অন্যযুগ/


প্ৰকৃতি

দাদুল দেৱকৃষ্ণ

বনানি সৰু ছোৱালী
তাই গাঁৱৰে মধ্য ইংৰাজী বিদ্যালয়খনৰ ষষ্ঠ মানৰ ছাত্ৰী। পঢ়াত বৰ বেছি তীখৰো নহয়বৰ বেছি ওদাও নহয়। মানে মধ্যমীয়া। কিবা এটা নজনা কথা ওলালেই তাই চিধাই গৈ দেউতাকৰ ওচৰ পায়গৈ। দেউতাক কি কামত ব্যস্ত থাকে তালৈ ভ্ৰূক্ষেপ নকৰি মনত উকমুকাই থকা কথাবোৰ সুধি পেলায়
স্কুল বন্ধৰ দিনত ৰাতিপুৱা ঘৰত দি যোৱা খবৰ কাগজখন প্ৰথম তায়েই মেলে। সেয়া তাইৰ স্বঘোষিত অধিকাৰ। পিছে কভিড-১৯-ৰ সংক্ৰমণৰ আশংকাত লকডাউন ঘোষণা কৰাৰ পাছৰে পৰা সিহঁতৰ স্কুল বন্ধ হৈ আছে। গতিকে স্কুল বন্ধ হোৱা দিনৰে পৰা বাতৰি কাকতখনত তাইৰ অধিকাৰ বৰ্তিল। কাকতখনত কিবা নতুন কথা পালে পোনছাটেই গৈ তাই দেউতাকৰ ওচৰত হাজিৰ হয়গৈ
আজিও তাই পিছ চোতালত কাম কৰি থকা দেউতাকৰ ওচৰ পালেগৈ। দেউতাক তেতিয়া জেওৰাৰ গোঁজ জোঙলাত ব্যস্ত। দেউতাকৰ সমুখত ৰৈ তাই খবৰ কাগজত প্ৰকাশিত বাতৰি এটাৰ শিৰোনামৰ প্ৰসংগত সুধিলে— ‘‘দেতাপ্ৰকৃতি মানে কিনো?’’
: ‘‘কিয় সুধিলা?’’— দেউতাকে কামৰ পৰা মূৰ নোতোলাকৈয়ে সুধিলে
: ‘‘আজিৰ কাকতত লিখিছে— ‘‘’ৰ’না ভাইৰাছে সলনি কৰিছে প্ৰকৃতি’’। মোক এতিয়া আপুনি কব লাগে এই প্ৰকৃতি’ মানেনো কি?’’
: ‘‘প্ৰকৃতি শব্দটোৰ অৰ্থ বহুতো আছে নহয়’’
: ‘‘যিমান আছে কওকচোন।’’— বনানি এৰি দিয়া ভকত নহয়েই
: ‘‘তুমি খবৰ কাগজৰ যিটো শিৰোনাম মোক শুনালাসেই শিৰোনামটোত থকা প্ৰকৃতি’ শব্দটোৱে স্বভাৱচৰিত্ৰআচাৰ-ব্যৱহাৰ আদি বুজাইছে। ইংৰাজীত কবলৈ হলে শব্দটোৱে nature, temperament, characteristics বুজাইছে। এই শব্দটোৱে বস্তুৰ ধৰ্ম আৰু আচৰণকো বুজায়। একেটা শব্দই গছ-গছনিনদ-নদীচৰাইজন্তুপাহাৰ আদিৰে জগতখন বা সৃষ্টিকো বুজায়। অৰ্থাৎ— গছ-গছনিনদ-নদীচৰাই-চিৰিকতি, জীৱ-জন্তুপৰ্বত-পাহাৰ আদিৰে পৰিপূৰ্ণ জগতখনক প্ৰকৃতি বা nature বোলা হয়। আকৌ ঈশ্বৰৰ সৃষ্টি কৰাৰ ইচ্ছা বা শক্তিকো প্ৰকৃতি বুলি কোৱা হয়। অলপ হলেও বুজিব পাৰিছানে তুমি?’’— দেউতাকে বনানিক কিছু দীঘলীয়াকৈয়ে কলে
: ‘‘বুজিছোঁ। আমাৰ ভাইটিয়ে যেযেতিয়াই তেতিয়াই মোক জোকাই থাকেসেইটো তাৰ প্ৰকৃতি ন! মোক পিছে গছ-গছনিনদ-নদীচৰাইজন্তুপাহাৰ আদিৰ সমষ্টি জগতখন বা সৃষ্টিক বুজোৱা প্ৰকৃতিৰ বিষয়েহে ভালকৈ কব লাগিব। মানে মই বুজি পোৱাকৈ বহলাই কব লাগিব’’
বনানি কম ছোৱালী নহয়। কিবা এটাত লাগিলে সহজে এৰি নিদিয়ে। মুঠতে পেঘেনিয়াই থাকিব। চেলাপেটী জোক লগাৰ দৰে লাগে। সেয়ে দেউতাকে জেওৰাৰ গোঁজ জোঙালি থাকিয়েই হাঁহি হাঁহি কলে— ‘‘ঠিক কৈছাতোমাক জোকাই থকাটো যিদৰে ভাইটিৰ প্ৰকৃতিএকেদৰে চেলাপেটী জোক লগাদি লাগি থকাটো তোমাৰ প্ৰকৃতি। মই বাৰু তুমি জানিব বিচৰা প্ৰকৃতি’-ৰ বিষয়ে ককিন্তু এতিয়া নহয়৷’’
: ‘‘নহব। এতিয়াই কব লাগিব। চমুকৈ হলেও কব লাগিব।’’— বনানি নাচোৰবান্দা। চেলাপেটী জোকে ধৰাৰ দৰে ধৰিলেই দেউতাকক
: ‘‘ঠিক আছে বাৰু ককিন্তু এটা চৰ্তত।’’— দেউতাকে তাইক কথাৰে বান্ধিব খোজে
: ‘‘কি চৰ্ত?’’— কৌতূহলেৰে সোধে বনানিয়ে
: ‘‘তুমি যদি প্ৰকৃতিৰ একো একোটা বিষয় নিতৌ মোৰ পৰা শুনিব বিচাৰা তেতিয়াহে তোমাক আজি প্ৰকৃতিৰ কথা কম।’’— দেউতাকে তাইলৈ নোচোৱাকৈয়ে কলে
: ‘‘ঠিক আছে তেন্তেমই ৰাজি আছোঁ।’’— বনানি দেউতাকৰ কথাত সন্মত হ
এতিয়া তেন্তে শুনা প্ৰকৃতিৰ কথা।— দেউতাকে জেওৰাৰ গোঁজ জোঙালি থকাৰ মাজতে কবলৈ আৰম্ভ কৰিলে প্ৰকৃতিৰ কথা
প্ৰকৃতি বা nature বুলিলে সাধাৰণতে প্ৰাকৃতিকভৌতিক বা বস্তুতাতত্ত্বিক পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। প্ৰকৃতি’ শব্দই আমাৰ ভৌতিক পৃথিৱীখনত ঘটি থকা বিভিন্ন পৰিঘটনা আৰু জীৱনকো সাঙুৰি লয়। প্ৰকৃতি আৰু প্ৰকৃতিৰ অধ্যয়ন বিজ্ঞানৰ এক বহল অধ্যায়। আমি মানুহে কৰা কামবোৰ প্ৰাকৃতিক পৰিঘটনাৰ পৰা পৃথক বুলি কোৱা হয় যদিও আমি মানুহবোৰো কিন্তু প্ৰকৃতিৰেই এক অংশ
আমি যে প্ৰকৃতিক বুজাবলৈ ইংৰাজীত nature বুলি কওঁএই nature শব্দটো কিন্তু ইংৰাজী ভাষাৰ পোনপটীয়া শব্দ নহয়। লেটিন ভাষাৰ natura শব্দটোৰ পৰাহে ইংৰাজী ভাষালৈ শব্দটো তুলি অনা হৈছে। এই শব্দটোৰ ইংৰাজী অৰ্থ হৈছে essential qualities, innate disposition। অতীজতে ইয়াৰ আক্ষৰিক অৰ্থ আছিল জন্ম বা birth। আকৌ natura শব্দটো লেটিন ভাষাৰ পৰা আহিছে বুলি কৈছোঁ যদিও ই গ্ৰীক শব্দ phusis (φύσις)-ৰ লেটিন অনুবাদহে। এই phusis শব্দটো উদ্ভিদপ্ৰাণী আদিৰ অন্তৰ্নিহিত বৈশিষ্ট্য আৰু পৃথিৱীৰ অন্য বৈশিষ্ট্যৰ সৈতে সম্পৰ্কিত আছিল। সামগ্ৰিকভাৱে প্ৰকৃতি’ ধাৰণাটোত ভৌতিক বিশ্বব্ৰহ্মাণ্ডক বুজায়। আকৌ ভৌতিক’ শব্দটোৰ বিষয়ে বিচাৰ কৰি চালে দেখা যায় যেপঞ্চদশ শতিকাৰ মাজভাগত ইয়াৰ সমাৰ্থক হিচাপে প্ৰাকৃতিক’ শব্দটো ব্যৱহাৰ কৰা হৈছিল
আগতেই কৈছোঁ যেপ্ৰকৃতিৰ পৰিসৰ বহু বহল। অৱশ্যে বৰ্তমান প্ৰকৃতি শব্দটো ঘাইকৈ ভূগোল আৰু বন্য জীৱন বুজাবলৈ ব্যৱহাৰ কৰা হয়। জীৱিত উদ্ভিদ আৰু প্ৰাণীৰ সাধাৰণ বৈশিষ্ট্য বুজাবলৈও প্ৰকৃতি শব্দটো ব্যৱহাৰ কৰা হয়। কেতিয়াবা পৃথিৱীৰ কোনো বস্তুৰ স্থিতি অথবা পৰিৰ্তন বুজাবলৈও এই শব্দটো ব্যৱহাৰ কৰা হয়যেনে— বতৰপৃথিৱীৰ ভূগোল আদি। ইয়াক প্ৰায়ে প্ৰাকৃতিক পৰিৱেশ’ বা বন্য জীৱন— বন্যপ্ৰাণীশিলহাবি−বননি আৰু সাধাৰণতে মানুহৰ হস্তক্ষেপ নথকা সকলো বস্তুকে বুজায়। উদাহৰণস্বৰূপে— উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ আৰু মানুহৰ অৰিহণা থকা বস্তুসমূহক প্ৰকৃতিৰ অংশ হিচাপে ধৰা নহয়। এই ধৰাআমি পকীঘৰ সাজিবলৈ অনা শিলবোৰ প্ৰাকৃতিককিন্তু চিমেণ্ট প্ৰাকৃতিক নহয়। শিল আমি তৈয়াৰ কৰিব নোৱাৰোঁচিমেণ্ট তৈয়াৰ কৰিব পাৰোঁ। শিল প্ৰাকৃতিক কিন্তু চিমেণ্ট কৃত্ৰিম। অৰ্থাৎ মানুহে নিৰ্মাণ কৰা বা উৎপাদন কৰা বস্তু বা সামগ্ৰীসমূহ কৃত্ৰিম

Cambridge Dictionary-ত প্ৰকৃতি বা nature সম্পৰ্কে এনেদৰে কৈছে— all the animals, plants, rocks, etc. in the world and all the features, forces, and processes that happen or exist independently of people, such as the weather, the sea, mountains, the production of young animals or plants, and growth.
প্ৰকৃতিৰ বিষয়ে আৰু বহু কথা আছে। এদিনতে কৈ শেষ কৰিব নোৱাৰি। এদিন বা এমাহতে বুজিও শেষ কৰিব নোৱাৰিশিকিও শেষ কৰিব নোৱাৰি। প্ৰকৃতি সাগৰৰ দৰেই বিশাল আৰু ৰহস্যময়
: ‘‘আজিলৈ হব দেতা।’’— বনানিয়ে দেউতাকক কলে। তাই হয়তো প্ৰকৃতি সম্পৰ্কে থূলমূল ধাৰণা এটা কৰিব পাৰিছিল
: ‘‘প্ৰকৃতিৰ কথা আমি সদায় পাতিম দেইএতিয়া মই কামত লাগোঁ’’
বনানিক কথা কৈ থকাৰ সময়তে জেওৰাৰ গোঁজখিনি জোঙালি শেষ কৰিছিল বনানিৰ দেউতাকে। সেইখিনি নি বাৰীৰ ঢাপত গুঁজি জেওৰা দিব কাইলৈ। জেওৰা বোৱাৰ আগতে ঢাপটোৰ বন-বাতখিনি চিকুণাই লব। বনখিনিও প্ৰকৃতিৰ অংশ। এইখিনি কথাও বনানিক বুজাই কব লাগিব
শিশু-কিশোৰৰ চ’ৰা
আজিৰ শিশুসকল পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী হ’লেহে ভৱিষ্যতেও তেওঁলোকে পঢ়া-শুনাৰ প্ৰতি দায়বদ্ধ হৈ ৰ’ব আৰু শিশুকালতে গঢ় দিয়া অভ্যাসটোৱে ভৱিষ্যতে বুজন বয়সত তেওঁলোকৰ ব্যক্তিত্ব আৰু প্ৰতিভাক উজলাই তুলিব। সেয়ে বৰ্তমান অসমৰ শিশু আলোচনীকেইখনৰ প্ৰকাশ অনিশ্চিত ধৰণৰ হৈ পৰালৈ লক্ষ্য ৰাখি শিশু আৰু কিশোৰসকলৰ মানসিক খোৰাক যোগাবলৈ এই শিতানটো আৰম্ভ কৰা হৈছে। অহা সংখ্যাৰ পৰা এই শিতানটোৰ কলেৱৰ বৃদ্ধি কৰা হ’ব। ইয়াত (১) শিশু আৰু কিশোৰৰ বাবে লিখা আৰু (২) শিশু আৰু কিশোৰে লিখা লেখা প্ৰকাশ কৰা হ’ব। আগ্ৰহীসকলক লেখা পঠাবলৈ অনুৰোধ জনালোঁ।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ