উমানন্দ কলিতা
চহৰৰ জোন নিয়নৰ জোন
ইয়াত তুলসী নাথাকে সোণ
মোক চোৱা মোক চোৱা
ৰঙা নীলা হালধীয়া
হালধীয়া
বগা সেউজীয়া সুমথিৰা
সুমথিৰা
বৰ্ণসংকৰ
বিৱস্ত্র বিচ্ছিন্ন
মোক কিনা মোক কিনা
জোনজনী এতিয়া বাঈ
অনলাইনত উজাগৰী পায়
ব্ৰহ্মাণ্ড কলৈ যায়?
কলৈ যায়?
***
ড্ৰেচ কেপিটেল
যোৰহাট-৭৮৫০০১
ফোন-৯৮৫৪০৫১২৬৭
