অন্যযুগ/


চ্যালুইনৰ পৰা লুইতলৈ

   চন্দ্ৰধৰ চমুৱা

(যোৱা সংখ্যাৰ পিছৰ পৰা)

(ষোল)

ছ্যু-কা-ফাৰ দল ৱাইছালিৰ ফালে যোৱাটো নিশ্চিত হল। দলটো উত্তৰ-পশ্চিমৰ ফালে পাহাৰৰ নামনিলৈকে আগবঢ়াবৰ বাবে নয়-ছান-ফাই মানুহ-দুনুহৰ ব্যৱস্থা কৰি দিলে। যুঁজাৰু মানুহ আৰু বয়-বস্তু কঢ়িওৱা মানুহ, ৰুগীয়া আৰু দুর্বল যাত্রীক সহায় কৰিব পৰা মানুহ। ছ্যু-কা-ফাৰ লগত ভালেকেইজন বেজ আছে। যথেষ্ট নহব বুলি ভাবি নয়-ছান-ফাই দুজন ম-য়া তাই আৰু এজন বৌদ্ধ ছ্যাৰা লগত দিলে। বহুতো টোমত অনেক জাতৰ শালি ধানৰ কঠীয়া দিলে। তাৰ ভিতৰত আছে ছান্‌-দেশৰ আঠাযুক্ত বৰা ধানৰ কঠীয়া। বৰ দৰকাৰী ধান। দেৱতাৰ নৈবেদ্য, লাও বনাবৰ বাবে টোপোলা ভাত, চেৱা দিয়া ভাত আৰু পিঠা পুৰিবৰ বাবে লাগে। আনকি শিল-ইটাৰ কাম কৰা খনিকৰ মানুহৰ কামতো চেৱা দিয়া বৰা ভাতৰ আঠাৰ দৰকাৰ হয়। পশ্চিমৰ দেশত এই ধানৰ প্ৰচলন নাই বুলি সেই ফালৰ পৰা অহা মানুহৰ মুখত শুনা গৈছে।

ধান-চাউলৰ উপৰি ধৰা-মেলাকৈ নিব লগা অনেক বস্তু আছে। এই অঞ্চলত পূবলৈ নদী-পথ নাই। কোবাল সোঁত থকা নদী পাৰ হোৱাৰ সমস্যাহে আছে। তাৰ ভিতৰত আছে ঘাইকৈ চিন্দুইন নদী।

++ ++ ++

চিন্দুইন নদী পাৰ হোৱাৰ সমস্যাও অনায়াসে দূৰ হল। অৱশ্যে ইয়াত খনচেৰেক ভূৰৰ বেছিকৈ দৰকাৰ হল। ইয়াৰ পৰা উত্তৰ-পশ্চিমমুৱাকৈ যাত্ৰাৰ এই পথ হৈছে হুকং উপত্যকাইদি। ইখনৰ পিছত সিখন গাঁও কাৎ-ৰুং-মঙ্‌-বান, মঙ্‌-লা-মঙ্‌-তি, খক্‌-চাং-ৰিং-মিন্‌, তাং-ৰিং-মেন্‌ মঙ-খাম, লাং-মি-চে-কৌ, মৌ-লা-খ্রাং, মঙ্‌-খু-মঙ্‌-পান্ আৰু ফাকে-চে-ৰিং। এই গাঁওবিলাকৰ মানুহবোৰে এই বৃহৎ দলটোক বাধা দিয়া দূৰৰ কথা, অনেক ভাৰ-ভেটী দি ছ্যু-কা-ফাক বৰণ কৰিলে। বাহৰত ৰচদ-পাতি উভৈনদী হল। চাউল-পাত, হাঁহ-কুকুৰা, গাহৰি, বাৰীৰ আলু-কছু, ফলমূল, শাক-পাচলি।

গাঁওবোৰ অতিক্ৰম কৰাৰ পাছত পর্বত-পাহাৰ আৰম্ভ হল। প্রথমে পোৱা পর্বতটো পাৰ হোৱাৰ পাছত মানুহবোৰে কথা প্রসঙ্গতে ইয়াৰ নাম থ’লে দয়-খাম (পাৰ হৈ অহা পর্বত)। ইয়াৰ পাছত তেওঁলোকে এখন নদীৰ ফালে আগুৱালে। আগবঢ়াবলৈ অহা মানুহে কলে নদীখন নাম্‌-য়াং হ্রদত পৰিছেহি।

এই হ্রদৰ কাষতে দলটো কিছু দিন থকাৰ কথা। সন্মুখৰ ফালে এশাৰী পর্বত আছে। সেইশাৰী পৰ্বত পাৰ হবলৈ কিছু চিন্তা কৰিব লাগিব। সিপাৰৰ অৱস্থা বুজিবলৈ এইখিনিতে কিছু দিন নাথাকিলে নহব। ইফালে নয়-ছান্‌-ফাৰ মানুহবোৰ এইখিনিৰ পৰা আৰু নাযায়; ইয়াৰ পৰাই তেওঁলোক উভটিব।

খাম্‌-য়াং নদীৰ পাৰত ভৰি দিয়েই ছ্যু-কা-ফাৰ দলৰ মানুহে দেখিলে নদীয়েদি দুটা মৃতদেহ উটি‍ আহিছে। তাকে দেখি পানী খাবলৈ নামি যোৱা মানুহ উভটি আহিল। পণ্ডিতে ছ্যু-কা-ফাক জনালে যে পৰীক্ষা নকৰাকৈ নদীৰ পানী খোৱাটো নিষেধ কৰিব লাগে৷ ছ্যুৱে‍ বিষয়াসকলক কথাটো জনাই দিলে আৰু কলে এদিনমানৰ বাবে মানুহবোৰে নদীৰ বলুকা খান্দি পানী উলিয়াই নিগৰাই খাওক, তাৰ পাছত যি হয় হব। কিছু দূৰত থকা নাম-য়াং হ্ৰদৰ পানী চাবলৈ এদল মানুহ পঠোৱা হল। তেওঁলোকে জনালেহি হ্রদৰ পানীৰ ৰং কজলা, বিহো থাকিব পাৰে।

ছ্যুৱে‍ ম’লুংকেইজনক নদীৰ পানী পৰীক্ষা কৰিবলৈ লগাই দিলে। নিজে পৰীক্ষা কৰিবলৈ ললে। গধূলি ভৰাই থোৱা কলহৰ পানীৰ তলত কলা-হালধীয়া পদাৰ্থৰ এটা চামনি পোৱা গল। সি আঙুলিত লগাই আনি সুঙি চালে, অন্য নদীৰ পলসৰ গোন্ধৰ লগত কোনো পার্থক্য ধৰা নপৰিল; অকণমান জিভাৰ আগতো দি চালে, একো ধৰিব নোৱাৰি। ইফালে যিটো হ্রদত নদীখন পৰিছেহি, তাৰ পানী কজলা, খাবৰ কাৰণে উপযুক্ত নহয়। এই দোষটো নদীখনৰ পৰা আহিছেনে অন্য কৰবাৰ পৰা আহিছে স্থিৰ কৰিব নোৱাৰি সি খিলঞ্জীয়া মানুহৰ পৰা জানিব খুজিলে তেওঁলোকে নদী আৰু বিলৰ পানী খায়নে-নাখায়। তেওঁলোকে সঁচা কথা নক’বও পাৰে; গতিকে অনুসন্ধানৰ কাৰণে মানুহ পঠালে, বিশেষকৈ পানীখোৱা ঘাট ইয়াত আছেনে নাই চাবৰ কাৰণে তেওঁলোকে বেলি এভঁৰমান যোৱাত আহি জনালেহি যে নদীত পানীখোৱা ঘাট আছে আৰু মানুহে নদীৰ পানী খোৱাৰ প্ৰমাণ পোৱা হৈছে; কিন্তু ইয়াৰ মানুহে বিলৰ পানী নাখায়, তাত বছৰি গৰু-মহ বলি দি পূজাহে কৰা হয়। সি বুজিলে যে নায়াঙৰ পানী খাবৰ কাৰণে উপযুক্ত নহয়। নদীৰ পানী খিলঞ্জীয়া লোকে কলেও নতুন মানুহবোৰে অন্য ব্যৱস্থা কৰাই ভাল, নদীৰ পানীয়ে তেওঁলোকক নুশুজিবও পাৰে, সি চিন্তা কৰিলে; নদীৰ বলুকাত অলপ খান্দিলেই পানী ওলাব, দূৰে দূৰে থকা দ হোলাবোৰততো বেছি খান্দিব নালাগে। গতিকে মানুহবোৰে তেনে ব্যৱস্থাৰেহে খোৱাপানী সংগ্রহ কৰিব লাগে। বাচনত কিছু সময় থৈ নিগৰাই ললেই নিকা পানী পোৱা যাব। মলুং পণ্ডিতসকলেও সুকীয়াকৈ চাই-চিন্তি একেই মত প্রকাশ কৰিলে।

নৈপৰীয়া মাটিবোৰ খেতিৰ কাৰণে কিমান উপযোগী পৰীক্ষা কৰিবলৈ মলুংকেইজন লগত লৈ ছ্যু কিছু ভিতৰ এলেকালৈ সোমাই গল। তেওঁলোকে কেইবা ঠাইতো মাটি খান্দি গুড়ি‍ কৰি মোহাৰি চালে, বালিৰ পৰিমাণ কম; পলস আৰু পচা বস্তুৰ কণিকা যথেষ্ট আছে। গুড়ি‍ মাটি জিভাৰে চাকি চালে, নাম-মাওৰ পাৰৰ মাটিৰ দৰেই লাগিল।

ঠাইখনৰ মাটি-পানী সম্পর্কে সম্পূর্ণ বুজ লোৱাৰ পাছত ছ্যু-কা-ফাই নাম্‌-য়াং হ্রদৰ আশে-পাশে থকা গাঁওবোৰত অভিযান ব্যাপক কৰি তুলিলে। ইয়াৰ আগতেই নৰা দেশৰ মানুহখিনি ইয়াৰ পৰা উভতি গৈছে। ছ্যু-কা-ফাৰ বাহিনীয়ে দখল কৰি লোৱা গাঁওবোৰ নৰা ৰাজ্যৰ ভিতৰুৱা নহয়। গাঁওবোৰ হৈছেঙ্‌-খাম-যাং, ৰুংখু, পুংকাং, নং-য়াং, তি-খাং, বিং-লাউ, লা-তে-মা, লান্‌-পাং, তা-ৰু, লুক্‌-নাম, লুক্-আ, তাপু-তপ আদি। ইয়াতে ছ্যু-কা-ফাই বহল পথাৰৰ সন্ধান কৰিলে। ঠায়ে ঠায়ে পাহাৰৰ ঢালত আলি দিও খেতি কৰাৰ কথা ভাবিছে। অনেক অনাবাদী মাটি পৰি আছে। দা-কোৰ মাৰি সেইবোৰ আবাদ কৰিব লাগিব। গৰু-মহ সংগ্রহ কৰি হালৰ ব্যৱস্থা নকৰিলেও নহব। বিজিত গাঁওসমূহৰ সহযোগত সেই কাম অনায়াসে কৰিব পৰা যাব। শালি খেতিৰ মাটিবোৰ দুটা শ্ৰেণীত ভাগ কৰি লব লাগিব দ আৰু বাম। দিন্‌-ৰুক আৰু দিন্‌-চিত্ মাহত বৰষুণৰ জাগল ধৰে। এয়া বাম মাটিত শালি ধান ৰোৱাৰ বতৰ। নৈ-বিলৰ কাষৰ দ অঞ্চলবোৰত শেহতীয়া শালি কৰিব লাগিব। বর্ষা কাল যাবৰ সময়ত শৰৎ কালৰ আগে আগে সেইবোৰ খেতি কৰিলে বানে নিয়াত ভয় কম। খৰালি আহিলে শাক-পাচলিৰ খেতি কৰিবৰ বাবেও বস্তি এলেকাত উপযুক্ত মাটি ৰখা হব। জংঘলবিলাকত ঠায়ে ঠায়ে চোম গছো দেখা গৈছে, সেইবোৰৰ গুৰি মোকলাই মুগা খেতি কৰিবৰ কাৰণেও এচাম মানুহক লগাব পৰা যাব।

খাম্‌-য়াঙৰ পাৰৰ ফালে আগুৱাই আহোঁতে দলটোৱে সোঁফালে নদীখন এৰি আহিছিল। এতিয়া ছ্যুৱে‍ খাম্‌-য়াং নদীখনৰ গতি-প্রকৃতিৰ এটা সমীক্ষা আৰম্ভ কৰিলে। কেইখনমান নাও লৈ নদীয়েদি ভটিয়াই গৈ হ্রদটো পাই মৃদু সোঁতেদি গৈ থাকিল। পুনৰ নদীৰ মুখ পালেগৈ। পিছে ই হ্ৰদৰ পৰা উত্তৰমুৱা হৈ বৈ গৈছে। কিছু দূৰ দলটো আগুৱাই গল। নদীৰ পাৰত এঠাইত কেইজনীমান ছোৱালীয়ে একোচাকৈ খৰি ওচৰতে থৈ নাওকেইখনৰ ফালে চাই আছিল। সিহঁতৰ পিন্ধন-উৰণ তাই-ছানৰ প্ৰণালীৰ লগত কিছু মিল থাকিলেও মেখেলাবোৰ চুটি আৰু নানা ৰঙৰ আঁচুৰে বোৱা। নাওবোৰ ওচৰ পোৱাৰ লগে লগে সিহঁতে খৰধৰকৈ খৰিবোৰ মূৰত তুলি লৈ আঁতৰি গল। ছ্যুৰ দলৰ মানুহবোৰে সিহঁতক চিঞৰি মাতিলে, কিন্তু সিহঁত ক্ৰমাৎ বেছিকৈহে আঁতৰি গল। যিমানে হাত বাউলি দিলে, সিমানে পাছফালে ঘূৰি চাই চাই সিহঁতে বেগেৰে দৌৰিবলৈ ধৰিলে। এয়া ভয়নে লাজ বুজিবলৈ টান, হয়তো দুয়োটাই। সিহঁতক ওচৰলৈ মাতিবলৈ বুলি পাৰত উঠিব খোজা নাৱৰীয়াকেইটাক ছ্যুৱে‍ উভতি আহিবলৈ নির্দেশ দিলে। ক’লে, দেশে দেশে বেলেগ কথা। সিহঁতে এই নতুন মানুহবোৰক কিভাৱে গ্ৰহণ কৰিছে নজনাকৈ অচিনাকি ঠাইত যিকোনো কামত আগবঢ়া উচিত নহয়। গাত বল থাকিলেও অযথা জেং চপাই লব নালাগে।

ছ্যুৰ ধাৰণাই সঁচা হল। খন্তেক পাছতে কিছু দূৰত থেপাথেপিকৈ থকা চাংঘৰবোৰৰ পৰা অর্ধনগ্ন দহোটামান ডেকা হাতত দা-যাঠি লৈ ওলাই আহি নদীৰ থিয় গৰাৰ ওচৰ পালেহি। ছোৱালীকেইজনীয়ে চাংঘৰৰ ওচৰৰ পৰা থিয় হৈ চাই আছে। বুঢ়া-বুঢ়ী, লৰা-লুৰি আৰু তিৰোতা মানুহবোৰো চাঙৰ পৰা নামি আহিছে। গছ-গছনি আৰু ওখ গৰাৰ কাৰণে ছ্যুহঁতৰ সম্পূর্ণ দলটো হয়তো আঁৰ হৈ আছে। পিছে ওচৰলৈ আহি মানুহবোৰলৈ চাই ডেকাৰ দলটো থমকি ৰল আৰু ইটোৱে সিটোৰ মুখলৈ চালে, চেপা মাতেৰে দুই-এষাৰ কথাৰ বিনিময় কৰিলে আৰু পাছ হুহঁকি গল ছ্যুৱে‍ আঁতৰৰ পৰাই বুজিলে যে সিহঁতে যি ভাবত আহিছিল, তাৰ পৰিৱৰ্তন হৈছে। নাৱত থকা মানুহবোৰৰ সাজ-পাৰ, ধৰণ-কৰণ দেখি সিহঁতে হয়তো বুজি উঠিছে যে এইটো এটা ৰাজকীয় দল, কোনোবা গাঁৱৰ এলাপেচা দল নহয়। সেয়েহে সিহঁতে সমীহ কৰি দূৰতে ৰৈ থাকিল। সিহঁতৰ ওঁঠ আৰু চকুৰ পতা নিলাজী বনৰ দৰে জয় পৰিছে। ছ্যুৱে‍ সিহঁতক এইবাৰ হাত বাউলি দি ওচৰলৈ মাতিলে। সিঁহত চুচুক-চামাককৈ ওচৰলৈ আহিল।

তোমালোকৰ ইয়াত গৰু-গাহৰি, হাঁহ-কুকুৰা এইবোৰ কিনিবলৈ বা সলনিলৈ পায়নে?” ছ্যুৱে‍ সুধিলে। দুটামানে মূৰ দুপিয়ালে, মুখেৰে একো নকলে। ‘‘এই নদীয়েদি গৈ থাকিলে কত ওলামগৈ?” সি পুনৰ সুধিলে। সিহঁতে উত্তৰ দিয়াৰ পৰিৱর্তে ইটোৱে সিটোৰ মুখলৈ চালে। কথাটো সিহঁতে ভালকৈ বুজা নাই, সিহঁত তাই-ভাষী মানুহ নহয়। ছ্যুৰ ওচৰতে থকা বিষয়া এজনে কলে যে এইখন কোনোবা উপজাতিৰ মানুহৰ গাঁও, তাই ভাষাত কথা কলে নুবুজে। তথাপি এটাই যেন কিছু বুজি পালে আৰু উচ্চাৰণ কৰিলে চিন্দুইন। ছ্যু-কা-ফাই বুজিলে এই খাম্‌-য়াং নদী উত্তৰমুৱা হৈ বৈ গৈ চিন্দুইনত মিলিছে। পিছে আন এটাই ক’লে তুৰুং ছ্যু আৰু লগৰ মানুহবোৰে বুজিলে সি কোৱাটোও সঁচাএইখিনিৰ পৰা নদীখনৰ নাম হয়তো তুৰুং; নতুবা ওচৰতে তুৰুং নামৰ কিবা ঠাই আছে।

দলটো সেইখিনিৰ পৰা ঘূৰিল।

পিছদিনা পুৱা ছ্যু-কা-ফাৰ বাহৰৰ সন্মুখত এদল ডেকা-গাভৰু, বুঢ়া-বুঢ়ী লোক উপস্থিত হলহি। তেওঁলোকে লগত গাহৰি, হাঁহ-কুকুৰা আৰু থলুৱা মদৰ কলহ লৈ আহিছে। তেওঁলোকে আহিছে ৰজা বৰিবলৈ। লগতে আগদিনা লৰাহঁতে দা-যাঠি দেখুওৱাৰ বাবে ক্ষমা খুজিবলৈও আহিছে, দোভাষী এজনে বুজাই কলে। ছ্যুৱে‍ হাঁহিলে আৰু শান্তিৰে থাকি খেতিবাতিত মন দিবলৈ উপদেশ দিলে, আৰু কলে, তোমালোকৰ কিবা বিপদ হ’লে খবৰ দিবা। মানুহবোৰে ভাল পালে আৰু হাঁহি-মাতি সেৱা জনাই গলগৈ।

এনেদৰে এটা আহল-বহল অঞ্চলত ছ্যু-কা-ফাই এখন ৰাজ্য পাতিলে, আৰু খেতি-খোলা আৰম্ভ কৰিলে। দুফালে দুশাৰী পৰ্বতৰ মাজ ঠাই, লগতে আছে খাম্‌-য়াং নদী আৰু নাম্‌-য়াং হ্রদ, আৰু আছে তুৰুং নদী। সকলো মিলি অঞ্চলটো এটা দুৰ্গৰ দৰে হৈ আছে, শত্ৰুৱে সহজে ঢুকি নাপায়।

সি স্থিৰ কৰিলে বিলৰ পাৰতে এটা চিন ৰাখি ভটিয়াই যাব লাগিব। ছ্যুৰ দলত শিলাকুটি মানুহৰ অভাৱ নাই, লগত দৰকাৰী হাতিয়াৰ-পাতিও আছে। এটা শিল অনাই এটা ফাল আখৰ কাটিব পৰাকৈ সমান আৰু মিহি কৰোৱা হল। ওপৰত ভাল আখৰ লিখিব পৰা এজন মলুং পণ্ডিতৰ হতুৱাই লিখালে এই নাম্-য়াঙত ৰাজ্যৰ পূব সীমা পাতি ছ্যু-কা-ফা ভটিয়াই গৈছে।

যেন শিলৰ ৰেখা কোনেও কাটিব নোৱাৰে। হয়তো সি ভাবিছে এই শিলাখণ্ডই অমৰ স্মৃতিৰ সাক্ষী হৈ খাম-য়াঙত তাৰ অৱস্থিতিৰ বাৰ্তা চিৰকাল ঘোষণা কৰি থাকিব। আমলখি, শিলিখা আৰু কেহেৰাজ বনৰ ৰস আৰু গোবৰ-ছাই মিহলি কৰি বনোৱা চিয়াঁহীৰে লিখা আখৰবোৰৰ ওপৰত সূক্ষ্ম হাতুৰি-বটালি চলিল। দুটা দিনৰ মূৰত শিলাকুটিয়ে আখৰ কাটি উলিয়ালে এই স্মাৰক লিপি।

(আগলৈ)

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ