অন্যযুগ/


অসুৰনাশিনী

ৰঞ্জু শৰ্মা

বিজয়া দশমীৰ নিশা, শেষ প্রহৰ। জিলিপোকৰ সমবেত আৰাৱে চৌপাশে মৃদু কোলাহলৰ বাদে বাকী সকলো নিমাত, নিস্তব্ধ। ঠিক যেন কইনাক বিদায় দিয়াৰ পাছৰ এখন উদং ৰভাতলী। অবিশ্রান্ত পৰিশ্রমৰ অন্তত কিছু ভাগৰুৱা, অপেক্ষাবিহীন অথচ প্রশান্তিৰে তৃপ্ত। কিছু পৰ আগলৈকে শংখ, ঘণ্টা, দবা, কাঁহ আৰু আয়তীৰ উৰুলিৰে ৰজন্‌জনাই থকা পুখুৰীৰ পাৰটো এতিয়া এখন এৰাবাৰীৰ দৰে নিটাল মাৰি পৰি আছে। অথচ সৌ আবেলিৰে পৰা এই একেখিনি ঠাই মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা হৈ আছিল! পুখুৰীটোলৈ নামি যোৱা পকা খটখটীকেইটা ঠাঁহ খাই পৰাৰ পাছতো প্রায় একাঁঠু পানীলৈকে মানুহেই মানুহ। আকাশৰ বুকু ভেদি গৰজি উঠা বৰকাঁহ আৰু দবাৰ শব্দৰ লগত সাঙোৰ খাই পৰা আয়তীৰ উৰুলি আৰু ভক্তগণৰ জয়ধ্বনিৰ মাজেৰে কেইবাজনো পাহোৱাল ডেকাৰ কান্ধত উঠি পৱিত্র জলৰাশিৰ বুকুলৈ ধীৰে ধীৰে দেৱীয়ে তেওঁৰ অন্তিম যাত্রা আৰম্ভ কৰিছিল। তেঁওৰ মমতাৰ আঁচলে যেন সামৰি লৈ গৈছিল জগতৰ সমস্ত অপায়-অমংগল, দুখ-ব্যথা, অন্যায়-অবিচাৰ, নিৰন্ন প্ৰজাৰ ভোক, ৰুগীয়া শৰীৰৰ ক্লেশ-তাপ সকলো। 
…সকলো আই ভগৱতীৰে মহিমা। তেওঁৰ কোপৰ পৰা হাত সাৰি যোৱাৰ সাহস আছে জানো এই নৰমনিচৰ। দেৱীৰ ইচ্ছাতেই বতাহ বলে, দেৱীৰ কৃপাতেই জীৱৰ উশাহ চলে। মা দুর্গাৰ ধর্মসভাত কি ধনী, কি গৰীব! দেৱীৰ ন্যায় সাইলাখ শিলৰ ৰেখা।…
কথাবোৰ পাগুলি পাগুলি কুমাৰপাৰাণী নিমাওমাও বৰপুখুৰীৰ পাৰত বহি আছে। অকলশৰে। কিছু সময়ৰ মূৰে মূৰে যোৰ কৰা হাত দুখন কপালৰ ওপৰলৈ তুলি ধৰি স্বতঃস্ফূৰ্তভাৱে ‘দুর্গা দুর্গা’ বুলি অস্পষ্ট, আকুল সুৰত বিৰবিৰাই আছে। প্রচণ্ড ভাগৰুৱা আজি তাই। দুচকুৰে অহৰহ বৈ আছে দুটি তপত অশ্রুধাৰা। সেই কৰুণধাৰাক কুমাৰপাৰাণীয়ে বাধা দিয়া নাই অলপো। মোহাৰি পেলোৱাৰ চেষ্টাও কৰা নাই। বৈ থাকক... ইমান দিনে বুকুৰ মাজত গোট বান্ধি শিল হোৱা হিমায়িত  দুখ-শোক, অপমান তথা প্রতিশোধৰ সেই বৰফশিলা আজি গলি গলি বৈ থাকক। ভাৰহীন হৈ পৰক তাইৰ পৰিশ্রান্ত আত্মা।
আহিনৰ ন-শীত। শেষ ৰাতিলৈ কুঁৱলিৰ মিহি চাদৰ এখনে চৌপাশ ধূঁৱলি-কুঁৱলি কৰি তুলিছেহি। কাষৰ চেগুন গছৰ হাবিখনত চেঁচা বতাহ এজাকৰো আয়োজন চলিছে নেকি, হো-হোৱনি তুলি শব্দ এটি আহি আছে। তাৰে এছাটিৰ অবাধ্য পৰশ লাগি কুমাৰপাৰানীৰ গাটো এবাৰ জিকাৰ খাই উঠিল। মানুহজনীৰ গাত লিপিট খাই লাগি থকা কাপোৰসাজ তেতিয়াও আধা তিতা। বতাহ লাগি তিতা কাপোৰসাজ আৰু বেছি চেঁচা হৈ পৰিছে।
চৌপাশে ঘটি থকা এই সমস্ত পৰিঘটনাই পিছে কুমাৰপাৰাণীৰ মনোযোগ তিলমাত্রও আকর্ষণ কৰিব পৰা নাই। দশমীৰ বিৱর্ণ জোনাকতো তিৰবিৰাই থকা পুখুৰীৰ পানীখিনিলৈ তন্ময়চিত্তে তাই মাথোঁ চাই আছে। যেন হ’বলগীয়া কিবা এক ঘটনালৈ একান্ত একাগ্রতাৰে অপেক্ষা কৰি আছে , যেন এপলক দৃষ্টিৰ হেৰ ফেৰ হ’লেই একান্তই দৃষ্টিগোচৰ হ’বলগীয়া কিবা এটি তাইৰ নজৰৰ পৰা হেৰাই যাব! যেন সেই দেখিবলগীয়াখিনি নেদেখিলে তাইৰ সমস্ত চেষ্টা অথলে যাব!
মিহি মিহি বতাহত কঁপি থকা জলপৃষ্ঠত চকুহালি পোত খুৱাই তাই শেষবাৰৰ বাবে এবাৰ অতীতলৈ উভতি গ’ল।
*  *  * 
চুবুৰীয়া গাঁৱৰ কুমাৰপাৰাৰ পৰা তাই যেতিয়া এইখন গাঁৱৰ চানা মিস্ত্রীলৈ বিয়া হৈ আহিছিল তেতিয়া সময়বোৰ বহুত বেলেগ আছিল। বেলেগ আছিল মানে সুচল আছিল। মূর্তি  সজা কাৰিকৰ বুলি ওচৰ-পাঁজৰৰ কেইবাখনো গাঁৱলৈকে চানা মিস্ত্রীৰ নাম ৰৈ-বৈ গৈছিল। মানুহজনৰ হাতেগঢ়া প্রতিমা বিচাৰি আনকি বহু দূৰ-দূৰণিৰ পৰাও মানুহৰ সোঁত বৈছিল। চানা মিস্ত্রীৰ হাতৰ পৰশত খেৰৰ জুমুঠি এটি অপূর্ব দেহবল্লৰীৰে কোন পলকত লাস্যময়ী প্রতিমা এটিলৈ ৰূপান্তৰিত হৈ  প্রাণ পাই উঠে সেয়া কোনো যাদুতকৈ কম নাছিল! নিখুঁত হাতেৰে গঢ় দিয়া সেয়া প্রতিমা নহয় যেন একোগৰাকী তেজ-মঙহৰ জীৱন্ত দেৱী। সেই চানা মিস্ত্রী আৰু কুমাৰপাৰাণীৰ জীৱনলৈ যেতিয়া এটি কন্যা সন্তান এটি আহিল গাঁৱৰ মানুহখিনিৰ মাজত কোৱা-কুই চলিল...
 -  কুমাৰপাৰাণীৰ ঘৰলৈ এইবাৰ সঁচাসঁচিকৈ দেৱী আহিল… গাৰ ৰঙে, গায়ে-গাৰিয়ে একেবাৰে যেন প্রতিমাজনীহে… ছোৱালী নহয়, পোৱালিটি দেৱীৰ আশীর্বাদ...।
- মূর্ত্তি সজা মানুহৰ ছোৱালী... চাবিহঁত ৰূপে-গঢ়ে সাইলাখ দেৱীয়েই হ’ব। 
তেজে ফুটোঁ ফুটোঁ কৰা আপেলৰঙী গাল-মুখ, নিটোল হাত-ভৰি আৰু এমূৰ কেঁকোৰা চুলিৰে সাইলাখ যেন দেৱীৰেই  অংশ আছিল ছোৱালীজনী। সকলোৰে মুখে মুখে বাগৰি অহা নামেৰেই তাইৰ নাম ৰখা হ’ল...  প্রতিমা। মাটিৰ লডা এটাক আটোলটোলকৈ কায়া দিয়াৰ পাছত মৃণ্ময় প্রতিমা এটিয়ে কায়া লোৱাৰ দৰেই আটোলটোলকৈ বাঢ়ি আহিল তেজ-মঙহৰ প্রতিমা। 
পিছে সময় আৰু ভাগ্যৰ আয়োজন যেন কিছু বেলেগ আছিল। যি সময়ত চঞ্চল ফুটুকী পখিলী এজনীৰ দৰে তাইৰ ফুলকুমলীয়া ভৰি দুটিয়ে ঘৰে-বাহিৰে দেও দি ফুৰিব লাগিছিল, ফুটোঁ-নুফুটোঁ কলকলনি হাঁহি-কান্দোনেৰে অহৰহ মুখৰিত হৈ থাকিব লাগিছিল, সেই সময়ত চানা মিস্ত্রীৰ ঘৰৰ চৌহদ আছিল ভয়লগাকৈ নিস্তব্ধ, নীৰৱ। যেন এখন এৰাবাৰী। চাৰি বছৰ বয়সতো নিচ্ছল কাঠ এছটাৰ দৰে পৰি থকা জীয়েকৰ নিস্তেজ মুখলৈ চাই চাই কুমাৰপাৰাণী আৰু তাইৰ গিৰীয়েকৰ ভীষণ চিন্তা হ’ল। নানাজনৰ নানা উপদেশ শুনি প্রথমতে বেজ-বেজালি, জৰা-ফুঁকা আদিৰ চেষ্টা কৰি চোৱাৰ পাছতো যেতিয়া বিশেষ ফল নধৰিলে তেতিয়া সিহঁতে গাঁৱৰে প্রাথমিক স্বাস্থ্যকেন্দ্রৰ ডাক্তৰজনৰ ওচৰ চাপিল। তাৰ পাছত ক্রমান্বয়ে টাউনৰ চিভিল হস্পিটেল, শিশুৰোগ বিশেষজ্ঞ ইত্যাদি ইত্যাদিৰ দুৱাৰে দুৱাৰে ঘুর্মুটি‍য়াই ফুৰাৰ পাছত অৱশেষত বিশেষজ্ঞসকলে মিলি ঘোষণা কৰিলে যে প্রতিমাৰ মগজুৰ বিকাশ অইন সাধাৰণ শিশুৰ দৰে নহয়। মগজুৰ সুস্থ আৰু নিয়মিত বিকাশ নোহোৱাৰ ফলত প্রকৃত বয়সতকৈ কেইবাবছৰো পিছুৱাই চলিব লাগিব তাই। যাৰ ফলত তাইৰ  চলন, ফুৰণ, কথন আদিত অসুবিধা হোৱাৰ উপৰি শৰীৰো হৈ পৰিব অত্যন্ত ঠুনুকা। 
 আকস্মিক, অবাঞ্ছিত এক ক্রূৰ বাস্তৱৰ বেত্রাঘাতত চিৰদিনলৈ ঘুণীয়া হৈ পৰিল কুমাৰপাৰাণী আৰু চানামিস্ত্রীৰ মন। হতাশা, ক্ষোভ, অভিমান আৰু দুখৰ কজলা মেঘে হঠাৎ যেন সিহঁতৰ সীমিত আকাশৰ টুকুৰাটো আন্ধাৰত ডুবাই থৈ গলহি। যেন অত দিনে গৈ থকা সিহঁতৰ নিমজ বাটটো আদবাটতে শেষ হৈ গ’ল। তাৰ পাছত মাথোঁ অথাই সাগৰ আৰু দুখৰ জোৱাৰ। এতিয়া চকুৰ আগত সিহঁতৰ অসহায়... নিথৰ সন্তানটিৰ মুখখনলৈ চাই থকাৰ বাদে আনটো একো উপায়েই নাই।
অদৃষ্টৰ ওপৰত মাজে মাজে প্রচণ্ড ক্রোধত ফাটি পৰিব খোজে সিহঁতহাল। কিয়? সিহঁতৰ আলফুলীয়া ছোৱালীজনীৰ ক্ষেত্রতহে কিয় এনে হ’বলৈ পালে? ওৰেটো জীৱন তেওঁ আলফুল হাতেৰে মাটিৰ প্রতিমাক নিজ সন্তানৰ দৰে গঢ় দিলে অথচ বিনিময়ত সেই দেৱীয়েই সিহঁতৰ একমাত্র কন্যা সন্তানটিক এটি মাথোঁ মাটিৰ লডাসদৃশ কৰি পঠিয়ালে! কিয়?... কিয় এই প্রতাৰণা?
উত্তৰবিহীন প্রশ্ন কিছুমানৰ পিছে পিছে লৱৰি-ঢাপৰি প্রায় উন্মাদৰ দৰে হৈ পৰিল চানা মিস্ত্রী। 
পিছে কুমাৰপাৰাণী তেনে হ’লে নচলিব। কেৱল শোকৰ উদ্‌যাপনেই যে শেষ কথা হ’ব নোৱাৰে। খুব সোনকালেই বুজি উঠিল তাই। উশাহে আঁতে‍ মানে ছোৱালীজনীৰ বাবেই তাই লক্ষ্মী, সৰস্বতীয়েই নহয় প্রয়োজনত দুর্গা আৰু কালীৰ ৰূপ ল’বও পাৰিব লাগিব।
লোকৰ ইচ-আচ, লেলাই-ধেন্দাই, সহানুভূতি কৰুণা, দুখ-উপেক্ষা আদিৰ মাজতে লাহে লাহে প্রতিমা ডাঙৰ হৈ আহিল, এদিন গাভৰু দেহৰ চিনেও দেখা দিলে। লগে লগে ইমানদিনে উমি উমি জ্বলি থকা কুমাৰপাৰাণীৰ বুকুৰ জুইকুৰা বতাহ পাই হঠাৎ জ্বলি উঠাৰ দৰে দাও দাওকৈ বাঢ়ি আহিল। আন্ধাৰ চোতালত অকলশৰে বহি বুকু চপৰিয়াই লেবেজান হোৱালৈকে ৰাউচি জুৰিলে‍। পিঠিলৈকে বৈ অহা কেঁকোৰা চুলিকোছা, গাখীৰত সেন্দূৰ মিহলোৱা দেহৰ বৰণ, তিলফুলীয়া নাক, গোলাপৰ পাহি হেন ওঁঠটিৰ সৈতে বাহিৰৰ কায়াৰে এগৰাকী প্রতিমাতকৈ কোনো গুণে কম নহয় তাইৰ ছোৱালীজনী। কিন্তু যেতিয়া হাত-ভৰিৰ সীমিত সঞ্চালন আৰু লেলাউটিৰে চিপ্‌চিপীয়া হৈ থকা বেঁকা ওঁঠেৰে তাইৰ সেই কৰুণ চাৱনি চকুত পৰে তেতিয়াই… ঠিক তেতিয়াই ভগৱানৰ অস্তিত্বৰ প্রতি এক তীব্র সন্দেহে জপটিয়াই ধৰিব খোজে। …সাধাৰণতকৈও সাধাৰণ প্রয়োজনৰ বাবে যেতিয়া জীয়েকৰ সেই সদ্যগাভৰু দেহাটোক অৱলম্বনৰ প্রয়োজন হয়, ঠিক তেতিয়াই কুমাৰপাৰাণীৰ ভগৱান নামৰ অস্তিত্বটোক নিঃশেষ কৰি দিবলৈ তীব্র ইচ্ছা হয়। সমবয়সীয়া আন দহজনী ছোৱালীৰ মনত আগন্তুক দিনৰ মিঠা সপোনৰ গজালি মেলা সময়ত সিহঁতৰ প্রতিমাই যেতিয়া সাধাৰণতকৈও সাধাৰণ বস্তু একোটাৰ বাবে হাত-ভৰি আচাৰি মুখেৰে অস্ফুট গেঙনি আৰু লেলাউটিৰ সোঁত বোৱায় তেতিয়াই... ঠিক তেতিয়াই এনে লাগে যেন কুমাৰপাৰাণীৰ বুকুত ধপ্‌ধপাই থকা কলিজা নামৰ মাংসপিণ্ডটোৰ বেগ বাঢ়ি আহিছে আৰু ধপ্‌ধপাই ধপ্‌ধপাই এটা সময়ত এটা প্রচণ্ড বিস্ফোৰণ ঘটি সি উফৰি পৰিছে। তেজ মঙহৰ বিস্ফোৰণ! 
*  *  * 
থলুৱা কাৰিকৰৰ হতুৱাই মূৰ্তি সজা কামবোৰ ক্রমান্বয়ে কমি অহাৰে পৰা চানা মিস্ত্রীৰ হাতত আজিকালি কাম প্রায় নাথাকেই। বিশেষ উৎসৱসমূহৰ ডাঙৰ ডাঙৰ কামবোৰ এতিয়া সিহঁতৰ দৰে ভিতৰুৱা গাঁৱৰ খনিকৰসকলৰ হাতলৈ নাহে। ধর্মৰ লগত গ্লেমাৰ সাঙোৰ খাই পৰাৰে পৰা আজিকালি ভগৱানেও হয়তো গ্লেমাৰ বিচাৰে। সেয়েহে মূর্তি সজোৱা ঠিকাবোৰ এতিয়া প্রায়েই বহিৰলৈ যায়। গাঁৱৰ পৰাই নহয় এক্কেবাৰে অসমৰো বাহিৰলৈ। ডাঙৰ ডাঙৰ ঠিকাদাৰবোৰে লাখটকাৰ বিনিময়ত বাহিৰৰ পৰাই প্রতিমা ছাপ্লাই দিয়ে আৰু থলুৱা মানুহে চকু চাট মাৰি ধৰা জাক-জমকত সন্মোহিত হৈ নিজৰ অস্তিত্বক জলাঞ্জলি দিয়ে। 
সেয়েহে আবতৰীয়া সৰু-সুৰা কাম কিছুমানৰ বাহিৰে আজিকালি চানা মিস্ত্রীৰ হাতত কাম প্রায় নাথাকেই। পিছে হঠাৎ সেইদিনা কাম এটা ওলাল। সিহঁতৰ গাঁওখনৰ ভিতৰতে সম্পত্তিশালী বুলি নাম থকা মণ্ডলৰ ঘৰত আগ কৰি থোৱা দেৱীপূজা এভাগি আছিল। কেইবা বছৰো আগতে একমাত্র পুতেক নৰীয়াত পৰা সময়ত মণ্ডলনীয়ে ভাবি থোৱা পূজাভাগ পিছুৱাই থাকোঁতে ল’ৰা চেঙেলীয়াৰ পৰা ডেকা হ’ল, আনকি কলেজলৈকো যাব পৰা হ’ল। সেয়েহে মাক-দেউতাকৰ ইচ্ছা দেৱীৰ প্রতিমা এভাগিৰ স’তে পূজাভাগি অলপ ডাঙৰকৈয়ে কৰিব লাগে। 
পূজালৈ এমাহমান থাকোঁতেই প্রতিমা এখনৰ বাইনা লৈ সিদিনাখন কুমাৰপাৰাণীৰ ঘৰলৈ মণ্ডলৰ ল’ৰা নিজে আহিল। বাটতে বাইকখন ৰখাই চানা মিস্ত্রীৰ নাম মাতি মাতি সি যেতিয়া ভিতৰলৈ সোমাই আহিল, তেতিয়া আগচোতালখনতো খালীয়েই, ঘৰৰ ভিতৰতো কাৰো সাৰ-সুৰ নাই। মাটিত গোৰাই থোৱা তামোল এমোন লৈ চানা মিস্ত্রী তেতিয়া সাপ্তাহিক হাটত আৰু কুমাৰপাৰাণী পিছফালৰ পুখুৰীত বাহী কাপোৰ থুকুচি আছিল। 
বাহিৰত মানুহৰ উম-ঘাম নোপোৱাত  ল’ৰাটো কেঁচা কাথিখনৰ ওপৰলৈ উঠি গৈ ভিতৰলৈ জুমি চাবলৈ চেষ্টা কৰিলে। আওপুৰণি কাঠৰ দুৱাৰখন কাণিদুৱৰীকৈ থোৱা আছিল। দুৱাৰৰ সুৰুঙাৰে সোমাই যোৱা পোহৰ এছাটি ঠিক তাইৰ গাতে পৰিছিল। ওপৰমুৱাকৈ পৰি গভীৰ টোপনিত থকা ছোৱালীজনীৰ অসংযত কাপোৰখিনিয়ে তাইৰ বুকুৰ এফাল উদং কৰি থৈছিল। দীঘল চোলাটোৰ এফাল উজাই আহি কৰঙনৰ ওপৰত থূপ খাই ৰৈছিলহি। নিমজ মিহি কলাফুল দুটি সাইলাখ যেন পদুমৰ কলি! উশাহৰ তালে তালে যেন তাইৰ পৈনত বুকুৰ মৃদু হেন্দোলনিয়ে সংগীত জুৰিছিল। এনে লাগিছিল মানৱী নহয় যেন খাজুৰাহোৰ এক শায়িত ভাস্কর্য।
এই ৰূপ, এই আৱেদন... নাহ! এনে ৰূপৰ কেৱল সপোনহে দেখিব পাৰি।
ছোৱালীজনীক তেনে অৱস্থাত প্রত্যক্ষ কৰি হঠাৎ মণ্ডলৰ ল’ৰাৰ হিতাহিত জ্ঞান শূন্য হৈ পৰিল। মূৰৰ ভিতৰৰ ভুনভুনাই ভুনভুনাই ফুৰা এজাক ভোমোৰাৰ গুঞ্জন সি তাৰ নিজ কাণেৰে স্পষ্টকৈ শুনিবলৈ পালে। লগে লগে ভৰিৰ পৰা মূৰলৈ উজাই অহা এসোঁতা গৰম তেজৰ পাকঘূৰণিয়ে তাক নৰকৰ অতল তলিলৈ টানি লৈ যাবলৈ উদ্যত হ’ল। আৰু ঠিক সেই মুহূর্ততে সি মানুহৰ পৰা এটা নৰখাদকলৈ ৰূপান্তৰিত হ’ল।
আগফালৰ দুৱাৰখন সম্পূর্ণকৈ বন্ধ কৰি সি বিছনাখনৰ পিনে আগুৱাই গ’ল। ছোৱালীজনী তেতিয়া টোপনিতে আছিল নে সাৰ পাই  আছিল সঠিককৈ ধৰিবলৈ টান... কিয়নো তাই ইচ্ছা কৰিলেও হাত-ভৰিবোৰ লৰচৰ কৰিব নোৱাৰে, গগন ফালি চিঞৰি দিব খুজিলেও অস্ফুট গোঁ-গোঁৱনি এটাৰ বাহিৰে আন একো শব্দই বাহিৰ কৰিব নোৱাৰে। আত্মসমর্পণ কৰি পৰি থকা শুকান কাঠ এছটাৰ দৰে সেই মাতাল দেহৰ তলত পিষ্ট হ’বলৈ তাই তাইৰ দেহটো এৰি দিলে। 
আৰু বশীভূত চিকাৰ এটিৰ ওপৰত নিজৰ বীৰত্ব প্রদর্শন কৰিবলৈ মুহূর্ততে সি এটা এটা হায়েনা হৈ পৰিল। কৰঙনলৈ উজাই থকা  দীঘল চোলাটো  ফাহ ফাহকৈ ফালি তাইক ছোৱালীজনীক উলংগ কৰি ল’লে আৰু ঠিক এটি হিংস্র চিকাৰীৰ দৰেই মুহূর্ততে তাইৰ মঙহ নেফানেফ কৰি অহা বাটে দৌৰি ওলাই গ’ল।
ধুই-মেলি নিকা কৰা কাপোৰখিনি মেলি দিবলৈ কুমাৰপাৰাণী আগচোতাল আহি পায় মানে মণ্ডলৰ ল’ৰাটোৱে তৰা-নৰা ছিঙি গৈ বাইকখন ষ্টার্ট দিছিল। কান্ধলৈ বৈ পৰা চুলি আৰু সোঁ কাণত পিন্ধা কাণফুলিপাত দেখিহে তাই ল’ৰাটো চিনিব পাৰিলে। অলপ আচৰিত হৈ তাই তাক পিছপিনৰ পৰা মাত লগালে যদিও তেতিয়ালৈ সি তাইৰ মাত শুনিব পৰা দূৰত্বত নাছিল। চোতালখনলৈ এসোপা ক’লা ধোঁৱা এৰি দি বাইকখন তাৰ পৰা তীব্র বেগত আঁতৰি গৈ কেঁকুৰিটোৰ এটা মূৰত নোহোৱা হৈ গৈছিল।
অত্যন্ত আচৰিত হ’ল কুমাৰপাৰাণী। কিয়বা আহিছিল ল’ৰাটো আৰু আহিয়েই এনেকৈ তৰা-নৰা ছিঙি পলাই যোৱাৰ দৰে লৰ দিলেই বা কিয় তাই একো ততকে ধৰিব নোৱাৰিলে। কথাষাৰ ভাবি ভাবি ঘৰটোলৈ উভতি খোজ দিব বুলি ভাবোঁতেই দেখিলে লাহেকৈ জপাই থৈ যোৱা মূল ঘৰৰ দুৱাৰখন তেনেই ধোবাংবাং হৈ খোলা আছে। এৰালত থকা ছাগলী সোমাই গোটেইখন উদং কৰিলে বুলি তীব্র খং এটা উজাই আহিল।
“এই অসতি জীৱসোপাৰ পৰা উদ্ধাৰ নাই আৰু…” বুলি ভোৰভোৰাই ভিতৰলৈ সোমাই গৈ দেখিলে শৰীৰৰ নিম্নভাগৰ পৰা নিগৰি অহা তেজ এসোঁতাত লেটিপেটি হৈ প্রতিমাৰ দেহাটো মজিয়াত পৰি আছে। পানীৰ পৰা উঠাই আনি পাৰত এৰি দিয়া মাছ এজনীহে যেন। উশাহ নাপাই ধৰফৰাই  থকাৰ দৰে হাত-ভৰি আছাৰি তাই যেন কিবা গুৰুতৰ অভিযোগ কৰিব খুজিছে। অথচ প্রকাশ কৰিব নোৱৰাৰ যন্ত্রণাত তাইৰ সামান্য বেঁকা ওঁঠযুৰি আৰু বেছি বেঁকা হৈ পৰিছে। চকুযুৰিত অগ্নিৰ ফিৰিঙতি।
জীয়েকৰ বিধ্বস্ত ৰূপ দেখি স্থানু হৈ পৰিল কুমাৰপাৰাণী। পাৰ হৈ যোৱা সকলো ঘটনা পানীৰ দৰে ফট্‌ফটীয়া হৈ পৰিল তাইৰ চকুৰ আগত। বহু কষ্টৰে ছোৱালীজনী তাই বিছনালৈ উঠাই থ’লে। হাত-ভৰিত লাগি থকা তেজৰ কঁৰালবোৰ গৰম পানীৰে ধুৱাই দিয়াৰ পাছত বিষত কেঁকাই থকা ছোৱালীজনীক বুকুৰ মাজত সুমুৱাই লৈ সময়ৰ হিচাপ নোহোৱাকৈ তেনেদৰেই বহি থাকিল।
কুমাৰপাৰাণী আৰু চানা মিস্ত্রীৰ বাবে খুব দুঃসহ আছিল সেই সময়। প্রতিমাৰ দুর্বল দেহ আৰু অপৈণত মনে এই হেন আঘাত সহ্য কৰিবলৈ অমান্তি হ’ল। তিনিদিন তিনিৰাতি তীৰকঁপে জ্বৰ গাই এদিন নিশা হিংস্র নৰখাদকৰ পৃথিৱী এৰি অবোধ-নিষ্পাপ, ফুলকুমলীয়া ছোৱালীজনী আকাশলৈ গুচি গ’লগৈ। সাইলাখ যেন বিসর্জনহে। ন দিন ন ৰাতি একান্তচিত্তে পূজা কৰাৰ পাছত দহদিনৰ দিনা কৰা দেৱীৰ বিসর্জন নহয় কি আছিলনো সেয়া!
চানা মিস্ত্রী আৰু কুমাৰপাৰাণীৰ বুকুত দ্বিতীয়বাৰৰ বাবে গহ্বৰ একোটিৰ সৃষ্টি হ’ল। তাৰ পাছত কি কৰা উচিত? মানুহ নে ভগৱান? ন্যায় বিচাৰি কাৰ দ্বাৰত টোকৰ পেলোৱা উচিত? কোনে বিশ্বাস কৰিব সিহঁতক? মণ্ডলে? গাঁৱৰ মানুহে নে আইনে? সাক্ষী আৰু প্রমাণৰ গাত ভেঁজা দি চলা এই দেশৰ কানুনে সিহঁতৰ দৰে নিচলাক ন্যায় দিব পাৰেনে?
কথাবোৰ পাগুলি পাগুলি আকাশ-পাতাল একাকাৰ কৰাৰ পাছত অৱশেষত তাই এটা সিদ্ধান্তত উপনীত হ’ল। নাই অপতৃণবোৰক এনেদৰে ৰঘুমলাৰ দৰে বাঢ়ি যাবলৈ দিব নোৱাৰি। গজালিতে মোহাৰি-গচকি শেষ কৰি দিব নোৱাৰিলে এদিন সি ৰক্তবীজৰ দৰে গোটেই সমাজ গ্রাস কৰি পেলাব। অলপ ভয়ৰ খুব প্রয়োজন। অপকর্মৰ পৰা হ’ব পৰা পৰিণামৰ ভয়। কুমাৰপাৰাণীয়ে জীয়েকক কথা দিছিল প্রয়োজনত তাই জীয়েকৰ বাবে লক্ষ্মী, সৰস্বতী, কালী অথবা দুর্গাও হ’ব পাৰিব। তাই সিদ্ধান্ত ল’লে সেই প্রতিজ্ঞা পূৰণ কৰিব তাই।
ছোৱালীজনীৰ বাবেই তাই এতিয়া দুর্গা হ’ব।
*  *  * 
গাঁওখন শুই নিঃপালি দিয়াৰ পাছত ঘুণপোকে খাই আইধা পেলোৱা কাঠৰ দুৱাৰখন খুব সাৱধানে ঠেলি হাতীখোজেৰে একোঠলীয়া জুপুৰীটোৰ পৰা কুমাৰপাৰাণী ওলাই আহিবলৈ লওঁতেই সদায়ে হোৱাৰ দৰে কেৰেক্‌কৈ‍ শব্দ এটি হ’ল। শব্দটো শুনিয়েই হ’বলা চালপীৰাখনত ওপৰমুখ কৰি শুই থকা মানুহজনৰ গাটো লৰচৰ কৰি উঠিল। মূৰটো সামান্য বেঁকা হৈ থকা বাবে বিছনাত লাগি থকা অংশটো লেলাউতিৰে তিতি‍ আছিল। টোপনিতে মানুহজনে এখন হাতেৰে লেলাউতিখিনি মচি থ’লে আৰু কেইছেকেণ্ডমানৰ ভিতৰতে পুনৰ নিস্তব্ধ হৈ শুই পৰিল। লগে লগে নাকৰ নে গলৰ পৰা অদ্ভুত শব্দ এটি বাহিৰ হ’ল।
ঘৰৰৰৰৰ... 
দুৱাৰখনৰ পৰা গাটো আধা বাহিৰ আধা ভিতৰ কৰি থোৱাগতেই কুমাৰপাৰাণী অলপ পৰ তাপ মাৰিলে। কিছু সময়লৈ বিৰতিহীনভাৱে ঘৰৰৰ… মাতটো ওলাই থকাৰ পাছতহে তাই আশ্বস্ত হ’ল যে বিছনাত পৰি থকা মানুহজনৰ এতিয়া পুনৰ গভীৰ টোপনি। লগে লগে প্রায় দৌৰি যোৱাৰ দৰে চোতালখন পাৰ হৈ তাই বাটত উঠিলগৈ।
ঘৰৰ পৰা গাঁৱৰ বৰপুখুৰীটোলৈ যদিও মাথোঁ এক ফার্লংমান দূৰ, তথাপি কুমাৰপাৰাণীয়ে খোজৰ গতি খৰ কৰিলে। ঘড়ীৰ কাঁটাৰ হিচাপত নিশা বেছি হোৱা নাই যদিও গাঁওখন নিজম পৰিল কেতিয়াবাই। সন্ধিয়া চাকি জ্বলাৰ লগে লগে পাগ জ্বলা ঘৰ প্রায়বোৰেই, নামত ঘৰে ঘৰে বিজুলীবাতিবোৰ ওলমি থাকে যদিও কাচিৎহে তাত পোহৰৰ সংযোজন ঘটে। থাকিলেও আধৰুৱা ভল্টেজৰ কৃপাত ঢিমিক-ঢামাক্‌কৈ‍ জ্বলি থকা পোহৰে উপকাৰতকৈ মানুহখিনিক অসুবিধাহে কৰে বেছি। অনুজ্জ্বল পোহৰত চকুৰ পতাবোৰ আঠা লগাৰ দৰে লেকেটীয়া হৈ পৰে। তাতকৈ সন্ধিয়াতে খোৱা-বোৱাৰ লেঠা মাৰি নিদ্রাদেৱীক আঁকোৱালি লোৱাই ভাল।
অৱশ্যে ঘৰ-বাৰীবোৰ সোনকালে আন্ধাৰ হোৱা কথাটোত কুমাৰপাৰাণীয়ে বেয়া পোৱা নাই। বৰঞ্চ সকাহহে পাইছে। মানুহৰ অযথা কৌতূহলৰ মুখামুখি হ’বলগা হোৱা নাই, সন্দেহৰ দৃষ্টিবোৰে হানি-খুঁচি আমনিও কৰা নাই। সেইবাবেই তাই কৰিবলগীয়া কামফেৰা নির্বিঘ্নে সমাধা কৰিবলৈ এই সময়খিনিকে উৎকৃষ্ট বুলি ভাবি‍ লৈছে। 
বৰপুখুৰীটোক কেন্দ্র কৰিয়েই যেন গঢ় লৈ উঠিছে গাঁওখন। সেই যে সজাত বন্দী অকণমানি চৰাই এটিৰ গাত ৰাক্ষসীৰ আত্মাটো সোমাই থকা কাহিনীটো, ঠিক তেনেকুৱা। পুখুৰীটো যেন গাঁওখনৰ আত্মা। এফালে শতিকা পুৰণি শিৱমন্দিৰটো, আনটো পাৰত পাঠশালা স্কুলখন... অলপ দূৰতে গাঁৱৰ একমাত্র গেলামালৰ দোকানখন। ৰাইজৰ গা ধোৱা, কাপোৰ ধোৱা, পানী খোৱা, মাঘৰ উৰুকাত সমূহীয়া মাছ ধৰা, কাজে-সকামে পানী তোলা ইত্যাদিৰ পৰা আৰম্ভ কৰি দুৰ্গাপূজাৰ প্রতিমা বিসর্জন দিয়ালৈকে, বৰপুখুৰীটো  আছে মানে গাঁওখনৰ সকাহ।
শিৱমন্দিৰটোৰ সন্মুখেৰে পাৰ হৈ যাওঁতে অভ্যাসবশতঃ কুমাৰপাৰাণীৰ সোঁহাতখন কপালৰ ওপৰলৈ উঠি গ’ল, তাৰ পাছত সেইখন হাতেৰেই বুকুখনত মৃদু হেঁচা মাৰি ধৰি তাই বিৰবিৰাই উঠিল... 
শক্তি দিবা মাতৃ…
ফুচফুচীয়া প্রার্থনাখিনি শেষ হয় মানে ইতিমধ্যে কুমাৰপাৰাণী পুখুৰীটোলৈ নামি যোৱা পকী খটখটীখনৰ চপচপীয়াকৈ পানীত ডুব গৈ থকা একেবাৰে শেষৰ চিৰিতো পালেগৈ। ঘৰৰ পৰাই তাই তিয়নিখন বুকুত মেৰিয়াই গৈছিল বাবে কাপোৰ সলাই সময় নষ্ট কৰিবলগীয়া নহ’ল। হাতত লৈ যোৱা গামোচাখন পাৰতে থৈ ল’লে, তিৰবিৰাই থকা আকাশলৈ চাই যিমান পাৰি দীঘলকৈ উশাহ এটি টানি বুকু ভৰাই ল’লে আৰু তাৰ পাছত হাতযোৰ কৰি সেৱা কৰা ভংগীত হাত দুখন আগলৈ জোঙা কৰি পানীৰ মাজলৈ সোমাই গ’ল।…
জলৌ...অ..অ..অ…প…।
লগে লগে পাৰৰ আঁহতজোপাৰ পৰা কেইবাটওই ফেঁচা ধপ্‌ধপাই যেনি-তেনি উৰি গল।
১,২... ৪, ৫,৬…৬০
একৰ পৰা ষাঠিলৈকে হিচাপ কৰি শেষ হোৱাৰ পাছত পানীৰ তলৰ পৰা কুমাৰপাৰাণী উঠি আহিল। বাহিৰলৈ ওলাই আহি তাই দীঘলকৈ উশাহ কেইটিমান ল’লে। পানীৰ তলত বেচ কিছু সময় সোমাই থকা বাবে নাকে-মুখে অলপ পানী সোমাইছিল, পানীখিনি পুখুৰীতে থুৱাই তাই লাহেকৈ পাৰলৈ  উঠি আহিল। 
দুদিন আগত মাথোঁ ৪০ লৈহে গন্তি কৰিব পাৰিছিল, সেয়েহে আজি ৬০ লৈ গন্তি কৰি যথেষ্ট সুখী তাই। এনেকৈয়ে অভ্যাস কৰি থাকিব পাৰিলে অতি সোনকালেই তাই নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব। পাৰিব নহয়... পাৰিবই লাগিব। পানীৰ তলত উশাহ নোলোৱাকৈ, কোনো সাৰ-সুৰ নোহোৱাকৈ খুব সাৱধানে তাই অতি কমেও দুই মিনিট সময় থাকিব পাৰিব লাগিব। বল গোটাব লাগিব তাই ঠিক এটা কুম্ভীৰৰ দৰে। কুম্ভীৰ যেতিয়া পানীত থাকে তেতিয়া হেনো তাৰ বজ্রকঠিন কামোৰৰ পৰা স্বয়ং গজৰাজো সাৰি যাব নোৱাৰে। ঠিক তেনেকুৱা শক্তিয়েই লাগিব তাইকো। এৰা পাৰিব তাই— দুর্গাপূজালৈ এতিয়াও ভালেমান দিন।
পুনৰ কেইবাৰমান ডুব মৰা আৰু গন্তি কৰা খেলখন খেলি হোৱাৰ পাছত কুমাৰপাৰানী পাৰলৈ উঠি আহিল। পাৰত থোৱা গামোচাখনেৰে চুলিখিনি মেৰিয়াই খোপা এটা কৰি বান্ধি ল’লে আৰু তিতা মেখেলাখনেৰে সৈতে খৰগতিৰে ঘৰলৈ  ওভতনি খোজ ললে।
*  *  * 
দশমী পূজাৰ সন্ধিয়া। আবেলিৰ পৰা গাঁৱে গাঁৱে প্রতিমা ফুৰাই ডেকাসকলৰ দলটো বৰপুখুৰীৰ পাৰত ৰৈছেহি। অলপ পাছতেই জলৰাশিৰ বুকুলৈ দেৱীয়ে তেওঁৰ অন্তিম যাত্রা আৰম্ভ কৰিব। 
চেগুন গছৰ হাবিখনৰ সিপাৰে আকাশখন হেঙুলীয়া হৈ উঠিছে। শৰতৰ আকাশ, কোনো কৃপণালি নকৰাকৈ আকাশে সিঁচি দিছে বহুৰঙী আবিৰ। দিনান্তৰৰ মাধুর্যৰ সেই ৰঙীন নিচাত মাতাল পৃথিৱীক এৰি চেগুন গছবোৰৰ মাজত কোনোবাখিনিত যেন হেৰাই গৈছে আবেলিৰ বেলি। অগণন ভক্তৰে গিজগিজাই আছে বৰপুখুৰীৰ পাৰ। শংখ, ঘণ্টা, বৰকাঁহ আৰু আয়তীৰ উৰুলিৰে চিৰাচিৰ কৰা দশমীৰ সদ্যজাত সন্ধিয়াটোত পাহোৱাল ডেকাকেইজনৰ কান্ধত উঠি দেৱী যেতিয়া পানীৰ বুকুলৈ নামি গৈছিল, সেই ভিৰৰ মাজত কোনো অসুবিধা নোহোৱাকৈ সোমাই গৈছিল কুমাৰপাৰাণীও। 
প্রতিমাখনৰ একেবাৰে শিতানৰ ফালে থকা ডেকাজনৰ ওপৰৰ পৰা এক মুহূর্তৰ বাবেও তাই তাইৰ দৃষ্টি লৰচৰ কৰা নাই। আচলতে দশমীৰ আবেলিটোৰ প্রটিতো মুহূর্তই তাই ল’ৰাটোৰ চাল-চলন নিৰীক্ষণ কৰি আছে। এক মুহূর্তৰ বাবেও তাই তাক চকুৰ আঁতৰ হ’বলৈ দিয়া নাই। আৰু এতিয়া এয়া নাটৰ শেষ দৃশ্যৰ সময়। অকণো বিচলিত হোৱা নাই কুমাৰপাৰাণী, অতদিনে শেলুৱৈৰ পিছল পৰশ এটা লাগি সেমেকি থকাৰ দৰে ভয়, শংকা আৰু সন্দেহেৰে গধুৰ হৈ মনটোও এতিয়া কঁহুৱাৰ দৰে কোমল হৈ পৰিছে। বৰং এই মুহূর্তত যেন এক অদ্ভুত আশ্চর্যকৰ শক্তিৰে শক্তিমান হৈ উঠিছৈ তাই। ইমানদিনে বিচলিত হৈ থকা মনটো এতিয়া গভীৰ নৈ এখনৰ স্থবিৰ জলৰাশিৰ দৰেই শান্ত, স্থিৰ। ঠিক যেন প্রলয়ৰ প্রাকমুহূর্তৰ এখন পানীগাভিনী আকাশ। কুমাৰপাৰাণীয়ে জানে, আজিৰ এই সুৱর্ণ সুযোগ কোনো মূল্যৰ বিনিময়তে তাই এৰি দিব নোৱাৰে। আচলতে অসুৰ বধৰ দিন, বাৰ, ক্ষণ, পর্ব সকলো পূর্বনির্ধাৰিত হৈয়েই থাকে... বাকী সকলো আয়োজন পৰিৱেশ তথা পৰিস্থিতিৰ অৱতাৰণা সেই শুভ মুহূর্তক ফলপ্রসূ কৰাৰ এক নিমিত্ত মাত্র।
হিৰণ্যকশিপু, জৰাসন্ধ, তাৰকা, ৰাৱণ আদিৰ উদাহৰণ এনেয়েনো শাস্ত্রই কয়নে বাৰু?...
প্রথমতে এভৰি তাৰ পাছত ক্রমে একঁকাল, লাহে লাহে এবুকু পানীলৈ নামি গৈ আটাইকেইজন ডেকাই ডুব মাৰি হাতেৰে খামুচি ধৰি থকা প্রতিমাখন লাহেকৈ পানীলৈ এৰি দিলে। পাৰৰ ভক্তগণৰ জয়ধ্বনি, উৰুলি, বৰকাঁহৰ শব্দত কোনেও কাৰো মাত শুনা নাই... সকলোৱে নিজ নিজ প্রাৰ্থনাৰে বছৰটোলৈ দেৱীক বিদায় দিছে... শোকত তেওঁলোকৰ চকু জীপাল হৈ উঠি্ছে... অহৰহ প্রার্থনা চলি আছে, দবা বাজি আছে... উৰুলিৰে মুখৰ হৈ উঠিছে দশমীৰ নিশা...।
দেৱীৰ জলসমাধি প্রক্রিয়াটোৰ সমাপ্তি হোৱাৰ পাছত গাটো তিয়াই বাকীকেইজন ডেকা পাৰলৈ উঠি আহিল। নাহিল মাথোঁ এজন... প্রতিমাৰ শিতানৰ ফালে থকা ডেকাজন… গাঁওখনৰ লেখত ল’বলগীয়া প্রভাৱশালী ব্যক্তি মণ্ডলৰ ল’ৰাটো। প্রতিমাখন লৈ পানীত ডুব মৰা সময়তে সি তাৰ গাৰ ওপৰত এটি প্রচণ্ড ভাৰ অনুভৱ কৰিলে... যিটো ভাৰে তাক ক্রমান্বয়ে পানীৰ অতল তলিলৈ সুমুৱাই লৈ গৈ থাকিল... গৈ থাকিল...। কিছু সময় হাত ভৰি আছাৰি সেই ভৰৰ পৰা মুক্তি পাবলৈ সি আপ্রাণ চেষ্টা কৰিলে। বেচ কিছু সময় পানীৰ তলত জপটা-জপটি চলিল... কিন্তু সি মুক্ত হ’ব নোৱাৰিলে। এসময়ত তাৰ হাত-ভৰিবোৰ জঠৰ হৈ আহিল। তাৰ শিথিল হাতৰ খামোচেৰে প্রাণ বচোৱাৰ চেষ্টাও হৈ পৰিল প্রায় অসম্ভৱ। লগে লগে চুটি হৈ আহিল তাৰ বুকুৰ ধপ্‌ধপনি।
জাপ খাই আহিব ধৰা চকুৰ পতাৰে ধুঁৱলী-কুঁৱলীকৈ সি দেখিলে তাক জপটিয়াই ধৰা মানুহজনী... এবাৰ সেই মুখখন কুমাৰপাৰাণীৰ হৈ পৰে, পাছ মুহূর্ততে তাৰ এনে লাগে নহয় এয়া যেন স্বয়ং দুর্গাই তাক গবা মাৰি ধৰি আছে... পুনৰ সেই মুখমণ্ডলে কুমাৰপাৰাণীৰ আকৃতি লয়হি। লাহে লাহে তাৰ চকুৰ পতা সম্পূর্ণকৈ জাপ খাই পৰিল।
*  *  *

১,২,৩,৪,৫... ৩০০... কুমাৰপাৰাণীৰ হিচাপ আৰু কাম... দুইটাই একেলগে সমাপ্ত হোৱাৰ পাছত তাই পাৰলৈ উঠি আহিল। ভাগৰুৱা মানুহখিনি লাহে লাহে ঘৰমুৱা হৈছে। তাৰ মাজত কুমাৰপাৰাণীলৈ কাৰোৰেই চকু নোযোৱাটো তেনেই সাধাৰণ কথা। মানুহৰ ভিৰটো নোহোৱা হৈ একেবাৰে খালী হৈ যোৱাৰ পাছতো আহিবলগীয়া এটি মাহেন্দ্র ক্ষণৰ অপেক্ষাত উদং পাৰটোত তাই বহি থাকিল... একেবাৰে শেষ ৰাতিলৈ।
তিৰবিৰাই থকা পুখুৰীৰ পানীখিনিত কুমাৰপাৰানীয়ে তাইৰ চকুহাল পুতি থৈছে। লাহে লাহে সেই জলপৃষ্ঠত মৃতদেহটো উপঙি উঠিব। বা মাৰলি এছাটিৰ দৰে খবৰটো গাঁৱে-ভূঁঞে বিয়পি পৰিব। শোকত বাউলী হৈ মণ্ডল-মণ্ডলনীয়ে মৃতদেহটোৰ ওপৰত উবুৰি খাই পৰি হিয়া ঢাকুৰি কান্দিব।
অঘটন! অঘটন! কাহানিও নঘটা অঘটন এয়া। আশ্চর্য!
অঘটন নহয়, দেৱীৰ ক্ষোভ! পাপ, ঘোৰ পাপ কৰিছিল সি। মহাপাপ। দেৱীয়ে সকলো পাপৰ বিচাৰ কৰে। সেয়েহে বিসর্জনৰ সময়ত প্রতিমাখনে ল’ৰাটো হেঁচা মাৰি ধৰিলে।
মানুহৰ মুখে মুখে কথাবোৰ বতাহ হ’ব। বতাহে সেই কথা হাবিক ক’ব... নদীক ক’ব... পাহাৰক ক’ব... আৰু কৈ কৈ এটা সময়ত শেষ হৈ বিশ্ব-ব্রক্ষ্মাণ্ডৰ বুকুত বিলীন হৈ পৰিব।
 এৰা ... মা দুর্গাৰ যি ন্যায়! তেওঁৰ বিচাৰত কি ধনী, কি গৰীৱ?..
 
*** 
 
ঠিকনা :
Neotown, Bangaluru

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ