অন্যযুগ/


সাগৰ বৈভৱ

 তৃপ্তি বৰা

সাগৰৰ বিশালতা জুখিব পৰাকৈ দুচকুৰ ধৃষ্টতা নাই বুলি জানিও ঋতমে বিশাল আৰব সাগৰখনৰ পাৰত ৰৈ সাগৰৰ সীমনালৈ চাই পঠিয়ালে। অথচ সি জানে, এয়া যে বৃথা প্ৰয়াস। কথাটো ভাবি হাঁহি উঠি গ’ল তাৰ নিজৰে। বিশালতা জানো জুখিব পাৰি! আচলতে বিশালতাক অনুধাৱন কৰিবহে পাৰি। 
চকুৰে মনি‍ব পৰালৈকে মাথোঁ নীলা আৰু নীলা। আকাশখনে সাগৰক বুকুত সাবটি লৈছেনে সাগৰখনৰ বুকুতে আকাশখন উবুৰি খাই পৰিছে বাৰু! ৰংবোৰো যে কি বিচিত্ৰ! বিষাদৰ ৰং নীলা, গৰলৰ ৰঙো নীলা, অথচ প্রেয়সীৰ দুচকুৰ নীলাৰ মাজতে মানুহে ঘুৰ্মুটিয়াই ফুৰে জীৱনৰ সুধা! আকাশৰ নীলাবোৰত প্ৰশান্তি বিচাৰিলেও দেখোন নীলা আকাশখনতেই লুকাই থাকে জগতৰ সমস্ত ৰহস্য আৰু এই ফেনিল সাগৰখনেও দেখোন বুকুত এসোপা নীলা বিষাদকে সামৰি গুঁজৰি-গুমৰি থাকে। আচলতে ৰঙৰ কোনো বৈশিষ্ট্য নাথাকে, থাকে মাথোঁ ৰহস্য আৰু বৈচিত্ৰ্য।
হুৰহুৰাই ভাহি অহা প্ৰকাণ্ড ঢৌটোৰ শব্দত সামান্য পিছুৱাই আহিল সি। ক্ষণিকতে বালিত সাঁচ পৰা তাৰ ভৰিৰ খোজৰ চিনটো সাগৰৰ বুকুত বিলীন হৈ পৰিল। আচলতে এই কামটো কৰি সি এক অদ্ভুত আমোদ পায়। সৰু ল’ৰা এটাৰ দৰে অথনিৰে পৰা ভালেমান পৰ ধৰি সি একেটা কামকে কৰি আছে। বালিত পৰা ভৰিৰ সাঁচটো ঢৌবোৰে মোহাৰি নিয়ে, সি পুনৰ সাঁচ বহুৱাই দি ঢৌটোৱে উটুৱাই নিয়ালৈ অপেক্ষা কৰে। মানুহৰ বুকুত বহা সাঁচবোৰো যদি এনেকৈ মচিব পাৰিলেহেঁতেন!
: হেই মেঘা।
মেঘা! তাৰ বাঁওকাষৰ পৰা ভাহি অহা এটা পুৰুষ কণ্ঠস্বৰত তাৰ পৰিচিত নামটো শুনি ঋতমে মুখখন সামান্য ঘূৰাই চালে। সি দেখিলে, তাৰ ফালে পিঠি দি ব্লু ক্ৰপ টপ আৰু ব্লেক শ্বৰ্টছ পিন্ধা যুৱতী এগৰাকীয়ে সেই কণ্ঠস্বৰৰ অধিকাৰী ওখ পুৰুষ এজনৰ লগত ছেল্‌ফি‍ উঠাত ব্যস্ত। সৰু ল’ৰাৰ দৰে কৰি থকা তাৰ এই কাণ্ডটো তেওঁলোকে মন কৰি আছে বুলি মনলৈ অহাৰ মাত্ৰেই সি সামান্য অপ্ৰস্তুত হৈ পৰিল। 
অকণমান নিলগলৈ যাওঁ বুলি আগলৈ খোজ লওঁতেই তালৈ ঘূৰি চোৱা নীলা টপ পৰিহিতাক দেখি ঋতম উচাপ খাই উঠিল। 
: মেঘা!— ঋতমৰ মুখৰ পৰা আপোনা-আপুনি শব্দটো সৰি পৰিল।
তাৰ আচৰণত পিছে যুৱতীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। লগত থকা পুৰুষজনৰ বাহুত ধৰি প্ৰায় টানি নিয়াৰ দৰে সেই ঠাইৰ পৰা আঁতৰি গ’ল।
আশ্চৰ্যত স্তব্ধ হৈ পৰিল ঋতম। মেঘাক চিনি পোৱাত তাৰ কাহানিও ভুল হ’ব নোৱাৰে আৰু কিছু পৰ আগতে ওখ পুৰুষজনেও যুৱতীক দেখোন সেই নামেৰেই মাতিছিল। এৰা! মেঘা বুলিয়েইতো মাতিছিল মানুহজনে। কিন্তু মেঘাই কিয় তাৰ সৈতে এনেকৈ অচিনাকিৰ দৰে আচৰণ কৰিছে? আৰু মেঘাৰ লগত সেই ওখ মানুহজন কোন? দুয়োৰে মাজত যে এক অন্তৰংগ সম্পৰ্ক আছে সেই কথা অচিনাকি মানুহ এজনে দেখিলেও অনুমান কৰিব পাৰিব। কিন্তু পাৰ্থক ফাঁকি দি কিহৰ তাড়নাত মেঘাই এইদৰে অন্য পুৰুষৰ লগত গোৱালৈ আহিবলগা হৈছে?
প্ৰশ্নবোৰ ঋতমৰ মনত পাক খাই জঁট লগা চুলি একোছাৰ দৰে হৈ পৰিছে। 
পকেটৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাই ল’লে ঋতমে। সাগৰীয় বতাহজাকে চিগাৰেটৰ ধোঁৱাবোৰক যেনি-তেনি উৰুৱাই নিয়াৰ দৰেই তাৰ চিন্তাবোৰো যেনিয়ে-তেনিয়ে ভাহিবলৈ ধৰিলে। উদ্বিগ্নতা বা অনুসন্ধিৎসু মন এটা প্ৰত্যেক মানুহৰ মাজতেই সুপ্ত হৈ থাকে। এই মুহূৰ্ততো জঁট লগা কথাবোৰৰ আঁত বিচাৰি নোপোৱাত সহজাত এই স্বভাৱৰ বাবেই ঋতম উদ্বিগ্ন হৈ পৰিল আৰু সেইবাবেই কিজানি কিছু পৰৰ আগলৈকে প্ৰশান্তিৰে পৰিপূৰ্ণ হৈ থকা পৰিৱেশটোও তাৰ বাবে অস্বস্তিকৰ হৈ পৰিল। কিবা এটা চিন্তা কৰি সি হোটেললৈ উভতি যোৱাটোকে ঠিক কৰিলে।
সাগৰৰ প্ৰতি তাৰ অদ্ভুত মোহ আছে। অফিচিয়েল কনফাৰেঞ্চ্ এখনৰ বাবে ঋতম মুম্বাইলৈ আহিছিল। কেইদিনমানৰ বাবে মিটিংখন প’ষ্টপণ্ড হোৱাত সি গোৱালৈ অহাটোকে ঠিক কৰিলে। মুম্বাইৰ অস্বাস্থ্যকৰ পৰিৱে‍শত সি নিবিড়ভাবে সাগৰৰ সান্নিধ্য নাপাব বুলিয়েই গোৱালৈ অহাৰ সিদ্ধান্ত ল’লে আৰু সেয়ে নৰ্থ গোৱাৰ পৰিৱৰ্তে ছাউথ গোৱাত থকাৰ ব্যৱস্থা কৰি লৈছে। তুলনামূলকভাবে নৰ্থ গোৱাতকৈ ছাউথ গোৱাৰ পৰিৱে‍শ শান্ত। সাগৰৰ সৈতে একাত্ম হোৱাৰ লোভতেইতো সি এইদৰে ঘূৰি ফুৰে। আচলতে জীৱনক যেতিয়াৰে পৰা সি চুই চাব পৰা হৈছে, তেতিয়াৰে পৰা সি সাগৰৰ প্ৰতি এক অদ্ভুত মোহ বুকুত কঢ়িয়াই লৈ ফুৰিছে। সাগৰৰ বাহিৰৰ চঞ্চলতা আৰু সুগভীৰ বুকুৰ ভিতৰৰ ৰহস্যই তাক বাৰে বাৰে আকৃষ্ট কৰে। অকলশৰে বহি বিশাল ঢৌবোৰৰ শব্দৰ সৈতে বুকুৰ হাহাকাৰবোৰ বিলীন কৰি পেলোৱাৰ যি তৃপ্তি, সেয়া তাক কোনো সুন্দৰী নাৰীৰ সংগয়ো দিব নোৱাৰে। 
সুন্দৰী নাৰী! হাঁহি উঠি গ’ল ঋতমৰ। সুন্দৰী নাৰীবোৰো আচলতে একোখন সাগৰ। বাহিৰে সৌন্দৰ্যৰ আকৰ অথচ ৰহস্য আৰু ৰোমাঞ্চেৰে পৰিপূৰ্ণ মায়াবী ললনা। যাৰ বুকুৰ ৰহস্য ভেদ কৰিবলৈ সি অসমৰ্থ। স্বাতীকো তাৰ তেনে এখন সাগৰ যেনেই লাগে। কাষত থাকিও বুৰ মাৰিব নোৱাৰি যাৰ বুকুৰ ভালপোৱাত। 
আৰু মেঘা! তায়ো ব্যতিক্ৰম নহয়...
: ছ’ৰি ডিয়েৰ। তুমি অকণমান ব’ৰ হ’ব লাগিব। আই হেভ টু গ’। ডিনাৰ একেলগে কৰিম হা।
: একো নহয়। তুমি যোৱা।
ৰিচেপ্‌শ্বন কাউণ্টাৰৰ ওচৰৰ পৰা ভাহি অহা অসমীয়া কথাকেইটা শুনি ঋতমৰ ভৰি দুখন আপোনা-আপুনি থমকি ৰ’ল। কথাকেইটাক অনুসৰণ কৰি সি চাই পঠিয়ালে। মেঘা! সেই একেই ব্লু ক্ৰপ টপ আৰু ব্লেক শ্বৰ্টছ। লগত কিছু পৰ আগতে পাল’লেম বিচ্ছত দেখা সেই ওখ মানুহজন। 
মানুহজনে এইবাৰ মেঘাক এৰি হোটেলৰ পৰা ওলাই গ’ল। ঋতমৰ চকুত চকু পৰাত অপ্ৰস্তুত হৈ পৰিল মেঘাৰ মুখমণ্ডল। সি এইবাৰ মেঘাৰ কাষ চাপি গ’ল,
: চাকৰি বাদ দি ডিটেকটিভগিৰি কৰিবলৈ আপোনাৰ হাজবেণ্ডে মোক হায়াৰ কৰিছে বুলি ভাবিছে যদি ভুলকৈ ভাবিছে মিছেছ মেঘা। 
মেঘাৰ চকুলৈ পোনপটীয়াকৈ  চাই সি ধেমালিৰ ছলেৰে কথাষাৰ ক’লে।
: আমি ক’ৰবাত বহিও কথা পাতিব পাৰোঁ নিশ্চয়? 
 অত্যন্ত শান্ত আৰু গম্ভীৰ স্বৰত মেঘাই কৈ উঠিলে।
: নিশ্চয়। অসুবিধা নহ’লে মোৰ ৰুমতে বহিব পাৰি। ঋতমৰ কথাত সন্মতি প্ৰকাশ কৰি মেঘাই সামান্য মূৰটো লৰালে। 
: পাৰ্থই জানেনে কথাবোৰ?
: কোনবোৰ কথা? মই বয়ফ্ৰেইণ্ডৰ লগত গোৱালৈ আহিছোঁ, সেই কথা? হাজবেণ্ডক কৈ কোনে এক্স্‌ট্ৰা মেৰিটেল এফেয়াৰ কৰে ঋতম?
এইবাৰ তাইৰ কথাত ব্যঙ্গ ফুটি উঠিল। ঋতমে মাথোঁ মেঘাৰ কথাত মূৰ দুপিয়ালে। ঠিকেইতো, হাজবেণ্ডক কৈ সকলোৱে এক্স্‌ট্ৰা মেৰিটেল এফেয়াৰ নকৰে। কিন্তু স্বাতী!
: তই ইয়াত কি কৰি আছ?— বহি থকা ছ’ফাখনৰ কাষতে থকা টেবুলখনৰ পৰা ৰিম’টটো লৈ মেঘাই টিভিটো অন কৰি দিলে।
: মুম্বাইলৈ আহিছিলোঁ মিটিং এখনৰ বাবে। তইতো জানই মই সাগৰৰ প্ৰেমিক।—  কথাকেইটা কৈ কৈয়েই সি গিলাচত কিছু পৰ আগতে ৱেইটাৰজনে দি যোৱা বিয়েৰখিনি বাকিলে।
 মেঘাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। ডিস্ক’ভাৰী চ্ছেনেলত ‘মেণ্টিজ’ নামৰ পতংগবিধৰ বিষয়ক  ডকুমেণ্টেৰী এখন চলি আছে। মেঘাৰ এনে লাগিল মানুহবোৰো যেন একো একোটা মেণ্টিজ। প্ৰয়োজনত ব্যৱহাৰ কৰি, প্ৰয়োজন শেষ হোৱাৰ পাছত বুকুৰ কোন ঠাইত বিহ ঢালি হত্যা কৰিব পাৰি সেই কামত সকলো সিদ্ধহস্ত।
বিৰক্ত হৈ উঠিল মেঘা। খঙত টিভিটো অফ কৰি দিলে। পাৰ্থৰ কথাবোৰ কাণত ভাহি উঠিল। উস! এই কথাবোৰে কিয় তাইৰ পিছ নেৰে?
“মেঘা জানানে তুমি, পৃথিৱীত মাথোঁ মানুহ আৰু বান্দৰেহে ছেক্সক ইনজয় কৰিব পাৰে।’’
“আজি আৰু এটা কথা গম পালোঁ জানানে, সিংহই পাঁচ দিনত দুশ পঞ্চাশ বাৰতকৈ অধিক সংগমত লিপ্ত হ’ব পাৰে।”
উফ ছেক্স ছেক্স আৰু ছেক্স। নাঙঠ শৰীৰটোৰ ভিতৰত যে মানুহৰ এখন হৃদয়ো থাকে, সেই কথা পাৰ্থই বাৰু কেতিয়াবা অনুভৱ কৰেনে! সন্দেহ হয় মেঘাৰ। মানুহ জন্তু হ’ব নোৱাৰে, সেই কথা তাই পাৰ্থক বুজাব নোৱাৰে। প্ৰাচীন মন্দিৰৰ নগ্ন ভাস্কৰ্যবোৰ দেখিলেও দুচকু তিৰবিৰাই উঠা পাৰ্থৰ প্ৰেমতেই মেঘাই এসময়ত হাবু-ডুবু খাইছিল। পাৰ্থৰ চকুৰ জুই দুকুৰাক তাইৰ বুজি পোৱাত ভুল হৈছিল। ছবি আঁকি ভাল পোৱা পাৰ্থৰ ছবিবোৰত নগ্নতাক দেখিও তাই সেয়া পাৰ্থৰ কলাসুলভতা বুলি ভবাটো জানো ভুল আছিল! পাৰ্থৰ বাবে যৌনতা এটা বিষয়, ঔষধ। তাত প্ৰেমৰ কোনো প্ৰয়োজন নাই। কেনেকৈ বুজাব মেঘাই তাক প্ৰেমহীনতাৰ ৰোগে যে তাইক ক্ৰমে মাৰি আনিছে।
“মিলিৰ ফিগাৰটো মন কৰিছানে? মেইনটেইন নকৰাকৈও কিমান ধুনীয়া। কিমান কাৰ্ভি!”
বনকৰা ছোৱালীজনীৰ শৰীৰটোৰ ওপৰত কৰা পাৰ্থৰ মন্তব্যটো মেঘাৰ কাণৰ ভিতৰেদি বিছা এডালৰ দৰে বগাই যায়। ছিঃ! পাৰ্থক মাত্ৰ এটা শৰীৰহে লাগে। 
মেঘাৰ সৈতে শৰীৰী খেলখনত যেতিয়া সি ব্যস্ত হয়, তাইৰ উদং বুকুখনৰ কেইইঞ্চিমান তলত থকা হৃদয়খনে হাহাকাৰ কৰি উঠে। তপত পানী দুধাৰি তাইৰ চকুৰ কোণেৰে ওলাই আহি তাইৰ কাণ দুখন তিয়াই পেলায়। শৰীৰত উত্তাপ থকা  সত্ত্বে‍ও  নিৰুদ্বেগ হৈ থকা মেঘাৰ চকুপানীক পাৰ্থই কাহানিও দেখা নাই। মাত্ৰ সহযোগ কৰিব নোৱৰাৰ অপৰাধত তাই প্ৰায়েই অপৰাধী হয়।
: আৰ য়ু ছীক মেঘা? প্ৰব্লেম কি তোমাৰ? গোটেই মুডটোৱেই নষ্ট কৰি পেলালা।
পাৰ্থই খঙত ফোঁপাই উঠে। হাঁহি উঠে তাইৰ। বুকুৰ উত্তাপতো যে জীৱন সেকিব পাৰি সেই কথা শৰীৰৰ উত্তাপ জোখা মানুহে কেনেকৈ বুজিব! 
ওঁঠৰ ফাঁকেৰে আপোনা-আপুনি হাঁহি এটা সৰকি পৰিল তাইৰ।
: হাঁহি থাকিবিনে কিবা ক’বি? 
ঋতমৰ মাতত উচাপ খাই উঠিল মেঘা। অকলশৰে হাঁহি থকা মেঘাক তাৰ বৰ আচহুৱা যেন লাগিল। প্ৰায়ে লগ পাই থকা মেঘাজনীৰ ঠাইত যেন অচিনাকি মানুহ এজনীহে তাৰ সন্মুখত বহি আছে।
কলেজত পঢ়া দিনৰে পৰাই চিনাকি মেঘা আৰু পাৰ্থৰ সৈতে। সিহঁত তিনিওৰে বন্ধুত্বৰ কথা সকলোৰে জ্ঞাত। সময়ৰ তাগিদাত বহু কথাই সলনি হৈছে যদিও সিহঁতৰ বন্ধুত্ব একেই হৈ থাকিল। স্বাতীৰে সৈতে ঋতমৰ বিয়াৰ পাছৰ  পৰা সিহঁতৰ সম্পৰ্ক অধিক ঘৰুৱা হৈহে পৰিল। পিছে সময়ৰ সৈতে সিহঁতৰ বন্ধুত্বও যে শিথিল হ’ল, সেই কথা ঋতমে আজি প্ৰথমবাৰলৈ অনুভৱ কৰিলে।
: কি ক’ম ঋতম? মই ইয়াত অন্য পুৰুষৰ লগত কি কৰি আছোঁ? অকণমান সুখ বিচাৰি আহিছোঁ। মূৰৰ বিষ হৈ থাকিলে পেটৰ বিষৰ ঔষধ খাই লাভ নাই নহয়।
হাঁহি এটা মাৰি মেঘাই কোৱা  কথাকেইটাৰ মাজত থকা বিষাদখিনি ঋতমে ঠিকেই অনুভৱ কৰিলে। ঋতমৰ হাতৰ পৰা জ্বলি থকা চিগাৰেটটো লৈ দীঘলকৈ টান এটা দি, কিছু পৰ মৌন হৈ ৰ’ল তাই। মনৰ কথাবোৰ জুকিয়াবলৈ নে ক’ব নোৱৰাৰ যন্ত্ৰণাত এই মৌনতা, ঋতমে অনুমান কৰিবলৈ অকণমান অসুবিধা পালে। 
 : পুৰুষ হ’বলৈ এখন হৃদয় লাগে। দুটা ঠেঙৰ মাজত যৌনাংগ জন্তুৰো থাকে। পত্নীৰ মন বুজিবলৈ অসমৰ্থ পুৰুষে যেতিয়া শৰীৰৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে, মোৰ হাঁহি উঠে। চাল্লা, কাপুৰুষ! পাৰ্থলৈ মোৰ পুতৌ হয় ঋতম।
চিগাৰেটৰ ধোঁৱাখিনি নাকে-মুখে এৰি দি মেঘাই বেপৰুৱা ভংগীত কথাকেইটা ক’লে। ধোঁৱাখিনিৰ দৰে কথাকেইটায়ো ঋতমৰ  বুকুৰ ভিতৰত য’তে-ত’তে ঠেকা খাই ওলাই যাবলৈ বাট বিচাৰিলে। দীঘল হুমুনিয়াহ এটা তাৰ বুকুৰ পৰা সৰি পৰিল।
বুকুৰ সমস্ত উজাৰি দিলেও যে সি ইচ্ছা কৰিলেও স্বাতীৰ গৰ্ভক ভৰুণ কৰিব নোৱাৰে। তথাপি মাহৰ পাছত মাহ ধৰি শাৰীৰিক সম্পৰ্ক নথকাৰ সত্ত্বেও স্বাতীৰ বিছনাৰ ড্ৰয়াৰত প্ৰায়ে দেখা প্ৰেগনেঞ্চি টেষ্ট্ কিটবোৰে তালৈ চাই যেন বেঁকা হাঁহিহে মাৰে!
 : অথনি তোৰ লগত দেখা মানুহজন কোন?
 : ঋষি। মাই বয়ফ্ৰে’ণ্ড।—  ঋতমলৈ নোচোৱাকৈ বিয়েৰৰ গ্লাছটোত চুমুক এটা দি তাই ক’লে।
 : প্ৰেমিক?
 : নাজানো। তই এটা কথা জাননে ঋতম, সপোন নামৰ এটা ৰংচঙীয়া পখিলাৰ পিছে পিছে মই দৌৰি আছোঁ; থপিয়াই ধৰিবলৈ সক্ষম হ’লে পখিলাটোৰ পাখিবোৰ চূৰ্চুমৈ হৈ যাব। তাতোকৈ থাকক। সপোনটো সপোন হৈয়েই থাকক আৰু মই তাক এনেকৈয়ে পিছে পিছে খেদি ফুৰোঁ। 
 দুচকু মুদি বহি থকা ছ’ফাখনত তাইৰ শৰীৰটোক এনেকৈ এৰি দি কথাষাৰ ক’লে যেন, এই মুহূৰ্ততো তাই সপোনটোৰ আৱেশতে ডুবি আছে। কি অদ্ভুত মানুহ এইজনী!
 : তাৰমানে তই এনেকৈয়ে ভ্ৰমতেই জীয়াই থাকিবি? 
 : ভ্ৰম নহয়, অজুহাত।—  পোন হৈ বহি কথাষাৰ ক’লে তাই।
:  কেতিয়াবা নিজকে বিচাৰি তোৰ মনটোৱে হাহাকাৰ নকৰেনে মেঘা?
 : প্ৰয়োজনবোধ নকৰোঁ।
 : নহয়, তই আচলতে ভয় কৰ। নিজলৈ ভয় কৰ। নিজৰ ওচৰত জবাবদিহি হোৱাৰ ভয়, নিজৰ সন্মুখীন হ’বলৈ ভয় কৰ। প্ৰয়োজনবোধ নকৰাটোও আচলতে অজুহাত। 
 কিছু পৰ থমকি ৰ’ল ঋতম। মেঘাৰ মুখত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নেদেখিলে সি।
: অজুহাতবোৰ ক্ষণস্থায়ী মেঘা। তোক প্ৰকৃততে এখন হাতৰ প্ৰয়োজন।
: মই অকলেই সুখী। সুখী হ’বলৈ মোক কাৰোৰে প্ৰয়োজন নাই।—  মেঘাৰ কণ্ঠত বিৰক্তি স্পষ্টকৈ ফুটি উঠিল। 
 : তেনেহ’লে সুখী হ’বলৈ তোক এজন পুৰুষৰ কিয় প্ৰয়োজন হৈছে? তই আচলতে চূড়ান্ত স্বাৰ্থপৰ। ঋষি তোৰ প্ৰেম নহয়, অজুহাত। সুখী হোৱাৰ অজুহাত। অন্ততঃ নিজৰ লগত ন্যায় কৰ।
: তই সুখীনে ঋতম? তই ন্যায় কৰিছনে নিজৰ সৈতে?
চকুত চকু থৈ সোধা মেঘাৰ আকস্মিক প্ৰশ্নত এইবাৰ জব্দ হ’ল ঋতম। পাকঘৰত চুৰি কৰি মাকৰ ওচৰত ধৰা পৰা অকণমানি ল’ৰা এটাৰ দৰে তলমূৰকৈ ৰ’ল সি।
: যন্ত্ৰণাৰে সহবাস কৰা মানুহবোৰে আনৰ চকুত যন্ত্ৰণাৰ কথা পঢ়িব পাৰে ঋতম।
ঠিকেই কৈছে মেঘাই। আচলতে মেঘাৰ দুচকুৰ যন্ত্ৰণাও দেখোন তাৰ পৰা লুকাই থকা নাছিল। প্ৰকৃততে সন্তান প্ৰাপ্তিয়েই জানো এগৰাকী নাৰীৰ অন্তিম আকাংক্ষা হ’ব পাৰে! হয়তো পাৰ্থৰ দৰেই স্বাতীৰ বাবেও শৰীৰী প্ৰয়োজনবোৰ মাথোঁ দৰৱৰ দৰে, সেয়ে কিজানি হৃদয়ৰ তলিৰ অৱশিষ্ট ভালপোৱাখিনি উজাৰি দিয়াৰ পাছতো সি স্বাতীৰ বুকুত কঁপনি তুলিবলৈ সমৰ্থ হোৱা নাই। হয়তোবা স্বাতীয়েও কাৰোবাৰ নামত সঁপি দিছে নিজৰ হৃদস্পন্দন! আচলতে কথাবোৰ আপেক্ষিক হোৱাটোৱেই স্বাভাৱিক। কাৰণ সুখৰ সংজ্ঞাও আপেক্ষিক। স্বাতী আৰু পাৰ্থৰ আচৰণতো প্ৰকৃততে কোনো অস্বাভাৱিকতা নাই। সুখী হোৱাৰ অধিকাৰ প্ৰত্যেকৰে থাকে। পুৰুষ বা নাৰী বুলিয়েই নহয়, মানুহক আচলতে মানুহ লাগে, জীয়াই থাকিবলৈ, বুকুৰ উম জুখিবলৈ। কোনেও কাৰোৰে লগত অন্যায় কৰিব নোৱাৰে, মানুহে আচলতে নিজেই নিজৰ সৈতেহে অন্যায় কৰে।
: এজন পুৰুষ বা এগৰাকী নাৰীৰ মাজত মাথোঁ শৰীৰৰ সম্পৰ্কই জৰুৰী হ’ব পাৰে জানো মেঘা? শৰীৰৰ ঊৰ্ধ্বতো সম্পৰ্ক থাকিব নোৱাৰে জানো? স্পৰ্শ নকৰাকৈও হৃদয়ৰ উষ্ণতাক অনুভৱ কৰিব পৰা সম্পৰ্ক এটা প্ৰত্যেক মানুহকেই লাগে, এই কথা তই বিশ্বাস কৰনে?
প্ৰশ্নকেইটা মেঘাক সুধিলেনে, নিজকে সুধিলে ঋতমে নিজেই ধৰিব নোৱাৰিলে। কিন্তু এইটো নিশ্চিত কৰি পেলালে যে, স্বাতীক সি বন্ধনৰ পৰা মুক্ত কৰিব। কথাটো ভাবি তাৰ মনটো নির্ভাৰ হৈ পৰাৰ দৰে লাগিল।
মেঘাই হঠাতে টেবুলৰ পৰা ফোনটো তুলি লৈ বিশেষ নম্বৰ এটা ডায়েল কৰিলে। লাউড্ স্পীকাৰত থকা ফোনটোৰ সিটো মূৰৰ পুৰুষ কণ্ঠস্বৰ এটা ভাহি আহিল।
: হেল্ল’।
 সেয়া যে পাৰ্থৰ কণ্ঠ ঋতমৰ চিনিবলৈ বেছি পৰ নালাগিল। কিবা এটা সুধিবলৈ খুজিও ঋতম মৌন হৈ থাকিল। মেঘাই আচলতে কি কৰিব খুজিছে!
: পাৰ্থ, মই তোমাক এটা কথা কোৱা নাছিলোঁ। মই আচলতে অফিচৰ কামত দিল্লীলৈ যোৱা নাই।
: কি! তেনেহ’লে ক’লৈ গৈছা?—  সিটো মূৰৰ পৰা পাৰ্থৰ উৎকণ্ঠিত কণ্ঠস্বৰ ভাহি আহিল।
: গোৱালৈ আহিছোঁ, বয়ফ্ৰে’ণ্ডৰ লগত।—  অতি সহজভাৱে‍ই তাই কথাষাৰ ক’লে।
: য়ু বিট্ছ! তোক মই...
: তুমি ডিভ’ৰ্চ পেপাৰ ৰে’ডি ৰাখিবা। মই চহী কৰিম।
কথাষাৰ কৈ তাই ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰি দিলে। ফোনটো বেগত ভৰাবলৈ লওঁতেই পুনৰ সুৰীয়া ৰিংটনটোৰে ফোনটোৱে নিজৰ উপস্থিতিৰ উমান দিলে। মেঘাই বিৰক্তিৰে বেগৰ পৰা ফোনটো উলিয়াই লৈ স্ক্ৰীনখনত চকু ফুৰালে। ঋষিৰ ফোন। এইবাৰ তাই ফোনটো ছুইট্‌চ অফ কৰি দিলে।
ঋতমে মাথোঁ মৌন হৈ মেঘাৰ মুখলৈ চাই ৰ’ল। সি অনুমান কৰিবলৈ চেষ্টা কৰিলে, এই মুহূৰ্তত মেঘাই আচলতে কি কৰিবলৈ বিচাৰিছে! 
 বহাৰ পৰা ঘপহকৈ উঠি মেঘাই এইবাৰ ঋতমক উদ্দেশ্যি ক’লে,
: ব’ল এতিয়া।
: ক’লৈ? 
আচৰিত হৈ ঋতমে বহি থকাৰ পৰা থিয় হৈ সুধিলে। কথাটো সোধোঁতে সি মেঘাৰ দুচকুলৈ পোনপটীয়াকৈ চালে। তাইৰ দুচকুত দৃঢ়তা।
: আজি তোৰ দৃষ্টিৰে সাগৰক চাম। হাঁহি এটা মাৰি মেঘাই ক’লে।
: এতিয়া! বলিয়া হ’লি নেকি?
: জীৱনত কেতিয়াবা বলিয়ালিৰো প্ৰয়োজন। ব’ল আকৌ... ঋতমৰ হাতখনত ধৰি তাই তাক প্ৰায় টানি নিয়াৰ দৰেই লৈ গ’ল।
হুৰহুৰাই অহা ঢৌটোৱে কাষতে ৰৈ থকা মেঘা আৰু ঋতমৰ ভৰি দুখন তিয়াই পেলালে। সিহঁত দুয়োটা সামান্য পিছুৱাই গ’ল। ঢৌবোৰেও যেন সিহঁতৰ সৈতে ফেপেৰিহে পাতিছে। গুঁজৰি-গুমৰি পুনৰ চোঁচা লৈ আহিল। সিহঁত দুয়োটা পুনৰ পিছুৱাই গ’ল। মেঘাই এইবাৰ খিলখিল্‌কৈ‍ হাঁহি পেলালে। সাগৰীয় বতাহজাকে তাইৰ চুলিবোৰ যেনি-তেনি উৰুৱাইছিল। কিন্তু কিয় জানো তাইৰ চুলিখিনি সংযত কৰিবলৈ মন নগ’ল। ঋতমে মেঘালৈ চালে, অসংযত মেলা চুলিখিনিৰে সৈতে তাইক আজি আন দিনাতকৈও বেছি ধুনীয়া লাগিছে। আচলতে পুৰুষেই হওক বা নাৰীয়েই, মানুহৰ বুকুৰ ভিতৰখনতো একোখন সাগৰ থাকে। গুঁজৰি-গুমৰি থকা এখন নীলা সাগৰ। সাগৰতলিৰ গভীৰতা ভেদ কৰাটো সকলোৰে পক্ষে সম্ভৱ নহয়। সেই ৰহস্যভেদৰ প্ৰয়াস নকৰাটোৱেই ভাল। সাগৰতলিৰ ৰহস্য ভেদ কৰিব নোৱাৰিলেও মানুহ সাগৰৰ প্ৰেমত পৰে, সাগৰৰ সৈতে বন্ধুত্ব গঢ়ে। ঠিক সেইদৰেই আৱৰণ নোখোলাকৈও মানুহে মানুহৰ হৃদয়ৰ গভীৰতা জুখিব পাৰে। মানুহক মাথোঁ জীয়াই থাকিবলৈ মানুহ লাগে, লাগে এখন আশ্বাসৰ হাত। এই মুহূৰ্তত নীলা টপটোৰে সৈতে মেঘাক  কিয় জানো তাৰ এখন নীলাভ সাগৰৰ দৰেই লাগিল! মুক্ত, বন্ধনহীন এখন সাগৰ!
 
ঠিকনা :
ঢেকীয়াজুলি, শোণিতপুৰ
ভ্ৰাম্যভাষ : ৮৬৩৮০৫৪৯৪৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ