চুনা কুমাৰ পাঠৰী
কনটেণ্ট ক্ৰিয়েটৰ ঋতুৰ নৱতম
বৰ্ণাঢ্য আয়োজন— ষ্টুডিঅ’ত অতিথি ফাগুন৷
ছিৰিয়াছনেছ্, একদম নাৰ্ভাছ ফিল৷ চুচুকচামাক চাৱনি৷
আনএডিটেড, মনপ’ৰ্টেলত এক্সক্লুচিভ ভিজুৱেল—
পলাশ চিনেমেটো’গ্ৰাফী, শিমলু স্মাৰ্ট ভিডিঅ’গ্ৰাফী৷
ব্ৰেকগ্ৰাউণ্ড মিউজিকত মৃদু সমীৰ, ফিউজনত ব্যস্ত৷
ৰে’ডি...
লাইট-কেমেৰা-একশ্বন, ৱেলকাম টু মাই শ্ব’, থেংকছ ফৰ কামিং৷
গচ্ছিপ৷ চিনেমা, সংগীত, কবিতাৰ কথা নাপাতোঁ দিয়াঁ আজি৷
অলপ কথা আছে; দায়িত্ববোধ, আত্মবোধ৷ কেনে আছা?
—ছাইলেণ্ট, একো নক’লা ! জ্বলি ছাই হ’ব ধৰা মনৰ
নিজান মুলাই কাঠনিত দেখিলোঁ, ৰঙাকৈ
আকউ লঠঙা শিমলু ফুলা...!
***
ভ্ৰাম্যভাষ : ৭০০২৫৯৪৭৬৮
