অন্যযুগ/


প্ৰকৃতি

দাদুল দেৱকৃষ্ণ

বতৰটো সঁচাকৈয়ে বেয়া হ'ল।

‘বেয়া’ মানে বৰষুণ আহিল। পথাৰত ধান দোৱাৰ সময়ত বৰষুণ আহিলে খেতিয়কসকলে বেয়া পায়। মুঠিবোৰ বৰষুণত তিতি নষ্ট হোৱাৰ ভয় থাকে। পথাৰত পানী জমা হ’লে ডাঙৰি বান্ধিবলৈও অসুবিধা হয়। সেয়ে সাতে সোতৰই মিলাই ধান দোৱাৰ বতৰত খেতিয়কে বৰষুণ বেয়া পায়। পিছে খেতিয়কে বেয়া পাব বুলিয়েই বতৰে বৰষুণ নিদিয়াকৈ থাকিবনে? প্ৰকৃতি নিজৰ মতেহে চলে। নিজৰ ধৰণেৰে চলাত বাধা দিলেই প্ৰকৃতি অ-প্ৰাকৃতিক হৈ পৰে।

বনানিহঁতৰ বাৰু চিন্তা নাই। দেউতাকে আবেলিয়েই ডাঙৰি আনি ঘৰ পোৱালেহি। দেউতাকে দিনত কৈছিলহে বতৰটো বেয়া হ’ব পাৰে বুলি; সন্ধিয়ালৈ হ’লেই। মানে বৰষুণ আহিলেই।

‘‘বতৰটো বেয়া হ’ব বুলি আপুনি কেনেকৈ জানিছিলনো?’’— বৰষুণজাক অহাৰ লগে লগে বনানিয়ে আহি দেউতাকৰ ওচৰ পালেহি। লগত বিটপীও। তাই আজি বনানিৰ লগতে থাকিব।

গৰু-গাই বান্ধি হাত-ভৰি ধুই ভিতৰ সোমাইছিলহে দেউতাক। তেনে সময়তে আহি বনানিয়ে প্ৰশ্ন কৰাত তেওঁ ক’লে— ‘‘ব’লা জুহাললৈকে যাওঁ। জুই পুৱাই পুৱাই কথা পাতিম বতৰৰ৷’’

বনানিৰ আইতাকে জুই জ্বলাই ৰাখিছে। জুইৰ কাষতে চাহৰ কেটলিটো আছে। বনানিহঁত গৈ জুইৰ কাষে কাষে পীৰা পাৰি বহিলহি। তিনিওকে দেখি আইতাকে হাঁহি হাঁহি ক’লে— ‘‘আজি জুইৰ সেক ল’বলৈ মন গ’ল নেকি আইজনী!’’

‘‘জুইৰ সেকো ল’ম, দেতাৰ পৰা প্ৰকৃতিৰ কথাও শুনিম৷’’— বনানিয়ে ক'লে।

‘‘আমাক বতৰৰ বিষয়ে ক’ব, নহয়নে বাৰু?’’— বিটপীয়ে বনানিৰ দেউতাকলৈ চাই সুধিলে।

‘‘বতৰৰ কথা ক’ম বাৰু; কিন্তু তাৰ আগতে বায়ুমণ্ডলৰ কথাখিনি কৈ শেষ কৰিব লাগিব৷’’— বনানিৰ দেউতাকে জুহালৰ কাষত থকা কেট্‌লিটো জকাটোৰ ওপৰত তুলি দি ক’লে।

‘‘অঁতো। অথনি দেতাই বায়ুমণ্ডলৰ পাঁচটা তৰপ থকাৰ কথা কৈছিল। সেইখিনিৰ বিষয়ে এতিয়া ভালকৈ কওক।’’— বনানিৰ মাতত জানিবলৈ হেঁপাহ থকাৰ সুৰ এটা শুনা গ’ল।

‘‘এতিয়া তাকেই ক’ম। পাঁচটা তৰপক পাঁচজন ককাই-ভাই বুলি ধৰি ল’ব পাৰা৷’’— বনানিৰ দেউতাকে আৰম্ভ কৰিলে।

‘‘তৰপকেইটাৰ নাম মই জানো।’’— বিটপীয়ে ক’লে।

‘‘ময়ো জানো দিয়া।’’— বনানিয়েও ক’লে।

‘‘কি কি কোৱাচোন।”— দেউতাকে জানিব বিচাৰিলে।

‘‘ট্ৰপ’স্ফেয়াৰ, ষ্ট্ৰেট’স্ফেয়াৰ, আয়নস্ফিয়েৰ...।’’— বিটপীয়ে ক’বলৈ আৰম্ভ কৰিলে।

‘‘ৰ’বা ৰ’বা; তেনেকৈ নহয় দেই। মই এফালৰ পৰা কৈ যাম, তোমালোকে শুনি যাবা মনোযোগেৰে।’’— বনানিৰ দেউতাকে আৰম্ভ কৰিলে।

পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰধান তৰপ যে পাঁচটা, সেইকথা ইতিমধ্যে বনানিৰ দেউতাকে ক’লেই। এই তৰপসমূহ কেনেকৈ ভাগ কৰা হৈছে সেই বিষয়েহে কোৱা নাছিল। এই ভাগবোৰ বায়ুমণ্ডলৰ তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰা হৈছে।

এক্স’স্ফিয়াৰ:

বায়ুমণ্ডলৰ একেবাৰে বাহিৰৰ স্তৰ। এইটো স্তৰ প্ৰধানকৈ হাইড্ৰজেন আৰু হিলিয়ামেৰে গঠিত।

থাৰ্ম’স্ফিয়াৰ:

ভূ-পৃষ্ঠৰপৰা ৩৫০-৮০০ কিল’মিটাৰলৈকে এইটো তৰপ বিস্তৃত। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান এইটো স্তৰতেই আছে।

মেছ’স্ফিয়াৰ:

ষ্ট্ৰেট’স্ফিয়াৰৰ ওপৰৰ স্তৰটোৱেই হৈছে মেছ’স্ফিয়াৰ (Mesosphere)। এইটো স্তৰ ভূ-পৃষ্ঠৰ পৰা ৮০-৮৫ কিল’মিটাৰলৈকে বিস্তৃত। এই স্তৰটোত উষ্ণতাৰ পৰিমাণ আকৌ নিম্নলৈ আহে। অ’জনৰ গাঢ়তা এই স্তৰত কম হয়।

ষ্ট্ৰেট’স্ফিয়াৰ:

ট্ৰপ’স্ফিয়াৰৰ ওপৰত থকা স্থিৰ বায়ুমণ্ডলৰ স্তৰটোক ষ্ট্ৰেট’স্ফিয়াৰ (Stratosphere) বোলে আৰু এই স্তৰটো ৫১ কিল’মিটাৰ উচ্চতালৈ বিস্তৃত হৈ থাকে। ট্ৰপ’স্ফিয়াৰৰ সৈতে এই স্তৰৰ ভৌতিক ধৰ্মবোৰ প্ৰায় একে। কেৱল উষ্ণতা ১০°-২০°চেলচিয়ালৈ বেছি হোৱা দেখা যায়। এই স্তৰটোত থকা অ’জন অণুবোৰেই সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে।

ট্ৰপ’স্ফিয়াৰ:

বায়ুমণ্ডলৰ ভূ-পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোক ট্ৰপ’স্ফিয়াৰ (Trposphere) বোলে। বায়ুমণ্ডলৰ সকলো পৰিৱৰ্তন এই স্তৰতে সংঘটিত হয়। ই ভূ-পৃষ্ঠৰ ৭ কিল’মিটাৰৰ পৰা ১৭ কিল’মিটাৰ উচ্চতালৈ বিস্তৃত হৈ থাকে। বায়ুমণ্ডলত থকা প্ৰায় ৮০% গেছেই ট্ৰপ’স্ফিয়াৰত পোৱা যায়।

‘‘এইকেইটাই প্ৰধান তৰপ ন দেতা?’’— বনানিয়ে দেউতাকক সোধে।

‘‘আৰু কেইটামান তৰপ আছে বুলি কৈছিল নহয়; কওকচোন সেইকেইটাৰ বিষয়েও।’’— বিটপীৰ আগ্ৰহ বাঢ়ি আহিছে।

‘‘আছে, আছে। এই পাঁচটা প্ৰধান তৰপৰ উপৰি অন্যান্য বৈশিষ্ট্যৰ ভিত্তিত আৰু কেইবাটাও তৰপত ভাগ কৰা হৈছে। সেইকেইটাৰ কথাও কৈছোঁ ৰ'বা।’’

ইতিমধ্যে জকাটোৰ ওপৰত তুলি দিয়া কেট্‌লিটোৰ নলীৰে ধোঁৱা ওলাইছিল। আচলতে ধোঁৱা নহয়, ভাপ বা বাষ্পহে সেয়া। ভাপ ওলোৱা দেখি বনানিৰ দেউতাকে সেইটো জকাৰ পৰা নমাই তেওঁৰ নিজৰ বাবে আৰু মাক, অৰ্থাৎ বননানিৰ আইতাকৰ বাবে দুবাটি ফিকা চাহ বাকি ল’লে আৰু চাহ খাই খাই বায়ুমণ্ডলৰ আনকেইটা তৰপৰ বিষয়ে ক’বলৈ ধৰিলে।

অ’জন তৰপ:

অ’জন গেছৰ এই তৰপটো ষ্ট্ৰেট’স্ফিয়াৰত পোৱা যায়। প্ৰধানকৈ ষ্ট্ৰেট’স্ফিয়াৰৰ তলৰ ফালে প্ৰায় ১৫-৩৫ কিল’মিটাৰৰ ভিতৰত এই তৰপটো পোৱা যায়। ভৌগোলিকতা আৰু ঋতু সাপেক্ষে এই তৰপটোৰ গভীৰতা ভিন্ন হয়। বায়ুমণ্ডলৰ প্ৰায় ৯০% অ’জন ষ্ট্ৰেট’স্ফিয়াৰতে‍ পোৱা যায়।

আয়ন’স্ফিয়াৰ:

এক্স’স্ফিয়াৰ আৰু থাৰ্ম’স্ফিয়াৰ দুয়োটা স্তৰতে থকা এই তৰপটো সৌৰ-বিকিৰণৰ দ্বাৰা আয়নিত হৈ থাকে। বায়ুমণ্ডলৰ প্ৰায় ৫০-১০০০ কিল’মিটাৰৰ ভিতৰত এই তৰপটো পোৱা যায়। ইয়াৰ পিছতেই মেগনেট’স্ফিয়াৰ আৰম্ভ হয়।

হম’স্ফিয়াৰ আৰু হেটাৰ’স্ফিয়াৰ:

হম’স্ফিয়াৰত ট্ৰপ’স্ফিয়াৰ, ষ্ট্ৰেট’স্ফিয়াৰ আৰু মেছ’স্ফিয়াৰক অন্তৰ্ভুক্ত কৰা হয়। হেটাৰ’স্ফিয়াৰৰ ওপৰৰ অংশটৌ প্ৰধানকৈ, আটাইতকৈ পাতল মৌল হাইড্ৰ’জেনৰ দ্বাৰা গঠিত।

গোলকীয় সীমা তৰপ:

এইটো তৰপ ট্ৰপ’স্ফিয়াৰৰ এটা অংশ। পৃথিৱী পৃষ্ঠৰ একেবাৰে ওচৰৰ এই স্তৰটো পৃথিৱী পৃষ্ঠৰ, বিশেষকৈ বায়ুমণ্ডলীয় বিক্ষোভৰ প্ৰসাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়।

‘‘বঢ়িয়া দেতা। বায়ুমণ্ডলৰ কথা শুনি ভাল লাগিছে।’’— বনানিয়ে ক’লে।

‘‘বায়ুমণ্ডলক ইংৰাজীত কি বোলা হয় বাৰু?’’— বনানিৰ দেউতাকে প্ৰশ্ন কৰিলে।

‘‘Atmosphere।’’— বিটপীয়ে তপৰাই মাত দিলে।

‘‘ঠিক কৈছা। এই শব্দটো প্ৰাচীন গ্ৰীক শব্দ atmos-ৰ পৰা আহিছে। যাৰ অৰ্থ বলয়।’’

‘‘‘বলয়’-ৰ অৰ্থ সৰল কৰি কওকচোন দেতা।’’— বনানিয়ে দেউতাকলৈ চাই ক’লে।

‘‘বলয় বুলিলে খাৰুকো বুজায়। এই শব্দটো হৈছে সংস্কৃত শব্দ। সৰলভাৱে ক’বলৈ হ’লে খাৰুৰ দৰে ঘূৰণীয়া আৱে‍ষ্টনীয়েই হৈছে বলয়। বুজিব পাৰিছানে?’’

‘‘বুজি পালোঁ।’’— বনানিয়ে মূৰ দুপিয়াই সন্মতি প্ৰকাশ কৰিলে।

‘‘বায়ুমণ্ডলৰ স্বাস্থ্যৰ ওপৰতে প্ৰকৃতিৰ স্বাস্থ্য নিৰ্ভৰ কৰে। সেয়া কেনেকৈ সেই বিষয়ে আগলৈ ক’ম। তাৰ আগতে তোমালোকক বতৰ আৰু জলবায়ুৰ বিষয়ে কৈ ল’ব লাগিব।’’

‘‘আজিলৈ নালাগে থ। ভাতৰ পাতত বহিবৰ হ’বই এথোন।’’— বনানিহঁতৰ লগতে বায়ুমণ্ডলৰ বিষয়ে মনোযোগেৰে শুনি থকা আইতাকে মাত দিলে।

আইতাকেও কথাবোৰ শুনি ভাল পাইছে কিজানি। বয়সে মেপ আঁকি দিয়া তেওঁৰ মুখলৈ চাই তেনে অনুমান কৰিলে বনানিৰ দেউতাকে। তেওঁৰো ভাল লাগিল, নাতিয়েকহঁতৰ লগত আইতাকেও প্ৰকৃতি আৰু বিজ্ঞানৰ কথা মনোযোগ দি শুনাৰ বাবে। ইতিমধ্যে বনানিৰ আইতাকে ‘‘ভাতৰ পাতত বহিবৰ হ’বই এথোন’’ বুলি কোৱা কথাটোক সত্য প্ৰমাণিত কৰি সকলোকে ভাতৰ মজিয়ালৈ আহিবৰ বাবে বনানিৰ মাকে পাকঘৰৰ পৰা মাত লগালে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ