাহ দুটামান টানি বুকুখন ভৰাই ললে৷ তাৰ পাছতহে তেওঁ বাকীসকলৰ মুখলৈ চালেসকলোৰে মুখ গম্ভীৰ৷ কোনেও আনকি চকুৰ পছাৰ এটাও পেলোৱা নাই৷ হঠাতে মন্ত্ৰী বৃকোদৰে মাত লগালে

: তাৰ পাছত?

: তাৰ পাছত কিছুদিন একো খবৰ-খাতি নাছিল৷ এতিয়া গম পাইছোঁ, বুঢ়া মেজৰ বোলা সেই বিপ্লৱৰ পৰিকল্পনা কৰা গাহৰিটোৰ নাতি-পুতিবোৰে গোপনে গোটেই পৃথিৱীৰ অৰণ্যত সেই বিপ্লৱৰে বাণী বিলাই ফুৰিছে৷ সিহঁতে বিশ্বৰ বনভ্ৰমণ কৰা বুলি এনেয়ে প্ৰচাৰহে কৰিছে৷ আচলতে কিন্তু সিহঁতৰ উদ্দেশ্যটো ভয়ঙ্কৰ৷ কাৰণ, বিভিন্ন অৰণ্যৰ গাহৰিবোৰক সিহঁতে নিজৰ মন্ত্ৰৰে প্ৰভাৱান্বিত কৰিবলৈ আৰম্ভ কৰিছে৷

কথাখিনি কৈ পণ্ডিতে আটাইলৈকে চালে৷ কোনেও একো কোৱাৰ লক্ষণ নেদেখি তেওঁ আকৌ কবলৈ ধৰিলে

: এই বিষয়ে মই মোৰ গুৰু বৰটোকোলা ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ৷ তেখেতো আমাৰ সমস্যাটোক লৈ গভীৰভাৱে চিন্তিত৷ তেখেতৰ মতে বিপ্লৱ মানে কেৱল কাৰোবাৰ বিৰোধিতা কৰা বা কাজিয়া কৰা নহয়৷ সেউজপুৰৰ বিপ্লৱ হৈছে পাৰস্পৰিত মিলাপ্ৰীতিৰ, সহনশীলতাৰ৷ কিন্তু এতিয়া বিদেশী বিপ্লৱৰ আৰ্হি আহি আমাৰ ৰাজ্যতে সিন্ধি খান্দিব খুজিছে৷ পণ্ডিত ৰল৷ মহামন্ত্ৰীয়ে কলে

: কোনোবা এখিনিত আমাৰ কিবা এটা ভুল হৈ গৈছে, মহাৰাজ৷ আমাৰ চকুত নপৰাকৈয়ে আমি এনে এটা ভুল কৰি পেলাইছোঁ যাৰ কাৰণে আজি এনে সংকটৰ মুখামুখি হবলগীয়াত পৰিছোহঁক...

তেনেতে উধাতু খাই ফোঁপাই-জোপাই বাটলু আহি পালেহি৷ আহি পাই সি উশাহ নসলোৱাকৈয়ে কৈ গ

: ক্ষমা কৰিব মহাৰাজ৷ মোৰ আহি পোৱাত পলম হল৷ আলোচনা কিজানি বহুদূৰ আগ বাঢ়িল৷ মই সময় মতেই ওলাইছিলোঁ, কিন্তু হঠাতে বাটতে অতিথিশালাৰ ফালে কিবা এটা দেখি ভাবিলোঁ সন্দেহটো মাৰি যোৱাই ভাল হব৷

কথাখিনি কৈহে সি উশাহ ললে৷ মহাৰাজে তেওঁৰ তীক্ষ্ণ দৃষ্টিৰে লক্ষ্য কৰিলে, বাটলুৰ অকণমানি বুকুখনে খুব ঘন ঘনকৈ উশাহ লৈছে৷ তাৰ মানে ই কিবা এটা উত্তেজক খবৰ আনিছে, তেওঁ ভাবিলে৷ ভিতৰি ভিতৰি তেওঁ জানিবলৈ অধৈৰ্য হৈ উঠিলেও বাটলুৱে দিনৰ দিনটো পৰিশ্ৰম কৰাৰ কথা মনলৈ আনি ভাবিলে, ‘লওক, বেচেৰাটোৱে উশাহ দুটামান লৈ সুস্থ হৈ লওক৷ কথা পাছে-পৰেও শুনিম৷ সি যি দেখি আহিছে সেইখিনিতো কবই৷ তেওঁ কলে, ‘ব দে বোপাই, আমি বুজি পাইছোঁ৷ তই লাজো কৰিব নালাগে, লৰালৰিও কৰিব নালাগে৷ জুৰণিপাৰৰপৰা আহি পায়েই যে তই আকৌ আমাৰ সভালৈ বুলি উধাতু খাই আহিছ সেয়ে বহুত৷ এখুদমান প্ৰাণীটো হৈও তই যে নিজৰ দুখ-ভাগৰকো গণিতা নকৰি ৰাজ্যখনৰ সমস্যা সমাধানৰ কাৰণে চিন্তা কৰিছ৷ নে কি কয় সভাসদসকল? ’

আটায়ে হয় হয় বুলিলে৷

: তেনেকৈ নকব মহাৰাজ৷ সেউজপুৰ ৰাজ্যখন আপোনাৰ কাৰণে যি মোৰ কাৰণেও তাতকৈ কোনোগুণে কম নহয়৷ ৰাজ্যখনৰ সমস্যা মানেই আমাৰ আটাইৰে সমস্যা৷

: হয় অবাটলু৷ তোৰ দৰেই আমাৰ সন্মানীয় সভাসদসকলেও তেনেকৈয়ে ভাবে৷ মই বৰ ভাগ্যৱান অবাটলু৷ তহঁতৰ দৰে সভাসদ লাভ কৰি মই সঁচাকৈয়ে গৌৰৱ বোধ কৰোঁ৷ আজি সেনাপতিৰ লগতে তই, মলুৱা আৰু ছট্‌ছটী মিলি জুৰণিপাৰৰ ৰাইজৰ সমস্যাৰ যি সমাধান উলিয়ালি তাকে ভাবি মোৰ মনটো তেনেই উখল-মাখল লাগি আছে৷ তহঁত কেউজনকে মই অন্তৰৰপৰা ধন্যবাদ জনাইছোঁ৷

মহাৰাজৰ লগতে বাকীসকল সভাসদেও হিতৰাম, বাটলু, মলুৱা আৰু ছট্‌ছটীক সাধুবাদ দিলে৷ বাটলুৱে সৌহাদ্যসূচক মূৰ দুপিয়ালে৷ পিছে সেনাপতি হিতৰামহে কিছু অস্বস্তিত পৰিল৷ তেওঁ লাহেকৈ কবলৈ ধৰিলে

: মহাৰাজ, আচলতে জুৰণিপাৰৰ সমস্যাটোৰ সমাধান আমাৰ বাটলু ডাঙৰীয়াইহে কৰিলে৷ একেবাৰে অকলে কৰিছে৷ মই কালি ৰাতিপুৱাৰেপৰা ৰাইজখনৰ সম্মুখত আকাশ-পাতাল ভাবি-গুণি বহিয়েই থাকিলোঁ, কিন্তু তেখেতৰ নিচিনা একো সমাধানকে উলিয়াব নোৱাৰিলোঁ৷ এখেতৰ নিচিনা বুদ্ধিৰ আগত মইহেন প্ৰকাণ্ড বাঘটো আচলতে একোৱেই নহওঁ৷

: হব হব৷ সেইবোৰ এতিয়া এৰক, সেনাপতি ডাঙৰীয়া৷ সমস্যা একোটা সমাধান কৰাটোহে ঘাই কথা৷ কোনে সমাধান কৰিলে কোনে কৰিব নোৱাৰিলে সেইবোৰ আলোচনা কৰাৰপৰা কাৰো একো লাভ নহয়৷ এতিয়া আচল কথালৈ অহা যাওক৷ মহাৰাজ, আলোচনা কিমান দূৰ আগ বাঢ়িল?

: একো আগ বঢ়া নাই অবাটলু৷ কেৱল বগলী পণ্ডিতে বিদেশী গাহৰিদুজনে গোপনে গোপনে আমাৰ গাহৰিসকলৰ মাজত কিবা বিপ্লৱৰ কথা প্ৰচাৰ কৰাৰ প্ৰমাণ পাইছে৷  বিষয়টোৱে আমাক বৰ চিন্তাত পেলাইছে৷

: পণ্ডিত মহোদয়ে ঠিকেই কৈছে তেনেহলে, মহাৰাজ৷ এতিয়া মই দেখা-শুনাখিনি কওঁ শুনক৷

: ক ক৷

: মই কেইটামান সন্দেহজনক দৃশ্য দেখি আহিলোঁ মহাৰাজ৷ কথাষাৰ কৈ বাটলু ৰল আৰু আটাইৰে মুখবোৰ লক্ষ্য কৰিলে৷ মহাৰাজকে ধৰি কেউজন সভাসদে উৎসুক হৈ তাৰ ফালেই চাই আছে৷ সি কৈ গ

: মই আহি থাকোঁতে বগী নামৰ গাহৰিজনীৰ লগতে তাইৰ সমনীয়া গাহৰিদুটাক অতিথিশালাৰ পিনে যোৱা দেখিলোঁ৷ সিহঁত সাধাৰণভাৱে যোৱা নাছিল, কিবা যেন বেয়া কাম এটা কৰিবলৈহে আনে নেদেখাকৈ গৈছে তেনেকৈ গৈছিল৷ ইপিনে-সিপিনে চাই চোৰৰ দৰে যোৱা সিহঁতক দেখি মোৰ মনত সন্দেহে বাহ ললে৷ লগে লগে ময়ো মনে মনে সিহঁতৰ পিছ ললোঁ৷ মহাৰাজ, ভোলা নামৰ শৰণাৰ্থী গাহৰিটো আগৰপৰাই অতিথিশালাতে আছিল আৰু জেপোলিন নামৰ বিদেশী মাষ্টৰটোৱে... অ নহয়, মাষ্টৰজনে হাতোৰা জোঁকাৰি জোঁকাৰি তাক কিবা বুজাই আছিল৷ কথাবোৰ ভালকৈ শুনো বুলি মই আগ বাঢ়ি গলোঁ৷ ওচৰ চাপিহে দেখিলোঁ, ইতিমধ্যে সেউজপুৰৰ প্ৰায় আটাইবোৰ গাহৰি তাত গোট খাই কিবা গুপ্ত আলোচনা কৰিছে৷ অলপ পৰ ৰোৱাৰ পাছত মই যিটো দৃশ্য দেখিলোঁ মহাৰাজ...আপোনালোকে কিজানি বিশ্বাসেই নকৰিব৷

কথাখিনি কৈ উত্তেজিত হৈছিল বাটলু৷ সি ৰৈ দিলে৷ পিছে মহাৰাজে সুধিলে

: কি দেখিলি? কি দেখিলি? কৈ নেপেলাৱ কিয়?

: দেখিলোঁ মানে মহাৰাজ, মোৰ নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান পালোঁ জানেনে? ভুল দেখিছোঁ নেকি বুলি কেইবাবাৰো চকুহালকে টিপিয়াই চালোঁ৷ কিন্তু মই ঠিকেই দেখিছিলোঁ মহাৰাজ৷ কি দেখিলোঁ জানেনে? জেক নামৰ গাহৰিটোৱে... অ নহয়, গাহৰিজনে পিছঠেং দুটাত ভৰ দি থিয় হৈ হাতোৰা দুখনক মানুহৰ হাতৰ নিচিনাকৈ ব্যৱহাৰ কৰিবলৈ শিকাই আছিল৷ মই স্পষ্টভাৱে দেখিলোঁ৷

: সেইটো আকৌ কেনে কাণ্ড? – বাটলুৰ কথা শুনি মন্ত্ৰী বৃকোদৰে আচৰিত হৈ সুধিলে, ‘মোৰ ইমানখিনি বয়স হ, অথচ কোনো গাহৰিকে তেনেকৈ মানুহৰ নিচিনাকৈ থিয় হোৱা দেখা নাই৷ অকল বান্দৰসকলৰ বাহিৰে বাকী কোনো জন্তুৱেই তেনে কৰা মই দেখা নাই৷ আপোনালোকে দেখিছে যদি অৱশ্যে মই নাজানো৷

আটায়ে দেখা নাই দেখা নাই বুলি মত প্ৰকাশ কৰিলে৷ বাটলুৱে আকৌ কবলৈ ধৰিলে

: মজাৰ কথাটো হ, আমাৰ সেউজপুৰীয়া গাহৰিবোৰক বিদেশীটোৱে তেনে কৰিবলৈ কোৱাত প্ৰত্যেকেই যত্ন কৰিবলৈ গৈ ধুপুচ্‌ ধুপুচ্‌কৈ বাগৰিহে পৰিল৷ দৃশ্যটো বৰ ভাল লগা হৈছিল৷ ... কিন্তু মই বৰ দুখ পালোঁ, সেউজপুৰীয়া গাহৰিসকলে যেন বিদেশী গাহৰিদুটাকে নিজৰ হৰ্তা-কৰ্তা-বিধাতা বুলি মানি লৈছে৷ তাত থকা কিতাপ-পত্ৰৰ ওখ দমটোৰ ওপৰত উঠি মই সকলোকে ভালকৈ চালোঁ৷ সিহঁতৰ আটাইবোৰ কথাও শুনি আহিছোঁ ভালকৈ৷ বিদেশীহঁতে আমাৰ গাহৰিবোৰক কিছুমান কথা চিঞৰি চিঞৰি কবলৈ শিকাইছে৷ কথাবোৰ এনেকুৱাগাহৰিসকল এখন অৰণ্যৰ মগজুস্বৰূপ৷ গাহৰিসকলেই শ্ৰেষ্ঠ, বাকীবোৰ পশু নিকৃষ্ট৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে মহাৰাজ, সেউজপুৰত হেনো গাহৰিৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব সিহঁতে৷ পৃথিৱীৰ প্ৰতিখন অৰণ্যতে হেনো সিহঁতৰ গিয়াতিবোৰে গাহৰিৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব৷ ... এতিয়া অতি সোনকালে কিবা এটা হেস্ত-নেস্ত কৰিব লাগে মহাৰাজ৷

: এৰা ! বুলি মহাৰাজে এটা দীঘলীয়া হুমুনিয়াহ এৰিলে, ‘কথাবোৰ দেখোন ভবাতকৈয়ো বেছি আগ বাঢ়িছে৷ ইমান কম সময়তে বিদেশী দুজনে এনে ষড়যন্ত্ৰ ৰচিব বুলি মই কস্মিনকালেও ভবা নাছিলোঁ৷ মোৰ মৰমৰ প্ৰজাসকলৰ মাজত ভেদভাব সিঁচি সেউজপুৰৰ সাতামপুৰুষীয়া ঐক্যৰ বান্ধোন তেনেই সোলোক-ঢোলোক কৰি পেলাব খুজিছে দেখোন৷

মহাৰাজ হতাশ হোৱা যেন অনুভৱ কৰি বগলী পণ্ডিতে বুজনিৰ সুৰত কলে

: ইমানকৈ চিন্তিত নহ, মহাৰাজ৷ আমি ভাবি-গুণি যিমান পাৰোঁ সোনকালে কিবা এটা ব্যৱস্থা কৰিম৷ আৰু আপোনাৰ প্ৰজা গাহৰিসকলে আপোনাৰ মৰম-চেনেহ ইমান সহজে পাহৰি যাব নোৱাৰে বুলিয়েই মই বিশ্বাস কৰোঁ৷ কেৱল কিবা এক মোহ বা ভুল ধাৰণাৰ বশৱৰ্তী হৈহে তেওঁলোকে বিদেশীৰ মন্ত্ৰ ধাৰণ কৰিব খুজিছে৷

পণ্ডিতৰ কথা শুনি মহাৰাজে কিছু সকাহ পোৱা যেন অনুভৱ কৰিলে৷ হঠাতে সেনাপতি হিতৰাম উথলি উঠিল

: ইহঁতক আৰু লাই দিব নোৱাৰি মহাৰাজ৷ মোক অনুমতি দিয়ক, মই কাইলৈকে গৈ এই বিদেশী গাহৰিদুটাক সেউজপুৰৰপৰা খেদি পঠিয়াম৷ নহলে সিহঁতৰ বুকু ফালি চিৰাচিৰ কৰি আমাৰ গাহৰিহঁতক সিহঁতৰ কলিজা দুটা দেখুৱাম৷ পৃথিৱীত গাহৰি ৰাজ্য পাতে ! গাহৰি ৰাজ্য !

: শান্ত হোৱাঁ সেনাপতি৷ তেনে কৰিলে হিতে বিপৰীত হব৷ ভাবি-গুণিহে সিদ্ধান্ত লব লাগিব৷ মহামন্ত্ৰী বৃকোদৰে কলে৷ হিতৰামে ভাবিলে, মহামন্ত্ৰীৰ লৰা গদাধৰ যিহেতু ইংলেণ্ডতে পঢ়া-শুনা কৰি আছে, ৰাৰ অপকাৰ হয় বুলিয়েই মন্ত্ৰী মহোদয়ে তেনেকৈ কৈছে৷ সেয়ে হিতৰামে আকৌ কলে, ‘আপোনাৰ লৰা গদাধৰৰ সিহঁতে নোম এডালো লৰাব নোৱাৰে মহামন্ত্ৰী মহোদয়৷ লাগিলে মই নিজেই গৈ তেওঁক ইংলেণ্ডৰপৰা লৈ আহিমগৈ৷

: ক্ষান্ত হোৱাঁ, সেনাপতি৷ মহামন্ত্ৰী ডাঙৰীয়াই নিজৰ সন্তানৰ কথা ভাবি তোমাক তেনেকৈ কৈছে বুলি মই ভবা নাই৷ তেখেতে চিন্তা কৰিছে সেউজপুৰৰ গৰিমা ৰক্ষাৰ কথাহে৷ নহয়নে মহামন্ত্ৰী মহোদয়?

: আপুনি ঠিকেই কৈছে মহাৰাজ৷

: বাৰু তেনেহলে আটায়ে চিন্তা কৰক, এই সন্ধিৰ বাঁহ কি বুদ্ধিৰে কাটিব পাৰি৷ আমি তেনেহলে আকৌ কাইলৈ গধূলিও এনেকৈয়ে লগ হম৷ কাকো বেলেগে জাননী নিদিওঁ৷ আটায়ে কথাবোৰৰ গম লবলৈ যত্ন কৰকচোন৷

(অহা সংখ্যালৈ বাট চোৱাঁ৷) 

শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ