মূল : ৰিচার্ড ব্ৰটিগান (Richard Brautigan)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
ৰোমিঅ’ আৰু জুলিয়েট
মোৰ বাবে তুমি যদি প্ৰাণ দিয়াঁ
ময়ো তোমাৰ বাবে প্ৰাণ দিম
আৰু আমাৰ সমাধিবোৰ হ’ব
দুই প্ৰেমিক-প্ৰেমিকাৰ দৰে, যিয়ে
ধোবাৰ ঘৰত একেলগে কাপোৰ থুকুচে
তুমি যদি চাবোন আনা
মই আনিম ব্লিছিং পাউডাৰ৷
কান্দোনৰ শব্দ,
অনন্তকাল ধৰি
লাটুমৰ তলভাগত
প্ৰেতাত্মাৰ দৰে
ঘূৰি ঘূৰি
মোক খেদি ফু্ৰে
সেইবোৰ স্থানে
য’ত মই বাস কৰিম
তোমাৰ বিহনে৷
হাইকু এম্বুলেন্স
ছালাডৰ প্লেটৰ পৰা
এটা কেঁচা জলকীয়া
সৰি পৰিল –
তাতেনো কি?
৩০ চেণ্ট, দুটা টিকট,
ভালপোৱা
তোমাৰ কথা ভাবি ভাবি
বাছত উঠিলোঁ
৩০ চেণ্ট ভাড়া দিলোঁ
আৰু দুটা টিকট বিচাৰিলোঁ
তাৰ পাছত মনত পৰিল
মই আছিলোঁ
অকলশৰে৷
জেৰক্স কেণ্ডি বাৰ
আহ্ !
মই এই পৰ্যন্ত যিমানবোৰ কেণ্ডি খাইছোঁ
তুমি তাৰ অবিকল অনুলিপি৷
