যশোৱন্ত নিপুণ
ইমান যে দি গ’লা
ইমান যে শূন্য হ’লা
তুমি কি পালা,
দুহাতত মাথোঁ বেথা
খালি জেপ তোমাৰ
আৰু এটা ফটা চোলা।
ইমান পাতল হ’লা
চিলা হৈ মেঘলৈ উৰিলা
ধুমুহাত ছিগি গ’ল সূতা,
সাবটি ৰাখিব কোনে
মাটিৰ নহয় আমাৰো নাছিলা
তুমি আকাশ তুমি বৰদৈচিলা।
প্ৰাত্যহিকতাৰ মাজে মাজে
জীৱনৰ ঘাটে ঘাটে
নিজানত এটা গীত
ৰৈ ৰৈ বাজে,
নাৱৰীয়াই সোধে
কি আছে, কি আছে তাতে ?
আলকাতৰা গলা পথৰ
ৰ’দে ছাই কৰা মানুহবোৰে
ভাগৰি এখন্তেক বহে,
কুঁৱলিৰ সিপাৰৰ পৰা উটি আহে
ৰিণিকি ৰিণিকি গানৰ এটি কলি
হাত বুলাই যায় তোমাৰ বাঁহীৰ সুৰৰ দৰে।
ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮
