অন্যযুগ/


বেশ্যা

উৎপল বৰকটকী


 

ৰাতিবোৰে তেওঁৰ ঠিকনা জানে৷

দিনৰ চহৰে তেওঁক চিনি নাপায়৷

 

মুখবোৰ প্ৰতিদিন সলনি হয়; 

কিন্তু চকুবোৰৰ পিয়াহ একে থাকে৷

 

তেওঁ নিজৰ নামটো বহুবাৰ সলনি কৰিছে,

কেৱল মাকৰ মুখত উচ্চাৰিত হয় তেওঁৰ শৈশৱৰ নামটো...

 

চহৰখনে প্ৰতিদিনে নিজৰ নৈতিকতাৰ কাপোৰ ধুই থাকে; 

কিন্তু নলাৰ পানী ৰঙা হৈ নাযায়৷

 

যিসকলে তেওঁক আঙুলি দেখুৱায়, 

সেই আঙুলিবোৰেই ৰাতি দুৱাৰত টোকৰ মাৰে৷

 

তেওঁৰ কোঠালিটোত 

এখন আইনাৰ বাহিৰে আন কোনো সাক্ষী নাই৷

আইনাখনে প্ৰতিদিন 

এজনী নাৰীক অলপ অলপকৈ চহৰ হৈ যোৱা দেখে৷

 

কিমান হাত তেওঁৰ গাত পৰিল, তাৰ হিচাপ তেওঁ নাৰাখে৷

কিন্তু প্ৰতিটো হাতৰ এটা পৃথক ভয় আছিল৷

নিজৰ ভিতৰলৈ উভতি যাব নোৱাৰাৰ৷

 

তেওঁ কেতিয়াও প্ৰেম বিক্ৰী কৰা নাই৷

প্ৰেম বিক্ৰী কৰিব নোৱাৰা বস্তু৷

বিক্ৰী কৰিছে সময়, অপমান, নিদ্ৰাহীনতা আৰু নিজৰ জীৱনটো অলপ অলপকৈ...

 

চহৰখনে প্ৰতিদিন তেওঁক অশুচি কয়৷

কিন্তু একেখন চহৰেই প্ৰতি নিশা নিজৰ পাপবোৰ

তেওঁৰ কোঠালিত জোতা খুলি থৈ যায়৷

 

পুৱা হ’লে তেওঁৰ কোঠালিটোত দুৱাৰৰ তলেদি 

এডোখৰ সৰু ৰ’দ সোমায়৷

ৰ’দে তেওঁক কোনো প্ৰশ্ন নোসোধে৷

সম্ভৱতঃ পোহৰেই একমাত্ৰ বস্তু, 

যিয়ে মানুহক পেচা অনুসৰি চিনি নাপায়৷

 

————————————

ইমেইল: borkatakiutpal@gmail.com

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ