অন্যযুগ/


ৰন্ধন-কলা

পম্পী শৰ্মা খাউণ্ড
বৰ মানিমুনি আৰু সৰু মানিমুনি দি বনোৱা মাছৰ জোল
উপকৰণ
শ'ল মাছ৪/৫ টুকুৰা
মানিমুনি৪/৫ মুঠি (পতাত পিহি লোৱা)
আলু২টা (বইল কৰি লোৱা)
আদা, নহৰু পেষ্ট১ চামুচ 
কেঁচা জলকীয়া১ টা 
জালুকৰ গুড়ি‍১ চামুচ 
নিমখ, হালধিজোখ অনুপাতে
তেলজোখ অনুপাতে

প্ৰণালী: প্ৰথমে মাছকেইটা ধুই নিমখ, হালধি সানি ফ্ৰাই কৰি ল’ব। এতিয়া পতাত মানিমুনিখিনি মিহিকৈ পিহি ল’ব। এতিয়া এখন কেৰাহীত তেল দি পাঁচ ফোৰণ আৰু কেঁচা জলকীয়া, আদা, নহৰু পেষ্ট দিব। আলুখিনি দি হিচাপ মতে নিমখ, হালধি আৰু জালুকৰ গুড়ি দি পিহি লোৱা মানিমুনিখিনি দি অলপমান ভাজি লৈ পানী দি উতলাত মাছকেইটুকুৰা  দি আকৌ ভালদৰে উতলিবলৈ দি নমাই দিব।

খাৰেৰে ৰন্ধা কুকুৰা মাংস
(কুকুৰা মাংস খাৰ দি ৰন্ধা— তেলবিহীন)

(এইবিধ খাদ্য সাধাৰণতে গাৰো জনগোষ্ঠীৰ প্ৰিয় খাদ্য)


উপকৰণ
কুকুৰাৰ মাংসআধা কেজি/এক কেজি
খাৰ১ চামুচ
পিঁয়াজ২টা
কেঁচা জলকীয়া/ ভোট জলকীয়া১ টা
আদা১ টুকুৰা
নহৰু৫ ফুটা
তেজপাত২ খিলা
নিমখজোখ অনুপাতে
কেঁচা ধনিয়াৰ পাত১ মুঠি


প্ৰণালী: প্ৰথমে মাংসখিনি ধুই টুকি ল’ব। এতিয়া পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া পেষ্ট কৰি ল’ব।

এতিয়া এখন কেৰাহী গেছত গৰম কৰি মাংসখিনি ঢালি লৰাই ঢাকন মাৰি দিব। যেতিয়া মাংসখিনিৰ পৰা তেল উলাব, তেতিয়া পেষ্ট কৰি লোৱা পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়াৰ পেষ্টখিনি দি ভালদৰে লৰাই দিব। লগত নিমখ দিব। যেতিয়া মাংসখিনি সিজিব, তেতিয়া খাৰ চামুচ দি হিচাপ মতে পানী দি উতলিবলৈ দিব। যেতিয়া মাংসখিনি উতলি জোলখন ডাঠ হ’ব তেতিয়া কেঁচা জলকীয়া আৰু কেঁচা ধনিয়াপাত কাটি নমাই দি গৰমে ভাতৰ লগত পৰিৱেশন কৰক। এইবিধ ব্যঞ্জন খাবলৈ খুব সোৱাদ ভৰা হয়৷


মাটি মাহেৰে ৰন্ধা কুকুৰাৰ মাংস 
উপকৰণ
মাটি মাহ২ কাপ
কুকুৰাৰ মাংসআধা কিল’গ্ৰাম
পিঁয়াজ২টা (কাটি লোৱা)
আদা-নহৰুৰ পেষ্ট২চামুচ
খাৰ২চামুচ
বিলাহী১টা (কাটি লোৱা)
ধনিয়াৰ গুড়ি, জীৰাৰ গুড়ি, মিট মচলা, জলকীয়াৰ গুড়ি‍জোখ অনুপাতে
শুকান জলকীয়া২টা
তেজপাত২খিলা
নিমখ, হালধি, তেলজোখ অনুপাতে
কেঁচা জলকীয়া৩/৪টা
কেঁচা ধনিয়াৰ পাত১মুঠি (কাটি লোৱা)


প্ৰণালী: প্ৰথমতে মাটি মাহখিনি ২/৩ ঘণ্টামান সময় পানীত তিয়াই থৈ বাকলি গুচাই ধুই ল’ব। এতিয়া এটা প্ৰেছাৰ কুকাৰত মাটি মাহখিনি দি নিমখ দিব। লগত খাৰ দুই চামুচ দি ২/৩ হুইচেল আহিবলৈ দি নমাই থ’ব।
এতিয়া এটা পাএত মুৰ্গীৰ মাংসখিনি ল’ব। লগত হিচাপ অনুপাতে নিমখ, হালধি, তেল, জলকীয়াৰ গুড়ি, জীৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, মিট মচলা এই সকলো বস্তু দি ভালদৰে সানি আধা ঘণ্টামান সময় ঢাকি থ’ব।
এতিয়া এটা কেৰাহীত তেল দি শুকান জলকীয়া, তেজপাত দিব লগত কাটি লোৱা পিঁয়াজ ,আদা, নহৰু পেষ্টখিনি দি ৰঙচুৱা হোৱালৈকে ভাজি লৈ মুৰ্গীৰ মাংসখিনি দিব ভালদৰে লৰাই ঢাকি দিব। এতিয়া কাটি লোৱা বিলাহী আৰু কেঁচা জলকীয়া দিব পুনৰ লৰাই দিব। যেতিয়া মাংসখিনি ভালদৰে ভাজ খাব, তেতিয়া সিজাই থোৱা মাটি মাহখিনি মাংসখিনিৰ লগত ঢালি দি ভালদৰে লৰাই ঢাকি দিব। যেতিয়া মাংসখিনি ভালদৰে মাটি মাহখিনিৰ লগত মিলি যাব, তেতিয়া গেছ অফ কৰি ওপৰত কেঁচা ধনিয়া পাত কাটি দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।
খাবলৈ বৰ সুস্বাদু হয়।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ