অন্যযুগ/


জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন

 (সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)

প্ৰশান্ত মিশ্ৰ



(৬)

আজীৱন লোক-সংস্কৃতিৰ পূজাৰীজন

        শশী শমাৰ্দেৱ মূলতঃ লোকজীৱনৰ পূজাৰী৷ এখন শোষণহীন, শ্ৰেণীহীন সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী শমাৰ্দেৱে  লোকজীৱনৰ সাহিত্যক ভিন্ন দৃষ্টিকোনেৰে চায়৷ সেই দৃষ্টিকোণ মাক্সৰ্বাদৰ ভেটিত গঢ় লৈ উঠা৷ যদিও লোকসাহিত্যৰ সাধক হিচাপে বিগত শতিকাৰ ষষ্ঠ-সপ্তম দশকৰ পৰাই নলবাৰী অঞ্চলত অভিনয় কলাৰ ক্ৰমবিকাশৰ ধাৰা’, (১৯৬৯) আদি গ্ৰন্থত; অসমীয়া সংস্কৃতি বিষয়ক অসম সাহিত্য সভাই প্ৰকাশ কৰা গ্ৰন্থ অসমৰ পুতলা নৃত্য আৰু ঢুলীয়াৰ ভাওপ্ৰবন্ধ ৰচনাত (১৯৭৫ ) বিক্ষিপ্তভাৱে শমাৰ্দেৱ ব্ৰতী আছিল, তথাপি, শেষ দশকত প্ৰকাশ পোৱা অসমৰ লোক সাহিত্য’ (১৯৯৩) আৰু অসমৰ সাধুকথা’ (১৯৯৭) শীৰ্ষক গ্ৰন্থদুখনে শশী শৰ্মাদেৱক এই দিশৰ এজন অগ্ৰণী চিন্তাবিদ ৰূপে প্ৰতিষ্ঠা লাভত সহায় কৰিলে৷ ইয়াৰ উপৰি, অসমত লোক সংস্কৃতিৰ চৰ্চা নতুন নহয় যদিও, শ্ৰেণীসমাজৰ দৃষ্টিকোণৰ পৰা অসমীয়া ভাষাত লোকসমাজৰ সাহিত্যক পূৰ্ণাংগৰূপত পৰ্যবেক্ষণ কৰা শৰ্মাদেৱক এই নতুন দিশৰ বাটকটীয়া বুলিব পাৰি৷

        শৈশৱৰে পৰা লোকজীৱনৰ সতে সাঙোৰ খাইলোকজীৱনৰ পৰা সাৰ-পানী লৈ, নিজ হিয়া-মন অনুভূতিও গঢ়ি; শেহলৈ, বৈজ্ঞানিক দৃষ্টিৰ আলোকত লোকজীৱনক শৰ্মাদেৱে অধ্যয়নৰ বিষয় হিচাপে লৈছিল৷ শৰ্মাদেৱৰ নিজৰ ঘৰ তথা গাঁওখনেই আছিল লোককৃষ্টিৰ সাধনাক্ষেত্ৰ৷ তেখেতৰ নিজৰ ভাষাত- সেই সময়ৰ আমাৰ সমাজখনৰ কথা ভবিলে আজি আমি বিস্ময়ত অভিভূত হওঁ, -সেই গীত-মাত, সাধু, জৰা-ফুকা মন্ত্ৰ আদি কলৈ গল! গীত আৰু মন্ত্ৰৰ যে কি প্ৰাধান্যই নাছিল! হাল বাওঁতেও গীত, ভুঁই ৰোওঁতেও গীত, ধান কাটোঁতেও গীত, ধানৰ মৰণা মাৰোঁতেও গীত, গাড়ী চলাওঁতেও গীত, নাও বাওঁতেও গীত৷ আনকি আই-মাইসকলে ঝুমে-ঝুমে সবাহ উৎসৱ আদিলৈ বাটকুৰি বাই যোৱা-অহা কৰোঁতেও সম্ভৱ পথশ্ৰম লাঘৱ কৰাৰ অৰ্থেও গীতহে গাইছিল৷গতিকে লোকসমাজৰ প্ৰত্যক্ষ সহযোগত থাকিয়েই লোকসমাজক চাবলৈ চেষ্টা কৰিছিল শমাৰ্দেৱে৷ লোক সাহিত্যৰ চৰ্চা শমাৰ্দেৱৰ বাবে আধুনিক বিদ্যায়তনিক পৰিৱেশে সৃষ্টি কৰা, ‘নিজৰ নাম জহোৱাঅথবা কেৰিয়াৰ গঢ়াৰ সঁজুলিও নহয়৷ লোকসমাজক বুজাতাৰ বৈজ্ঞানিক তাৎপৰ্য অনুধাৱন কৰাই শৰ্মাদেৱৰ লোকসাহিত্য চৰ্চাৰ অন্যতম প্ৰধান উদ্দেশ্য৷ শৰ্মাদেৱৰ লোকসাহিত্য চৰ্চাৰ অন্য এক উদ্দেশ্য হল সমন্বয় সাধন৷ বিভিন্ন ভাষা-ভাষী, ধৰ্মালম্বী মানুহৰ সমন্বয়ৰ মাজেৰে শমাৰ্দেৱে সমাজৰ উত্তৰণ আশা কৰিছিল৷ তেখেতে গভীৰভাৱে বিশ্বাস কৰিছিল যে লোকসমাজ কাহানিও ভাষা, বৰ্ণ, ধৰ্মৰ ভিত্তিত বিভাজিত নহয়; বৰং লোকসাহিত্যত তাৰ ওলোটা ছবিহে প্ৰতিফলিত হয়৷ শমাৰ্দেৱৰ মতে শ্ৰেণী প্ৰভুসকলেহে লোকজীৱনৰ মাজত বিভেদৰ বীজ সিচেঁ৷

        অসমৰ লোক-সাহিত্যৰ লেখক শশী শমাৰ্দেৱে দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে মিলন, মিশ্ৰণ, সমন্বয়, সমাহৰণৰ মাজেদি সমগ্ৰ বিশ্বৰ মানৱ সমাজ যেনেকৈ ক্ষুদ্ৰৰ পৰা বিৰাটলৈ আগবাঢ়িছিল - সেই একে মিলন, মিশ্ৰণ, সমন্বয়, সমাহাৰেই হল অসমীয়া জাতীয়তাৰো বৰভেঁটি৷ সেয়েহে শমাৰ্দেৱে অসমত বাস কৰা বড়ো, কছাৰী, মিচিং, তিৱা, ৰাভা, ডিমাছা, গাৰো, খাচীয়া-জয়ন্তীয়া, মৰাণ, চুতীয়া, খামতি, টাই-আহোম, কোচ, মেছ, আনকি নেপালী, মাৰোৱাৰী, বঙালী, মুছলমান, ন-অসমীয়া মুছলমান (পূৰ্ববংগৰ পৰা প্ৰব্ৰজন কৰি অসমত স্থায়ীভাৱে থাকিবলৈ লোৱাসকল), চাহ বাগিচাৰ বনুৱা- এই সকলোৱেই মিলি বৃহৎ অসমীয়া জাতি গঢ়ি তুলিছে বুলি মতপ্ৰকাশ কৰিছে৷ কিন্তু অসমীয়া জাতীয়তাৰ এই বৰ ভেঁটিত সদ্যহতে ভাঙোন ধৰা বাবে তেখেতে মনোকষ্ট অনুভৱ কৰিছিল৷ তাৰ কাৰণে সাম্ৰাজ্যবাদী ইংৰাজৰ চক্ৰান্ত, কুপলেণ্ড প্লেন, অপাৰেশ্যন ব্ৰহ্মপুত্ৰৰ উপৰিও স্বাধীন ভাৰতৰ বিভাজনকাৰী ৰাজনীতিকো তেখেতে দোষী সাব্যস্ত কৰিছিল৷

        শমাৰ্দেৱৰ মতে লোক গীতৰ সৃষ্টিৰ মূল হশ্ৰম৷ অসমীয়া লোকগীতক শমাৰ্দেৱে এনেদৰে ভাগ কৰিছে : (১) শ্ৰমৰ গীত, (২) বিহু গীত বা বিহু নাম, (৩) বিয়াগীত বা বিয়ানাম, (৪) নিচুকনি গীত বা ধাইনাম () টোকাৰী গীত, (৬) দেহবিচাৰৰ গীত, (৭) খেলৰ গীত, (৮) বেং বা ভেকুলী বিয়াৰ গীত, (৯) মহ খেদা গীত, (১০) দেৱ-দেৱীৰ গীত, (১১) বাৰমাহী গীত, (১২) মালিতা, (১৩) জুনা, (১৪) নৈসৰ্গিক গীত, (১৫) দাৰিদ্ৰ্য আৰু বিদ্ৰোহ-বিপ্লৱৰ গীত আদি৷ শমাৰ্দেৱৰ মতে অসমীয়া সাধুকথাতো গীতিময়তাই প্ৰাধন্য লাভ কৰিছে৷

        শশী শমাৰ্দেৱৰ লোক-সাহিত্য চৰ্চাৰ আন এক উল্লেখযোগ্য ইতিবাচক দিশ হল এয়েই যে অসমীয়া ভাষাৰ উপৰিও বড়ো, মিচিং, কাৰ্‌বি আদি কৰি অসমৰ ঘাই ঘাই জনগোষ্ঠীসমূহৰ লোকসাহিত্যকো আলোচনাৰ মেজলৈ অনাটো৷ অসমৰ লোক-সাহিত্যনামৰ গ্ৰন্থখনত ইয়াৰ দৃষ্টান্ত বৰ্তমান৷ গ্ৰন্থখনৰ পাতে-পাতে অসমৰ সমূহ জনগোষ্ঠীৰ প্ৰতি লেখকৰ গভীৰ অনুৰাগ ফুটি উঠিছে৷ গ্ৰন্থখনৰ কেতবোৰ স্মৰণীয় মন্তব্য হল :

৷ লোকসমাজ বাস্তৱমুখী। বস্তুক অবস্তু বুলি কৈ আত্মপ্ৰতাৰণা কৰা দস্তুৰ সাধাৰণতে লোকসমাজত নাই৷

২৷ লোকসাহিত্যত সাম্প্ৰদায়িক বিভেদ-বিচ্ছিন্নতাৰ ঠাই নাই৷

৩৷ অসমৰ লোকসমাজ,লোকসমাজৰ সাহিত্য-সংস্কৃতি, আৰ্য-অনাৰ্য, হিন্দু-মুছলমান, শিখ-খ্ৰীষ্টান, জৈন-বুদ্ধ, অষ্ট্ৰিক-মংগোল, নৰ্দিক-দ্ৰাবিড়ীৰ সংকৰহে মাথোন৷

৷ লোকসাহিত্য বিচাৰ কৰিলে দেখা যায় যে মানুহে প্ৰকৃতিক শত্ৰুভাৱেও লব নিবিচাৰে আৰু প্ৰকৃতিক শোষণ কৰিবও যেন নিবিচাৰে, প্ৰকৃতিক যেন মৰমেৰে বশ কৰিব খোজে৷

৷ শ্ৰেণীপ্ৰভুসকলৰ প্ৰৰোচনাই তেওঁলোকক (লোকসমাজক) সাম্প্ৰদায়িক ভাতৃঘাতী সংগ্ৰামত লিপ্ত নকৰাকৈ নাথাকে, কিন্তু সি সাময়িক। প্ৰচণ্ডতা আঁতৰি যোৱাৰ লগে লগে পুনৰ গঢ় লৈ উঠে- ভাই-ভনীসদৃশ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক৷ এয়ে লোকসমাজ আৰু ইয়াক লোকসাহিত্যৰ মাজেদি উপলব্ধি কৰিবলৈ পোৱা যায়৷

        শশী শমাৰ্দেৱে লোকসাহিত্যৰ মাজেৰে ফুটি উঠা লোকসমাজৰ শ্ৰম, সংঘাত, সংগ্ৰাম আৰু নাৰী প্ৰেমৰ বিষয়েও সুন্দৰ আলোচনা আগবঢ়াইছে৷ শ্ৰেণীসমাজৰ সৃষ্টি, লোকসমাজৰ যাদু বিশ্বাস, বিধি আৰু নিষেধ, যাদু আৰু ধৰ্ম, টোটেম আৰু অন্ধবিশ্বাসৰ বিষয়ে আলোচনা কৰি শমাৰ্দেৱে মত প্ৰকাশ কৰিছে যে বিজ্ঞানসন্মত দৃষ্টি বা দৰ্শনেৰে গঢ়া শোষণ-নিপীড়ণহীন এখন জগততহে লোকসাহিত্যৰ ভবিষ্যৎ উজ্জ্বল৷

()

গুণীজনৰ প্ৰতি শ্ৰদ্ধাশীল

        শশী শমাৰ্দেৱৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য হল- তেখেত সততে প্ৰতিভাৰ আদৰ কৰিব জনা লোক৷ তেখেতৰ  ৰচনাৱলীৰ এক বৃহৎ অংশ হল সৰু-বৰ মানুহৰ জীৱনী৷ সমাজ-সাহিত্য-সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শৰ্মাদেৱে জীৱনী প্ৰণয়নেই মানুহৰ প্ৰতি শ্ৰদ্ধা নিৱেদনৰ উৎকৃষ্ট পন্থাবুলি বিবেচনা কৰে৷ তেখেতৰ প্ৰথম প্ৰকাশিত পুথি কৃতি ছাত্ৰ দিনেশ মিশ্ৰ’ (২৫ মে’, ১৯৫৬) আছিল দশম শ্ৰেণীত থাকোঁতেই লিখি উলিওৱা এসময়ৰ অত্যন্ত মেধাবী ছাত্ৰ, (যিজনৰ ব্ৰহ্মপুত্ৰৰ বুকুত শোকাৱহ নাও দুৰ্ঘটনাত মৃত্যু হৈছিল) আত্মীয় দিনেশ মিশ্ৰৰ এখন অকণমানি (৩১ পৃষ্ঠাৰ) জীৱনী গ্ৰন্থ৷ গ্ৰন্থখন তেখেতে শ্ৰদ্ধাঞ্জলিহিচাপে লিখি উলিয়াইছিল৷ তাৰ পাছৰে পৰা শৰ্মাদেৱ থমকি ৰোৱা নাই৷ ১৯৬৭ চনত তেখেতৰ কাপৰ পৰা ওলায় ৰসৰাজ বেজবৰুৱা৷ শৰ্মাদেৱৰ লেখক জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ মেক্সিম গৰ্কী’ (১৯৬৮) এখন অত্যন্ত সুলিখিত গ্ৰন্থ৷ তেখেতৰ ভাষাত- এইজনা বিশ্ববৰেণ্য পুৰুষৰ জীৱনাদৰ্শ আৰু কৰ্মপ্ৰেৰণা যে প্ৰগতিবাদী লোকমাত্ৰৰে আদৰণীয় আৰু অনুকৰণীয় তাক অনুভৱ কৰি, তেওঁৰ সংগ্ৰামী জীৱন আৰু বহুমুখী প্ৰতিভাৰ চমু আভাস তুলি ধৰিবলৈ হেঁপাহ কৰিছিলোঁ - এই মেক্সিম গৰ্কী’ গ্ৰন্থখনৰ মাজেদি৷ শমাৰ্দেৱৰ সাহিত্যৰথী পদ্মনাথ গোঁহাঞিবৰুৱা’ (১৯৭১) শীৰ্ষক গ্ৰন্থখন অসমীয়া জীৱনী সাহিত্যত এক মাইলৰ খুঁটি বুলি বিবেচিত হৈছে৷ এই গ্ৰন্থ প্ৰকাশৰ আগলৈ অসমীয়া জীৱনী সাহিত্যসমূহত নায়কৰ অকল গুনানুকীৰ্তনহে কৰা হৈছিল৷ শশী শমাৰ্দেৱে কিন্তু এই গ্ৰন্থত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি গোহাঞিবৰুৱাক এজন মহান লেখকৰূপে প্ৰতিষ্ঠা কৰাৰ উপৰি, তেখেতৰ দোষৰো উচিত বিচাৰ কৰি মানুহ”-ৰ শাৰীত থৈছে৷ কাৰণ, মানুহ মাত্ৰেই দোষ-গুণৰ সমষ্টি৷ গতিকে, পৰম্পৰাগত শৈলীৰ পৰা আঁতৰি আহি শমাৰ্দেৱে অসমীয়া জীৱনী সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছিল৷ গতিকে, শশী শৰ্মাদেৱক আধুনিক অসমীয়া জীৱনী সাহিত্যৰ পথিকৃৎ বুলি কব পাৰি৷ অসমীয়া জীৱনী সাহিত্যৰ প্ৰসিদ্ধ সমালোচক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মায়ো এই পুথিখন বৈশিষ্ট্যপূৰ্ণ বুলি মত প্ৰকাশ কৰি লিখিছে - আশীৰ দশকত অসমীয়া জীৱনীত যি সমালোচনামূলক দৃষ্টিভংগী গঢ় লৈ উঠিছে- শৰ্মাৰ এই জীৱনীখন সেই ধাৰাৰ পূৰ্বসুৰী৷

        আমাৰ সমাজত সৰু লোকবুলি বিবেচিত মানুহৰ মাজতো তথাকথিত ডাঙৰ লোকৰো গাত নথকা কেতবোৰ গুণ, যথা, মানুহৰ প্ৰতি মৰম-চেনেহ, আদৰ্শনিষ্ঠা,সততা আদি দেখিবলৈ পোৱা যায়৷ নিজ গাঁও বা অঞ্চলত নিজ গুণাৱলীৰ বাবেই এইসকলে বিপুল জনপ্ৰিয়তাও অৰ্জন কৰে৷ তেনে কিছুমান সচাঁ অৰ্থতেই মহৎলোকক বিচাৰি উলিয়াই শৰ্মাদেৱে প্ৰণয়ন কৰিছে সময়ে যাক পাহৰি যাবশীৰ্ষক গ্ৰন্থ (১৯৭৬) ৷ ১৯৭৮ চনত লিখি উলিওৱা টলষ্টয়ৰ জীৱনী আৰু হেম বৰুৱা-উন্নতি অৱনতি’ (১৯৮০) শীৰ্ষক জীৱনী গ্ৰন্থদুখনতো বিষয়ৰ গুণাৱলীৰ লগতে দোষৰোআলোচনা কৰাত দুয়োখন গ্ৰন্থৰ আদৰ বাঢ়িছে৷ এই সকলোৰে উপৰি শমাৰ্দেৱৰ কাপৰ পৰা ওলাইছিল - এইসকল গুণীলোকৰ জীৱনী -পণ্ডিত হেমচন্দ্ৰ গোস্বামী’ (১৯৭২), ‘কাৰ্লমাৰ্ক্স’ (২০০১) আৰু জ্যোতি পৰিচয়’ (২০০৩)৷ জীৱনী গ্ৰন্থ প্ৰণয়নৰ  যোগেদি শৰ্মাদেৱ প্ৰজন্ম গঢ়াৰ মহান প্ৰচেষ্টাতো ব্ৰতী হৈছে৷ ঘাইকৈ নৱ-প্ৰজন্মৰ উদ্দেশ্য কৰি বস্তুবাদী দৃষ্টিভংগীৰে লিখা বিখ্যাত আমাৰচিৰিজৰ জীৱনী গ্ৰন্থসমূহ হল - আমাৰ ৰাভা’ (১৯৮৪), ‘আমাৰ জ্যোতিপ্ৰসাদ’ (১৯৮৫), ‘আমাৰ নজৰুল’ (১৯৮৫), ‘আমাৰ মাণ্ডেলা’ (১৯৯৪), ‘শংকৰ গুৰু আমাৰে’ (১৯৯৫), ‘আমাৰ মাধৱদেৱ’ (১৯৯৫), ‘আমাৰ আজান ফকীৰ’ (১৯৯৫), ‘আমাৰ বেজবৰুৱা’ (১৯৯৮), ‘আমাৰ আম্বেদকাৰ’ (১৯৯৮), ‘আমাৰ নটসূৰ্য’ (১৯৯৮), ‘আমাৰ শিক্ষাৰ সম্প্ৰসাৰক মহেন্দ্ৰ নাৰায়ণ চৌধুৰী’ (১৯৯৮), ‘আমাৰ শ্ৰদ্ধাৰ শিক্ষক অক্ষয় চন্দ্ৰ মিশ্ৰ চাৰ’ (২০০১) আদি৷ গ্ৰন্থসমূহে পাঠক সমাজত লাভ কৰা বিপুল জনপ্ৰিয়তালৈ চালে শৰ্মাদেৱৰ উদ্দেশ্য সফল হৈছে বুলিয়েই কব লাগিব৷ শৰ্মাদেৱৰ আপ্তবাক্য হশ্ৰদ্ধাৱান লভতে জ্ঞানম৷গুণী লোকৰ প্ৰতি শৰ্মাদেৱে এনেদৰেই নিজ শ্ৰদ্ধা তৰ্পণ কৰিছে৷ ই এক মহান আদৰ্শই নহয়নে? এই স্বৰচিত গ্ৰন্থসমূহৰ উপৰি অনেক গুণীলোকৰ জীৱনীগ্ৰন্থ শৰ্মাদেৱে সম্পাদনা কৰি উলিয়াইছে৷ তাৰ ভিতৰত উল্লেখযোগ্যসমূহ হচন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিভা’ (১৯৬৭), ‘ঐলোক্য নাথ গোস্বামী অভিনন্দন গ্ৰন্থ’ (১৯৭২), ‘মুক্তিসংগ্ৰামী হৰিচৰণ পাঠক আৰু মুক্তিসংগ্ৰামত নলবাৰীৰ অৰিহণা’ (১৯৭৭), ‘হেমাংগ বিশ্বাস - জীৱন আৰু কৃতি’ (১৯৮৮), ‘নিষ্ঠাবান সমাজ সেৱক অভয়ৰাম ভৰালী’ (১৯৯১), ‘কৃতি শিক্ষক জয়দেৱ শৰ্মা’ (১৯৯৬), ‘বাস্কাৰ জ্যোতি সূৰ্যমল ডেকা’ (১৯৯৯), ‘অধ্যাপক কৰুণাকান্ত শৰ্মা-এটি সোঁৱৰণ’ (১৯৯৯) ইত্যাদি৷ এই গ্ৰন্থসমূহৰ মাজত শৰ্মাদেৱে সমসাময়িক সমাজখনকো ধৰি ৰখাৰ প্ৰয়াস কৰাত ইয়াৰ ঐতিহাসিক মূল্য দুগুণে বৃদ্ধি পাইছে৷ ভৱিষ্যতৰ সমাজ ইতিহাসৰ ছাত্ৰৰ বাবে ইবোৰ অত্যন্ত প্ৰয়োজনীয় সমলৰূপে পৰিগণিত হব৷

()

সংগঠকৰ ৰূপত

        সৰুৰে পৰা শৰ্মাদেৱে সাহিত্য-সংস্কৃতিমূলক সংগঠনৰ সতে নিজক জড়িত কৰি  ৰাখিছিল৷ ১৯৮৯ চনত নিজৰ গাঁৱতেই প্ৰতিষ্ঠা কৰিছিল দীনেশ মিশ্ৰ স্মৃতি সমিতি৷ ইয়াৰ লগতে গঠন কৰিছিল এটা পুথিভঁৰাল আৰু মইনা পাৰিজাত৷ অভয়াপুৰীত থকা কালছোৱাত তেওঁ অভয়াপুৰী সাহিত্য সভাৰ সম্পাদক নিযুক্ত হয় (১৯৫৯) আৰু তাত প্ৰথম বিহু সন্মিলন সংগঠিত কৰে৷ ১৯৬২ চনৰ পূব বাঁহজানী বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰে৷ শৰ্মাদেৱ সেউজী সাহিত্য কানন’, বাঁহজানীৰ প্ৰতিস্থাপক সভাপতি (১৯৬৬) নিৰ্বাচিত হৈছিল৷ অসম সাহিত্য সভাৰ বিভিন্ন সাংগঠনিক কামতো শমাৰ্দেৱে আগভাগ লৈছিল৷ আমাৰ শ্ৰদ্ধাৰ শিক্ষক অক্ষয় চন্দ্ৰ মিশ্ৰ চাৰবোলা আলচটোত তেখেতে নিজেই উল্লেখ কৰিছে যে ১৯৬৬ চনত তেখেতে আন কেবাজনো সাহিত্যানুৰাগীৰ লগ-লাগি সমগ্ৰ অসমতেই অসম সাহিত্য সভাৰ শাখা-প্ৰশাখা গঢ়াত ব্ৰতী হৈছিল৷ সেই সময়ত অসম সাহিত্য সভা আছিল যোৰহাট-শিৱসাগৰ-গুৱাহাটী কেন্দ্ৰিক৷ শমাৰ্দেৱৰ আশাসুধীয়া প্ৰচেষ্টাত তেতিয়াৰ অবিভক্ত কামৰূপ আৰু গোৱালপাৰাত অনেক শাখা সাহিত্য সভাৰ জন্ম হয়৷ গতিকে, নামনি অসমত অসম সাহিত্য সভাৰ স্থিতি সবল কৰাত শমাৰ্দেৱৰ অশেষ বৰঙণি আছে৷ পিছলৈ আদৰ্শগত কাৰণতেই শৰ্মাদেৱ নতুন সাহিত্য পৰিষদৰ কাম-কাজৰ সতে জড়িত হৈ পৰাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ লগত সম্পৰ্ক টুটি আহে৷ কিন্তু নলবাৰী শাখা সাহিত্য সভাৰ সতে সম্পৰ্ক তেতিয়াও অক্ষুণ্ণ আছিল৷ কিন্তু ১৯৮৪ চনত অসম আন্দোলন সমৰ্থন নকৰা বাবেই শাখা সাহিত্য সভাই শৰ্মাদেৱক বয়কটকৰিছিল৷

        ১৯৮১ চনৰ ১৯ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হোৱা নতুন সাহিত্য পৰিষদৰ প্ৰথম ৰাজ্যিক সন্মিলনত শৰ্মাদেৱে সভাপতিত্ব কৰে যদিও ১৯৭৭ চনৰ জুলাই মাহৰ ৩ তাৰিখেই নতুন সাহিত্য পৰিষদনামৰ সংস্থাটিৰ জন্ম হৈছিল৷ অনিবাৰ্য কাৰণবশত: প্ৰথম ৰাজ্যিক সন্মিলনখন ১৯৮১ চনৰ ১১ অক্টোবৰতহে অনুষ্ঠিত কৰিব পৰা গৈছিল৷ ঘাইকৈ প্ৰগতিশীল শিল্পী-সাহিত্যিকৰ দ্বাৰা গঠিত এই সাহিত্য পৰিষদৰ সভাত সভাপতিৰ আসনৰ পৰা শৰ্মাদেৱে সু-সংস্কৃতিময় নতুন পৃথিৱী গঢ়িবলৈ ৰাইজৰ প্ৰতি উদাত্ত আহবান জনাইছিল৷ আৰু কি কৈছিল শৰ্মাদেৱে সভাপতিৰ অভিভাষণত? তেখেতে  কৈছিল - সংগঠন বিনে প্ৰতিক্ৰিয়াশীল শোষক চক্ৰৰ প্ৰভাৱৰ পৰা সমাজক মুক্ত কৰা অসম্ভৱ৷ হাজাৰ হাজাৰ বছৰ যোৰা শোষণ আৰু অপপ্ৰচাৰে অমানৱীয় অপসংস্কৃতিৰ সহায়ত সমাজ জীৱন এনেদৰে কলুষিত কৰি তুলিছে যে সুসংগঠিত সংগঠন বিনে সফলতা কামনা কৰা প্ৰায় অসম্ভৱ হৈ পৰিছে৷ সকলো প্ৰকাৰৰ শোষণ, শ্ৰেণী বিভেদ-বিচ্ছিন্নতাহীন অপসংস্কৃতিৰ পৰা মুক্ত সঁচা সংস্কৃতিসম্পন্ন সমাজ গঢ়ি তোলাৰ অৰ্থে সাহিত্য সৃষ্টি কৰিব সাহিত্যিক ব্যক্তিয়েহে। কিন্তু সাহিত্যিকক শোষক শ্ৰেণীৰ অত্যাচাৰ নিপীড়ণৰ পৰা মুক্ত কৰি স্বাচ্ছন্দ্যপূৰ্ণ পৰিৱেশ গঢ়ি দিব পাৰে সংগঠনেহে৷মেহনতী সাহিত্যিকৰ সংগঠনক এনেদৰে গুৰুত্ব দিছে শৰ্মাদেৱে৷ কাৰণ শৰ্মাদেৱে বিশ্বাস কৰে -নতুন সমাজ, নতুন জগত আৰু নতুন জীৱন গঢ়াৰ দায়িত্ব সাহিত্যিকৰ হাততে ন্যস্ত৷ সমাজক কুসংস্কাৰ, অন্ধ-পৰম্পৰা আৰু অপসংস্কৃতিৰ পৰা মুক্ত কৰি বিজ্ঞানময় নতুন পৃথিৱী গঢ়াৰ দায়িত্বও সাহিত্যিকৰ ওপৰতে ন্যস্ত৷ শশী শমাৰ্দেৱে সেয়েহে নতুন সাহিত্য পৰিষদে নতুন পৃথিৱী গঢ়াত নেতৃত্ব দিব পৰিব বুলি গভীৰ আশা ৰাখিছিল৷ শমাৰ্দেৱৰ নেতৃত্বতেই বিভিন্ন ঠাইত পৰিষদৰ শাখা সমিতিও গঢ় লৈ উঠিছিল৷

        শমাৰ্দেৱৰ সাংগঠনিক ৰূপৰ পৰিচয় আমি পুনৰ উপলব্ধি কৰোঁ -পূৰ্বভাৰতীৰ বাবে তেখেতে কৰা অক্লান্ত পৰিশ্ৰমত৷ বিশ্বভাৰতীৰ আৰ্হিত তেখেতে নলবাৰীত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় গঢ়াত মনোনিৱেশ কৰিছিল৷ স্থাপন হৈছিল পূৰ্বভাৰতী সংগ্ৰহালয়৷ বহুত কামো আগবাঢ়িছিল৷ কিন্তু সমাজৰ প্ৰতিক্ৰীয়াশীল চক্ৰই শৰ্মাদেৱৰ মানস সন্তান পূৰ্বভাৰতীক তেখেতে ভৱাৰ দৰে গঢ় লৈ উঠিবলৈ নিদিলে৷ যাৰ বাবে শৰ্মাদেৱে আজীৱন মনোকষ্ট অনুভৱ কৰিছিল৷ কিন্তু সমাজৰ দুষ্টচক্ৰৰ বাবেই আজিৰ প্ৰজন্মই এটি প্ৰয়োজনীয় অনুষ্ঠানৰ বিকশিত ৰূপটো দেখিবলৈ নেপালে৷ শৰ্মাদেৱৰ কল্পনাৰ পূৰ্বভাৰতীখন তেখেতৰ বুকুৰ মাজতেই শুই থাকিল৷ শৰ্মাদেৱৰ সান্নিধ্যলৈ অহা সকলো লোকেই তেখেতৰ এই বেদনা অনুভৱ কৰিব পাৰিছিল৷

        ইয়াৰ উপৰি অসমৰ সকলো জনগোষ্ঠীৰ আপোন শৰ্মাদেৱে সেই জনগোষ্ঠীসমূহৰ বিভিন্ন সাহিত্য-সংস্কৃতিৰ অনুষ্ঠানৰ লগত আজীৱন জড়িত হৈ আছিল৷ সেই জনগোষ্ঠীসমূহে তেখেতক বিচাৰিলেই তেখেত লগে-লগে গৈ তাত উপস্থিত হৈছিল৷ তেখেতে সকলো জনগোষ্ঠীৰ সমিল-মিলৰ মাজেদি এখন সুন্দৰ অসম গঢ়াৰ কামত ব্ৰতী হৈছিল৷ সেয়েহে অসুস্থ দেহাৰেও এই বিভিন্ন জনগোষ্ঠীৰ লোকক লগ পাবলৈ তেখেতে অসমৰ বিভিন্ন গাঁও-ভুঁই ঘূৰি ফুৰিছিল৷ কাৰণ, সাধাৰণ খেতিয়ক শ্ৰমিক এজনকো তেখেতে নতুন সমাজ গঢ়াৰ এজন প্ৰয়োজনীয় সতীৰ্থ বুলি ভাবে৷ মানুহেও তেখেতক নেৰিছিল৷ বিভিন্ন সভা সমিতিত শৰ্মাদেৱৰ উপস্থিতি সকলোৰে কাম্য আছিল৷ নলবাৰী অঞ্চলৰ প্ৰতিটো সমস্যাত শৰ্মাদেৱে উপযুক্ত দিহা পৰামৰ্শৰে দিশ নিৰ্দেশনা দিছিল৷ প্ৰকৃত অৰ্থতেই তেখেত সমাজৰ জাগ্ৰত প্ৰহৰীৰূপে কাম কৰিছিল৷ কৃষক শ্ৰমিকক সংগঠিত কৰি এখন নতুন পৃথিৱী গঢ়াৰ সপোন হৈ আছিল শৰ্মাদেৱৰ জীৱনৰ মূলমন্ত্ৰ৷ আৰু সপোন বাস্তৱায়িত হবলৈ হলে সাহিত্যিকৰ যে কৰণীয় বহুত৷ সেয়েহে শৰ্মাদেৱ থমকি ৰোৱা নাছিল৷ অসমৰ বিভিন্ন জনগোষ্ঠীক একতাৰ  ডোলেৰে বান্ধিবলৈয়েই হাতত লৈছিল বহুভাষিক অভিধান’ (অসমীয়া, ইংৰাজী, হিন্দী, বড়ো, কাৰ্বি, মিচিং, নেপালী, বঙালী ভাষাৰ শব্দ সম্বলিত) সম্পাদনাৰ নিচিনা দূৰুহ কাম৷ হয়তো এটা বড়ো বা নেপালী শব্দ বিচাৰি উপস্থিত হৈছিল বড়ো বা নেপালী গাঁৱত৷ সুদীৰ্ঘ বছৰ ধৰি এই অভিধান সম্পাদনাৰ কামত তেখেত ব্যস্ত আছিল যদিও ব্যস্ততাৰ মাজতেই কাকতে-পত্ৰই বিভিন্ন বিষয়ৰ প্ৰবন্ধ লিখি আছিল৷ প্ৰবন্ধৰ সৰহ সংখ্যকতেই শৰ্মাদেৱ সকলো জনগোষ্ঠীৰ সমন্বয়ৰ সমাজ গঢ়িবলৈ আহ্বান জনাইছিল৷ এনেদৰেই অসমৰ বিশাল জনগণক শৰ্মাদেৱে মুগ্ধ কৰি ৰাখিছিল৷ সন্দেহ নাইশৰ্মাদেৱে কোনো এক গণ আন্দোলনক নেতৃত্ব দিয়া নাই, কিন্তু ৰাইজক তাৰ বাবে লেখাৰ যোগেদি সচেতন কৰা নাছিল বুলিও কব নোৱাৰি৷ বহুতো সাহিত্যিকৰ দৰে বঁটা-বাহনৰ আশাত তেখেত কেতিয়াও কাৰো অন্ধ স্তাৱকত পৰিণত হোৱা নাছিল৷ তেখেতৰ জীৱনে আমাক অনুপ্ৰেৰণা যোগায়, আমাৰ মনত আশাৰ সঞ্চাৰ কৰে : নাই, এতিয়াও সকলো শেষ হৈ যোৱা নাই! সঁচা অৰ্থতেই জীৱন আৰু সৃষ্টিৰ মিল থকা মানুহ আছিল শশী শৰ্মাদেৱ৷ আমাৰ সমাজক পথ দেখুৱাবলৈ শৰ্মাদেৱৰ জীৱনটোৱেই সেয়েহে এক আদৰ্শ হব পাৰে৷

()

উপসংহাৰ

        শৰ্মাদেৱৰ সাংসাৰিক জীৱনো সুখৰ আছিল৷ সহধৰ্মিনী বীণা বাইদেউৰ অকৃত্ৰিম সহযোগত দিনবোৰ ভালদৰেই পাৰ হৈছিল৷ অৱশ্যে জীৱনত সমস্যা যে অহা নাছিল তেনে কথাতো হবই নোৱাৰে! তাতে শৰ্মাদেৱৰ দৰে এজন আদৰ্শত অটল মানুহৰ জীৱনলৈ! কিন্তু সমস্যাৰ সতে মোকাবিলা কৰাৰ সাহস আৰু আত্মপ্ৰত্যয় দুয়োটাই শৰ্মাদেৱৰ আছিল৷ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পাছতো দুখক তেখেতে ৰবীন্দ্ৰনাথৰ দৰেই গ্ৰহণ কৰিছিল৷ মানুহৰ প্ৰতি থকা প্ৰেমেই তেখেতৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান লাভ কৰাত- মানুহৰ সেৱাতেই তেখেত ব্ৰতী হৈ আছিল৷ মানুহেও শৰ্মাদেৱক হিয়া উজাৰি মৰম দিছিল৷ অসম আন্দোলনৰ কালছোৱাত এচামে তেখেতক বেয়া পালেও, বহুতেই আঁৰে আঁৰে খবৰ লৈ থকাৰ কথা শৰ্মাদেৱে নিজেই প্ৰকাশ কৰিছিল৷ তেখেতৰ প্ৰতি সেইসময়ত যিসকলে ঘৃণাৰ ভাৱ পোষণ কৰিছিল - সেইসকলৰ প্ৰতিও তেখেতৰ কোনো বিৰূপ ভাৱ নাছিল৷ কাৰণ, শশী শৰ্মাদেৱে জানে যে তেওঁলোকো প্ৰচলিত সমাজ ব্যৱস্থাৰেই বলি৷ তেখেতে আনকি মৃত্যুৰ পাছতো নিজৰ দেহটো চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ বাবে উৎসৰ্গা কৰিছিল৷ মানৱ প্ৰেমৰ ই এক বিৰল উদাহৰণ৷ বিভিন্ন ভাষা-বৰ্ণ, ধৰ্মৰ মানুহক সমানে ভালপোৱা শমাৰ্দেৱৰ লেখনিৰ পৰিমান বৃহৎ হোৱাত সিবোৰত হয়তো কেতিয়াবা একেবোৰ কথাৰে পুনৰাবৃত্তি হৈ পাঠৰ পঠণযোগ্যতা হ্ৰাস হৈছে; তথাপি, তাৰ মাজেৰে প্ৰৱাহিত হোৱা মানৱ প্ৰেমৰ কোৱাল সোঁতক কোনে বাধা দিব পৰিব? ফলস্বৰূ¸পে, শমাৰ্দেৱৰ এটা লেখনি বাতৰি কাকত বা আলোচনীত পঢ়িবলৈ আমি আশাৰে বাট চাই ৰৈছিলোঁ! শৰ্মাদেৱৰ পাঠক সংখ্যাও বহুত৷ তথাপি, কেতবোৰ সামাজিক স্বীকৃতিৰ পৰা তেখেত যেন বঞ্চিত হৈ থাকিল! অৱশ্যে সেইকথা তেখেতে কাহানিও ভৱা নাছিল৷ কাৰণ, লেখাৰ যোগেদি পোৱা মানুহৰ মৰমেই ‘‘সাধনাৰ স্বীকৃতি’’ বুলি শৰ্মাদেৱে ভাৱিছিল৷ অৱশ্যে স্বীকৃতি একেবাৰেই পোৱা নাই বুলিও কব নোৱাৰি৷ ড অমলেন্দু গুহৰ প্ৰচেষ্টাত ১৯৯৫ চনত তেখেতে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে৷ ইয়াৰ আগতে অসমৰ লোক সাহিত্যৰ বাবে অসম সাহিত্য সভাৰ ‘‘সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা’’ লাভ কৰে (১৯৯৫)৷ গুৱাহাটী সাহিত্য কাননে একেখন গ্ৰন্থৰ বাবে ১৯৯৮ চনত ‘‘ৰেৱানাথ শৰ্মা লোকসাহিত্য বঁটা’’ৰে তেখেতক সন্মানিত কৰে৷ মেক্সিম গৰ্কী’ৰ বাবে পোৱা ছোভিয়েট লেণ্ড নেহৰু বঁটাতো (১৯৬৮) আছেই৷ তদুপৰি, লিট্‌ল মেগাজিন দামলআৰু চৰ-চাপৰি সাহিত্য সন্মিলনীয়ে যচা সন্মানে শৰ্মাদেৱৰ জনপ্ৰিয়তাকে প্ৰমাণ কৰিছিল৷ কিন্তু শৰ্মাদেৱৰ বিশাল কৰ্মৰাজিৰ বাবেই তেখেতক আৰু অধিক পুৰস্কাৰেৰে বিভূষিত কৰাহলে সেই পুৰস্কাৰেই ধন্য হলহেঁতেন!

        মাৰ্ক্সবাদক জীৱন প্ৰৱাহৰূপে গণ্য কৰা শৰ্মাদেৱে জীৱনৰ পথাৰত আজীৱন এজন অক্লান্ত কৰ্মীৰূপে কাম কৰি গৈছিল৷ তেখেত হয়তো কেতিয়াবা উপস্থিত হৈছে কোনোবা এখন বড়ো বা কাৰ্বি বা ৰাভা গাঁৱত৷ উদ্দেশ্য একেটাই -লোক সমাজলোকসাহিত্যক বুজা অথবা নতুন সমাজ গঠনৰ এজন সতীৰ্থ সৃষ্টি কৰা৷ বাটে-পথে শৰ্মাদেৱক লগ পালেই আমি দেখিছিলোঁ অকৃত্ৰিম খোলা হাঁহি; চকুৱে মুখে আত্মপ্ৰত্যয়ৰ জিলিঙনি; স্পষ্ট কণ্ঠত সমাজ গঢ়াৰ আকুল আহবান! এনে এজন মানুহৰ সংস্পৰ্শত সকলো মানুহেই ধন্য হব পাৰে, সকলো মুমূৰ্ষ মানুহে জীয়াই থকাৰ আৰু আনকো জীয়াই ৰখাৰ প্ৰেৰণা পাব পাৰে! শৰ্মাদেৱ আমাৰ মাজৰ পৰা হেৰাই গল (২৮ জানুৱাৰি, ২০২০)৷ কিন্তু তেখেতৰ জীৱন আৰু কৰ্মই আমাৰ মাজত তেখেতক জীয়াই ৰাখিব৷ বিশ্বৰ সকলো ভাল কথা আহি মোৰ চিত্তত ঠাই লওকবুলি প্ৰচীন ঋষি-মুনিৰ দৰেই আওঁৰোৱা শৰ্মাদেৱৰ চিত্ততো যেন কেৱল ভাল কথাইহে ঠাই পাইছিল! এখন নিকা সমাজ গঢ়িবলৈ নিজেও কিমান নিকা  ব লাগিব শৰ্মাদেৱে যেন তাৰ উদাহৰণ হবলৈহে জীৱন পাত কৰিলে!

(সমাপ্ত)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ