অন্যযুগ/


প্ৰকৃতি‍

দাদুল দেৱকৃষ্ণ বৰুৱা

অংকন: বৰ্ণিল মহন্ত

(যোৱা সংখ্যাৰ পি‍ছৰ অংশ)

‘‘কালি আপুনি পৃথিৱীৰ বিষয়ে কম বুলি কৈছিল।’’— বনানিয়ে দেউতাকক ধৰিলেগৈ বাতৰি কাকতখন পঢ়ি থকা অৱস্থাতে।

‘‘লোঁতো কালি!’’— দেউতাকে যেন দায় সাৰিব বিচাৰিছেসেই কথা বনানিয়ে ঠিকেই বুজিব পাৰিলে।

‘‘ইহ্পলাব বিচাৰিছে! আজি আকৌ কব লাগিবপিছৰখিনি।’’— বনানিয়ে উভতি ধৰিলে।

‘‘কালিনো কিহৰ কথাৰে সামৰিছিলোঁ আমি?’’— দেউতাকে বনানিক প্ৰশ্ন কৰিলে।

‘‘গাইয়াটেৰা বা পৃথিৱীৰ কথাৰ পৰা গৈ গ্ৰীক পুৰাকথাৰে সামৰিছিল।’’— বনানিয়ে কলে।

‘‘আজিও আমি গাইয়া’-ৰ কথাই পাতিম। মানে পৃথিৱীৰ বিষয়ে পাতিম। কাৰণ পৃথিৱী অবিহনে প্ৰকৃতি’ অসাৰ।’’— দেউতাকে বনানিৰ চকুলৈ চালে। তাইৰ চকুত উজ্জ্বলতা। নতুন কিবা এটা জনাৰ হেঁপাহ।

— ‘‘আৰম্ভ কৰক দেউতা।’’

— ‘‘শুনা তেন্তে।’’

বনানিৰ দেউতাকে আৰম্ভ কৰিলে পৃথিৱীৰ কথাপ্ৰকৃতিৰ কথা— ‘‘আমি  উচ্চাৰণ কৰি অহা বা ব্যৱহাৰ কৰি অহা পৃথিৱী’ শব্দটো হৈছে সংস্কৃত ভাষাৰ শব্দ। পৃথিৱীক পৃথ্বী’ বুলিও কোৱা হয়। কাহিনী অনুসৰি পৃথ্বী আছিল পৌৰাণিক কালত পৃথু’-এ ৰাজত্ব কৰা ভূখণ্ড। পৃথিৱীৰ সমার্থক শব্দ হৈছে— বসুধাবসুন্ধৰাধৰাধৰণীধৰিত্রীধৰাতলভূমিক্ষিতিমহীসংসাৰ ইত্যাদি।’’

‘‘আইতাই পিথৱী’ বুলিও কয়চোন।’’— বনানিয়ে মাজতে মাত লগালে।

‘‘কয়। কেৱল আইতা বুলিয়েই নহয়আমাৰ দৰে গাঁৱৰ বহু মানুহে পৃথিৱী’ শব্দটো সৰল কৰি পিথৱী’ বুলি কয়। এই ধৰা, ‘ৰত্ন’ শব্দটো ৰতন’, ‘যত্ন’ শব্দটো যতন’ বুলি সৰলকৈ কয় যে। শুনিবলৈও শুৱলা হয়।’’ — দেউতাকে তাইক বুজালে।

‘‘বুজিছোঁ বাৰু। এতিয়া পুনৰ পৃথিৱীৰ কথা আৰম্ভ কৰক।’’— বনানি উদ্‌গ্ৰীৱ হৈ উঠিল পৃথিৱীৰ বিষয়ে জানিবলৈ।

 

পৃথিৱী হৈছে মানৱ প্ৰজাতিসহ কোটি কোটি প্রজাতিৰ আৱাসস্থল। পৃথিৱী বৰ্তমানলৈকে আৱিষ্কৃত একমাত্র মহাজাগতিক স্থান, যত প্রাণৰ অস্তিত্ব বিৰাজমান। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত এতিয়ালৈকে গম পোৱা মতে প্ৰাণী বা উদ্ভিদ আছে কেৱল পৃথিৱীতে। কোৱা হয় ৪৫৪ কোটি বছৰ পূৰ্বে পৃথিৱী গঠিত হৈছিল। গঠনৰ এক বিলিয়ন বছৰৰ ভিতৰতেই পৃথিৱীৰ বুকুত প্রাণৰ আবির্ভা ঘটে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। পৃথিৱীৰ জীৱমণ্ডল এই গ্রহৰ বায়ুমণ্ডল আৰু অন্যান্য অজৈৱিক অস্থাৰ গুৰুত্বপূর্ণ পৰির্তন ইতিমধ্যে ঘটিছিল আৰু ঘটি আছে। যাৰ ফলত এফালে যিদৰে বায়ুজীৱী জীৱজগতৰ বংশবৃদ্ধি ঘটিছিলআনফালে তেনেদৰে অজন স্তৰ গঠিত হৈছিল। পৃথিৱীৰ চৌম্বকক্ষেত্রৰ লগত একে‍লগে অজন স্তৰে ক্ষতিকৰ সৌৰ বিকিৰণৰ গতিৰোধ কৰি পৃথিৱীৰ বুকুত প্রাণৰ বিকাশ ঘটাৰ পথ প্রশস্ত কৰি দিয়ে। পৃথিৱীৰ প্রাকৃতিক সম্পদ আৰু ইয়াৰ ভূতাত্ত্বিক ইতিহাস তথা কক্ষপথ এই যুগত প্রাণৰ অস্তিত্ব ৰক্ষাত সহায়ক হৈছে। কোৱা হৈছে যেআৰু ৫০ কোটি বছৰ পৃথিৱী প্রাণ ধাৰণৰ সহায়ক অস্থাত থাকিব।

‘‘তাৰ পাছত কি হব বাৰু!’’— বনানিয়ে ভাবিলে। তাই চিন্তিত হল। ৫০ কোটি বছৰৰ পাছত পৃথিৱী তাৰমানে জীৱশূন্য হৈ যাব!

— ‘‘কি হল তোমাৰভয় খাইছাবাভয় খাবৰ নৌ এথোন। ৫০ কোটি বছৰ কম নহয়। অৱশ্যে এইটো ঠিক যেমানুহে যেনেদৰে প্ৰকৃতিৰ অপকাৰ সাধিবলৈ ধৰিছেতেনেকৈ হলে পৃথিৱীখন খুব কম বছৰৰ ভিতৰতেই মানুহৰ বাবে বাসৰ অনুপযোগী হৈ পৰিব। আমি বাৰু এইবোৰৰ বিষয়েও কথা পাতিম।’’

— ‘‘ভয় লাগিবতো। ইমান ধুনীয়া পৃথিৱীখন ধ্বংস হৈ যোৱাৰ কথা ভাবিব পাৰি নেকি! আমি পৃথিৱীখন সদায় ধুনীয়া কৰি ৰাখিব লাগিব।’’

— ‘‘এটা কথা জানানেআমি প্ৰকৃতিক আদৰ নকৰিলেও অপকাৰ কৰিব নালাগে। কিন্তু কি জানাআমি মানুহবোৰ খাই পাত ফলা’ ধৰণৰ জীৱ। সেয়ে জানি-বুজিও বহু সময়ত প্ৰকৃতি আৰু পৃথিৱীৰ অপকাৰ কৰি আহিছোঁ।’’

‘‘এইবোৰ নোহোৱা কৰিব নোৱাৰিনে?’’— বনানিয়ে সুধিলে।

— ‘‘নিশ্চয় পাৰি। উপায় আছে। আমি উপায়বোৰৰ কথাও পাতিম। কিন্তু তাৰ আগেয়ে পৃথিৱীৰ বিষয়ে কথাখিনি শেষ কৰি লওঁ।’’

— ‘‘কওকচোন বাৰু পৃথিৱী কেনেকৈ সৃষ্টি হৈছিল?’’

— ‘‘শুনা তেন্তে। ...সেয়া বহু পুৰণি কথা। প্ৰায় ১৩.৮ বিলিয়ন বছৰ আগৰ কথা। বিগ বেঙৰ ফলত পলকতে এটা ডাঙৰ বিস্ফোৰণ হৈছিল আৰু এই মহাবিস্ফোৰণৰ ফলতেই ব্ৰহ্মাণ্ডৰ সৃষ্টি হল৷’’

‘‘বিগ বেং মানেনো কি?’’— বনানিয়ে উৎসাৰে সুধিলে।

— ‘‘বলৈ গলে বৰ দীঘলীয়া হব। চমুকৈ কবলৈ হলে বিগ বেং’ মানে মহা বিস্ফোৰণ। এই মহা বিস্ফোৰণ তত্ত্ব বা থিয়’ৰি‍ অনুসৰি কোনো ধাৰাবাহিক প্রক্রিয়াৰ পৰিৱর্তে এটি বিশেষ মুহূর্তত মহাবিশ্বৰ উদ্ভৱ হৈছিল। এই তত্ত্ব অনুযায়ী আজিৰ পৰা প্রায় ১ হাজাৰ ৩৭৫ কোটি বছৰ পূর্বে এই মহাবিশ্ব এক অতি উত্তপ্ত অৱস্থাৰ পৰা সৃষ্টি হৈছিল। ইয়াৰ আগত আমাৰ ব্ৰহ্মাণ্ডৰ আকাৰ কেনে আছিল জানা?’’

‘‘কেনে আছিল?’’— বনানিয়ে সোধে।

‘‘এটা সৰু অণুৰ দৰে আছিল৷ কিন্তু এই বিস্ফোৰণৰ পাছ মুহূৰ্ততে ইয়াৰ আকাৰ অতি বৃহৎ হৈ পৰিল৷ আৰু এইখিনি হবলৈ এক ছেকেণ্ডতকৈও কম সময় লাগিছিল৷’’— দেউতাকে উত্তৰ দিলে— ‘‘লাহে লাহে সৌৰজগতৰ সৃষ্টি হল। সেয়াও আছিল এক জটিল আৰু দীঘলীয়া পৰিঘটনা। কথাবোৰো দীঘলীয়া। দীঘলীয়া কথাখিনি বাদ দি কেৱল পৃথিৱীৰ উৎপত্তিৰ কথাবোৰ এনে ধৰণৰ  প্ৰায় ৪.৫ বিলিয়ন বছৰ আগৰ কথা। এক বৃহৎ বিস্ফোৰণৰ ফলত সৃষ্টি হল সূৰ্য আৰু সেই বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ধূলি আৰু বায়ু সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তিৰ বলত সূৰ্যৰ ওচৰ চাপি আহিল৷ তেনেকৈ ওচৰ চাপি অহা ধূলি আৰু বায়ুৰ দ্বাৰা সূৰ্যক কেন্দ্ৰ কৰি বহু গ্ৰহ সৃষ্টি হবলৈ ধৰিলে৷ উৎপত্তিৰ সময়ত সৌৰজগতত প্ৰায় ১০০টা গ্ৰহ আছিল বুলি কোৱা হয়। পিছে সময় বাগৰাৰ লগে লগে এটা গ্ৰহ আনটোৰ লগত খুন্দা খোৱাৰ ফলত নষ্ট হৈ ইটো আনটোৰ সংস্পৰ্শলৈ আহি একাধিক গ্ৰহ লগ লাগি এটা গ্ৰহ হবলৈ ধৰে। এনেদৰেই পৃথিৱীৰ জন্ম হয়৷ আদি অৱস্থাত পৃথিৱী আজিৰ দৰে নাছিল৷ সেই সময়ত পৃথিৱীক জ্বালামুখীয়ে আৱৰি ৰাখিছিল৷ প্ৰদক্ষিণ বেগ তীব্ৰ আছিল৷ তেতিয়া বোলে আঠ ঘণ্টাতে এদিন হৈছিল৷ তাপমান বহু বেছি আছিল বাবে পানীৰ অৱস্থিতি নাছিল৷ পানী নাছিল বাবে জীৱও নাছিল।

কিন্তু এসময়ত মাধ্যাকৰ্ষণ শক্তিয়ে কাম কৰা আৰম্ভ কৰিলে৷ মাধ্যাকৰ্ষণৰ ফলতেই পৃথিৱীৰ কেন্দ্রত জ্বালামুখীৰ লাভাবোৰ একত্ৰ হল আৰু বাহিৰৰ পাতল পদাৰ্থৰ লগতেই পৃথিৱীৰ বাতাৱৰণৰ সৃষ্টি হ’বলৈ‍ ধৰিলেতেনেকৈয়ে মাটিৰ সৃষ্টি হল৷ সকলো গধুৰ পদাৰ্থ পৃথিৱীৰ কেন্দ্ৰত জমা হবলৈ ধৰিলে। সেইবোৰৰ ভিতৰত আইৰন বা লোহা আৰু কপাৰ বা তাম যথেষ্ট পৰিমাণে আছিলতাৰ পৰাই সৃষ্টি হল চৌম্বক ক্ষেত্ৰ বা Electromagnetic Field. 

সেই সময়তে পৃথিৱীক বহু ধূমকেতুৱে আহি খুন্দা মাৰিছিলহি। এদিন মঙল গ্ৰহৰ সমান প্ৰকাণ্ড ধূমকেতু এটাই ২,৫০০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আহি পৃথিৱীক খুন্দা মাৰে আৰু এই ধূমকেতুটোৰ বহু পদাৰ্থ পৃথিৱীত মিলি যায়৷ এই প্ৰচণ্ড খুন্দাৰ পৰিণতিত বহু জ্বালামুখী ভাগি‍-ছিগি‍ আকাশত সিঁচৰতি হৈ পৰে আৰু পৰৱৰ্তী সময়ত পৃথিৱীৰ মাধ্যাকাৰ্ষণিক শক্তিৰ বলত পুনৰ একত্ৰ হৈ জীৱৰ সৃষ্টিত অৰিহণা যোগায়। অৱশ্যে তাৰে এটা ডাঙৰ টুকুৰা পৃথিৱীৰ পৰা অলপ দূৰলৈ আঁতৰি বিচ্ছিন্ন হৈ যায়যাক এতিয়া চন্দ্ৰ বুলি কোৱা হয়। চন্দ্ৰৰ উৎপত্তিৰ পাছৰ পৰাই পৃথিৱীৰ বাতাৱৰণ সালসলনি হল আৰু ২৪ ঘণ্টাত এদিন হবলৈ ধৰিলে৷ চন্দ্ৰৰ সৃষ্টি হোৱা বাবেই পৃথিৱীত বিভিন্ন ঋতু অনুভৱ কৰা হয়৷

পৃথিৱীৰ উৎপত্তিৰ কালত পৃথিৱীত পানী নাছিল। তেতিয়া পৃথিৱী এটা জ্বলন্ত গ্ৰহ হিচাপেই আছিল৷ এই উত্তপ্ত গ্ৰহটোৰ আকাশত ক্ৰমান্বয়ে মেঘৰ উৎপত্তি হৈছিল আৰু বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল৷ লাখ লাখ বছৰ বৰষুণ হোৱাৰ পাছতহে পৃথিৱীখন শীতল হৈছিল। লাহে লাহে নদ-নদীসাগৰ-মহাসাগৰৰ সৃষ্টি হল৷ আৰু প্ৰায় ৩.৮ বিলিয়ন বছৰ আগত মহাসাগৰৰ তলিতেই প্ৰথম জীৱৰ আৰম্ভণি ঘটিল।’’

‘‘দেখিছানেপৃথিৱীৰ সৃষ্টি প্ৰক্ৰিয়া কিমান দীঘলীয়া! আৰু বহুতো মজাৰ কথা আছে। বহু কাহিনীও আছে।’’— দেউতাকে একান্ত মনেৰে তেওঁৰ কথাবোৰ শুনি থকা বনানিক কলে।

‘‘মোক কিন্তু পৃথিৱীৰ উৎপত্তিৰ বিষয়ে থকা পৌৰাণিক কাহিনীবোৰো শুনাব লাগিব।’’— বনানিয়ে খাটনি ধৰিলে দেউতাকক।

— ‘‘নিশ্চয় কম। পিছে আজি নহব। আজি পৃথিৱীৰ সামান্য আভাসহে দিছোঁ তোমাক।’’

পৃথিৱীৰ উপৰিভাগ একাধিক কঠিন স্তৰত বিভক্ত। এইবোৰক ভূত্বকীয় পাত বোলা হয়। কোটি কোটি বছৰ ধৰি এইবোৰ পৃথিৱীৰ উপৰিভাগত আছে। পৃথিৱীতলৰ প্ৰায় ৭১% নিমখীয়া বা লৱণযুক্ত পানীৰ মহাসাগৰৰ দ্বাৰা আবৃত। বাকী অংশ গঠিত হৈছে মহাদেশ আৰু অসংখ্য দ্বীপৰ দ্বাৰা। স্থলভাগতো অজস্ৰ হ্ৰদ আৰু পানীৰ অন্যান্য উৎস আছে। এইবোৰৰ দ্বাৰাই বিশ্বৰ জলভাগ গঠিত হৈছে। জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় তৰল পানী পৃথিৱীৰ ভূত্বকৰ কোনো ঠাইতে সমভাৰ অৱস্থাত পোৱা নাযায়। পৃথিৱীৰ ভৌগোলিক মেৰু সদায় কঠিন বৰফ বা সামুদ্ৰিক বৰফেৰে আবৃত হৈ থাকে। পৃথিৱীৰ অভ্যন্তৰভাগ সদায় ক্ৰিয়াশীল। এই অংশ এক আপেক্ষিকভাৱে কঠিন মেণ্টেলৰ শকত স্তৰএক তৰল বহিঃকেন্দ্ৰ আৰু এক কঠিন লৌহ অন্তঃকেন্দ্ৰৰ দ্বাৰা গঠিত৷”

‘‘পৃথিৱী সঁচাকৈয়ে ৰহস্যময়।’’— বনানিয়ে বিৰ্‌বিৰালে।

‘‘প্ৰকৃতি আৰু অধিক ৰহস্যঘন আৰু মনোৰম। তোমাক সেইবোৰো কম। কাইলৈ কম হবনে?’’— দেউতাকে সুধিলে।

‘‘ব। এতিয়া আপোনাৰ কামত ধৰকগৈ।’’— কথাষাৰ কৈ বনানি পদূলিলৈ দৌৰিল।

পদূলিত তাইৰ সমনীয়া দুজনী। সিহঁতে চাগে খেলিব এতিয়া! খেলাৰ বয়সেই এইটোজানিবলৈ হাবিয়াস কৰাৰ সময়েই এইটো।— কথাখিনি ভাবি বনানিৰ দেউতাকে পুনৰ খবৰ কাগজত বুৰ মাৰিলে।

(অহা সংখ্যালৈ বাট চোৱা)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ