উদয় বৰুৱা
বিদীৰ্ণ আশাত বন্দী হৈ
তুমি আকাশলে’ চালা আৰু আকাশখন উজলি উঠিল পোহৰত
সেইদিনা ঘৰত বিজুলী নাছিল
কিনো ঈশ্বৰৰ ইচ্ছা
জোনটো নামি আহিছিল জিৰাওঁ বুলি
ক্ষন্তেক তোমাৰ বুকুৰ মাজুলীত
আয়ে পাত পাৰি বাঢ়ি দিছিল ভাত
ৰ’দালিয়ে নহয়, বৰপীৰাত বহি জোনাকেহে জালি
কাটিছিল সেইদিনা
আয়ে সাদৰেৰে ক’লে,
আগুৰ গুৰ মাগুৰ জালি
পকা খৰিছা, খাৰলি
দুখুনীয়ে দিছোঁ ৰান্ধি
দায়-দোষ মৰিষণ কৰি
তাকেই খাবা
অমৃত
মান কৰি
তৰা-নৰা চিঙি নেলাগে যাব
তুমি ন’হলে দৈৱাসন
তল যাব বুলি
তৰা পাতত দিছো টোপোলা বান্ধি
তৰা কেইটালৈ
এমুঠি- এমুঠি সৱকে ভগাই দিবা
ভূৱন ভুলোৱা মিচিকিয়া হাঁহিটোৰে জোনায়ে ক’লে ইমান আদৰ-সাদৰ ক’তনো পাম
আই
পিছে খেন গৈ গৈ বেলি ওলাবৰে হ’ল
পেন্দুকনা তৰাপোনা কেইটা কিজানি ভোকতে টেটু
ফালি টোপনি গ’ল
মায়াৰ সংসাৰৰ মায়া জালৰ মোহ
কেনেকৈনো পাহৰো আই
এইবাৰলে ক্ষেমাহে মাগিলো
এই অধমে
শেহ নিশাৰ সমাজিকত আয়ে
খকা-মকাকৈ সাৰ পাই দেখিলে
শেতেলীত জোনাকৰ চেঁচা পোহৰ।
ভ্ৰাম্যভাষ : ৯৪৩৫৫৬৩৫৭৫
