অন্যযুগ/


বাঘিনীৰ সত্য জীৱন কাহিনী

 বাঘৰাণী খইৰী

মূল : অখিল মোহন পট্টনায়ক
অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম 



প্রায় এমাহৰ ভিতৰতে খইৰী বেছ দীঘল হৈ গৈছে। তাইৰ মূৰৰ পৰা নেজৰ আগ পর্যন্ত এশ ষোল পইণ্ট পাঁচ চেণ্টি‍মিটাৰ। দিনক দিনে তাই বেছ স্বাস্থ্যৱান হৈ উঠিছে আৰু সকলো সময়তে খেলিবলৈ বিচাৰে। খেলা মানে দৌৰা, লুকাচুৰি, নহলে কিবা নহয় কিবা এটা কামোৰা। সেইদিনা তাইক ৰসগোল্লা খাবলৈ দিয়া হল। বেছ তৃপ্তিৰে তাই ৰসগোল্লা খালে আৰু লগতে অলপমান ৰসো খালে।

ডাকবঙলাৰ ওচৰত এটা কাউৰী বহি আছিল। খইৰীক খাবলৈ দিবৰ বাবে যতেই যিমান দেখি কপৌ, পাৰ, বগলী, আনকি কজলপাতি চৰাই পইণ্ট টু টু বন্দুকেৰে মাৰিবলগীয়া হয়। কাৰণ একো নহলেও অন্ততঃ কলিজাটো খইৰীক দিব পৰা যায়। সেই কাৰণে কাউৰীটো বহি থকা দেখি সেইটোকে মাৰিলোঁ আৰু তাৰ পাখি-চাখি চাফা কৰি খইৰীক খাবলৈ দিলোঁ কিন্তু খইৰীয়ে কাউৰীৰ মাংস মুঠেও নুচুলে। কাৰণ ইয়াৰ আগতেই তাই বহুদিন ধৰি কপৌ আৰু পাৰৰ মাংস খোৱাত অভ্যস্ত হৈ উঠিছিল আৰু তাৰ উপৰি বেয়া মাংসৰ পৰা ভাল মাংস বাছি‍ লোৱাটো যেন খইৰীৰ জন্মগত প্রবৃত্তি

কটকত জীপৰ হেড্‌লাইট্‌ ৰিপেয়াৰ কৰিবৰ বাবে গেৰেজলৈ গ’লোঁ লগত খইৰী। গেৰেজ গৈ পাই নামিবৰ বাবে খইৰী অতিশয় ব্যস্ত হৈ উঠিল। তাইক নমাই দিয়াৰ পাছত তাই বিধিমতভাৱে গেৰেজৰ প্রতিটো বস্তু তন্ন-তন্নকৈ শুঙিবলৈ ধৰিলে আৰু যেতিয়া সন্তুষ্ট হল যে তাত তাইৰ খোৱাবস্তু একো নাই বা তাত কোনো বিপদৰ আশংকা নাই, তেতিয়া চুপ-চাপে এঠাইত গৈ বহিল। তাৰ পৰা গলোঁ চার্কিট হাউছলৈ। তাত মুকলি ঠাই পাই ওলোটা খৰ মাৰি তাই অনেক সময় খেলিলে আৰু ক্লান্ত হোৱাৰ পাছত তাইৰ খেলৰ উৎসাহ অলপ কমি গল। তাৰ পাছত খইৰী আৰু ব্লেকিক এটা কোঠাত দুৱাৰ বন্ধ কৰি দি কিছু বস্তু কিনিবলৈ বুলি মার্কেটলৈ গ’লোঁ

মার্কেটৰ পৰা ঘূৰি আহি দেখিলোঁ যে ঘৰত সমস্ত বস্তু-বাহানি একাকাৰ হৈ গৈছে। টেবুলৰ ওপৰৰ ট্রেনজিষ্টৰ, কেমেৰা সকলো টানি তলত পেলাইছে। টেবুলৰ ওপৰৰ পানী বটলটোও পেলাইছে আৰু তলত পানী বাগৰি পৰি খালী বটল পৰি আছে। কি আৰু কৰা যায়? পুনৰ সমস্ত বস্তু-বাহানি উঠাই-মেলি সজাই ৰাখিলোঁ

তাৰ পাছদিনা গলোঁ ভূৱনেশ্বৰলৈ। তাত যাৰ ঘৰত থাকিলোঁ, তেওঁলোকৰ মিকি নামৰ এটা পমেনেৰীয়ান আছিল। আৰু অন্য দুটা কুকুৰো আছিল। কুকুৰকেইটাই বেছ ভুকা-ভুকি কৰিলে। কিন্তু খইৰীৰ সেইফালে কোনো খাতিৰ নাই। শেষত খইৰী মিকিৰ সৈতে খুব বন্ধু হৈ পৰিল আৰু শুক্লপক্ষৰ ৰাতি মিকিৰ সৈতে বহুত খেলা-ধূলা কৰিলে, ৰাতি অনেক গভীৰ হোৱা পর্যন্ত। তাৰ পাছদিনা আমি ভুৱনেশ্বৰৰ পৰা উভতি আহিলোঁ

সেইদিনা ৰাতি খইৰী মোৰ কাষত খাটৰ ওপৰত শুলে আৰু বোৱাৰী পুৱাতে উঠি বাথৰুমলৈ গৈ শৌচ কৰিলেগৈ। পুৱা ওচৰৰ গছত বহি থকা কপৌ এটা মাৰিলোঁ আৰু কপৌটো তলত পৰাৰ লগে লগেই খইৰী গৈ সেইটো থাপ মাৰি ধৰিলেগৈ। তাৰ পাছত তাই দাঁতেৰে কপৌটোৰ পাখিবোৰ টানি টানি পূৰা চাফা কৰি খালে। খোৱাৰ আগতে মই কপৌটোৰ অন্ত্র আদি আঁতৰাই পেলোৱাৰ চেষ্টা কৰিছিলোঁ আৰু সেই কাৰণে তাই ঘাঁউ কৰি মোৰ সোঁহাতৰ বুঢ়া আঙুলিটো কামুৰি দিলে। কামোৰা মাত্রতে মোৰ পৰা পালে এটা বাঁওহতীয়া কাণতলীয়া চৰ। মাৰ খাই চিধা দৌৰি গল তাইৰ মানৱী মাকৰ ওচৰলৈ। আৰু তেওঁৰ ওচৰত গৈ গাঁউ-গাঁউ কৰি মোৰ ফালে দেখুৱাই যেন কিবাকিবি কলেগৈ। যেন কৈছিল, মইতো খেলি আছিলোঁ, মোক দেউতাই মাৰিলে কিয়? ময়ো বুজিছিলোঁ যে তাইৰ কামোৰটো ইচ্ছাকৃত নাছিল। তাই কপৌটো খোৱাৰ আগতে সেইটো লৈ অলপ খেলাৰ সময়ত মই তাত অনুপ্রৱেশ কৰাটোৱেই ভুল।

তাৰ পাছত আবেলি মই তাইক লৈ খোজকাঢ়িলৈ ওলালোঁ বাটত এটা কপৌ দেখি মাৰিলোঁ কপৌটো নি তাই কুকুৰ দাঁতেৰে পাখিবোৰ টানি বাহিৰ কৰিলে আৰু তাৰ পাছত গুৰি দাঁতেৰে পিঠিৰ ফালৰ পৰা খাবলৈ খোৱা আৰম্ভ কৰি দিলে। যেতিয়া বাঁওফালৰ চৰাইটোৰ ডেউকাৰ তল পালেগৈ, তাৰ পাছতে তাই আৰম্ভ কৰিলে পেটৰ সৰু পাখিবোৰ উঘলা। সোঁফাল পাওঁতে কপৌৰ মূৰ আৰু ডিঙি আঁতৰ হৈছিলগৈ আৰু চৰাইৰ অন্ত্র আদি আপোনা-আপুনি বাহিৰ হৈছিল। তাৰ পাছত ডিঙিৰ পৰা আৰম্ভ কৰি মূৰটো সম্পূর্ণ খাই দিলে। যিখিনি নাখালে, সেয়া আছিল মাত্র ঠোঁটটো। সেইদৰে, কেৱল অন্ত্ৰডাল এৰি খইৰীয়ে গোটেই কপৌটো খাই পেলালে।

তাৰ পাছদিনা পুৱা প্রায় ন বজাত আমি ব্রেকফাষ্ট কৰিবলৈ বহিছোঁ কোন পাকত হঠাৎ খইৰী তলৰ পৰা চকীলৈ উঠিল আৰু চকীৰ পৰা টেবুলৰ ওপৰ পালেহি, সেয়া আমি ধৰিবই নোৱাৰিলোঁ সহজেতো তাইৰ খোজৰ শব্দ নহয়, আৰু তাৰ উপৰি তাই এই জঁপিওৱা-জঁপি কামবোৰ চকুৰ পচাৰতে সম্পাদন কৰে। গতিকেই আমাৰ জানিবৰ সাধ্য নাই। প্ৰথমতে আহি মোৰ ভাগৰ কণীটোৰ কুহুমটো পোনচাটেই খপ্‌কৈ চেলেক মাৰিলে। আৰু তাৰ লগে লগেই তাইৰ মানৱী মাকৰ ভাগৰ কণীৰ কুহুমটোও! সিমানতে তাই সন্তুষ্ট নহল। পুনৰ ‘ইআঁউ ইআঁ’-কৈ আৰু খাবলৈ বিচাৰিলে। তাইৰ কাৰণে এটা কণী সাজু কৰি থোৱাই আছিল। আৰু সেইটোকে তাইক খাবলৈ দিয়া হল। এইবাৰ কণীৰ কুহুম আৰু বগা অংশ, সকলো খাই পেলালে। তাৰ পাছত জংঘলৰ ফালে অলপ টহল মাৰি আহি চাৰি ঠেং মেলি দীঘল দি পৰি শুই পৰিল।

আমি এই সুযোগতে তাইৰ মাপ আৰম্ভ কৰিলোঁ নাকৰ আগৰ পৰা নেগুৰৰ শেষলৈকে ১০৭ ছেণ্টি‍মিটাৰ। হাতোৰাৰ সৈতে পি‍ছঠেং ৪০.৫  ছেণ্টিমিটাৰ আৰু সেইদৰে আগঠেং ৪০.৩  ছেণ্টিমিটাৰ। পিছঠেঙৰ হাতোৰাৰ পৰিধি হল ১৫.৮  ছেণ্টিমিটাৰ আৰু আগঠেঙৰ পৰিধি ১৭.৪  ছেণ্টিমিটাৰ। তাই শুই উঠাৰ পাছত তাইৰ ওজন জুখিলোঁ তাইৰ ওজন হল ন কিল’ এশ গ্রাম।

ৰাতিপুৱা আমূল গাখীৰৰ সৈতে প্র’টিনেক্স মিহলাই তাই খাবলৈ মানৱী মাতৃয়ে তৈয়াৰ কৰিছিল। হঠাৎ কোনোবা এপাকত টেবুলৰ ওপৰলৈ উঠি আহি খোৱাৰ আগ্ৰহত খইৰীয়ে এটা জাঁপ মাৰিলে। গাখীৰখিনিতো বাগৰি পৰিলেই, তাইৰ মাকৰ গাত খইৰীৰ নখ লাগি ভালেখিনি আঁচোৰো লাগিল। মই গৈ আঁচোৰ লগা অংশৰ পৰা আৰু কিছু তেজ উলিয়াই দি কেঁচা ডেটল লগাই দিলোঁ

এই ঘটনাৰ কিছু সময়ৰে পাছত খইৰী আকৌ আহি গাখীৰ খালেহি। তাইৰ পেটত হাত বুলাই দেখিলোঁ যে অনেক বায়ু হৈছে। লাহে লাহে বুকুৰ পৰা পেটলৈ মালিচ কৰি দিয়াত খইৰী শৌচ কৰিবলৈ গল। শৌচ কৰি উঠি অলপমান আৰাম পালে হবলা, তাই শুই পৰিল। তাৰ পাছত আকৌ এবাৰ শৌচ। দুপৰীয়া খোৱাৰ সময়ত তাইক মাংসৰ ভিতৰত এটা চালফা গোআনাডাইন টেবলেট দিলোঁ তাই আৰু খাব বিচাৰিলে। মই তাইক নাই-নাইকৈ বাৰম্বাৰ মানা কৰিলোঁএনেকুৱাতে হঠাৎ মোৰ সোঁ হাতত ঘাঁউকৈ কামুৰি দিলে। হাতটো পি‍ছলৈ নি আকৌ এটা চৰ শোধালোঁ চিধাই গুচি গল তাইৰ মানৱী মাকৰ ওচৰলৈ আৰু তাই মোক দেখুৱাই গাৰ’ৰু-গাৰৰু কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত খইৰী আৰু মোৰ মাজত অৱশ্যে সন্ধি স্থাপন হৈ গল।

তাৰ পাছত ৰাতি এখন এড়িয়া চাদৰ গাত লৈ মই আৰু খইৰী খাটত শুইছিলোঁ খইৰীয়ে তাইৰ সোঁঠেঙৰ হাতোৰা মোৰ বুকুৰ ওপৰত ৰাখি নিশ্চিন্ত মনেৰে টোপনি গৈছিল। কিন্তু মই সাৰে থাকি ভাবিছিলোঁ খইৰীয়ে ইমান আদৰ পাইছে, ইমান খাদ্য পাইছে আৰু এনে নৰম ঠাইত শুবলৈ পাইছে। খইৰীয়ে ঘূৰাঘূৰি, জঁপিওৱা-জঁপি কৰে এজনী মুক্ত বাঘিনীৰ দৰেই, আনকি তাইক এটা কোঠাত বন্ধ কৰি ৰখাও সম্ভৱ নহয়। খইৰী যিমানেই ডাঙৰ হৈছে, তাইৰ খোৱাৰ চাহিদাও বাঢ়ি গৈছে। গাখীৰ, কণীৰ উপৰি বর্তমান খইৰীয়ে খায় অন্ততঃ ছটাকৈ কপৌ বা পাৰ। আগলৈ মই তাইৰ মাংসৰ চাহিদা যোগাব পাৰিমগৈনে! গুলীৰ দাম দিনে দিনে বাঢ়িছে। আনকি বজাৰত মাজে মাজে পাবলৈও নাই। কিমান গুলী মই কৰ পৰা আনিম, আৰু কিমানেই বা কপৌ, পাৰ, গেণ্ডালিয়া মাৰি এই হুহুকৈ বাঢ়ি অহা বাঘিনীৰ খাদ্যৰ চাহিদা যোগাব পাৰিম? এই চিন্তাতে সেইদিনা ৰাতি মোৰ ভাল টোপনি নাহিল।

তাৰ পাছদিনা ৰাতিপুৱা শালগছৰ ওপৰত দুটা পাকিট চৰাই বহি আছিল। দুয়োটাকে মাৰিলোঁ এটা খইৰীক দিলোঁ আৰু আনটো ৰাখি থলোঁ দুপৰীয়া খোৱাৰ সময়ত পুৰণি অভ্যাস অনুসৰি খইৰীয়ে পুনৰ টেবুলৰ ওপৰলৈ উঠি আহি মোৰ প্লেটৰ পৰা এটুকুৰা মাংস টানি নিলে। তাৰ পাছত তাইক আনটো পাকিট আৰু আন এটা পাৰৰ মাংস কিমা কৰি খাবলৈ দিয়া হল।

তাৰ পাছদিনা যচ্ছিপুৰলৈ গৈ থাকোঁতে দুটা কজলপাতি মাৰিলোঁ মোৰ ড্রাইভাৰ শালখানে কজলপাতি দুটা ঘপকৈ আনি লুকুৱাই থলে। খইৰী মোৰ লগতে গৈছিল। দুটা কজলপাতি মৰাত তাই সন্তুষ্ট নহল। আগলৈ দৌৰি গৈ আৰু পুনৰ কাষলৈ দৌৰি আহি তাই মোক বাৰম্বাৰ মোক আৰু চৰাই চিকাৰ কৰিবলৈ উচটালে। মই তাইৰ অনুৰোধ ৰক্ষা কৰি চৰাই মাৰিবলৈ গলোঁ আৰু মাৰিলোঁও। গোটেইকেইটা চৰাই জীপৰ পাছফালৰ ছিটৰ তলত ৰখা হল। মই ভাবিছিলোঁ যে খইৰীয়ে মোৰ লগতে আগছি‍টত বহি জীপ চলাৰ সময়ত চৰাইৰ গোন্ধ নাপাব। জীপ চলিছিল প্রায় ষাঠি কিল’মিটাৰ গতিত, তথাপি বিপৰীত বায়ুসোঁতত খইৰীয়ে পি‍ছছি‍টৰ তলত লুকুৱাই থোৱা চৰাইৰ গোন্ধ ঠিকেই ধৰিব পাৰিলে।

যচ্ছিপুৰ গৈ পাই খইৰীক চৰাইৰ মাংস খাবলৈ দিয়া হল। বঙলাৰ চকীদাৰে খইৰীৰ কাৰণে পাৰ ধৰি ৰাখিছিল সেই পাৰ আনি দেখুওৱাৰ লগে লগে খইৰীয়ে আনন্দতে চকীদাৰৰ পি‍ছ ললে। খইৰীয়ে যেতিয়া দেখিলে যে তাইৰ খাদ্যৰ বাবে বহুতো চৰাই আছে, তাই বেছ স্ফূর্তি মনেৰে যচ্ছিপুৰ বঙলাৰ ভিতৰত ঘূৰি ফুৰিবলৈ ধৰিলে।

ৰাতিপুৱা উঠি খইৰীক লৈ বঙলাৰ চৌহদত ফুৰিবলৈ গ’লোঁ অনেক দৌৰা-জঁপিওৱা কৰি তাই খেলিলে। মোকো বাৰম্বাৰ খেলিবলৈ মাতিলে। তাই এজোপা গছৰ পিছফালে ৰৈ এটা চকুৰে মোলৈ চাই আকৌ লুকাই পৰে, যেতিয়াই মই তাইৰ ওচৰলৈ যাম, তাই আকৌ মোৰ পৰা দূৰলৈ পলাব আৰু মোক এনেকৈ মাতি মাতি দূৰৰ ঘন শালবনৰ গভীৰ শ্যামলিমাৰ ভিতৰলৈ টানি নিব। বনেইতো খইৰীৰ ঘৰ, তাই কিয় ইটা, কংক্রীট আৰু এছ্বেষ্টছৰ শুষ্ক ডাকবঙলাৰ ভিতৰত পৰি ৰ? অনেক খোচামতি কৰিলোঁ, বহুত লেনিয়াই মাতিলোঁ, তথাপি খইৰীৰ ঘূৰি আহিবৰ মন নাই। যেন তাইৰ চকুত গছৰ পৰা গছ, পাহাৰৰ পৰা পাহাৰ আৰু জংঘলৰ পৰা জংঘললৈ যোৱাৰ নিচা লাগিছে। অনেক সময়ৰ পাছত খইৰী মোৰ কাষলৈ আহিল আৰু তাইক লাহে-লাহে আদৰ কৰি কৰি ডাকবঙলালৈ আনিলোঁ

আমি সকলোৱে বিছনা পাৰি শুই পৰিলোঁ কিন্তু খইৰীৰ চকুত টোপনি নাই। খইৰীতো ৰাতিৰ জানোৱাৰ, তাইৰ চকুৰ মণিত ঘোৰ অন্ধকাৰৰ ভিতৰত জন্তুবোৰৰ সামান্যতম লৰ-চৰো ধৰা পৰি যায়। তাই কিহৰ দুখত ৰাতি দহ বজাত ব’র্ডিঙত থকা স্কুলীয়া ছাত্ৰৰ দৰে শুবলৈ যাব? ঘৰত ভিতৰত চাৰিওফালে ঘূৰাঘূৰি কৰি কেতিয়াবা জোতা, কেতিয়াবা হল্ডাৰ, কেতিয়াবা বন্দুকৰ বাকচ কামুৰি থাকিব। এই কামোৰা কেৱল কামুৰিবৰ কাৰণেই নহয়, কিছু তাইৰ ধাৰাল দাঁতৰ কছৰৎ, কিছু তাইৰ খেল।

তাৰ পাছদিনা এফালে গৈছিলোঁ জীপত আমাৰ লগত আছিল খইৰী। যতেই জীপ ৰয়, তাতেই মানুহৰ ভিৰ জমা হৈ যায়। খইৰীতো আৰু মেকুৰীৰ পোৱালি নহয়, তাই পূৰা-পূৰি এজনী কিশোৰী ৰয়েল-বেংগল টাইগাৰ। জংঘলৰ সম্রাজ্ঞী। যাৰ চিকাৰত বন্যজন্তুবোৰ ভীতগ্রস্ত হৈ পলায়ন কৰে। কিন্তু এই মানুহবোৰৰ ভিৰৰ ভিতৰত খইৰী আছিল বেছ বেখাতিৰ আৰু বেপৰোৱা। তাই জীপৰ ছি‍টৰ পৰা বাহিৰলৈ ওলাই আহি চিধা বহি যায় বনেটৰ ওপৰত। সৰু লৰা-ছোৱালীবোৰে যেনেকৈ নতুন পেণ্ট-চাৰ্ট পিন্ধি দেখুৱাবলৈ যায়, ঠিক সেইদৰেই।

সেইদিনা সন্ধ্যা আকৌ তাই খাবলৈ বিচাৰিলে। কাৰণ আমি তাইৰ পেট বেয়া হৈ থকা বাবে খোৱাত কিছু বাধা-নিষেধ ৰাখিছিলোঁ ক্ষুধাৰ তাড়নাতে কিজানি খইৰীয়ে পুনৰবাৰ মোৰ সোঁহাতত কামুৰি দিলে। বেছ ৰক্তক্ষৰণ হল আৰু তাই মোৰ পৰা পালে এটা কাণতলীয়া চৰ। সেইদিনা কিন্তু মোৰ পৰা চৰ খাই মোৰ সৈতে সন্ধি স্থাপন কৰিবৰ বাবে খইৰীয়ে অনেক সময় লৈছিল। মোলৈ চায়, কিন্তু মনত পৰাৰ লগে লগেই আকৌ গাঁউ-গাঁউকৈ উভতি যায়। কিছু সময়ৰ পাছত খইৰীয়ে সকলো পাহৰি গ, যেনেকৈ পাহৰি যায় সৰু লৰা-ছোৱালীবোৰে।

চৰ যে খইৰীয়ে মোৰ পৰাই খায়, তেনে নহয়। তাইৰ নিজৰ মাকৰ কাষত থকা হ’লেও এনেকুৱা বহুত চৰ তাই খালেহেঁতেন। তাই নিজৰ ভৰিৰ ওপৰত থিয় হব লাগিব, তাই লুকাই লুকাই বতাহৰ বিপৰীত দিশত থিয় হৈ হৰিণ, শম্বৰ, বৰা মাৰিব লাগিব আৰু হব পাৰে তাইৰ কিলাৰ ভিতৰলৈ সোমাই অহা অন্য বাঘ বা বাঘিনীৰ সৈতে যুঁজিবও লাগিব। তাই ভুল কৰিলে হব কেনেকৈ? একেটা জাঁপতে তাইৰ চিকাৰক নিজৰ আয়ত্তৰ ভিতৰলৈ আনিব লাগিব। হাতোৰা, কঁকাল আৰু চকুৰ একাগ্রতাৰ সামান্য অভাৱতো চিকাৰ হাতচাড়া হৈ যাব। সেই কাৰণে মাক বাঘিনীয়ে জোৰেৰে চৰ মাৰে তাইৰ পোৱালিক। এনেকুৱা চৰ খাই পোৱালিবোৰ অসাৰ হৈ বহু সময় পর্যন্ত পৰি থকাৰ দৃষ্টান্তও আছে।

সেইদিনা সন্ধ্যা আকৌ আমি সেই ভুলৰে পুনৰাবৃত্তি কৰিছিলোঁ, অর্থাৎ খইৰীক ঘৰত বন্ধ কৰি থৈ গৈছিলোঁ এজন বন্ধুৰ ঘৰলৈ। খইৰী মোৰ জীৱনলৈ অহাৰ দিন ধৰি মই ঘোৰ অসামাজিক ব্যক্তি হৈ পৰিছিলোঁ লৈকো যোৱা নহৈছিল। গ’লেই খইৰীক লৈ যাবলগীয়া হয়। উপায়ান্তৰ। সেইদিনা উভতি আহি দেখিলোঁ খইৰীয়ে টেবুলৰ ওপৰত নটা কণী ভাঙিছে। খাইছে পাঁচটা আৰু চাৰিটা ভাঙি পেলাইছে তলত। বৰ ভাল লাগিল যে খইৰী আমাৰ দৰে খাদ্যলোভী নহয়। যিমান প্রয়োজন, তাতকৈ বেছি খইৰীয়ে নাখায়। ঘৰৰ অন্যান্য উপকৰণ আৰু গ্লাছ, প্লেটৰ আদিৰ অৱস্থা নোকোৱাই ভাল। সকলো বিধ্বস্ত।

শিম্‌লিপালৰ কোনো এক বঙলাৰ পৰা খইৰীক লৈ মই বাহিৰ ওলাইছিলোঁ শিম্‌লিপালৰ জংঘল আৰু জংঘলৰ মাজে মাজে ক’ৰবাত কেতিয়াবা খড়িয়াবোৰে একোটুকুৰা জংঘল চাফা কৰি ধান ৰুইছে। খড়িয়াৰ সেউজীয়া ধানৰ খেতি আৰু তাৰ ওপৰত চপ্‌চপীয়া পানী। খইৰীয়ে চিধা জাঁপ দিলে ধানখেতিলৈ। প্রথমে পেট আৰু নেগুৰ, তাৰ পাছতে পূৰা দেহটো পথাৰৰ পানীত বুৰাই দি খইৰীয়ে অনেক সময় ধৰি গা ধুলে ধানখেতিৰ পানীত। মই লক্ষ্য কৰিছোঁ তাইৰ চকুৰ অদ্ভুত আনন্দ, যেন এটা বৰষুণীয়া দিনৰ ছুটীত বৰষুণৰ পানীত তিতি-বুৰি ঘৰলৈ উভতিছে এজনী স্কুলীয়া ছাত্রী। গা ধুলে, কিন্তু তাৰ পাছত যেনেকৈ নিজকে শুকুৱাবলৈ ধূলিত লেটি লয়, তেনেকুৱা তাই নকৰিলে, বা কুকুৰে যেনেকৈ জোঁকাৰ মাৰি পানী ছি‍‍টিয়াই, তেনেকুৱা নকৰিলে। তাই পানীৰ পৰা ওলাই আহি এটুকুৰা শুকান ঠাইত বহি অপেক্ষা কৰি থাকিল, যি পর্যন্ত ৰদে তাইৰ শেষ আৰ্দ্রতাক শুকুৱাই নিনিলে, যেনেদৰে অনূঢ়া গ্রাম্য যুৱতীবোৰে মুকলি চুলি মেলি দিয়ে ৰদত।

আমি শিম্‌লিপালৰ আৰু ভিতৰলৈ গলোঁ চাপৰ মূধচৰ ডাকবলা। তাৰ খিৰিকীত মহ নোসোমাবৰ বাবে সূক্ষ্ম তাঁৰৰ জালি দিয়া হৈছে। খিৰিকীত ৰেলিং। দুডাল ৰেলিঙৰ ভিতৰত মূৰটো সুমুৱালে খইৰীয়ে, কিন্তু মূৰটো উলিয়াব নোৱৰা হল। আমি সহায় কৰিবলৈ গ’লোঁ বহু কষ্টৰে ৰেলিঙৰ ভিতৰৰ পৰা তাইৰ ডাঙৰ মূৰটো মুক্ত কৰিলোঁ আৰু ইতিমধ্যে তাইৰ নখ লাগি আমাৰ হাত ছিৰাছিৰ হৈ ৰক্তস্ৰৱণ হৈছে। তাইৰনো কি দোষ? অৰণ্যৰ অভ্যন্তৰত ৰজাৰ দৰে বিচৰণ কৰা জন্তুক জানো আবদ্ধ কৰি ৰখা যায় চাপৰ মূধৰে ডাকবঙলাৰ ষোল ফুট বাই ষোল ফুট দেৱালৰ ভিতৰত?

সেইদিনা আছিল নৱে‍ম্বৰ মাহৰ সোতৰ তাৰিখ। মই খাই উঠি শুবলৈ যাওঁ মানে ৰাতি বাৰ বজা। কিন্তু সেই পর্যন্ত খইৰীয়ে মোৰ বিছনাৰ গাৰু, শাড়ী আৰু এড়িয়া চাদৰ শিতানৰ পৰা লৈ গৈ পথানৰ ফালে ঠেলি দি নিজে তাতে চাৰিও ঠেং মেলি আৰামেৰে শুইছে। মই অবাক হ’লোঁ পথানৰ ফালে শুলেইতো চলে, কিন্তু তাই ঠিক শিতানৰ এইখিনিতেহে শুব। ইয়াৰ কাৰণ কি হব বাৰু? অলপ সময়ৰ পাছত বুজিব পাৰিলোঁ যে মোৰ পঢ়া টেবুলৰ লেম্পৰ পোহৰ পথানৰ ফালে পৰিছিল, সেয়ে শুবৰ বাবে সেই স্থান মুঠেই সুচল নাছিল।

ৰাতিপুৱা আৱিষ্কাৰ কৰিলোঁ যে মোৰ এড়িয়া চাদৰখন কেইবাঠাইতো ফুটা ফুটা হৈ গৈছে। কোনো কাৰণ বিচাৰি নাপাই জানিব পাৰিলোঁ যে খইৰীয়ে এড়িয়া কাপোৰখন চোবাই চোবাই ফুটা ফুটা কৰিছে। এড়িয়া কাপোৰতো আৰু টেৰিলিনৰ দৰে ছি‍ন্থেটিক প্রডাক্ট্ নহয়, এড়িয়া হৈছে পতংগজাত সূতা। গতিকেই খইৰীয়ে সেয়া খোৱাত অসুবিধা ক? তাৰ উপৰি খইৰীৰ পেটৰ গোলমালৰ কাৰণে তাইক কিছু দিন ডায়েটত ৰখা হৈছিল। হব পাৰে ভোকৰ তাড়না।

তাৰ পাছদিনা পুৱা বুঢ়াবলংগ নদীৰ পাৰত কুম্ভীৰ অভয়াৰণ্য চাবলৈ গলোঁ বেছ স্ফূর্তিত খইৰীও আমাৰ লগত দেও পাৰি ওলাল। বাটত বেছ কিছু ৰাস্তা আগলৈ খেতি পথাৰৰ ভিতৰলৈ যাবলগা হব। কিন্তু আলিৰ ওপৰেৰে খইৰী সাৱলীল গতিৰে গৈ থাকিল। যেন তাই সাধাৰণ পথাৰৰ ওপৰেৰেহে খোজ কাঢ়িছে। বেছ স্ফূর্তিত তাই দেও পাৰি পাৰি গৈছে। ক্ৰমে ক্ৰমে আহি পৰিল জংঘলৰ সীমা। জংঘলৰ উপকণ্ঠত খইৰী বহি পৰিল আৰু চাই ৰল ঘোৰ অৰণ্যৰ শ্যামল বিস্তৃতিৰ ভিতৰলৈ। তাৰ পাছত তাই পেটটো মাটিত পেলাই দীঘল দি পৰিল আৰু নিজৰ দুই আগঠেঙৰ ওপৰত মূৰ ৰাখি অপলক নেত্রে চাই ৰল সেই বিস্তৃতিৰ ভিতৰলৈ। যেন তাই বাৰম্বাৰ সেই স্বপ্নকে দেখিছে, যি স্বপ্ন তাই দেখিছিল তাইৰ অতীতত।

খইৰীৰ কাৰণে প্ৰচুৰ ধৈৰ্যৰ প্রয়োজন। তাইৰ কাৰণে ঘণ্টা ধৰি এইদৰে অপেক্ষা কৰিবলগীয়া হয়। চিকাৰে নিজকে বচাবৰ বাবে ৰাতি নিৰন্ধ্ৰ অন্ধকাৰৰ ভিতৰত ফ্রীজ কৰি দিয়ে। চিকাৰীয়ে চিকাৰ নিজৰ নেজ ওপৰলৈ দাঙি সামান্য দোলন কৰিব, যেন সিহঁতে কবলৈ বিচাৰিব, “এই অকণমান নেজডালহে লৰিছে, ব্যতিব্যস্ত হবৰ কাৰণ নাই। তাৰ পাছত অসাৰ হৈ থকা, ফ্রীজ হৈ থকা জন্তুৰ ভিতৰলৈ ঘূৰি আহিব সাফল্যৰ প্রাণস্পন্দন আৰু ওপৰত জাঁপ দিব খইৰীয়ে। এয়েতো জীৱন ধাৰণৰ প্রণালী। গতিকে তাই ধৈৰ্যৰ অভাৱ হব কিয়? এনেকুৱাও হয় যে তাইক চিকাৰৰ অপেক্ষা কৰি বহি থাকিবলগা হব বতাহৰ বিপৰীত দিশত। যাতে তাইৰ চিকাৰে খইৰীৰ উপস্থিতিৰ গোন্ধ নাপায়। আৰু বতাহ? বতাহকতো বেছ ভালদৰে চিনি পায় খইৰীয়ে। তাইৰ দুই কাণৰ কাষত থিয় হৈ উঠে সৰু সৰু স্পর্শকাতৰ নোম।

সেইদিনা খইৰীক সেই ঠাইৰ পৰা ওভতাই আনিবলৈ অনেক সময় লাগিছিল।

উভতি আহিছোঁ এইবাৰ পালোঁ এটা চাফা পানীৰ ডোং নীলা আবদ্ধ পানী। খইৰী জাঁপ মাৰি সোমাই পৰিল তাৰ ভিতৰত। বোধকৰোঁ মনৰ তৃপ্তি নোহোৱা পর্যন্ত তাই গা ধুব বিচাৰিছিল। তাইৰ পানীৰ পৰা উঠাই আনিলোঁ ঠাণ্ডা লাগিব পাৰে। নহলে, কোনো সংক্রামক ৰোগৰ চিকাৰ হব পাৰে।

খইৰীতো জংঘলৰ বাঘিনী নহয়, আমাৰ লগত থাকি খইৰী স্বাচ্ছন্দ্য সহিত আৰু এক স্বাস্থ্যকৰ পৰিৱেশৰ সৈতে পৰিচিত হৈ গৈছে। কিজানি এই আবদ্ধ পানীৰ অস্বাস্থ্যকৰ পৰিৱেশে খইৰীক সংক্রামিত কৰিব পাৰে, এই ভয়তে তাইক উঠাই আনিলোঁ তাইৰ স্বভাৱসুলভ Resistance তাই হেৰুৱাইছে।

উভতি অহাৰ পথত এটা বিৰাটকায় শবৰ দেখিলোঁ নামাৰিলোঁ ইমান মাংস কিয় লাগে। বাটত মাৰিলোঁ এটা শিয়াল আৰু এটা বনমেকুৰী, হয় যদি খইৰীৰ কাৰণেই কামত লাগিব। যদি নিতান্তই খইৰীয়ে শিয়াল আৰু বনমেকুৰীৰ মাংস নাখায়, তেনেহলে ঘৰত যি বুঢ়া ছাগলী বন্ধা আছে, সেয়াকে মৰা হব।

ৰাতিপুৱা শিয়াল আৰু বনমেকুৰীৰ মাংস দিয়া হল। কিন্তু খইৰী কি এইচব মাংস খোৱা বাচ্ছা? অলপমানো নাখালে। বাৰম্বাৰ তাই মাংসৰ ওচৰলৈ গৈ মুখ ঘূৰাই আনিলে। ছাগলীজনী মৰা হল। কিন্তু আমি কিমান দিন ছাগলীৰ মাংসৰে খইৰীক বচাই ৰাখিব পাৰিম?

এই ঘটনাই বাৰম্বাৰ প্রমাণ কৰে যে বনৰ বাঘে গাঁৱৰ গাইতকৈ বনৰ জন্তু খাবলৈকে পছন্দ কৰিব, আৰু বোধহয় হৰিণতকৈ বৰা গাহৰি খাবলৈ পছন্দ কৰিব।

সেইদিনা বোধহয় অলপ বৰষুণ হৈছিল। খইৰী আমাৰ পিছে পিছে দেও পাৰি পাৰি লাহে লাহে আহি আছিল। ৱাইল্ড লাইফ গৱেষণা কৰা ব্যক্তিসকলৰ ওচৰত বাঘৰ খোজৰ চিহ্ন এক প্রশ্ন, ঠিক আগঠেঙৰ খোজ পৰাৰ ঠাইতে পি‍ছঠেং পৰে নেকি? আমি মাপ কৰিছিলোঁ সাধাৰণভাৱে খোজ কাঢ়িলে আগঠেঙৰ খোজৰ চিনৰ ওচৰতে পি‍ছঠেঙৰ খোজৰ চিন পৰে। লাহে লাহে গলে আগঠেঙৰ খোজৰ অলপমান পাছত পিছঠেঙৰ খোজৰ চিন পৰে। আৰু জোৰেৰে গলে আগঠেঙৰ চিনতকৈ আগত পৰে পাছঠেঙৰ পঞ্জা

জংঘলত বাঘৰ চলনৰ কোনো গণিত নাই, কোনো সূত্র নাই। সেয়া প্রয়োজনমুখী। গতি আৰু মুডৰ ওপৰত নিৰ্ভৰ কৰে বাঘৰ চলন। যিদৰে আমাৰো মুডৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ চলন। কেতিয়াবা কেতিয়াবা ভাব হয় আমি যিবোৰ সভ্য মানুহ, মৌলিক ক্ষেত্ৰত খইৰীতকৈ পৃথক নহয়।

চৌসত্তৰ চন, ডিচেম্বৰ মাহ। শিম্‌লিপালৰ জেনাবিলত হাড় কঁপোৱা জাৰ। জেনাবিলৰ কাঠৰ কেবিনঘৰত লেপ লৈ শুই আছে খইৰী। তাইৰ ডিঙি খৰখৰাইছিল যেন লাগিছিল। মাজে মাজে কাহে। কহাৰ সময়ত ভাব হয় যেন তাইৰ কষ্ট হৈছে। নিজকে যিমান দূৰ সম্ভৱ গৰম কৰি ৰাখিবৰ বাবে খইৰীয়ে তাইৰ ডাঠ নোমবোৰ আৰু ফুলাই দিছিল। তথাপি কাঠৰ মজিয়াৰ ফাটেৰে হিমাল ঠাণ্ডা বতাহ সোমাইছিল। আৰু এবাৰ কাহি উঠিল খইৰী। মই তাইক মোৰ কাষলৈ টানি আনি মোৰ কম্বলেৰে আৱৰি ধৰিলোঁ মাত্র চাৰিমহীয়া পোৱালি খইৰী।

খুব ৰাতিপুৱাতে সাৰ পাই উঠিল খইৰী। সেই সময়ত চাৰে ছয় বাজিছে। আৰু কিছু দিনৰ আগতে এটা বান্দৰ মাৰি তাইক খুউওৱা হৈছিল। খালী বাকী আছিল কিছু নাড়ী-ভুৰু আৰু শুকান তেজ। প্রায় আঠশ গ্রাম ওজনৰ সেই নাড়ীভুৰু আৰু শুকান তেজ খাই উঠাৰ পাছত তাই খেলিবলৈ বাহিৰলৈ যাবৰ বাবে ব্যস্ত হৈ পৰিল। এতিয়ালৈকে ঘৰৰ ওপৰত যোৱা ৰাতিৰ নিয়ৰকণা শুকুৱাই নাই। ৰদ চোকা হোৱা নাই। খেলিলে কিজানি ঠাণ্ডা লাগে বুলি মই তাইক ঘৰৰ বেলকনিলৈ লৈ আনিলোঁ প্রচণ্ড শীতত তাইৰ গাটো কঁপিছিল। মই তাইক পুনৰ ঘৰৰ ভিতৰলৈ লৈ গৈ কম্বল মেৰিয়াই দি মোৰ নিত্যকর্ম আৰম্ভ কৰিলোঁ দটো অলপ চোকা হোৱাত মই তাইক বেলকনিলৈ আনি ৰদত বহুৱালোঁ কিন্তু তাইৰ ইচ্ছা আছিল তললৈ গৈ ফুটুকনি হাবি জোপোহাৰ মাজে মাজে দেও পাৰি পাৰি খেলাৰ। তাৰ কাৰণে তাই অনেক চেষ্টা কৰিছে, মই অলপ অন্যমনস্ক হ’লেই পলাব কিন্তু প্রতি মুহূর্ততে মই তাইক নজৰ দি আছোঁ বুলি গম পাই তাই তাইৰ চেষ্টাৰ পৰা প্রতিহত হৈছে। তাৰ পাছত উপায়ান্তৰ হৈ এটা ঝাড়ু আৰু এপাত পুৰণা জোতা লৈ খৈলিবলৈ আৰম্ভ কৰি দিলে। খেলি খেলি তাই পাই গল এটুকুৰা বান্দৰৰ হাড়। তাই আগনিশাৰ খাদ্যৰ অৱশিষ্ট। তাই সেই হাড়টুকুৰাকে ৰাতিপুৱা চাৰে আঠ বজালৈ চুচিলে।

দ অলপ চোকা হোৱাত ঘাঁহৰ ওপৰত নিয়ৰ শুকাই আহিল। এইবাৰ খইৰী তললৈ গ’লে ঠাণ্ডা লগাৰ আশংকা কম। দিনৰ দহ বজাত আমাৰ মেঘাসিনীলৈ যোৱাৰ কথা। মেঘাসিনী শিম্‌লিপালৰ সর্বোচ্চ গিৰিশিখৰ। ভঞ্জবসাৰ পাহাৰৰ ওপৰত। সেই পর্যন্ত খইৰীয়ে তলৰ ফুটুকনি হাবিত খেলিছে। মই খইৰী-খইৰী”-কৈ মাতিলোঁ তাইৰ মাকেও মাতিলে দুবাৰমান। কিন্তু খইৰীৰ শুংসূত্র নাই। আমি জীপত বহি গাড়ী ষ্টার্ট কৰি যেতিয়াই বাহিৰলৈ যাবলৈ ওলাইছোঁ যেন দেখুৱালোঁ, খইৰী জোপোহানিৰ পৰা ওলাই কাঁও-কাঁও কৰি উত্তৰ দি জংঘলৰ সীমাত থিয় হৈ আমাৰ ফালে চাই ৰল। তাইৰ মানৱী মাকে তাইক জীপৰ ভিতৰলৈ আহিবলৈ মাতিলে। কিন্তু খইৰী দ্বিধাগ্রস্ত হৈ থিয় দি ৰল। এফালে ফুটুকানি হাবিত উমাল ৰদত লুকা-চুৰিৰ খেল, আনফালে মাক-দেউতাক দুয়োজনেই ফুৰিবলৈ যাবলৈ‍ ওলাইছে। আমি আহিলোঁ দেই খইৰী বুলি কৈ মই জীপখন অলপ আগুৱাই দিলোঁ আকৌ এবাৰ তাইৰ মানৱী মাকে মাতিলে, “খইৰী, আহ, যাবি। খইৰীয়ে বুজি পালে যে এওঁলোক গুচি যাব। তাই লাহেকৈ আহি তাইৰ মাকৰ কাষত থিয় হল আৰু তাইৰ মাকে তাইক চিধাই জীপৰ ভিতৰলৈ উঠাই ললে। খইৰীক প্রলুব্ধ কৰিবলৈ আমি জীপৰ ভিতৰত এটুকুৰা বান্দৰৰ ৰান লুকুৱাই ৰাখিছিলোঁ খইৰীয়ে বান্দৰৰ মাংসৰ সোৱাদ বেছ বুজি পায়। যেতিয়াই বান্দৰৰ মাংসৰ টুকুৰাটো দেখুওৱা হল খইৰীয়ে আক্রমণ কৰি দিলে। তাৰ পাছত খইৰীক ভিতৰলৈ ৰাখিবৰ কাৰণে কোনো কষ্ট কৰিবলগীয়া নহল। কিছু সময়ৰ পাছত খইৰী তাইৰ ছিটত টোপনি গল।

প্রায় চাৰে বাৰ বজাত আমি গৈ পালোঁ আপাৰ বাঢ়াকামুড়া। খইৰীক ৰেষ্ট্ হাউছত এৰি দি আমি চাহ তৈয়াৰ কৰাত লাগি গ’লোঁ ৰেষ্ট্ হাউছটোক বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ কাৰণে চাৰিওফালে তিনিফুট গভীৰ ট্রেঞ্চ খন্দা হৈছে। খইৰীয়ে ট্রেঞ্চৰ কাষে কাষে টহল দিবলৈ ধৰিলে। এটা ডাঙৰ বল্ডাৰ লাগি থকা ঠাইৰ সুযোগ লৈ খইৰী ট্রেন্সৰ ভিতৰলৈ জাঁপ দিলে আৰু ট্রেন্সৰ ভিতৰত কিছু ৰাস্তা সোমাই পৰিল। কিছু দূৰ যোৱাৰ পাছত ট্রেঞ্চৰ ওপৰলৈ অহাৰ চেষ্টা কৰি বিফল হোৱাত ক্যাঁউ-ক্যাঁউকৈ চিঞৰি আমাৰ দৃষ্টি আকর্ষণ কৰাৰ চেষ্টা কৰিলে। মই নিজে গৈ তাইৰ ট্ৰেঞ্চৰ ভিতৰৰ পৰা উঠাই আনি আকৌ এবাৰ ৰেষ্ট্ হাউছৰ এলেকাৰ ভিতৰত এৰি দিলোঁ তথাপি খইৰী নিৰস্ত্র নহ, তাই দ্বিতীয়বাৰ, পুনৰ তৃতীয়বাৰ ট্ৰেঞ্চৰ ভিতৰলৈ জাঁপ মাৰি তাইৰ ওপৰলৈ উঠাই আনিবলৈ ক্যাঁউ-ক্যাঁউ’-কৈ চিঞৰিবলৈ ধৰিলে। ময়ো পুনৰ দুবাৰ গৈ তাইৰ গাঁতৰ পৰা উদ্ধাৰ কৰি ৰেষ্ট্ হাউছৰ এলেকাৰ ভিতৰলৈ আনিলোঁ আমি খোজকাঢ়ি মেঘাসিনী পাহাৰৰ ওপৰলৈ যাব লাগিব। সেই কাৰণে খইৰীক ৰেষ্ট্ হাউছতে এৰি থৈ যোৱাৰ মতলবত তাইক এটা কোঠাত বন্ধ কৰিলোঁ আৰু তাইৰ ওপৰত নজৰ ৰাখিবলৈ চকীদাৰক নির্দেশ দিলোঁ কিন্তু কোঠাটো বন্ধ কৰাৰ লগে লগে খইৰীয়ে খুব উচ্চস্বৰত ক্যাঁউ-ক্যাঁউ কৰি চিঞৰিবলৈ ধৰিলে। এনেকুৱা অৱস্থাতে খইৰীক কোঠাত বন্ধ কৰি যাবলৈ সত নগল। দুৱাৰ খুলি দিয়া মাত্রকে খইৰী জাঁপ মাৰি আহি চিধা জীপৰ ভিতৰত সোমালগৈ। বান্দৰৰ মাংসৰ ঘোচ দিয়াৰ প্রয়োজন নহল।

ভঞ্জবসাৰ ফৰেষ্ট ৰেষ্ট্ হাউছ এক বিধ্বস্ত অৱস্থাত পৰি আছিল। তাত চিমেণ্ট্ কংক্রিটৰ এটা বঙলা সজাৰ কাম আৰম্ভ হৈছিল। সেই ঠাইৰ অৰণ্যৰ শান্ত সেউজ পৰিৱেশৰ ভিতৰত এই চিমেণ্ট্ কংক্রিটৰ ঘৰ এক বিভীষিকাময় যেন প্রতীয়মান হব। তাত থাকিবলৈ সুচল নাপাই আমি এক নিকটস্থ কণ্ট্ৰাক্টৰ কেম্পত আমাৰ দিবা ভোজন সমাপ্ত কৰিলোঁখইৰী জীপতে থাকিল, তাইক জংঘলৰ ভিতৰত এৰিবলৈ আমাৰ সাহস নহল। তাইৰ মানৱী মাতৃয়ে তাইক নজৰ দি থাকিল আৰু মই ওলালোঁ মেঘাসিনীলৈ বুলি।

মেঘাসিনী বগাই উঠি বিভিন্ন প্ৰকাৰৰ বন্যজন্তুৰ উপস্থিতি অনুভৱ কৰিলোঁ সিহঁতে সেই ঠাইত ঘূৰা-ফুৰা কৰাৰ বহুতো প্রমাণ পোৱা গল। হাতী, শবৰ, বৰা, বনমেকুৰী আদি অনেক। কোনোটোৰ যদি মল, আন কোনোটোৰ আঁচোৰৰ দাগ পৰি আছে মাটিৰ ওপৰত। আৰু প্রায় শিখৰ নিকটত এটা শ পৰি আছে। ভঞ্জবসাৰ বাঘে এতিয়াও তাৰ নিজৰ এলেকাৰ ভিতৰ কৰ্তৃত্ব জাহিৰ কৰি ৰাখিছে; নহলে শটো আহিব কৰ পৰা? আকৌ, তাৰ খাদ্যৰ কাৰণে সেই এলেকাত যথেষ্ট বন্যজন্তু নাথাকিলে ভঞ্জবসাৰ বাঘ সেই অঞ্চলত থাকিব কিয়? শিখৰৰ ওপৰ পাই দক্ষিণ শিম্‌লিপালৰ বেছ কিছু অঞ্চল দেখি পালোঁ, বিশাল পাহাৰ, বিস্তীর্ণ উপত্যকা আৰু তাৰ পৰা মাত্র পোন্ধৰ কিল’মিটাৰ দূৰত পাহাৰৰ তলত জেনাবিল দেখা যায়। ঢৌ খেলোৱা হেলনীয়া পাহাৰ। ফুটুকানি জোপোহা হাবি আৰু মাজে মাজে উপত্যকা। চিৰস্রোতা ঝর্ণাবোৰে যতে-ততে বৈ আছে। বন্যজন্তু সম্পদেৰে ধনাঢ্য এই শিম্‌লিপালৰ বনানি। খইৰী ইয়াত থকা হ’লে ধীৰে ধীৰে তাই যৌৱনপ্রাপ্ত হলহেঁতেন ঠিক এক্সা’-ৰ দৰে। মই যদি সেই সুবিধা পালোহেঁতেন! জংঘলৰ ৰাণী খইৰী মুক্ত হৈ থাকিলেহেঁতেন এই পৰিৱেশত আৰু এই সুযোগতে বাঘৰ দৈনন্দিন জীৱন-যাপন প্রণালী সম্পর্কে মিলিলহেঁতেন বহুতো মূল্যৱান তথ্য।

মই উভতি অহাৰ সময়ত বেলি ঢলি পৰিছে। খইৰীক জীপৰ ভিতৰতে খাবলৈ দিয়া হৈছে। আমি পুনৰ জেনাবিললৈ উভতিব লাগিব। খইৰীয়ে তাইৰ স্বভাৱ অনুসৰি ক্যাঁউ-ক্যাঁউ কৰি জীপৰ পৰা বাহিৰ ওলাবলৈ বহু নিৱে‍দন কৰিলে। মই তাইক কঢ়া স্বৰত ওলাবলৈ বাৰণ কৰিলোঁ আৰু বহুবাৰ বাৰণ কৰাত তাই চুপ হৈ গ’ল। মাজতে তাই জীপৰ ভিতৰতে মলত্যাগ কৰিছিল। সেয়া চাফা কৰিবৰ বাবে বাঢ়াকামুড়া ৰেষ্ট্ হাউছত ৰ’বলগীয়া হল আৰু তাত খইৰীক তললৈ নমাই আনি জীপ ধুবলগীয়া হল। জীপ ধোৱা হোৱাত খইৰীক যেতিয়া জীপৰ ভিতৰলৈ অনাৰ চেষ্টা কৰা গ, তাই জংঘলৰ ফালে পলাবলৈ‍ ধৰিছিল। মই দৌৰি গৈ তাইৰ নেজডালত ধৰি পেলালোঁ তাই হঠাৎ তাইৰ পিঠিৰ ওপৰত বাগৰি পৰি পেটটো দেখুৱাই তাই নখবোৰ উলিয়াই গাঁউ-গাঁউ কৈ প্রতিবাদ কৰিলে। মই তাইৰ নেজডাল এৰি দি বেছ জোৰেৰে এপাট চৰ শোধালোঁ। তাই তেনেকৈয়ে পেটটো ওপৰলৈ কৰি পৰি থাকি গোঁ-গোঁৱাই থাকিল। এই সময়তে তাইৰ মানৱী মাতৃ জীপৰ পৰা ওলাই আহি ঘূৰি আহিবলৈ তাইক আদৰ কৰি মাতিলে। আন্ধাৰ হৈ আহিছিল। মই এটা ফ্লাশ্ব লাইট জ্বলাই খইৰীক লক্ষ্য কৰি আছিলোঁ মুহূৰ্তৰ বাবে খইৰীয়ে চকু মুদি দি লৰচৰ নকৰাকৈ পৰি থাকিল। তাৰ পাছত পোহৰৰ ফালে অলপ কেৰাহিকৈ চাই উহু-উহু’’-কৈ তাইৰ মানৱী মাকৰ ওচৰলৈ আদৰ বিচাৰি গুচি গল। মোৰ ফ্লাশ্ব লাইটোৰ পোহৰত ৰাস্তা চাই চাই তাইৰ মাক গল জীপৰ ফালে আৰু খইৰীও তেওঁৰ পি‍ছে পি‍ছে গল। জীপৰ ভিতৰলৈ অহাৰ পাছত দুঘণ্টা ধৰি জীপ একেৰাহে চলিল। কিন্তু খইৰীয়ে আৰু কোনো গোলমাল নকৰিলে। তাই প্রায় শুই শুই গৈ থাকিল।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ