অন্যযুগ/


সাম্প্ৰতিক জাতীয় সমাজ জীৱনত শংকৰদেৱ-আদৰ্শৰ স্থান

 

                                                  দেৱজিৎ ভৰালী

 

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বুলি ক’লেই স্বাভাৱিকতে অসমীয়াৰ মন-প্ৰাণ শ্ৰদ্ধা আৰু ভক্তিৰে পূৰ্ণ হৈ পৰে৷ গুৰুজনা হ’ল জাতীয় বৈশিষ্ট্যৰ মহত্ত্বতম প্ৰতীক আৰু জাতীয় প্ৰেৰণাৰ উৎস। তেখেতে আমাক দি যোৱা নাই কি? গুৰুজনাই বৃহত্তৰ অসমীয়া সমাজ গঢ়ি অসমীয়াৰ জাতীয় জীৱনলৈ যি অনিৰ্বচনীয় অৱদান আগবঢ়াই গৈছে, তাক কৈ শেষ কৰিব নোৱাৰি৷ বেজবৰুৱাদেৱে কৈছিল- “কাৰ্যৰ সমষ্টিহে মানুহৰ জীৱন-চৰিত, সেই জীৱন-চৰিত গুৰুজনাই নিজ হাতে ইমান বহলাই ৰচনা কৰি গৈছে যে আমালৈ একোৱেই বাকী ৰাখি যোৱা নাই৷ এতিয়া আমাক লাগে চকু, যাৰ দ্বাৰাই সেই বিস্তৃত জীৱনী পঢ়িব পাৰোঁ, লাগে মগজু আৰু বুদ্ধিৰ বিকাশ যাৰ দ্বাৰাই তাক বুজিব পাৰোঁ...” - এষাৰ সোণসেৰীয়া তাৎপৰ্যপূৰ্ণ উক্তি৷

গুৰুজনাক আমি পোনে পোনে কি বুলি ক’ম? ধৰ্ম প্ৰচাৰক বুলিয়েই ক’ম নে সমাজ সংস্কাৰক বুলিয়েই ক’ম..? যি বুলিয়েই নকওঁ কিয়, এটা কথা ধুৰুপ যে সমগ্ৰ যুক্তি-তৰ্ক-বিবেচনাৰ উৰ্দ্ধত শংকৰদেৱেই যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া তাত তিলমানো সন্দেহ নাই৷

কিন্তু সম্প্ৰতি, অসমীয়া সমাজ জীৱনত গুৰুজনাৰ আদৰ্শৰ প্ৰতিফলনৰ স্তৰ কেনে বা সেই আদৰ্শৰ প্ৰভাৱ প্ৰকৃতাৰ্থত আজিৰ অসমীয়া সমাজৰ কোঁহে কোঁহে বৰ্তি আছেনে নে সেয়া কেৱল নামঘৰ-সত্ৰৰ মাজতেই সীমাবদ্ধ হৈ ৰৈছে সেয়া বিবেচনীয়৷ গাহৰিৰ দৰে পশুপালনৰ জৰিয়তে স্বনিৰ্ভৰশীল হ’ব খোজা কোনোবা উদ্যমীজনক সমাজৰ পৰা এঘৰীয়া কৰাৰ প্ৰথাটোত শংকৰদেৱৰ আদৰ্শ প্ৰতিফলন হয়নে নহয় সেয়া ভাবি চাবলগীয়া। গুৰুজনাৰ মাহাত্ম্যক হাড়ে-হিমজুৱে অনুভৱ কৰাৰ লগতে তেখেতৰ দ্বাৰা প্ৰৱৰ্তিত সামাজিক ঐক্যবদ্ধতাৰ সেতুখন সমসাময়িক সমাজখনে নিকপকপীয়াকৈ বান্ধি ৰাখিবলৈ সক্ষম হৈছেনে নাই সেয়াও চিন্তা কৰি চাবলগীয়া বিষয়৷

এই চমু লেখাটিত গোটেইবোৰ বিষয় আলোচনাৰ আওতালৈ অনাতো সম্ভৱপৰ নহয়৷ যথা- প্ৰৱন্ধটিত গুৰুজনাৰ সমাজ সংস্কাৰকামী অৱদানৰাজিক ভিত্তি হিচাপে লৈ এটি থূলমূল আলোচনাৰহে দিহা কৰা হৈছে৷

সম্প্ৰতি সমাজৰ চতুৰ্দিশে কেৱল মানৱীয় প্ৰমূল্যৰ অৱক্ষয় ঘটিছে৷ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ইত্যাদিবোৰ দিশত নৈতিক স্খলনৰ লক্ষণসমূহ দিনে-প্ৰতিদিনে অধিক গাঢ়ভাৱে প্ৰকট হৈ উঠিছে৷ মানৱতাবাদী চিন্তাধাৰাৰ বিচ্যুতি ঘটিছে৷ যাৰ বাবে নৈতিকতাসমৃদ্ধ, ন্যায়, সুস্থতা-পৰিচ্ছন্নতাৰ ওপৰত প্ৰতিষ্ঠিত সমাজখনে অস্তিত্বসংকটত ভূগিবলৈ লৈছে৷ জাতীয় জীৱনৰ চৰিত্ৰয়ো নিজা পৰিচয় হেৰুওৱাৰ বাট প্ৰশস্ত কৰি তুলিছে৷ সমাজিক চিন্তাৰ ভিন্নতা, মতাদৰ্শৰ ভিন্নতাই জাতীয় জীৱনত আঘাত সানিছে৷ আমি যিমানেই সভ্যতাৰ শিখৰলৈ বগাবলৈ লৈছোঁ সিমানেই আমাৰ বিকশিত চিন্তাই বিকৃতৰূপ লৈছে। যদি আমি কেতিয়াবা কোনো সমস্যাৰ সমাধানৰ পথ বিচাৰি অগ্ৰসৰ হৈছোঁ তেন্তে বহুসময়ত তাতো আমাৰ ক্ষুদ্ৰস্বাৰ্থক প্ৰাধান্য দিছোঁ, স্বাৰ্থসিদ্ধিৰ সুৰুঙা বিচাৰিছোঁ। যদি কেতিয়াবা সমাজৰ বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰত কোনো পদক্ষেপ হাতত লৈছোঁ, তাতো আমি কিবা নহয় কিবা প্ৰকাৰে স্বাৰ্থান্বেষী প্ৰয়াস অব্যাহত ৰাখিছোঁ। মুঠতে, সমস্যাৰ ওৰ নাই৷ বছৰ বছৰজোৰা মানুহৰ চিন্তা-চৰ্চা, পৰিশ্ৰম, গৱেষণা তথা অভিজাত অভিজ্ঞতাৰ ভিত্তিত মানৱ সভ্যতা বাহাল হৈছেহি৷ আৰু ইয়াৰ জৰিয়তে যিবোৰ জনমুখী, সৃজনমুখী, কল্যাণকামী প্ৰমূল্যৰ প্ৰতিষ্ঠা হৈছে সেইবোৰ প্ৰমূল্যৰ, চিন্তাৰ অপপ্ৰয়োগ তথা সময়োপযোগী কোনো নৱ প্ৰমূল্যৰ উন্মেষণৰ ক্ষেত্ৰত সামাজিক উৎসাহহীনতাৰ ফলত সভ্যতা-সংস্কৃতি সম্প্ৰতি পংগুপ্ৰায় হৈ পৰিছে৷ এনেবোৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৰুজনাৰ সেই আদৰ্শৰাজিৰ সামাজিক স্থান দোদুল্যমান হৈ পৰিছে৷ মুষ্টিমেয় এচাম সচেতন, ভক্তিপ্ৰাণ ব্যক্তিৰ বাদে তেখেতৰ আদৰ্শক সৰহভাগে আঁকোৱালি ল’ব পৰা নাই যেন অনুভৱ হৈছে৷

কিন্তু, শংকৰদেৱে জাতীয় সমাজ জীৱনক সন্মানসহ উদ্‌যাপন কৰিব পৰাকৈ প্ৰতিটো উপাদানক আতোলতোলকৈ বান্ধি অসমীয়া জাতিক বৃহত্তৰ অসমীয়া জাতি হিচাপে সকলো সংকীৰ্ণতা, ৰক্ষণশীলতাৰ উৰ্দ্ধত সকলোকে একত্ৰিত কৰাৰ ক্ষেত্ৰত যি মহান আদৰ্শ দেখুৱাই থৈ গৈছে, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যোৱাৰ গত্যন্তৰ নাই৷ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এইগৰাকী মহান অসমীয়া প্ৰকৃততেই মংগলময় ঈশ্বৰৰ অংশজাত৷ গুৰুজনাই কৈ গৈছে...

কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম

জানিয়া সবাকো কৰিবা প্ৰণাম৷”

শ্ৰদ্ধাৰ আব্দুল মালিক চাৰৰ কথাৰে— “আমি অসম দেশৰ মানুহ, অৰ্থাৎ শংকৰদেৱৰ দেশৰ মানুহ৷ গতিকে এই চিনাকি আমি- কি হিন্দু, কি মুছমান, কি বৈষ্ণৱ, কি শাক্ত প্ৰতিজন অসমদেশৰ নাগৰিকেই বহন কৰিছোঁ আৰু কৰাতো উচিত

শংকৰদেৱৰ ধৰ্মশিক্ষাই, সহজ আদৰ্শ-বাণীয়ে জীৱনক শ্ৰদ্ধা কৰিবলৈকে শিকাই গৈছে৷ মৈত্ৰী-সম্প্ৰীতিৰে সমাজ গঢ়াৰ পোষকতা কৰি গৈছে, জীৱনক পৱিত্ৰ আৰু দুৰ্লভজ্ঞান কৰি ইয়াৰ পূৰ্ণবিকাশ ঘটাবলৈ অহোপুৰুষাৰ্থ কৰিবৰ বাট দেখুৱাই গৈছে৷ আমাৰ সমাজে এইবোৰ উৎকৃষ্টতম চিন্তাক যথোচিত সন্মান যচা উচিত৷ কিন্তু, তাৰ বিপৰীতে আমাৰ সমাজৰ ছৱিখন অতিকৈ ধূসৰ হৈ পৰিছে আৰু এয়া অত্যন্ত পৰিতাপৰ কথা৷ জাত-পাত বিচাৰ, শ্ৰেণী-বিদ্বেষ, সাম্প্ৰদায়িক বিচ্ছিন্নতা, ৰাজনৈতিক দ্বন্দ্ব ইত্যাদিৰ পয়োভৰে ছিন্ন-ভিন্ন কৰি পেলোৱা আজিৰ অসমীয়া সমাজ জীৱনক এক নৱনিৰ্মিত মানৱতাবাদী সমাজ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাত ৰত হ’বলৈ সাম্প্ৰতিক সময়ছোৱাই বাৰুকৈয়ে আহ্বান জনাইছে৷ য’ত জগৎগুৰুজনাৰ আদৰ্শই নিশ্চিতভাৱে উচিত মৰ্যাদা ঘূৰাই পাব৷ যি আহ্বানক প্ৰতিজন অসমীয়াই শ্ৰদ্ধা কৰা বাঞ্ছনীয়৷ আৰম্ভণিতে কোৱাৰ দৰে শংকৰদেৱে আমাক দি যোৱা নাই কি? জগতৰ চতুৰ্দিশ ভ্ৰমি অশেষ কষ্টৰে প্ৰজ্ঞাৰ সোণ বুটলি আনি অসমী আইৰ কোলা উপচাই দহৰ হিতাৰ্থে তেৰাই পাৰ্যমানে সেই সোণালী প্ৰজ্ঞাৰ সৌধ সাজিলে। সমাজ হিতকৰ চিন্তাৰাজিক কাব্যিক বিন্যাসেৰে অসমীয়া ভাষা-সাহিত্যক মহত্ত্ব প্ৰদান কৰাৰ সমান্তৰালভাৱে জাতীয় চিন্তাক সমূহৰে জীৱনৰ অৰ্ঘৰূপে বিলাই দিলে৷ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি মৃতপ্ৰায় তথা অদ্ভুত আদৰ্শাসক্ত হৈ পৰা জাতীয় সমাজখনক ধৰ্মৰ কঠোৰতা আৰু নিৰ্মমতা বিসৰ্জন দিয়াই সহজ, সুশৃংখলিত তথা সৰলীকৃত নামধৰ্মৰ প্ৰচাৰ কৰি অজস্ৰ শিক্ষিত-অশিক্ষিতজনৰ মন-প্ৰাণক নিকা কৰি তুলিলে৷ তাৰেই ফলশ্ৰুতিত গুৰুজনাই প্ৰতিজন অসমীয়াৰে হৃদ-মণিকোঠৰ নিভৃত কোণত আজিও বিৰাজ কৰিছে৷

তথাপিও যেন সময়ৰ গতিশীলতাত গুৰুজনাৰ আদৰ্শৰ স্থান সমাজৰপৰা অৱনমিত হৈছে৷ একেখন গাঁৱতে দুই, তিনিটা খেল পাতিছে, পৃথকে পৃথকে নামঘৰ সাজিছে, নৱপ্ৰজন্মই গুৰুজনাক নজনা-নিচিনাকৈয়েই শিক্ষা লভিছে৷ এয়া জাতিৰ বাবে শুভলক্ষণ নহয়। আমি যদি গভীৰভাৱে চিন্তা কৰোঁ তেন্তে গুৰুজনাক নাজানি-নুগুণি, অৱহেলা কৰি আগবাঢ়ি যোৱাৰ কোনোপ্ৰকাৰৰ যুক্তি বিচাৰি নাপাওঁ। তেনে কৰিলে জাতিটোৰ প্ৰতিয়েই অকৃতজ্ঞ বিবেচিত হ’ম৷ সেয়া জানো উচিত কথা হ’ব? যিজনা গুৰুৱে সমস্ত জাতিটোকে একত্ৰ কৰি ৰাখিবলৈ জীৱন উৎসৰ্গা কৰি গ’ল সেইজনা জগৎগুৰুৰ চিন্তা-আদৰ্শক অৱহেলা কৰাৰ কিবা যুক্তি আছেনে? প্ৰতিগৰাকী অসমীয়াই সেয়া বুজি থকাতো কৰ্তব্য৷ সমাজ জীৱনক গুৰুজনাৰ আদৰ্শৰে সমৃদ্ধ কৰাতো অসমীয়াৰ দায়িত্ব তথা সেই আদৰ্শৰ স্থান প্ৰতিজন অসমীয়াৰে প্ৰাণৰ আকূতিত ৰোৱাহে যুগুত। ইয়াৰোপৰি অনৈক্যৰ মাজত ঐক্য” আমাৰ ৰাষ্ট্ৰৰ বৈশিষ্ট্য। তাৰ প্ৰভাৱ আমাৰ জাতীয় জীৱনতো নথকা নহয়। পৰিবৰ্তন অৱশ্যম্ভাৱী৷ কিন্তু বিবৰ্তন-পৰিবৰ্তনৰ মাজত মানৱজাতিৰ উন্নতি তথা উৰ্দ্ধমুখী যাত্ৰাৰ প্ৰতিশ্ৰুতিহে কাম্য৷ মানৱ-কল্যাণকামী প্ৰতিটো চিন্তাক নুই কৰাৰ যুক্তি নাই আৰু জীৱনৰ সঞ্জীৱনী সুধা প্ৰতিষ্ঠা কৰাৰ হেতু কৰা চিন্তা-চৰ্চাক কোনেও অপ্ৰয়োজনীয় জ্ঞান কৰাৰ থল নাই৷ তথাপিও প্ৰগতিশীল চিন্তাধাৰাৰ তীব্ৰ যাত্ৰাত নিজৰ জাতীয় চিন্তাক ওফৰাই পেলোৱাৰ সকাম নাই৷ মানৱীয়তাৰ সামূহিক প্ৰমূল্য, বিশ্বভাতৃত্ব, ত্যাগ, সততা আদি মানৱ সভ্যতাৰ ভেঁটিসদৃশ, স্বীকৃত মূল্যৰাজিক জলাঞ্জলি দি জাতীয় অস্তিত্বক জটিল সংকটৰ গৰাহলৈ ঠেলি দিয়াৰো যুক্তি নাই৷ পৰিবৰ্তনশীল সমাজৰ দ্ৰুতি আৰু বেগৰ ধামখুমীয়াত আমি সাময়িকভাৱে দিকভ্ৰান্ত হ’লেও বিবেক আৰু আত্মানুভৱৰ প্ৰজ্ঞাৰে পুনৰায় বৃহত্তৰ জাতীয় স্বাৰ্থসিদ্ধিৰ দিশে অগ্ৰসৰ হোৱাৰ সামূহিক প্ৰচেষ্টাক আকোঁৱালি লোৱা উচিত৷ তেনে প্ৰচেষ্টাৰ অক্ষুণ্ণধাৰাই হ’ব গুৰুজনাৰ আদৰ্শলৈ আগবঢ়োৱা আমাৰ যথোচিত শ্ৰদ্ধাৰ অৰ্ঘ৷

ফ’ন : ৯৮৫৪৫৩৯০৬১

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ