অন্যযুগ/


পৰীক্ষা

(পৰম শ্ৰদ্ধাৰ এম কামালুদ্দিন আহমেদ ছাৰৰ কৰকমলত)

স্বপ্নালী কলিতা


ধহ্‌মহ্‌কৈ সোমাই আহিলোঁ
পাকঘৰত ৰ’লোঁহি।
দেখিলোঁ,
মায়ে এটা গোল ৰুটিক
চুৰিখনেৰে সমানে চাৰিটুকুৰা কৰি আছে।

ওলাই আহিলোঁ।
এজন বন্ধুৰ বাৰান্দাত উঠিলোঁগৈ।
কিন্তু কিয় জানো
ভিতৰলৈ যাবলৈ মন গ’ল।

কৰি আছেনে মোৰ মাৰ দৰে আয়োজন!

বন্ধুমাতৃয়ে এচৰিয়া পঁইতাভাতৰ পোতনি
তিনিটা বাটিত ভগাই আছে।

এনে সময়তে...
কবিতা এটাৰ পটভূমি মনলে’ আহিল

ভাবি উৱাদিহ নাপালোঁ,
কবিতাত কি থাপিম!

ভাত, ৰুটি নে পোতনি!

অৱশেষত...
ভাগ্যপৰীক্ষাৰ লাইনত থিয় কৰোৱা হ’ল
আটাইকে।

মোক আচৰিত কৰি
আটায়েই উত্তীৰ্ণ হ’ল।

কাৰণ...

ইহঁতৰ কাৰোৰে
ভোগ নাছিল।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ