অন্যযুগ/


প্ৰতিবিম্বত দখনাৰ ৰং

 পৰী পাৰবীন



দিনৰ প্ৰখৰ ৰদত উত্তপ্ত হৈ উঠা শুকান বালিময় পাহাৰ নেওচি বেলিটো খহি পৰাৰ লগে লগে নগৰখনলৈ ব্যস্ততা নামি আহিছে। দিনৰ দিনটো অলৌ-তলৌকৈ ঘূৰি টোকাবহীত ইটো সিটো লিখি ক্লান্ত হৈ পৰা দেহাটো চোঁচৰাই মই কান্দাহাৰ নগৰৰ বজাৰ এখনত সোমাই পৰিছোঁ। বিধে বিধে শুকান ফলৰ দোকান, বিধে বিধে সুগন্ধি, ৰাস্তাৰ কাষৰ ধোঁৱা ওলোৱা চাহ আৰু প্ৰকাণ্ড প্ৰকাণ্ড ৰুটিবোৰৰ লগতে আফগানী টণ্ডুৰত ঘূৰি থকা মাংসৰ পৰা অহা গন্ধময় ধূলিয়ৰী আবেলিটোক সংগ দিয়াৰ উপলক্ষ্যত বজাৰখনত ঘূৰি ফুৰিছে জলহু কূৰ্তা-পায়জামা পৰিহিত ওখ-পাখ কান্দাহাৰী যুৱকসকল, সেৰেঙাকৈ দুই-এগৰাকী মহিলা। কলা বোৰ্খাৰে আবৃত মহিলাসকলক দেখি মোৰ গান্ধাৰীৰ চকু বন্ধা কলা কাপোৰডোখৰলৈ মনত পৰি গল। কি ছলনাৰে যে ভীষ্মই দুৰ্বল পৌৰুষ ধৃতৰাষ্টৰ বংশৰক্ষাৰ বাবে গান্ধাৰীক লৈ গৈছিল হস্তিনাপুৰলৈ!

তেতিয়াৰে পৰাই বাৰু আৰম্ভ হল নেকি আফগান নাৰীৰ পৰাধীনতাৰ আবুৰ? কাৰণ গান্ধাৰৰ নাৰীৰ দেহৰ সুষমা পৃথিৱীতে বিখ্যাত। গান্ধাৰৰ নাৰীয়ে সমগ্ৰ জম্বুদ্বীপত মহাশক্তিবান সন্তান দিয়াৰ কথা সৰ্বজনবিদিত। গান্ধাৰৰ নাৰীৰ গৰ্ভৰ সন্তানে আন পুৰুষ-জাতিক শক্তিশালী কৰিব, গান্ধাৰৰ পুৰুষে এনেবোৰ কথা কিদৰে সহিব? তাতোকৈ গান্ধাৰৰ নাৰীক গৃহবন্দী কৰা হওক, গান্ধাৰৰ নাৰীৰ গৰ্ভত কেৱল গান্ধাৰৰ পুৰুষৰে সন্তান জন্ম হওক, যি হব শৌৰ্য-বীৰ্যৰে ভৰা, যি মহাশক্তিবান হৈ পৃথিৱী শাসন কৰিব পৰা হব।

এনে এক স্বাৰ্থত গান্ধাৰৰ নাৰীৰ স্বাধীনতাৰ কথা কোনে ভাবিব, কিয় ভাবিব? সমগ্ৰ পৃথিৱীৰ ভূমিভাগ জয় কৰাৰ স্বপ্নত বিভোৰ মানুহৰ বাবে এমুঠি নাৰীৰ স্বাধীনতাৰ বলিদান কিনো ইমান ডাঙৰ কথা! 

মাৰণাস্ত্ৰ আৰু অপিয়ামৰ ধনেৰে ধনী হৈ পৰা সন্ত্ৰাসবাদীহঁতৰ দ্বাৰা বিমান হাইজেকৰ বাতৰি সংগ্ৰহ কৰিবৰ বাবে মই কান্দাহাৰত উপস্থিত হৈছিলোঁ। মোৰ লগত আছিল কাবুলৰ মিডিয়া কৰ্মী মেধাবী যুৱক মহম্মদ জাফৰ। দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত মই মাছ কমিউনিকেশ্যনৰ ছেমিনাৰ এখনত যোগ দিওঁতে লগ পাইছিলোঁ জাফৰক। বয়সত মোতকৈ বেছ সৰু জাফৰৰ লগত তাৰ মেধাসূত্ৰেই এক ঘনিষ্ঠতা গঢ় লৈ উঠিছিল। ভ্ৰমণত অত্যন্ত চখ থকা জাফৰে ইতিমধ্যেই পাকিস্তান, বাংলাদেশ আৰু ভাৰতকে ধৰি এছিয়াৰ বহুকেইখন দেশ ভ্ৰমণ কৰি পেলাইছে। পাশ্চাত্যলৈ যোৱাৰ মন আছিল যদিও ধনৰ অভাৱত সেয়া সম্ভৱ হৈ উঠা নাই তাৰ জীৱনত। 

এদিন মোৰ আগত গোটেইবোৰ কথা কৈছিল সি। বিদেশৰ চকু অথচ আভ্যন্তৰীণ সমস্যাৰে জৰ্জৰিত নগৰখনে জীৱন-ধাৰণৰ সামান্য প্ৰয়োজনখিনিকো পূৰণ কৰিব পৰা নাই। ওখ-পাখ চেহেৰাৰ উজ্জ্বল বৰণৰ সুঠাম যুৱকজনে মোক কথাবোৰ কৈ পেলাইছিল। জাফৰৰ গাৰ ৰং দেখিয়েই ভাৰতৰ ছোৱালীবোৰে তাৰ লগত ফটো উঠিবলৈ হেঁতা-ওপৰা লগাইছিল। সি সিহঁতৰ দেশৰ নাৰীসকলৰ কথা কৈছিল। সিহঁতৰ দেশৰ নাৰীৰ সৌন্দৰ্য আৰু দৈহিক শক্তিৰ কথা কৈছিল। কেৱল দৈহিক শক্তিয়েইনে? টোকাবহীত কথাবোৰ টোকোঁতে টোকোঁতে এই আফগান নাৰীসকল মোৰ আগ্ৰহৰ বিষয়বস্তু হৈ পৰিছিল।

সেই জাফৰেই এদিন আৰঘানদাব নদীৰ পাৰত বহি থাকোঁতে মোক প্ৰশ্ন কৰিছিল, -

চ্যু ৰা তা হাল আৰচি নাকাৰদিদ?” মানে আপুনি ইমানদিনলৈ কিয় বিয়া হোৱা নাই

প্ৰশ্নটোৰ উত্তৰ কিদৰে দিয়া যায় মনৰ মাজত জুকিয়াই থাকোঁতেই জাফৰে হাঁহি হাঁহি কৈছিল মোক, “আপোনাৰ বয়সলৈ মই তিনিজনী ছোৱালী বিয়া পাতিম।

তিনিজনী কিয়?”- মই আচৰিত হৈ সুধিছিলোঁ জাফৰক।

আমি আফগান লৰাবোৰেই ছোৱালীবোৰক ৰক্ষণাবেক্ষণ দিব লাগিব? আমি বিয়া নাপাতিলে সিহঁতে কিদৰে জীৱন যাপন কৰিব?”

মোৰ দৰে বহিঃদেশৰ যুৱকে যদি তোমাৰ দেশৰ ছোৱালীক বিয়া পাতোঁ, নতুবা যদি তোমালোকৰ ছোৱালীসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা চলাওঁ!

কথাষাৰ কৈ থাকোঁতে অৱশ্যেই দুদিনৰ পূৰ্বে পৰিদৰ্শন কৰা শৰণাৰ্থী শিবিৰত আৱদ্ধ হৈ থকা আফগান নাৰীসকলৰ কথা মোৰ মনলৈ আহিছিল। শৰণাৰ্থী শিবিৰত দুঃসহ জীৱন কটাবলগীয়া হোৱা নাৰীসকল যে ঘৰৰ চাৰিবেৰৰ মাজতো সুৰক্ষিত অৱস্থাত নাছিল, সেই কথা তেওঁলোকৰ কলা বোৰ্খাৰ নিকাবৰ মাজেৰে ভাহি অহা চকুৰ কাৰুণ্যই ফটফটিয়াকৈ বুজাই দিছিল।

মোৰ উত্তৰটো শুনি জাফৰে পিছে বিশেষ ভাল নাপালে। সিহঁতৰ দেশৰ ছোৱালীক মই চকু দিছোঁ, সিহঁতৰ দেশৰ আইনক লৈ মই মাত মাতিছোঁ, এয়া কট্টৰ আফগানৰ চৰমাঘাতত লগাৰে কথা। কিন্তু জাফৰৰ মাজততো তেনে কট্টৰপন্থা দেখা নাছিলোঁ মই। হয়তো মই নজনাকৈয়ে পুৰুষতন্ত্ৰ এটা মজ্জাত সোমাই আছে তাৰ।

জাফৰৰ আধুনিক জীৱনশৈলীৰ মাজত তেনে এটা পুৰণিকলীয়া চিন্তাৰ সম্ভেদ উলিয়াব পাৰি মোৰ ঈষৎ আনন্দ লাগিল। পুৰুষতান্ত্ৰিকতা সকলো পুৰুষৰে জন্মগত অধিকাৰ, নাৰীক দমন কৰাটো সকলো ধৰ্মৰ পুৰুষৰে এক অঘোষিত মৌলিক কৰ্তব্য। কি এক অবিশ্বাস আৰু সংশয়ৰ অনলত দগ্ধ সিহঁতৰ ছয়ফুট দেহৰ আঁৰৰ মনটো! এই অবিশ্বাস আৰু সংশয়ৰ পৰা উদ্ভৱ হোৱা অস্থিৰতাখিনি নিৰাময়ৰ বাবে সিহঁতে দেহৰ শক্তি প্ৰয়োগ কৰে। সিহঁতে দেহৰ শক্তি প্ৰয়োগ কৰে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল শ্ৰেণীটোৰ ওপৰত। শিশুহঁতৰ মগজুবোৰত সিহঁতে ধৰ্মৰ কথাবোৰ আফিঙৰ দৰে প্ৰয়োগ কৰে, নাৰীসকলক শ্বৰিয়ত আইনৰ দোহাই দি ভৰিত শিকলি বান্ধে। অপিয়ামৰ নিচাৰ দৰে হৈ পৰিছে নাৰীদমনৰ এই আসক্তি। 

পুৰুষতন্ত্ৰক আঙুলি টোঁৱাবলৈ যাওঁতে মোৰ মনলৈ আহিছিল আন এক কাহিনী, মোৰ জীৱনৰ গতি সলনি কৰি দিয়া এটা কেঁকুৰিৰ কাহিনী।

সিদিনা আছিল মহাবিদ্যালয় সপ্তাহৰ শেষৰটো দিন। ছোৱালী হোষ্টেলৰ পৰা ওলাবলগীয়া সমদল এটাত তাই প্ৰতিনিধিত্ব কৰাৰ কথা। তাই পিন্ধিছিল জনজাতীয় সহপাঠীৰ পৰা অনা ৰংচঙীয়া কাপোৰ এযোৰ। দখনাযোৰ গাত সামৰি হৈছিলহে, তেনেকুৱাতে চকীদাৰ আহি তাইৰ অপেক্ষাত থকা ভিজিটৰৰ কথা কৈছিল।

ভিজিটৰ! কোন বাৰু?”, তাই মনতে ভাবিছিল।

সেই অসুৰৰাজ!

অসুৰৰাজৰ কথা মনলৈ আনি তাইৰ মুখখন কলীয়া ডাৱৰে ঢাকি ধৰিছিল যেন। দুদিন আগতে সি তাইক পিচিঅটোৰ সন্মুখত এজুম মানুহৰ সন্মুখতে চৰিয়াইছিল। অথচ সেই এজুম মানুহৰ মাজত এজনো মানুহ নাছিল। সকলো আছিল চকুৰে নেদেখা, কাণেৰে নুশুনা অলাগতিয়াল জীৱ (নে অসুৰৰাজৰ সেনানী?)। বাৰে বাৰে তাইৰ প্ৰেম প্ৰত্যাখিত কৰি সি তাইক হুংকাৰ দি গুচি গৈছিল। লাজে-অপমানে চকুপানীৰে পৃথিৱী নেদেখা হৈ তাই পাতালৰ পৃথিৱীত প্ৰৱেশ কৰিছিল। পাতালৰ পৰা পৃথিৱীলৈ অহাৰ আয়োজন চলিছিলহে, আকৌ আহি ওলালহি নেকি সেই অসুৰৰাজ!

নাই নহয়। প্ৰভৰাজহে। নিত্য নৈমিত্তিক দেখা-সাক্ষাতৰ এজন সহপাঠী প্ৰভৰাজ। সাধাৰণ বাৰ্তা বিনিময়ৰ পাছতে প্ৰভৰাজে খবৰ দিছিল তাইক, ভয়ংকৰ পৰিকল্পনা চলি আছে, পাৰিলে কিবা কৰাঁ। সি এতিয়া সুস্থ হৈ থকা নাই।

ভয়ংকৰ পৰিকল্পনা! কি বা কৰিম!

কি কৰিবলৈ কোৱাঁ তুমি প্ৰভৰাজ? তাৰ ভয়ত মই তাৰ প্ৰস্তাৱ মানি লোৱাটোকেই বিচাৰিছা নেকি? তুমি তোমাৰ বন্ধুক কিয় বুজাব নোৱাৰা প্ৰেমৰ অৰ্থ জোৰ জুলুম নহয়? কিয় বুজাব নোৱাৰা তোমাৰ বন্ধুক যে ঘৃণাৰ অনুভূতিৰে প্ৰেম আদায় কৰিব নোৱাৰি। আদায় কৰিব নোৱাৰি ভয়ৰ মাধ্যমেৰেও। তুমি তোমাৰ বন্ধুক বুজাব নোৱাৰি মোৰ ওচৰলৈ দৌৰি আহিলা। এই মহানতাৰ বাবে মই কৃতজ্ঞ হৈ ৰলোঁ প্ৰভৰাজ। কিন্তু মোৰ কৰিব লগা একোৱেই নাই। মই সম্ভাব্য সকলো পৰিস্থিতিৰ বাবেই সাজু হৈ আছোঁ।

কিছু উষ্মাৰে তাই মোক বিদায় দিছিল। বিদায়ৰ পাছত উলটি আহোঁতে, দুয়ো দুয়োলৈ ঘূৰি চাওঁতে চকুৱে চকুৱে পৰিছিল। কি এক অসহায়তা দেখা পাইছিলোঁ তাইৰ চকুত! এই যেন তাই চিঞৰি চিঞৰি কান্দি কৈ উঠিব, “প্ৰভৰাজ তুমি মোৰ সাহস হৈ ৰোৱাঁ। তুমি এবাৰ মোৰ কাষত ঠিয় দি চোৱাঁ

নাই, তাইৰ কোৱা নহল সেইদৰে। মোৰ মাজত সেইখিনি পুৰুষালি বিচৰাটো বাতুলামি আছিল বোধহয়। তাই নাজানিছিল একোকে। তাইক মাথোঁ অসুৰৰাজৰ হাতৰ পৰা মুকলি হবলৈ এখন বলিষ্ঠ হাতোৰাৰ প্ৰয়োজন আছিল।

হালধীয়া দখনা, ৰঙা ৰঙৰ ব্লাউজটোৰে কিমানেই যে ধুনীয়া দেখা নাছিল তাইক! মই আকৌ ঘূৰি চাইছিলোঁ নেকি?





তাই গুচি গৈছিল সমদলত যোগ দিবলৈ। ইমান বাৰে-বৰণীয়া সাজপাৰ, সেইদিনা ইমান ৰঙীন মহাবিদ্যালয়ৰ চৌহদ। জাকৰুৱা হাঁহিত তাই পাহৰি পেলাইছিল প্ৰভৰাজৰ কথা। পাহৰি পেলাইছিল অসুৰৰাজৰ ভয়ংকৰ পৰিকল্পনাৰ কথা। হঠাতে তাইৰ আৰনাইখন খহি পৰিছিল, ক্লিপ খুলি আউলী বাউলী চুলিৰে তাই নৰ্দমাত ওফৰি পৰিছিল। ৰঙীন পৃথিৱীৰ পৰা আন্ধাৰ পাতালত প্ৰৱেশ কৰোতে ভুনভুন শব্দবোৰ কাণত পৰিছিল। মূৰটো যেন থেতালি খাই গৈছিল। সংজ্ঞা হেৰুৱাইছিল ক্ৰমশঃ তাই।

দুদিনৰ মূৰত জ্ঞান পাই তাই নিজকে হস্পিতেলৰ বিচনাত উদ্ধাৰ কৰিছিল। পিন্ধনত আছিল সেউজীয়া ৰঙৰ এপ্ৰন এযোৰ। দখনাযোৰ কলৈ গ? দখনাযোৰ। সেইযোৰতো তাইৰ নাছিল, সেইযোৰ তাইৰ বান্ধৱীৰহে আছিল। বান্ধৱীক দখনাযোৰ ঘূৰাই দিয়াৰ কথা আছিল। তাইৰ হাতত দখনাযোৰ হেৰাই গল। দখনাযোৰ হেৰাই যোৱাৰ দুখত তাই হোৰাহোৰে কান্দিলে। ঔষধে তাইৰ শৰীৰৰ শক্তিখিনি ঘূৰাই আনিলে। কিন্তু ঔষধে তাইৰ ৰঙীন দখনাযোৰ ঘূৰাই আনিব নোৱাৰিলে।

দখনাযোৰ হেৰাই যোৱাৰ দুখত তাই আকৌ এসোঁতা কান্দি ললে। দখনাযোৰ বান্ধৱীক ঘূৰাই দিব নোৱাৰাৰ দুখত দেৱীয়ে আকৌ যেন পৃথিৱী ত্যাগ কৰাৰ আয়োজন চলিল। পাতালপুৰীত নিৰুদ্দিষ্ট হৈ যোৱাৰ কথা আহিল বাৰে বাৰে মনলৈ।

মোক এযোৰ দখনা আনি দিব নে কোনোবাই?” গহীন ভ্ৰমৰ অৰণ্য এখনত তাই এনেকৈয়ে বিচৰণ কৰি থাকিল, “দখনাযোৰ মোৰ নাছিল। দুৰ্গা বসুমতাৰীক মই দখনাযোৰ ঘূৰাই দিয়াৰ কথা আছিল, মোক দখনা এযোৰ আনি দিয়া

তাইৰ অস্থিৰ, উন্মাদ, বাউলা ৰূপটোত মই এজনী দেৱীৰ সন্ধান পাইছিলোঁ। দখনা পিন্ধা চেহেৰাটোৰ লগত কিয়েই যে বিপৰীত ৰূপ এই দেৱীৰ! যেন দুৰ্গাৰ দশভূজাৰ ৰূপৰ বিপৰীতে এটা কালৰাত্ৰিৰ ৰূপ।

কালৰাত্ৰি দেৱী হৈ পৰা ৰূপটোৱে যখিনী ওলোৱা দুপৰীয়াবোৰত জপং জপংকৈ পানীত নামিছিল, ঠিক যিটো ঘাটেৰে ভৰবাৰিষা নৈখনৰ তীব্ৰসোঁতটোৱে মৃত গৰু-ছাগলীবোৰ উটুৱাই নিয়ে, সেইটো ঘাটেৰে। তাৰপিছৰে পৰা প্ৰায়ে মই কেমেৰাটো লৈ পক্ষী অভয়াৰণ্যখনৰ চৰাই গণিবলৈ আহিছিলোঁ,   প্ৰায়ে মই এই দৃশ্য দেখিছিলোঁ আৰু এই দৃশ্য দেখাৰ পাছত মোৰ সদায়েই অৰিয়াঅৰি চলিছিল কালৰাত্ৰি দেৱীৰ লগত। অৰিয়াঅৰিৰ শেষত দেৱীয়ে মোক দখনাযোৰৰ দাবী কৰিছিল প্ৰায় সদায়েই।

মই তাইক আঙুলিয়াই দেখুৱাইছিলোঁ সেই এলন ট্ৰিজোপা, যাৰ চৰণ চুই বৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰ। তাই খিলখিলাই হাঁহি উঠিছিল।

তুমি মোৰ মহাবাহু হোৱা। তুমি মোৰ চৰণতলত বৈ থাকা।

তাই মোৰ বুকুত ভৰি থৈছিল, এইবাৰ সঁচাকৈ তাইক মোৰ দেৱী দেৱী যেন লাগি গৈছিল, যেন দশভুজাৰ আন কৰালবদনা,  মুক্তকেশী,  চতুৰ্ভুজা,  ঘোৰনাদিনী,  মহাৰৌদ্ৰী,  শ্মশানবাসিনী,  উন্নতদন্তা ৰূপৰ দেৱী।

মই নিতৌ জপ কৰিছিলোঁ ৰাত্ৰিদেৱীৰ সেই বৰ্ণনা, ওঁ ৰাত্ৰিং প্ৰপদ্যে পুনৰ্ভুং ময়োভুং কন্যাং……..

মই জপ কৰা মন্ত্ৰই দেৱীৰ বুকুত কোনো কম্পন তোলা নাছিল। তেওঁৰ সৈতে মোৰ অৰিয়াঅৰি বাঢ়ি আহিছিল। তেওঁৰ দাবীমতে মই তেওঁক দখনা এযোৰ যোগাৰ কৰি দিব পৰা নাছিলোঁ। তেওঁৰ জীৱনৰ পৰা দখনাৰ ৰং নোহোৱা হৈ গৈছিল। মই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অকলে থিয় দি ৰোৱা বৃক্ষৰাণীক প্ৰাৰ্থনা কৰিছিলোঁ,  দখনা হেৰুওৱা দেৱীজনীৰ বাবে অলপ শক্তি ভিক্ষা কৰিছিলোঁ আৰু প্ৰথমবাৰৰ বাবে এই বিশ বছৰীয়া ছোৱালীজনীক বিচাৰি পকনীয়াটোলৈ দুভৰি মেলি দিছিলোঁ। কি লয়লাস গতিৰে দেহা ভাঙি ভাঙি পকনীয়াটোৱে মোক হাতত ধৰি আবেদন জনাইছিল। জলৰাণীৰ খামুচিয়া কঁকালত মই খামোচ মাৰি ধৰিছিলোঁ। মোৰ কাতৰ কাকূতিত হালধীয়া দখনা বিচৰা ছোৱালীজনীক পকনীয়াটোৱে মোক ঘূৰাই দিছিল। কিন্তু সকলো যে শেষ হৈ গৈছিল। জীৱনৰ ৰং বিচৰা ছোৱালীজনীৰ মুখত কিদৰে ইমান কলা দাগ আছিল,  চকুৰ গুৰিতো যেন গভীৰ প্ৰচ্ছায়া, হয়তো শৰীৰো কলা দাগেৰে ভৰা।

অতবোৰ কলা ৰঙেৰে এজনী ছোৱালী কিদৰে সোণবৰণৰ দৰে জিলিকি থাকিব পাৰে! যেন শ্মশানযাত্ৰাৰ সমদলত মিলিত হৈছিল নাৰীসকল। সকলোৰে পিন্ধনত যেন কলা বোৰ্খা।

গোটেই পৃথিৱীখন অসুৰৰাজে শাসন কৰাৰ সময়ৰ কথা। নাৰীসকলৰ শৰীৰত কলা দাগৰ বাদে কি থাকিব পাৰে। বোৰ্খাৰ ওপৰতো কলা ৰং, বোৰ্খাৰ তলতো কলা ৰং। তাতোকৈ চকু বান্ধি লোৱা হে গান্ধাৰ দেশৰ নাৰীসকল।

মৰতৰ পৰা টানি নি জলৰাণীয়ে মোক বাৰে বাৰে পাতালপুৰীলৈ আমন্ত্ৰণ জনায়। পাতালপুৰীৰ অসুৰসেনানীয়ে দখনা হেৰুওৱা ছোৱালীজনীৰ শৰীৰৰ কোমল অংশবোৰ কুকুৰক ভক্ষণ কৰিবলৈ দিয়ে। কোমল শৰীৰ মানেই দুৰ্বল শৰীৰ, দুৰ্বল শৰীৰ মানেই বলবানৰ ৰাজত্ব; পুৰুষ মানেই কঠিন, কঠিন মানেই বলবান- এটা নিৰ্ভেজাল সূত্ৰ। এই সূত্ৰটোৰ আঁত ধৰি দখনা হেৰুওৱা নাৰীজনীক মই পাতালৰ পৰা উলিয়াই আনিব পাৰিলোঁহতেঁন।

মই তাইৰ হাতত ধৰি উজনি ভলগাৰ পাৰলৈ লৈ আনিব পাৰিলোঁহেঁতেন। খোজ কাঢ়িব পাৰিলোঁহেঁতেন ভলগা উপত্যকাৰ ঘন অৰণ্যৰ মাজত। শাৰী শাৰী সৰল গছবোৰৰ ছাঁ লৈ মই তাইক ভলগা অৰণ্যৰ সেই এডভেন্সাৰাচ সাধুবোৰ কব পাৰিলোহেঁতেন। আইনষ্টাইনৰ সময়যন্ত্ৰত যাত্ৰা কৰি মহিলা চিকাৰীয়ে নেতৃত্ব লোৱা নাঙঠ মানৱৰ দল দৰ্শন কৰাব পাৰিলোঁহেঁতেন তাইক । সিহঁতে যাঠিৰ দৰে অস্ত্ৰৰে একেটা শালিতে ভালুকৰ কলিজা ভেদি চোঁচৰাই অনা দৃশ্যবোৰ মই তাইক আঙুলিয়াই দেখুৱাব পাৰিলোঁহেঁতেন। মই বুজাব পাৰিলোঁহেঁতেন দেৱী আদ্যাৰ শক্তিৰ কথা।

অতুলং তত্ৰ তত্তেজঃ সৰ্বদেবশৰীৰজম।

একস্থং তদভুন্নাৰী ব্যাপ্তলোকত্ৰয়ং ত্বিষা।

কিন্তু মই এইবোৰ একোকে কৰিব নোৱাৰিলোঁ। মোৰ কোনোটো মন্ত্ৰ তাইৰ কাণত নপৰিল। পৃথিৱীৰ অসুস্থ নাৰী এখিনিক মোৰ হাতত চমজাই তাই পাতালৰ দেশত আশ্ৰয় ললে।

হিন্দুকুশ পৰ্বতৰ ওচৰত থিয় হৈ কথাখিনি ভাবি থাকিলোঁ। কি সুন্দৰ আছিল এই উপত্যকা। শাৰী শাৰী হিমালয় পৰ্বতৰ মাজত জিৰণি লৈ চেংগিজ খাঁৰ দৰে বিশ্বনায়কেও জানো এইখিনিৰ পৰাই বাট সলোৱা নাছিল।

চেংগিজ খাঁ! চেংগিজ খাঁ! অত্যন্ত শৌৰ্য-বীৰ্য্যৰ অধিকাৰী চেংগিজ খাঁ। শাস্তি প্ৰদানৰ নিত্য নতুন চিন্তাৰে মগজু কলুষিত কৰা উন্মাদ চেংগিজ খাঁ। সেই চেংগিজ খাঁৰ কিমান সন্তান আছিল জানানে? হাজাৰ হাজাৰ সন্তান। সেই হাজাৰ সন্তানে পুৰুষৰ পৰা পুৰুষলৈ চেংগিজ খাঁৰ জিন কঢ়িয়াইছে। চেংগিজ খাঁৰ বংশধৰসকল উন্মত্ত নহব কিয়?

মই তাইক এইবোৰ কথাও কব পাৰিলোঁহেঁতেন। দখনা হেৰুওৱা ছোৱালীজনীয়ে মোক ওভতি ধৰিলেহেঁতেন, “তেতিয়াহলে চেংগিজ খাঁৰ জিন কঢ়িওৱা নাৰীসকল কিয় দুৰ্বল হৈ থাকিল?”

দখনা হেৰুওৱা দেৱীৰ কণ্ঠত প্ৰতিবাদৰ সুৰ থাকিলেও প্ৰতিবাদ কৰে কাক! অসুৰৰাজে মেলি দিয়া সহস্ৰ সেনানীৰ ওচৰত যে দেৱী অস্ত্ৰহীন, দুৰ্বল।

কান্দাহাৰৰ পৰা কাবুল, কাবুলৰ পৰা হেৰাটৰ যাত্ৰাবোৰত মই কলা বোৰ্খা পিন্ধা বে-ৰঙী মহিলাসকলক দেখিলে দখনা বিচাৰি হাঁহাকাৰ কৰা ছোৱালীজনীৰ কথা মোৰ বৰকৈ মনত পৰে। তাইৰ সাহস হৈ উঠিব নোৱাৰা মোৰ অবোধতাৰ ওপৰত ভীষণ ধিক্কাৰ জন্মে। অজান এক অস্বস্তিয়ে মোক গ্ৰাস কৰি আনে।

তেনে এক অস্বস্তিময় সময়বোৰৰ পৰা নিবাৰণ পাবলৈ মই আফগানিস্তানৰ নাৰী সমাজৰ কাষ চাপিব খুজিছিলোঁ। শৰণাৰ্থী শিবিৰবোৰলৈ মোৰ সঘন আহযাহ চলিছিল। আৰু মই লগ পাই গৈছিলোঁ প্ৰতিবাদী সত্ত্বাৰ এগৰাকী আফগান নাৰীক। গুলনুৰ নামৰ সেই নাৰীয়ে সন্ত্ৰাসবাদীৰ হাতত সকলো হেৰুৱাইছিল, পিতৃ-মাতৃ, পৰিয়াল-স্বজন, আনকি কুমাৰীত্বও। পাতালপুৰীৰ সেনাৰ জাকে তাইৰ কোমল শৰীৰটো ছিৰিলা ছিৰিলকৈ ফালিছিল।

মোৰ হাতত যদি এটা পিষ্টল থাকিলহেঁতেন”,  গুলনুৰে মোৰ আগত ক্ষোভেৰে কথাবোৰ কৈছিল।

নিজেই নিজৰ অস্ত্ৰ হোৱা”, সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ কৰি ভাঙি পেলোৱা বামিয়ানৰ বুদ্ধৰ মূৰ্তিৰ ধ্বংসস্তুপটোলৈ চাই অতৰ্কিতে কৈ পেলাইছিলোঁ মই। কৈ লৈ বিড়ম্বনাত ভূগিছিলোঁ। অবোধৰ পৰা বুদ্ধ হোৱাৰ কি এক জটিল পৰিক্ৰমা!

নিজৰ সতে যুদ্ধ কৰি কৰি আফগানী ছোৱালী গুলনুৰে শৰীৰৰ ঘাঁবোৰ শুকুৱাইছিল। দাগবোৰ ৰৈ গৈছিল কৰবাত। দাগ ঢাকিবলৈ তাই দীঘল হাতৰ চোলা পিন্ধিছিল। ভৰিত আছিল দীঘল পায়জামা। পুৰুষৰ দৰে।

দখনা হেৰুওৱা ছোৱালীজনীলৈ মনত পৰিছিল মোৰ। গুলনুৰক দখনাৰ সাজত চোৱাৰ হেঁপাহ এটা আৰম্ভ হৈছিল মনৰ মাজত। এসময়ৰ ৰেশমী কাপোৰৰ বাণিজ্যকেন্দ্ৰ আফগানিস্তানৰ ৰংচঙীয়া সাজবোৰ কত নোহোৱা হৈ গ, এই প্ৰশ্নই মোক কুৰুকিবলৈ আৰম্ভ কৰিছিল। সেয়ে এদিন মই তাইক সুধি পেলাইছিলোঁ,

 

 এই দেশৰ নাৰীয়ে দখনাবোৰ কত হেৰুৱালে?”

আফগান দেৱী গুলনুৰে উত্তৰ দিছিল, “পেটৰ ভোকত সকলোবোৰ বিক্ৰী হৈ গ

পেটৰ ভোক!  এটা বাক্যতে যেন গুলনুৰে তেওঁলোকৰ অচলাৱস্থাৰ এটা শতিকা দাঙি ধৰিছিল। ধৰ্মান্ধতা, হিংসা, দুৰ্ভিক্ষই কোঙা কৰা পুৰুষসকলে পেটৰ ভোকৰ দায়িত্ব লব নোৱাৰি হাতত বন্দুক তুলি লৈছে নেকি? ছোভিয়েট সেনা, আমেৰিকান সেনাৰ লগতে সন্ত্ৰাসবাদৰ মাজত পিষ্ট হোৱা নাৰীসকলৰ প্ৰতিভূ হৈ উঠা প্ৰতিবাদী দেৱীৰ প্ৰতি তাচ্ছিল্যৰ হাঁহি এটা নিগৰি আহিছিল মোৰ ওঁঠেৰে। মুখেৰে ওলাই গৈছিল ঘপকৈ,’

শ্বৰিয়ত আইনত দখনা পিন্ধাৰ অনুমতি নাই, তাকে কোৱা।

সেয়াতো পুৰুষসৃষ্ট আইন।  নাৰীৰ মতামত কি শুনিবা?”

তোমালোকৰ নাৰীসকলে প্ৰতিবাদ নকৰে কিয়?”

বন্দুকৰ সীহত যিদৰে প্ৰতিবাদৰ ভাষা লুকাই থাকে, বন্দুকৰ সীহত প্ৰতিবাদ দমনৰ ভাষাও লুকাই থাকে প্ৰভৰাজ।

গুলনুৰৰ গহীন কথাবোৰত মোৰ মুখৰ ভাষা হেৰাই যায়। তিক্ত অভিজ্ঞতাই মানুহক বয়সতকৈ ভাবুক কৰি তোলে। গুলনুৰৰ মাজত মই এই ভাবুকতা দেখা পাইছিলোঁ। মোৰ প্ৰশ্নোত্তৰবোৰত তাই বুদ্ধীদীপ্ততা প্ৰকাশ পাইছিল। তাইৰ দৈহিক পৰিভাষাত আছিল প্ৰচণ্ড সাহস আৰু প্ৰতাহ্বান নেওচিব পৰা উন্মুখতা। আকৌ এদিন সুধিছিলোঁ তাইক,

তোমালোকৰ পুৰুষে ধৰ্মৰ বাবে হওক, স্বাধীনতাৰ বাবে হওক, এক শতিকা যুঁজিলে, তোমালোক নাৰীসকলে নিজৰ বাবে কেতিয়াকৈ যুঁজিবা?”

এইবাৰ তাই একো উত্তৰ দিয়া নাছিল। কিছুমান প্ৰশ্নৰ উত্তৰ ইমান সহজে কত ওলাব? আৰু কত প্ৰশ্নতো উত্থাপনেই নহয়। মই তাইৰ চকুহাললৈ চাইছিলোঁ। পুৰুষৰ ছদ্মবেশেৰে তাই মোৰ লগত কাবুল চহৰ ঘূৰি ফুৰিছিল। কুভা নৈৰ পাৰত  শুই আমি দূৰৈৰ নীলা আকাশখনলৈ চাই পঠিয়াইছিলোঁ। শুকান চাংলাখ পাহাৰখনে আমাক যেন পহৰা দি আছিল। গভীৰ আক্ষেপমিশ্ৰিত কণ্ঠেৰে তাই এদিন মোৰ আগত ব্যক্ত কৰিছিল, -

তুমি মোৰ মাজত একোকে নাপাবা

তাইৰ প্ৰতি মোৰ অনুৰাগ কেতিয়াকৈ প্ৰেমলৈ ৰূপান্তৰিত হৈছিল সেই কথা মোতকৈ আগেয়ে হয়তো তাই বুজি পাইছিল। তাইক যে মই দেৱী জ্ঞান কৰিবলৈ লৈছিলোঁ সেই কথা অৱশ্যে মুকলিকৈ কৈছিলোঁ।

দেৱী মানে? দেৱী মানে গোল, উজ্জ্বল মুখৰ, পীনোন্নত শৰীৰৰ এগৰাকী নাৰীৰ ছবি নে শ্ৰদ্ধা-ভক্তিৰ অনন্য প্ৰতিচ্ছবি?

মোৰ ওচৰত কথাটোৰ একো উত্তৰ নাছিল। বহুতদিন মই নিজকে এই পৃথিৱীত মোৰ আগমনৰ উদ্দেশ্য সম্পৰ্কে প্ৰশ্ন কৰিছোঁ। মোৰ প্ৰতি দায়িত্ব নোলোৱা পিতাক মই বাৰম্বাৰ ক্ষমা কৰি দিছোঁ। আইৰ একাকীত্বৰ সম্বল হৈ সেই শেষ মুহূৰ্তলৈকে কাষত ৰৈ থকাৰ পাছতো বহুতদিন মোৰ নিজকে শেষ কৰি দিয়াৰ তাড়না জাগিছে। দখনা হেৰুওৱা ছোৱালীজনীয়ে মোক বহুতবাৰ মৃত অৱস্থাত পেলাই থৈ গৈছে। এই প্ৰথমবাৰৰ বাবে মই জীয়াই থকাৰ উচ্ছ্বাসত মত্ত হৈছোঁ।

তাই নিতৌ শৰীৰচৰ্চাৰ নামত কঠোৰ অনুশীলন কৰিছিল। তাইৰ বাহু লৌহকঠিন হৈ পৰিছিল। মুখায়বয়ব হৈ পৰিছিল পুৰুষৰ দৰে। তাইক মই বিবাহৰ প্ৰস্তাৱ দিছিলোঁ। মই জানিছিলোঁ, ভৌগোলিক সীমাৰ বাধা আঁতৰাই অহাটো তাইৰ বাবে যিমান কষ্টকৰ আছিল, তাতোকৈ বেছি কষ্টকৰ আছিল স্ব-গোত্ৰীয় নাৰীৰ সমস্যাবোৰৰ পৰা পলায়ন কৰাটো। তাই পিছে বেলেগ চিন্তাতহে নিমগ্ন আছিল। সেয়ে এদিন তাই মোক কাপোৰ উদঙাই দেখুৱাইছিল- এই দেহত নাৰীত্বৰ কি অৱকাশ ৰৈ গৈছে প্ৰভৰাজ?”

দেহৰ সাংখ্যিক অংকক লৈ দেৱীৰ ইমান আড়স্ততাবোধ কিয়? সুগোল স্তন, কৃশ কঁকাল আৰু নিতম্বময়ী নাৰীৰ দাম কিয় বেছি আজিও? মই দেৱীক বুজাব খুজিছিলোঁ, “বজাৰত এইবোৰ উপাদানৰ দাম যিমানে বাঢ়িব, সিমান দাম কমিব নাৰীত্বৰ। তুমি কিহক প্ৰাধান্য দিব খোজা? নাৰীত্ব নে দেহত্বক?”

এটা ডাইলেমাই মোক গ্ৰাস কৰি আনিছিল। মোলৈকো জীৱনৰ সংকট নামি আহিছিল। জাফৰে মোৰ প্ৰতিটো কথা নখদৰ্পণত ৰাখিছিল। আফগানী দেৱীৰ ছদ্মবেশী ৰূপটোও সি ধৰা পেলাইছিল। সিহঁতৰ কট্টৰবাদী অহমিকাত গুলনুৰৰ পুৰুষ-ছদ্মবেশে আঘাত হনাটোত সিহঁত জ্বলিপকি উঠিছিল।

ঠিক যেন নৰবলি দিয়া কুঠাৰ এখনৰ আগে আগে মই পৰ্বতে-কন্দৰে ঘূৰি ফুৰিছিলোঁ। তাই মোক হাতযোৰ কৰি কৈছিল, মোৰ শপত, তুমি ইয়াৰ পৰা পলাই যোৱা প্ৰভৰাজ।

আৰু তুমি? তোমাৰ কি হ?, মই কৈছিলোঁ।

মোৰ কি হব প্ৰভৰাজ? মোৰ মৃত্যু হ, কিন্তু ইমান সহজ মৃত্যুতো নহব। হয়তো বেত্ৰাঘাট হ, ৰাজহুৱা স্থানত শিলগুটি দলিয়াই মাৰিব, এয়াতো হবলগাই আছিল। এয়াতো প্ৰতিগৰাকী নাৰীৰ লগতেই হয়। মই এই সকলো কথা জানিয়ে এই পথত ভৰি দিছোঁ। তুমি মাথোঁ কুশলে থাকা। তুমি কুশলে থাকিলেই মই শান্তিৰে মৃ্ত্যুবৰণ কৰিম।

কিবা এটা ভাৱি গুলনুৰে আকৌ কৈছিল,-মোৰ অৱশ্যম্ভাৱী মৃত্যু শাস্তিক সিহঁতৰ নিয়মক বাহাল ৰাখাৰ সোঁৱৰণী হবলৈ মই কেতিয়াও নিদিওঁ। মোৰ মৃত্যুত সিহঁতক পুৰুষত্বৰ অপমান হবই হব।

মই কিবাকৈ এযোৰ দখনা যোগাৰ কৰিছিলোঁ। এদিন তাইৰ দেহত দখনাযোৰ মেৰিয়াই দিছিলোঁ। গাখীৰৰ দৰে বগা দেহাটো ৰদ আৰু কষ্টৰ অত্যাচাৰত মুগাবৰণীয়া হৈ পৰিছিল। তাইৰ ওঁঠত মই চুমা আঁকি দিছিলোঁ। নাৰীসুলভ লাজ এটাই তাইৰ হালধীয়া হাঁহিটো সোণবৰণীয়া কৰি তুলিছিল। জীৱনক বুজি উঠাৰ আগতেই সকলো হেৰুৱাই পেলোৱা গুলনুৰৰ মুখত সেইদিনা ফুটি উঠা লাজৰ আভাই তাইক সাংঘাতিক ধুনীয়া কৰি তুলিছিল।

তাইৰ হাঁহিটোক এটা স্থায়ী ৰূপ দিবলৈ যো-জা কৰোঁতেই এদিন তাইৰ দেহাটো আমু দৰিয়া নদীৰ পানীত বৰফ হৈ গৈছিল। আফগান দেৱীৰ এই মৃত্যু সাধাৰণ মৃত্যু নাছিল। কাৰণ সেয়া গুলনুৰৰ ইচ্ছা মৃত্যুহে আছিল। প্ৰতিবাদৰ কাৰণেও কোনোবাই স্ব-মৃত্যু স্বীকাৰ কৰিব সেইটোত মই হতবাক হৈছিলোঁ। আনহাতে গুলনুৰৰ এই আত্মহত্যা কট্টৰপন্থীবোৰৰ সহ্যৰ বাহিৰত আছিল। নিয়মৰ নামত কেৱল অমানুষিক শাস্তি দিব বিচৰা মৌলবাদীবোৰৰ জিঘাংসা পূৰণ নোহোৱাৰ খং দেখা পাইছিলোঁ। মোক ধৰি-বান্ধি লৈ যোৱা হৈছিল। জাফৰে চকু তুলি মোলৈ চাব পৰা নাছিল। কৰবাত যেন লাজ আছিল! নহয়, লাজ নহয়, হয়তোবা সংশয়, কাৰণ সেই কট্টৰ সমাজখনৰ সিও যে অংশীদাৰ সেইটো মোৰ চকুত ধৰা পৰি যোৱা বুলি সি নিশ্চিত হৈছিল। মোৰ মৃত্যুও যে নিশ্চিত সেইটোও জাফৰৰ জ্ঞাত আছিল।

দুখত কোঙা হৈ পৰিলেও গুলনুৰৰ এই প্ৰতিবাদী মৃত্যুৱে মোক যেন কিবা এটা সকাহ দিছিল। শিলগুটিৰ আঘাতত বীভৎস হৈ পৰা গুলনুৰৰ মুখমণ্ডলৰ কল্পনা কৰি মই কোনোবাদিনা জ্বৰে ঘমাদি ঘামিছিলোঁ। তাৰ বিপৰীতে এই মৃত্যু আছিল কিমান সুন্দৰ, কিমান শ্বাশ্বত! হিমালয়ৰ বৰফে বগা কৰি পেলোৱা শৰীৰটো নৈৰ হিমশীতল পানীয়ে পখালি পখালি মহাগৌৰীৰ ৰূপ দিছিল। আফগান নাৰী গুলনুৰ মহাগৌৰী হৈ পৰিছিল। সুৰুযৰ পোহৰত মহাগৌৰীৰ দেহত যেন হাজাৰ বিজাৰ দখনাৰ ৰং প্ৰতিবিম্বিত হৈছিল।

ময়ো সাজু হৈ উঠিছিলোঁ। মাত্ৰ এটা কাম কৰিছিলোঁ মই। এটা প্ৰতিবেদন লিখি সকলো সংবাদপত্ৰলৈ প্ৰেৰণ কৰিছিলোঁ, “এই যে এগৰাকী নাৰীয়ে নিজৰ ইচ্ছাত মৰিবলৈ শিকিলে, অনাগত দিনৰ সহস্ৰ নাৰীয়ে নিজৰ ইচ্ছাত জীৱন যাপন কৰিবলৈ সাহস কৰিব

 

(সমাপ্ত)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ