চুনা কুমাৰ পাঠৰী
আফ্টাৰ অল্ ফটো ছেছ্ন ষ্টাৰ্ট৷ বোলো কবিতাৰ
জগত সভা, কোনে শুনিব কবিতা !
কবিতাই বিলাসিতাৰ পৰা মুক্তিৰ আকুল প্ৰতীক্ষাত;
মুক্তি দিয়ক, অতিশীঘ্ৰেই মুক্তি৷
কবিয়েহে ভালপায় এ.চি, কবিতাই নহয়৷ কবিতা মুক্ত,
কবিতাৰ সীমা অসীম পৰিধি৷
একাপ লাল চাহ আৰু এখন মেৰিʼগল্ড বিস্কুটতে কবিতা যতি! কবিতা কাৰ সম্পত্তি?
মুহূৰ্ততে বতৰ বুজি ছিজনেল কবি, কʼব নোৱৰাকৈয়ে কেতিয়া বাঢ়ে ক্ৰমাৎ দাম বৃদ্ধি
!
কবিক গ্লেমাৰ লাগে; ৰাজভোগ, ৰাজতন্ত্ৰৰ শংকাত
কবিয়েই মৌনব্ৰত অৱলম্বন কৰে৷
বাটকুৰিবাই ঢপলিয়াই কবি কবিতা গাবলৈ, কবিতাই
নিবিচাৰে বৰ্ণবাদ-ভাষা-সংস্কৃতি৷
ন্যায়ৰ দাবীত কবিতা উত্তাল প্ৰতিবাদত, স্বনিয়ন্ত্ৰিত
বন্দীয়াৰৰ ৰাজদুৱাৰখন খোলক...
জাতি বিভাজন সাম্প্ৰতিক, শেষত কবিও কবিতাৰ
নামত৷ কোনে কৰে তেনে খেতি !
কবি নে অকবি ! আফ্টাৰ অল্ ফটোছেছন্ ষ্টাৰ্ট৷
কবি পলায়ন, কবিতা নাই আজি৷
ভ্ৰাম্যভাষ : ৭০০২৫৯৪৭৬৮
