জোনমণি দাস
শেৱালি নেৱালি বকুল তগৰ
নাহৰ খৰিকাজাঁই,
গোলাপ কাঞ্চন ৰজনীগন্ধাই
গোন্ধে মলমলায়।
ভেঁট-পদুমে বিলত বৰষায়
আটকধুনীয়া হাঁহি,
নাৰ্জি চম্পা অপৰাজিতাই
মেলে কোমল পাহি।
শিমলু পলাশ সৌৰভবিহীন
ফাগুন মাহত ফুলে,
বহাগ মাহত কপৌপাহিয়ে
গছৰ ডালত দোলে।
কথনা আৰু কামিনীকাঞ্চনৰ
ধুনীয়া শুকুলা পাহি,
বেলিলৈ চাই সূৰ্যমুখীয়ে
মাৰে বিতোপন হাঁহি।
সেউতী মালতী গধূলি গোপাল
আৰু মছন্দা ফুল,
ফুলবাৰী জুৰি পৰিছে বিয়পি
পৰাগ ৰেণুৰ বোল।
কেতেকীপাহি কাঁইটত ফুলে
হবিৰ মাজত লুকাই,
বোঁৱতী বতাহে সুবাস আনি
বনৰ বাতৰি বিলায়।
নন্দন বনত পাৰিজাত ফুলে
বনফুল ফুলে বনত,
ফুলৰ সুবাসে লহৰ তোলে
উখল মাখল মনত।
ফুলে নাজানে ফুলাৰ মন্ত্ৰ
ফুলিলেই ফুলৰ মৰণ,
ফুল ছিঙি আনি ঢাকি নেপেলাবা
শিলুৱা ঈশ্বৰৰ চৰণ।