অন্যযুগ/


পৰিৱৰ্তিত সমাজ আৰু ৰঙালী বিহুৰ ৰং-ৰহইচ


ড˚ মুনীন বৰগোহাঁই

   বিহুৰ সৃষ্টিৰ মূলতেই আছিল লোকসমাজৰ মাজত প্ৰচলিত লোকবিশ্বাস। কাৰণ, লোকসমাজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাই কিছুমান লোকবিশ্বাসৰ জন্ম দিছিল আৰু সেই লোকবিশ্বাসৰ পৰাই সৃষ্টি হৈছিল লোকপৰম্পৰা। বিহুও এনেদৰে সৃষ্টি হোৱা এটা লোক-অনুষ্ঠান। লোকসমাজৰ আদৰ আৰু সন্মানৰ কাৰণে বিহু পৰৰ্ৱতী সময়ত জাতীয় উৎসৱত পৰিণত হ’ল সেয়ে বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। কৃষিজীৱী সভ্যতাৰ পাতনি মেলা অসমৰ প্ৰাচীন অধিবাসী অষ্টি˜কসকলৰ সময়ৰ পৰাই বিহুৰ উৎপত্তি হৈছে বুলি বিশেষজ্ঞসকলে ক’ব খোজে। অষ্ট্ৰিকসকলৰ পাছত অসমলৈ অহা মংগোলীয়সকল, আৰ্যসকল আৰু তাৰ পাছত অসমলৈ অহা আহোমসকলৰ সাংস্কৃতিক প্ৰভাৱে বিহুৰ বিৱৰ্তনত অৰিহণা যোগালে বুলি ভবাৰ থল আছে। ড˚ লীলা গগৈৰ ভাষাত— মানুহৰ কৃষ্টি সভ্যতাৰ বুৰঞ্জীয়েই বিহুৰো বুৰঞ্জী।

   অন্যান্য কৃষিভিত্তিক উৎসৱবোৰৰ দৰে বিহু মূলতঃ উৰ্বৰা বিশ্বাসৰ লগত জড়িত। যৌনগন্ধী নৃত্য-গীত কৰিলে বসুমতীৰ প্ৰজনন ক্ষমতা বৃদ্ধি হৈ শস্যৰ উৎপাদন বৃদ্ধি হয় বুলি লোকসমাজে বিশ্বাস কৰিছিল। এনে ধৰণৰ বিশ্বাস পৃথিৱীৰ আন আন প্ৰান্তৰ মানুহৰ মাজতো প্ৰচলিত। বসন্ত ঋতুত প্ৰকৃতি যৌৱনা হয়। গছে গছে কুঁহিপাত মেলে, নানাৰঙী ফুলৰ প্ৰাকৃতিক শোভাই মানুহৰ মন উতলা কৰে। প্ৰাকৃতিক সৌন্দৰ্যই মানুহৰ মন ৰঙীন কৰে। প্ৰাকৃতিক সৌন্দৰ্যই মানুহৰ অন্তৰতো আশা আৰু আনন্দৰ জোৱাৰ আনে। পলাশ, মদাৰ, তগৰ, নাহৰ আদি ফুলৰ ৰাঙলী শোভাই ধৰাখন ৰাঙলী কৰাৰ দৰে মানুহৰো মনবোৰ আনন্দৰে ৰঙিয়াল হৈ উঠে। পুৰণি বছৰে বিদায় লয়, নতুন বছৰৰ আগমন হয়। এই সময়তে অসমীয়া মানুহেও বছৰটোৰ বাবে কৃষিকাৰ্য কৰিবলৈ ককালত টঙালি বান্ধি সাজু হয়। এনে সময়তে ৰঙালী বিহু উদ্‌যাপন কৰা হয়।

   অসমীয়াৰ জাতীয় উৎসৱ তথা জাতিটোৰ প্ৰাণ হিচাপে বিহুৰ বিৰ্ৱতনো লক্ষণীয়। বসন্ত কালৰ ৰং-ৰহইচ আৰু ৰং-ৰহইচৰ লগত কৃষিৰ সামঞ্জস্যই জীৱজগতৰ বাবে মূল আনন্দ আৰু উৎকৰ্ষৰ উৎসৱ¸। সেই বাবে ইয়াক লৈয়েই চহা জীৱনৰ অৰঙে-দৰঙে অসমৰ উলুৱনিয়ে-বননিয়ে হাজাৰ-বিজাৰ বনগীত, বনঘোষা ৰচিত হৈ আহিছে। বিহুৰ উৎপত্তি কৃষিজীৱী সমাজ এখনত হোৱা বাবে পৰৱৰ্তী বহু কাললৈ পথাৰত, আঁহত গছৰ তলত বা ডাঙৰ গছ বিশেষৰ তলত বসন্ত কালত এই নৃত্যবিধ সম্পাদিত হৈছিল। এই নৃত্যৰ মূল উদ্দেশ্য আছিল ব্যস্ত জীৱনত ৰং-ৰহইচেৰে অলপ সময় নিজৰ মাজত উদ্‌যাপন কৰা।

   অতীজৰে পৰা পালন কৰি অহা বিহুটি অসমীয়াৰ ঐতিহ্য আৰু পৰিচয়। প্ৰকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ-কৰণ, পিন্ধন-উৰণ, খেতি-বাতি, খোৱা-বোৱা, চিন্তা-চৰ্চা আদি এনে এটা দিশ নাই, যিসমূহ বিহুৰ মাজেদি প্ৰতিফলিত হোৱা নাই। তাৰ লগে লগে বিহুৱে সামাজিক ঐক্য-সম্প্ৰীতি আৰু জাতীয়তাবোধ সৃষ্টিত মহত্ত্বপূৰ্ণ অৱদান আগ বঢ়াই আহিছে। হেঁপাহৰ বিহুটিয়ে প্ৰীতি আৰু আনন্দময়তাৰ সৃষ্টি কৰে। যুগে যুগে বিহুৰ সৈতে অসমীয়া মানুহৰ এক সুগভীৰ আৱেগিক সম্পৰ্ক জড়িত হৈ আছে। বিহু মানেই আনন্দ-উলাহ, মৰম-চেনেহ, ভাতৃত্ব-বন্ধুত্বৰ উৎস। এই বিহুটিৰ লগত অসমত বসবাস কৰা পাহাৰ-ভৈয়াম, ধৰ্ম-বৰ্ণ, জাতি-উপজাতি নিৰ্বিশেষে সকলোৰে সম্পৰ্ক নিবিড় হৈ আছে বাবেই বিহুৰ মৰমত প্ৰতিগৰাকী অসমবাসীৰ হদয়ত তৎপৰতা আৰম্ভ হয়।
    বিহু উৎসৱটোৰ বুকুতে অসমীয়া সাংস্কৃতিক আৰু জাতীয় জীৱনৰ বিশাল সমল পোৱা যায় বাবেই বিহুক অসমীয়া লোকসংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ হিচাপে গণ্য কৰা হয়। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক সাঙুৰি লৈ একতা সম্প্ৰীতিৰ ডোলেৰে বান্ধি লোৱা বাপতিসাহোন বিহুটিক চহা জীৱনৰ মাজৰ পৰা অষ্টাদশ শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজ পৃষ্ঠপোষকতাৰে ৰংঘৰৰ বাকৰিত আনুষ্ঠানিকভাৱে সামাজিক মৰ্যাদা প্ৰদান কৰিলে। নানা জাতি-উপজাতি আৰু বিশাল সাংস্কৃতিক বিনিময়েৰে গঢ়ি উঠা বৃহৎ অসমীয়া জাতিক বিশিষ্ট মৰ্যাদা প্ৰদান কৰাৰ বাবেও এই বিহু উৎসৱে বিশেষভাৱে অৰিহণা যোগাই আহিছে আৰু সাংস্কৃতিক সমন্বয়-সংহতিৰ ধ্বজা স্থাপন কৰি জাতীয় জীৱনৰ ভেঁটি সুদৃঢ় কৰি ৰাখিছে। আচলতে, বিহুৰ গাত ভেঁজা দিয়েই অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱন আগ বাঢ়ি আহিছে আৰু অনাগত দিনবোৰতো আগ বাঢ়ি যাব। ৰংঘৰৰ বাকৰিৰ পৰা পৰৰ্ৱতী কালত গুৱাহাটীৰ লতাশিল বিহুমঞ্চত ১৯৫১ চনত এই ব’হাগ মাহৰ লোকনৃত্যবিধে মঞ্চত থিতাপি ল’লে। বৰ্তমান সময়তো আমি মুকলি বিহুৰ তুলনাত মঞ্চ বিহুৰ প্ৰাদুৰ্ভাৱ দেখা পাওঁ। অৰ্থাৎ, এই ক্ৰমিক বিৱৰ্তনিক মাধ্যমেৰে বিহুৰ মঞ্চগমন হ’ল। পৰিৰ্ৱনৰ এনে ধামখুমীয়াতে এদিন পথাৰৰ বিহু আহি ৰাজকাৰেং, তাৰ পাছত গৃহস্থৰ চোতাল আৰু আজি মঞ্চত আহি উপস্থিত হৈছে। স্বাভাৱিকভাৱেই পৰিৱেশৰ আৱেষ্টনী আৰু বিৱৰ্তনৰ কবলত বিহুৰ ৰং-ৰূপ সলনি হোৱাটো এক অৱধাৰিত সত্য। ফলশ্ৰুতিত সংস্কৃতিৰ গতিশীল প্ৰক্ৰিয়াত আমাৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটোৱেও ৰূপ সলাবলৈ বাধ্য হৈ পৰিছে। সেইদৰে সলনি হৈছে ইয়াৰ আনন্দ আৰু ৰং-ৰূপখিনিও। গাঁৱৰ অকৃত্ৰিমতাৰ মাজতো বিহুৱে কৃত্ৰিমতাৰ বোল সানিবলৈ লোৱাটো সকলোৰে পৰিলক্ষিত হৈছে।

   সাম্প্ৰতিক কালত বিহু মঞ্চতহে দেখিবলৈ পোৱা যায়। বিহুৰ দিনত ঘৰে ঘৰে গৈ হুঁচৰি গোৱাৰ নিয়ম প্ৰায় নাইকিয়া হোৱাৰ দৰে হৈছে। অৱশ্যে যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সময়ৰ সোঁতত পৰি কৃষ্টি-সংস্কৃতিৰো পৰিৱৰ্তন হোৱাটো স্বাভাৱিক যদিও আমাৰ অসমীয়া সমাজৰ কৃষ্টি-সংস্কৃতি হেৰাই নোযোৱাকৈ জীয়াই ৰখাৰ প্ৰচেষ্টা কৰাৰ সময় সমাগত; নহ’লে আধুনিক মানসিকতাই, অৰ্থাৎ যান্ত্ৰিক সভ্যতাই এদিন ইতিহাসৰ ৰূপ সলনি কৰিব পাৰে। অতীতত বিহু সন্মিলন নাছিল। পিছে বিহু সন্মিলন এটা ভাল অনুষ্ঠান; কিন্তু তেনে মেলামুখী উৎসৱে জাতীয় কৃষ্টি-সংস্কৃতি যাতে অৱনমিত নকৰে, তাৰ বাবে আমি সচেতন হোৱাটো একান্তই বাঞ্ছনীয়।

   মুকলিকৈ ভাবি চালে বৰ্তমান কালত প্ৰকৃতিৰ পৰা বিহু আহি চহৰৰ ৰংগমঞ্চলৈ ঢাপলি মেলিছে। মানুহৰ মানসিক পৰিৱৰ্তন অথবা উMৰণ নঘটিলে বিহুৱে ৰূপান্তৰিত ৰূপ কেতিয়াও নেপালেহেঁতেন। পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱে আমাৰ যুগমীয়া সংস্কৃতিৰ সকলো দিশকে গ্ৰাস কৰিছে। বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত বহুতো পুৰণি পৰম্পৰাক অসমীয়াই সম্পূৰ্ণ বিসৰ্জন দিয়া যেন ধাৰণা হয়। অসমীয়াৰ বাপতি সাহোন বিহুটিও বিশ্বায়নৰ ধামখুমীয়াত হেৰাই যোৱাৰ উপক্ৰম হৈছে। গতিকে বাণিজ্যিকীকৰণৰ দৃষ্টিৰে বিহু প্ৰয়োজনৰ মানসিকতা ত্যাগ কৰিব পাৰিলেও বিহুৰ প্ৰকৃত স্বতন্ত্ৰতা আৰু স্বৰূপ সুৰক্ষিত হ’ব।

   বিহু সন্মিলনৰ সৈতে বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰ যি সম্পৰ্ক আছে, সেই সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰিলেহে বিহুৰ ঐতিহ্য ৰক্ষা পৰিব। আজি-কালি অনুষ্ঠিত হোৱা বিহুমেলাত বিহু কুঁৱৰী, বিহু ৰাণী, বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাই বিহুক মেলাসদৃশ কৰাত অৰিহণা যোগাইছে। বিহু উৎসৱ সদায় উৎসৱ হৈয়েই থাকক। বিহুগীতবোৰ সাহিত্যিক মৰ্যাদাৰে ভৰপূৰ এক সাৰ্বজনীন লোকসংগীত। বিহু নাচৰ পৰিৱেশ, কলাশৈলী, পৰিৱেশনৰ এক নিজা ৰীতি আছে। সাংস্কৃতিক সন্ধিয়া পাতি ডাঙৰ ডাঙৰ গায়ক-গায়িকাক মাতি মানুহে যিকোনো সময়তেই সাংস্কৃতিক সন্ধিয়া পাতিব পাৰে। ব’হাগ বিহুত উত্তৰ-পূৰ্বাঞ্চলত থকা বিভিন্ন জাতি-জনজাতিসমূহৰ লোকচান সমাৰোহ পাতি লোকপৰম্পৰা অটুত ৰক্ষাৰ যত্ন কৰা উচিত। তেনে কৰিলে অঞ্চলটোত লোক পৰিৱেশ কলা প্ৰদৰ্শনৰ এক সমূহীয়া প্ৰচেষ্টা গঢ় লৈ উঠিব। অসমীয়া সংস্কৃতিৰ মূল সম্পদ হ’ল বিহুগীতবোৰ। বিহুগীত অবিহনে বিহু অৰ্থহীন; কিন্তু পৰিৱৰ্তনশীল সমাজত কেতবোৰ নহ’লে বিহুগীতৰ নামত ভেঙুচালি কৰাহে পৰিলক্ষিত হৈছে। বিহুগীতৰ নামত ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰৰে তাল মিলাই যিবোৰ গীত উপহাৰ দিছে, সেইবোৰৰ সৰহ সংখ্যকেই মৌলিকতাৰ পৰা আঁতৰি আহি বিহুক বিকৃত কৰাৰ প্ৰৱণতাত লিপ্ত হোৱাটো সকলোৱে লক্ষ্য কৰিছে। বিহু এক লোকসংস্কৃতি। লোকসংস্কৃতিৰ কোনো ব্যাকৰণ নাই যদিও লোকসংস্কৃতিয়ে জাতি একোটাৰ জাতীয় পৰিচয় বহন কৰে। সেয়ে লোকসংস্কৃতিত পৰিণত হ’ব নোৱাৰে তাৰ প্ৰতি চকু ৰখাটো আৱশ্যক। বিহুৰ ক্ষেত্ৰতো একে কথাই খাটে। কাৰণ, বিহুৱে আজি ভাৰতৰ পৰিসীমা অতিক্ৰম কৰি বিশ্ব দৰবাৰত উপস্থিত হ’বলৈ সক্ষম হৈছে। এনে স্থলত বিহুৰ স্বকীয়তা বজাই ৰখাটো অতি প্ৰয়োজন।

   বিহু অসমীয়াৰ জাতীয় উৎসৱ, সংস্কৃতিৰ প্ৰতীক আৰু বিমল আনন্দৰ উৎসৱ। অতিকৈ চেনেহৰ ব’হাগৰ বিহুটো অসমীয়াৰ মনৰ, প্ৰাণৰ, হেঁপাহৰ আৰু আদৰৰ উৎসৱ। অসম আৰু অসমীয়াৰ জনমানসৰ নিৰ্ভুল দাপোণ এই বিহুতেই বিজৰিত হৈ আছে অসমৰ জাতীয় জীৱনৰ উচ্ছ্বাস। অসমীয়া জনজীৱনৰ আশা-আকাংক্ষা, ৰং-ধেমালি, আনন্দ-উল্লাস, আৱেগ-অনুভূতিৰ পূৰ্ণ প্ৰতিফলন ঘটে এই বিহুত– এয়াই ব’হাগ বিহুৰ বৈশিষ্ট্য।

পূবেৰুণ পথ,বঙাল পুখুৰী,যোৰহাট
ম’বাইল: ৯৯৫৪৪৪৬৩৩৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ