অন্যযুগ/


টোপনি এজোপা ধুনীয়া গছ

উদয় কুমাৰ বৰুৱা

 

হয়, টোপনি এজোপা ধুনীয়া গছ

 হিয়া জুৰণীয়া পাখিলাহী তনু

 

 কাজল চকুত নিয়ৰকণাৰ সজল সমাৰোহ

 

বাহিৰত এতিয়া বিষাক্ত বতাহ

তেজেৰে জীপ দি ভিতৰতে ৰাখিছো জীয়াই

 

এইযে ধাৰণ কৰা সপোনবোৰ টোপনিৰ সুস্বাদু ফল,

“হিয়াৰ পখিলা” বোৰে জানে সিহঁতৰ জন্মগাঁথা

 

এতিয়া হাতবোৰ নমাই থোৱা

চুই দিলেই থল্‌থল্‌ কৈ সৰিব

নষ্ট ফাগুনে সৰুওৱা পাতবোৰৰ দৰে

 

 ক্ৰমে দীৰ্ঘৰ পৰা দীৰ্ঘতৰ হওক,

 সৰীসৃপৰ দৰে ক’লা কিচ্‌কিচিয়া ৰাতিবোৰ

 

 উশাহত সপোন ফলৰ  সুঘ্ৰান লৈ

 আকৌ আহক তীব্ৰকণ্ঠী চৰাইবোৰ

ঋতুৰ প্ৰাচীন ঘূৰনীয়া বাটেদি

 

মন মেঘৰ শিখৰ চুমি আজি নেলাগে আহিব তেজগোড়া বেলি,

নেলাগে বাজিব মন্দিৰৰ ঘণ্টা

 

বাঢ়ি থাকক, বাঢ়ি থাকক ৰাতিৰ অতলত টোপনিৰ ডাল-পাত 

সপোন ফুলৰ সুৰভি নিগৰাই

 

বতাহে পাঠ কৰক

কষটি-এন্ধাৰতো টোপনি গছৰ অন্তৰ্মুখী সংলাপ,

 

আৰু বেদনাৰ ধাৰে ধাৰে

ধুসৰ স্তব্ধতাটো

জীৱন জিনাৰ মুগ্ধ বিষ্ময়।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ