উজ্জ্বল স্মৰণ দত্ত
ৰঙা বেলিৰ সেওঁতা মচাৰ পৰা
গ্ৰহণৰ গ্ৰহণ লাগে
দুখৰ দুখুনী নৈ বৈ থাকে
কূজৰ মূৰত কিল পৰে
কথাৰ কথাত শেল মাৰে
সাপ হৈ খুটে বেজ হৈ জাৰে
পৈয়েকৰ মূৰখোৱা হেনো মই
লেখৰ লেখ নহয় মই
নাপায় নিয়মৰ নিয়মত ডুবো
অসূৰ্যস্পৰ্শা শেৱালি মই
যাতনাৰ পাহাৰ খহে
ভাগ্যৰ সোঁহাত হেৰুৱালেও
ধুমুহাৰ ধুমুহাত অটল
স্থিতপ্ৰজ্ঞ কৰ্মযোগী ৷
