বন্দনা কৌশিক বৰদলৈ
তুমি যুদ্ধৰ দৰে
তোমাক এবাৰ চুই চোৱাৰ হেঁপাহত কিমান পৰিব্ৰাজক শ্বহীদ হয় !
কিমান ৰাতিৰ গোপন চকুত জলচুক্তি বাতিল হয়
কিমান শান্তি আৰু বুজাবুজিৰ চৰ্ত উলংঘা হয় !
ঠিক যুদ্ধৰ দৰেই
তুমি সকলোৰে অভ্যন্তৰত জ্বলি থকা জয়ৰ এক গোপন হাবিয়াস
তোমাক জয়ৰ হেঁপাহত মই নিৰ্বিবাদে গ্ৰহণ কৰোঁ ক্ষোভ জৰ্জৰিত অশান্ত সময়
মোৰ এখনেই দেশ
য’ৰ পৰা দেশান্তৰিত হোৱাৰ ভয়ত মই শ হওঁ
তুমি সেই দেশ।
ভ্ৰাম্যভাষ – ৯৪০১০৯২৯৬৫