অন্যযুগ/


পৃথিৱীৰ শেষৰ গছ জোপা

 উৎপল বৰকটকী


 

আমি অপেক্ষাত আছোঁ

পৃথিৱীৰ শেষ জোপা গছ কটালৈ

 

নিহত গছবোৰৰ শুকান পাতেৰে দলিচা পাৰি

মাতিছোঁ অনাগত সময়ক

 

দিনৰ পোহৰ নাঙঠ কৰি

জীৰ্ণ সময়ে ৰোগ্ন কৰা ভৱিষ্যতৰ চকুযোৰৰে

আমি খোজ দিছোঁ

আমি গঢ়িব খোজা এক নতুন পৃথিৱীত 

 

চাগৈ সেইবাবে

গছে-পাতে অৰণ্যৰ শৃংখলাই

আমাক সদায় অসহজ কৰি আছিল 

 

ইয়াৰ পাছতো আমি মানুহ অমানুহ হৈ যোৱা নাই

আমি প্ৰতিজোপা গছৰ মৃত্যুত শোকসভা পাতিছোঁ 

চামিল হৈছোঁ—

প্ৰতিজোপা গছৰ মৃত শৰীৰৰ সৎকাৰত

 

কিন্তু আমি নাজানো 

আমাৰ শেষৰজন মানুহ সৎকাৰৰ বাবে

গছবোৰ আমাৰ কাষত থাকিবনে নাই ৷ 

                 ***

 

ভ্ৰাম্যভাষ : ৮১৩৩০-১০০৬৩,

ইমেইল: borkatakiutpal@gmail.com

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ