অভিজিত শর্মা বৰুৱা
যোৱা কিছুদিন ধৰি ভাৰতীয়
মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organization, চমুকৈ ISRO বা ‘ইছৰো’) মহাকাশ ক্ষেত্রত তেওঁলোকৰ
কিছুমান সফল উৎক্ষেপন আৰু অভিযানৰ যোগেদি বিশ্ববাসীক চমকিত কৰি আহিছে আৰু আমাৰ
দেশকো এই ক্ষেত্রত পৃথিবীৰ ভিতৰতে আগশাৰীৰ দেশসমূহৰ মাজত স্থান দিবলৈ সক্ষম হৈছে।
চন্দ্রযান-৩, আদিত্য L1 আদিৰ পাছত শেহতীয়াভাবে
‘গগনযান’ প্রকল্পৰো এক গুৰুত্বপূর্ণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে।
গগনযান প্রকল্প
কি?
গগনযান প্রকল্প ‘ইছৰো’ৰ
বাবে নতুন প্রকল্প নহয়। কেবা বছৰৰো আগতেই ইছৰোয়ে এই প্রকল্পৰ বিষয়ে চিন্তা-চর্চা আৰম্ভ
কৰিছিল। ভাল-বেয়া পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি গৈ এতিয়া গগনযান প্রকল্প শেষ পর্য্যায়ত
আহি উপনীত হৈছে।
গগনযান প্রকল্পৰ জৰিয়তে
ইছৰোয়ে সর্বোচ্চ তিনিজন মহাকাশচাৰীক মহাকাশলৈ পঠিয়াই, পৃথিবীৰ পৰা প্রায় ৪০০
কিলোমিটাৰ দূৰত্বৰ কক্ষপথত প্রায় সাতদিন মহাকাশ ভ্রমণ আৰু লগতে কেইটামান গুৰুত্বপূর্ণ
পৰীক্ষা সম্পন্ন কৰাই তেওঁলোকক নিৰাপদে পুনৰ পৃথিবীলৈ ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে।
এয়া অৱশ্যে তেনে ধৰণৰ মহাকাশ যাত্রাৰ এক আৰম্ভণিহে হ’ব। প্রথমখন গগনযানে সফলতাৰে
প্রত্যাবর্তন কৰাৰ পাছত এনে ধৰণৰ অধিক অভিযান চলি থাকিব।
যোৱা ২১ অক্টোবৰ, ২০২৩ ত এই
প্রকল্পৰ এক অতি গুৰুত্বপূর্ণ পৰীক্ষা ‘মহাকাশচাৰী উদ্ধাৰ পদ্ধতি’ বা ‘ক্রু এছকেপ
ছিষ্টেম’ৰ (Crew
Escape System – CES) পৰীক্ষণ সফলভাবে সম্পন্ন হয়। ইয়াৰ ফলত গগনযান প্রকল্পৰ জৰিয়তে ভাৰতীয় মহাকাশচাৰীয়ে
মহাকাশ ভ্রমণ কৰাটো কেৱল সময়ৰ অপেক্ষাহে হৈ পৰিল।
অৱশ্যে এই কথাও সঁচা নহয় যে
গগনযানত ভ্রমণ কৰাজনহে প্রথম ভাৰতীয় মহাকাশচাৰী হ’ব। ইয়াৰ আগতে ১৯৮৪ চনত ভাৰতৰ ৰাকেশ
শর্মাই মহাকাশ ভ্রমণ কৰি প্রথম ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হৈছিল। তেওঁ ‘ইছৰো’
আৰু ‘ছোভিয়েট মহাকাশ কার্য্যক্রম’ৰ (Soviet Space Program) এক যুটীয়া ইন্টাৰকছমছ মিছনৰ যোগেদি ছোভিয়েট
ৰকেট ছয়ুজ T-11
ত উঠি মহাকাশলৈ গৈছিল।
মহাকাশৰ ‘ছেল্যুট ৭’ কক্ষপথীয় কেন্দ্রত তেওঁ ৭ দিন, ২১ ঘন্টা আৰু ৪০ মিনিট কটাইছিল।
তাৰ পৰাই তেওঁ ভাৰতৰ তেতিয়াৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ লগত কথা পাতিছিল আৰু
তেখেতে মহাকাশৰ পৰা ভাৰতখন কেনে দেখি বুলি সোধা এটা প্রশ্নৰ উত্তৰত কৈছিল – ‘চাৰে
জহাঁ চে অচ্ছা!’
‘গগনযান প্রকল্প’ৰ
আৰম্ভণি
২০০৬ চনতে মহাকাশ অভিযানৰ
ক্ষেত্রত ‘কক্ষপথীয় যান’ শ্রেণীৰ অন্তর্গত এক যান হিচাপে গগনযান সম্পর্কত প্রাথমিক
অধ্যয়ন আৰু প্রযুক্তিগত কাম-কাজ আৰম্ভ হৈছিল। পৰিকল্পনা আছিল যে এক সৰল কেপছুলসদৃশ
যান তৈয়াৰ কৰা হ’ব, সেই যানে দুজন মহাকাশচাৰীক মহাকাশলৈ লৈ যাব, মহাকাশত সেই যান
প্রায় এসপ্তাহ থাকিব আৰু তাৰ পাছত পৃথিবীলৈ ঘূৰি আহি সাগৰৰ জলপৃষ্ঠত অৱতৰণ কৰিব।
২০০৭ চনত এই পৰিকল্পনা গ্রহণ কৰা হ’ল আৰু লগতে ২০২৪ চনত এই প্রকল্প সম্পূর্ণ কৰি
উৎক্ষেপন কৰাৰ সময়সীমা নির্ধাৰণ কৰা হ’ল। তাৰ বাবে বাজেট নির্ধাৰণ কৰা হ’ল প্রায় ১০,০০০
কোটি টকা। ২০০৮ চনৰ মার্চত এই গগনযানৰ ডিজাইন চূড়ান্ত কৰি পুঁজিৰ আবন্টনৰ বাবে সেই
প্রকল্প ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰা হ’ল। ২০০৯ চনৰ ফেব্রুৱাৰি মাহত ভাৰত চৰকাৰে ‘ভাৰতীয়
মানৱবাহী মহাকাশযান কার্য্যক্রম’ৰ (Indian Human Spaceflight Programme) অধীনত গগনযানৰ ডিজাইনত অনুমোদন জনায় আৰু লগতে পুঁজিও
আবন্টণ কৰে। এই প্রকল্পৰ প্রথম পর্য্যায়ত কক্ষপথীয় যানসমূহৰ অন্তর্গত প্রথম
যাত্রীবিহীন মহাকাশযান এখনক ২০১৩ চনত মহাকাশলৈ প্রেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা
হৈছিল যদিও পাছত এই কার্য্যসূচী ২০১৬ চনলৈ পিছুওৱা হ’ল। ২০১২ চনৰ এপ্রিলত এই খবৰো
ওলাল যে পুঁজি যোগানৰ ক্ষেত্রত গুৰুতৰ সমস্যাৰ বাবে এই প্রকল্প আধৰুৱা হৈও থাকি
যাব পাৰে। ২০১৩ চনৰ আগষ্টত ইছৰোয়ে জনালে যে গগনযানকে ধৰি সকলো মানৱবাহী মহাকাশযান
প্রকল্প ইছৰোৰ অগ্রাধিকাৰ তালিকাত নাই। তাৰ পাছত অৱশ্যে ২০১৪ চনৰ আগভাগত এই প্রকল্প
সম্পর্কত পুনর্বিবেচনা কৰা হ’ল। সেই চনৰে ফেব্রুৱাৰি মাহত ইছৰোৰ বাজেট যথেষ্ট পৰিমাণে
বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত গগণযান প্রকল্পয়ো কিছু ধন লাভ কৰিলে। ২০০৭ চনৰ জানুৱাৰিত
ইছৰোয়ে এক ‘মহাকাশ কেপছুল পুনৰুদ্ধাৰ’ (Space Capsule Recovery) পৰীক্ষা চলাইছিল। এই পৰীক্ষাত ৫৫০
কিল’গ্রাম ওজনৰ এক মহাকাশ কেপছুল যান প্রেৰণ কৰি তাক পুনৰ ঘূৰাই আনি সমুদ্রত অৱতৰণো
কৰোৱা হৈছিল। এই পৰীক্ষাৰ আধাৰতে ইছৰোয়ে কক্ষপথীয় যান গগনযানৰ বিকাশ কৰিবলৈ আৰম্ভ
কৰিলে।
‘ভাৰতীয় মানৱবাহী মহাকাশযান
কার্য্যক্রম’ৰ ক্ষেত্রত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰা গ’ল ২০১৭ চনত আৰু গগনযানৰ এক
উন্নত ডিজাইনো প্রস্তুত কৰা হ’ল। তাৰ পাছত ২০১৮ চনৰ স্বাধীনতা দিৱসৰ ভাষণত
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গগনযান প্রকল্পৰ বিষয়ে ঘোষণা কৰিলে। গগনযানৰ নতুন ডিজাইনত
দুজনৰ ঠাইত তিনিজন মহাকাশচাৰীৰ বাবে ব্যৱস্থা ৰখা হ’ল। এইটোও ঠিক কৰা হ’ল যে গগনযান
অভিযানৰ সময়ত ইছৰোয়ে চাৰিটা জীৱবৈজ্ঞানিক আৰু মাইক্র-গ্রেভিটী (Micro-Gravity) বিষয়ক দুটা ভৌতিক বিজ্ঞান সম্পর্কীয়
পৰীক্ষা সম্পন্ন কৰিব। ইন্ধনৰ ক্ষেত্রতো হাইড্রাজিন (Hydrazine) ব্যৱহাৰ নকৰি সেউজ চালক-ইন্ধন (Green Propellant) ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত
লোৱা হ’ল। তাৰ পাছত ২০২১ চনৰ অক্টোবৰ
মাহত ইছৰোয়ে সিদ্ধান্ত ক’লে যে গগনযান অভিযানত তেওঁলোকে পাঁচটা পৰীক্ষাহে চলাব। তাৰে
দুটা হ’ব জীৱবিজ্ঞানসম্পর্কীয় আৰু তিনিটা হ’ব মাইক্র’-গ্রেভিটীকে ধৰি ভৌতিক
বিজ্ঞান সম্পর্কীয়।
প্রকৃততে গগনযান হ’ল ‘ভাৰতীয়
মানৱবাহী মহাকাশযান কার্য্যক্রম’ৰ (Indian Human Spaceflight Program) পূর্বসূৰী এক মহাকাশযান। ইয়াৰ পাছত এনে ধৰণৰ
আন উন্নত মহাকাশযানো মহাকাশলৈ প্রেৰণ কৰা হ’ব। বর্তমানৰ গগনযানক তিনিজন মহাকাশচাৰীক
কঢ়িয়াই নিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াৰ পৰিকল্পিত উন্নত সংস্কৰণত অৱশ্যে আন
কিছুমান সুবিধাও থাকিব। গগনযান অভিযানত ৫.৩ মেট্রিকটন ভৰৰ এক স্বতন্ত্র কেপছুলে
৪০০ কিলোমিটাৰ ওপৰেদি সাতদিনলৈকে পৃথিবী প্রদক্ষিণ কৰিব। মানৱবাহী মূল গগনযানখন LMV3 ৰকেটৰ সহায়ত প্রথমে ২০২১ চনৰ ডিচেম্বৰত উৎক্ষেপন
কৰাৰ কথা আছিল যদিও কোভিড-১৯ ৰ সংক্রমণকে ধৰি বিভিন্ন কাৰণত এতিয়া ২০২৪ চনৰ মাজভাগতহে
ই সাজু হৈ উঠিব।
হিন্দুস্তান এৰ’নটিকছ
লিমিটেডে তৈয়াৰ কৰা গগনযানৰ প্রথমটো ক্রু মডুলে (Crew Module) ২০১৪ চনৰ ১৮ ডিচেম্বৰত মানৱবিহীনভাবে প্রথমটো
পৰীক্ষামূলক উৰণ সম্পন্ন কৰিছিল। তাৰ ভিত্তিত ২০১৯ চনৰ মে’ মাহত সেই মডুলৰ ডিজাইন
সম্পূর্ণ হ’ল। এই অভিযানৰ বাবে বিভিন্ন মানৱ-কেন্দ্রিক পদ্ধতি আৰু প্রযুক্তি, উদাহৰণস্বৰূপে
মহাকাশ-পর্য্যায়ৰ খাদ্য, মহাকাশচাৰীৰ স্বাস্থ্যৰক্ষা, বিকিৰণ নির্ণয় কৰি প্রতিৰক্ষাৰ
ব্যৱস্থা কৰা, অগ্নি নির্বাপন সঁজুলি আদিৰ যোগান ধৰিব ‘প্রতিৰক্ষা গৱেষণা আৰু
উন্নয়ন সংস্থা’ই (Defense Research and Development Organization - DRDO)। ২০২০ চনৰ ১১ জুনত ঘোষণা কৰা হ’ল যে
কোভিড-সৃষ্ট পৰিস্থিতিৰ বাবে এই প্রকল্প কিছু পলম হ’ব। ২০২২ চনৰ ৩০ জুনত ইছৰোৰ
চেয়াৰমেন এছ সোমনাথে ঘোষণা কৰিলে যে নিৰাপত্তাজনিত কাৰণত ২০২৪ চন পর্য্যন্ত কোনো মানবৱ্বাহী
মহাকাশযান প্রেৰণ কৰা নহ’ব। ২০২৩ চনত ইছৰোৰ পৰাই জানিবলৈ পৰা গ’ল যে তেওঁলোক ২০২৪
চনত গগনযান উৎক্ষেপনৰ বাবে সাজু হৈছে।
গগনযানৰ বাবে মহাকাশচাৰী প্রশিক্ষণ
গগনযানত ভ্রমণ কৰিবৰ বাবে বেংগালুৰুত
ইতিমধ্যে এক মহাকাশচাৰী প্রশিক্ষণ কেন্দ্র (Astronaut Training Facility – ATF) স্থাপন কৰা হৈছে। তাত সম্ভাৱ্য মহাকাশচাৰীসকলক শ্রেণীকোঠাৰ
প্রশিক্ষণ, ফিটনেছ প্রশিক্ষণ, ছিমুলেটৰ প্রশিক্ষণ, ফ্লাইট ছুইট প্রশিক্ষণ আদি চলি
আছে। প্রশিক্ষণৰ বিভিন্ন সূচীৰ ভিতৰত শৈক্ষিক পাঠ্যক্রম, গগণযান উৰণ পদ্ধতি, মাইক্র’-গ্রেভিটিৰ
সৈতে পৰিচিতি, এৰ’-মেডিকেল প্রশিক্ষণ, দীর্ঘদিনীয়া উৰণ প্রশিক্ষণ, যোগ-শিক্ষা আদিও
আছে।
গগনযানৰ মূল অংশ
গগনযানত দুটা বিভিন্ন স্বতন্ত্র ভাগ বা মডুল
(Module) আছে। তাৰ ‘ক্রু মডুল’ (Crew Module) হ’ল
সম্পূর্ণভাবে স্বতন্ত্র এক মহাকাশযান। ইয়াৰ ভৰ হ’ল ৫.৩ টন। ই সর্বোচ্চ তিনিজন মহাকাশচাৰীক
লৈ মহাকাশলৈ যাব, সাতদিন তাত থাকি আকৌ মহাকাশচাৰীকেইজনক লৈ নামি আহি বংগোপসাগৰত অৱতৰণ
কৰিব। এই মডুলত এটা পেৰাচুটেই যথেষ্ট যদিও সংকটকালৰ বাবে দুটা পেৰাছুট আছে। এই পেৰাছুটে
নামি অহাৰ সময়ত মডুলটোৰ গতি প্রতি ছেকেণ্ডত ২১৬ মিটাৰৰ পৰা প্রতি ছেকেণ্ডত ১১ মিটাৰলৈ
কমাই দিব আৰু লগতে মডুলটোৰ নিম্নগামী গতি সুস্থিৰ কৰি ৰখাত সহায় কৰিব। তাতে থকা এক
মহাকাশ কেপছুলত জীৱন-যাপন আৰু জীৱন-ৰক্ষাৰ বাবে সা-সুবিধা, সঁজুলি আৰু পৰিৱেশ
নিয়ন্ত্রণ পদ্ধতি থাকিব। লগতে তাত জৰুৰীভাবে সেই স্থান ত্যাগ কৰিবলগীয়া সামর্থ্য থাকিব
আৰু লগতে থাকিব ‘ক্রু এছকেপ ছিষ্টেম’।
গগনযানৰ আন এক মডুল ‘ছার্ভিচ মডুল’ৰ (Service Module) ভৰ হ’ল ২.৯ টন। জুলীয়া চালক-ইন্ধনযুক্ত (Propellant) ইঞ্জিনৰ দ্বাৰা ই শক্তি লাভ কৰিব। ‘ক্রু মডুল’ আৰু ‘ছার্ভিচ
মডুল’ একেলগে থাকিব আৰু দুয়োটা মিলি ভৰ হ’ব ৮.২ টন। ছার্ভিচ মডুলত সংঘটিত ক্রিয়া-কাণ্ডৰ
বাবেই এই যান ৪০০ কিলোমিটাৰ ওপৰৰ কক্ষপথ পাবগৈ, তাতে থাকি সাতদিন পৃথিবীক
প্রদক্ষিণ কৰিব আৰু তাৰ পাছত পুনৰ পৃথিবীলৈ যাত্রা আৰম্ভ কৰিব। ছার্ভিচ মডুলত মুঠতে
পাঁচটা ইঞ্জিন থাকিব।
গগনযান প্রকল্পৰ অধীনত এতিয়ালৈকে
সম্পন্ন হোৱা পৰীক্ষাসমূহ :
১। পুনৰ-প্রৱেশ পৰীক্ষা – বায়ুমণ্ডলত - ১৮
ডিচেম্বৰ, ২০১৪ – সফল
২। পেড ত্যাগ পৰীক্ষা – বায়ুমণ্ডলত – ৫
জুলাই, ২০১৮ – সফল
৩। জুলীয়া ইন্ধনৰ ব্যৱহাৰ – জুলীয়া
ইন্ধনযুক্ত ইঞ্জিনত - ৫ জুলাই, ২০২১ – সফল
৪। ড্রগ (Drogue) পেৰাছুট
ব্যৱহাৰ পৰীক্ষা – ড্রগ পেৰাছুট - ১২ আগষ্ট, ২০২৩ - সফল
৫। উচ্চ উচ্চতাত মহাকাশচাৰীৰ যান ত্যাগ পৰীক্ষা
- TV-D1 ৰকেটৰ সহায়ত – বায়ুমণ্ডলত - ২১ অক্টোবৰ, ২০২৩ – সফল
২০২৪ চনৰ কোনো এক দিনত শ্রীহৰিকোটাৰ সতীশ ধাৱান
স্পেচ চেন্টাৰৰ পৰা উৎক্ষেপন কৰাৰ ১৬ মিনিট পাছত ব্যৱহৃত ৰকেটটোৱে গগনযানক ৩০০ –
৪০০ কিলোমিটাৰ কক্ষপথত স্থাপন কৰিব। তাত কিছুদিন থকাৰ পাছত যেতিয়া ই পৃথিবীৰ ফালে ঘূৰি
আহিব, তেতিয়া তাৰ ছার্ভিচ মডুল আৰু সৌৰ পেনেলবোৰ আগতেই তাৰ পৰা এৰাই পৰিব। পেৰাছুটৰ
সহায়ত কেপছুলটোহে মহাকাশচাৰীসহ নামি আহিব আৰু বংগোপসাগৰত পৰিবহি।
ব্যোমমিত্রা
২০২০ চনৰ ২২ জানুৱাৰিত ইছৰোয়ে
‘ব্যোমমিত্রা’ নামৰ এক নাৰীসদৃশ ৰবটৰ বিষয়ে ঘোষণা কৰে। এই ৰবট মহাকাশযাত্রাত মহাকাশচাৰীসকলৰ
সংগী হ’ব। আন কিছুমান দেশৰ অভিযানৰ দৰে মহাকাশযানত কুকুৰ বা জীৱ পঠিওবাৰ কথা ইছৰোয়ে
ভবা নাই। তাৰ বিপৰীতে মানৱসদৃশ ৰবট পঠিওৱাৰহে পৰিকল্পনা কৰিছে। ইয়াৰ ফলত এক দীঘলীয়া
যাত্রাত মানৱদেহত ভৰহীনতা আৰু বিকিৰণৰ ক্রিয়াৰ বিষয়ে ভালকৈ জানিব পৰা যায়।মূল যাত্রাৰ আগতে মানৱবিহীন যান পঠিওবাৰ
সময়তো মাইক্র’গ্রেভিটি সম্পর্কীয় পৰীক্ষা কৰিবলৈ ব্যোমমিত্রাক সেই যানত পঠিওৱাৰ
কথা ভবা হৈছে। ব্যোমমিত্রাৰ কোনো ভৰি নাথাকিব আৰু কঁকালৰ পৰাহে ই মানৱসদৃশ হ’ব। ব্যোমমিত্রাই
হিন্দী আৰু ইংৰাজী ভাষা বুজি পাব আৰু এই দুই ভাষাত কথাও ক’ব পাৰিব। লগতে ই আন ধৰণৰ
কামো কৰিব পাৰিব। উদাহৰণস্বৰূপে কেবিনৰ ভিতৰত যদি কিবা পাৰিৱেশিক পৰিবর্তন হয়,
তেন্তে ই আগতেই সেয়া ধৰা পেলাব পাৰিব। ই নির্দিষ্ট কিছুমান কাম নিজাকৈ কৰিব আৰু
লগতে নতুন আদেশো পালন কৰিব।
‘মহাকাশচাৰী উদ্ধাৰ পদ্ধতি’ (Crew Escape System)
২০২৩ চনৰ ২১ অক্টোবৰত গগণযান অভিযানৰ এক পৰীক্ষামূলক উৰণ পুৱা ৮ বজাত হোৱাৰ কথা আছিল যদিও শেষ মুহূর্তৰ কিছু বিজুতি আৰু অসুবিধাৰ বাবে দুঘণ্টা পলমকৈ, দিনৰ ১০ বজাত উৎক্ষেপণৰ সময় পুনৰনির্ধাৰণ কৰা হ’ল। এইবাৰ ঠিক সেই সময়তে TV-D1 ৰকেটে এই যানখনক আকাশলৈ লৈ যায়।
এইবাৰৰ উৎক্ষেপণৰ মূল উদ্দেশ্য আছিল গগনযান মিছনৰ এক অংশ হিচাপে ‘মহাকাশচাৰী
উদ্ধাৰ পদ্ধতি’ বা ‘ক্রু এছকেপ ছিষ্টেম’ৰ কার্য্যকাৰিতা প্রদর্শন কৰা। যদিহে
উৎক্ষেপণৰ সময়তে কিবা কাৰণত এই যানত বিজুতি হয়, তেন্তে ইয়াৰ মহাকাশচাৰীসকলে যাতে
শোকাবহ পৰিণতি সাৱটি লবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰিবৰ বাবে এই পৰীক্ষা বৰ গুৰুত্বপূর্ণ
আছিল। এই পৰীক্ষামূলক যানখনত বিভিন্ন উপপদ্ধতি আছিল, আৰু তাৰ ভিতৰত আছিল ‘ক্রু
এছকেপ ছিষ্টেম’ আৰু তাৰ পৃথকীকৰণ পদ্ধতি। তদুপৰি এই পৰীক্ষাৰ যোগেদি ‘ক্রু মডুল’ৰ
বৈশিষ্ট্যসমূহো নিৰীক্ষণ কৰিব বিচৰা হৈছিল। লগতে উচ্চ উচ্চতাৰ পৰা যানখনৰ গতি
কমোৱা বা মন্থৰণ পদ্ধতি আৰু নিৰাপদ অৱতৰণো পৰীক্ষা কৰি চাব খোজা হৈছিল।
এই ‘যান ত্যাগ’ পৰীক্ষাৰ বাবে যিখন মহাকাশযান ব্যৱহাৰ কৰা হৈছিল, সেইখন আছিল
বিশেষভাবে এই উদ্দেশ্যেৰেই নির্মাণ কৰা এক একক পর্য্যায় জুলীয়া ইন্ধনযুক্ত ৰকেট।
এই ৰকেটে এক ‘ক্রু মডুল’ আৰু ‘ক্রু এছকেপ ছিষ্টেম’ কঢ়িয়াই নিছিল। লগত আছিল প্রকৃত
গগনযানত থাকিবলগীয়া দ্রুতভাবে ক্রিয়াশীল মটৰ। এই যান ওপৰলৈ উঠি যাওতেই প্রায় ১.২
মেক নম্বৰত (১ মেক নম্বৰ = বায়ুত শব্দৰ বেগ) এক ‘যান ত্যাগ’ পৰিৱেশৰ সৃষ্টি কৰা
হৈছিল আৰু সেই অৱস্থাত ‘ক্রু মডুল’ আৰু ‘ক্রু এছকেপ ছিষ্টেম’ পৃথকীকৰণ পদ্ধতিয়ে
সুদক্ষভাৱে কাম কৰিছিল। প্রকৃততে সেই পৰীক্ষাৰ যোগেদি মহাকাশচাৰীসকলক (যদিও তাত
আচলতে কোনো মহাকাশচাৰী নাছিল) কেনেকৈ বাহিৰৰ নিৰাপদ পৰিৱেশলৈ পঠিয়াই পেৰাছুটৰ
সহায়ত সুৰক্ষিতভাৱে অৱতৰণ কৰাব পৰা যায়, তাৰ অনুশীলন চলোৱা হৈছিল। এক ক্ষিপ্র মটৰৰ
সহায়ত ‘ক্রু এছকেপ ছিষ্টেম’ পৃথক কৰা হৈছিল আৰু ই তললৈ সৰি পৰা অৱস্থাত ভূপৃষ্ঠৰ পৰা
১৬.৭ কিলোমিটাৰ উচ্চতাত প্রাথমিক পেৰাছুটটো কার্যক্ষম হৈছিল। উচ্চতা কমি আহি ২.৫
কিলোমিটাৰৰ কম হওঁতে মূল পেৰাছুটটো কার্যক্ষম কৰা হৈছিল। তাৰ পাছতে সাগৰৰ পানীত নিৰাপদ
অৱতৰণ সম্ভৱ হৈছিল।
*****