অন্যযুগ/


বিষ

 যশোৱন্ত নিপুণ


 

কিবা হেৰুওৱাৰ ভয়ত

আমি দূৰলৈ চাব খোজা নাছিলোঁ,

আৰু প্ৰায় সকলোৱে বিষপান কৰে বাবেই 

আমিও বিষপানৰ উৎসৱলৈ বাট পোনাইছিলোঁ।

 

অমৃতপানৰ সাহস আমাৰ নাছিল, 

অমৃতৰ বাবে সমুদ্ৰ-মন্থনৰ প্ৰয়োজন

আৰু সমুদ্ৰ-মন্থনৰ বাবে দুবাহুত শক্তি লাগে, 

সেই শক্তি সঞ্চয়ৰ সাধনা সুকঠিন আছিল।

 

সহজলভ্য বিষবোৰ বতাহতো উৰি ফুৰে,

বিষাক্ত মানুহবোৰে দল বান্ধি বিষপান কৰে।

কিন্তু সমুদ্ৰতীৰত কেৱল নিঃসংগতা থাকে

অমৃতসন্ধানীৰ কাষত আৰু কোনো নাথাকে।

 

সাধাৰণতে অমৃতসন্ধানীয়ে সকলো হেৰুৱায়,

আৰু নিঃস্ব হৈ যোৱাৰ পাছতো 

অমৃতে কেৱল অমৰত্ব প্ৰদান কৰিব পাৰে,

( সেয়াওতো কোনোকালেই  নিশ্চিত নাছিল!) 

 

অমৃতৰ আৰু দিবলৈ অন্য একো নাথাকে,

আৰু ক’বলৈ গ’লে মৃত লোকৰ এই পৃথিৱীত

অমৰত্বৰ কোনো মূল্য কেতিয়াও নাছিল৷ 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ