সূতপুত্ৰ ৰাধেয়
কস্তুৰী কাঁচি জোনবোৰৰ মেলা বহিছে
এটেকামাৰ ডাৱৰহীন ৰাতিত
শিলৰ পৰা জঁপিয়াইছে ইকেৰাছে উৰিবলৈ
গঢ়ি মমৰ পাখি
হাৰ্বাৰ্ট আৰু হেনৰী ৰৈ আছে তলত
হাতত সিহঁতৰ চিত্ৰফলক
ঈশ্বৰৰ কণিকাবোৰ লাগি ধৰিছে
দূৰবীণৰ বৃত্ত চকুত
তাৰে এটা কোণত ৰৈ আছে ছোৱালী এজনী
অজস্ৰ সৰ্পৰ মুকুট পিন্ধি
টোকা : হাৰ্বাৰ্ট জেমছ ড্ৰেপাৰে The
Lament for Icarus আৰু হেনৰী মেটিছে
Icarus নামৰ ছবি দুখনত ইকেৰাছৰ উৰণক দুটা ভিন্ন দৃষ্টিভংগীৰে চিত্ৰিত কৰিছে।
এটেকামা হৈছে চিলে (Chile) দেশৰ এখন
মৰুভূমি।
কবি পৰিচয়: সূতপুত্ৰ
ৰাধেয় বৰ্তমান ভাৰতত বাস কৰা এগৰাকী কবি যাৰ ইংৰাজী কবিতা বিভিন্ন ৰাষ্ট্ৰীয় আৰু
আন্তঃৰাষ্ট্ৰীয় আলোচনী, ব্লগ আৰু সংকলনত প্ৰকাশ হৈছে। তেওঁৰ শেহতীয়া ইংৰাজী কাব্য
সংকলন Served Cold from the Refrigerator খন ২০২৬ বৰ্ষত Red River Press ৰ পৰা প্ৰকাশ
পাইছে। কবি হিচাপে তেওঁ বিষয়বস্তুত নতুনত্বৰ সন্ধান কৰি ফুৰে আৰু প্ৰায়ে শৈলী, উপমা
আৰু ভাষাৰ সৈতে সম্পৰীক্ষা কৰিবলৈ ভাল পায়।
