অন্যযুগ/


টোপনি

 ইন্দ্ৰনীল গায়ন




এনে সময়বোৰত কোন হয় আপোন

এনে সময়বোৰত কোন হয় পৰ

 

আপোন পৰৰ খেলখন যে বহুদিনীয়া

কেৱল বুজোতে পাৰ হয় শতায়ু সময়

 

এটা দিন

এটা ৰাতিৰ হিচাপতেই

ভাটি যায় পৃথিৱীৰ আয়ুস

 

কথাবোৰ সমুখত ক'ব পৰাকৈ

মই মোক মোৰ পৰা নিলগত ৰাখোঁ

নিলগে নিলগে কথাবোৰ

বাঢ়ি গৈ থাকে

 

যিমান ওচৰ

সিমান পৰ

 

দূৰৰ পৰা দূৰলৈ কিমান দূৰ বাট

যি বাটে ঢুকি নাপায় সময়ৰ হাত

 

ওভতি অহা

ওভতি নহাৰ

কথাবোৰ ৰৈ থাকে

ওঁঠৰ বাটত

 

গভীৰতকৈ গভীৰ আন একো নাই

য'ত গভীৰ নহয় কেৱল শুনা নুশুনা

কঁপি থকা এটা মাত

 

পোহৰ নে আন্ধাৰ

কোন কাৰ?

অথাউনি পানীৰ ভৰ

ডুবি আছো নে ডুব গৈছো

এৰাবাটে

এৰাসুঁতি এৰি যায়

সময় হয় অনাখৰী

কত প্ৰাৰ্থনাৰ আকৃতি

কত যাতনাৰ কাকৃতি

 

মৰা জোনৰ টোপনিত

ফুলেনে শোকফুল

 

বেলি ডুবি ডুব যায়

সাজ লগাৰ পৰত

কোনে বজাই উদং ৰাতিৰ

ভঙা বাঁহী

 

পোহৰত পোহৰ নাথাকে

আন্ধাৰে পোহৰক পোহৰাব নোৱাৰে

সী থকা টোপনি এটাক

পোহাৰি আখৰে সী ব নোৱাৰে

 

বুকুত ঢল নে পলস

ভৰ সহিব নোৱৰা

বিষাদ গধুৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ