উদয় শইকীয়া
এখন নৈৰ মৃত্যুত
এক জলচৰ প্ৰাণীৰ বেদনা,
এখন নৈৰ মৃত্যুত
এজাক পৰিভ্ৰমী চৰাইৰ বেদনা।
এখন নৈৰ মৃত্যুত
প্ৰকৃতিৰ বিধ্বংসী ভয়াৱহতা,
এখন নৈৰ মৃত্যুত
মানৱ সভ্যতাৰ দ্রুত স্খলন।
নৈয়ে জানো জানে! নৈৰ মৃত্যুৰ কথা
পলসে কবৰ দিয়া দুটি পাৰ!!
***
ইমেইল- udaysaikia384@gmail.com
ভ্রাম্যভাষ- ৮৮২২৮৯১৪৯৬